ইংলিছ আৰু ইলিছ (অমিতাভ মহন্ত)

( আমাৰ মুম্বাইস্থিত কাৰ্য্যালয়ৰ কৰ্মচাৰী ৰাজদীপৰ অনুভৱ)

অৱশেষত সেই বহু আকাংক্ষিত দিনটো আহিল৷ আমাৰ প্ৰতিষ্ঠানৰ বাৰজন কৰ্মচাৰীক এছিয়াৰ বিভিন্ন দেশলৈ সেই দেশৰ কৰ্মচাৰী সকলক প্ৰশিক্ষণ দিয়াবলৈ পঠিওৱা হ’ব৷ আজি প্ৰত্যেককে যাব লগা দেশবোৰৰ নাম মেইল যোগে জনোৱা হ’ব৷ ইতিমধ্যে মই সম্পৰ্কীয় মানুহ, বন্ধুমহল আৰু চুবুৰীয়া সকলক এই খবৰটো জনাই উঠিছোঁৱেই৷ বন্ধুবোৰক সৰুকৈ এটা পাৰ্টীও দিব লগা হ’ল৷

 

আবেলি ৪ বাজিল৷ দেখিলো নতুন মেইল এগালমান ইনবক্সত আছে৷ লগে লগে সেই বিশেষ মেইলখন পঢ়িলোঁ৷ মোৰপৰা অলপ দূৰত বহা অঞ্জনৰ কেঁহৰাজ বটা যেন মুখখন দেখি গম পালো তাকো মোৰ দৰে ঢাকা যাবলৈ নিৰ্দেশ দিয়া হৈছে৷ ঢাকা!!লগৰবোৰ ইতিমধ্যে আমেৰিকা, লণ্ডনত চাকৰি কৰিবলৈ লৈছে,আৰু মই যাম ঢাকা৷ ডুবাই, ঠিক আছে ডুবাই নালাগে, বেংককলৈ টো যাব দে৷ এতিয়া সকলোৰে ফিচিঙা-ফিচিঙি হাঁহি, উপলুঙা কেনেকৈ সহ্য কৰিম বাৰু?এই লিষ্ট বনোৱা জনীক ডিঙি মুচৰি মাৰিয়েই পেলাওঁ নেকি?

 

মন বেয়া, তথাপি যাব লাগিবই৷ যাত্ৰাৰ দিন চমু চাপি আহিল৷ গতিকে লাহে লাহে যোগাৰ আৰম্ভ কৰিলোঁ৷ লগৰবোৰক বিদেশ যাত্ৰা কিছুদিন পিছুৱাই দিয়া বুলি ক’লো৷ নোৱাৰোঁ দেই মই বাংলাদেশক ফৰেইন বুলি ক’ব৷

 

কেণা আৰম্ভণিৰ পৰাই লাগিল৷ আমাৰ দুয়োৰে ভিচা আবেদন পত্ৰ ঘূৰি আহিল৷ কাৰণ,আমাৰ পাচপোৰ্ট আৰু ভিচাৰ আবেদনপত্ৰৰ চহী মিলা নাই বোলে৷ দিন বেয়া হ’লে এইবোৰটো হ’বলগা আছেই৷ গতিকে দুয়ো আকৌ সেই ধাৰাপাতহেন আবেদন পত্ৰখন পূৰণ কৰিলোঁ, নিজৰেই চহী এইবাৰ অতি নিখুঁত ভাৱে নকল কৰিলোঁ৷

 

 

নিৰ্দিষ্ট দিনত আমি দিনৰ ১১ বজাত ঢাকা বিমান বন্দৰত অৱতৰণ কৰিলোঁ৷ আমাৰ কাম পিছদিনাৰ পৰাহে আছিল৷ গতিকে আমি হোটেললৈ গৈ গা-পা ধুই দুপৰীয়াৰ সাঁজ খাই ভালকৈ এঘুমটি মাৰি ল’লো৷ আবেলি আমি এনেই বহি থকাতকৈ আমাৰ কোম্পানীৰ বাংলাদেশস্থিত মূখ্য কাৰ্য্যালয়লৈ এবাৰ গৈ সকলোৰে লগত চিনাকী হৈ আহোঁ বুলি ওলালোঁ৷

 

সাধাৰণতে আমি মূখ্য কাৰ্য্যালয় বুলিলে আমাৰ মুম্বাইস্থিত কাৰ্য্যালয়ৰ দৰে এক আঠ-দহ মহলীয়া সুন্দৰ বিল্ডিংৰ কল্পনা কৰো৷ চাৰিওদিশ সুন্দৰ গ্লাছ আৰু ডিজাইনেৰে ভৰ্তি৷ কিন্তু আমি তেনে ধাৰণা এটা লৈ ঢাকাস্থিত কাৰ্য্যালয়লৈ মুঠেই যোৱা নাছিলোঁ৷ কাৰণ সেই মুহূৰ্তত আমি ঢাকাত আছিলোঁ, ডুবাই বা মালয়েছিয়াত নহয়৷ ইতিমধ্যে মালয়েচিয়ালৈ যোৱা আমাৰ সহকৰ্মী অৰুণে তাৰে সুদৃশ্য কাৰ্য্যালয়ৰ ফটো ফেচবুকত আপলোড কৰিছেই৷ জ্বলাবলৈ নে কি নাজানো, সেই ফটোখনত কেৱল মোক আৰু অঞ্জনক হে টেগ কৰা আছে৷ ভাৰতত আমাৰ কোম্পানী মাৰ্কেট লীডাৰ, কিন্তু বাংলাদেশত ইয়াৰ এক বিপৰীত ৰূপ দেখা যায়, গতিকে ইয়াত তেনে এক কাৰ্য্যালয়ৰ আশা কৰাটো ভুল৷ কিন্তু আমি অবাক হ’লো যেতিয়া আমি দেখিলো যে এক সম্পূৰ্ণ আৱাসিক এলেকাত এটা আৱাসিক ফ্লেটৰ তিনি মহলাত আমাৰ কাৰ্য্যালয় অৱস্থিত৷ পিছত জানিব পাৰিলোঁ এয়া এইখন দেশত সাধাৰণ কথা৷ পিছে কৰ্মচাৰী সকলৰ আতিথ্য আৰু কৰ্মস্পৃহা দেখি ভাল লাগিল৷ এইক্ষেত্ৰত আমি যেন তেওঁলোকৰ পৰা বহুত শিকিবলগীয়া আছে৷ আমি আহি যিখন হোটেলত উঠিছিলোঁ সেইখনতেই পিছদিনাৰ পৰা আমাৰ দুদিনীয়া কৰ্মশালা আৰম্ভ হ’ব৷ গতিকে আমি পিছদিনাৰ যোগাৰ কৰিবলৈ সোনকালে হোটেললৈ ঘূৰি আহিলো৷

 

পিছদিনা ৰাতিপুৱা উঠি গম পালো যে কোনো প্ৰভাৱশালী সংগঠনে দেশব্যাপী হৰতাল আহ্বান কৰিছে৷ মনটো মৰি গ’ল৷ গোটেই ৰাতি লেপটপত কৰা কষ্টখিনি চাগে এনেই যাব এতিয়া৷ কিন্তু আমি দেখিলো যে সময়ত সকলো আহি হাজিৰ হ’ল৷ তেওঁলোকক দেখি আমাৰো হেৰুৱা উৎসাহ ঘূৰি আহিল৷

 

এইচেগতে আপোনালোকক বাংলাদেশৰ হৰতালৰ এটা চমু আভাষ দি থোৱাটো ভাল হ’ব৷ বৰ্তমান বাংলাদেশত চলি থকা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত দেশবাসীৰ বাবে হৰতাল এক সাধাৰণ কথা হৈ পৰিছে৷ তেওঁলোকে হৰতালৰ মাজতে কেনেদৰে জীয়াই থাকিব লাগে, কেনেদৰে হাঁহি ফূৰ্তি কৰিব লাগে সেয়া শিকি লৈছে৷ দিনটোৰ পিছৰভাগত হৰতালৰ দিনত বাহিৰলৈ ওলোৱাটো ভাৰততকৈ বহুত সুৰক্ষিত৷ কাৰণ তাতে হৰতালৰ সময়ত যিসকলে উৎপাত কৰে তেওঁলোকে সাধাৰণতে ৰাতিপুৱা সোনকালে উঠি কামবোৰ কৰি লয়৷ কামবোৰ মানে ধৰক গাড়ী জ্বলোৱা, টায়াৰ জ্বলোৱা ইত্যাদি৷ ইমান সোনকালে কৰাৰ এটাই কাৰণ, যাতে তেওঁলোকে ৰাতিপুৱা আঠ বজাৰ বাতৰিত সম্পূৰ্ণ গুৰুত্ব পায়৷ দহমান বজালৈ তেওঁলোকে এইবোৰ কৰি ঘৰমুৱা হয় আৰু সাধাৰণ জনতাই তাৰ পিছত নিজৰ নিজৰ কামলৈ ওলাই আহে৷

 

মূল কথাৰ পৰা ফালৰি কাটি বহুদূৰ পালোহি, আকৌ আচল কথালৈ উভতি আহোঁ৷ সকলোবোৰ অহাৰ পিছত আমি কৰ্মশালা আৰম্ভ কৰি দিলোঁ৷ প্ৰথম মোৰ পাল আছিল৷ মই পূৰ্ব নিৰ্ধাৰিত বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়াত লাগিলোঁ৷ তেওঁলোকে উপভোগ কৰা যেনেই লাগিল৷ কেইজনমান ইংৰাজীত কেঁচা আছিল৷ গতিকে এই চেগতে মোৰ বঙালী ভাষাৰ ওপৰত থকা সীমিত জ্ঞান হেঁপাহ পলুৱাই তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰিলোঁ৷

 

প্ৰথম দিনটো ভালেই গ’ল৷ দুপৰীয়া সোনকালে আমাৰ কৰ্মশালা সামৰিলোঁ৷ পিছদিনা দৰকাৰ হ’লে অলপ বেছিকৈ কৰাম৷

 

হোটেলৰ ৰুমলৈ গৈ অঞ্জনে খোৱাৰ অৰ্ডাৰ দিলে৷ মই গা ধুই আহি দেখোঁ সি ইতিমধ্যে তাৰ ভাগৰ আধা-আধি শেষ কৰিছেই৷ আহঃ কি সুগন্ধ৷ তাৰ প্লেটখন দেখি মোৰ পিতামহ ভীষ্মলৈ মনত পৰিল৷ ৰ’ব কথাটো পৰিষ্কাৰ কৰি দিওঁ৷ শৰ-শয্যাত পৰি থকা পিতামহ ভীষ্মক টিভিত চাগে আপোনালোক সকলোৱে দেখিছে৷ সেই দৃশ্য আৰু খাদ্য ৰসিক বঙালীসকলৰ মাজত এটা ডাঙৰ সাদৃশ্য আছে৷ বছৰৰ এটা বিশেষ সময়ত সেই শৰ-শয্যাৰ লেখীয়া দৃশ্য আপুনি এজন খাদ্যৰসিক বঙালীৰ খোৱা প্লেটত প্ৰায়ে দেখিবলৈ পাব৷ কেতিয়াবা হয়তো দিনত দুবাৰো দেখিবলৈ পাব৷

 

কাৰণ? কাৰণ হৈছে মাছ৷ এলাপেচা মাছ নহয়, ইলিছ মাছ৷ সোৱাদেই যাৰ পৰিচয়৷ ইলিছৰ নাম শুনিলেই জিভাৰ পানী পৰে৷যদিও ইলিছ মাছৰ সোৱাদ অদ্বিতীয়,কিন্তু ইলিছ মাছ খাবলৈ হ’লে আপুনি ইয়াৰ কাঁইটীয়া অংশখিনি লগত মোকাবিলা কৰিব লাগিব৷ ইলিছ মাছ ৰন্ধা আৰু ইলিছ মাছ ধুনীয়াকৈ খোৱা, দুয়োটা অপূৰ্ব কলা, আৰু বঙালীসকল এইক্ষেত্ৰত অদ্বিতীয়৷ ইলিছ মাছ খাই শেষ কৰাৰ পিছত তেওঁলোকৰ প্লেটত এখন কাঁইটৰ শয্যা দেখা যায় যিখনে মোক সদায় পিতামহ ভীষ্মৰ কথা মনত পেলাই দিয়ে৷

 

অঞ্জনে ইতিমধ্যে এখন শৰ-শয্যা তৈয়াৰ কৰিছেই৷ দ্বিতীয় খন নিৰ্মাণ কৰাৰ যোগাৰ কৰি থাকোঁতেই মই লৰালৰিকৈ গৈ ভাতৰ পাতত আক্ৰমণ কৰি দিলোঁ৷ আস, কি সোৱাদ!!! লিখি বুজাব নোৱাৰিম৷ বহুত ঠাইত ইলিছ মাছ খাইছোঁ, কিন্তু এইবাৰৰ সোৱাদ যেন অদ্বিতীয়৷ টেঁটুৰ গুৰিলৈকে খাই দুয়ো মুঠ চাৰিখন শৰ-শয্যা তৈয়াৰ কৰি কোনোমতে হাত মুখ দুই নিজৰ মখমলৰ শয্যাত পৰি ঢেলপুঙা দিলোঁ৷

 

পিছদিনা ৰাতিপুৱা৷ কৰ্মশালাৰ দ্বিতীয় দিনাৰ প্ৰশিক্ষণৰ আৰম্ভণিৰ কামখিনি আগুৱাই নিয়াৰ দায়িত্ব অঞ্জনৰ আছিল৷ গতিকে সি অলপ সোনকালে ওলাই গ’ল, মই অলপ পলমকৈ যাম বুলি এঘুমটি মাৰি ল’লো৷ ১০ মান বজাত সাৰ পাই দেখোঁ অঞ্জনৰ চাৰিটা মিচড্ কল৷ তাক ফোন লগালো৷ এগালমান গালি শপনি পাৰি মোক সোনকালে আহিবলৈ দিলে৷ কিবা বোলে ডাঙৰ সমস্যা হৈছে৷

 

লৰালৰিকৈ নামি গৈ দেখিলো অঞ্জন মূৰ খজুৱাই বাহিৰত থিয় হৈ আছে৷ কথা গুৰুতৰ,তাৰ হিংলিছ কোনেও বুজি পোৱা নাই৷ অঞ্জনে হিন্দী আৰু ইংলিছ মিহলাই এটা অদ্ভুত ইংৰাজী কয়৷ ভাৰতত সেয়া চলি যায়, কিন্তু ইয়াত তাৰ সেই অনা নেচেল৷ এনেই অংশগ্ৰহণকাৰীসকল ইংৰাজীত কেঁচা, তাতে আকৌ অঞ্জনৰ সেই উচ্চাৰণত তেওঁলোকে বাপ বাপ দেখিছে৷ গতিকেই অঞ্জনে ত্ৰাণকৰ্তাৰ ৰূপত মোক মাতি আনিছে যাতে মই ইংলিছ আৰু ইলিছৰ মাজত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ,মানে অঞ্জনৰ হিংলিছৰ বঙালীকৰণ কৰিব পাৰোঁ৷ বেচেৰা অঞ্জনে টো নাজানে মই বঙালী কোৱাত কিমান পণ্ডিত৷ তথাপি সেই যৎসামান্য জ্ঞানেৰেই সাজু হ’লো৷

 

অঞ্জনে চাগে মোৰ ওপৰত বেছি ভৰসা কৰিছিল৷ সি এইবাৰ কিছুমান ভয়ংকৰ শব্দ যেনে কমপিটেনচী, ইন্টাৰপাৰ্চনেল এফেকচন্,ডিচগ্ৰেচড্ ফেচিলিয়েচন আদিৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিলে৷ সি সেই ভয়ংকৰ শব্দবোৰেৰে বাক্য কিছুমান কৈ আৰামত বহি থাকে৷ সমস্যা হয় মোৰ, সেই শব্দবোৰৰ বঙালী দূৰৰ কথা, অসমীয়াত ভাবোঁতেই মোৰ অৱস্থা নোহোৱা হ’ল৷ এইফালে অংশগ্ৰহণকাৰী সকলে অতি আগ্ৰহেৰে প্ৰতিবাৰে মোৰ ফালে আশাৰে চায় থাকে৷ তেওঁলোকৰ আগ্ৰহক নেওচা দিয়া টান,এইফালে সেইবোৰ বঙালী ভাষাত বুজোৱা আৰু টান৷ তেওঁলোকৰ দৰে আগ্ৰহী শিকাৰু মই ভাৰতৰ কোনো কৰ্মশালাত পোৱা নাই৷ তেওঁলোকক নিৰাশ কৰিবলৈ টান লাগিল৷ গতিকে মই দহ মিনিটৰ “চিগাৰেট বিৰতি” লৈ অঞ্জনে বুজাবলগীয়া খিনিৰ এটা থুল-মূল আভাষ লৈ তেওঁলোকক বুজালোঁ৷ বুজাই থাকোঁতে বুকুখনে ধান বাণি আছিল কাৰণ মই আটাইতকৈ বেয়া পোৱা আৰু দুৰ্বল ‘মানৱ সম্পদ(human resource)ৰ ওপৰত ভাষণ দি আছিলোঁ৷ প্ৰতিবাৰেই কিবা ভুল কৈ ধৰা পৰিব খোজো আৰু প্ৰতিবাৰেই চেঙেলী মাছৰ দৰে সাৰি ওলাই আহোঁ৷ অৱশ্যে অঞ্জনে মোক এইক্ষেত্ৰত ভাল সহযোগ কৰিছিল৷ যেতিয়াই মই ফচিব খোজো সি কিবা বিষয়ৰ ওপৰত কোৱা আৰম্ভ কৰে বা তেওঁলোকক কিবা প্ৰশ্ন কৰে, ঠিক যুদ্ধক্ষেত্ৰত কাভাৰিং ফায়াৰ দিয়াৰ দৰে৷ ময়ো সেই মাজৰ সময়খিনিত উদ্ধাৰৰ বাট উলিয়াই লওঁ৷ তাৰ পিছত মই আৰম্ভ হৈ যাওঁ৷ সেইদৰেই দুয়ো একালৰ পেজ-ভুপটীৰ দৰে ভাল যুটী গঢ়ি সময়খিনি পাৰ কৰি দিলোঁ৷

 

ইতিমধ্যে দুপৰীয়াৰ খোৱাৰ সময় হ’ল৷ ৰমজান মাহ চলি আছিল বাবে আমি একো খাব নাপাম বুলি ভাবি আছিলোঁ যদিও আমাক ভুল প্ৰমাণিত কৰি সুন্দৰ আহাৰৰ ব্যৱস্থা কৰা হ’ল৷ কেইজনমানে ৰোজা ৰখা নাছিল, তেওঁলোকৰ লগতেই বহি ভুৰি ভোজন কৰিলোঁ৷ এইবাৰ যদিও ইলিছ নাছিল, তথাপি বাংলাদেশৰ খাদ্য সম্পৰ্কে হোৱা আমাৰ উচ্চ ধাৰণা বাহাল থাকিল৷

 

খোৱা টেবুলত তেওঁলোকৰ সৈতে বিভিন্ন কথা হ’ল৷ ৰাজনৈতিক, সামাজিক আদি দিশত তেওঁলোকৰ চিন্তাধাৰা দেখি ভাল লাগিল৷ তেওঁলোক সম্পৰ্কে যেন মই (বা আমি) ভুল ধাৰণা লৈ আছো৷ এই যুৱচামে যেন নতুন বাংলাদেশ গঢ়িবলৈ বদ্ধপৰিকৰ৷ পুৰুষ নাৰী সকলোৱে খোলা-খুলিকৈ নিজা মত ৰাজহুৱাকৈ প্ৰকাশ কৰিছে, ৰাজনীতিৰ বিষয়ে আলোচনা কৰিছে৷ পিছত ভাৰতলৈ আহি এই বিষয়ে আলোচনা কৰাত মোক বহুতে এয়া বঙালী সকলৰ বৈশিষ্ট্য বুলিও কৈছে, কিন্তু মই এখন ইছলামিক দেশৰ নাগৰিকৰ বিষয়ে লৈ থকা ধাৰণা এওঁলোকে ভাঙি চূৰমাৰ কৰি দিলে৷

 

ভোজনৰ পিছত সৰু সুৰা দুটামান বিষয়ত আলোচনা কৰি আমাৰ দুদিনীয়া কৰ্মশালাৰ অন্ত পেলালোঁ৷ভাষাৰ সীমাবদ্ধতা নেওচি আমি আমাৰ কথাখিনি তেওঁলোকৰ আগত প্ৰকাশ কৰিব পৰাটোৱেই আমি আমাৰ ডাঙৰ সফলতা বুলি গণ্য কৰো৷ তেওঁলোকে আমাৰ কৰ্মশালা যে উপভোগ কৰিছিল সেয়া নিশ্চিত৷ তেওঁলোকৰ অকৃত্ৰিম মন্তব্যত আমি সেই বিষয়ে নিশ্চিত হৈছিলোঁ৷ বাংলাদেশৰ কৰ্মচাৰীসকলে তেওঁলোকৰ আতিথ্যৰে আমাক প্ৰতি মুহুৰ্ততে মুগ্ধ কৰি ৰাখিছিল৷ আমি দুয়োজনে ইজনে সিজনক অভিনন্দন জনালোঁ,এক প্ৰায় অসম্ভৱ কৰ্ম সমাপ্ত কৰাৰ বাবে৷ সেই কৰ্ম হ’ল ইংলিছ, হিংলিছ আৰু বঙালী ভাষাৰ মিশ্ৰণেৰে কৰ্মশালাখন চলাই নিয়া৷ কিন্তু জীৱনত এটা ডাঙৰ শিক্ষা পালো৷ বাংলাদেশী বুলি আমি তেওঁলোকক হেয়জ্ঞান কৰি বিশেষ কোনো পূৰ্ব প্ৰস্তুতি নকৰাকৈ এই কৰ্মশালালৈ আহিছিলোঁ৷ তেওঁলোকৰ জনাৰ আগ্ৰহ,কৰ্মস্পৃহা, আন্তৰিকতাৰে তেওঁলোকে বুজাই দিলে যে আমি ভাবি থকাতকৈ তেওঁলোক বহুত বেলেগ৷

 

ইফতাৰ পাৰ্টীৰে কৰ্মশালাৰ অন্ত পেলোৱা হ’ল৷ আমি দুপৰীয়া ভুৰি ভোজন কৰাৰ পিছতো লাজ মান কাটি কৰি ইফটাৰ পাৰ্টীত পূৰ্ণ উদ্যমেৰে অংশ লৈ তেওঁলোকক ক’ৰবাতে এৰিলোঁ৷ পেটত আৰু একো ভৰাবলৈ ঠাই নথকাতহে আমি অনিচ্ছাস্বত্তেও ভোজন সামৰিলোঁ৷

 

আজি যদি মই সেই তিনিদিনলৈ ঘূৰি চাওঁ, মই ক’ব লাগিব যে মই ঢাকা গৈ সন্তুষ্ট৷ স্বাধীনতাৰ চল্লিশ বছৰৰ ভিতৰত তেওঁলোক যথেষ্ট আগুৱাই গৈছে৷ মানি লৈছোঁ,ৰাজনৈতিক অস্থিৰতাই তেওঁলোকৰ উন্নয়ন স্তব্ধ কৰিছে, কিন্তু এয়া আজি পৃথিৱীৰ বহুকেইখন দেশৰেই সমস্যা, অকল তেওঁলোকেই ভুক্তভোগী নহয়৷ এবাৰ ঢাকালৈ গৈ চাওঁক,বহল বাট পথ-অসংখ্য নিৰ্মাণ কাৰ্য্য-সুন্দৰ বজাৰ-বিদেশী গাড়ী মটৰ, কি নাই তাত৷ অৱশ্যে এয়া এশ শতাংশ সত্য যে মই কেৱল বাংলাদেশৰ ভাল ৰূপটোহে দেখিছোঁ৷ এতিয়াও বহু অনুন্নত অঞ্চল বাংলাদেশত আছে, দৰিদ্ৰ মানুহেৰে দেশখন ভৰি আছে৷ কিন্তু যিখিনি মই দেখিলো সেইখিনি মোক মুগ্ধ কৰিবলৈ যথেষ্ট আছিল, বিশেষকৈ এনে এখন দেশত যিখনৰ ১৯৭১ চনৰ আগলৈ কোনো অস্তিত্ব নাছিল৷

 

মই তাত পোৱা মানুহখিনিৰ কথা আজি ভাবিলে ক’ব লাগিব যে তেওঁলোক আটাইবোৰেই কৰ্মত বিশ্বাসী, নিজৰ লগতে দেশখনক এদিন বিশ্ব দৰবাৰত গৰ্বৰে চিনাকী কৰি দিয়াত ৷ নৱ প্ৰজন্মই এতিয়া প্ৰচলিত ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে মাত মাতিবলৈ শিকিছে৷

 

দেশ বিভাজন বা তাৰো আগৰে পৰা তেওঁলোকৰ এক দৰিদ্ৰতাৰ অতীত আছে, কিন্তু মই যি দেখিলো তাৰ পৰা মই নিশ্চিত যে তেওঁলোকৰ এক উজ্জ্বল ভবিষ্যত আছে৷ আৰু এই ভবিষ্যত গঢ়িবলৈ বৰ্তমানৰ কৰ্মঠ নৱ প্ৰজন্ম বদ্ধপৰিকৰ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক