ইংৰাজীৰ শিক্ষকজন(অনুবাদ-নয়ন ঠাকুৰীয়া)

ইংৰাজীৰ শিক্ষকজন
মূল :The English Teacher by R.k. Narayan
(উপন্যাসখনিৰ এটা অংশৰ সংক্ষিপ্ত অনুবাদ । )
নয়ন ঠাকুৰীয়া

১ম খণ্ড
ৰাতিপুৱা আঠ বজাত শুই উঠি লৰালৰিকৈ গা ধুই কলেজলৈ যোৱা, গধুলি ঘূৰি আহিবন্ধু-বান্ধৱৰ লগত কথা পতা এয়ে আছিল মোৰ দৈনন্দিন জীৱন । আলৱার্ট মিছনকলেজৰ মই এজন ইংৰাজীৰ শিক্ষক । কলেজৰ ছাত্ৰসকলক মই শ্বেক্সপীয়েৰ,মিল্টনৰবিষয়ে পঢ়াও । পঢ়ুওৱাৰ বাবদ মই এশটকা দৰমহা পাইছিলো । কলেজৰ হোষ্টেলটোতপ্ৰথমতে ছাত্ৰ হিচাপে আৰু পাছত শিক্ষক হিচাপে মই দহ বছৰধৰি আছো ।
কিন্তু মোৰ এই জীৱন সলনি হ’ল । সেইদিনা কলেজৰপৰা আহি দুখন চিঠি পালো , এখনমোৰ দেউতাৰ আৰু আনখন মোৰ পত্নী সুশীলাৰ । দেউতাই আন কথাৰ শেষত লিখিছে যেঅহা মাহৰ ১০ তাৰিখে মোৰ শহুৰে মোৰ পত্নী আৰু কেঁচুৱাটো মোৰ ওচৰত থৈ যাবহি ।কাৰণ মই অকলে থকাটো ঠিক হোৱা নাই । মোৰ মাৰো সেয়ে মত । সাতমহীয়া কেঁচুৱাটোকেনেকৈ চম্ভালিম, ভা‌ৱিয়েই মোৰ ভয় লাগিল । সুশীলাৰ চিঠিখন পঢ়াৰ আগতে শুঙিচালো , জেচমিন ফুলৰ মৃদু সুবাস এটা পালো । বেছিভাগ কেঁচুৱাটোৰ কথাই লিখিছে ।শেষত শহুৰ আৰু মাৰ ইচ্ছাৰ কথা জনাই ঘৰ এটা ঠিক কৰিবলৈ অনুৰোধ কৰিছে ।
চিঠিখন জাপি টেবুলত থৈ ওলাই আহিলো । আমাৰ লাইব্ৰেৰীটোৰ এখন বেৰা ঘেৰিপেলোৱা জেচমিন ফুলৰ জোপোহাটোলৈ চকু পৰিল । দহবছৰে বাস কৰা এই হোষ্টেলটো এৰিযাব লাগিব বুলি ভাবি হুমুনিয়াহ এটা ওলাই আহিল ।
ইয়াৰ পাছতকেইবাদিনো ধৰি মই ঘৰ বিচাৰিলো । শেষত আগফালে বাৰান্দা আৰু পাছফালে নাৰিকলগছেৰে সুন্দৰ ঘৰ এটা পাই মোৰ বস্তুবোৰ লৈ হোষ্টেলৰপৰা ওলাই আহিলো । তিনিদিনধৰি ঘৰটো সজালো । মোক সহায় কৰিবলৈ মোৰ মা গাঁৱৰপৰা আহিল । তেওঁ ঘৰৰ বাবেপ্ৰয়োজনীয় বহুত বস্তু লৈ আহিছিল ।
পিছৰটো শুকুৰবাৰে সুশীলাহঁত অহাৰ কথা। সেইদিনা মই তেওঁলোকক আনিবলৈ মালগুডী ষ্টেচনলৈ গ’লো । মোৰ বৰ চিন্তাহৈছিল । সুশীলাই নিশ্চয় বহুত বয়-বস্তু আনিব । এইটো ষ্টেচনত ট্ৰেইনখন মাত্ৰসাতমিনিটহে ৰয় । ইমান কম সময়ৰ ভিতৰতে ইমানবোৰ বস্তুৰে সৈতে কেঁচুৱাটোকেনেকৈ নিৰাপদে নমাম , লৰালৰি কৰোতে কেঁচুৱাটোৱে যদি দুৱাৰত খুন্দা খায়, ইত্যাদি চিন্তাই মোৰ মনটো ভাৰাক্ৰান্ত কৰি তুলিছিল । শেষত কুলী এটাকলগাতকৈও বেচিকৈ পইচা যাঁচি বস্তুবোৰ নিৰাপদে নমাই দিবলৈ অনুৰোধ কৰিলো ।তথাপিও নিশ্চিত হ’ব নোৱাৰিলো । দূৰত ষ্টেচন মাষ্টৰক দেখি ওচৰ চাপি গ’লো আৰুসুধিলো – “ট্ৰেইনখন অলপ বেছি সময় ৰখাব নোৱাৰিনে ?”
“কিয় ?” তেখেতে সুধিলে ।
“নহয়, মানে ইমান কম সময়ৰ ভিতৰতে সকলো বস্তু নমাবলৈ কোনোবা পেচেঞ্জাৰে অসুবিধা পাব পাৰে ।” মই ক’লো ।
“মই ইয়াত ত্ৰিশ বছৰ কাম কৰিলো । ছয় মিনিটতো নমাব নোৱাৰা বস্তু যিজন পেচেঞ্জাৰে আনে তেওঁক মই চাব খোজোঁ ।” তেখেতে ক’লে ।
এনেতে ট্ৰেইন অহাৰ ঘণ্টা পৰিল । ষ্টেচন মাষ্টৰ লৰালৰিকৈ আঁতৰি গ’ল ।ট্ৰেইনখন ষ্টেচনলৈ সোমাই আহিল । ডবাৰ অস্পষ্ট মুখবোৰ মোৰ আগেদি পাৰ হৈ গ’ল ।ট্ৰেইনখন ৰ’ল ।মই ভিৰ ঠেলি ডবাবোৰ চাই চাই আগুৱাই গ’লো । এটা ডবাৰ মুখতশহুৰক দেখিলো । মই দৌৰি ডবাটোৰ ওচৰলৈ গ’লো । বহুত মানুহৰ উঠা-নমাৰ মাজেদিভিতৰত সুশীলাক দেখিলো । কেঁচুৱাটো কোলাত লৈ শান্ত হৈ বহি আছে ।
“নামিআহক” মোৰ শহুৰ নামি আহিল । মই আৰু কুলীটো জাপ মাৰি ডবাৰ ভিতৰলৈ সোমাই গ’লো ।সুশীলাক ক’লো – “ব’লা, বহি থকাৰ সময় নাই । মাত্ৰ তিনিমিনিটহে আছে ।কেঁচুৱাটো মোক দিয়া ।”
মিচিককৈ হাঁহি মাৰি তেওঁ ক’লে- “কেঁচুৱাটো মই ল’ম । তুমি তাইৰ এই বাকচটো লোৱা ।”
পিচ মুহূর্ততে তেওঁ নামিবলৈ সাজু হ’ল । “চাবা কেঁচুৱাটোৱে মূৰত খুন্দা খাব ।” মই চিঞঁৰি উঠিলো ।
অৱশেষত সকলো নিৰাপদে নমোৱা হ’ল । মই সুশীলালৈ চালো ,সতেজ আৰু সুন্দৰ ।প্ৰায়ে পিন্ধা নীলা চিল্কৰ শাৰীখন ইমান দূৰ অহাৰ পাছতো অকণো ভাঁজ খোৱা নাই ।
আমি গাড়ী এখনত উঠি ঘৰলৈ আহিলো । মোৰ মায়ে দুৱাৰত আমডালি গাঁঠি লগাই থৈছিল ।সুশীলা আৰু কেঁচুৱাটোৰ মুখৰ আগত সেন্দুৰৰ কাঁহী এখন ঘুৰাই তেওঁলোকক আদৰিআনিলে । মায়ে কেঁচুৱাটো কোলাত তুলি ল’লে । মই মাৰ মুখলৈ চালো । গভীৰ স্নেহআৰু কোমলতাৰে তেঁওৰ মুখখন পৰিপূর্ণ হৈ উঠিছে । মোৰ শহুৰ সেইদিনাই ঘুৰি গ’ল ।ইয়াৰ পাছত মা আমাৰ লগত আৰু দুমাহ থাকিল । সেই সময়ছোৱাত তেওঁ সুশীলা আৰুকেঁচুৱাটোৰ অশেষ যত্ন লৈছিল ।
মা যোৱাৰ পাছত আমাৰ দিনবোৰ ভালেৰেইপাৰ হ’বলৈ ধৰিলে । মই কলেজৰ ছুটিৰ ঘণ্টা পৰাৰ লগে লগে অকণো নৰৈছিলোঁ । চিধাঘৰলৈ আহিছিলো । দূৰৰপৰা দেখিছিলো, ঘৰৰ সন্মুখৰ ফুলনিখনত সুশীলা ৰৈ থাকেআমাৰ ছোৱালীজনী অর্থাৎ লীলাক লৈ । মোলৈ ৰৈ থকা কথাটো কৈ মই সুশীলাকজোকাইছিলো । তেওঁ লাজতে ৰঙা পৰি গৈছিল । লীলাই মোক দেখাৰ লগে লগে মোৰআঁঠুদুটা সাৱটি ধৰিছিল ।
সুশীলাই নিজ হাতে বনাই দিয়া জলপান খাই আমিসন্মুখৰ কোঠাটোত বহিছিলো । লীলাই তাইৰ খেলা বস্তুবোৰ লৈ এচুকত খেলি থাকিছিল। এই সময়ত আমি নানা ধৰণৰ কথা-বতৰা পাতিছিলো । সুশীলাই মোৰ কথাবোৰ বৰ মন দিশুনিছিল । মোৰ কলেজৰ কোনো মানুহকে তেওঁ দেখা নাছিল যদিও প্ৰত্যেকৰে কথাআৰু নাম তেঁও জানিছিল । মই ভালপোৱা সকলোকে তেওঁ ভাল পাইছিল আৰু মই বেয়াপোৱা সকলোকে তেওঁ বেয়া পাইছিল । সুশীলায়ো আমাৰ ওচৰ-চুবুৰীয়াৰ কথা মোক কৈছিল ।এটা সময়ত সুশীলা পাকঘৰলৈ গৈছিল আৰু মই লীলাক ব্যস্ত ৰাখিছিলো খোৱাৰ পৰলৈকে।
মাহৰ ১ তাৰিখে দৰমহাৰ টকাকেইটা সুশীলাৰ হাতত তুলি দিওঁ । তেওঁসুচাৰুৰুপে ঘৰখন চলাইছিল । তেওঁৰ হাতত পৰি এশটকাও দুশটকাৰ দৰে হৈছিল । মইযেতিয়াই পইচা বিচাৰিছিলো তেতিয়াই তেওঁ দিব পাৰিছিল । আগতে দৰমহাৰ টকাকেইটাৰেমোৰ দহদিনো নগৈছিল ।
মোৰ মায়ে আমাক সহায় কৰিবৰ বাবে গাঁৱৰপৰা এগৰাকীবয়সীয়াল তিৰোতা পঠিয়ালে । সুশীলাই ইচ্ছা কৰা নাছিল যদিও মই তাইক ৰাখিবলৈজোৰ দিলো । কাৰণ তেতিয়া সুশীলাই পঢ়া-শুনা কৰিবৰ বাবে কিছু সময় পাব । তেওঁপঢ়া-শুনা কৰি বৰ ভাল পাইছিল । তেওঁৰ সৰু লাইব্ৰেৰীটোত কম্বনৰৰামায়ণ, পালগ্ৰেভৰ গ’ল্ডেন ট্ৰেজাৰী আৰু সংস্কৃত গীতাএখনি আছিল । বিয়াৰ পাছতে মইতেওঁক ইংৰাজী কবিতা পাঠ কৰি শুনাইছিলো ,বুজি পাওক বা নাপাওক তেওঁ শুনি বৰ ভালপাইছিল । কেঁচুৱাটো হোৱাৰ পাছত পঢ়া-শুনা কৰিবলৈ তেওঁ সময় নোপোৱা হ’ল ।

ভৱিষ্যতে ছোৱালীজনীক বিয়া দিয়া আৰু আমাৰ নিজৰ ঘৰ এটা সজোৱাৰ বাবেসুশীলাই কিছু পইচা জমা কৰিবলৈ আৰম্ভ কৰিছিল । সেইবাবে মানুহজনীক মাহেআঠটকাকৈ দিব লাগিব বুলি জানি তেওঁ কিছু চিন্তিত হৈ পৰিছিল । যি নহওক আমিমানুহজনীক ৰাখিলো । অৱশ্যে পিছত এনেকুৱা হ’লগৈ যে তাই নহ’লে আমাৰ নোহোৱাহ’ল । তাই ৰন্ধা-বঢ়া কৰাৰ উপৰিও লীলাৰ যত্ন লৈছিল । লীলাৰ অসুখ-বিসুখত আমাকসাহস যোগাইছিল ।
এবাৰ সুশীলাই মোৰ কোঠাটো চাফা কৰি মোৰ পুৰণা কাগজবোৰৰলগতে মোৰ মৰমৰ পুৰণা ঘড়ীটোও বেচি দিলে । সেইদিনা মোৰ বৰ খং উঠিছিল আৰুসুশীলাক বকি ঘৰৰ পৰা ওলাই বহুত ৰাতিলৈকে বাহিৰত আছিলো । ঘৰলৈ ঘুৰি আহিসুশীলাক নিজৰ কোঠাৰ বিছনাত বেৰৰফালে মুখ কৰি কান্দি থকা দেখি মোৰ বৰ দুখলাগিছিল । তেওঁক বুকুত সাবটি ল’বৰ মন গৈছিল যদিও মোৰ অহঙ্কাৰে বাধা দিলে ।
ইয়াৰ পাছত আঠচল্লিশ ঘন্টা আমি দুয়ো অচিনাকি মানুহৰ দৰে একেটা ঘৰতে থাকিলো ।শেষত এই অৱস্থা অসহ্য লাগিল আৰু তেওঁক গধূলি চিনেমা চাবলৈ লগ ধৰিলো ।সুশীলায়ো মান্তি হ’ল । ছোৱালীজনীক ঘৰতে থৈ আমি চিনেমা চাবলৈ গ’লো । সেইদিনাচিনেমা চাই ঘুৰি অহাৰ পাছত ভাব হৈছিল আমি কেনেকৈ পৰস্পৰৰ প্ৰতি ইমাননিষ্ঠুৰ হ’ব পাৰিছিলো । আমি আৰু কেতিয়াও কাজিয়া নকৰোঁ বুলি সিদ্ধান্ত ল’লো ।
আমাৰ ছোৱালীজনীৰ তিনিবছৰীয়া জন্মদিনত শহুৰে আমাক মালগুডীত ঘৰ এটা কিনিবলৈকিছু পইচা দিব বুলি ক’লে । আমাৰ বৰ আনন্দ লাগিল । ঘৰক লৈ নানাজল্পনা-কল্পনা কৰিবলৈ ল’লো ।
এটা দেওবাৰে Lawley Extension ত মাটি বাঘৰ এটা চাবলৈ ঠিক কৰিলো । সেইদিনা ৰাতিপুৱাই উঠি সাজু হ’লো । সুশীলাওসাজি-কাছি ওলাল । লীলাৰ খোৱা-বোৱাৰ সকলো ব্যৱস্থা কৰি মানুহজনীৰ লগত তাইকথ’লো । আমি খোজকাঢ়ি যাবলৈকে স্থিৰ কৰিলো ।
সুশীলাৰ গাত এখন নীলা ৰঙৰশাৰী, চুলিত জেচমিন ফুলৰ মালা । উজ্জ্বল সূর্যৰে সৈতে এটা সুন্দৰ ৰাতিপুৱা ।মোৰ কাষত মোৰ পত্নী – তেওঁৰ সুদীর্ঘ অবয়ব, মিঠাবৰণীয়া তেওঁৰ কাণত সৰুহীৰাৰ কাণফুলি । তেওঁক বৰ ধুনীয়া লাগিছিল ।
জেচমিন, জেচমিন । “মই তোমাক আজিৰপৰা জেচমিন বুলি মাতিম ।” মই ক’লো ।
“আমি যে এতিয়া ৰাস্তাৰে গৈ আছো , তুমি পাহৰিলা নেকি ?” সুশীলাই হাঁহি মাৰি ক’লে ।
আমি বাটত “বম্বে আনন্দ ভৱন” ৰেষ্টোঁৰাত অলপ কিবাকিবি খাই ল’লো । Lawley Extension ত থকা মোৰ বন্ধু শাস্ত্ৰীয়ে আমাক ঘৰ দেখুৱাবলৈ গাত লৈছিল । মাটিএটুকুৰা কিনাতকৈ এটা ঘৰ কিনা বেছি ভাল হ’ব বুলি তেওঁ আমাক কৈছিল ।তেওঁৰচিনাকি কনট্ৰেক্টৰ এজন লগত লৈ আমি কেইবাটাও ঘৰ চালো । তাৰে এটা ঘৰ আমাৰ বৰপচন্দ হৈছিল । আমি ঘৰটোৰ কোঠাবোৰ ঘুৰি ঘুৰি চাইছিলো । ঘৰটোৰ বাসিন্দাহিচাবে নিজকে কল্পনা কৰিলো । তাৰ পাছত ঘৰটোৰ বাৰান্দাত বহি দাম-দৰ কৰিবলৈল’লো । সুশীলাই আমনি পাই “মই পিচফালখন চাওঁগৈ” বুলি উঠি গ’ল ।
বহু সময়সুশীলা নহা দেখি চিন্তা হ’ল । তেওঁক বিচাৰি পিচফাললৈ গ’লো । “সুশীলা, সুশীলা” মই মাতিলো । “দর্জাখন খুলি দিয়া, মই ভিতৰৰপৰা খুলিবপৰা নাই ।”মাতটো অনুসৰণ কৰি দেখিলো, সেউজীয়া ৰং কৰা পায়খানাৰ দৰজা এখন, ঠেলি দিয়াৰলগে লগে খোল খালে । সুশীলা ভয়ত ৰঙা-চিঙা পৰি ওলাই আহিল ।
“কি হ’ল ?” মই সুধিলো ।
“দর্জাখন ইমান ধুনীয়াকৈ ৰং কৰা । ভিতৰখনো চাফা বুলি ভাবিছিলোঁ , কিন্তু ……. ।” ঘৃণাত তেওঁ কঁপি উঠিল ।
সুশীলাক লৈ বাৰান্দালৈ উভতি আহিলো । শাস্ত্ৰীহঁতে ঘটনাটো শুনি ইস-আস কৰিলে। বাহিৰৰ টেপটোতে সুশীলাই হাত ভৰিবোৰ ধুলে আৰু আমি বেছি সময় নৰৈ ঘৰলৈউভতিলো । এটা সুন্দৰ দিনৰ যেন ছন্দ পতন ঘটিল ।
বাটত এটা সৰু মন্দিৰতআমি সেৱা কৰিলো । ঘৰলৈ আহি সুশীলাই নোখোৱা নোবোৱাকৈ শুই থাকিল । পায়খানাৰদৃশ্যটো তেওঁ পাহৰিব পৰা নাছিল । ৰাতিপুৱা ঠিক হৈ যাব বুলি ময়ো বিশেষচিন্তা নকৰিলো ।
কিন্তু ৰাতিপুৱাও সুশীলাই একো খাব নোৱাৰিলে । এনেকৈএদিন-দুদিনকৈ ছদিন পাৰ হৈ গ’ল । কিবা বস্তু জোৰকৈ খুৱালে তেওঁ বমি কৰি দিয়ে। তেওঁ বিছনা ল’লে ।
এদিন ৰাতিপুৱা সুশীলাৰ কপালত হাত দি চালো, বেচ গৰম । মই তেওঁক হৰলিক্স অলপ জোৰকৈ খুৱালো ।
সুশীলাৰ চকুকেইটা পানীৰে উপচি পৰিল । তেওঁ উচুপিবলৈ ধৰিলে । এই প্ৰথম মইতেওঁক ভাঙি পৰা দেখিলো । মোৰ জ্ঞান নাইকীয়া হোৱাৰ দৰে হ’ল । মই তেওঁকসান্ত্বনা দিলো । তেওঁ মোলৈ চাই অলপ হাঁহিলে । তাকে দেখি মোৰ মনটো অলপ পাতলপাতল লাগিল । মই ডাক্তৰ মাতিবলৈ গ’লো । ডাক্তৰ কৃষ্ণনৰ ওচৰলৈ গৈ সুশীলাৰবেমাৰৰ লক্ষণবোৰ কোৱাত তেওঁ চিন্তাৰ কোনো কাৰণ নাই বুলি কৈ মেলেৰিয়াৰ দৰবদিলে । কেইবা সপ্তাহো দৰব খাই জ্বৰ নকমাত পুনৰ ডাক্তৰৰ ওচৰ পালো আৰু ঘৰলৈআহি সুশীলাক চাই যাবলৈ অনুৰোধ কৰিলো । এইদৰে ডাক্তৰে মাজে মাজে আহি সুশীলাকচাই যায়হি ।
এদিন ডাক্তৰে গধুলি আহি সুশীলাৰ তেজ পৰীক্ষা কৰিবলৈ তেজলৈ গ’ল । পিছদিনা সুশীলাৰ টাইফয়দ হোৱা বুলি ঘোষণা কৰিলে আৰু সকলো ধৰণৰসাৱধানতা অৱলম্বন কৰিবলৈ ক’লে । বেমাৰীক চুই যাতে ভালদৰে হাত ধোৱা হয়ইত্যাদি । এই প্ৰথম তেওঁ বেমাৰী শব্দটো ব্যৱহাৰ কৰিলে । সুশীলা এতিয়া মাতৃবা পত্নী নহয়, তেওঁ বেমাৰী । সুশীলাক অস্পৃশ্য বস্তুৰ দৰে ব্যৱহাৰ কৰিবলাগিব বুলি মই বৰ কষ্ট পালো ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক