ইজেলৰ আধৰুৱা ছবিখন (দীপাঙ্ক বৰা)

আকাশ খন গোমা হৈ আহিছিল। বৰষুণ দিব অতি সোনকালেই। ফুটপাথটোত মেলি থোৱা ছবিখিনি সামৰি আকাশলৈ চালে অমৰে। তিনিমান বজাই নাছিল বোধকৰো। সন্ধিয়ালৈকে বহিব পৰা হ’লে দুই এখন ছবি বিক্ৰী হোৱাৰ ক্ষীণ আশা এটা আছিল। কিন্তু সম্ভাব্য বৰষুণজাকত ছবিবোৰ নষ্ট হোৱাৰ আশংকাত অমৰে তাৰ ফুটপাথৰ দোকানখন বন্ধ কৰি পেলালে। তেতিয়ালৈকে এখনো ছবি বিক্ৰী হোৱা নাছিল। বহু দেৰিৰ পৰা লাগি থকা তীব্ৰ ভোকটোৰ বাবে তাৰ দুৰ্বল শৰীৰটো আৰু দুৰ্বল যেন লাগিছিল। কথাতো ভবাৰ লগে লগে ওকালি এটাই পেটৰ ভিতৰৰ পিত্ত পানীবোৰ মুখলৈ উজাই আনি উগ্ৰ তিতা আৰু টেঙা সোৱাদ এটাৰ সৃষ্টি কৰিলে। ৰাতিপুৱাতে আগদিনাৰ অৱশিষ্ট ব্ৰেড এটাৰ দুটুকুৰামান খোৱাৰ বাহিৰে একো খোৱা নাছিল সি। দিনটোত এখনো ছবি বিক্ৰী নহ’ল যেতিয়া অনাগত ৰাতিটোতো খাবলৈ পোৱাৰ আশা কম। বৰষুণ পৰিবলৈ ধৰিছিল। উৱঁলি যোৱা পলিথিনখনেৰে ছবিবোৰ বান্ধি বুকুৰ মাজত সাৱটি কাষৰ গেলামালৰ দোকানখনৰ বাৰান্দাৰ এচুকত আশ্ৰয় ল’লে অমৰে। আনটো মূৰত বহি থকা পাণ-তামোল, চিগাৰেট বেচা স্বামী পৰিত্যক্তা বেপেৰোৱা স্বভাৱৰ চম্পা নামৰ মানুহজনীয়ে তাৰ ফালে তীৰ্য্যক চাৱনি এটা নিক্ষেপ কৰাত অমৰে আনফালে মূৰ ঘূৰালে। সুযোগ পালেই মানুহজনীয়ে তাক ছবি অঁকা বাদ দি তাইৰ নিচিনাকৈ পাণ তামোলৰ দোকান দিবলৈ কয়। তেতিয়া অন্ততঃ এসাজ হ’লেও খাবলৈ পাব সি। কথাটো নোহোৱাও নহয়। কাৰণ ৰাতি ৰাতি টোপনি ক্ষতি কৰি অঁকা ছবিবোৰৰ কোনোদিনেই উচিত মূল্য নাপায় অমৰে। যি দুই এজন খৰিদ্দাৰ ওলায় সিহঁতেও ফুটপাথৰ পৰা দাম দি ছবি কিনিবলৈ টান পায়। মাজে মাজে পানীৰ দৰত বিক্ৰী হয় তাৰ লঘোনীয়া, উজাগৰী নিশাৰ সপোনবোৰ। বৰষুণ দিলে সি থকা দোকানৰ বাৰান্দাখনত পানী পৰি বিক্ৰী নোহোৱাকৈ থকা ছবিবোৰ অলপদিনৰ ভিতৰতে নষ্ট হৈ যায়। তথাপি সি ছবি আঁকিবলৈ বাদ দিয়া নাই।

দীঘল হুমুনিয়াহ এটা কাঢ়ি অমৰে ক্ৰমাৎ বাঢ়ি অহা বৰষুণজাকৰ ফালে চাই বিভোৰ হৈ পৰিল। মনটো উৰা মাৰিলে লুইতৰ পাৰত থকা সিহঁতৰ গাঁওখনলৈ। কিমান বয়স হৈছিল তাৰ তেতিয়া ! ক্লাছ নাইনত পঢ়ি আছিল। পঢ়াত বেয়া নাছিল সি। ক’তো নিশিকাকৈয়ে সৰুৰে পৰা ধুনীয়া ছবিও আঁকিছিল। কিন্তু সিহঁতৰ খেতিৰ মাটিখিনি নদীৰ খহনীয়াই গ্ৰাস কৰাৰ পাছৰে পৰা দুখীয়া বাপেকৰ পক্ষে তাৰ স্কুলৰ খৰচ যোগাৰ কৰাটো অসম্ভৱ হৈ পৰিছিল; ছবিৰ বাবে সা-সৰঞ্জাম গোটাই দিয়াতো দূৰৈৰ কথা। দিন হাজিৰা কৰিবলৈ লৈছিল বাপেকে। কিন্তু সিহঁতৰ পাছপৰা অভাৱী অঞ্চলটোত ‘কামলা’ লগাবলৈ সামৰ্থ থকা মানুহ আছিল আঙুলিৰ মূৰত গণিব পৰা। চহৰত কাম বিচাৰি যাবলৈও অহা যোৱাৰ বাবে নগদ বিশ টকাৰ প্ৰয়োজন হয়। ফলত প্ৰায়ে লঘোন দিছিল সিহঁতে। থুনুক-থানাককৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰা মৰমলগা দুবছৰীয়া ভনীয়েকজনী আৰু বেমাৰী মাকৰ মুখখনলৈ চাই সিও কেতিয়াবা কাম বিচাৰি ওলাই গৈছিল। ভৰ বাৰিষাৰ সময় আছিল তেতিয়া। সেইদিনা সি আৰু বাপেক দুয়ো হাজিৰা কাম পাইছিল এমেলেৰ পুতেকে ঠিকা লৈ নিৰ্মাণ কৰি থকা মথাউৰিটোত। বহুদিনৰ মূৰত সেইৰাতি সিহঁতে পেট ভৰাই খাইছিল। দিনটোৰ অমানুষিক পৰিশ্ৰমৰ পাছত গভীৰ টোপনিত পৰিছিল সি। মাজৰাতি হঠাতে হোৱা এটা প্ৰচণ্ড শব্দ আৰু গাঁৱৰ মানুহৰ সমূহীয়া কোলাহলত সাৰ পাই গৈছিল গোটেই ঘৰখন। আন্ধাৰত একো ধৰিব পৰা নাছিল কি হৈছে। হুৰ হুৰ কৈ বৈ অহা পানীয়ে গাত খুন্দা মাৰোঁতেহে সম্বিত ঘূৰি আহিছিল। দেৰি হৈ গৈছিল তেতিয়ালৈ। উগ্ৰমূৰ্ত্তি লৈ কালৰূপ ধৰি অহা লুইতৰ বাঢ়নী পানীত চকুৰ আগতে মাক আৰু ভনীয়েক উটি গৈছিল। ঘৰৰ বেৰবোৰ খহি পৰিছিল। অমৰ, তই স্কুলৰ ফালে দৌৰি থাক … বুলি কৈ বাপেকে মাক আৰু ভনীয়েকক বিচাৰি পানীত ডুব দিছিল। সিহঁতৰ কেচা মজিয়াখনৰ মাটিবোৰ চপাচপে খহি পানীত বিলীন হৈ যোৱাত কোনোমতে কেঁচা বাঁহৰ খুটা এটাত ধৰি উটি নোযোৱাকৈ এবুকু পানীত সি ৰৈ আছিল। ভৰিৰ তলত কিবা কোমল বস্তু এটাই খুন্দিওৱাত খেপিয়াই দাঙি আনিছিল। প্ৰায় নিথৰ হৈ পৰা ভনীয়েকৰ কোমল শৰীৰটো। আন্ধাৰৰ মাজে মাজে সাগৰ সদৃশ বানপানীৰ মাজেদি মাথোঁ কেইঘণ্টামান আগলৈকে তাৰ লগত উমলি থকা ভনীয়েকৰ নিস্তেজ হৈ পৰা দেহটো মূৰৰ ওপৰত লৈ কান্দি কান্দি পানী ভাঙি ভাঙি আগবাঢ়িছিল গাঁওখনৰ এমূৰত থকা স্কুলঘৰটোৰ ফালে। তাৰ আৰু আন কাৰোবাৰ আপ্ৰাণ চেষ্টাত উশাহ ঘূৰি আহিছিল ভনীয়েকৰ কণমানি বুকুখনলৈ। ৰাতিটোৰ ভিতৰতে লুইতৰ সেই প্ৰলয়ংকৰী বানত হেৰাই গৈছিল মাক, বাপেক, ঘৰ, মাটি, সৰ্বস্ব। সৰ্বশ্ৰান্ত হৈ চৰকাৰী আশ্ৰয় শিবিৰতে কেইমাহমান কটাইছিল। চৰকাৰী সাহাৰ্য্য দিব বুলি শুনি আছিল। কিন্তু শেহত গৈ নথিপত্ৰৰ আভাৱত একোকে নাপালে সি। ঘুনুক-ঘানাককৈ শুনিছিল সিহঁতৰ নামত অহা সাহাৰ্য্যবোৰ বোলে উপায়ুক্তৰ অফিচতে ভাগ বটৰা কৰা হ’ল …এমেলে, পঞ্চায়ত সভাপতি আৰু অফিচাৰ সকলৰ মাজত। ভনীয়েকক পেহীয়েকৰ লগত থৈ জীয়াই থকাৰ এটা অৱলম্বন বিচাৰি সি মহানগৰীলৈ গুছি আহিছিল। বানপানীত পৰিয়ালৰ সকলোকে হেৰুওৱা পেহীয়েকৰ ঘৰৰ ভেটিটো ভাগ্যক্ৰমে বাচি গৈছিল।
যোৱা পাঁচবছৰত ভনীয়েকক চাবলৈ সি মাথোঁ দুবাৰ পেহীয়েকৰ ঘৰলৈ গৈছে। আহ-যোৱাত পইচা খৰচ কৰাৰ সলনি মাজে মাজে এশ-দুশ টকাকে পঠাই থাকে গাঁৱলৈ যোৱা বাছখনৰ চিনাকী ড্ৰাইভাৰজনৰ হাতত। এই মাহতহে একো পঠাব পৰা নাই। বৰষুণৰ মাজতে গৈছে দিনবোৰ। কেনে আছে বাৰু ভনীয়েকজনী! সেই ভয়াল নিশাটোত নাকে মুখে পানী সোমাই নিথৰ হৈ পৰা ভনীয়েকৰ কোমল বুকুখন হেচি পানীবোৰ উলিয়াই দিয়াৰ পাছত তাৰ উশাহতেই প্ৰাণ পাই উঠিছিল কণমানি পুতলাজনী। সকলো হেৰুওৱাৰ পাছতো তাইয়েই সি জীয়াই থকাৰ একমাত্ৰ কাৰণ। ডাঙৰ হৈ আহিছে তাই। স্কুলত পঢ়াব লাগিব তাইক। তাইৰ যোগেদিয়েই গঢ়িব লাগিব তাৰ ভাগি যোৱা সপোনৰ আধৰুৱা সৌধ।
গুৱাহাটীলৈ অহাৰ পাছত সাধাৰণ চাহৰ হোটেল এখনত মূৰ গুজিছিল সি। দিনৰ দিনটো লোকৰ ঝুঠা বাচন ধুই, কেতিয়াবা দুই এটা গিলাছ ভাঙি মালিকৰ অকথ্য গালি খাই দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰিছিল। অবৈধ ভাবে ফুটপাথত গঢ় লৈ উঠা হোটেলখন এদিন পুলিচে ভাঙি দিয়াৰ পাছত তাৰো মুদা মৰিল। আস… কি কষ্টকৰ দিন আছিল সেইবোৰ। ৰাতি থাকিবলৈ নাছিল একো আশ্ৰয়। দিনতো খালি পেটেৰে কাম বিচাৰি অলৌ-তলৌ কৈ ঘূৰি ফুৰি কৰবাত কেতিয়াবা কাম এটা পায়। ৰাতিটো বাছষ্টেণ্ড বা ৰে’ল ষ্টেচনতে কটায়। তেনেকুৱাতে চিটিবাছ এখনত হেন্দিমেনৰ কাম পাইছিল। ৰাতি বাছতে শুব পাৰিব। কিন্তু দুৰ্ভাগ্যই যেন তাক খেদি ফুৰিছিল। সেইদিনা হেন্দিমেন জীৱনৰ প্ৰথম দিন আছিল। আন এখন বাছৰ লগত প্ৰতিযোগিতা কৰি ড্ৰাইভাৰে মটৰ চাইকেল এখন মহটিয়াই পলাই পত্ৰং দিছিল। উত্তেজিত মানুহবোৰে আগ পিছ নুগুনি বাছৰ মানুহ বুলি তাকেই গুৰুলা গুৰুল কৈ পিটি পেলাই থৈ গৈছিল। পুলিচ নে কোনে জানো তাক হস্পিটেলত পেলাই থৈ আহিছিল। শৰীৰত অসহ্য যন্ত্ৰণা লৈ হস্পিটেলৰ বাৰান্দাত পৰি থাকোঁতে তাক বেজী দিবলৈ অহা নাৰ্চ জনীয়ে কেও কিছু নোহোৱা বুলি যোগোৱা সহানুভূতিখিনিয়েই তাক জীয়াই থকাৰ বাবে পুণৰ প্ৰেৰণা দিছিল। কিয় জানো সেই বাইদেউজনীয়ে তাক হস্পিটেলৰ পৰা ৰিলিজ দিয়াৰ দিনা হাতত পাঁচশ টকা গুজি দিছিল ! লগতে হস্পিটেলৰ ওচৰত থকা ঔষধৰ দোকান দুখনমানৰ লগত কথা পাতি ৰাতিৰ চকিদাৰ হিচাপে কাম কৰিবলৈ ঠিক কৰি দিছিল। দৰমহা সামান্য। কিন্তু দোকানৰ বাৰান্দা হ’লেও ৰাতি থাকিবলৈ সি এটা আশ্ৰয় পাইছিল। মৰমীয়াল নাৰ্চজনীয়ে দিয়া পইচাৰে সি কেইখনমান আৰ্ট পেপাৰ, ৰঙ আৰু তুলিকা কেইডালমান কিনি ৰাতি উজাগৰে থাকি ছবি আঁকি দিনত বেচাৰ চেষ্টা কৰিছিল। কাৰোবাৰ পৰামৰ্শত দিনত সি বজাৰৰ চাৰি আলিটোৰ ফুটপাথতে অস্থায়ীকৈ বহিবলৈ লৈছিল ছবিবোৰ লৈ। কেতিয়াবা বিক্ৰী হয়, কেতিয়াবা নহয়।
বৰযুণ কমিছিল। বিলাসী গাড়ী এখনৰ পৰা মূৰ উলিয়াই মানুহ এগৰাকীয়ে পাণ দোকানীজনীক কিবা সোধা চকুত পৰিল। চম্পাই তাৰ ফালে আঙুলিয়াই দিলে।
“এইখন মোৰ কাৰ্ড, কাইলৈ ৰাতিপুৱা লগ ধৰিবাচোন। তুমি অঁকা ছবি এখন সিদিনা মোৰ ছোৱালীজনীয়ে কিনি নিছিল। সুন্দৰ ছবি আঁকা তুমি। তুমি দেখোন আমাৰ মাহেকীয়া আলোচনী খনৰ গল্প আৰু কবিতাবোৰৰ ভাববোৰ প্ৰকাশ কৰিবৰ বাবে ছবি আঁকি দিব পাৰা। পাৰিবানে নাই পিছে !” সপোন যেন লাগিছিল মানুহজনৰ কথাবোৰ। উত্তেজনাৰ আতিশায্যত বাকৰুদ্ধ হৈ পৰিছিল অমৰ। অপ্ৰত্যাশিত ভাবে আশাৰ ৰেঙনি কঢ়িয়াই আনি বোকা পানী ছটিয়াই গুছি যোৱা গাড়ীখনৰ ঘূৰ্ণীয়মান চকাকেইটাৰ ফালে চাই অমৰৰ ভাব হৈছিল তাৰ সৌভাগ্যৰ চকৰিটোও যেন ঘূৰিবলৈ আৰম্ভ কৰিছে। পাৰিব সি। মনৰ মাজত থকা তাৰ জীৱনৰ আধৰুৱা ছবিখন সম্পূৰ্ণ কৰিব লাগিব। মাক-বাপেক, ঘৰ-মাটি সকলো উটাই লৈ যোৱা বানপানীৰ মাজৰ পৰা দাঙি আনি জীয়াই তোলা ভনীয়েকৰ ছবিখন। মানুহজনে কোৱা কামটো পালেই দুখুনী পেহীয়েক আৰু ভনীয়েকক নিজৰ লগলৈ লৈ আহিব সি। নেদেখাজনক ধন্যবাদ দিবলৈ সি ওপৰলৈ চাওঁতে বৰষুণৰ পাছত নিকা হৈ পৰা আকাশ খনত জিলিকি থকা সাতৰঙী ৰামধেনু এখন চকুত পৰিল। হঠাৎ একুৰা প্ৰচণ্ড জুই, ধোৱাঁ আৰু এটা কাণ তাল মাৰি যোৱা শব্দই অমৰৰ ভাৱনাত যতি পেলালে। ক্ষন্তেক আগতে তাক মাত লগাই যোৱা মানুহজনৰ গাড়ীখন অগ্নিপিণ্ডত পৰিণত হৈ স্তব্ধ হৈ পৰিল। কিনো হৈছে বুলি চাব খোজোতেই তাৰ নিচেই ওচৰতে আৰু এটা ভয়ংকৰ শব্দ আৰু লগে লগে লোহা সদৃশ কিবা এডালে তাক আহি খুন্দিওৱাত সি বাগৰি পৰিল।
আলিবাটত পৰি ৰোৱা অমৰৰ নিথৰ দেহটোৰ কাষত বিক্ৰী নোহোৱা ছবিবোৰ সিচৰতি হৈ পৰি আছিল। হাতদুখনে প্ৰাণহীন বুকুৰ মাজত তেতিয়াও কিবা এটা খামুচি ধৰি আছিল। সি মনৰ ইজেলত বহুদিনৰ পৰা কঢ়িয়াই লৈ ফুৰা আধৰুৱা ছবিখন হবলা। লুইতৰ পাৰৰ সৰু বানাক্ৰান্ত গাঁওখনত সৰু ছোৱালী এজনীয়ে তেতিয়া সন্ধিয়াৰ বাছখনলৈ আশাৰে বাট চাই আছিল। বহুদিন ককায়েকৰ খবৰ পোৱা নাই। এইবাৰ মৰমৰ ককায়েকে পইচা পঠিয়ালে মূৰত মৰা ৰঙা ফিটা এডাল কিনিব তাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক