ইউৰোপ ভ্ৰমণৰ কিছু অভিজ্ঞতা – বিতোপন বৰদলৈ

চেণ্ট আগষ্টাইনে কৈছিলঃ “The world is a book and those who do not travel only read one page.” সঁচাকৈয়ে, আমাৰ এই বিশাল পৃথিৱীখন এখন কিতাপৰ দৰেই আৰু এই কিতাপখনৰ প্ৰতিটো পৃষ্ঠাৰ কথা জানিবলৈ সৰুৰে পৰাই মোৰ বৰ হাবিয়াস আছিল৷ স্কুলত পঢ়ি থকা দিনৰে পৰা অসমৰ বিভিন্ন ঠাইলৈ ফুৰিবলৈ গৈছিলো আৰু নিদিষ্ট ঠাইবোৰৰ চাক্ষুস জ্ঞান লাভ কৰিছিলো৷ পিছলৈ যেতিয়া মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত ভূগোল বিষয় প্ৰধান হিচাবে লৈ পঢ়িলো তেতিয়াই শিক্ষামূলক ভ্ৰমণৰ তাগিদাত প্ৰথম অসমৰ বাহিৰলৈ ফুৰিবলৈ যাবলৈ সুবিধা পালো৷ ইয়াৰ পিছত কৰ্মসূত্ৰে কেইবাখনো দেশ ফুৰাৰ সৌভাগ্য হ’ল আৰু এই দেশবোৰৰ পৰা লাভ কৰা বিভিন্ন অভিজ্ঞতা মই ইতিমধ্যে বিভিন্ন লেখাত প্ৰকাশ কৰিছিলো৷ এইবাৰো অলপতে ইউৰোপ মহাদেশৰ পাঁচখনমান দেশ ভ্ৰমণ কৰাৰ সুবিধা পাইছিলো আৰু আজি অলপ অলপকৈ তাৰে কিছু অভিজ্ঞতা লিখিবলৈ লৈছো৷

ইউৰোপলৈ যাবৰ বাবে ৫ মাহ আগৰ পৰাই আমাৰ পৰিকল্পনা চলিছিল৷ এই বছৰৰ মাৰ্চ মাহত ২৬০ বছৰ পূৰ্তি উপলক্ষে পৃথিবী বিখ্যাত ট্ৰেভেল এজেঞ্চী কক্স এণ্ড কিংছে তেওঁলোকৰ প্ৰতিটো ভ্ৰমণ টোপোলাত জি এছ টি আৰু অন্যান্য ৰেহাইৰ সুবিধা দিয়া বুলি মোকো তেওঁলোকৰ এজন পুৰণা গ্ৰাহক হিচাবে খবৰ দিছিল৷ ময়ো এই সুযোগৰ সুবিধা লওঁ বুলি অলপ আগধন দি বুক কৰি দিলো৷ এমাহমান আগতে সকলো নথি-পত্ৰ জমা দি ভিছাৰ বাবে কলিকতালৈ গ’লো৷ কলিকতাত আমাৰ ট্ৰেভেল এজেঞ্চিৰ প্ৰতিনিধেয়ে সকলো ঠিক-ঠাক কৰি আমাৰ বাবে অপেক্ষা কৰি আছিল৷ আমি তেওঁৰ পৰা আমাৰ নথি-পত্ৰৰ ফাইলসহ ভিছাৰ বাবে জমা দিবলগীয়া ধনখিনিসহ প্ৰতিনিধিয়ে বুজাই দিয়া মতে ভিছা কাৰ্য্যালয়ত প্ৰৱেশ কৰো৷ প্ৰায় ৪৫ মিনিটমানত আমাৰ সকলোখিনি কাম সমাধা হয়৷ ইউৰোপত ইউনাইটেড কিংডম আৰু আয়াৰলেণ্ডৰ বাহিৰে বাকী কিখন দেশ ফুৰিবলৈ একেখন ভিছায়েই হয়৷ ইয়াক চেনঝেন ভিছা বুলি কোৱা হয়৷ এই ভিছা নোপোৱালৈকে সাধাৰণতে ইউৰোপলৈ ফুৰিবলৈ যাম বুলি ক’বলৈ সংকোচ লাগে যিহেতু ভিছা পাবলৈ নিজৰ একাউণ্টত একেৰাহে তিনিমাহ ধৰি এক বুজন পৰিমাণৰ ধন জমা থকাৰ উপৰিও টেক্স ৰিটাৰ্ণকে আদি কৰি ভালেমান নথি-পত্ৰ পৰ্য্যবেক্ষণ কৰা হয়৷ অৱশ্যে পেকেজ টুৰ’ত গ’লে অলপমান ৰেহাই দিয়ে৷ আমাৰ উত্তৰপূবৰ যাত্ৰী সকলৰ বাবে এইটো এটা উপৰুৱা খৰচ, কাৰণ ভিছা কাৰ্য্যালয় গুৱাহাটীত নথকাৰ বাবে শেষ মুহূৰ্তত উৰাজাহাজত অধিক ভাড়া দি কলিকতাৰ হোটেলত এৰাতি থাকি সাক্ষাৎকাৰ দিব লাগে৷ যদি ভিছা নাপায় এই গোটেই খৰচখিনি অবাবত যায়৷ সেয়েহে আজিকালি উত্তৰপূবৰ ভ্ৰমণকাৰীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে যদি ইয়াৰ কাৰ্য্যলয় এটা গুৱাহাটীত খোলাৰ ব্যৱস্থা কৰে তেতিয়া হ’লে অসমৰ লগতে উত্তৰপূবৰ সকলো যাত্ৰীৰ বাবে সুবিধা হয়৷

যি কি নহওক বহু উৎকণ্ঠাৰ অন্তত ভিছাখন ৭ দিনৰ মুৰত আহিল আৰু আমিও টালি-টোপোলা বন্ধাৰ কাম আৰম্ভ কৰিলো৷ অলপ ঠাণ্ডা দেশত যাম যেতিয়া গৰম কাপোৰ, সহজতে দৰ্কাৰ হোৱা দৰৱ, অলপমান শুকান ফল-মূল, নেমু টেঙা, নহৰু দুটা মান, পাণমছলা আদিয়েই আছিল আমাৰ টোপোলাৰ প্ৰধান সামগ্ৰী৷ ইয়াৰোপৰিও অৰিজিনেল পাছপৰ্ট ভিছা সহ একোটাকৈ ছেট জেৰক্স, মবাইলৰ এডপ্তৰসহ সমগ্ৰ ইউৰোপতে কাম কৰা নতুন মেট্ৰিস্ক চিম, ইউৰ’, ফ্লাইট টিকট আৰু ভাৰতীয় টকা অলপ লৈ মোৰ এটি সৰু বেগ৷ ভাৰতীয় টকা ২৫০০০ কৈ বেছি নগদ বিদেশলৈ নিব নোৱাৰি৷ নগদ টকাতকৈ বিভিন্ন বেঙ্কে প্ৰদান কৰা মাল্টি কাৰেঞ্চি কাৰ্ড নিলে বেছি সুবিধা হয় সেয়েহে আমিও তেনেকৈয়ে কিছু নগদ আৰু কাৰ্ড লৈ গৈছিলো৷

আমাৰ পেকেজ মতে নতুন দিল্লীৰ পৰা কুৱেইট হৈ পেৰিছলৈ উৰাজাহাজ আছিল৷ সময়মতে আমি গুৱাহাটীৰ পৰা ইণ্ডিগ’ বিমান যোগে নতুন দিল্লীৰ হোটেলত খন্তেক জিৰাই লৈ নিশা ন’ বজাত নতুন দিল্লীৰ বিশাল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’লোগৈ৷ আমাক সহায় কৰিবলৈ পৰ্য্যটক কেন্দ্ৰৰ পৰা প্ৰতিনিধি অহাৰ কথা আছিল যদিও আমি তেখেতলৈ অপেক্ষা নকৰি পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত সোনকালে বৰ্ডিং পাছ ল’বলৈ কুৱেইট এয়াৰ ৱেইজৰ কাউণ্টাৰত শাৰী পাতিলোগৈ যিহেতু ইয়াৰ পিছতে ইমিগ্ৰেচনৰ বাবে দীঘলীয়া শাৰী পাতিবগৈ লাগে৷ দহ মিনিটমান শাৰী পাতি বৰ্ডিঙ পাছ লৈ ইমিগ্ৰেচন কাউণ্টাৰত শাৰী পাতিবলৈ যাওতেই ট্ৰেভেল এজেঞ্চীৰ প্ৰতিনিধিজন আহি আমাক লগ ধৰিলে আৰু ইতিমধ্যে আমাৰ লগত যাবলগা আৰু দুটা পৰিয়ালো যে আহিছে খবৰ দিলে৷ আমি অৱশ্যে তেওঁলোকক পিছত কুৱেইটৰ পৰা যোৱা যাত্ৰাতহে চিনাকি হ’লো৷ দুয়োটা তিনিজনীয়া ডাক্তৰৰ পৰিয়াল, এজন অসম চিকিৎসা মহাবিদ্যালয়ৰ এছ’ছিয়েট প্ৰফেছৰ ডা° ব্ৰহ্ম, তেখেতৰ পৰিবাৰ আৰু নৱমমানত পঢ়ি থকা একমাত্ৰ জীয়ৰী আৰু আনটো পৰিয়াল নতুন দিল্লীৰ মেক্স চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ মগজু বিভাগৰ চিকিৎসক ডা° গুপ্তা, তেখেতৰ পৰিবাৰ আৰু মেডিকেল পঢ়ি থকা একমাত্ৰ জীয়ৰী৷ প্ৰথম চিনাকিতে দুয়োটা পৰিয়ালকে বৰ আপোন যেন লাগিল আৰু সহযাত্ৰী হিচাবে দুটাকৈ ডাক্তৰৰ পৰিয়াল পাই মনটো আৰু ভাল লাগিল, অন্তঃত বিদেশত কিবা এটা হ’লেও ডাক্তৰ এজন লগত থাকিলে বহু চিন্তা দুৰ হয়৷

ভাৰতীয় সময়মতে নিশা ১ বাজি ৩০ মিনিটত আমি কুৱেইট এয়াৰৱেইজৰ এক বিশাল বিমানত আসন গ্ৰহণ কৰিলো৷ বিমানত গান শুনা, চিনেমা চোৱা, বিমানৰ গতি-বিধি জানিব পৰা সকলো ব্যৱস্থা আছিল৷ অলপ সময় এইবোৰকে লিৰিকি বিদাৰি নিশাৰ আহাৰ গ্ৰহণ কৰি শুবলৈ চেষ্টা কৰিলো৷ আমাৰ ল’ৰা-ছোৱালীহ’তেও নিজৰ নিজৰ পছন্দৰ আমোদৰ ব্যৱস্থা কৰি ল’লে৷ প্ৰায় চাৰি ঘণ্টা যাত্ৰা কৰাৰ পিছত পাইলটৰ পৰা বিমান অৱতৰণ কৰাৰ সংকেত অহাত কাষৰ খিৰিকীৰে তললৈ চাই চকু চমক লাগি ধৰিলে৷ যেন কোনোৱাই দলিচাত সোণহে চটিয়াই থৈছে৷ চাৰিওফালে বিভিন্ন ধৰণৰ বিজুলী বাতিৰ তিৰবিৰণি৷ কুৱেইটৰ সময়মতে নিশা ৩-৩০ মিনিট আৰু ভাৰতীয় সময়মতে ৫-৩০ মিনিটত আমাৰ বিমানে কুৱেইট বিমান বন্দৰত অৱতৰণ কৰিলে৷ ভাৰতৰ সময়তকৈ কুৱেইটৰ সময় দুঘণ্টা পিছপৰা কাৰণে আমি নিশায়ে গৈ কুৱেইট পালোগৈ আৰু আমাৰ পৰৱৰ্তী বিমান কুৱেইটৰ সময় মতে পুৱা ৭ বাজি ২০ মিনিটত থকা বাবে বহুখিনি সময় পালো৷ কুৱেইটত অকল আমি আমাৰ নতুন দিল্লীতে দিয়া বৰ্ডিং পাছ সমূহ ট্ৰেন্সফাৰ কৰি ল’লো৷ যিহেতু লাগেজ বিলাক বিমান কৰ্ত্তৃপক্ষয়েই গন্তব্য স্থান অনুযায়ী বিমানলৈ পঠাই দিয়ে সেয়ে তাত আমাৰ একো কৰিবলগীয়া নাথাকে৷

সকলোখিনি যাৱতীয় কাম কৰাৰ পিছত আমি কুৱেইট বিমান বন্দৰত পৰবৰ্তী বিমানৰ বাবে অপেক্ষা কৰি বহিলো৷ বিমান বন্দৰটো যথেষ্ট ডাঙৰ যদিও অলপ লেতেৰা লেতেৰা লাগিল৷ বিভিন্ন বিমানলৈ যাব লগা স্থানীয় পাঠান জাতীয় প্ৰকাণ্ড প্ৰকাণ্ড পুৰুষ আৰু ক’লা ৰঙৰ বোৰ্খা পৰিহিত মহিলাবোৰ দেখি আলিফ লেইলা চিৰিয়েল খনলৈ মনত পৰিল৷ এনেতে ল’ৰাটোৱে পানী খাওঁ বুলি কোৱাত বিপদত পৰিলো, যিহেতু মোৰ হাতত কুৱেইটৰ ডিনাৰ নাছিল, তথাপিতো পানী বিচাৰি দোকান পালোগৈ আৰু পানীৰ দাম শুনি চকু থৰ লাগিল৷ তথাপিতো পানীয়েই প্ৰাণ যেতিয়া হাতত থকা মাল্টি কাৰেঞ্চি কাৰ্ডখনৰ পৰাই এটা ৫০০ মি. লি. বটলত এক ডিনাৰ দি ক্ৰয় কৰিলো যিটো ভাৰতীয় মুদ্ৰাৰ হিচাবত সেইদিনা প্ৰায় ২৪৮ টকা দাম আছিল৷ অথচ আমি ভাৰতত কিমানযে খোৱাপানীৰ অপব্যৱহাৰ কৰো তালৈ চিৰিংকৈ মনত পৰি গৈছিল৷ পানী বটলটো ক্ৰয় কৰি ঘূৰি আহোতেই বিমান বন্দৰৰ ডিউটি ফ্ৰী দোকান এখনত আজমল গ্ৰুপৰ বিভিন্ন পাৰফিউম সজাই থোৱা দেখি অতদিনে শুনি অহা তেখেতৰ পৃথিৱীৰ বিভিন্ন ঠাইৰ ব্যৱসায় ক্ষেত্ৰখনৰ বিষয়ে নিশ্চিত হ’লো৷

স্থানীয় সময়মতে পুৱা ৬-৩০ মিনিট যোৱাৰ লগে লগে আমি পৰবৰ্তী বিমানৰ উদ্দেশ্যে শাৰী পাতিলোগৈ৷ এইবাৰ বেগ, জোতা, জেকেটৰ পৰা ধৰি সকলোবিলাক খোলাই তন্নকৈ তন্নকৈ পৰীক্ষা কৰিহে বিমানত উঠিবলৈ দিছে, যিহেতু ২০১৫ চনত পেৰিছত হোৱা আতঙ্কবাদী আক্ৰমণৰ পিছৰ পৰা যাত্ৰীৰ সুৰক্ষা পৰীক্ষণ বেছিকৈ কৰিবলৈ লৈছে৷ সকলোবিলাক নিয়াৰিকৈ হোৱাৰ পিছত পেৰিছৰ এক কাল্পনিক অনুভূতি লৈ আমি পুনৰ এখন বিশাল উৰাজাহাজত বহিলোগৈ৷

উৰাজাহাজ ক্ৰমান্বয়ে ওপৰলৈ উঠাত কাষৰ খিৰিকীৰে তললৈ চাই আচৰিত হ’লো, ৰাতিৰ সেই চকু চাট মৰা কুৱেইটখন দিনত একেবাৰে ফাপৰে ধৰা কুকুৰৰ ছালখনৰ নিচিনা লাগিছে৷ গছ-বন নথকা মৰুভূমিৰ মাজত কেৱল ঘৰবোৰ লঠঙা লঠঙা হৈ আছে৷ মাজে মাজে অলপ হ্ৰদৰ নিচিনা পানী দেখা পাইছো যদিও সেইয়া বেকৱাটাৰযেনহে লাগিল৷ এইদৰে ক্ৰমে আমাৰ উৰাজাহাজ গৈ গৈ কৃষ্ণ সাগৰৰ ওপৰ পালেগৈ, ইমান দিনে পঢ়ি অহা এই সাগৰখনৰ কথা ওপৰৰ পৰা স্বচক্ষে দেখা পাই মনটো সেই পঢ়ি থকা দিনলৈ ঘূৰি গ’ল৷ কৃষ্ণ সাগৰ পাৰ হৈ ক্ৰমে বুলগেৰিয়া, ক্ৰ’ৱেচিয়া আদি দেশ পাৰ হৈ আমাৰ বিমান ফ্ৰান্সত সোমালেগৈ৷ ওপৰৰ পৰা এই দেশখনৰ পৃষ্ঠভূমি একোখন সেউজীয়া আৰু হালধীয়া ৰঙৰ কাৰ্পেটে সমান সমান ব্যৱধানত কাটি ঢাকি থোৱা যেন লাগিছিল৷ ইমান মনোৰম প্ৰাকৃতিক দৃশ্যবোৰে মনবোৰ পুলকিত কৰি তুলিছিল, ওচৰৰ পৰা চোৱাৰ হাবিয়াসে মনত খলকনি লগাইছিল৷ সম্পূৰ্ণ পাঁচ ঘণ্টামান যাত্ৰাৰ অন্তত পেৰিছ বিমান বন্দৰত অৱতৰণ কৰাৰ সংকেত দিছিল আৰু ঠিক পেৰিছৰ সময় মতে দুপৰীয়া ১২ বাজি ৫০ মিনিটত বিমান অৱতৰণ কৰিলে৷ সেই সময়ত পেৰিছৰ তাপমাত্ৰা আছিল ২৮° ছেলছিয়াচ৷ আমি লৰালৰিকৈ বিমানৰ পৰা ভিতৰি ভিতৰি ওলাই ইমিগ্ৰেচন পালোগৈ৷ ইয়াত ভাৰতৰ দৰে বেছি সময় শাৰী পাতিব লগা নহ’ল, সকলোবিলাক স্বয়ংক্ৰিয় হোৱা বাবে আমি অতি সোনকালেই লাগেজ বেল্টৰ পৰা লাগেজবোৰ লৈ প্ৰস্থানৰ ফালে আগবাঢ়িলো৷ ইতিমধ্যে আমাৰ কাৰণে প্লে’ কাৰ্ড লৈ ৰৈ থকা এজন হৃষ্ট-পুষ্ট ডেকাই আমাক আদৰণি জনালে…“হেল্ল’ ৱেলকাম টু ফেৰিছ…আই এম ফ্ৰম…” তেওঁ আমাৰ ১০ জনীয়া পৰিয়াল তিনিটাক নি এখন ক’লা ৰঙৰ ডাঙৰ মাৰ্চিডিজ ভেনত বহুৱাই হোটেল অভিমুখে লৈ গ’ল৷ আহোতে বাটত দেখিলো ইতিমধ্যে বিশ্ব কাপ ফুটবল জিকা ফ্ৰান্সৰ দলটোক আদৰিবলৈ বিমানবন্দৰকে ধৰি সমগ্ৰ এলেকাটোত ব্যাপক প্ৰস্তুতি৷ এই শুভক্ষণৰ অংশীদাৰ হ’বলৈ পাম বুলি মনতে ভাবি আহি হোটেল পালোহি৷

আমাক পেৰিছ বিমান বন্দৰৰ পৰা অতি ওচৰতে থকা এখন প্ৰকাণ্ড হোটেললৈ নি সেই ডেকাজনে ৰিচেপশ্বনত আমাক গতাই ৭ বজাত হোটেলৰ ল’বিত ট্যুৰ মেনেজাৰক সাক্ষাৎ কৰাৰ কথা কৈ গুচি গ’ল৷ হোটেলৰ এগৰাকী ৰিচেপশ্বনিষ্টে হিন্দীতে আমাক অলপ অপেক্ষা কৰিবলৈ ক’লে৷ আমিও হোটেলৰ বিশাল ল’বীতেই বহি পৰিলো৷ ইফালে আমাৰ সকলোকে ভাগৰ আৰু ভোকে হেঁচা মাৰি ধৰিছে৷ আধা ঘণ্টামান সময় পাৰ হৈ যোৱাৰ পাছতো আমাক কোঠা নিদিয়াত হোটেলৰ মেনেজাৰক যেতিয়া সোধো তেতিয়া তেখেতে ক’লে যে কোঠাৰ চাবি আমাৰ হাতত নিদিয়ে, ট্যুৰ মেনেজাৰকহে দিব৷ আগতে বোলে হাতে হাতে দিয়াৰ কাৰণে কিবা গণ্ডগোল হৈছিল৷ আমি তেতিয়া ট্যুৰ মেনেজাৰক ফোন কৰিলো, তেতিয়া তেখেতে ক’লে… “মই লণ্ডনৰ পৰা এটা পাৰ্টী লৈ আহি আছো…৪৫ মিনিটমান লাগিব, আপোনালোক অলপ অপেক্ষা কৰক৷ ” তথাপিতো আমি ট্যুৰ মেনেজাৰক এবাৰ হোটেল মেনেজাৰক ক’বলৈ ক’লো৷ কিন্তু মেনেজাৰৰ আকোৰগোজ স্বভাবৰ বাবে আমি ট্যুৰ মেনেজাৰ অহালৈকে অপেক্ষা কৰিব লগা হ’ল৷ ইতিমধ্যে ভোকত কিবা খাওঁ বুলি কাষতে থকা ৰেষ্টুৰেণ্টত গৈ দেখো বন্ধ, তাত ২ বজাৰ পৰা ৭টা বজালৈ ৰেষ্টুৰেণ্টবোৰ বন্ধ ৰাখে৷ যি কি নহওক সকলোৱে নিজৰ নিজৰ বেগত নিয়া বিস্কুট, ভূজিয়া, পানী আদিৰেই অকণমান সকাহ লৈ হোটেলৰ বাহিৰতে মনোৰম দৃশ্য চোৱাত ব্যস্ত হৈ পৰিলো৷ আমাৰেই হয়তো ভাগ্য ভাল আছিল, ট্যুৰ মেনেজাৰ মিঃ পেটেল আধা ঘণ্টামান পিছতে আহি পালেহি আৰু ক্ষমা বিচাৰি আমাৰ কোঠাৰ চাবিবোৰ গটাই দিলে৷ অ’ চাবি মানে একোখন এ টি এম কাৰ্ডৰ নিচিনা কাৰ্ড যিখন দুৱাৰৰ নিদিষ্ট ঠাইত শ্ৱৱাইপ কৰিলে দুৱাৰ খোল খায় আৰু বন্ধ হ’লে কাৰ্ড নহ’লে বাহিৰৰ পৰা কোনেও খুলিব নোৱাৰে৷ গতিকে ভিতৰত কোনো নাথাকিলে কাৰ্ডখন সদায় লগত ৰাখিব লাগে৷ এই কাৰ্ডবোৰ সকলোকে গটাই ট্যুৰ মেনেজাৰে পিছদিনাৰ প্ৰগেমৰ বাবে আলোচনা কৰিবলৈ আমাক আবেলি ৭টা বজাত ল’বীত গোট খাবলৈ ক’লে৷ আমাৰ পৰিয়ালত ৪জন সদস্য থকাত দুটাকৈ কোঠা দিছিল, যিহেতু কোঠাবোৰ যথেষ্ট সৰু তাতোতকৈ সৰু বাথৰুমবিলাক৷ বাথৰুমবোৰ দুটা ভাগত বিভক্ত কৰা থাকে শৌচাগাৰ আৰু সৰুকৈ বাথটাবৰ দৰে এটা গ্লাছ/ফাইবাৰ বা প্লাছটিক পৰ্দাৰে আগুৰা কোঠা৷ বাথৰুমৰ বেচিনত এটা পানী টেপ আৰু গা-ধুবৰ বাবে বাথটাবত হেণ্ড ছাৱাৰ থাকে আৰু সেইকাৰণে আমাৰদৰে মানুহৰ পায়খানা কৰাৰ পিছত অলপ সমস্যায়েই হয়৷ সেয়েহে এইবোৰ দেশলৈ যাওতে টয়লেট পেপাৰ ব্যৱহাৰ কৰাৰ অভ্যাস নোহোৱাসকলে এটা মাগ লগত লৈ গ’লে সুবিধা হ’য়৷ গাঁ ধুওঁতে যদি আকৌ বাথৰুমৰ পানী আহি মূল কোঠাৰ কাৰ্পেট তিতেঁ তেতিয়াও ফাইন দিব লাগে, মুঠতে সকলোতে সাৱধান৷ অ’, ইউৰোপৰ সকলোতে পানী খুব বিশুদ্ধ কাৰণে বাথৰুমৰ পানীয়ে খোৱাৰ উপযোগী সেয়েহে বাথৰুমৰ বেচিনৰ ওপৰতে দুটা ধুনীয়া গিলাচ কাগজেৰে মেৰিয়াই থৈ দিয়ে৷ এইবিলাক আমাৰ কিবা আখজা লাগে যদিও উপায় নাপাই খাব লগা হয়৷ নহ’লে ১৫০ টকা দি ৫০০ মি. লি. পানী খাবলৈ হ’লে পইচা পানীতে আধা শেষ হ’ব৷ যি কি নহওক সকলো কাম সাৱধানেৰে সমাধা কৰি অলপ সময় ৰুমতে জিৰাই ঠিক ৭বজাৰ লগে লগে হোটেলৰ ল’বী পালোগৈ৷ ইতিমধ্যে লণ্ডনৰ পৰা আহি পোৱা কিজনো আমাৰ লগত চামিল হ’ল৷ আমাৰ গোটেই গ্ৰুপটোত মুঠতে ৪৫জন সদস্য৷ ইয়াৰে কিছু সংখ্যকৰ লণ্ডন আৰু পিছলৈ ইটালী সংলগ্ন হৈ আছিল৷ আমাৰ এই দুখন ঠাই নাছিল বাবে তেওঁলোকক অকল মাজৰ ৬ দিনহে পালোঁ৷ ৪৫ জনৰ ভিতৰত ৮জন তেতিয়াও আহি পাবলৈ বাকী আছিল যদিও আমাৰ মেনেজাৰ পেটেলে পিচদিনাৰ প্ৰগ্ৰেমৰ সকলোখিনি কথা কৈ ডিনাৰৰ কাৰণে প্ৰায় ৩ কিলোমিটাৰমান ওচৰতে থকা এখন ভাৰতীয় ৰেষ্টুৰেণ্টলৈ লৈ গ’ল৷ দিনটো ভোকে-লঘোনে থকা বাবে ভাৰতীয় খানা পাই সকলোৱে উদৰ পুৰাই খালে আৰু সেইদিনা একো প্ৰগ্ৰেম নথকাত পুনৰ আনি হোটেল পোৱালেহি৷ ইফালে বেলি তেতিয়াও ভৰ দুপৰীয়াৰ দৰে৷ ভাবিলো ইমান দিনতে ডিনাৰ কৰিলোনে এই বুলি ঘড়ীলৈ চাই আচৰিত হ’লো ন বাজি গ’ল৷ লৰালৰিকৈ ম’বাইলত পেৰিছৰ চানৰাইজ আৰু চানচেট টাইম দেখি আচৰিত হ’লো৷ সেইদিনা মানে ১৬ জুলাইত সূৰ্য্য উদয় হৈছে পুৱা ৬ বাজি ৪ মিনিটত আৰু সূৰ্য্যাস্তৰ সময় আছে ৯ বাজি ৪৯ মিনিট মানে বেলি ডুবিবলৈ তেতিয়াও বহু সময় বাকী৷ ইফালে পশ্চিমত থকাৰ বাবে আমাৰ ভাৰতীয় সময়তকৈ পেৰিছৰ সময় চাৰে তিনি ঘণ্টা পিছপৰা৷ সেইকাৰণে হয়তো আমাৰ চকুবোৰ টানি ধৰিছে যিহেতু ভাৰতত ইতিমধ্যে নিশা এক বাজিবৰ হ’ল৷ এইবোৰ উল্টা-পুল্টা কথা ভাবি ভাবি হোটেলৰ পৰ্দা টানি শুই পৰিলো৷ পিছদিনা আমাক ব্ৰেকফাষ্টৰ সময় পুৱা ৮ বজাত আছিল যদিও আমি অকণমান আগতেই আহি সোমাব খুজিছিলো, কিন্তু আগৰ সময়খিনি বেলেগ গ্ৰুপৰ বাবে নিৰ্ধাৰিত থকাৰ বাবে আমাক সোমাব নিদিলে৷ আমাৰ গ্ৰুপৰ ইজন-সিজনকৈ আহি হোটেলৰ ল’বীটেই বহি পৰিলো৷ আগদিনা আহিবলৈ বাকী থকা আঠজনো ইতিমধ্যে আহি পালেহি তাৰে আকৌ ছয়জন মানে দুটা পৰিয়াল অসমৰ৷ এজন ডুলীয়াজান অইলৰ কৰ্মচাৰী মিঃ পেগু, তেখেতৰ পৰিবাৰ আৰু একমাত্ৰ জীয়াৰী, তাই এইবাৰ আমাৰ জীয়াৰীৰ লগত এগেলগে গুৱাহাটীৰ এখন স্কুলত একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে৷ দুয়ো দুয়োকে তাত লগ পাই অলপ আচৰিতেই হ’ল কাৰণ এজনীয়েও এজনীক আগতে কোৱা নাছিল যে দুয়ো এনেকৈ বিদেশলৈ ফুৰিব আহিব৷ আনটো পৰিয়াল গুৱাহাটীৰে, অলপতে ৰিজাৰ্ভ বেঙ্কৰ পৰা অৱসৰ পোৱা বিষয়া মিঃ গোস্বামী, তেখেতৰ পৰিবাৰ আৰু একমাত্ৰ জীয়াৰী তথা মোৰ পৰিবাৰৰ এসময়ৰ ছাত্ৰী৷ যি কি নহওক, দুয়োটা পৰিয়ালক লগ পাই মনটো আৰু ভাল লাগিল আৰু নিজকে কিবা অসমত থকা যেন ভাব হ’ল৷ আমাৰ গ্ৰুপৰ বাকী সদস্যসকল পশ্চিমবংগ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু কৰ্ণাটকৰ পৰা আহিছিল৷
নিৰ্দিষ্ট সময়ত আমি ব্ৰেকফাষ্ট কৰিবলৈ ডাইনিং হলত সোমালো৷ বিভিন্ন ধৰণৰ ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় খাদ্যসামগ্ৰীৰ লগতে পানীয়, ফল-মূল সজাই থোৱা আছে৷ নিজৰ পচন্দ অনুযায়ী লৈ খালেই হ’ল৷ অৱশ্যে কিছুমান খাদ্য পচন্দ কৰোতে অলপ সাৱধান হব লাগে, নহ’লে অখাদ্যও খাব লগা হ’ব পাৰে৷ যিহেতু চিকেন, বিফ আদি মাংসৰ খাদ্যসামগ্ৰীবোৰ প্ৰায় দেখাত একে৷ আমি অলপমান ভাৰতীয় খাদ্য সামগ্ৰীৰ লগতে ফল-মূল ভক্ষণ কৰি দিনটোৰ ভ্ৰমণৰ বাবে গাড়ীত বহোতেই ঘটিল অঘটনটো৷ আমাৰ গ্ৰুপৰ তামিলনাডুৰ পৰা অহা এজন ভদ্ৰলোকে বেগটো থৈ থালত খোৱা বস্তু ল’বলৈ যাওঁতেই বেগটো কোনোবাই চোৰ কৰিলে য’ত তেখেতৰ পাছপৰ্টৰ পৰা ধৰি টকা-পইচালৈকে সকলোখিনি সামগ্ৰী আছিল৷ পিছত পুলিচক জনোৱা হ’ল যদিও পুলিচে ইমান গুৰুত্ব দিয়া যেন নালাগিল৷ হোটেল কৰ্ত্তৃপক্ষয়েও এইক্ষেত্ৰত অপাৰগ যিহেতু বহু দেশ-বিদেশৰ পৰ্য্যটকে এই হোটেলত ভীৰ কৰে সেইকাৰণে প্ৰত্যেককে ইমান গুৰুত্ব দিয়া ইমান সহজ নহয় বুলি জনালে৷ পাছপৰ্ট ভিছা অবিহনে এখন দেশত থকাতো অবৈধ সেয়েহে আমাৰ ট্যুৰ মেনেজাৰে এজন বেলেগ মানুহক তেখেতৰ লগ লগাই ফ্ৰান্স এম্বেচিৰ লগত যোগা-যোগ কৰি অতি সোনকালে ভাৰতলৈ ঘূৰি যোৱাৰ ব্যৱস্থা কৰি থৈ নিদিষ্ট সময়তকৈ আধা ঘণ্টামান পলম কৰি অলপ দুখ মনেৰে আমাৰ দিনটোৰ যাত্ৰা আৰম্ভ কৰিলো৷ সেয়েহে ভ্ৰমণত যাওঁতে মূল পাছপৰ্ট লগত নাৰাখি হোটেলৰ লকাৰত বা নিজৰ লাগেজত তলা মাৰি ফটোকপি লগত লৈ ফুৰিব লাগে তেতিয়া এই বিপদৰ পৰা ৰেহাই পোৱা যায়৷ আহি থাকোতে বাছত ট্যুৰ মেনেজাৰে ক’লে যে আজিকালি বহুতো অবৈধ প্ৰব্ৰজনকাৰী আলজেৰিয়াৰ পৰা আহি ফ্ৰান্স আৰু ইটালীত খোপনি পুতিছে৷ ইহঁতক বোলে পুলিচেও সহজে বিচাৰি উলিয়াব নোৱাৰে সেয়েহে আমাৰ সকলোকে এই ক্ষেত্ৰত সজাগ হ’বলৈ সকিয়াই দিলে৷

প্ৰকাণ্ড শীত-তাপ নিয়ন্ত্ৰীত মাৰ্চিডিজ বাছখন হোটেলৰ পৰা আমাক প্ৰথমে ডিজনীলেণ্ড অভিমুখে লৈ আনিলে৷ ইয়াত দেখা পোৱা গাড়ীবোৰৰ ভিতৰত মাৰ্চিডিজ, ভক্সৱাগেন, ফৰ্ড, ৰেনাল্ট আদি কোম্পানীৰ গাড়ীয়েই বেছি৷ আহি থাকোতে বাটত বহুতো কাৰাভান একেলগে ৰখাই থোৱা দেখিলো৷ এই গাড়ীবিলাক একোটা ঘৰৰ নিচিনা৷ ৰন্ধা-বঢ়া সকলো ব্যৱস্থা থাকে৷ ইউৰোপৰ মানুহবোৰ বৰ ভ্ৰমণপ্ৰিয়৷ তেওঁলোকে এই গাড়ীবোৰ লৈ এখন ঠাইৰ পৰা আন ঠাইলৈ যায় আৰু ঠাইখনৰ বিষয়ে তন্ন-তন্নকৈ অধ্যয়ন কৰে৷ গাড়ীবোৰ সাধাৰণতে ভাড়ালৈও পোৱা যায় বা ব্যক্তিগত ভাবেও ব্যৱহাৰ কৰে৷ গাড়ীবোৰ য’তে যায় সাধাৰণতে একেলগে থাকে৷

প্ৰকাণ্ড পথবোৰত ডাঙৰ সৰু সকলো গাড়ী গতিবেগ অনুযায়ী নিজৰ নিজৰ ট্ৰেকত চলাই যায়, কোনো হৰ্ণ দিয়াৰ নিয়ম নাই আৰু ইয়াত ড্ৰাইভাৰ বাওঁফালে বহি ৰাষ্টাৰ সোঁফালে গাড়ী চলায়৷ এই খিনিতে এটা কথা মনত পৰিছে… এবাৰ এজন ফ্ৰান্সৰ ব্যক্তিক আমি সৰ্থেবাৰীৰ কাঁহ-পিতলৰ বাচনৰ নতুন ডিজাইনৰ প্ৰশিক্ষণ দিবৰ বাবে আমন্ত্ৰিত কৰিছিলোঁ৷ তেওঁক যেতিয়া আমাৰ গাড়ীৰে সৰ্থেবাৰীলৈ লৈ গৈাছিলো যেতিয়া আমি ৰাষ্ট্ৰীয় ঘাই পথত ট্ৰাকবোৰ পাৰ হৈ যাওঁ তেতিয়া তেওঁ হাঁহিছিল৷ মই সুধিলো কিয় হাঁহিছে আপুনি? তেতিয়া তেওঁ কৈছিল…তহঁতৰ ইয়াত ট্ৰাকবোৰত হৰ্ণ প্লীজ বুলি লিখা থাকে তাৰমানে হৰ্ণ মাৰিলেহে যাব পাৰি৷ আমাৰ দেশত হৰ্ণ মাৰিলে ফাইন দিব লাগে৷ সঁচায়ে দেশ লৈ ভেশ বেলেগ উপায় নাই৷ তাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে সোঁফালৰ ট্ৰেকতো সদায় খালি ৰাখিব লাগে৷ কেতিয়াবা কোনো দুৰ্ঘটনা হ’লে সেই ট্ৰেকেদি উদ্ধাৰকাৰী দল গৈ সহায় কৰিব পাৰে৷ পথৰ কাষত একোটাকৈ চাইকেল চলাবৰ বাবেও লেন থাকে৷ আমাৰ ইয়াৰ দৰে বাইকৰ সলনি তাত ল’ৰা-ছোৱালী, ডাঙৰ সৰু সকলোৱে বেছিকৈ হেলমেট পিন্ধি চাইকেল চলাই ঘূৰি ফুৰাহে দেখা পালো৷ আহি থাকোতে প্ৰকাণ্ড ১২ লেন যুক্ত মসৃণ পথৰ কাষত দেখা পোৱা বিভিন্ন ধৰণৰ খেতিপথাৰে উৰাজাহাজৰ পৰা দেখা সেই কাৰ্পেটকেইখনলৈ মনত পেলালে৷ খেতিৰ ভিতৰত আঙুৰ, ঘেঁহু, যৱধান, বেলিফুল আদিয়েই প্ৰধান৷ ইমান খেতিপথাৰ দেখিলো তাত কিন্তু এজনো মানুহ দেখা নাপালো, ট্যুৰ মেনেজাৰে কোৱা মতে তাত কাম কৰা মানুহ পাবলৈ বৰ টান আৰু পালেও বহুত খৰচ সেয়েহে সকলো কাম নিজে কৰে বা মেচিনৰ দ্বাৰা৷ আধাঘণ্টামান যাত্ৰাৰ অন্তত আমাৰ বাছ আহি ডিজনীলেণ্ড পাৰ্কিঙ পালেহি৷

ডিজনীলেণ্ড সোমায়েই আমি অবাক হ’লো৷ বহু একৰ মাটিত প্ৰতিষ্ঠিত ২০০২ চনতে মুকলি কৰা ইউৰোপৰ ভিতৰত ৩য় বেছিকৈ দৰ্শনাৰ্থীয়ে ভীৰ কৰা এখন বৃহৎ এমিউজমেণ্ট পাৰ্ক৷ ইয়াত দুটা অংশ আছে, এটা হৈছে ইউৰ’ ডিজনী পাৰ্ক য’ত ল’ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ খেলাৰ সমষ্টি আৰু আনটো হৈছে ৱাল্ট ডিজনী ষ্টুডিঅ’ য’ত খেলাৰ উপৰিও চিনেমা বনোৱা বিভিন্ন কৌশলগত কেইবাটাও ষ্টুডিঅ’ আছে৷ আমাক টিকট বিলাক দি ট্যুৰ মেনেজাৰে সকলো বুজাই যিকোনো এটাহে চাবলৈ পৰামৰ্শ দি আঢ়ৈ ঘণ্টাৰ পিছত বাছৰ পাৰ্কিঙত লগ হ’বলৈ কৈ গুছি গ’ল৷ আমাৰ ল’ৰা-ছোৱালীহঁতে ষ্টুডিঅ’কে চাওঁ বুলি কোৱাত তাতে সোমালোঁ৷ সোমায়ে এখন গাইড বুক ল’লো আৰু কি কি চাম ঠিৰাঙ কৰিলোঁ৷ অন্যথা বিচাৰি থাকোতেই অবাবত বহুত সময় যায়৷ প্ৰত্যেকটো শ্ব’ বা খেলা চাবলৈ একেটা টিকটে হয় আৰু পাঁচ দহ মিনিট অপেক্ষা কৰিলেহে খেলা বা শ্ব’বিলাক উপভোগ কৰিব পাৰি৷ আপুনি কিমান সময় অপেক্ষা কৰিব লাগিব বাহিৰৰ স্ক্ৰীণত লিখা থাকে আপুনি সেইমতে সময় মিলায় চালেই হ’ল৷ আমি প্ৰথমে শাৰী পাতি “ষ্টুডিঅ’ ট্ৰেম ট্যুৰ বিহাইণ্ড দা মেজিক” ৰাইড কৰো বুলি দীঘলীয়া পাঁচটামান ডবা থকা গাড়ীৰ ইঞ্জিনে টানি নিয়া বাছ খনত উঠিলোগৈ৷ গাড়ীখনত লগাই থোৱা মনিটৰত প্ৰগেমটোৰ বিষয়ে কৈ কৈ পাহাৰৰ মাজৰ একাঁ-বেকাঁ পথেৰে তাহাঁনিৰ যুদ্ধৰ বিভিন্ন সামগ্ৰী তথা ডাইন’চৰাচৰ মাজেৰে নি এঠাইত ৰখাই দিয়ে৷ তাতে আমি ৭ ডি চিনেমা চোৱাৰ নিচিনা হঠাৎ বাছখন ইকাটি-সিকাটি কৰি জুই- বৰষুণৰ মাজত সোমাই যায়৷ আচলতে চিনেমাবোৰত এইবোৰ কেনেকৈ দেখুৱাই তাৰে কিছুমান সম্যক জ্ঞান দিয়ে৷ সঁচাকৈ এইবিলাক চাই ল’ৰা-ছোৱালীৰ লগতে আমিও যথেষ্ট আমোদ পালো৷ ইয়াৰ পিছতে এনিমেশ্বন চিনেমা বনোৱাৰ কৌশল চাই আৰু দুই এটা কম সময়তে হোৱা খেলা চাই তাৰ পৰা ওলালোঁ৷ তিনি ঘণ্টা সময় কেনি পাৰ হ’ল গমকে নাপালোঁ৷ আহোঁতে বাৰ্গাৰ, পিজা আদি লৈ আহি বাছৰ ওচৰতে বিদেশী লাঞ্চ কৰিলোহি৷

ইয়াৰ পিচতে আমাক লৈ যোৱা হ’ল মনোমোহা পেৰিছ চহৰৰ সৌন্দৰ্য্য উপভোগ কৰাবলৈ৷ সঁচাকৈয়ে গোটেই পেৰিছখন যেন বিশ্বকৰ্মায়ে হিয়া উজাৰি বনাইছে৷ সকলোবিলাক ঘৰ একে বৰণৰ, সমান উচ্চতাত চূণশিলেৰে বনোৱা৷ প্ৰত্যেক ঘৰতে সৰু সৰু বেলকনি আৰু খিড়িকী লগতে সম্মুখত ধুনীয়া ধুনীয়া ফুলৰ টাব৷ প্ৰত্যেক দহবছৰৰ মুৰে মুৰে ঘৰবোৰ চাফা কৰি বৰণবোৰ উজ্জ্বল কৰি ৰখাতো সকলো নাগৰিকৰে কৰ্ত্তব্য বোলে৷ আমাৰ গাইডে কোৱা মতে গোটেই পেৰিছত বোলে আকাশচুম্বী অট্টালিকা চাৰিটামানহে আছে৷ পেৰিছৰ মাজেদি বৈ যোৱা শ্বেন নদীখনে সোণতে সুৱগা চৰাইছে৷ নদীখনৰ লগতে ইয়াৰ দাঁতিকাষবোৰ ইমান চাফা যে তাত বহি ভাত খাব পাৰি৷ অথচ আমাৰ গুৱাহাটীৰ মাজেদি বৈ যোৱা ভৰলুখনলৈ মনত পৰিলে বমি আহিব খোজে৷ আমি লাহে লাহে লৰ্ভ পিৰামিড পাৰ হৈ পৃথিৱীৰ ভিতৰত ডাঙৰ অপেৰা থিয়েটাৰ পালোহি৷ ইয়াৰ পিছতে প্লেচ দি লা কণকৰ্ড পাৰ হৈ পৃথিৱীৰ ভিতৰত ধুনীয়া পথ “শ্বেম্প ইলিচিচ“ পালোহে য’ত আমি ক্ষন্তেক জিৰাই ইয়াৰ সৌন্দৰ্য্য উপভোগ কৰো৷ মুঠতে মহানগৰখনৰ পৰিপাটি চাফ-চিকুণতাই সকলো ফালেই চকু চাৎ মাৰি ধৰে৷ প্ৰায় দুঘণ্টামান মহানগৰখন ঘূৰি ঘূৰি বিভিন্ন ঠাইত ৰৈ ফটো তুলি আমি অৱশেষত গৈ পেৰিছৰ গৌৰৱ আইফেল টাৱাৰ পালোগৈ৷ ২০১৫ চনত হোৱা আতঙ্কবাদী আক্ৰমণৰ বাবে বৰ্তমান আইফেল টাৱাৰটোৰ চাৰিওফালে বেৰা দি নতুনকৈ সুৰক্ষাৰ ব্যৱস্থা কৰিছে৷ বহুত দীঘলীয়া শাৰী পতাৰ অন্তত ইয়াৰ ২য় মহলালৈকে যোৱাৰ সুবিধা পালো৷ ১৮৮৭-৮৯ চনতে বনোৱা এই টাৱাৰৰ উচ্চতা হৈছে ১০৬৩ ফুট৷ এই টাৱাৰত ৩য় মহলালৈকে দৰ্শনাৰ্থীক যোৱাৰ সুবিধা দিয়ে৷ ১ম আৰু ২য় মহলাত ৰেষ্টুৰেণ্ট আৰু অন্যান্য সামগ্ৰীৰ দোকানবোৰ আছে৷ আইফেল টাৱাৰৰ চাৰিটা প্ৰধান খুটাত থকা লিফ্টেৰে মানুহবোৰ অনা-নিয়া কৰি থাকে৷ কোনোবা খোজ কাঢ়ি গ’লেও যাব পাৰে৷ আমি লিফ্টেৰে গৈ ২য় মহলাৰ পৰা পেৰিছ মহানগৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰো৷ শ্বেন নদীৰ পাৰে পাৰে বগাৰঙৰ সমান উচ্চতাৰ ঘৰবিলাকক ওপৰৰ পৰা এখন বগা কাপোৰেৰে ঢাকি থোৱা যেন লাগিছিল৷ ইয়াত থকা দূৰবীণ যন্ত্ৰবোৰত এক ইউৰ’ কইন ভৰালে দূৰৰ সৌন্দৰ্য্যবোৰ আৰু ভালকৈ উপভোগ কৰিব পাৰি৷ গধূলি হোৱাৰ লগে লগে মানে নিশা দহ বজাৰ পৰা এঘণ্টাৰ মুৰে মুৰে দহ মিনিটৰ বাবে আইফেল টাৱাৰ লাইট জ্বলাই উজ্জ্বলাই তোলা হয়৷ ৰাতিৰ আন্ধাৰত আইফেল টাৱাৰৰ যাদুকৰী সৌন্দৰ্য্যয়ে সকলোকে মুগ্ধ কৰি ৰাখে৷ মুঠতে এইবোৰ দেশত পৰ্য্যটকক আৰ্কষণ কৰিবলৈ কি কি যে নকৰে আমি সহজে ধৰিবই নোৱাৰোঁ৷ আমিও এই মনোৰম সৌন্দৰ্য্য উপভোগ কৰি সেই দিনটোৰ স্মৃতি বুকুত বান্ধি বাহিৰে বাহিৰে এখন ভাৰতীয় ৰেষ্টুৰেণ্টত নিশাৰ আহাৰ গ্ৰহণ কৰি নিশা ১১ মান বজাত হোটেল পালোহি৷

পেৰিছত দুৰাতি থকাৰ পিছত আমি টালি-টোপোলা বান্ধি ৩য় দিনা ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিয়ে বাছত বহিলোগৈ৷ এইবাৰ আমাৰ লক্ষ্যৰ স্থান হ’ল পৃথিৱীৰ ভূ্-স্বৰ্গ ছুইজাৰলেণ্ড৷ সপোনৰ দেশখন চাবলৈ মনবিলাক সকলোৰে আনন্দত নাচি আছিল৷ কণমাণিকেইটাই বৰফত গৈ কি কি কৰিব মন থিৰাং কৰিলেই৷ ৰাষ্টীয় ঘাই পথৰ দুয়োপাৰৰ প্ৰাকৃতিক দৃশ্যয়ে সকলোৰে মনবোৰ ব্যাকুল কৰি তুলিছে৷ গাইডৰ চমু ভাষণৰ মাজে মাজে আমাৰ মাৰ্চিডিজ বাছখনো ঘণ্টাত ১০০ কি মি গতিত ধাবমান হৈছে৷ ইয়াৰ ঘাইপথত বাছ/ট্ৰাকবোৰ ঘণ্টাত ১০০ কি মি আৰু সৰু গাড়ীবোৰ ঘণ্টাত ১৩০/১৪০ কি মি বেগত যাব পাৰে৷ এই নিয়ম ভংগ কৰিলে জৰিমনা ভৰিব লাগে৷ ইয়াত চলা প্ৰকাণ্ড প্ৰকাণ্ড যান-বাহন অনা-নিয়া কৰা ট্ৰাকৰ বাহিৰে বাকী সকলো ট্ৰাকৰ গোটেই বডি ঢকা থাকে৷

প্ৰায় ১০০ কি মি অহাৰ পিচত এখন প্ৰকাণ্ড টোল গেট পালো য’ত নেকি স্বয়ংক্ৰিয় মেছিনত কাৰ্ড চুইপ কৰি পাৰ হৈ আহিব পাৰি৷ কোনো কৰ্মচাৰীৰ উপস্থিতি দেখা নাপালো৷ এইখিনিতে আমাৰ অসমৰ ৰহাত টোল গেট খোলা-নোখোলাক লৈ হৈ থকা খেলি-মেলিয়ে মনটো চুই গ’ল৷ তাৰ পথৰ ওপৰত বা কাষত মানুহটো বাদেই অন্যান্য জীৱ-জন্তু এটাও দেখিবলৈ নাপায় মনতে ভাবো- ইমান বহল পথবোৰনো কাৰ বাবে বনাইছে? পথৰ পৰা অলপ দূৰত থকা ঘৰবোৰতো মানুহৰ স্থিতি খুব কমেইহে দেখা যায়৷ বিশাল বিশাল খেতি পথাৰ বোৰত ট্ৰেক্টৰ বা আন কিছুমান মেছিনে দুই এঠাইত কাম কৰি থকা দেখা পালো৷ ইয়াৰ ঘৰ-বাৰীবোৰৰ মাজত আমাৰ নিচিনা কোনো সীমা নাই৷ ইয়াত মানুহে নিজে নিজে গছ ৰোপণ কৰি একোখন বনাঞ্চল গঢ়ি তুলিব পাৰে৷ যেতিয়া গছবোৰ পূৰঠ হয় তেতিয়া সেইবোৰ বিক্ৰী কৰি ৮০ শতাংশ লাভ নিজে ৰাখি ২০ শতাংশ চৰকাৰক দিব লাগে৷ প্ৰায় আঢ়ৈ ঘণ্টামান অহাৰ পিচত আমাৰ বাছ আহি এটা পেট্ৰল পাম্পত লাঞ্চ কৰিবলৈ ৰখাই দিলেহি৷ আচৰিত হৈছে নিশ্চয়, পেট্ৰল পাম্পতনো লাঞ্চ কৰেনে! আচলতে ইয়াৰ পেট্ৰল পাম্পবোৰ একোখন ৰিৰ্জটৰ নিচিনা৷ তেল ভৰোৱাৰ উপৰিও সুন্দৰ বিনামূলীয়া ৱাশ্ব ৰুম, খোৱা-লোৱাৰ বাবে ৰেষ্টুৰেণ্ট, ডিপাৰ্টমেণ্টেল ষ্ট’ৰ আদিৰ সু-ব্যৱস্থা থাকে৷ পেট্ৰল পাম্পটোত নিজে দৰ্কাৰমতে তেল ভৰাই পেমেণ্ট কৰি দিলেই হ’ল৷ তেল ভৰাই দিবলৈ কোনো কৰ্মচাৰী নাথাকে৷ আমি অলপ হাত-মুখ ধুই গাড়ীত হোটেলৰ পৰা লৈ অহা পেকেট লাঞ্চৰ একোটা টোপোলা হাতে হাতে লৈ ৰিৰ্জটৰ বাহিৰে ভিতৰে পাৰি থোৱা টেবুল-চকীত খাবলৈ বহিলো৷ আমাৰ নিচিনা বাহিৰৰ পৰা অনা খাদ্য ৰেষ্টুৰেণ্টৰ ভিতৰত খাবলৈ নিদিয়াৰ কোনো কথা নাই৷ ৰিজৰ্ট খনৰ ওচৰতে উইন্দমিল কিছুমান দেখা পালো, যিবোৰৰ পৰা ইলেকট্ৰিচিটি উৎপন্ন কৰি বহুকিটা পৰিয়াল চলিব পাৰে৷ আমাৰ অসমতো ইমান বতাহ আহিয়ে থাকে গতিকে ইচ্ছা কৰিলে নিশ্চয় এইবিলাকৰ সুবিধা ল’ব পাৰি৷

আধা ঘণ্টামান সময় কটাই আমি পুনৰ বাছত বহিলোহি৷ লাহে লাহে পথৰ কাষৰ দৃশ্যবোৰ মনোৰমতকৈ মনোৰম হৈ আহি আছে৷ পথৰ কাষৰ আঙুৰ খেতিবোৰ দেখি আমাৰ দেশৰ কলৰ খেতিবোৰলৈ বৰকৈ মনত পৰিছিল৷ অলপ দুৰ অহাৰ পিচতে আমি ছুইজাৰলেণ্ড সীমা পালোহি যদিও আমাৰ ইয়াৰ নিচিনা কোনো গেট বা পৰীক্ষণ দেখা নাপালো৷ মাত্ৰ গাড়ীৰ চালকে গৈ নিজৰ নথি-পত্ৰ দেখুৱাই সীমান্তত সোমোৱাৰ কামবোৰ কৰিলেই হ’ল৷ এই কামখিনি কৰোতে ৫ মিনিটমানহে সময় লাগে৷ অৱশ্যে ট্যুৰ গাইডে কোৱা মতে কেতিয়াবা যাত্ৰীকো মাজে মাজে পৰীক্ষণ কৰে৷ লাহে লাহে আমাৰ বাছে পাহাৰীয়া অঞ্চলত প্ৰৱেশ কৰিলে, পথৰ কাষৰ সকলো ঠাই যেন কোনো শিল্পীয়ে আঁকি থোৱা একোখন লেণ্ডস্কেপৰ কেনভাচহে৷ দূৰৰ পৰা আল্পচ পৰ্বতমালাটোক মাজে মাজে নিগৰি থকা বৰফৰ চামনিবোৰে জেব্ৰাটোৰ নিচিনা কৰি তুলিছে৷ আহি আহি পাহাৰীয়া অঞ্চল পাই ভাবিলো এতিয়া নিশ্চয় আমাৰ শ্বিলঙলৈ যোৱাৰ নিচিনা একা-বেকা পথেৰে যাব লাগিব৷ কিন্তু আমাৰ ভাৱনা সম্পুৰ্ণ ভুল, তাত পাহাৰ কাটি ৰাষ্ট্ৰীয় ঘাইপথ বনোৱা কোনো পদ্ধতিয়েই নাই৷ পাহাৰৰ সৌন্দৰ্য্য অটুত ৰাখি সুৰঙ্গ খান্দি চিধা কৰি ৰাষ্টাবোৰ লৈ যায় আৰু য’তেই দৰ্কাৰ হয় দলং বনাই দিয়ে৷ সেয়েহে আমি সমগ্ৰ পথটোত বহুতো সৰু-বৰ সুৰঙ্গ পাৰ হ’ব লগা হ’ল৷ সুৰঙ্গবোৰৰ ভিতৰত পোহৰৰ পৰা ধৰি সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা থাকে৷ প্ৰায় ৬ ঘণ্টামান যাত্ৰাৰ অন্তত আমাৰ বাছ আহি ছুইজাৰলেণ্ডৰ এখন ব্যস্ত চহৰ জেনেভা পালেহি৷
জেনেভা হৈছে জুৰিখৰ পিচতে ছুইজাৰলেণ্ডৰ দ্বিতীয় বৃহত্তম জনবহুল চহৰ যিখন ছুইজাৰলেণ্ডৰ ফৰাছীভাষী জনবহুল চহৰ বুলিও কোৱা হয়৷ আল্পচ আৰু জুৰা পৰ্ব্বতে আগুৰি থকা ৰাইন নদী আৰু জেনেভা হ্ৰদ য’ত মিলিত হৈছে সেই স্থানতে এই মনোৰম চহৰৰ অৱস্থান৷ চহৰখনত সোমায়েই ট্ৰাম চলা দেখিলো৷ ওপৰৰ তাঁৰৰ পৰা ধৰি অন্যান্য যোগা-যোগৰ তাঁৰবোৰ ওপৰেদি পাৰ হৈ গৈছে, যিটো আমি পেৰিছত দেখা নাপালোঁ৷ পেৰিছত সকলো মাটিৰ তলেদিয়ে যোগা-যোগ ব্যৱস্থা, ওপৰখন একেবাৰে মুকলি হৈ থাকে৷

জেনেভাৰ বিশ্বব্যাপী কূটনীতি আৰু আন্তৰ্জাতিক সম্পৰ্কৰ কেন্দ্ৰবিন্দু, আৰু সেইবাবে এই চহৰক গ্লোবেল চিটি বুলি অভিহিত কৰা হয়৷ বিশেষকৈ বিভিন্ন বিখ্যাত আন্তৰ্জাতিক সংগঠন, যেনে ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাৰ কেন্দ্ৰীয় সদৰ কাৰ্য্যলয় ইয়াতে অৱস্থিত৷ ইয়াৰ উপৰিও আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছৰ সদৰ কাৰ্য্যালয়ও ইয়াতেই অৱস্থিত৷ জেনেভা চহৰতে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সম্পৰ্কিত জেনেভা কনভেনশ্বন স্বাক্ষৰিত হৈছিল, যিখন যুদ্ধকালীন অযোদ্ধা আৰু যুদ্ধবন্দীৰ মানৱাধিকাৰ ৰক্ষাৰ এখন চনদ হিচাবে বিবেচিত হয়৷

অলপ পিছতে আমাৰ বাছ আহি জেনেভা হ্ৰদৰ কাষতে থকা পাৰ্কিঙত ৰখাই দিলে আৰু আমাক ২৫ মিনিটমান সময় সেই অঞ্চল ফুৰাৰ ব্যৱস্থা কৰিলে৷ আমি চিধাই গৈ বিশাল জেনেভা হ্ৰদৰ মনোমোহা তথা ১৮৮৬ চনতে স্থাপন কৰা সেই সময়ত প্ৰায় ৩০ মিটাৰ উচ্চতালৈকে পানী উঠা, ১৯৫১ চনত পুনৰ নিৰ্মাণ কৰি উলিওৱা বৰ্তমান ৯০ মিটাৰ উচ্চতালৈকে পানী উঠা “জেট ডিইও” নামৰ ফোৱাৰাতো চাবলৈ গ’লো৷ সঁচাকৈ এই ফোৱাৰাতো দেখি নয়ন সাৰ্থক হ’ল, ফোৱাৰাৰ একেবাৰে ওপৰৰ ফালে সূৰ্য্যৰ ৰশ্মি পৰি ৰামধেনুৰ সৃষ্টি হৈ ৰূপতে ৰহণ চৰাইছে৷ আমি সেই দৃশ্যৰ মনোমোহা ৰূপ চিন হিচাবে ৰাখি দুখনমান ফটো তুলিলো৷ সময়ৰ তাগিদাত সেই সৌন্দৰ্য্য তাতে এৰি ওচৰতে থকা জেনেভাৰ আন এক সৌন্দৰ্য্য প্ৰায় ৬৫০০ জোপা ফুলেৰে নিৰ্মিত ফুলৰ ঘড়ী চাবলৈ গ’লো৷ তাতো ঠেলা-হেঁচাকৈ দুখন ফটো তুলি পুনৰ বাছত উঠিলোগৈ৷ এইবাৰ আমাক লৈ গ’ল জেনেভাত অৱস্থিত ৰাষ্ট্ৰসংঘৰ বিভিন্ন সদৰ কাৰ্য্যলয় সমূহ দেখুৱাবলৈ৷ কিতাপত পঢ়ি থকা ইউনেস্ক’, ডব্লিউ টি অ’, ৰেডক্ৰছ আদিৰ প্ৰধান কাৰ্য্যালয়বোৰ ওচৰৰ পৰা দেখি মন ভৰি গ’ল৷ আটাইতকৈ ভাল লাগিল ৰাষ্ট্ৰসংঘৰ কাৰ্য্যলয়ত আমাৰ দেশৰ পতাকাখন বাওঁফালৰ শাৰীৰ সাত নম্বৰত উৰি থকা দেখি৷ ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ ঠিক ওলোটা ফালে এটা ঠেঙ ভঙা ডাঙৰ চকী এখন থোৱা আছে, ইয়াৰ কাৰণ জানিব বিচৰাত গম পালো যে ১৯৯৭ চনত

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক