ইংৰাজীৰ শিক্ষকজন (মূল উৎস – আৰ. কে. নাৰায়ণৰ The English Teacher ; অনুবাদ- নয়ন ঠাকুৰীয়া)

(অন্তিম খণ্ড)

দৰব থ’বলৈ টেবুলখনৰ বাহিৰে বাকী সকলো বস্তু কোঠাৰপৰা আঁতৰাই নিয়া হ’ল। টাইফয়দ হোৱা বুলি শুনি সুশীলায়ো বৰ ভয় খালে। ডাক্তৰে তেওঁক বেছি পৰিমাণে গ্লুক’জ আৰু বাৰ্লি খুৱাবলৈ দিছিল। মই সুশীলাৰ প্ৰতিপালন কৰাত ব্যস্ত থকিলো। অসুখীয়া দেউতাক এৰি মা আহিব পৰা নাছিল। মোৰ শাহু-শহুৰ আহিছিল।

লীলাৰ ব্যৱহাৰো আছিল অদ্ভুত ধৰণৰ। দুই তিনিবাৰ দুৱাৰমুখৰ পৰাই মাকক চাই যায়হি। লীলাক দেখিলে সুশীলাৰ মুখখন উদ্ভাসিত হৈ উঠিছিল। লীলাক কিবাকিবি সুধিছিল কিন্তু তাই কেতিয়াও উত্তৰ নিদিছিল।

সুশীলাৰ বেমাৰে যেন আমাক আৰু নিবিড়ভাৱে কাষ চপাই নিছিল। সুশীলাৰ জ্বৰ ১০৪ ডিগ্ৰীলৈকে উঠাত ডাক্তৰে বৰফৰ পটি দিবলৈ ক’লে। আমি একেলগে জলপান খোৱা বম্বে আনন্দ ৰেষ্টোৰাৰ পৰাই মই বৰফৰ টুকুৰা লৈ আনিলোগৈ।

এইদৰে কেইবাদিনো বৰফৰ পটি দিয়াৰ পাছত এদিন ৰাতিপুৱা দেখিলো সুশিলাৰ জ্বৰ ১০১লৈ নামি আহিছে। মোৰ মনটো বৰ ভাল লাগিল। ডাক্তৰ ঘৰলৈ অহাত মই কথাটো ক’লো। তেওঁ আৰু বৰফৰ পটি দিবলৈ মানা কৰিলে। বহুত দিনৰ মূৰত ঘৰৰ পৰিৱেশ পাতল হ’ল। মই শহুৰক সুশীলাৰ ওচৰত থৈ এঘণ্টামান বাহিৰত লীলাৰ লগত কটালো। ঘূৰি আহি দেখিলো শহুৰ আৰু ডাক্তৰ গভীৰ আলোচনাত ব্যস্ত।

মই সুশীলালৈ চালো। তেওঁ বৰ শব্দ কৰি উশাহ লৈছে আৰু কপালখন ঘামিছে। মই কপালত হাত দিলো, বৰফৰ দৰে ঠাণ্ডা।
“ডাক্তৰ,ডাক্তৰ উত্তাপ বহুত নামি আহিছে।” মই চিঞৰি উঠিলো।
“মই জানো। তুমি দৌৰি মোৰ গাড়ীৰপৰা বেগটো লৈ আনা।”, ডাক্তৰে ক’লে আৰু গৰম পানী খুজিলে। বেগটো আনি দিয়াত তেওঁ সুশীলাক এটা ইনজেক্চন দিলে।

এঘণ্টামানৰ পাছত তেওঁ নিজৰ বস্তুবোৰ সামৰি নীৰৱে যাবলৈ ওলাল। মোৰ লগত এটাও কথা নাপাতিলে। মই মূৰ্তিৰ দৰে থিয় হৈ থাকিলো। তেওঁ বেগটো ল’লে আৰু মোৰ পিঠিত লাহেকৈ থপৰিয়ালে। মই সম্বিত ঘূৰাই পালো।
“আপুনি নেথাকে নেকি?” মই সুধিলো।
“আমি আৰু কি কৰিব পাৰো?” তেওঁ মাটিৰ ফালে চাই উত্তৰ দিলে আৰু বেগটো লৈ তেওঁ গ’লগৈ। মই তেওঁৰ গাড়ীৰ শব্দ শুনিলো।

কোঠাটোৰ ভিতৰত এক অসহ্য নীৰৱতা। সুশীলাৰ উশাহৰ ভয়ংকৰ শব্দইহে সেই নীৰৱতা ভংগ কৰিছে। মোৰ এনে ভাৱ হ’ল মুক্তিকামী আত্মাৰ আদেশত সেই শব্দটোৱে যেন দেহৰূপী কাৰাগাৰৰ দুৱাৰ ভাঙিবলৈ আগবাঢ়ি গৈছে।
সৌৱা সুশীলাৰ দেহটো মাটিত শুৱাই থোৱা আছে। তেওঁৰ মুখখন বৰ উজ্জ্বল দেখিছিল। কপালত সেন্দূৰৰ ফোঁট আৰু মূৰত জেচমিন ফুলৰ মালাৰে তেওঁ সুসজ্জিতা। ওচৰ-চুবুৰীয়া আৰু আপোন মানুহৰ উচুপনিৰ শব্দ শুনিছো। কিন্তু মই যেন সকলো অনুভূতিৰ বাহিৰত। লীলাক ওচৰৰ মানুহৰ ঘৰলৈ লৈ যোৱা হৈছে, তাই আচৰিত হৈছে। আজি সকলোৱে কিয় তাইক ঘৰৰপৰা বাহিৰত ৰাখিবলৈ ব্যস্ত হৈছে।

বাঁহৰ চাঙীত তুলি সুশীলাক শ্মশানলৈ নিয়া হ’ল। বাহিৰত প্ৰখৰ ৰ’দ। শ্মশানত বহুত দিনৰ মূৰত দিনৰ পোহৰত সুশীলাৰ মুখখন দেখিলো, বেমাৰত বিধ্বস্ত হৈ ঈষৎ হালধীয়া হৈ পৰিছে।

পুৰোহিতৰ নিৰ্দেশক্ৰমে মই সুশীলাৰ চিতাত জুই দিলো। মই কিনি দিয়া বেঙুনীয়া ৰঙৰ শাৰীখনো সুশীলাৰ লগত জ্বলি উঠিছিল। মই চিতাৰ জুইকুৰা চালো, মোৰ কাৰণে ইয়াতকৈ ডাঙৰ সত্য আৰু একোৱেই নাই। জীৱনত কোনো সুখ-দুখেই মোক আৰু কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব।

(আৰ. কে. নাৰায়ণ ভাৰতৰ সাহিত্য জগতৰ এটা উল্লেখযোগ্য নাম। ১৯৩৩ চনত তেখেতৰ ৰাজামা নামৰ এগৰাকী ছোৱালীৰ লগত বিবাহ হয়। ১৯৩৯ চনত টাইফয়ড ৰোগত পৰি তেওঁৰ পত্নীৰ মৃত্যু হয়। এই ঘটনাত ঔপন্যাসিকজনৰ নিজৰ ৩ বছৰীয়া কন্যা সন্তানটিৰ বাহিৰে আন সকলো কথাতে উদাসীনতা আহি পৰিছিল। জীৱন মৃত্যুৰ এই অভিজ্ঞতাৰ কথা তেওঁ উপন্যাসখনত বৰ্ণনা কৰিছে।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments