ইউনিভাৰচিটিৰ এটা ডিগ্ৰীৰ পাছত (বিকাশ শইকীয়া)

(গুৱাহাটী ইউনিভাৰচিটীৰ কেইটামান সঁচা কাহিনীৰ আলমত )Universityr Guwahati

                                     (১)

“What do you do’’

এইটোৱেই সেই প্ৰশ্নটো আছিল৷

গুৱাহাটী ইউনিভাৰচিটিৰ দিনবোৰ অতুলনীয় আছিল৷ আমি ফ্ৰেচাৰ্চৰ দিনা বিশ্ববিদ্যালয়ৰ গীত গাইছিলো, পিকনিকত সূৰ্যপাহাৰৰ শিল বগাইছিলো, সৰস্বতী পূজাত খিচাৰি ৰান্ধিছিলো, চিনিয়ৰখিনিক উলহ মালহৰে ফেয়াৰৱেল দিছিলো, বৰাপানীত বটিং কৰিছিলো, ক্লাছ বাংক দি চিনেমা চাইছিলো, ভাৰচিটি উইকত খেলিছিলো, ৱাল মেগাজিনত ৰং দিছিলো, ভি.চি অফিচৰ সমুখত প্ৰটেষ্ট কৰিছিলো, ডিপাৰ্টমেণ্টৰ হেডক জেক দি প্ৰতিবাৰেই চেমিষ্টাৰৰ পৰীক্ষা পিছুৱাইছিলো…… আৰু….. হয়তো কেতিয়াবা কৰ্চৰ কিতাপো পঢ়িছিলো, চেমিনাৰ দিছিলো৷ মুঠতে আমি এনজয় কৰিছিলো৷ প্ৰতিটো দিন একোটা সপোনৰ দৰে আছিল৷ এই দিনবোৰ আমাৰ বাবে সোনোৱালী দিন আছিল৷

কিন্ত……

এদিন এই দিনবোৰ শেষ হৈছিল৷ আমিও ফেয়াৰৱেল পাইছিলো৷ ইউনিভাৰচিটিৰ বাহিৰৰ পৃথিৱীখনত আমি খোজ পেলাইছিলো৷ প্ৰতিটো খোজতে একোজনকৈ ৰেফাৰী আছিল৷ হাতত এখন ৰঙা কাৰ্ড৷ প্ৰতিযোগিতাৰ পৃথিৱীখনত আমি অনিশ্চিত আছিলোঁ৷ আমাৰ ওপৰত চাপ বাঢ়িছিল৷

এটা প্ৰশ্ন বাৰে বাৰে আমাৰ সন্মুখত আহি পৰিছিল……. “এতিয়া কি কৰি আছা? “

আমি তেতিয়াহে প্ৰশ্নটোৰ উত্তৰ বিচৰা আৰম্ভ কৰিছিলো৷

এতিয়া ইউনিভাৰচিটিত দেখা সপোনবোৰ নাছিল৷ আছিল মাত্ৰ চ’চিয়েল মাৰ্কেটত টিকি থকাৰ চিন্তা৷ আমি খোজ পেলাইছিলো আচল পৃথিৱীখনত৷

বহুতেই দেৰীকৈ ভাবিছিলো, দেৰীকৈ চেষ্টা কৰিছিলো, দেৰীকৈ পাৰফৰ্ম কৰিছিলো৷

এইটোৱেই আছিল “Most Common Story’’

কোনেও দেৰী হোৱাটো বিচৰা নাছিল৷ কিন্ত দেৰী হৈ হৈ গৈ আছিল৷

হয়তো মোৰো দেৰী হৈছিল৷

জোস্না চলিহাই ইউনিভাৰচিটী এৰাৰ ২৯৫ দিন আগতে মোক একেটা প্ৰশ্নকে কৰিছিল

“What do you do“

তেতিয়া মোৰ হাতত একো উত্তৰ নাছিল৷

বিজয়, আদিত্যই এটা উত্তৰ দেখুৱাইছিল৷ অলকেশে এটা বেলেগ উত্তৰ দিছিল৷ গণেশে এটা বেলেগ সমাধানৰ কথা ভাবিছিল৷ কিন্ত, আমাৰ বহুতৰ হাতত একো উত্তৰ নাছিল৷ মোৰ হাতত ২৯৫ দিন আছিল…এটা উত্তৰৰ বাবে…..মোক উত্তৰটোৰ খুবেই প্ৰয়োজন আছিল৷ ইউনিভাৰচিটিৰ পাছত কেতিয়াও লগ নোপোৱা জোস্না চলিহাৰ কাৰণে, তাৰ পাছৰ বছৰ ৰিটায়াৰ্ড হব লগা দেউতাৰ কাৰণে….

সকলোতকৈ বেছিকৈ…… মোৰ নিজৰ কাৰণে৷

“Most Common Story“ টো বেলেগকৈ লিখাৰ সময় আহি পৰিছিল৷

(২)

জোস্না চলিহা, কলেজ-বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ, বা কোনো আত্মীয় স্বজনে এটা নিৰ্ভৰযোগ্য উত্তৰ বিচাৰিবলৈ আমাক উতসাহ জনাব পৰা নাছিল৷

কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ গ্ৰেজুৱেট ডিগ্ৰী লোৱাৰ পাছত যেতিয়া ইউনিভাৰচিটিত এডমিচন লৈছিলো তেতিয়া নিজকে বহুত কিবা কিবি জনা যেন লাগিছিল৷ প্ৰকৃততে কিন্ত তেতিয়া প্ৰয়োজনীয় বহুত বস্তুৰ প্ৰতি একো ধাৰণাই নাছিল৷ পাছলৈ কি কৰিম তাৰ একো উৱাদিহ পোৱা নাছিলো৷

NET, GATE, পি.এইচ.ডি আদি আমাৰ বাবে কিছুমান সাংঘাতিক কঠিন শব্দ আছিল৷

আচলতে গ্ৰেজুৱেচনৰ সময়ত এনে এটা ধাৰনা আমাৰ মনত সোমাই গৈছিল যে এইবোৰ বহুত টান, একেবাৰে চেষ্টাৰো অসাধ্য৷

এই ভুলটো পোন প্ৰথমে আদিত্যই ভাঙি দিছিল৷ ছেকেণ্ড চেমিষ্টাৰত আদিত্যই যেতিয়া ৯৫ পাৰচেনটাইল লৈ GATE পাচ কৰিছিল, তেতিয়াহে আমি ভাবিছিলো যে ই সম্ভৱ, আমাৰ বাবেও৷ আদিত্য, মনোজ আৰু বিজয়ে আমাক ছেকেণ্ড চেমিষ্টাৰতেই NET দিবলৈ উদগনি দিছিল ………ডে লীড বাই এক্সামপল৷

ইউনিভাৰচিটিৰ ৬০ বছৰীয়া ইতিহাসত পোন প্ৰথমবাৰৰ বাবে তিনিজন ছাত্ৰই ছেকেণ্ড চেমিষ্টাৰতেই NET(JRF) পাইছিল….. বিপুল বৰা, আদিত্য কলিতা, আৰু মনোজ হাজৰিকা৷

সেই, সময়ত তেওঁলোক ডিপাৰ্টমেণ্টৰ নায়কত পৰিণত হৈছিল৷ আমাৰ কাৰণে তেওলোক ৰোল মডেল আছিল৷ তেওলোকে আমাক প্ৰেৰণা দিছিল, দিহা-পৰামৰ্শ দিছিল, পুৰণি কুৱেচন পেপাৰ চল্ভ কৰি দিছিল, তেওঁলোকে কিছুমান কিতাপৰ নাম কৈছিল৷ আমি তেতিয়াহে Clayden, Bruice, Smith, F.A.Cotton ৰ কিতাপ পঢ়া আৰম্ভ কৰিছিলোঁ৷

ইউনিভাৰচিটিৰ প্ৰফেচাৰতকৈও আমি তেওলোকৰ ওপৰত বেছি নিৰ্ভৰশীল আছিলোঁ৷ তেওঁলোকে আমাক কেতিয়াও বিমুখ কৰা নাছিল৷ তেওঁলোকে ৰাস্তা দেখুৱাইছিল, আমি পাছে পাছে গৈছিলোঁ।

আদিত্যই নিগেটিভ মাৰ্কিঙৰ কমোৱাৰ কথা কৈছিল, বিজয়ে টপিক চিলেকচন আৰু মনোজে প্ৰিচিচনত জোৰ দিবলৈ কৈছিল৷ তেওঁলোকৰ সাহস আৰু উদগনিৰ বলত ইউনিভাৰচিটিৰ ইতিহাসত পোন প্ৰথম আৰু হয়তো শেষবাৰৰ কাৰনে তৃতীয় চেমিষ্টাৰতেই আমাৰ ডিপাৰ্টমেণ্টৰ আঠজন ছাত্ৰই NET(JRF) পাইছিল৷

মই…. তাৰে এজন আছিলোঁ৷

২০০৯ ৰ পাচত এই ছয় বছৰত এতিয়ালৈকে ইউনিভাৰচিটিৰ কোনো বেটছেই আমাৰ এই ৰেকৰ্ড ভাঙিব পৰা নাই৷ কাৰণ আদিত্য, বিজয় আৰু মনোজৰ দৰে সহপাঠীক উৎসাহ দিয়া কোনোবা তাৰ পাছৰ কোনো বেটচতে ওলোৱা নাই৷

(৩)

ইউনিভাৰচিটিত চাৰে তিনিটা চেমিষ্টাৰলৈকে আমাৰ ইমেজ খুব এটা ভাল নাছিল৷ আমাৰ মানে জিতুল আৰু মোৰ৷

জিতুল মাল্টিটেলেণ্টেড আছিল, সি ভাল গান গাইছিল, হাৰমনিয়াম বজাইছিল, ক্ৰিকেট, কেৰম খেলিছিল, ভাল ছৱি আকিছিল, ভাল অভিনয় কৰিছিল৷ হি ৱাজ মাষ্টাৰ অৱ অল ট্ৰেডছ

কিন্ত জিতুল আছিল ডাউন টু আৰ্থ, বহুত কেজুৱেল আৰু যতে ততে যা-তা জমনি কৰা বিধৰ৷

চিৰিয়াছনেচৰ অভাৱৰ কাৰণে ডিপাৰ্টমেণ্টত জিতুলৰ ইমেজ আছিল এটা “ফানি কাৰ্টুন“

জিতুলৰ বিপৰীতে মই খাৰাংখাচ আছিলো, চিধা-চিধি কথা কৈছিলো, কাকো কেয়াৰ কৰা নাছিলো, প্ৰেক্টিকেলৰ নম্বৰ কমাৰ ভয়ত যেতিয়া অইনে ক্লাছত চুপ-চাপ আছিল তেতিয়া মই উল্টা-পুল্টা প্ৰশ্ন শুধি প্ৰফেচাৰসকলক বিব্ৰত কৰি ভাল পাইছিলো, কিছুমান প্ৰফেচাৰৰ বৰিং ক্লাছত টাইম পাছ কৰাৰ সলনি মই কম্পিউটাৰ লেবত অৰকুট কৰি সময় কটাইছিলো৷ প্ৰেক্টিকেল ক্লাছত কেমিকেলৰ গোন্ধ লোৱাৰ সলনি মই লেবৰ বাহিৰত চিনিয়ৰৰ লগত ক্ৰিকেট খেলাতো পচন্দ কৰিছিলো, যিকোনো ৰাজহুৱা কামত লগৰবোৰে মোক আগলৈ ঠেলি ৰং পাইছিল, মানুহে মোক বিন্দাছ বুলি ভাবিছিল৷

ডিপাৰ্টমেণ্টত মোৰ ইমেজ আছিল এটা “ফাল্টু মক্কেল“

কিন্ত ১১ এপ্ৰিল ২০০৯ ৰ পৰা আমাৰ দুয়োটাৰে ইমেজ চিৰদিনৰ বাবে সলনি হৈ গল৷

সিদিনা NET ৰ ৰিজাল্ট দিছিল৷ সিদিনাৰ ৰিজাল্টে আমাৰ দুটাৰ বেয়া ইমেজটো সম্পুৰ্ন ধুই পেলাইছিল৷ আমাৰ ৰিজাল্ট ডিপাৰ্টমেণ্টৰ বহুতৰ বাবে অবিশ্বাস্য আছিল৷

প্ৰফেচাৰ কটকীয়ে নিজৰ কেবিনত মুৰে কপালে হাত দি স্বগতোক্তি কৰিছিল……ই কেনেকৈ সম্ভৱ হব পাৰে….. কেনেকৈ, কেনেকৈ

আমাৰ নাম অভাৰ গ্লৰিফাইড হৈ পপুলাৰ হৈ পৰিছিল৷ পুৰনি “কাৰ্টুন“ আৰু “মক্কেল’’ ইমেজ “জিনিয়াছ’’ আৰু “মেটেল’’লৈ ৰূপান্তৰিত হলগৈ৷ ৰাতিটোৰ ভিতৰতে আমি ডিপাৰ্টমেণ্টৰ নতুন নায়ক হৈ পৰিছিলো৷

নেটৰ ৰিজাল্টৰ পাছত মোৰ প্ৰজেক্ট গাইডে কেতিয়াও মোক প্ৰজেক্টৰ কামৰ বাবে কামোৰ নিদিলে, কম্পিউটাৰ লেবত গেম খেলা বা অৰকুট কৰা দেখাৰ পাছতো কোনোৱে মোক একো নকলে, বেলেন্স ৰূমত কেমিকেল জুখিব গ’লে জুনিয়ৰবোৰে সসন্মানে স্পেচ এৰি দিয়া হল, ডিপাৰ্টমেণ্টৰ লাইব্ৰেৰীৰ পৰা আঠখন পৰ্যন্ত কিতাপ মোৰ ৰূমত গোট খালে৷

২৯৫ দিন শেষ হবলৈ ১২২ দিন থাকোতেই ভৱিষ্যতৰ “What do you do“ প্ৰশ্নটোৰ এটা উত্তৰ মোৰ হাতত আছিল।

– আই.আই.টি ত পি.এইচ.ডি –

কিন্ত এইটো শেষ উত্তৰ নাছিল৷ অলকেশৰ যুক্তিবোৰে মোক ভাবিবলৈ বাধ্য কৰিছিল৷

এটা বিকল্প উত্তৰ৷

(৪)

জুন ২০০৯, লাষ্ট চেমিষ্টাৰত ইউনিভাৰচিটিৰ কেণ্টিনৰপৰা আহি থাকোতে অলকেশ চন্দাই কৈছিল….

“উই ডু নট ৱাণ্ট টু বি এ হাৰ্ডকৰ ৰিচাৰচাৰ, উই নিড এ গুড জব অনলি, ৫ বছৰ পাছত যদি চাকৰিয়েই কৰিব লাগে … হোৱাই নট নাও…মুল্যবান ৫ টা বছৰ এটা ডিগ্ৰীৰ বাবে উচৰ্গা কৰাৰ কোনো যুক্তিযুক্ততা নাই, UGC এ দিয়া ফেলোশ্বিপৰ ১২ হাজাৰ টকাত লাইফ নচলে, কোনোপধ্যে নচলে।’’

অলকেশ চন্দা পঢ়াত চোকা আছিল, বহুত চোকা৷ স্নাতক মহলাত চন্দাই ডিষ্টিংচনসহ প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান অধিকাৰ কৰিছিল৷ চন্দাৰ মেমৰী জেৰক্স মেচিনৰ দৰে আছিল৷ চন্দাই ১২ টা ষ্টেপৰ ৰিচাৰপিনৰ চিন্থেচিছ এবাৰো নোচোৱাকৈ ব’ৰ্ডত আঁকিব পাৰিছিল৷

অলকেশৰ কথাত যুক্তি আছিল…… ২৩ ৰ পৰা ২৮ মানুহৰ গ্ৰুমিং এজ, হচনে-খেলনে-গানে কা ৱক্ত, এইটো সময়ত ৰিচাৰ্চৰ নামত লেবেৰেটৰী নামৰ কোঠা এটাত সময়বোৰ পাৰ কৰিলে কেনেকৈ হৱ৷ ৰিচাৰ্চ লেবেৰটৰীৰ বাহিৰতো এখন ডাঙৰ দুনীয়া আছে৷

অলকেশে বুজাব বিচৰা ডাঙৰ দুনীয়া খনৰ কথা মই বিশেষ নাজানিছিলো৷ আচলতে মোৰ চিনাকি সকলোৱেই তেতিয়া মোক পি.এইচ.ডি কৰিবলৈ উপদেশ দিছিল৷ ফলত মোৰ চিন্তাধাৰাও মনটনাছ হৈ পৰিছিল৷

অলকেশে কৈছিল…….. ৩০ বছৰত চাকৰি পোৱা আৰু ২৪ বছৰত চাকৰি পোৱাৰ মাজৰ পাৰ্থক্য আছে, পুৰা ৬ বছৰৰ পাৰ্থক্য, ৬ বছৰ বহুত সময়, ৬ বছৰত মানুহে বহুত কিবা কিবি কৰিব পাৰে৷ টুৱেণ্টি ফৰত যিটো উত্সাহ থাকে, থাৰ্টিত সেই উত্সাহ নাথাকেগৈ৷

পি.এইচ.ডি বাৰু হলেই, তাৰ পাছত কি গেৰাণ্টি……. আছে জানো কিবা গেৰাণ্টি….. আমাৰ তো কোনো লিংক-চিংকো নাই…..গতিকে অনিশ্চয়তা৷

আমাৰ ফেমিলীত বহুত মানুহ আছে যি আমাৰ ওপৰত নিৰ্ভৰশীল হয়, বা ভৱিষ্যতে হব, উই হেভ ৰেচপনচিবিলিটিজ, আমাৰ সময়বোৰ তেওঁলোকৰ বাবে মূল্যবান, যিবোৰ সময় কোনো কাৰণতেই আমি ভৱিষ্যতৰ অনিশ্চয়তা আৰু সম্ভাৱনাৰ বাবে নষ্ট কৰিব নোৱাৰো৷

অলকেশে বেংক আৰু SSC ৰ বাবে GK, ৰিজনিং, এপটিটিউড আদিৰ খুব প্ৰেকটিছ কৰিছিল৷ অলকেশে সেই সময়ত ওলোৱা প্ৰতিটো চাকৰিৰ বাবে ফৰ্ম পুৰাইছিল, SBI, SSC, পাবলিক চাৰ্ভিচেচ, Axis, HDFC বেংক৷

অলকেশেৰ কথাই মোৰ সৰলৰৈখিক প্লেনবোৰ ওলট-পালট কৰি দিছিল৷ ময়ো বেলেগ বেলেগ দৃষ্টিকোণৰপৰা কথাবোৰ ভাবিবলৈ আৰম্ভ কৰিলো৷ পিছে তেতিয়া ভৱিষ্যত কেৰিয়াৰ সুযোগৰৰ বিষয়ে মোৰ একো আইডিয়া নাছিল, আইডিয়া দিয়া মানুহো নাছিল৷ মোৰ NET আছিল, গতিকে কলেজৰ লেকচাৰাৰচিপৰ বাবে চেষ্টা কৰিম, নে অলকেশৰ দৰে বেংকৰ চাকৰিৰ বাবে প্ৰিপেয়াৰ কৰিম…..নে আন কিবা৷

মই কনফিউজ হৈ গলো…….. সম্পূৰ্ণ কলফিউজড

যিয়েই নহওক, মই সেইমাহৰ কম্পিটিচন চাকচেচ খন কিনি আনিছিলো৷

আচাম ট্ৰিবিউন আৰু এমপ্লইমেণ্ট নিউজত মই চাকৰিৰ বি়জ্ঞাপন চাবলৈ ধৰিলো৷

ইউনিভাৰচিটিৰ বাহিৰৰ আচল পৃথিৱীখনৰ প্ৰতিযোগিতা কেতিয়াও সহজ নাছিল৷ জটিল পৃথিৱীখনৰ সংগীতৰ মুৰ্চনাত মই ঘূৰিবলৈ ধৰিলো৷

“What do you do“ প্ৰশ্নটোৰ এটা বিকল্প উত্তৰৰ অন্বেষণ আৰম্ভ হৈছিল৷

(৫)

জুলাই ২০০৯, ইউনিভাৰচিটিৰ এম.এচ.চি ৰ ৰিজাল্ট দিয়াৰ দুমাহ আগতেই মোৰ হাতত তিনিটা অপচন আহি পৰিছিল৷

IITত মই পি.এইচ.ডি ৰ বাবে এপ্লাই কৰিছিলো আৰু লগৰ ছয়জনৰ লগত ময়ো বাচনি হৈছিলো৷ এম.এছ.চি ৰিজাল্ট দিয়াৰ আগতেই IITত ছীট পোৱাটো সেই সময়ত এটা বিৰাট ডাঙৰ কথা আছিল, ইয়ে আমাৰ ইমেজবোৰ আৰু গ্লৰিফাই কৰি তুলিছিল৷ সেই সময়ত পি.এইচ.ডি ৰ ফেলশ্বিপ আছিল মাহে ১২০০০ টকা৷

আকাশ ইন্সটিটিউটৰ ডাইৰেক্টৰে মোৰ লগত যোগাযোগ কৰিছিল, তেও মোক সপ্তাহত ১৫ টা ক্লাছ কৰাৰ বাবদ মাহে ২৫০০০ টকাৰ অফাৰ দিছিল৷

সেই সময়ত এখন কলেজত এবছৰৰ কাৰণে লিয়েনত পোষ্ট এটা খালী হৈছিল আৰু আচাম ট্ৰিবিউনত বিজ্ঞাপন দেখি মই এপ্লাই কৰিছিলো, যদিও মোৰ এম.এচ.চি কমপ্লিট হোৱা নাছিল, সেই পোষ্টটোত মোৰ বাহিৰে আন কোনেও এপ্লাই কৰা নাছিল, গতিকে মই পোৱাটো খাটাং আছিল৷

প্ৰথম অপচনটো গ্লেমাৰাছ আছিল, দ্বিতীয়টোত জ্যামিতিক হাৰত কেৰিয়াৰৰ শ্ৰীবৃদ্ধিৰ সম্ভাৱনা আছিল, কিন্ত তৃতীয়টো একেবাৰে সাধাৰণ আছিল৷ এবছৰৰ পাছত তৃতীয়টোৰ ম্যাদ শেষ হলহেতেন… মোৰ দৰে এভাৰেজ ষ্টুডেণ্টৰ ১০০ জনৰ ৯৯ জনেই প্ৰথম অপচনটো ললেহেতেন, কাৰণ IIT নামটোৰ এটা গ্লেমাৰ আছিল যাক আওকাণ কৰা সহজ নাছিল৷

কিন্তু……

গণেশৰ সৈতে হোৱা অন্তিম মুখামুখিয়ে মোক “অন্য পৰিকল্পনা’’ৰ কথা চিন্তা কৰিবলৈ প্ৰভাৱিত কৰিছিল৷

গণেশ আচাৰ্য মোৰ ৰূমমেট আছিল, আমি একেলগে ইউনিভাৰচিটিৰ ওচৰত মেচ কৰি আছিলো৷

গণেশ পঢ়াত বহুত বেছি চোকা আছিল৷ গণেশে কোনো পৰীক্ষাতে ৭৭ শতাংশতকৈ কম নম্বৰ পোৱা নাছিল, ডিগ্ৰী আৰু এম.এচ.চি দুয়োটাতে গণেশ ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড আছিল৷ কোৱাণ্টাম কেমেস্ত্ৰীত গণেশৰ যিমান কনচেপ্ট আছিল, ইউনিভাৰচিটিত আমাক কোৱাণ্টাম পঢ়োৱা প্ৰফেচাৰকেইজনৰো সিমান কনচেপ্ট নাছিল৷

গণেশে মোক কৈছিল, “থীক চে পঢ়, কেমেস্ত্ৰী মে বহত স্কপ হে, GATE দেনা হে, IIT চে এম.টেক কৰনা হে, উচকে বাদ জব….. য়া GRE & TOFFEL অউৰ চিধা বাহৰ “

কিন্ত ৩য় চেমৰ পৰা গণেশৰ ফকাচ সলনি হৈছিল, গণেশে MBA কৰিবলৈ মন মেলিছিল, সি শিলপুখুৰীত থকা IMS ত CAT ৰ ক’চিংৰ বাবে এডমিচন লৈছিল৷

গণেশৰ প্লেনিং আছিল……… আগবেলা এম.এচ.চি ৪ৰ্থ চেমিষ্টাৰৰ ক্লাছ, পাছবেলা- এম.এচ.চি প্ৰজেক্ট আৰু সন্ধিয়া-CAT কচিং৷

কিন্ত…… গণেশৰ এম.এচ.চি প্ৰজেক্ট ৰ তত্ত্বাবধায়ক আছিল ইউনিভাৰচিটিৰ এজন নতুন ডেকা প্ৰফেচাৰ৷ প্ৰফেচাৰ কটকী৷ কটকীয়ে সকলো তচ-নচ কৰি পেলাইছিল৷

যেতিয়া প্ৰফেচাৰ কটকীয়ে গণেশে CAT ৰ প্ৰিপেৰাচন কৰা বুলি গম পাইছিল, তেওঁ গণেশৰ ওপৰত কামৰ বোজা ইচ্চাকৃতভাৱে বঢ়াই দিছিল৷ গোটেই চেমিষ্টাৰটোত গণেশে ৰাতি ৯ বজালৈকে লেবেৰেটৰীত কাম কৰিবলগাত পৰিছিল, আনকি দেওবাৰ বা বন্ধৰ দিনাও ৰেহাই নাছিল৷

মই যেতিয়া প্ৰজেক্টৰ কামৰ পাচত ক্ৰিকেট খেলি, জীতুল-অলকেশৰ ৰুমত আদ্দা দি ৰাতি শুবলৈ যাও, তেতিয়া গণেশ ভাগৰত লেবেজান হৈ ৰূমত সোমাইছিল৷

প্ৰফেচাৰ কটকীয়ে গণেশক নিজৰ স্বাৰ্থৰ বাবে এক্সপ্লইট কৰিছিল৷ গণেশে প্ৰতিবাদ কৰিব নাজানিছিল৷ আৰু যেতিয়া প্ৰজেক্ট ৰিপৰ্ট জমা দিয়াৰ সময় উপস্থিত হল…..

গণেশৰ প্ৰজেক্টৰ ফলাফল আছিল এটা ডাঙৰ ঋণাত্মক শূণ্য৷ গণেশৰ হাতত কেইখনমান অশুদ্ধ NMRৰ বাহিৰে একো নাছিল৷

গণেশ চূড়ান্তভাৱে হতাশ হৈছিল৷ এম.এচ.চিৰ অন্তিম প্ৰেজেনটেচন শেষ হোৱাৰ পাছত গণেশে কৈছিল- ‘মেৰা চাৰা চপনা টুট চুকা হে, মেৰা এক চাল বৰবাদ হো গয়া, মে কভী য়হা নহী আউংগা।’

গণেশ ডিপাৰ্টমেণ্টৰ চিৰিয়েদি নামি গৈছিল৷

প্ৰায় এঘণ্টামানৰ পাছত গণেশে মোক ফোন কৰিছিল……….. তুম মে বহত পটেনচিয়েল হে, ইচে ৱেষ্ট নহী কৰনা৷

গণেশ আমাৰ ইউনিাৰচিটীৰ ফেয়াৰৱেলত অহা নাছিল৷ এম.এচ.চি মাৰ্কচিট সি বেলেগৰ হতুৱাই লোৱাইছিল, সেই দিনাখনৰ পাছত গণেশৰ ফোন নম্বৰ অফ হৈ পৰিছিল৷ গণেশ আমাৰপৰা অদৃশ্য হৈছিল৷

এম.এচ.চি ৰ ৰিজাল্ট ঘোষণা কৰাৰ পাছদিনাই মই কলেজত এখত লিয়েনত জইন কৰিছিলো৷ মোৰ এই সিদ্ধান্তত সকলো হতবাক হৈছিল৷ মোক বেয়া পোৱা মানুহবোৰ আনন্দিত হৈছিল৷ মোক ভাল পোৱা মানুহখিনিয়ে মোক খং কৰিছিল, বুজাবলৈ চেষ্টা কৰিছিল, সুব্ৰত, দিগন্ত, জিতুল, অলকেশে মোক বহুত গালি পাৰিছিল৷

ইমানদিনে মোৰ অতপালিবোৰ নিৰ্বিকাৰে সহ্য কৰি অহা মোৰ প্ৰজেক্ট গাইড এ প্ৰথমবাৰৰ বাবে মোক টানকৈ কথা কৈছিল, মোৰ লৰামতীয়া সিদ্ধান্তই মোৰ কেৰিয়াৰ শেষ কৰিব বুলি তেওঁ আশংকা কৰিছিল৷

সোঁতৰ বিপৰীতে মই এটা বেলেগ কথা ভাবিছিলো৷ মোৰ “অন্য পৰিকল্পনা“ এটা জুৱা আছিল য’ত বাজিত আছিল মোৰ কেৰিয়াৰ৷ মোৰ সিদ্ধান্তই মোৰ গ্লেমাৰাছ ইমেজ যথেষ্ঠ অনুজ্বল কৰি তুলিছিল৷ বহুতে ভাবিছিল আত্মঘাটী সিদ্ধান্ত লোৱাৰ পাছত মহানগৰৰ ভিৰৰ মাজত মই হেৰাই যাম৷

হয়তো মই হেৰাই গ’লোহেতেন……. এইটো আছিল এটা ডাঙৰ ৰিস্ক৷

উত্তৰবোৰ সময়ৰ বুকুত লুকাই আছিল৷

(৬)

চেপ্তেম্বৰ ২০০৯, মোৰ প্ৰজেক্ট গাইড এ মোক মাতি পঠিয়ালে৷

-এইবোৰ কি কৰিব খুজিছা…….. গাইডে সুধিলে

– ছাৰ, মানে

– IITত এডমিচন নল’লা, সুযোগ বাৰে বাৰে নাহে

-………

– বেলেগ ভাল ঠাইত ট্ৰাই কৰিম বুলি ভাবিছা নেকি

– নাই

– তেন্তে, এতিয়া কি কৰিবা

– ছাৰ, কলেজত জইন কৰিম

– পাৰ্মানেণ্ট নেকি

– নহয় ছাৰ, লিয়েন

– চোৱা, লিয়েনত কৰি লাভ নাই, লিয়েনৰ এক্সপেৰিয়েন্স কাউণ্ট নকৰে

-………….

– ঘৰত কিবা ডাঙৰ প্ৰবলেম আছে নেকি যে চাকৰি কৰিবই লাগিব, বিয়া দিব লগা বাই-ভনী আছে নেকি

– নাই

– ফাদাৰে কি কৰে

– চাকৰি, দুবছৰ পাছত ৰিটায়াৰ হৱ

– তেন্তে

– চাৰ, এক্সুৱেলি

– চোৱা, অনিল চৌধুৰীও বহুত ভাল ষ্টুডেণ্ট আছিল, সিও কলেজ এখনত লিয়েনত জইন কৰিছিল, তাতেই থাকি গল, সি বহুত ওপৰলৈ যাব পাৰিলেহেতন, কিন্ত ……….

– চাৰ এক্সুৱেলি যিমানদিন কলেজৰ ক্লাছ চলে তেতিয়ালৈ তাত থাকিম বুলি ভাবিছো, তাৰ পাছত আপোনাৰ লগতে পি.এইচ.ডি এডমিচন লম

– মানে

– মানে, NET ৰ চাৰ্টিফিকেট অহা নাই, নবেম্বৰ মানত আহিব, অহা চেচনত মানে মে মাহত ইউনিভাৰচিটিত পি.এইচ.ডি এডমিচন লম

– তুমি জেনেৰেল কেটেগৰীৰ নহয় জানো, কলেজৰ ইণ্টাৰভিউবোৰত NET ৰ কাৰণে এক্সট্ৰা মাৰ্কচ নাথাকে, বহুত কম্পিটিচন, দিগদাৰ হব, ভাল ঠাইৰপৰা পি.এইচ.ডি কৰা, ভাল চান্স পাবা, ভাল কেৰিয়াৰৰ বাবে নামী ইন্সটিটিউটৰ টেগ বহুত প্ৰয়োজনীয়……ইউনিভাৰচিটি তোমালোকৰ কাৰনে নহয়, ইয়াত ফেচিলিটি নাই, মাহৰ পাছত মাহ ধৰি ফেলোশ্বিপৰ পইচা নাহে, ইন্সট্ৰুমেণ্টৰ অভাৱ, এটা এনালাইচিচৰ বাবে কেইবামাহো লাগে, যিটো IISc ত একেদিনাই হৈ যায়….. গাইডে কলে

– ছাৰ মানে, মই পি.এইচ.ডি ত এডমিচন লম কাৰণ মোৰ JRF আছে, নহ’লে নল’লোহেতেন, মানে মই JRFৰ অপচন টো এন-কেচ কৰিব খুজিছো, ভাল চাকৰিৰ বাবে ট্ৰাই কৰিম, পালে গুচি যাম…………. মই কৈছিলোঁ

কথাখিনি চিধাচিধি কৈ দিয়াৰ পাছত গালি খাবলৈ সাজু হ’লো, গেট আউট জাতীয় শব্দ এটা এক্সপেক্ট কৰিলো……

প্ৰজেক্ট গাইডৰ চেহেৰাত আচৰিত জাতীয় এক্সপ্ৰেচন এটা ফুটি উঠিল৷ তেও হাঁহিলে, বেচ কিছু সময় হাঁহিলে……… তাৰ পাছত সুধিলে

– কি ভাল চাকৰি

– মানে ছাৰ, চিভিল দিম বুলি ভাবিছো, IIT ত সোমালে প্ৰিপেৰেচনৰ টাইম নাপাম নহয়।

প্ৰজেক্ট গাইড এ কিছুসময় ভাবিলে,

– ভাল কথা, আমাৰ লৰা-ছোৱালীবোৰে এইবোৰ চিন্তা নকৰেই, দেলহীত কচিং ল’লে ভাল আছিলহেতেন

– ছাৰ, মই কচিং নকৰো, নিজেই চেষ্টা কৰিম, ভালকৈ পঢ়িলে চিভিল নহলেও আন কিবা ভাল নিশ্চয় পাই যাম

প্ৰজেক্ট গাইড অলপ সময় মনে মনে থাকিল, তাৰ পাছত ক’লে……..

– পচিশ বছৰ চাকৰি কৰিলো, কেতিয়াও এনেকুৱা কথা শুনা নাছিলো, যিয়েই নহওক ভালকৈ ভাবি-চিন্তি সিদ্ধান্ত ল’বা, চিভিলৰ প্ৰচেচটোত কমেও দুবছৰ লাগিব, অৱশ্য JRFৰ পইচা পাই থাকিবা, লেবত অলপ অলপকৈ কাম কৰিলেও এদিন পি.এইচ.ডি হব, মোৰ লেব তোমাৰ বাবে সদায় খোলা……..কিন্ত ডাঙৰ ৰিস্ক লোৱাৰ কথা ভাবিছা, দুবছৰৰ ৰিস্ক, দুবছৰ বহুত সময়, বি কেয়াৰফুল

কটন কলেজত পঢ়ি থাকোতে স্নাতক তৃতীয় বৰ্ষৰ ক্লাছ এটাত অৰ্চনা গোস্বামী বাইদেৱে কৈছিল……..

“Always dream big, than you can achieve big, if somehow you fail, then also you will fall at a better height“

অৱশ্যে প্ৰজেক্ট গাইড এ ভবাৰ দৰে ৰিক্স ফেক্টৰ আছিল যদিও, মোৰ হাতত বহুকেইটা বেক আপ প্লেনো আছিল৷ আচল পৃথিৱীখনত মই প্ৰথম খোজটো দিলো৷ লাইফ ইজ নেভাৰ এ বেড অৱ ৰজেজ৷

(৭)

“I wanted to be like অনিল চৌধুৰী“

কলেজত পঢ়োৱা কেইদিন মই অনিল চৌধুৰীৰ দৰে হব খুজিছিলোঁ।

অনিল ছাৰ………….. ইউনিভাৰচিটিত মই শুনা নামবোৰৰ ভিতৰত এই নামটো মই সৰ্বাধিক সংখ্যক শুনিবলৈ পাইছিলোঁ৷ মোৰ লগত অনিল চৌধুৰীৰ কলেজৰ সাতজন ষ্টুডেণ্ট আছিল৷ তেওঁলোক, তেওঁলোকৰ কলেজৰ চিনিয়ৰ, জুনিয়ৰ প্ৰত্যেকেই অনিল চৌধুৰীক অপৰিসীম শ্ৰদ্ধা কৰিছিল৷ কলেজৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ আঁৰত আছিল অনিল চৌধুৰীৰ দৰে উতসৰ্গিত শিক্ষক৷ অনিল চৌধুৰী প্ৰতিজন ষ্টুডেণ্টৰ বাবে আছিল ফ্ৰেইণ্ড, ফিলচফাৰ, মেণ্টৰ আৰু গাইড৷ নিজৰ কেৰিয়াৰৰ সোনালী সুযোগ আওকাণ কৰি ষ্টুডেণ্টৰ বাবে নিজৰ সময়, ধন, শক্তি সকলো উচৰ্গা কৰা ব্যক্তি হ’ল অনিল চৌধুৰী৷ তেওঁৰ কলেজৰ তেওঁৰ ডিপাৰ্টমেণ্টেই একমাত্ৰ ডিপাৰ্টমেণ্ট যত ৰাতি ৯ বজালৈকে ছাত্ৰ-শিক্ষক কলেজত থাকে৷ যিটো আনবোৰ কলেজত দেখা পোৱাটো অকল্পনীয়৷

নতুন কলেজখনত প্ৰথম দিনা জইন কৰি বাকী প্ৰফেচাৰ সকলৰ সৈতে প্ৰাৰম্ভিক চা-চিনাকি হৈ সোনকালে গুচি আহিলোঁ।

দ্বিতীয় দিনাৰ পৰা ক্লাছ লোৱা আৰম্ভ কৰিলো, মোৰ ভাগত HS প্ৰথম বৰ্ষ, TDC ১ম বৰ্ষ, TDC ৩য় বৰ্ষৰ অৰ্গেনিক পঢ়োৱাৰ দায়িত্ব পৰিল৷ জুৰিটি, মৃণালিনী, আৰাধনা, ধনজিতা তেতিয়া ১ম বৰ্ষত আছিল, হেমেন, ব্ৰজেন, নৱনীত, ৰিংকি, অপৰ্ণা, মধুস্মিতাহত আছিল ৩য় বাৰ্ষিকত৷

দ্বিতীয় দিনা দেখিলো যে অসমৰ প্ৰায়ভাগ কলেজৰ দৰেই সেইখন কলেজো আবেলি ২ বজাৰ লগে লগে জনপ্ৰাণীহীন হৈ পৰিছে৷

মই এটা পৰিবৰ্তন আনিব বিচাৰিছিলোঁ।

তৃতীয় দিনা ডিপাৰ্টমেণ্টৰ হেডক পৰিবৰ্তনৰ বিষয়ে ক’লো৷

হেডে মোক বেয়াকৈ নিৰুৎসাহিত কৰিলে৷

মই মোৰ সাধ্যৰ ভিতৰত চেষ্টা কৰিলো, চিলেবাচৰ লগতে ইউনিভাৰচিটিৰ প্ৰশ্নকাকত, JAM ৰ প্ৰশ্ন ক্লাছত কৰোৱাবলৈ ধৰিলো, অনিল চৌধুৰী আৰু তেওৰ ষ্টুডেণ্টৰ উদাহৰণ দি ল’ৰা-ছোৱালীক পঢ়াৰ প্ৰতি উদ্বুদ্ধ কৰাৰ চেষ্টা কৰিলোঁ। কোনোবা প্ৰফেচাৰ নাহিলে আগতে ক্লাছ কেঞ্চেল হয়, ষ্টুডেণ্টৰ লোকচান, গতিকে সেই ক্লাছবোৰ মই লোৱা কৰিলোঁ৷ ৩য় বাৰ্ষিকত অৰ্গেনিকৰ উপৰিও স্পেকট্ৰস্কপি ৰ টপিক ললো৷ বহুত এক্সট্ৰা ক্লাছ ল’লোঁ, ফলত ডিচেম্বৰৰ আগছোৱাতে চিলেবাচ শেষ হৈ থাকিল৷

কিন্তু…..

যিটো চিষ্টেম সলনিৰ বাবে চেষ্টা কৰিছিলো সেইটো মোৰ বাবে বহুত কঠিন আছিল৷

মোৰ দৰমহাৰ ফাইলটো ইউনিভাৰচিটিত ক্লিয়াৰ হোৱা নাছিল৷

কলেজৰ প্ৰিন্সিপালে “মোৰ হাতত একো নাই“ টাইপৰ কথা কৈ দায়ী সাৰিব খুজিছিল৷

ইউনিভাৰচিটিৰ একাডেমিক ৰেজিষ্টাৰ আৰু দিশপুৰৰ UGC অফিচৰ বাহিৰত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিব লগাত পৰিছিল৷

ইউনিভাৰচিটিৰ কেৰাণীজনে উৎকোচ বিচাৰিছিল৷

মই কেৰাণীজনক “নালাগে দৰমহা“ জাতীয় বাক্য এষাৰ কঠিন সুৰত কৈ ওলাই আহিছিলোঁ৷

জানুৱাৰীত মই মাত্ৰ এদিন কলেজ গৈছিলোঁ৷

সাধনিদাৰ ছাৰে এটা উপায় উলিয়াইছিল৷ দিল্লীৰ UGC ৰ সঞ্চালকলৈ সকলো কাগজসহ চিঠি পঠালোঁ৷

এপ্ৰিলত মোৰ নামত অহা দৰমহাৰপৰা কলেজৰ বৰবাবুৱে “কলেজৰ বাবে“ বুলি ছহেজাৰ টকা কাটি ৰাখিছিল৷

মই অনিল চৌধুৰীৰ এশভাগৰ এভাগৰ সমান প্ৰভাৱ পেলাবলেও সক্ষম নহলো৷

প্ৰচলিত চিষ্টেমটোৰ মই একোৱেই সলনি কৰিব নোৱাৰিলোঁ৷

আই ফেইলড……..

এপ্ৰিলৰ শেষ সপ্তাহত মই কলেজত ৰেজিগনেচন দি মেৰ প্ৰথম সপ্তাহত ইউনিভাৰচিটিত পি.এইচ.ডি এডমিচন ল’লোঁ৷

এটা এডভেঞ্চাৰ শেষ হৈছিল৷

(৮)

চন ২০১০, দৰমহা আৰু ফেল’চিপবিহীন সময়বোৰ নিশ্চিতৰুপে কঠিন আছিল৷ ব্ৰেড এণ্ড বাটাৰৰ বাবে মই প্ৰাইভেট টিউচন কৰিছিলো৷ চ’চিয়েল মাৰ্কেটত টিকি থাকিবলৈ মোৰ অৱশ্যে বেক আপ প্লেনো আছিল৷

পাবলিক চাৰ্ভিচৰ বাবে মই কেমেস্ত্ৰী বিষয়টো লৈছিলো৷ কলেজত মেজৰৰ ক্লাছ লবলৈ বহুত পঢ়িবলগীয়া হৈছিল আৰু তাক ফলত বিষয়টোৰ বেছিকৈ গভীৰতালৈ সোমাই গৈছিলোঁ৷ সেইবাৰ আকৌ NET দিছিলোঁ আৰু সেইবাৰো পুনৰ সহজেই JRF পাইছিলো৷ অৱশ্যে পাবলিক চাৰ্ভিচেচ ৰ কেমেস্ত্ৰী পেপাৰৰ পেটাৰ্ণ NET প্ৰশ্নকাকত ৰ দৰে নাছিল, পাবলিক চাৰ্ভিচেচৰ যিমান পুৰনা পেপাৰ পাইছিলো সেইবোৰ চলভ কৰাৰ চেষ্টা কৰিছিলো৷ কলেজলৈ মই এখন বাহিৰা কিতাপ বা আলোচনী লৈ গৈছিলো আৰু ক্লাছৰ মাজৰ অফত পঢ়িছিলো৷ ভাৰতৰ বুৰঞ্জী, ভূগোল, অৰ্থনীতি, বৈদেশিক নীতি, সামাজিক ন্যায় ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা আদিৰ ওপৰত যথেষ্ট পঢ়া-শুনা কৰিছিলো৷ ইউনিভাৰচিটিৰ লাইব্ৰেৰীত ঘণ্টাৰ পাছত ঘণ্টা কিতাপ বিচাৰি তথ্য গোটাইছিলোঁ৷

কৰবাত পাইছিলো যে জ্ঞানেই সাহস আৰু সাহসেই শক্তি৷

মোৰ আত্মবিশ্বাস বাঢ়ি গৈছিল, ইমানেই অভাৰ কনফিডেণ্ট হৈ পৰিছিলো যে আন চাকৰিৰ বাবে এপ্লাইয়ে কৰা নাছিলো৷

মই মাত্ৰ দুটা চাকৰিৰ বাবে ফৰ্ম পুৰাইছিলো…….. পাবলিক চাৰ্ভিচেচ আৰু তেল কোম্পানী

২০১০ চনৰ মে মাহত দুয়োটাৰে প্ৰাৰম্ভিক পৰীক্ষা হৈছিল৷

পাবলিক চাৰ্ভিচেচ ৰ কেমেস্ত্ৰী প্ৰশ্নকাকতখন যথেষ্ঠ দীঘল আছিল, বিশেষকৈ নিউমাৰিকেল বোৰৰ বাবে সময় লাগিছিল, তথাপিও তিনি ঘণ্টাত বহুত কৰিব পাৰিলোঁ৷

পিছে জেনেৰেল ষ্টাডিজ ৰ প্ৰশ্নকাকত খন হাতত লৈ বিহু দেখি গলো৷ চাল্লা এটা-দুটা নহয়, চাৰিটাকৈ ষ্টেটমেণ্ট থাকে৷ তাৰ পাছত উত্তৰত অপচন থাকে, 1 & 4 are true, 2 & 3 are true, 3 is false, 1, 2, 4 are false, কত মৰ মৰ, চাৰিওটা ষ্টেটমেণ্ট এ জানিব লাগিব, তেতিয়াহে শুদ্ধ উত্তৰটো বাছিব পৰা যায়৷

অৱশ্য প্ৰিপাৰেচন কৰি গৈছিলো, গতিকে ভালে কেইটামান ভুল নোহোৱাকৈ কৰিব পাৰিলো৷

আচলতে প্ৰশ্নবোৰ অলপ টানেই আহে, গতিকে কাট অফো কম হয়, নিগেটিভত নম্বৰ নেহেৰুৱালে আশা যথেষ্ট থাকে৷

কেইদিনমান পাছত তেল কোম্পানীৰ পৰীক্ষা দিলো৷

পাবলিক চাৰ্ভিচেচ দিয়াৰ পাছত তেল কোম্পানী ৰ প্ৰশ্নকাকত খন প্ৰাইমাৰী স্কুলৰ প্ৰশ্নকাকতৰ দৰে আছিল, ৩০ মিনিটত গোটেইবোৰ হৈ গল, বাকী ডেৰ ঘণ্টা ইফালে সিফালে চাই, আগে-পিছে উত্তৰ পাছ কৰি পাৰ কৰিলো৷

জুলাইৰ শেষৰফালে তেল কোম্পানীৰ ৰিজাল্ট দিলে, ১৫ ছেপ্টেম্বৰত দিল্লীত ইণ্টাৰভিউ৷

আগষ্টত পাবলিক চাৰ্ভিচেচৰ ৰিজাল্ট আহিল৷

দিন বিৰাট ভাল চলি আছিল৷ প্ৰাৰম্ভিক পৰ্যায় পাৰ কৰিলো৷ তিনিমাহ পাছত মূল পৰীক্ষা৷ কেমেস্ত্ৰীৰ লগতে বুৰঞ্জী বিষয় ল’লো৷ প্ৰিপেৰাচন চলি থাকিল৷

তেল কোম্পানীত বিন্দাচ ইণ্টাৰভিউ দিলো৷

নবেম্বৰত তেল কোম্পানীৰ ইণ্টাৰভিউৰ ৰিজাল্ট দিলে৷ মোৰ নামত অফাৰ লেটাৰ ইউনিভাৰচিটিৰ পি.এইচ.ডি গাইডৰ ঠিকনাত আহিল৷ কোম্পানীৰ জইনিংৰ ফৰ্মেলিটি, মেডিকেল চেক আপত বহুত দিন লাগিল৷

সেইবাৰ পাবলিক চাৰ্ভিচেচৰ মূল পৰ্যায়ৰ পৰীক্ষা দিয়াটো নহল৷

ভাবিলো…….. অহাবাৰ…….., তিনিটা সুয়োগ এতিয়াও হাতত আছে৷

ডিচেম্বৰৰ শেষ সপ্তাহত আনুষ্ঠানিক ভাৱে ইউনিভাৰচিটিত JRF ৰিজাইন দি তেল কোম্পানীত জইন কৰিলো৷

কোম্পানীত মোৰ পোষ্টিংৰ বিভাগীয় ফাইলটো মুভ হৈ থাকিল৷ ফোনতে পোষ্টিং অৰ্ডাৰ ওলাইছে নে নাই খবৰ লৈ থাকিলো৷ মাঘ বিহুলৈকে ঘৰতে থাকিলো৷

মাঘ বিহুৰ পাছত জানুৱাৰী শেষলৈকে কোম্পানীৰ অফিচত চেহেৰা দেখুৱাই ক’লিগৰ লগত গল্প কৰি কটালোঁ, ৩১ জানুৱাৰীত পে-শ্লিপ ওলাল৷ এমাহ সাতদিনৰ দৰমহা৷

মনৰ ভিতৰতে কেইটামান যোগ-বিয়োগ, হৰণ-পুৰণ কৰিলো৷

অলপ চিন্তা কৰিলো…….

গুৱাহাটীৰ এখন কিতাপৰ দোকানলৈ ফোন লগালো

“এইমাহৰপৰা মোৰ বাবে CSC মেগাজিনখন আনিব নালাগে“

দা ডেষ্টিনী ৱাজ ৰিটেন, আই এবানডনড মাই ড্ৰীম ৰাণ৷

এসময়ত জ্যোস্না চলিহাই এটা প্ৰশ্ন সুধিছিল..

…..“What do you do“…….

আন বহুতেই বিভিন্ন সময়ত একেটা প্ৰশ্ন কৰিছিল৷ পাণদোকানৰ আড্ডাত, অঙহী-বঙহীৰ বিয়াত বা এলুমিনি মিটত৷ প্ৰশ্নটো এতিয়াও হেৰাই যোৱা নাই৷

আজি মোৰ হাতত এটা উত্তৰ আছে………এটা সঠিক উত্তৰ

….“I live my indigenous dreams“

এইটো সদায়েই মই বিচাৰি ফুৰা উত্তৰটো আছিল৷

বৰ্তমান সময়ত, চন ২০১৫ ——-

বিজয়ে পি.এইচ.ডি নকৰিলে, বৰ্তমান অনিল চৌধুৰী ছাৰৰ কলেজতে সহকাৰী অধ্যাপক৷

আদিত্যই IIT ত পি.এইচ.ডি শেষ কৰি এখন কলেজৰ সহকাৰী অধ্যাপক পদত জইন কৰিলে৷

জিতুলে IIT ত পি.এইচ.ডি কৰি বৰ্তমান আমেৰিকাত পোষ্ট ডক্টৰেল ৰিচাৰ্চত ব্যস্ত৷

অলকেশে প্ৰথমতে বেংকত সোমাল, তাৰপাছত SSC দি অৰুণাচলত চাকৰি কৰি আছিল, পাছত তেল কোম্পানীৰ পৰীক্ষা দিলে আৰু বৰ্তমান তেল কোম্পানীৰ বম্বে হাইত বিষয়া ৰূপে কৰ্মৰত৷

গণেশৰ বৰ্তমান কাৰো লগত সংযোগ নাই, কোনোবাই কোৱামতে সি টিউচন চেণ্টাৰ এটা আৰম্ভ কৰিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments