ইঞ্জিনিয়াৰৰ ভুকু.. (ড° মাখনলাল দাস)

চন , তাৰিখ আদি মনত নাই৷ 
প্ৰায় দহ-বাৰ বছৰ মান আগৰ কথা৷ তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি আছোঁ৷

কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সময়ৰ কথা৷ ভোট গ্ৰহণ সুকলমে হৈ গ’ল৷ তাৰ পাছত আহিল ভোট গণনা পৰ্ব৷ ভোট গণনা কৰা হৈছিল কলেজৰ মেইন বিল্ডিঙৰ দুই নং গেলাৰীত৷ প্ৰতিটো পদৰ বাবে দুজনকৈ শিক্ষক ভোটৰ হিচাপ ৰাখিবলৈ৷ এজন শিক্ষকে থিয় হৈ বেলট পেপাৰখন এফালৰ পৰা পঢ়ি যায় আৰু বাকীসকলে নিজৰ নিজৰ হাতত থকা কাগজত ভোট পোৱা প্ৰাৰ্থীসকলৰ নামৰ বিপৰীতে চিন দি যায়.. এক, দুই, তিনি.. এশ, এশ এক.. ইত্যাদি৷

প্ৰতিজন প্ৰাৰ্থীৰ প্ৰতিনিধি হিচাপে দলে-দলে ছাত্ৰসকলো বহি লয় গেলাৰীত আৰু নিজাববীয়াকৈ ভোটৰ হিচাপ ৰাখে৷ মুঠতে গোটেই গেলাৰীটো শিক্ষক-ছাত্ৰ-ছাত্ৰীৰে গিজগিজাই থাকে৷ ভিতৰত বহিবলৈ ঠাই নোপোৱা কিছুমানে বাহিৰৰ পৰাই উমান ল’বলৈ চেষ্টা কৰে৷ মুঠতে এক উত্তেজনাপূৰ্ণ অথচ উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়৷

সেইদিনাও ভোট গণনা চলি আছে৷ আবেলি তিনিমান বাজিছে৷ প্ৰায় আধামান বেলট পেপাৰ গণনা কৰিবলৈ তেতিয়াও বাকী৷ কাম কৰি কৰি আমনি লগাত শিক্ষকসকলে চাহ একোকাপ খাই উঠিছে মাত্ৰ৷ ভৰ জহকাল নহয় যদিও মানুহেৰে ভৰি থকা কোঠাটোৰ ভিতৰত যথেষ্ট গৰম৷ কোঠাৰ ভিতৰত থকা সাতাম পুৰুষীয়া বিয়াগোম ফেন কেইখনে কেৰ কেৰ শব্দ কৰি বতাহৰ প্ৰবাহ সৃষ্টি কৰি কিছু জুৰ পেলাবলৈ চেষ্টা চলাই আছে অহৰ্নিশে৷ সেই কেৰ কেৰ শব্দৰ সৈতে অভ্যস্ত শিক্ষক-ছাত্ৰ কোনেও ফেন কেইখনৰ উপস্থিতিলৈ মন কৰা নাই৷ আমনিও পোৱা নাই৷

হঠাতে এটা অঘটন ঘটিল৷ একেবাৰে সম্মুখৰ পিনে থকা ফেন এখন ঘেৰ ঘেৰ কৰি লাহে লাহে বন্ধ হৈ গ’ল৷ সকলোৰে আকৰ্ষণ সেইফালে গ’ল৷ লাহে-লাহে সন্মুখৰ পিনে থকা ৰাইজৰ গৰম লাগি আহিবলৈ ধৰিলে৷

এজন অত্যুৎসাহী ছাত্ৰ আগবাঢ়ি গ’ল বেৰত কোনোমতে ওলমি থকা চুইচ বোৰ্ডখনৰ পিনে৷ তেওঁ এটা এটাকৈ চুইচবোৰ অন-অফ কৰিবলৈ ধৰিলে৷ বাকী ফেন কেইখন বন্ধ হয়, আকৌ চলে; কিন্তু সেই ফেনখনহে নাচোৰবান্দা৷ কোনোমতেই নচলে৷ চুইচটো বাৰে বাৰে অন-অফ কৰি ছাত্ৰজন বিফল হৈ নিজৰ ঠাইত আহি বহিলহি৷ তাকে দেখি আন দুজনমান ছাত্ৰ আগবাঢ়ি গ’ল আৰু বিভিন্ন কাৰু-কাৰ্য চলালে ফেনখনৰ চুইচটোৰ ওপৰত৷

পিছে একো লাভ নহ’ল৷ ইফালে ভোট গণনা কাৰ্যও স্থগিত হৈ আছে৷ সময়ো পাৰ হৈ গৈ আছে৷

কোনোবা এজনে মাত দিলে, ‘ডেকাক মাতি আনাগৈ..’ (ডেকা ইলেক্ট্ৰিচিয়ান)

তেনেতে উঠি আহিল ইলেক্ট্ৰিকেল বিভাগৰ জ্যেষ্ঠ অধ্যাপক এজন৷ সকলোৱে অতি আশাৰে তেখেতৰ পিনে চালে৷ তেখেতে নিশ্চয় ফেনখন চলোৱাত সফল হ’ব৷

তেখেত চুইচ বোৰ্ডখনৰ ওচৰ পালেগৈ৷
তাৰপাছত সকলোকে আচৰিত কৰি তেখেতে চুইচবোৰ্ডত থকা সেই বিশেষ ফেনখনৰ ৰেগুলেটৰটোৰ তলত দুটামান প্ৰচণ্ড ঘোচা মাৰিলে..
থক, থক, থক..

সকলোৱে মন্ত্ৰমুগ্ধ হৈ তেখেতৰ কাণ্ড চাই থাকিল৷

কিন্তু কি আচৰিত৷ খেৰ খেৰ, কেৰ কেৰ, ঘেৰ ঘেৰ শব্দ কৰি লাহে লাহে ফেনখন আকৌ চলিবলৈ ধৰিলে৷ সকলোৱে আনন্দতে হাতচাপৰি বজালে৷

অতি কম কথাকোৱা অধ্যাপক গৰাকীয়ে মিচিকিয়া হাঁহি এটা মাৰি আকৌ নিজৰ স্থানত বহি পৰিল৷

: “এয়াও ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ ভিতৰতে পৰে নেকি?”
কাষত বহি থকা অধ্যাপক এজনে ৰসিকতা কৰি ক’লে৷

: “যাৰ বান্দৰ সিহে নচুৱাব পাৰে…”
আন এজনে মাত লগালে..

একো উত্তৰ নিদি, কেৱল হাঁহি এটা মাৰি আকৌ কামত লাগিলোঁ ৷

অতি বাধ্য ছাত্ৰৰ দৰে ফেনখনো চলি থাকিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক