ইক’লজিকেল ইঞ্জিনীয়াৰিং -(ৰুদ্ৰ নাৰায়ণ বৰকাকতি)

ইক’লজিকেল ইঞ্জিনীয়াৰিং

-ৰুদ্ৰ নাৰায়ণ বৰকাকতি

 

হাইদৰাবাদৰ ৰাজেন্দ্ৰনগৰস্থিত “ৰাষ্ট্ৰীয় বনস্পতি স্বাস্থ্য প্ৰবন্ধন সংস্থান”ৰ দ্বাৰা এপ্ৰিলৰ ৪ তাৰিখৰ পৰা ২৪ তাৰিখ’ ২০১৪ লৈ আয়োজিত এক কৃষিবিজ্ঞানীৰ প্ৰশিক্ষণত অংশগ্ৰহন কৰোতে এই সংস্থানৰ মুখ্য নিৰ্দেশক ড০ কে. পি. সত্যগোপালে আমাক “ইক’লজিকেল ইঞ্জিনীয়াৰিঙৰ সহায়ত শস্যৰক্ষা” শীৰ্ষক এক বিষয়ৰ প্ৰশিক্ষণ আগবঢ়ায় ৷ কৃষি ক্ষেত্ৰত পোক-পতংগ নিৰ্মূলৰ বাবে সুসংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে সকলোৱে জানে ৷ ১৯৬৭ চনৰ পৰা বিশ্ব খাদ্য সংস্থাই গুৰুত্ব প্ৰদান কৰা সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাত অপকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে শস্য পৰিচৰ্যা, ভৌতিক, যান্ত্ৰিক, জৈৱিক, থলুৱা প্ৰযুক্তি কৌশল আদি নিয়ন্ত্ৰণ ব্যৱস্থা সমূহ ব্যৱহাৰ কৰাৰ পাছতো যদি অপকাৰী কীট-পতংগই অৰ্থনৈতিক ক্ষতিকাৰী সীমা (Economic Threshold Level) মানে পতংগনাশক ব্যৱহাৰৰ লক্ষ্মণৰেখা পাৰ হ’লেই কৃত্ৰিম ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰৰ অনুমতি দিয়া হয় ৷ তেন্তে শস্যৰক্ষাৰ বাবে “সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা”ৰ দৰে এক ফলপ্ৰসূ ব্যৱস্থা থকাৰ পাছতো ইক’লজিকেল ইঞ্জিনীয়াৰিঙৰ ওপৰত নিৰ্ভৰ কৰিবলগা হ’ল ৷

এই কথা আমি সকলোৱে জানো যে, চুইজাৰলেন্ডৰ ৰসায়নবিদ, পল হাৰমান মুলাৰে ১৯৩৯ চনত ডি.ডি.টি.ৰ কীটনাশকতত্ব আৱিষ্কাৰ কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত মেলেৰিয়া আৰু টাইফাচ ৰোগৰ বিৰুদ্ধে ডি.ডি.টি. ব্যৱহাৰ কৰা হৈছিল ৷ যুদ্ধক্ষেত্ৰৰ সৈনিকৰ পৰা শিশুলৈকে গাত পাউডাৰ সনাৰ দৰে ডি.ডি.টি. সানি পোক-পতংগৰ আক্ৰমনৰ পৰা ৰক্ষা পৰিছিল আৰু মানৱ সমাজৰ বাবে সুফলদায়ক এই কীটনাশকৰ চমৎকাৰী আৱিষ্কাৰৰ স্বীকৃতি হিছাপে ১৯৪৮ চনত মুলাৰক নোবেল বঁটাৰে বিভুষিত কৰা হয় ৷ কিন্তু ডি.ডি.টি.ৰ এই জয়যাত্ৰা বেছিদিন নিটিকিল ৷ মানুহে লাহে লাহে ডি.ডি.টি.ৰ পৰা উদ্ভৱ হোৱা ক্ষতিকাৰী দিশৰ সম্পৰ্কে অৱগত হ’বলৈ ধৰিলে ৷ ১৯৬২ চনৰ ২৭ চেপ্টেম্বৰত প্ৰকাশিত মাৰ্কিন লেখিকা ৰাছেল কাৰ্চনৰ “চাইলেন্ট স্প্ৰিং” নামৰ গ্ৰন্থখনে বিশ্বত খলকনি তোলে ৷ শস্যক্ষেত্ৰ বা অন্য ঠাইত প্ৰয়োগ কৰা ডি.ডি.টি. পানীৰ লগত উটি গৈ এটা পানীৰ সূঁতিত পৰে, য’ত অসংখ্য চিৰ্পিং বাৰ্ডৰ অবাধ বিচৰণ আছিল ৷ ডি.ডি.টি.ৰ প্ৰয়োগৰ ফলত এই চৰাইৰ কনীৰ বকলাখন পাতল হৈ পৰিল আৰু ডি.ডি.টি.ৰ কুপ্ৰভাৱত চৰাইৰ সংখ্যা কমি অহাৰ লগতে অন্যান্য জলজ জীৱৰ সংখ্যাও কমি গ’ল ৷ পক্ষীৰ সুললিত কলৰৱহীন সূঁতিটো এদিনাখন মৃতপ্ৰায় হৈ পৰিল৷ ডি.ডি.টি.ৰ দ্বাৰা মানৱ সমাজৰ লগতে সমস্ত জীৱজগত কিদৰে ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ বৰ্ণনা থকা এই গ্ৰন্থখনে মাৰ্কিন যুক্তৰাষ্ট্ৰত এই কীটনাশক ব্যৱহাৰত নিষেধাজ্ঞা দিবলৈ বাধ্য কৰে ৷

ইফালে, পতংগ নিয়ন্ত্ৰণৰ শেষ অস্ত্ৰ হিচাপে ৰাসায়নিকৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগে লগে সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা সমালোচনাৰ সম্মুখিন হ’ল ৷ সমালোচক সকলে, সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা (IPM বা Integrated Pest Management)ক সু-সংহত পতংগনাশক ব্যৱস্থাপনা (Integrated Pesticide Management) নামেৰে অভিহিত কৰিবলৈ‍ ধৰিলে ৷ সেয়েহে, মুখ্য নিৰ্দেশক ড০ কে. পি. সত্যগোপালে, অপকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে পূৰ্বৰে পৰা চলি অহা ETL ৰ পৰিৱৰ্তে কৃষি পৰিবৱে‍শতন্ত্ৰৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়ে৷ কৃষি পৰিৱে‍শ তন্ত্ৰত অপকাৰী কীট পতংগ সমূহৰ লগতে উপকাৰী কীট পতংগও থাকে ৷ যিদৰে বাঘে হৰিণাক খাদ্যৰূপে গ্ৰহণ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিছে, ঠিক তেনেকৈ উপকাৰী কীট সমূহে অপকাৰীবোৰক প্ৰাকৃতিক ভাৱে দমন কৰি আছে৷ কৃত্ৰিম ৰাসায়নিক দ্ৰৱ্যৰ অপপ্ৰয়োগে অপকাৰী আৰু উপকাৰী দুইধৰণৰ পতংগ ধ্বংস কৰে ৷ আমাৰ পৰিৱে‍শ তন্ত্ৰক যথেষ্ট ক্ষতি কৰিছে ৷ কীটনাশকৰ সক্ৰিয়তা হ্ৰাস হোৱাৰ পাছত প্ৰাকৃতিক শত্ৰুৰ অভাৱত অপকাৰী কীটসমূহৰ প্ৰাদূৰ্ভাৱ বাঢ়ি যায় ৷ সেয়েহে কৃত্ৰিম ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ আগেয়ে মানুহ সচেতন হোৱাৰ আৱশ্যক ৷ কম কমকৈ বেলেগ বেলেগ খেতি কৰিলে অপকাৰী পোক-পতংগক প্ৰাকৃতিক ভাবে দমন কৰি থকা জীৱবোৰৰ সক্ৰিয়তাৰ বাবে কোনো ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ নকৰাকৈ শস্য ৰক্ষা কৰিব পৰা যায় ৷ উদাহৰণস্বৰূপে, জিঁয়াই শস্য অনিষ্টকাৰী পোকৰ কনী খাই সেইবোৰৰ বংশবৃদ্ধি ৰোধ কৰে; আকৌ, মকৰাই বহুত পোকক জীৱন্তে খাদ্য ৰূপত গ্ৰহণ কৰে৷ ইয়াক Ecological Engineering বুলি কোৱা হয়, শ্ৰুতিমধুৰ এই শব্দটোৰ লগত কোনো “ৰকেট চাইঞ্চ” জড়িত নহয়, তথাপি ই মানুহক খাদ্য সুৰক্ষা দিবলৈ সক্ষম।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক