ইচ্ছাশক্তি – ড° সমাদৃতা গোস্বামী

Where the willingness is great, the difficulties can’t be great (Niccolo Machiavelli)

থাইলেণ্ড বৰাধানৰ চাউল খাই ভালপোৱা এগৰাকী অসমীয়া মহিলাই সেই ধানৰ সঁচ বিক্ৰেতাক বিচৰাত বিক্ৰেতাই দিবলৈ অমান্তি হ’ল৷ চাউলৰ দাম কেজিত দেৰশ টকা৷ কৰ্মপটু, শিক্ষিত মহিলাগৰাকীয়ে হাৰ নামানিলে৷ সেই বিক্ৰেতাজনৰ পৰাই কিনা চাউলৰ পৰা ধান বাচি বাচি তেওঁ গোটাই গ’ল৷ তেনেকৈ গোটোৱা বিশটা ধান সিঁচি তেওঁ এগোছ কঠীয়া পালে৷ সেই কঠীয়াৰ পৰাই তেখেতে ধান ৰুলে৷
মহিলাগৰাকী হ’ল নামৰূপ মহাবিদ্যালয়ৰ সহ অধ্যাপক ড° ছবি গগৈ৷
য’ত একেবাৰে আশা বা সুযোগ-সুবিধা নাই, তাতো নিজৰ মগজ খটুৱাই কল্পনাক বাস্তৱ ৰুপ দিয়াৰ উদাহৰণ হ’ল ড° ছবি গগৈ বাইদেউ৷
শস্যৰ উপযোগী মাটিৰ মালিক হৈ “খেতি কৰিলেও বান্দৰে খাই“ বুলি বা “আঁদা-হালধিৰ খেতি কৰিলে লাভ নাই“ বুলি কপাল থপৰিয়াই থকা মানুহক যিমান সুবিধা দিলেও প্ৰতিষ্ঠিত হ’ব নোৱাৰে৷ ঋণাত্মক ভাৱনা যাৰ স্বভাৱগত লক্ষণ তেনে মানুহৰ মনক সৰগৰ পাৰিজাতেও জুৰণি দিব নোৱাৰে৷ অসমত বগৰীৰ খেতি কৰিও মানুহ স্বাৱলম্বী হৈছে৷ এটি তিনি বছৰীয়া কন্যা সন্তানৰ মাতৃ স্বৰ্ণ গগৈ চেতিয়াই দুলীয়াজানৰ ব্যস্ত ৰাস্তাত ই-ৰিস্কা চলায়৷ দৰ্শনা সেন গুপ্তায়ে গুৱাহাটীত মহিলাক ড্ৰাইভিঙৰ প্ৰশিক্ষণ দিয়ে৷ কৰ্মই মানুহৰ মনত গতি দিয়ে৷ সময় পাৰ কৰিবলৈকে কোনো কোনো মানুহে উল গুঠে, চিলাই কৰে, তাঁত বয়৷ চকুৰে কম দেখা বয়সীয়াল মানুহে এইবোৰ কাম কৰিব নোৱাৰে দেখি ফুল ৰোৱে, বা ঘৰটোকে সঁজাই৷ এখন ঘৰত দুই তিনিটা লগুৱা থকাৰ পাচতো কামৰ অভাৱ নহয়৷ লগুৱাই সদায় ঘৰ চাফা কৰিলেও বিছনাৰ তল লেতেৰাই হৈ থাকে৷ দূৰদৰ্শনটো বা দূৰদৰ্শন যন্ত্ৰ থোৱা টেবুলখন, বিছনাৰ কাঁঠবোৰ, পাকঘৰত বাচন থোৱা ঠাইবোৰ ধূলি পৰি লেতেৰা হয়৷ এইবোৰ চাফা কৰিও মানুহ ব্যস্ত হৈ থাকিব পাৰে৷ কিন্তুু কেৱল খোৱা আৰু শোৱাৰ চিন্তা কৰা মানুহবোৰৰ কথা বেলেগ৷ তেওঁলোকে সময় অনুযায়ী এই দুফেৰী কাম ঠিকেই কৰে কিন্তুু বাকী সৰু-সুৰা কামবোৰ কৰাতহে তেওঁলোকৰ হাজাৰটা অসুবিধা৷ পঞ্চাছ বছৰ বয়স গৰকা মানুহৰ কাৰণেতো “এতিয়া আৰু বয়স নাই“ টোৱেই হয় কাম নকৰাৰ মুখ্য অজুহাত৷ এনে ধৰণৰ মানুহেই বিছনাত পেট পেলাই আৰাম কৰি চলমান খান বা শ্বাহৰুখ খানৰ চিনেমাবোৰ উপভোগ কৰে অথচ পাহৰি যায় যে বয়সৰ লেখেৰে তেওঁ চলমানহঁতৰ সমান!
জীৱ-জন্তুবোৰৰ থাকে এটা উদ্দেশ্য৷ কুকুৰে টোপনিয়াই থাকিলেও চোৰ আহিব পাৰে বুলি সজাগ হৈ থাকে৷ কাৰোবাৰ ঘৰৰ জেওৰা ভঙা থাকিলেই হ’ল, গৰুৱে বাৰীৰ শাক-বন খোৱাৰ উদ্দেশ্যেৰে যাবই৷ মানুহৰ দৰে ভাৱলেষহীণ হৈ, উদ্দেশ্যহীণ হৈ জীৱ-জন্তু নাথাকে৷ একতাৰ ক্ষেত্ৰত পৰুৱা উৎকৃষ্ট উদাহৰণ৷ এখন্তেকো জিৰণি নোলোৱাকে পৰুৱাই এটা শাৰী হৈ কাম কৰে৷ ৰাস্তা-ঘাট বনোৱাৰ কামতে হওক বা কিবা সভা এখন পতাৰ কামতে হওক সদায় দায়িত্বভাৰ থকা বেছিভাগ মানুহে কামৰ মাজতে আৰাম কৰে কাৰণে নিৰ্দিষ্ট কেইজন মান মানুহে সাংঘাতিক কষ্ট নকৰিলে সভাখন হৈ নুঠেগৈ৷ সকলো পৰুৱাই সমানে একে বলেৰে নিৰ্দিষ্ট ঠাইলৈ যায়, অথচ মানুহৰ কাৰণেহে যেন বল-বিক্ৰমবোৰ ভিন্ন! জান বা পুখুৰীত মাছ মৰা চাই থাকিয়েই দিনটো পাৰ কৰা মানুহ এজনক তেওঁৰ কৰিবলগীয়া কাম নাই নেকি বুলি সুধিলে তেওঁ নিয়াৰীকৈ তেওঁৰ কামৰ বাখ্যা আগবঢ়াব পাৰে৷ মানুহে কি কৰিব লাগে জানে, কিন্তুু ৰুপায়ন কৰিবলৈ আগবাঢ়ি যাবলৈ এলাহ কৰে৷
প্ৰত্যেক দিনাই মানুহে এটা নহয় এটা সমস্যাৰ লগত মোকাবিলা কৰিব লগীয়া হয়৷ এটা সমস্যা শেষ হয় কি নহয়, ইটোৱে জুমুৰি দি ধৰে৷ এনে সৰু সৰু সমস্যাই মানুহক দীৰ্ঘম্যাদী আচনি ৰুপায়ণত বাধা দিয়ে৷ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত এনে সমস্যাই বাধা হৈ পৰে৷ মানুহে ভাবে যে এই সমস্যাটোৰ পৰা মুক্ত হৈয়ে মই মোৰ লক্ষ্যৰ কাৰণে অনুশীলন আৰম্ভ কৰিম৷ কিন্তুু মানুহৰ সমস্যাৰ অন্ত নহয়৷ গীটাৰ বজাবলৈ আগ্ৰহ থকা ছোৱালী এজনীয়ে পইচা গোটাই গীটাৰ এখন কিনিলে৷ কিন্তুু সময়ৰ অভাৱত তাইৰ গীটাৰ শিকা নহয়৷ যিকোনো এটা বস্তু শিকাৰ ক্ষেত্ৰত দৰকাৰী কথাটো হ’ল প্ৰাধান্য৷ চাকৰি কৰি ভাগৰ লগা ল’ৰা এজনেও সেয়ে প্ৰতিযোগিতামূলক পৰীক্ষালৈ ভালদৰে অনুশীলন কৰিব পাৰে৷ কাৰণ ল’ৰাজনৰ প্ৰথম প্ৰাধান্য পোৱা কাম হ’ল পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাকৈ পঢ়া-শুনা কৰা৷ সেয়ে চাকৰিত আঁঠ-ন ঘণ্টা সময় দিয়াৰ পাচতো ঘৰত আহি ধৈৰ্য সহকাৰে ল’ৰাজনে পঢ়া-শুনা কৰিব পাৰে৷
এখন হাবিত দহটা হিংস্ৰ কুকুৰ আছে৷ হাবিখনৰ মাজেৰে পাৰ হৈ যাবলৈ হ’লে কেনেদৰে যাব এই সম্পৰ্কে চাৰিজন শিক্ষিত যুৱকক সোধা হ’ল৷ এজনে ক’লে যে তেওঁ দা এখন লৈ যাব৷ কুকুৰে আক্ৰমণ কৰিলে এফালৰ পৰা সৱকে কাটি যাব৷ এজনে ক’লে যে তেওঁ দাঠ কাপোৰ পিন্ধি যাব৷ যাতে কুকুৰে কামুৰিলেও তেওঁ দুখ নাপায়৷ এজনে ক’লে যে তেওঁ কুকুৰকেইটাক খোৱা বস্তু দি প্ৰলোভিত কৰিব৷ এজনে ক’লে যে তেওঁ “ভৌ ভৌ“কৈ ভুকি যাব, যাতে কুকুৰ কেইটাই তেওঁক সিহঁতৰ বন্ধু বুলি ভাবে৷
যিকোনো এটা সমস্যাৰ মুখামুখি মানুহ এজন কেনেকৈ হ’ব সেয়া নিৰ্ভৰ কৰে মানুহ এজনৰ ব্যক্তিত্বৰ ওপৰত৷ দৈনন্দিন জীৱনত আমি এনে মানুহ লগ পাওঁ যি হিংস্ৰতাৰে আমাৰ মন-মগজুত আঘাত হানে৷ তেনে হিংস্ৰতাক প্ৰতিহত কৰিবলৈ আমি কি কৰিব পাৰো? চাৰিজন শিক্ষিত যুৱকে কুকুৰ কেইটাৰ মুখামুখি কিদৰে হ’ব সেই উত্তৰৰ পৰাই দৈনন্দিন জীৱনৰ সমস্যাৰ লগত তেওঁলোকে কিদৰে সহাৱস্থান কৰে তাৰ আভাস পাব পাৰি৷ সমস্যাৰ সৃষ্টি কৰা মানুহৰ লগত আমি মুখামুখিকৈ ৰণ কৰিব পাৰো, তেওঁলোকৰ পৰা এক সুৰক্ষিত অৱস্থাত অৱস্থান কৰিব পাৰো, প্ৰলোভনেৰে তেওঁলোকক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰো বা তেওঁলোকে যেনে আচৰণ কৰে একেই আচৰণ আমিও কৰিব পাৰো৷ কিছুমান মানুহৰ ধৈৰ্য শক্তি বহুত বেছি৷ ইয়াৰ মূলতে হ’ল মানুহজনৰ ব্যতিক্ৰম জীৱনশৈলী৷ সদায় বাতানুকুল ঘৰত থকা মানুহে ৰ’দত ওলাই ইচাত বিচাত কৰে৷ কিন্তুু একে সময়তে থেলাৱালা, ৰিস্কাৱালা, দ্ৰাইভাৰ, পদাচাৰী, যাত্ৰীয়ে ব্যস্ততাৰে ৰ’দতে দৈনন্দিন জীৱন যাপন কৰি থাকে৷ ধৈৰ্য মানুহৰ তেতিয়া বাঢ়ে যেতিয়া মানুহে পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লয়৷ মানুহ এজনে জীয়াই থাকিবলৈ যিটো পথ বাচি লয়, সেই পথত মুখামুখি হ’বলগীয়া সকলো সমস্যাৰ কাৰণ তেওঁ নিজেই৷ ঘৰ-সংসাৰ এৰি কষ্টকৰ চাকৰি কৰা মহিলা এগৰাকীয়ে “ইমান কষ্ট, ইমান কষ্ট“ বুলি সদায় কৈ কৈ কৰ্মস্থলীত কামৰ পৰিৱেশ বিনষ্ট কৰাৰ আগতে এই কথা ভাবি নাচায় যে চাকৰিটো কৰাৰ সিদ্ধান্ত তেওঁৰ সম্পূৰ্ণ নিজা৷ ঋণাত্মক কথা কোৱা মানুহে তেনে কথা বাৰম্বাৰ কৈ কৈ নিজৰেই অপকাৰ কৰাৰ লগতে আনৰ মনটোও ঋণাত্মক কৰি পেলায়৷ মানুহ এজনে দৈনন্দিন জীৱনত কিধৰণৰ কথাবোৰত লাগি থাকে সেয়া চোৱাতকৈ কোনবোৰ ভাল কথাৰ প্ৰতি তেওঁ নিৰুদ্বেগ সেয়া পৰ্যবেক্ষণ কৰিলেই মানুহ এজনৰ বিষয়ে সম্যক ধাৰণা কৰিব পাৰি৷ একেটা ৰাস্তাৰে সদায় অহা দুজন মানুহৰ এজনে বিলৰ পদুম ফুল বোৰ নেদেখিবও পাৰে৷ সদায় দেওবৰীয়া বজাৰ কৰিবলে অহা মানুহবোৰৰ দুই এজনেহে বজাৰৰ মাজত বহি থকা উলংগপ্ৰায় পগলা বা পাগলীজনীক মন কৰে৷ অস্ত যোৱা সূৰ্যটোলৈ, আকাশত ডাৱৰে সৃষ্টি কৰা ছবি বোৰলৈ, আকাশেদি উৰি যোৱা চৰাই জাকলৈ, দূৰণিত জিলিকি থকা নীলা পাহাৰকেইটালৈ চকু খুব কম মানুহৰহে যায়৷ ঋণাত্মক মনৰ মানুহে চেলাপতি জোক লাগিব বুলি ভাবি কঠীয়া ৰুবলৈ বা পথাৰত মাছ ধৰিবলৈ ভয় কৰে, নখ ক’লা হ’ব বুলি ভাবি আমলখি-শিলিখাৰ আঞ্জা নবনায়, হাত খজুৱাব বুলি ভাবি কচু শাকৰ আঞ্জা নবনায়, পঢ়িলেও চাকৰি নেপায় বুলি ভাবি ভালদৰে পঢ়া-শুণা নকৰে, ভালকৈ কাম কৰিলেও আনৰ প্ৰশংসা নেপাই কাৰণেই কৰ্মস্থলীত দৈনন্দিন কামবোৰ সূচাৰুৰুপে নকৰে, ইত্যাদি৷ এনে মানুহে সৰু সৰু কামৰো হাজাৰটা খুট দেখুৱাই কামটো জটিল যেন লগাই পেলায়৷
মানুহে সেয়ে সদায় নিজতকৈ শ্ৰেষ্ঠ আৰু ধনাত্মক কথাৰে উৎসাহ যোগোৱা লোকৰ সংগ ল’ব লাগে৷ লেখক শিৱ খেৰাৰ মতে মানুহ এজন কেনেকুৱা সেয়া কেৱল তেওঁৰ সংগৰ পৰাই জানিব নোৱাৰি, কোনবোৰ মানুহক তেওঁ পৰিহাৰ কৰি চলে তাৰ পৰাও মানুহ এজনৰ চৰিত্ৰ জানিব পৰা যায়৷
খুব কম মানুহেহে জীৱনত নিজৰ ধৰণেৰে কামবোৰ কৰিবলৈ পায়৷ শিক্ষাৰ্থীয়েই হওক, চাকৰি ব্যৱসায় বা অন্য কাম কৰা মানুহেই হওক, এটা প্ৰণালী(system)ৰ মাজেৰে চলিবলৈ বাধ্য৷ বাধ্য-বাধকতাই মানুহক কামত নিপুণ কৰে৷
বাধ্য-বাধকতাবোৰত আমনি পোৱাতকৈ তাৰ পৰা নিজৰ কি লাভ হ’ব পাৰে ভাবি কামবোৰ দুগুণ উৎসাহেৰে কৰিব লাগে৷ কেতিয়াবা আনে আমাৰ কষ্ট হওক বুলিয়েই আমাক শলঠেকত পেলায়৷ কিন্তুু আমাৰ লাভহে হয়৷ আমি পৰিপক্ব হোৱাৰ সুযোগ পাওঁ৷ ৰন্ধা-বঢ়া ভালকৈ নজনা বোৱাৰী এজনীয়ে শাহু-শহুৰৰ আলপৈচান ধৰোঁতে ধৰোঁতে সুস্বাদু খাদ্য ৰান্ধিৱ পৰা হৈ যায়৷ দৈনন্দিন জীৱনত আনে আমাৰ ওপৰত জাপি দিয়া বাধ্য-বাধকতাবোৰে এটা এটা দিন আমাক আমনি লগাই যদিও শেষত গৈ আমি পৰিপক্ব হৈ উঠো৷ আনৰ বিশ্বাসভাজন হ’বলৈ, নিপুণতাৰে কামটো কৰিবলৈ কৰোতাজনৰ ধৈৰ্য আৰু মনোযোগিতা দুয়োতাই প্ৰয়োজনীয়৷ কিছুমান মানুহ প্ৰায় সকলো কামতে ওষ্টাদ৷ যিকোনো কাম তেওঁলোকে অনায়াসে কৰিব পাৰে৷ মানুহ এজনে কেৱল তেওঁক কৰিবলৈ দিয়া কামকেইটা কৰি বহি থাকিব পাৰে নাইবা এলাহ নকৰি তেওঁৰ আয়ত্তৰ অধীন বাকী কামবোৰো কৰিব পাৰে৷ পঢ়া-শুণা কম থকা কিন্তুু যিকোনো কাম কৰিবলৈ উন্মুখ এজন মানুহে এটা কাৰ্যালয়ত সহায়ক(helper) হিচাপে কাম কৰে৷ সহায়কৰ কাম হ’ল ফাইলবোৰ এখন টেবুলৰ পৰা আন এখনলৈ নিয়া, বিষয়া-কৰ্মচাৰীক সময়মতে চাহ যোগান ধৰা ইত্যাদি৷ কিন্তুু তেওঁ নিজৰ কামৰ উপৰিও বাকী সকলো কাম যেনে ৰং দিয়া, এ চি ভাল কৰা আদি কামত ওষ্টাদ কাৰণে কাৰ্যালয়ত মানুহজনৰ গুৰুত্ব বহুত বেছি৷ এক কথাত কাৰ্যালয়ৰ যিকোনো কাম তেওঁ নহ’লে নহয়৷ এনে মানুহবোৰ হ’ল আমাৰ চকুৰ সমুখতে থকা আদৰ্শ৷ এলেহুৱা, কথাচহকী কাৰ্যালয়ৰ উচ্চশিক্ষিত বিষয়া-কৰ্মচাৰীতকৈ কাম এটা দায়িত্বসহকাৰে কৰা এই সহায়ক জন বেছি সন্মানীয় মানুহ৷
ক, খ, গ তিনিজন নলেগলে লগা বন্ধু৷ এদিন নৈৰ পাৰত তিনিও ফুৰিবলৈ যায়৷ কিবা কথাত তিনিওৰে কাজিয়া লাগে৷ কএ খক নদীলৈ থেলা মাৰি দিয়ে৷ তাকে দেখি খঙতে গএ কক থেলা মাৰে৷ পানীত পৰিয়েই দুয়োতাই ভয়তে হাত-ভৰি মাৰিবলে লাগিল৷ দুয়ো গম পালে যে মৃত্যু নিচেই কাষত৷ খয়ে আগতে দেউতাকে কেনেকৈ সাতোঁৰে কোৱা কথাবোৰ মনত পেলাই যিমান পাৰে সিমান হাত দুখন পানীত মৰাত লাগিল৷ ভৰিৰে পানী থেলিলে৷ পিঠিখন উপঙাবলৈ চালে৷ উশাহ যাতে লৈ থাকিব পাৰে তাতো গুৰুত্ব দিলে৷ তেনেকৈ চেষ্টা কৰি কৰি সি পাৰ পাই মাটি খামুচি ৰ’ল৷ ইফালে কয়ে পানীত পৰি কিংকৰ্তব্য বিমোৰ হ’ল৷ সি মৰিলোৱেই বুলি ভাবি চিঞৰাত লাগিল৷ যিমানে চিঞৰিল সিমানে পানীও খালে, উশাহ লোৱাত অসুবিধা পালে৷ তাৰ মগজটো খালি যেন লাগিল আৰু এসময়ত সি পানীৰ তলত বুৰ গ’ল৷
বিপদৰ সময়ত ধৈৰ্য হেৰুৱাই চিঞৰ বাখৰ কৰাতকৈ শান্ত মনেৰে সমাধান বিচাৰিলেই মানুহে উদ্ধাৰৰ পথ বিচাৰি পায়৷ জীৱন সংগ্ৰামত আপুনি খ ৰ দৰে যুজিব নে ক ৰ দৰে বুৰ যাব সেয়া নিৰ্ভৰ কৰে আপোনাৰ মনোবল, বুদ্ধি আৰু সাহসৰ ওপৰত৷
ড° ছবি গগৈ বাইদেৱে চাউলৰ পৰা ধান বাছি বাছি থাইলেণ্ড বৰা ধানৰ খেতি কৰাৰ দৰে আমিও আমাৰ সৰু সৰু সপোনক বাস্তৱিক ৰূপ দিব পাৰো৷ মহিলা হৈ ৰিস্কা চলোৱা বা ড্ৰাইভিঙ শিকোৱা কামটো কঠিন যদিও স্বৰ্ণ গগৈ বাইদেউ বা দৰ্শনা সেন গুপ্তা বাইদেউৰ দৰে প্ৰৱল ইচ্ছাশক্তিৰ গৰাকী হৈ আমিও আত্মসংস্থাপনৰ পথ বিছাৰি ল’ব পাৰো৷ শিৱসাগৰ জিলাৰ মৰাণ চহৰৰ দেওবৰীয়া বজাৰত এজন আলৰ বুঢ়াই প্ৰায়ে কুকুৰাৰ কণী বিক্ৰী কৰে৷ চৌফলীয়া ৰ’দত এদিন এজন গ্ৰাহকে তেওঁক পুতেক-জীয়েকে নেচাই নেকি বুলি সোধে৷ বুঢ়াজনে হাঁহি হাঁহি ক’লে যে অভাৱত পৰি তেওঁ কণী বিকা নাই৷ তেওঁ কাম কৰি ভাল পায় কাৰণেহে ঘৰৰ কুকুৰাৰ কণী কেইটা বিক্ৰী কৰিছেহি৷ ইতিবাচক চিন্তাৰে জীৱনটো উদযাপন কৰা এনে মানুহেৰে আমাৰ চৌপাশ ভৰি আছে৷ বয়স বা বেলেগ অসুবিধাবোৰ এওঁলোকৰ কাৰণে হেঙাৰ নহয়৷ ইচ্ছাশক্তিৰ জোৰতেই এনে মানুহবোৰে তেওঁলোকৰ সৰু সৰু আকাংক্ষাবোৰক জয় কৰিছে৷ নিক’ল’ মেকিয়াভেলিয়ে ঠিকেই কৈছিল য’ত
ইচ্ছাশক্তি প্ৰৱল তাত জটিলতা প্ৰতিবন্ধক নহয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments