আৱেগিক বুদ্ধিমত্তা – দিবাকৰ বৰদলৈ

আশা, আনন্দ, ভালপোৱা, প্ৰশান্তি, বিস্ময়, কৃতজ্ঞতা, সহমৰ্মিতা, খং, দুখ, ঈৰ্ষা, ভয়, ঘৃণা ইত্যাদিবোৰ আৱেগ। এই আৱেগবোৰৰ স’তে আমি সকলোৱে ভালকৈ পৰিচিত। আমি কৰা প্ৰতিটো কাৰ্যৰ আঁৰত অতি কমেও একোটা আৱেগ নিহিত থাকে। আমাৰ সম্পৰ্কবোৰৰ আঁৰত ভালপোৱা, কঁকাল ভাঙি নচাৰ আঁৰত আনন্দ বা কাৰোবাক মাৰ-পিট কৰাৰ আঁৰত খং বা ঈৰ্ষা লুকাই থাকে। কিন্তু আমি কৰা বা দেখুউৱা কাৰ্যবোৰ প্ৰায়ে/কেতিয়াবা ভুল সিদ্ধান্তৰ প্ৰতিফলন যাৰ বাবে আমি পৰিণতি ভুগিবলগীয়া হয়। আমাৰ কাৰ্যক্ষেত্ৰত আশা কৰা ধৰণে ফল নাপাওঁ। নিৰাশা, হতাশাই আমাক আগুৰি ধৰে। সম্পৰ্কবোৰ তিক্ততাই ভৰি পৰে। এই কুফলবোৰৰপৰা মুক্ত হ’বলৈ আমি সিদ্ধান্তবোৰ সঠিকভাবে ল’ব লাগিব। আৰু তাৰ বাবে আমি আমাৰ আৱেগবোৰক চিনাক্ত কৰি পৰিস্থিতি অনুসৰি ব্যৱ্হাৰ কৰিব পাৰিব লাগিব। সাধাৰণ অৰ্থত ইয়াকে আৱেগিক বুদ্ধিমত্তা বুলিব পাৰি। Peter Salovey আৰু John Mayer-ৰ মত অনুসৰি ‘আৱেগিক বুদ্ধিমত্তা হ’ল সেইবোৰ সক্ষমতা যাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ লগতে আনৰ অনুভূতিক নিয়ন্ত্ৰণ কৰিব পাৰে, আৰু চিন্তন আৰু কাৰ্যৰ দিক নিৰ্দেশনাত অনুভূতিবোৰক ব্যৱহাৰ কৰিব পাৰে। খঙত থকা মানুহ এজনৰ স’তে বিনম্ৰভাবে কথা পাতিব লাগিব, দুখত থকাজনক সহমৰ্মিতা দেখুৱাব লাগিব, হতাশাত ভাগি পৰা মানুহক আশা সঞ্চাৰ কৰিব লাগিব.. … অৰ্থাৎ আৱেগিক বুদ্ধিমত্তাই পৰিৱেশ-পৰিস্থিতিৰ আহ্বান-প্ৰত্যআহ্বানৰ লগত মোকাবিলা কৰিবলৈ সহায় কৰে।

Peter Salovey আৰু John Mayer – এ আৱেগিক বুদ্ধিমত্তাক চাৰিটা শাখাত বিভক্ত কৰিছেঃ
আৱেগ চিনাক্তকৰণ- নিজৰ লগতে আনৰ আৱেগক চিনাক্ত কৰা সক্ষমতা। ই মানুহৰ আৱেগিক আত্মসচেতনতাৰ পৰিচায়ক। এজন ব্যক্তিয়ে নিজৰ খং উঠিছে নে দুখ লাগিছে তাক জনাৰ লগতে তেওঁৰ বিপৰীত ফালে থকা মানুহজনৰো আৱেগিক স্থিতি চিনাক্ত কৰিব পাৰিব লাগিব। আন মানুহৰ আৱেগক চিনাক্ত কৰিবলৈ দেহ, মুখ বা কণ্ঠত ফুটি উঠা সংকেটবোৰ বুজি পাব লাগিব। খং উঠিলে মানুহ এজনে চিঞৰি কথা কয়, ভয় খালে মুখখন শেঁতা পৰি যায়, আচৰিত হ’লে চকু বহলকৈ মেলি দিয়ে বা চেলাউৰি ওপৰলৈ উঠে, দুখ লাগিলে শৰীৰটো আগলৈ হেলনীয়া হয় ইত্যাদি।

১. চিন্তনৰ বাবে আৱেগক ব্যৱহাৰ- চিনাক্ত হোৱা আৱেগক/আৱেগসমূহক চিন্তন কাৰ্যত ব্যৱহাৰ কৰা সক্ষমতাক বুজাইছে। আপোনাৰ খুউব খং উঠিলে আপুনি সেই খঙক ততালিকে প্ৰকাশ নকৰি চিন্তা কৰা প্ৰয়োজন। ঠিক সেইদৰে আনন্দত আত্মহাৰা হৈ ঘণ্টাত এশ কি.মি. বেগত মটৰচাইকেল চলালে দুৰ্ঘটনা হোৱাটো স্বাভাৱিক। এনেকুৱা উদাহৰণ বহুত আছে য’ত অনেক লোকে নিজৰ দুখ আৰু ক্ষোভক কবিতা, গল্প, উপন্যাস বা তেনে সৃষ্টিশীল কাৰ্যলৈ ৰূপান্তৰ কৰিছে।
২. আৱেগক বুজি পোৱা- ই আৱেগবোৰক, আৱেগবোৰৰ আঁৰত থকা কাৰকবোৰক, আৱেগসমূ্হৰ মাজৰ সম্পৰ্কক আৰু আৱেগ আৰু তাৰ আচৰণগত পৰিণামক বুজি পোৱা সক্ষমতাক বুজাইছে। যেতিয়া এজন আৱেগিক বুদ্ধিসম্পন্ন ব্যক্তিৰ মনত ভয়ৰ উদয় হয়, তেতিয়া তেনে ব্যক্তিয়ে আশাৰ আশ্ৰয় লয়। ভয়ৰ প্ৰতিষেধক হ’ল আশা। তেনে লোকসকলে বুজি পায়- ভয়, দুখ, ঈৰ্ষা, খং ইত্যাদিবোৰ ধ্বংসাত্মক আৱেগ। আনহাতে ভালপোৱা, আশা, প্ৰজ্ঞা আদিবোৰ সৃষ্টিশীল আৱেগ।
৩. আৱেগ ব্যৱস্থাপনা- ইয়াৰ জৰিয়তে ইতিবাচক আৰু নেতিবাচক আৱেগসমূহৰ মাজত সমতা বজাই ৰখা হয়। এই ক্ষেত্ৰত সক্ষমতা থকা লোকে দুখত ভাগিও নপৰে আৰু আনন্দত আত্মহাৰাও নহয়। তেওঁলোকে খং উঠিলে নিজকে চম্ভালি ল’বলৈ সক্ষম, তেওঁলোকে বেয়া মানসিক অৱস্থা এটাক উন্নত কৰি ল’ব পাৰে। আৱেগ ব্যৱস্থাপনাত যিসকল লোক নিপুন, তেওঁলোকেই শ্ৰেষ্ঠ পিতৃ-মাতৃ, শ্ৰেষ্ঠ শিক্ষক,শ্ৰেষ্ঠ নেতা বা আদৰ্শ ব্যক্তি হিচাপে চিহ্নিত হয়। এনে ব্যক্তিয়েই জীৱনটো সুখেৰে কটাব পাৰে।
Emotional Intelligence বা আৱেগিক বুদ্ধিমত্তা অভিধাটো ১৯৯০ চনত Dr. John Mayer আৰু Dr. Peter Salovey – নামৰ আমেৰিকাৰ দুগৰাকী প্ৰবক্তাই পৰিচয় কৰাই দিছিল যদিও Dr. Daniel Goleman নামৰ আমেৰিকাৰ মনোবিজ্ঞানীজনে ১৯৯৫ চনত ইয়াক জনপ্ৰিয় কৰিছিল। ডেনিয়েল গ’লমেনে আৱেগিক বুদ্ধিমত্তাক পাঁচটা দক্ষতাৰ জৰিয়তে ব্যক্ত কৰিছে-
১/ আত্ম-সচেতনতা: কোনো এটা বিশেষ মুহূৰ্তত আমি কি অনুভৱ কৰি আছোঁ তাক জনা আৰু বাস্তৱিক দৃষ্টিভংগীৰে মূল্যায়্ন কৰি তাক সিদ্ধান্ত গ্ৰহণত ব্যৱহাৰ কৰা।
২/ আত্ম-নিয়ন্ত্ৰণ: আমাৰ আৱেগক এনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে যাতে আৱেগবোৰে আমাৰ কাৰ্যত হস্তক্ষেপ নকৰি কাৰ্য সিদ্ধিত সহায় কৰে। আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আমাৰ সম্পৰ্কত ফাট মেলিব, আমি লক্ষ্যচ্যুত হ’ম, কাৰ্যক্ষেত্ৰত দক্ষতা হ্ৰাস পাব বা দুখ, হতাশাই আমাক আগুৰি ধৰিব।
৩/ অভিৰোচন: আমাৰ লক্ষ্য আৰু উদ্দেশ্যক প্ৰাধান্য দি আৱেগসমূহক আত্ম-অভিৰোচনত ব্যৱহাৰ কৰিব লাগে। আত্ম-অভিৰোচনৰ জৰিয়তে আমাৰ আৱেগসমূহক সঠিক দিশত আগুৱাই নিব পাৰোঁ। যেতিয়াই আমি অভিৰুচিত হ’ম, আমি ভালকৈ চিন্তা কৰিব পাৰিম বা সমস্যা সমাধান কৰিব পাৰিম।
৪/ সহমৰ্মিতা: যেতিয়া এজন মানুহে আন এজন মানুহ বা এটা প্ৰাণীৰ অনুভৱ, আশা-আকাংক্ষা, কাৰ্য, ধাৰণা আদি বুজি পায় বা অনুভৱ কৰিব পাৰে সহজ অৰ্থত তাকে সহমৰ্মিতা বোলা হয়। Alvin Goldmanৰ মত অনুসৰি সহমৰ্মিতা হ’ল এনে এক সক্ষমতা যাৰ জৰিয়তে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ ‘মনৰ জোতা’(Mental Shoes)-ৰ মাজত সোমাব পাৰে আৰু সেই ব্যক্তিজনৰ আৱেগ আৰু অনুভূতিক বুজিব পাৰে। সুসম্পৰ্ক ৰক্ষাত সহমৰ্মিতাৰ ভূমিকা অনস্বীকাৰ্য।
৫/ সামাজিক কৌশলঃ সম্পৰ্কৰ ক্ষেত্ৰত আৱেগ চম্ভালা, সামাজিক পৰিস্থিতি অনুধাৱন কৰিব পৰা, অন্য ব্যক্তিৰ স’তে সাৱলীলভাবে কথা পাতিব পৰা বা কাৰ্য সম্পাদন কৰিব পৰা সক্ষমতাই হ’ল সামাজিক কৌশল। সামাজিক কৌশল অবিহনে মানুহে সমাজত জনপ্ৰিয়তা অৰ্জন কৰিব নোৱাৰে, দক্ষ নেতা হ’ব নোৱাৰে আৰু নিজৰ লগতে সমাজৰ সমস্যা সমাধানত আগভাগ ল’ব নোৱাৰে।

ওপৰৰ আলোচিত কথাখিনিৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে আৱেগিক বুদ্ধিমত্তাই আমাৰ জীৱনৰ বহু কথা নিৰ্ণয় কৰে। Dr. Daniel Goleman–এ তেখেতৰ বিখ্যাত গ্ৰন্থ Emotional Intelligence – Why it can matter more than I.Q. আৰু Working with Emotional Intelligence-ত এই সম্পৰ্কে সবিশেষ আলোচনা কৰিছে। যি সময়ত উচ্চ ‘জন্মগত বুদ্ধিমত্তা’ (I.Q.) সম্পন্ন ব্যক্তিয়ে অসহায়ভাবে ককবকাবলৈ ধৰে তেনে সময়তে নিম্ন I.Q. সম্পন্ন ব্যক্তিয়ে আচৰিত ধৰণে সফলতা লাভ কৰে। কিন্তু কিয়? ডেনিয়েল গ’লমেনে কৈছে যে এনেকুৱা হয় আৱেগিক বুদ্ধিমত্তা বা E.Q.-ৰ পাৰ্থক্যৰ কাৰণে। উচ্চ I.Q.-এ পৰীক্ষাত উচ্চ হাৰত নম্বৰ প্ৰাপ্তিত সহায় কৰিব পাৰে কিন্তু জীৱনৰ সুখ-শান্তি ৰক্ষা কৰিব নোৱাৰে। সেয়ে তেওঁ আক্ষেপ কৰিছে যে যদিও উচ্চ I.Q.-এ আমাৰ সুখ-শান্তি, সন্মান, সুসম্পৰ্ক আদিৰ নিশ্চয়তা দিব নোৱাৰে, তথাপি আমাৰ শিক্ষা ব্যৱস্থাই, আমাৰ সংস্কৃতিয়ে I.Q.-ক গুৰুত্ব দি আৱেগিক বুদ্ধিমত্তাক এলাগী কৰি ৰাখে। তেখেতে যিবোৰ কাৰণৰ বাবে আৱেগিক বুদ্ধিমত্তাক বিশেষভাবে গুৰুত্ব প্ৰদান কৰিছে সেইবোৰ এনেধৰণৰ-
১/ এটা ব্যাপক ধাৰণা আছে যে জীৱনৰ সফলতা I.Q.-এ নিৰ্ণয় কৰে। কিন্তু গৱেষণাই কৈছে যে জীৱনৰ সফলতাত মাত্ৰ ২০% সহায়হে I.Q.-এ কৰে, বাকী ৮০% বেলেগ বেলেগ কাৰকে আৰিহণা যোগায়। এই ৮০%-ৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে আৱেগিক বুদ্ধিমত্তা, ভাগ্য, সামাজিক শ্ৰেণী ইত্যাদি। শৈক্ষিক ক্ষেত্ৰত সফলতা লাভ কৰাৰ ক্ষেত্ৰতো I.Q.-ৰ লগতে ৰুচি, অভিৰোচন, সামাজিক কাৰক, শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ইত্যাদিবোৰ জড়িত হৈ থাকে।
২/ আৱেগিক বুদ্ধিমত্তাই জীৱনৰ সফলতাৰ আগজাননী দিব পাৰে। আৱেগিক বুদ্ধিসম্পন্ন ব্যক্তিয়ে প্ৰৱেশ কৰা যিকোনো ক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনা অধিক দেখা যায়।
৩/ আৱেগিক বুদ্ধিমত্তা ছাত্ৰ-ছাত্ৰীকে আদি কৰি যিকোনো ব্যক্তিক শিকাব পৰা যায় আৰু দক্ষতাসমূহ বঢ়াই তুলিব পৰা যায়। যাৰ জৰিয়তে নিৰ্দিষ্ট ব্যক্তিজনৰ জীৱন সুখ, সফলতা আৰু আনন্দৰে সমৃদ্ধ কৰিব পাৰি। কিন্তু I.Q. বঢ়াব নোৱাৰি।
৪/ কাৰ্যক্ষেত্ৰতো I.Q.-তকৈ আৱেগিক বুদ্ধিমত্তাই বেছি সহায় কৰে। নিজৰ কাৰ্যত দক্ষ বিষয়া এজনে আৱেগিক বুদ্ধিমত্তাৰ অভাৱত সহকৰ্মী বা উপভোক্তাৰ স’তে সম্পৰ্ক স্থাপনত বিমোৰত পৰিব পাৰে।
৫/ আজিকালি বিভিন্ন ক্ষেত্ৰত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ আৱেগিক বুদ্ধিমত্তা যেনে- আত্ম-সচেতনতা, সহমৰ্মিতা, ধৈৰ্য আদিবোৰ পৰীক্ষা কৰিহে বাচনি কৰে। যিসকল এই ক্ষেত্ৰত দুৰ্বল তেওঁলোকৰ শৈক্ষিক পাৰদৰ্শিতা উচ্চমানৰ হ’লেও নিযুক্তিৰ বাবে বাচনি নহয়।
৬/ বৰ্তমান প্ৰেক্ষাপটত আমাৰ সমাজখন ব্যক্তিকেন্দ্ৰিক সমাজ। বজাৰৰ প্ৰতিটো সামগ্ৰীয়েই নিৰ্দিষ্ট ব্যক্তিক লক্ষ্য কৰি তৈয়াৰ হৈছে- ৰুচি অনুসৰি ডিজাইন, ৰুচি অনুসৰি ৰং, ৰুচি অনুসৰি জীৱন শৈলী, গান, চিনেমা ইত্যাদি সকলো। উমৈহতীয়া (Commons) ক্ষেত্ৰবোৰ ক্ৰমাত কমি আহিছে। যাৰ ফলত মানুহ অকলশৰীয়া হৈছে, হ্তাশা-নিৰাশাই আমাক আগুৰি ধৰিছে; আমি অসহায়বোধ কৰিছোঁ। গতিকে আমাক আৱেগিক বুদ্ধিমত্তাৰ প্ৰয়োজন যাৰ জৰিয়তে আমি আমাৰ ওচৰৰ মানুহজনৰ অনুভূতিক বুজিব পাৰোঁ, যাৰ জৰিয়তে আমাৰ ভাগিব ধৰা সংসাৰখন মেৰামতি কৰিব পাৰোঁ বা ভাগি যোৱা সংসাৰখন পুনৰ যোৰা লগাব পাৰোঁ, হতাশাত আত্মহননৰ কথা ভাবি থকা আমাৰ কিশোৰ-কিশোৰীবোৰক আশাৰ ৰেঙনি ছটিয়াব পাৰোঁ।

সক্ষমতাবোৰ স্নায়বিক যদিও স্নায়ুবিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে আমাৰ মগজুটো লক্ষ্যণীয়ভাবে স্থিতিস্থাপক (Plastic) অৰ্থাৎ আমি যেনেধৰণে মগজুটো ব্যৱহাৰ কৰোঁ সি সেই আকাৰেই লয় আৰু অবিৰতভাবে নতুন নতুন কথা শিকি থাকে। গতিকে শুদ্ধ প্ৰয়াসেৰে আমি আমাৰ সক্ষমতাবোৰ বঢ়াব পাৰোঁ। আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক তলৰ ক্ৰিয়া-কলাপসমূহ অনুশীলন কৰাই আৱেগিক বুদ্ধিমত্তা শিকোৱাত আৰু বঢ়োৱাত আগভাগ ল’ব পাৰে।
১/ Mindfulness Meditation- এই ক্ৰিয়া-কলাপটো অনুশীলন কৰোঁতে কোনো আৰামদায়ক ঠাইত (চকী/মজিয়া) মেৰুদণ্ড পোনাই ছাত্ৰ-ছাত্ৰীক বহি চকুকেইটা মুদি ল’বলৈ ক’ব লাগে। বহি থকা অৱস্থাত তেওঁলোকৰ শৰীৰৰে ক’ত ক’ত স্পৰ্শ কৰি আছে সেয়া প্ৰথমে সচেতনভাবে অনুভব কৰিব দিব লাগে। তাৰ পাছত উশাহ-নিশাহত মন দিব লাগে। এই ক্ষেত্ৰত উশাহ-নিশাহ লওঁতে শৰীৰৰ ক’ত কেনেদৰে প্ৰভাৱ পৰিছে তাক খুউব লাহে লাহে গম ল’বলৈ ক’ব লাগে। তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ সমগ্ৰ শৰীৰত (মূৰৰপৰা ভৰিলৈকে) অনুভূত হোৱা আৱেগবোৰ সচেতনভাৱে খুউব লাহে লাহে নিৰীক্ষণ কৰিবলৈ ক’ব লাগে। ১০ৰপৰা ৪০মিনিট এই ক্ৰিয়া-কলাপটো কৰাৰ পাছত অভিজ্ঞতাসমূহ লিখিবলৈ ক’ব লাগে। মাইণ্ডফুলনেচ মেডিটেচনে ব্যক্তিৰ আত্ম-সচেতনতা আৰু সহমৰ্মিতা বৃদ্ধিত সহায় কৰে।
২/ Role Play – এই ক্ৰিয়া-কলাপটো কৰাবলৈ শিক্ষকে চাৰিজনীয়া শিক্ষাৰ্থীৰ গোট তৈয়াৰ কৰি ল’ব লাগিব। তাৰে এজন বক্তা, এজন শৰীৰ-সংকেটানুবাদক (body decoder), এজন বক্তৃতা-সংকেটানুবাদক (speech decoder) আৰু আনজন মুখ-সংকেটানুবাদক (face decoder)। বক্তাজনক ক’ব লাগে যে খং, দুখ, ভয়, ৰুচি, আনন্দ, আশ্চৰ্য্য, লাজ আদিৰপৰা যিকোন এটা আৱেগ বাছি লৈ এটা পৰিৱেশ সৃষ্টি কৰি ৫ মিনিট বক্তৃতা ৰাখিব লাগে। তাৰ পাছত বক্তৃতা-সংকেটানুবাদকক বক্তাৰ শব্দৰ উচ্চাৰণ, বেগ, স্পষ্টতা, ব্যৱহাৰ কৰা শব্দ আদি নিৰীক্ষণ কৰিবলৈ দিব লাগে। মুখ-সংকেটানুবাদকক বক্তাই কথা কৈ থকা অৱস্থাত বক্তাৰ মুখ, ওঁঠ, চকু, চেলাউৰি নিৰীক্ষণ কৰিব দিব লাগে। শৰীৰ-সংকেটানুবাদকক বক্তাই কথা কৈ থাকোঁতে বক্তাৰ মূৰ, বাহু, বুকু, হাত, ভৰি আদি লক্ষ্য কৰিবলৈ দিব লাগে।

এই ক্ৰিয়া-কলাপৰ জৰিয়্তে শিক্ষাৰ্থীৰ আনৰ আৱেগ বুজিপোৱাৰ দক্ষতা বাঢ়িব।
নিজৰ আৱেগ ব্যৱস্থাপনা কৰা দক্ষতা বৃদ্ধি কৰাবলৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীক তলৰ পৰামৰ্শসমূহ দিব পাৰে-
১/ ১০-২০ মিনিট সময় ব্যায়াম কৰিবলৈ বা বেগাই খোজ কাঢ়িবলৈ ক’ব লাগে। কিন্তু কথা হ’ল ব্যায়াম কৰা বা খোজ কাঢ়ি থকা সময়ত যিটো কাৰণৰ বাবে খং উঠিছিল বা দুখ লাগিছিল সেই কথাটোকে মনত পাগুলি থাকিব নালাগে।
২/ মনটো অইন ফালে ঢাল খোৱাব লাগে। তাৰ বাবে ভাল লগা কাম কৰিব লাগে।
৩/ যিটো কাৰণৰ বাবে খং উঠে বা দুখ লাগে তাক বেলেগ ধৰণে সজাই ল’ব লাগে। ধৰা হ’ল, আপোনাৰ কাষেৰে দ্ৰুত বেগত গাড়ী চলাই নিয়া মানুহজনৰ ওপৰত খং উঠি আপোনাৰ এসেকা দিবলৈ মন গৈছে। আপোনাৰ খুব খং উঠিছে। কিন্তু আপুনি যদি ভাবে যে হয়তু তেখেতৰ চিকিৎসা সম্পৰ্কীয় জৰুৰীৰ বাবেহে তেনেকৈ গাড়ী চলাইছে; তেতিয়া দেখিব আপোনাৰ খং নিয়ন্ত্ৰণলৈ আহিছে।
৪/ ভাল বন্ধু-বান্ধৱীলৈ ফোন কৰি আপোনাৰ সমস্যাৰ কথা খুলি ক’লে বহু শান্তি পোৱা যায়।
ঠিক সেইদৰে আনৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ হ’লে মূলতে- আনৰ কথা মনোযোগেৰে শুনিব লাগে, সচেতনভাৱে প্ৰশ্ন কৰিব লাগে, সহমৰ্মিতা প্ৰদৰ্শন কৰিব লাগে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
প্ৰণৱ খাটনিয়াৰ (মৃদু )
9 months ago

লিখনিটো পঢ়ি সচাঁকৈ বহুতেই ভাল লাগিল। ইয়াৰে প্ৰায়বোৰ কথা মোৰ জ্ঞান পৰিসীমাৰ বাহিৰত। তথাপিও নজনা বহু কথাই জানিলো আৰু নিজৰ জ্ঞান ভাণ্ডাৰত সাচিঁ থলো। লিখনিৰ কিছু কথা মই মোৰ ব্যক্তিগত জীৱনত মুখা-মুখি হৈছো । আৰু তাৰ পৰা পোৱা শিক্ষাই জীৱনত বহু শিকাইছে আৰু শিকিছো। উক্ত লিখনি পঢ়িবলৈ পোৱাত মোৰ বন্ধু ও সহপাঠি দিৱাকৰলৈ অশেষ ধন্যবাদ জনালো। আৰু এনে ধৰনৰ লিখনি পাম বুলি আশা কৰিলো ও শুভকামনা যাছিলো।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক