ইংৰাজী সংগীত, চুলি আৰু মধ্যবিত্তীয় সংকীৰ্ণতা (ৰক্তিম গোস্বামী)

এটি তথাকথিত সাংস্কৃতিক পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ দেউতা গোঁসাইমানুহ আৰু স্বাভাৱিকতে এটা অতি ধাৰ্মিক বেকগ্রাউণ্ড। মা আছিল পণ্ডিত,মন্ত্রী, সমাজসেৱক, মুক্তিযোদ্ধা আদিৰে ভৰপূৰ তেজপুৰৰ এটি ঐতিহ্যমণ্ডিত পৰিয়ালৰ জীয়ৰী। দুয়োটা পৰিয়ালতে সংগীত চৰ্চা হৈছিল যদিও দেউতাৰহঁতৰ ফালে মানুহবোৰ বহু আগবঢ়া আছিল এই দিশত। কোনো যদি অঁনাতাৰ শিল্পী,কোনো দূৰদৰ্শনৰ। কোনোবা যদি কোনো গীতত বিদ্যালয় সপ্তাহত প্রথম হৈছেকোনো হৈছে সদৌ অসম ভিত্তিত। বিহু, হুঁচৰি অন্যান্য বহু কথা।
মোৰ তেজলৈও স্বাভাৱিকতে আহিল বংশসুত্রে সংগীত-প্রীতি। একো ডাঙৰ কথানহয়। কিন্তু জুই সেইদিনা লাগিছিল যিদিনা যৌথ গোঁসাই পৰিয়ালৰ ডাঙৰ ঘৰটোৰ এটা ৰুমৰ পৰা ‘We Didn’t Start the fire’ নামৰ Grammynominated ইংৰাজী গীত এটি বাজি উঠিছিল। নিশ্চয় মোৰ ১৪ গোষ্ঠীত বজা
প্রথম ইংৰাজী গীত আছিল চাগৈ। মই সঠিককৈ জনা নাছিলো আৰু বুজিবও পৰা নাছিলো ভুলটো ক’ত হ’ল। এটা যেন অপৰাধ কৰিলো। বহুদিন বহুতৰ বহু কথা শুনিও মই এৰা নাছিলো ইংৰাজী সংগীত শুনিবলৈ। বন্ধুমহলৰ পৰা গ’ম পালো ইংৰাজী গীত শুনা সকলোৰে ঘৰত একেই পৰিস্থিতি। (১৯৯২-৯৩ চনৰ কথা)

এখন বেলেগ দেশৰ গীত শুনাত বাধা কিয় আৰোপ কৰা হৈছিল সেইটো আজিও মোৰ প্রশ্ন আৰু সেইটো লৈ মই আজিও বহুতৰ লগত যুক্তি-যুদ্ধত অনিচ্ছাস্বতেও লিপ্ত হ’ব লগা হয়। গীত আৰু সংগীতৰ মাজত বিশাল প্রভেদ আছে। সংগীতৰ বিশাল পৰিধিৰ মাজত গীতহৈছে এটা গুৰুত্বপূৰ্ণ অংগ মাথো। ঠিক প্রকৃতিৰ সংগীতৰ মাজত ‘কুলি’ৰ মাতটোৰ দৰে। সেইদৰেই প্রভেদ আছে গীত ভালপোৱা আৰু সংগীত ভালপোৱা মানুহৰ মাজত। ভাষিক সংকীৰ্ণতাৰ সংগীতত কোনো স্থান নাই। ইংৰাজী গীত বা আন বিদেশী গীত বুলিলে অলপ হেয় জ্ঞান কৰাতো কি ধৰণৰ মানসিকতা আৰু ই বিশেষকৈ আমাৰ নিচিনা মধ্যবিত্ত মাজত কিয় ইমান গাঢ় হৈ গঢ় লৈ উঠিছিল তাৰ গ্রহনযোগ্য সঠিক উত্তৰ এটা মই এতিয়ালৈকে পোৱা নাই। লোকৰ গীত মাত শুনিলে বা লোকৰ গীত মাতৰ লগত চিনাকী হ’লে আমাৰ গীত মাত বোৰ কেনেকৈনষ্ট হ’ব? সংগীত সম্প্রীতিৰএডাল চিৰযুগমীয়া এনাজৰী। হাজৰখন মিটিং, হাজাৰটা বাতৰিয়ে, হাজাৰ চৰকাৰী পৰিকল্পনাই লৰাব নোৱাৰা মানুহৰ মনবোৰত কেৱল মাত্র গীতৰ এটা কলিয়ে আবেগৰ ঢৌ তুলিব পাৰে। সম্প্রীতিৰ এই এনাজৰীডালক ভাষাৰ পোছাক পিন্ধাই ‘আমাৰবোৰৰ সংস্কৃতি, সিহঁতবোৰৰ অপ-সংস্কৃতি’ জাতীয় ধাৰণা সৰুতে মগজুত গুজি দিয়াৰ চেষ্টা কৰাতো মোৰ মনতএতিয়া ‘সংস্কৃতিক তালিবানী মনোবৃত্তি’ যেন লাগে।

এই সংস্কৃতিক গোড়ামীৰ কাৰণ কি মধ্যবিত্তৰ সকলো ক্ষেত্রতে থকা’Sense of Insecurity’? আৰু যদি হয় তেনেহ’লে এই ভয় ভাৱ মূল্যহীন কাৰণ এটা জাতিৰ গীত-মাত সংস্কৃতি এখন সময়ৰ লগত গতি, মোৰ সলনি কৰি গৈ থকা নৈৰ দৰে। এইখিনিতে মই এটা কথা কৈ থওঁ যে সংস্কৃতি ৰক্ষা কৰাতো
প্রয়োজন কিন্তু তাৰ খাতিৰত ইয়াক চেপা মাৰি বুকুত সাৱতি ৰাখিলে ই মৰহি যাব।

এটা সাধাৰণ অনুভৱ। যোৱা বছৰ বিহুৰ বতৰত এগৰাকী আমেৰিকান মহিলাই আহি গুৱাহাটিত বিহু মৰা বাতৰিতো চায় বহুতৰে আনন্দত বুকু উথলি উঠিছিল।কৈ গৌৰব অনুভৱ কৰিছিল যে আমেৰিকাতো আমাৰ বিহুৰ নাম আছে। ভাল কথা।এনে গৌৰৱ আদৰণীয়। প্রশ্ন হৈছিল মই তেনেহ’লে ইংৰাজী গীত এটা গালে এনেবোৰ মানুহে ‘গোঁসাইৰ পুতেক লণ্ডনৰ চাহাব ওলাব আহিছে” অথবা ” লোকে গীটাৰহে বজায়” আদি ইতিকিং কৰা মন্তব্য কেনেকৈ দিব পাৰিছিল? “আমাৰটো আদৰিলে
ভাল, তেওঁলোকৰ আদৰিলে অপসংস্কৃতি”। এই কথাখিনিৰে মই নিজ সংস্কৃতি পাহৰি
পাশ্চাত্যৰ ‘অন্ধ-অনুকৰণ’ কৰা সকলৰ প্রতি কোনো আন্তৰিকতা দেখুওৱা নাই আৰু অন্ধ-অনুকৰণৰ কথাটো আগত ৰাখি এইখিনি কথা পঢ়িলে মোৰ ভাব বুজোতে উজুটি খাব।

মই মোৰ সময়ত মোৰ মনে বিচৰা আৰু আনে বা সমাজে যুক্তিহীন ভাৱে নিবিচৰা সকলো কাম যুক্তিৰে প্রমাণ কৰি বুকু ফিণ্ডাই কৰি গৈছিলো। মোৰ চুলি দীঘল বুলি লৈ ঘটা ঘটনাবোৰ বাৰু নকলোৱেই এতিয়া। তথাপিও ক’ব বিচাৰো মোৰ চুলি তেতিয়াও দীঘল আছিল আৰু আজিও আছে।
কেতিয়াবা খঙতে কোনোবাই কিবা ক’লে কওঁ –

” দুনীয়াত ইমান কথা শিকিব-বুজিব-কৰিব আছে যে চুলিৰ কথা ভাবিচুলি কাটিবলৈ সময়ে উলিয়াব পৰা নাই। আপোনাৰ হাতত মোৰ চুলিৰকথা ভাবি, তাৰ ওপৰত চিন্তা কৰি মোক পৰামৰ্শ দিব পৰাকৈ সময় থকাদেখি হিংসাই লাগিছে।”

মই বা মোৰ বন্ধু সকলে ভোগা এই দণ্ডবোৰৰ কিমান অপ্রয়োজনীয় আছিল ভাবিলে বেয়া লাগে। ‘জেনেৰচন গেপ’ কথাটো নিশ্চয় আহে কিন্তু তাৰ আঁৰত দুৰ্বল চিন্তা আৰু সংকীৰ্ণতাক প্রশ্রয় দিয়াতো হয়তো মুঠেই সমোচিত ন’হব।মনত আন এটা সংস্কৃতিৰ লগত চিনাকী হোৱাৰ হেঁপাহৰ লগতে তাৰ প্রতি গ্রহণযোগ্যতা’ নাথাকে তেনেহ’লে ই এটা নিশ্চিতই চিন্তনীয় বিষয়। ভাল আৰু বেয়া উপাদান বিচাৰিলে সকলোতে ওলাব। কিন্তু প্রয়োজন সাপেক্ষে এটা নতুন সংস্কৃতিৰ লগত অপ্রয়োজনীয় দণ্ডৰ মুখামুখি নোহোৱাকৈ পৰিচয় হ’ব পৰাকৈ আৰু তাৰ উচিত বাচ বিচাৰ কৰি ভালখিনি আকোৱালি ল’ব পৰাকৈ এটা পৰিবেশ আজিৰ তাৰিখত অন্ততঃ নিত্যান্তই প্রয়োজনীয়। মইজানো বা মোৰ দৰে বহুতে এইটো ভালকৈ জানে যে ১৫-২০ বছৰ আগতে ইংৰাজী সংগীত শুনাৰ বাবে আমাক ভুল বুলি বুজাবলৈ কোৱা কথাবোৰহে প্রকৃততে কিমান ভুল আছিল।

শংকৰদেৱৰ বৰগীতৰ ‘সা’ স্বৰ আৰু বিথোফেনৰ চিম্ফনিৰ ‘চি’ ন’ট টোৰ মাজত কোনো প্রভেদ নাই তেনে ক্ষেত্রত ভৌগলিক সীমাৰে সংগীতৰ মহান সত্ত্বাক টুকুৰা টুকুৰ কৰি জ্ঞাতে-অজ্ঞাতে বিদ্বেষ ভাবৰ জন্ম দিয়াতো সংগীতৰ প্রতি কৰা ঘোৰ অন্যায় আৰু ই সদায় অপ্রত্যাশিত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক