আৰ্যসত্য ( পল্লৱ কুমাৰ নাথ )

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীৰ সেই শিশুটি
বাস্তৱৰ স’তে সহবস্থান কৰি
ছায়ামূৰ্তিৰ দৰে বাঢ়ি আহিল ;
নৈতিকতাৰ মূৰত হাত থৈ
আৰম্ভ কৰিলে
জীয়াই থকাৰ সংগ্ৰাম

হেজাৰটা চিন্তাৰ পাকঘূৰণিত
দলিয়াই দিলে
‘জগতৰ নিত্য-অনিত্য’ৰ বৈশিষ্ট্য
উৰুৱাই দিলে
অবাস্তৱ চিন্তাৰ হেজাৰটা বেলুন
আৰু দিনৰ পাছত দিন তেওঁ
অবিৰত সাধনাত লীন গ’ল
জীৱনৰ প্ৰকৃত সমস্যাটোৰ স’তে

এদিন তেওঁ আচম্বিতে আৱিষ্কাৰ
কৰিলে চাৰিটা সত্য-
দুখ আছে
দুখৰ কাৰণ আছে
দুখ নিবৃত্তি আছে
দুখ নিবৃত্তিৰ উপায় আছে

দুখৰ অস্তিত্বৰ পৰা পৰিত্ৰাণলৈকে
পৰিবেষ্টিত এই আৰ্যসত্যই
আমাক দুখীৰ পৰা সুখী হোৱাৰ
পাঠ শিকায়

এনেদৰেই আমাৰ বুকুত সাৰে থাকে
একোজন নিৰৱে উদ্ভাসিত বুদ্ধ !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments