ইউৰোপ ভ্ৰমণৰ কিছু অভিজ্ঞতা- বিতোপন বৰদলৈ

(যোৱা সংখ্যাৰ পাছৰ ছোৱা)

এইকেদিন বিদেশত আছোঁ যদিও মাজে মাজে মোৰ মনটো স্বদেশত ঘূৰি ফুৰিছে৷ এইবিলাক দেশ উচ্চ কাৰিকৰী বিদ্যাৰ সহায়ত বহুখিনি আগবাঢ়ি গ’ল, কিন্তু আমাৰ দেশ কিয় আগবাঢ়িব পৰা নাই৷ হয়তো আমাৰ দেশৰ বিশাল জনসংখ্যাও এক কাৰক হ’ব পাৰে৷ কাৰিকৰী দিশটো বাদ দিও আমি কিছুমান কাম সহজতে কৰিব পাৰোঁ, কিন্তু নকৰোঁ। হয়তো আমাৰ মানসিকতাৰ অভাৱ৷ ইয়াত দেখা চাৰিওফালৰ চাফচিকুণতা পৰিবেশবোৰ আমিও গঢ়িব পাৰোঁ৷ ট্ৰেফিক নিয়ম মতে গাড়ী চলোৱা, হৰ্ণ নমৰা আদি এইবিলাক কৰিবলৈ কোনো কাৰিকৰী জ্ঞান নালাগে লাগে মাথোঁ সকলোৰে একাগ্ৰতা তথা ইচ্ছা৷ আমাৰ চৰকাৰে মাজে মাজে ব্যৱস্থা লয় কিন্তু আমাৰ জনসাধাৰণে প্ৰথম দুদিনমান বহুত কষ্টৰে পালন কৰে যদিও পিছলৈ সকলো পাহৰি যায়৷ এখন চৰকাৰে আইন গঢ়ি অৱগত কৰোৱাৰ পিছত নাগৰিকসকলৰহে দায়িত্ব আইন পালন কৰাটো৷ ইয়াৰ পথসমূহত এজনো ট্ৰেফিক পুলিচ নেদেখিলোঁ তথাপি সকলো সুকলমে চলি আছে৷ আমাৰ অলিয়ে-গলিয়ে ট্ৰেফিক পুলিচ থাকিলেও কোনেও কাৰো কথা নুশুনা যেন লাগে৷

কেতিয়ালৈ যে আমি ঠিক হ’ম তাকে ভাবি ভাবি ৰাতিপুৱা বেলকনিৰ বাৰান্দাখনতে বহি আছিলোঁ৷ হঠাৎ ঘড়ী চাই দেখিলোঁ সাত বাজি গ’ল৷ লৰালৰিকৈ গা-পা ধুই সাজু হৈ পুৱাৰ জলপানৰ বাবে হোটেলৰ ডাইনিং হ’ল পালোঁগৈ৷

আজি আমাক ছুইজাৰলেণ্ডৰ আন এক মনোমোহা ঠাই, যাক নেকি “টপ অৱ ইউৰোপ” বুলি কোৱা হয় য়ুঙফ্ৰলৈ নিব আৰু তাৰ পৰা নি এখন ছুইজাৰলেণ্ডৰে নতুন ঠাই লুৰ্জানত ৰাখিব৷ সেয়েহে আমি সকলোৱে পুনৰ টালি-টোপোলা বান্ধি বাছত উঠিলোঁগৈ৷ প্ৰায় ১০৬ কিলোমিটাৰ মান যোৱাৰ পিছত প্ৰথমে আমাক লৈ যোৱা হ’ল থুন আৰু ব্ৰীঞ্জ নামৰ দুটা মনোৰম হ্ৰদৰ মাজত অৱস্থিত ইণ্টাৰলেকন নামৰ মনোমোহা চহৰখনলৈ৷ এই সৰু চহৰখনৰ মনোমোহা ৰূপে আমাৰ সকলোকে মুগ্ধ কৰিলে৷ য়ুঙফ্ৰলৈ যাবলগীয়া ট্ৰেইনৰ সময় নোহোৱাৰ বাবে আমাক ইয়াতে প্ৰায় দুঘণ্টামান কটাবলৈ এৰি দিলে৷ চহৰখনত অৱস্থিত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ দোকানবোৰত সজাই থোৱা ছুইছ ঘড়ীবোৰ চালে চাই থাকিবলগীয়া৷ আমাৰ ভাৰতীয় হিচাপত একোটা ঘড়ীৰ দাম প্ৰায় ৫/৬ লাখ টকালৈকে দেখা পালোঁ৷ ইয়াৰ পিছতে আমি ওচৰৰে কুৰ্শাল গাৰ্ডেনলৈ গ’লোঁ৷ ইয়াতে ভাৰতীয় চিনেমাৰ প্ৰবাদ পুৰুষ য়শ চোপ্ৰাৰ এটি মূৰ্তি আছে৷ ভাৰতীয় চিনেমাত ছুইজাৰলেণ্ডৰ প্ৰাকৃতিক দৃশ্যক গুৰুত্ব দি তেখেতে কেইবাখনো হিন্দী চিনেমা নিৰ্মাণ কৰি ছুইজাৰলেণ্ডৰ পৰ্য্যটন ক্ষেত্ৰখনলৈ পৰ্য্যটক অহাত বহুতো অৰিহণা যোগাইছিল৷ সেয়েহে তেখেতৰ সন্মানাৰ্থে ইণ্টাৰলেকন চৰকাৰ আৰু য়ুঙফ্ৰ ৰেলবিভাগে ২০১৬ চনৰ মে’ মাহত এই মূৰ্তি প্ৰতিষ্ঠা কৰিছিল৷ ইয়াৰ উপৰি ২০১১ চনতে ইণ্টাৰলেকন চৰকাৰে তেখেতক “Ambassador of Interlaken“ সন্মানেৰে বিভূষিত কৰিছিল৷ য়ুঙফ্ৰ ৰেলবিভাগেও তেওঁৰ নামত এখন ৰেল নামাকৰণ কৰাৰ লগতে তেওঁলোকৰ ইণ্টাৰলেকনত থকা “ভিক্ট’ৰিয়া য়ুঙফ্ৰ গ্ৰেণ্ড হোটেলত” য়শ চোপ্ৰাৰ নামত এটি কোঠা নামাকৰণ কৰিছিল যাৰ ভাড়া প্ৰতিনিশা প্ৰায় ২২৫০ ছুইজাৰলেণ্ড ফ্ৰাঙ্ক (ভাৰতীয় টকাৰ হিচাবত প্ৰায় ১.৫৫ লাখ)৷ সঁচাই এজন ভাৰতীয়ক তেওঁলোকে দিয়া সন্মানত আমাৰ মনবোৰ গৰ্বিত হৈ উঠিছিল৷ ইয়াৰ পিছতে আমি তেওঁৰ প্ৰতিমূৰ্তিৰ ওচৰত ৰৈ ফটো দুখনমান তুলি বাহিৰলৈ ওলায় আহিলো৷

বাহিৰলৈ আহিয়ে ৱাশ্ব ৰুম বিচাৰি দেখিলোঁ প্ৰতিজনৰ বাবে ১ ছুইজাৰলেণ্ড ফ্ৰাঙ্ক হিচাপত সকলোতে পইছা লাগে ৷ হাতত খুচুৰা নথকাত ওচৰতে থকা দোকানৰ পৰা ৭ ফ্ৰাঙ্ক দি দুটা আইচক্ৰীম কিনি যেনিবা বাকী কেইটাই কামবোৰ সমাধা কৰিলোঁ৷ মনতে হাঁহিলো, অসমত চুকে-কোণে হোৱা কামটোৰ বাবে প্ৰায় ২৫০ টকামান খৰচ কৰিলোঁ। সেইকাৰণে হয়তো তেওঁলোক ইমান আগবঢ়া৷

ঘড়ীত তেতিয়াও যাবলৈ আধা ঘণ্টামান থকাত আমি প্ৰধান পথৰ কাষতে থকা মুকলি পথাৰখনৰ কাষতে পাৰি থোৱা বেঞ্চত বহিলোঁগৈ৷ ইয়াতে পেৰা ৰাইডাৰ্ছ সকলে ওপৰৰ পৰা ৰঙা-নীলা ৰঙৰ পেৰাচ্যুটেৰে আহি পৰেহি৷ আমাৰো মন আছিল যদিও সময়ৰ অভাৱত সেই আশা মনতে বান্ধি বাছত বহিলোঁ৷

পুনৰ আমি অলপ দূৰ বাছেৰে গৈ য়ুঙফ্ৰলৈ যাবলগিয়া ষ্টেচন গ্ৰীণৱাল্ড পালোঁগৈ৷ ইয়াতে আমাৰ সকলোকে ট্যুৰ মেনজাৰে একোটাকৈ টিকট আৰু এখনকৈ ৰঙা ৰঙৰ য়ুঙফ্ৰ ৰেইলৱেজ পাছপৰ্ট দিলে৷ একেটা টিকটতে ট্ৰেইনত অহা-যোৱা, লাঞ্চৰ পৰা ধৰি সকলো খেলা-ধূলালৈকে কৰিব পাৰি৷ পাছপৰ্টখনত য়ুঙফ্ৰ ৰেলৱেইজৰ সকলোখিনি কথা লিখা আছে আৰু সেইখন আমি ওপৰত নি নিজৰ নাম লিখি ষ্টাম্প মাৰি আনিব লাগে। আমি যে টপ অৱ ইউৰোপ গৈছিলোঁ তাৰে এটা চিন থাকি যায়৷

য়ুঙফ্ৰ ৰেলৱেই প্ৰথমে ১৮৯৩ চনতে ৱেঙগাৰনেপ ৰেইলৱে নামেৰে এখন আচঁনি প্ৰস্তুত কৰে৷ ইয়াৰ ঠিক দুই বছৰ পিছতে ১৮৯৬ চনত এই বৃহৎ প্ৰকল্পৰ কাম আৰম্ভ কৰে প্ৰায় ১০০জন ইটালীৰ পৰা অনা বনুৱাৰ দ্বাৰা৷ ১৮৯৮ চনত প্ৰথমচোৱা ৰেইল লাইন মুকলি কৰে৷ ইয়াৰ পিছতে পৰ্বতত সুৰঙ্গ খান্দি ১৯০৫ চনলৈ আন এচোৱা পথৰ কাম শেষ কৰে। ইয়াৰ পিছতে অৰ্থনৈতিক সমস্যাৰ বাবে দুবছৰ মান কাম বন্ধ হৈ থাকে৷ পুনৰ নতুনকৈ কাম আৰম্ভ কৰি প্ৰায় ১৬ বছৰ পিছত ১৯১২ চনত ইউৰোপৰ একেবাৰে সুউচ্চ ৰেইলৱে ষ্টেচন ১১৩৩৩ ফুট উচ্চতাত স্থাপন কৰে৷ এই সমগ্ৰ প্ৰকল্পটোত বহুতো বনুৱাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷

আমি প্ৰথমে গ্ৰীণৱাল্ড ষ্টেচনৰ পৰা এখন কগ্‌‌হুইল ৰেলেৰে ক্লীন চিডেক ষ্টেচনলৈকে গ’লোঁ৷ এই ট্ৰেইনবোৰত সাধাৰণতে চাৰিটামান অত্যাধুনিক দবা থাকে আৰু ইয়াৰ ডাঙৰ ডাঙৰ খিৰিকীবোৰৰ বাবে বাহিৰলৈ চোৱাত সুবিধা হয়৷ এই ৰেল লাইনবোৰৰ দুটা ছিৰিৰ মাজত এটা বিশেষ খাপ থকা ছিৰি থাকে যাৰ সহায়ত ৰেলবিলাক অনায়াসে পাহাৰৰ ওপৰলৈ উঠি যাব পাৰে৷ ৰেলেৰে যিমানে ওপৰলৈ উঠি গৈছো সিমানেই দুয়োপাৰৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যয়ে সকলোকে ব্যাকুল কৰি তুলিছে৷ মাজে মাজে পোৱা সুৰঙ্গ, পুনৰ সুউচ্চ পৰ্বতৰ কাষে কাষে যোৱা ৰেল যাত্ৰাৰ আমেজেই বেলেগ৷ প্ৰায় ৩০০০ মিটাৰ ওপৰত অৱস্থিত ক্লীন চিডেক ষ্টেচন পোৱাৰ পিচত আমি বেলেগ এখন কগ্‌‌হুইল ৰেলত উঠিলোঁ৷ ক্লীন চিডেক ষ্টেচনটো এটা বৃহৎ ষ্টেচন য’ত ডাঙৰ ডাঙৰ হোটেল, ৰেষ্টুৰেণ্টৰ পৰা ধৰি দোকান বজাৰ সকলো আছে৷

নতুন কগ্‌‌হুইল ৰেলত উঠি আমাৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ এইবাৰ ৰেলৰ গতিবেগ আমাৰ ৰাজধানী এক্সপ্ৰেছতকৈও বেছি৷ পথচোৱা প্ৰায়ে সুৰঙ্গৰ মাজেৰেই গৈ গৈ আমি ইউৰোপৰ শিখৰত ১১৩৩৩ ফুট ওপৰত থকা য়ুঙফ্ৰ ষ্টেচন পালোগৈ৷ ৰেলৰ পৰা নামিয়ে চাৰিওফালে ওখ ওখ বৰফময় পৰ্বত, উপত্যকা আদি দেখি আনন্দতে চিঞৰিবলৈ ধৰিলোঁ৷ ট্যুৰ মেনেজাৰে সকলোকে কেনেকৈ ক’ত যাব লাগিব সকলো বুজাই দিয়াৰ পিছত আমি প্ৰথমেই পাছপৰ্ট খনত ষ্টাম্প মৰাই ল’লোঁ আৰু তাৰ পিছতে হোটেলত গৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ৷ ইয়াৰ পিছতে আমি তাত থকা বিভিন্ন ধৰণৰ খেলা-ধূলাৰ আমেজ ল’লোঁগৈ৷ প্ৰথমে চালোঁ ইউৰোপৰ ভিতৰত দীঘল এলেট্‌চ গ্লেচিয়াৰ যাৰ দৈৰ্ঘ্য প্ৰায় ২২ কিলোমিটাৰ৷ চাৰিওফালে বৰফাবৃত সুউচ্চ আল্পচৰ মনোমোহা ৰূপে ক্ষন্তেকলৈ পৃথিৱীৰ পৰা দূৰলৈ লৈ যোৱা যেন লাগে৷ বহু সময় এই সৌন্দৰ্য্য উপভোগ কৰি গাইড মেপ অনুযায়ী আন আন দিশে আগবাঢ়িলোঁ৷ গাইড বুকখনত স্পটবিলাক এক, দুইকৈ নম্বৰ দিয়া আছিল৷ গাইডে কোৱামতে প্ৰথমে তিনি নম্বৰ পালোঁগৈ। ইয়াতে চাৰি মিনিটৰ বাবে দেখুৱা চাৰিওদিশৰ পৰা চাব পৰা য়ুঙফ্ৰৰ বিষয়ে তথ্যচিত্ৰ উপভোগ কৰিলোঁ৷ অ’ ইয়াৰ ইটোৰ পৰা সিটো স্পট সুৰঙ্গৰ মাজেৰে যাব লাগে আৰু ক’ৰবাত লিফ্ট মুঠতে এক সাংঘাতিক কাৰু-কাৰ্য্য৷ ইয়াৰ পিছতে সাত নম্বৰত থকা এল্পাইন চেঞ্চেচনৰ মাজেদি গৈ আঠ নম্বৰৰ আইচ পেলেচ পালোঁগৈ য’ত বৰফেৰে পেঙ্গুইন, ঈগল, ভালুক আদি বিভিন্ন ধৰণৰ মূৰ্তি সাজি থোৱা আছে৷ ইয়াৰ তাপমাত্ৰা সদায় -৩° ছেলছিয়াচ হৈ থাকে বাবে এইবোৰ কেতিয়াও গলি নাযায়৷ ইয়াৰ পাছতে আমি লিফ্টেৰে চাৰি নম্বৰৰ ইউৰোপৰ শিখৰত থকা স্ফীঙ্কছ পালোগৈ৷ ইয়াৰ পৰা গোটেই আল্পছক আগুৰি থকা বৰফ, তুষাৰপাত আদিৰ মনোমোহা সৌন্দৰ্য্য উপভোগ কৰিব পাৰি৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা হৈছে ৩৫৭১ মিটাৰ৷ ইয়াতে এটা গৱেষণা কেন্দ্ৰও আছে য’ত মহাকাশ সমন্ধীয়, ভূ-তত্ব আদিৰ গৱেষণা কৰা হয়৷ ইয়ালৈ অৱশ্যে পৰ্য্যটক সকলক যাবলৈ নিদিয়ে৷ ইয়াৰ পৰা নামিয়ে আমি পোনে পোনে গৈ ন নম্বৰত থকা শুকুলা বৰফৰ আমেজ ল’বলৈ বৰফৰ মালভূমি পালোঁগৈ৷ মনত এক অনাবিল আনন্দ’ চাৰিওফালৰ শুকুলা বৰফৰ মাজত নিজকে একোজন বৰফ মানৱ যেন লাগিল৷ সকলোৱে আনন্দতে প্ৰচণ্ড শীতকো নেওচি নাচিবলৈ লৈছে, কিছুমানে বৰফ খেলিছে, কিছুমানে ফটো তুলিছে মুঠতে ক্ষন্তেকৰ বাবে নিজকে বিলীন কৰি দিছে৷ ইয়াতে দহ মিনিটমান থাকি আমি প্ৰায় ১২০০১ ফুট উচ্চতাত থকা ছয় নম্বৰ স্পট মনচজুইচ হাট চাবলৈ গ’লোঁ যদিও বতৰ বেয়া কৰি অহাত আধা বাটৰ পৰাই ঘূৰি আহিলোঁ৷ মনতে চাবলৈ নোপোৱাৰ এক দুখ লৈ আহি আমি দহ নম্বৰত থকা মেইন কম্প্লেক্স পালোহি। ইয়াত বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট, দোকান আদিৰ উপৰিও চকলেটৰ স্বৰ্গ আছে৷ বিভিন্ন ধৰণৰ চকলেট ইয়াত পাইকাৰী দৰত পোৱা যায়। সেয়েহে আমিও অলপমান কিনি ওচৰতে থকা ৰেষ্টুৰেণ্টত কফি খাই ওভটনি যাত্ৰাৰ বাবে সাজু হ’লোঁ৷

আহোঁতেও আমি সেই একে ধৰণেৰে দুখন কগ্‌‌হুইল ৰেলত উঠি তলৰ ষ্টেচন পালোঁহি৷

ইতিমধ্যে এজাক বৰষুণে গোটেই পৰিবেশ সলনি কৰি ধৰালৈ শীত নমাই দিছিল৷ মনতে আশা কৰি থকা ছুইজাৰলেণ্ডৰ বৰষুণ জাকে দেহা শাঁত কৰি নিয়াত সঁচাই নিজকে বহুত ভাগ্যৱানযেন লাগিল৷ পাহাৰৰ পৰা ঋৰ ঋৰ কৈ বৈ অহা নিজৰাবোৰৰ মনোমোহা ৰূপে গোটেই ইণ্টাৰলেকন চহৰখনক সদ্যস্নাতা গাভৰুলৈ ৰূপান্তৰ কৰিছিল৷ আমিও এই সৌন্দৰ্য্যৰ সাক্ষী হৈ বাছত আহি আহি আকৌ এখন সপোন নগৰী লুৰ্জান হ্ৰদৰ পাৰত অৱস্থিত লুৰ্জান নগৰ পালোঁহি৷

এইবাৰ আমাক এখন ভাৰতীয় মালিকাধীন হোটেলত থকাৰ ব্যৱস্থা কৰিলে৷ অতি সুন্দৰ মনোমোহা সৌন্দৰ্য্যৰে পৰিপুষ্ট আপেল বাগিছাৰ মাজতে আমাৰ কোঠাটি৷ ওচৰতে থকা প্ৰকাণ্ড গীৰ্জাঘৰটোৰ পৰা তেতিয়া গধূলি আঠ বজাৰ সংকেত ভাঁহি আহিছিল৷ আন্ধাৰ হ’বলৈ তেতিয়াও বহু সময় থকাত হোটেলত বেগবোৰ থৈ চহৰখন ফুৰোঁ বুলি খোজকাঢ়িয়ে এপাক ওলাই গ’লোঁ৷ প্ৰায় ২৫০০ মানুহৰ বসতিৰে লুৰ্জান এখনি অতি মনোমোহা ঠাই৷ লুৰ্জান হ্ৰদৰ পাৰৰ সৰু সৰু পাইন কাঠেৰে নিৰ্মিত ঘৰবোৰে নগৰখনি সোণতে সুৱগা চৰাইছে৷ অলপ দূৰ যোৱাৰ পিছতে এখন এম্বুলেঞ্চ ছাইৰেন বজাই বজাই আমাৰ কাষেদিয়ে পাৰ হৈ গ’ল৷ এম্বুলেঞ্চৰ ছাইৰেনৰ শব্দৰ লগে লগে দেখা পালোঁ বাকী আহি থকা গাড়ীবোৰ য’তে আছিল ত’তে ৰখাই দিছে৷ সঁচায় নিজৰ চকুকে কিবা বিশ্বাস কৰিব পৰা নাছিলোঁ। আমাৰ দেশত সাধাৰণ এম্বুলেঞ্চটো বাদেই জৰুৰীকালীন ৰোগী কঢ়িয়াবলৈও দেশৰ বা ৰাজ্যৰ মুৰব্বীয়ে গ্ৰীণ কৰিড’ৰ সাজিবলৈ নিৰ্দেশ দিব লাগে৷ প্ৰায় দুই ঘণ্টামান সৰু চহৰখন ঘূৰি-পকি আহি হোটেল পালোহি৷ ইতিমধ্যে কাষৰ গীৰ্জাত টঙ টঙ কৈ নিশা দহ বজাৰ সংকেত বাজি উঠিল৷

এদিন দুদিনকৈ আমাৰ ইউৰোপত ছয় দিনেই হ’ল৷ বিগত দিনকেইটাত পোৱা নতুন নতুন অভিজ্ঞতাবোৰে মনবোৰ যেনেকৈ আন্দোলিত কৰি তুলিছে, ঠিক সেইদৰে মাজে মাজে ঘূৰি যোৱাৰ বেদনাইও মনবোৰ সেমেকাই তুলিছে৷ তথাপিতো নতুনক চোৱাৰ হেঁপাহেৰে আমি এৰাতি লুৰ্জানত থকাৰ পিছত পুনৰ টালি-টোপোলা বান্ধি পুৱাৰ আহাৰ গ্ৰহণ কৰি আকৌ এখন নতুন দেশলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ৷ এইবাৰ আমাৰ লক্ষ্যস্থান ইউৰোপৰে আন এখন সৰু, চাৰিওফালে স্থলভাগেৰে আগুৰা দেশ লিক্টেন্‌ষ্টাইন হৈ অষ্ট্ৰিয়া৷ আজিৰ যাত্ৰা অলপ দীঘলীয়া হ’ব বুলি কোৱাৰ বাবে আমি লগত অলপ শুকান জাতীয় খাদ্য আৰু ফলমূলো লৈছোঁ৷ বাছৰ ভিতৰতে টয়লেট আদি সকলো সুবিধা থাকে, গতিকে যাত্ৰা দূৰ হ’লেও একো অসুবিধা নহয়৷ যিকোনো খাদ্য খোৱাৰ পিছত অলাগতিয়ালবোৰ বাছৰ ভিতৰতে থকা ডাষ্টবিনত ভৰাই থ’ব লাগে৷ বাছখন লেতেৰা কৰিলে চালকে বৰ বেয়া পায়। বাছত আমাৰ ইয়াৰ দৰে হেণ্ডিমেন, পৰিচালক আদি নাথাকে৷ সকলো কাম চালকে নিজে কৰিব লাগে৷ সেয়েহে চালকে বাছত উঠাৰ লগে-লগে সকলো কথা বুজাই দিয়ে৷

আমি আধা ঘণ্টামান যাত্ৰা কৰাৰ পিছতে আমাক আনি ছুইজাৰলেণ্ডৰে আন এখন মনোমোহা নগৰ লুৰ্চানত নমাই দিলেহি৷ লুৰ্চান হৈছে মধ্য ছুইজাৰলেণ্ডত অৱস্থিত লুৰ্চান কেণ্টনৰ ৰাজধানী চহৰ৷ আমাৰ দেশত যেনেকৈ দেশখনৰ ভিতৰত বহুকেইখন ৰাজ্য থাকে ছুইজাৰলেণ্ডত তেনেকৈ বহুকিখন কেণ্টন থাকে৷ প্ৰত্যেকখন কেণ্টনৰ ৰাজধানী থাকে আৰু এইবোৰ একোজন মেয়ৰে পৰিচালনা কৰে আৰু প্ৰত্যেক কেণ্টনৰ একোখন নিজা পতাকা থাকে৷ এই চহৰখন ছুইজাৰলেণ্ডৰ আটাইতকৈ বেচি জাৰ্মান ভাষা কোৱা চহৰ বুলিও জনাজাত৷ লুৰ্চান হ্ৰদৰ পাৰত অৱস্থিত এই চহৰখন বহুত পুৰণি ব্যৱসায় কেন্দ্ৰ৷ এই চহৰতে ঘূৰি-পকি আমি প্ৰথমে “লায়ন অব লুৰ্চান” চাবলৈ গ’লোঁ৷ ফৰাছী বিপ্লৱৰ সময়ত প্ৰাণ হেৰুওৱা ছুইচ সৈনিকসকলৰ সন্মানাৰ্থে ১৮২০ চনত শিলত কাটি এই প্ৰকাণ্ড সিংহৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল৷ অলপ সময় ইয়াতে ব্যস্ত থাকি আমি বজাৰ কৰিবলৈ ওচৰতে থকা ডাঙৰ দোকান এখনত সোমালোঁ৷ সকলো পৰ্য্যটকে এই লুৰ্চানতে বজাৰ কৰে যিহেতু ইয়াত বস্তুৰ দাম অলপ কম বুলি কয়৷ একেখন দোকানতে ছুইচ ঘড়ীৰ পৰা আৰম্ভ কৰি কাপোৰ-কানি, কাউ বেল, ছুৰী কটাৰি, কুকু ঘড়ী, বিভিন্ন ধৰণৰ চকলেট আদি পোৱা যায়৷ সকলো বস্তুৰে দাম টেগ কৰা থাকে৷ কাকো সোধাৰ প্ৰয়োজন বোধ নকৰে৷ সেইসময়ত ৩০০ ইউৰ’ বা ফ্ৰাঙ্কৰ বজাৰ কৰিলে ৮ শতাংশ জি এচ টি লগালগ ৰেহাই দিয়াৰ সুযোগ দি আছিল৷ আমিও এই সুবিধা গ্ৰহণ কৰি দুই-এপদ বস্তু কিনিলোঁ৷ অ’ এইখিনিতে লেইচানত হোৱা অভিজ্ঞতা এটা লিখিবলৈ লৈছো৷ লেইচানৰ আমাৰ হোটেলৰ কাষতে থকা এখন কুপত (coop) বজাৰ কৰিবলৈ সোমালোঁ৷ কুপ হৈছে ছুইজাৰলেণ্ডৰ এক বৃহৎ পাইকাৰী তথা খুচুৰা বিক্ৰী কেন্দ্ৰ৷ ইয়াত বস্তুবোৰৰ দাম সাধাৰণতে কম থাকে৷ মই ইটো-সিটো খাদ্য সামগ্ৰী লৈ চাওমিনৰ পেকেট এটাত ফ্ৰাঞ্চ ভাষাত লিখা বাবে বুজি নাপায় কেনেকৈ বনাই বুলি কাউণ্টাৰত থকা ভদ্ৰ মহিলাগৰাকীক ইংৰাজীতে সুধিলোঁ৷ তেওঁ কিন্তু ইংৰাজী বুজি নাপায়, মোৰ লাগিল লেঠা৷ এইবাৰ জয় আই অসম বুলি অসমীয়াতে আকাৰে-ইঙ্গিতে বুজালোঁ৷ ভদ্ৰ মহিলা গৰাকীয়ে মোৰ ভাষা বুজি নাপালেও আও-ভাও ধৰিব পাৰি মোকো একে ধৰণেৰেই বুজাই দিলে৷ গতিকে যি বুজিলোঁ বাহিৰত ভাষা একো অন্তৰায় নহয়৷

ইয়াৰ পাছতে আমি গ’লোঁ লুৰ্চান হ্ৰদৰ পাৰত থকা প্ৰায় ১৪ শতিকাতে সজোৱা হ্ৰদৰ ইপাৰ-সিপাৰ যোৰা লগোৱা ক্যেপেল ব্ৰীজ চাবলৈ৷ এই বৃহৎ কাঠৰ দলঙখন চাবলৈ দেশ-বিদেশৰ বহুতো পৰ্য্যটকে ভিৰ কৰেহি৷ দলঙখনৰ দুয়োকাষ সুন্দৰ কৈ ফুলৰ টাবেৰে সজোৱাৰ লগতে ওপৰখন চালি দিয়া। গতিকে ৰ’দ বৰষুণ দিলেও কাৰো অসুবিধা নোহোৱাকৈ অহা-যোৱা কৰিব পাৰে৷ আমি দলঙখন পাৰ হৈ পুনৰ বেলেগ এটা পথেৰে পুৰণা চহৰখনৰ মাজেৰে খোজকাঢ়ি আহি থাকোঁতে এখন পদপথৰ বজাৰ পালোঁহি৷ বজাৰখনত বিভিন্ন ধৰণৰ সতেজ শাক-পাছলি, ফল-মূল, ফুল আদিৰে ভৰা৷ পদপথৰ বজাৰ যদিও মানুহ অহা-যোৱা কৰাত কোনো অসুবিধা নহয়, চাফ-চিকুণতাৰ কথা নিলিখিলেও হ’ব৷ আমি দুই এবিধ বস্তুৰ দাম সুধি হ্ৰদৰ সিপাৰে থকা পুৰণি চহৰ খনৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে ১৬৬৭ চনতে স্থাপিত বৃহৎ কেথলিক জেচ্যুট চাৰ্ছখন ওচৰৰ পৰা চোৱাৰ সৌভাগ্য ঘটিল৷

সকলোৱে বজাৰ সমাৰ কৰি হোৱাৰ পিছতে আমি বাছত উঠিলোঁহি৷ এইবাৰ আমাক বাছে লৈ গ’ল ছুইজাৰলেণ্ড আৰু অষ্ট্ৰিয়াৰ মাজৰ আন এখন সৰু ৰাষ্ট্ৰ লিক্টেন্‌ষ্টাইনলৈ৷ এই দেশখনৰ জনসংখ্যা মাত্ৰ ৩৭০০০ আৰু ইয়াৰ ৰাজধানী চহৰ ভাদুচৰ জনসংখ্যা মাত্ৰ ৫৫০০ জন৷ এই দেশখন ৰজাই শাসন কৰিলেও সকলো নিয়ন্ত্ৰণ কৰে ছুইজাৰলেণ্ড চৰকাৰে৷ ইউৰোপৰ ভিতৰত ৪ৰ্থ আৰু পৃথিৱীৰ ভিতৰত ৬ষ্ঠ সৰু ৰাষ্ট্ৰখনত জাৰ্মান ভাষীসকলে বসবাস কৰে৷ এলপাইন পৰ্বতৰ মনোৰম পৰিবেশত মধ্যযুগীয় মহলবোৰ বা কেচেলবোৰে এতিয়াও দেশখনৰ মৰ্য্যদা অক্ষুণ্ণ ৰাখিছে৷ এই দেশখন ডাক টিকটৰ কাৰণেও বিখ্যাত৷ সময়ৰ অভাবৰ বাবে আমি ৰাজধানী চহৰ ভাদুচৰ পৰাই পৰ্বতৰ ওপৰত অৱস্থিত ৰাজপ্ৰসাদ চালোঁ৷ প্ৰায় আধা ঘণ্টামান সৰু চহৰখনৰ বিভিন্ন পৰ্য্যটনস্থলী চোৱাৰ পিছত আমাক ওচৰতে থকা এখন হোটেললৈ দুপৰীয়াৰ আহাৰৰ বাবে লৈ গ’ল৷

বাছৰ পৰা নামি হোটেলখনত সোমায়ে মনটো কিবা ভাল লাগি গ’ল৷ জাপি আৰু ফুলাম গামোচাৰে সম্মুখত আদৰণি জনাইছে সকলো গ্ৰাহকক৷ হয় অসমৰ যি কোনো হোটেল বা ৰেষ্টুৰেণ্টত সহজলভ্য এই আদৰণি যেতিয়া বিদেশত দেখা যায়, তাকো ইউৰোপ মহাদেশৰ ভাডুছ নামৰ এখন চহৰত, তেতিয়া নিশ্চয় সকলো অসমীয়াৰে বুকু ফুলি উঠে৷ আমাৰো ঠিক তেনেকুৱাই হ’ল৷ আহাৰ গ্ৰহণৰ পিছত অনুসন্ধান কৰি গম পালোঁ যে হোটেলৰ মালিক আমাৰে অসম সন্তান হেলেমৰ শ্ৰী যশোৱন্ত মহন্ত৷ ১৯৮৩ চনতে অসম এৰা শ্ৰী মহন্তই হোটেল মেনেজমেণ্টত শিক্ষা গ্ৰহণ কৰি দহ বছৰমান বিদেশৰ বহু কেইখন ডাঙৰ ডাঙৰ হোটেলত চাকৰি কৰি বৰ্তমান নিজাকৈ হোটেল ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে৷ আজি দহ বছৰ ধৰি চলোৱা নিজা হোটেল ব্যৱসায়ত তেওঁ নিজকে এজন সাফল্য ব্যৱসায়ী হিচাবে চিনাকি দিবলৈ সক্ষম হৈছে৷ বৰ্তমান অষ্ট্ৰিয়াৰ নাগৰিকত্ব লোৱা শ্ৰী মহন্তৰ পত্নীয়েও সমানে তেওঁৰ ব্যৱসায়ত সহযোগিতা আগবঢ়াই আহিছে৷ এগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানক বিদেশত শিক্ষা গ্ৰহণ কৰোৱা শ্ৰীমহন্তই অসমৰ হেলেমত এখন চিকিৎসালয় খোলাৰ যো-জা চলাই আছে৷ অতি কম সময়তে সকলোকে আপোন কৰি লব পৰা শ্ৰী মহন্তই বহু কষ্টৰ অন্তত বিদেশত যি ব্যৱসায়ৰ নিদৰ্শন দাঙি ধৰিছে ই সঁচায়ে আমাৰ বাবে এক গৌৰৱৰ কথা৷ ইউৰোপলৈ যি আহিছে হয়তো খুব কমেইহে মহন্তক লগ নকৰাকৈ যায়৷ আমিও এই চেগতে তেখেতক খুব কম সময়ৰ বাবে লগ কৰিলোঁ আৰু তেখেতৰ হোটেলত দুপৰীয়া আহাৰৰ জুতি ল’লোঁ৷ আহিবৰ সময়ত তেখেতে পৰিবাৰকো আমাৰ লগত পৰিচয় কৰাই দিলে৷ শেষত তেখেতৰ ভবিষ্যৎ পৰিকল্পনাৰ সফলতা কামনা কৰি বিদেশত লগ পোৱা আপোন মানুহজনৰ লগত দুখনমান ফটো তুলি তেওঁৰ পৰা বিদায় ল’লোঁ৷ ইতিমধ্যে বাছত আন যাত্ৰীসকল বহিছিল৷ আমি অসমীয়া পৰিয়ালকেইটাও লৰা-লৰিকৈ গৈ পৰৱৰ্তী যাত্ৰাৰ বাবে বাছত আসন গ্ৰহণ কৰিলোঁ৷

ভাদুচৰ মহন্ত ডাঙৰীয়াৰ হোটেলত বহু দিনৰ মুৰত অসমীয়া জুতিৰ ভাত সাজ খাই ক্ষন্তেকৰ বাবে মনটো অসম পাইছিলগৈ৷ আমি অসমীয়া পৰিয়ালকেইটাও তেখেতৰ কথাকে বাছত পাতি আহি থাকোতেই অষ্ট্ৰিয়াৰ সীমা পালোহি৷ ইয়াতে আমাৰ ট্যুৰ মেনেজাৰে লুৰ্চানত কৰা বজাৰৰ টেক্স ফৰ্মবিলাক জমা দিলে৷ এইবিলাক ক্ষেত্ৰত চৰকাৰ বৰ সজাগ৷ আকৌ এখন নতুন দেশত সোমায়ে মনবোৰ আনন্দত নাছিবলৈ ধৰিলে৷ আল্পচ পৰ্বতৰ কাষে কাষে সেউজীয়া খেতিপথাৰৰ মাজে মাজে আমাৰ বাছে চেঁকুৰিছে৷ মাজে মাজে সুৰঙ্গবোৰে পথৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ এইদৰে আহি আহি আমি এসময়ত ইউৰোপৰ তৃতীয় দীঘল সুৰঙ্গটো পালোঁহি৷ গাইডে কোৱা মতে ইয়াৰ দৈঘ্য প্ৰায় ১৫ কিলোমিটাৰ৷ সুৰঙ্গৰ ভিতৰত আলোকেৰে সু-সজ্জিত হোৱাৰ উপৰিও যিকোনো বিপদৰ পৰা ৰক্ষা পাবলৈ সকলো ধৰণৰ ব্যৱস্থা কৰা আছে৷ আমাৰ বাছখন ঘণ্টাত প্ৰায় ১০০ কিলোমিটাৰ মান বেগত যোৱা বাবে সুৰঙ্গটো পাৰ হওঁতে বেছি সময় নালাগিল৷

ঘাই পথৰ কাষে কাষে মনোমোহা সেউজীয়া পৰিবেশৰ মাজে মাজে প্ৰায় আঢ়ৈ ঘণ্টামান পাছতে আহি আমি অষ্ট্ৰিয়াৰ ৱাটেনত থকা Swarovski crystals সংগ্ৰাহলয় পালোঁহি৷ অষ্ট্ৰিয়াৰ এটা বিখ্যাত ক্ৰিষ্টেল কোম্পানী Swarovski ৰ ১০০ বছৰ পূৰ্তি উপলক্ষে ১৯৯৫ চনত এই সংগ্ৰাহলয়খন আল্পছৰ পাদদেশত এক সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিবেশৰ মাজত নিৰ্মাণ কৰিছিল৷ বাহিৰৰ পৰা দেখাত আল্পছ পৰ্বতৰ ভিতৰলৈ সোমাই যোৱা যেন লাগে৷ আমিও গাইডে নিৰ্দেশ দিয়া মতে টিকট লৈ নিৰ্দিষ্ট পথেৰে সোমাই গ’লোঁ৷ ভিতৰলৈ সোমাওঁতেই বিভিন্ন ধৰণৰ ক্ৰিষ্টেলে চকু ছাট মাৰি ধৰিলে৷ প্ৰথম কোঠাতে বেৰত আৰি থোৱা ক্ৰিষ্টেলেৰে নিৰ্মিত মহাৰাণা প্ৰতাপৰ ঘোঁড়া চেতকে সকলো ভাৰতীয়ৰে মন মুহি পেলালে৷ ইয়াৰ পিছতে আমি ইয়াৰ ভিতৰৰ ১৪টা কোঠাত সজাই থোৱা বিভিন্ন ধৰণৰ ক্ৰিষ্টেলৰ সামগ্ৰীবিলাক চালোঁ৷ ইয়াৰ ভিতৰত চকু ছাত মৰা ক্ৰিষ্টেল ডম, আইছ পেছেজ, ইনটু লেটিছ ছান আৰু বিভিন্ন ধৰণৰ মহিলাৰ আ-অলঙ্কাৰ, সাজ-পাৰে প্ৰধান৷ সংগ্ৰাহলয়টোলৈ সোমোৱা আৰু ওলোৱা দ্বাৰ বেলেগ৷ ভিতৰৰ সকলো বিলাক চাই আহি আমি এখন প্ৰকাণ্ড ক্ৰিষ্টেলৰ বিপনীৰ ভিতৰত ওলালোঁহি৷ ইয়াতে সকলোৱে মন পছন্দ অনুযায়ী ক্ৰিষ্টেলৰ সামগ্ৰী কিনিব পাৰে৷ আমিও সৰু-সুৰা দুই এপদ সামগ্ৰী কিনি অলপমান কিবা-কিবি খাই বাছত উঠিলোঁ৷

এইবাৰ বাছে আনি আমাক ওচৰৰে অষ্ট্ৰিয়াৰ পশ্চিম প্ৰান্তত আল্পচৰ গাতে লাগি থকা ইন উপত্যকাত অৱস্থিত টাইৰল প্ৰদেশৰ ৰাজধানী চহৰ ইনচব্ৰাক পোৱালেহি৷ এই মহানগৰখনো ইতিহাস প্ৰসিদ্ধ হোৱাৰ লগতে শীতকালীন ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ বুলিও কয়৷ ইয়াতে ১৯৬৪ /১৯৭৬ চনত দুবাৰকৈ ৱিণ্টাৰ অলিম্পিক, ১৯৮৪ /১৯৮৮ চনত পেৰা-অলিম্পিক আৰু ২০১২ চনত পোন প্ৰথম বাৰৰ বাবে যুৱ অলিম্পিক অনুষ্ঠিত হৈছিল৷ আমাক প্ৰথমেই লৈ যোৱা হ’ল ইন নদীৰ পাৰত অৱস্থিত ইতিহাস প্ৰসিদ্ধ পৃথিৱী বিখ্যাত Golden Dachl বা Golden Roof মহল চাবলৈ৷ ইয়াৰ সম্মুখত ৰৈ দেখিলোঁ প্ৰায় ৫ মহলীয়া মহলটোৰ বেলকনিৰ চালখন সোণেৰে খোদিত৷ গাইডে কোৱা মতে প্ৰায় ১৫০০ চনতে ৰজা মেক্সিমিলিয়ান প্ৰথমে তেওঁৰ ৰাণী বিয়ানিকা মাৰিয়াক বিয়া কৰোৱাৰ চিন স্বৰূপে এই বেলকনিৰ চালিখন সোণেৰে খোদিত কৰিছিল আৰু এই বেলকনিতে বহি দুয়ো ৰজা-ৰাণীয়ে সম্মুখত অনুষ্ঠিত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, খেলা-ধুলা আদি উপভোগ কৰিছিল৷ ঠিক এনেকৈয়ে আমাৰ অসমৰ ৰংঘৰৰ পৰা আগতে আহোম স্বৰ্গদেউসকলে উপভোগ কৰিছিল৷ আমি থকা সময়তো তলত এক গানৰ অনুষ্ঠান চলি আছিল৷ এই মহলৰ ওচৰে-পাজৰে থকা ঐতিহাসিক মহলবোৰৰ তলত গোটেইখন বৃহৎ বজাৰ৷ ভিতৰত সোমাই থাকিলে ৰ’দ-বৰষুণ আহিলেও গম নাপায়৷ আমিও সৰু-সুৰা দুই এপদ বস্তু কিনি বাহিৰলৈ ওলালোঁ৷ ইয়াৰ পিছতে আমি পৃথিৱীৰ প্ৰথম পঞ্জীয়নভুক্ত ১৩৯০ চনতে স্থাপিত হোটেল গল্ডেন এড্‌লাৰ সম্মুখেদি গৈ ওচৰতে থকা ইন নদীৰ পাৰ পালোঁগৈ। দুখনমান ফটো তুলি পুনৰ অষ্ট্ৰিয়াৰ আন এটা অতি পুৰণি সংস্কৃতিক মহল হ’ফচবাৰ্গ পেলেচলৈ গ’লোঁ৷ প্ৰায় ১৪৬০ চনতে নিৰ্মিত এই মহলত বৰ্তমান পাঁচটাকৈ বিভিন্ন ধৰণৰ ঐতিহাসিক সংগ্ৰহালয় আছে৷ এইকেইটা হৈছে ১৮০০ শতিকাৰ মাৰিয়া থেৰেচা, ১৯০০ শতিকাৰ এমপ্ৰেছ এলিজাবেথ, এটি আচ-বাব থকা কোঠা, এটা পূৰ্ব-পুৰুষৰ মূৰ্তি থকা কোঠা আৰু এটা চিত্ৰশিল্পৰ গেলেৰী৷ এইবিলাকে অষ্ট্ৰিয়াৰ পুৰণি ইমপেৰিয়েল পেলেচৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ঐতিহ্য বহন কৰিছে যি বৰ্তমান হফচবাৰ্গ পেলেচ বুলি জনাজাত৷ ইয়াতে অলপ সময় ঘূৰি-পকি আমি দূৰৰ পৰাই আমব্ৰছ কেচেলটো চালোঁ৷ ১৫৬৩ চনতে সজোৱা এইটো পৃথিৱীৰ আটাইতকৈ পুৰণি সংগ্ৰহালয় বুলি জনা যায়৷ ইয়াত দেখা প্ৰতিটো মহলেই বহু পুৰণি তথাপি ইমান সুন্দৰকৈ ৰাখিছে যে দেখিলে আজিহে সাজিছে যেন এনে লাগে৷ এই সকলোবোৰ চোৱাৰ পিছতে আমাক ৰাতিটো কটাবলৈ ইনচবাৰ্গৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ২৯০০ ফুট মান ওপৰত অৱস্থিত এক প্ৰকৃতিক দৃশ্যৰে পৰিপুষ্ট অক্‌জাম নামৰ ঠাইখনলৈ লৈ গ’ল৷ আমাৰ হোটেলৰ সম্মুখতে ৱিণ্টাৰ অলিম্পিক হোৱা খেল পথাৰখন দেখা পালোঁ৷

ইতিমধ্যে হোটেল পোৱালৈ এজাক বৰষুণে ধৰালৈ শীত নমাই আনিলে, আমিও ভাত-পানী খাই আকৌ এখন নতুন শেতেলীত দেহাটো এৰি দিলোঁ৷ দিনটোৰ ভাগৰুৱা দেহা কেতিয়া ঘোৰ নিদ্ৰাত মগ্ন হ’ল গমেই নাপালো৷

ৰাতিপুৱা শুই উঠি দেখিলোঁ বৰষুণ চিপ-চিপ পৰিয়ে আছে৷ বৰষুণত তিতি তিতিয়ে বাছত উঠিলোঁ৷ আজি আমাৰ ইউৰোপত শেষ দিন৷ আমাৰ গ্ৰুপৰ ২৫জন সদস্যৰ ইটালী দেশখনো ভ্ৰমণৰ টোপোলাত থকাৰ বাবে বাকী আমাৰ ১৯ জন সদস্যক লৈ বেলেগ এখন বাছে ভিয়েনা বিমান বন্দৰলৈ বুলি ঢাপলি মেলিলে৷ প্ৰায় ৫০০ কিলোমিটাৰ দূৰত থকা বিমান বন্দৰ আহি পাওঁতে মাত্ৰ ছয় ঘণ্টামানহে লাগিল৷ অৱশ্যে বাটত আধা ঘণ্টামান পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিছিল৷ আহোতে ৰাষ্ট্ৰীয় পথৰ কাষে কাষে দেখা প্ৰাকৃতিক দৃশ্যবোৰে মনবোৰ ব্যাকুল কৰি তুলিছিল৷ মাজে মাজে অহা বৰষুণ জাকে আমাক ব্যাঘাত জন্মাইছিল যদিও ভিয়েনা পোৱালৈ বৰষুণ শাম কাটিল৷ বাছৰ পৰাই ভিয়েনা চহৰখনত চকু ফুৰালোঁ৷ বিমান বন্দৰ পাই আমি তিনিটা পৰিয়াল কুৱেইট এৱাৰৱেইজ আৰু বাকী পৰিয়াল কেইটাও নিজৰ নিজৰ এয়াৰৱেইজৰ ফালে গতি কৰিলে৷ ইমানদিনে সকলোবোৰ একেটা পৰিয়ালৰ দৰেই থাকি এৰা-এৰিৰ সময়ত সকলোৰে মনবোৰ ক্ষন্তেকলৈ সেমেকি উঠিল৷ স্থানীয় সময়মতে আমাৰ বিমান দুপৰীয়া ১ বাজি ৫০ মিনিটত উৰা কথা আছিল যদিও এয়াৰ ট্ৰেফিক জামৰ বাবে প্ৰায় ১ ঘণ্টা পলমকৈ ঠিক ৩টা বজাত কুৱেইট অভিমুখে উৰা মাৰিলে৷ বিমানৰ পৰাই ইউৰোপক বিদায় দি বুকুত বহুতো স্মৃতি তথা নতুন নতুন অভিজ্ঞতা লৈ পিছদিনা নতুন দিল্লী হৈ গুৱাহাটী পালোঁহি৷

সমাপ্ত

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক