ইটালিৰ ভিছুভিয়াছ আৰু পম্পেই – শিল্পী ভূঞা গোস্বামী

জীৱন্ত লাভাৰ ওপৰত ঠাণ্ডা লাভাৰ টুকুৰা-শিল-মাটি আদি পৰাৰ ফলত জ্বালামুখীৰ জুই ছটিয়াই থকা মুখখন বন্ধ হৈ গ’ল। এটা লেয়াৰ পৰা মানে আগ্নেয়গিৰিৰ গহ্বৰটোৰ ওপৰত এখন ডাঠ চিলিঙৰ সৃষ্টি হোৱাৰ দৰে হ’ল। ফলত কি হ’ল? জাগ্ৰত জ্বালামুখীটো বোলে এটা প্ৰকাণ্ড তথা জীৱন্ত প্ৰেছাৰ কুকাৰলৈ পৰিণত হ’ল। এতিয়া সি আগতকৈ বহুত বেছি ভয়াবহ। এতিয়া তাৰ উদ্গিৰণ হয়তো আগতকৈ বহুত বেছি শক্তিশালী হ’ব।

Mount Vesuvius is getting ready. It can erupt at anytime.

ভিছুভিয়াছ দেখুৱাবলৈ লৈ যোৱা এত্তৰে নামৰ গাইডজনে কৈছিল। মানুহখিনিয়েই কিবাকিবি ক’বলৈ আৰম্ভ কৰোঁতেই তেওঁ আকৌ অভয় দি ক’লে—- no no …..don’t worry, today is not the day!

অকোৱা পকোৱা বাটেৰে বাছখনে আমাক লৈ গৈ থাকোতে অকলশৰে অলৰ অচৰ হৈ বহি থকা ভিছুভিয়াছ বিভিন্ন কোণৰ পৰা চকুত পৰিছিল। উত্তেজনা বহুত বাঢ়ি গৈছিল। এটা জাগ্ৰত জ্বালামুখীৰ কাষ চাপি গৈ আছিলোঁ।

বাছ খন এটা নিৰ্দিষ্ট স্থানলৈকে হে যায়। তাৰ পাছত ভিছুভিয়াছৰ মুধচলৈকে যাবলৈ খোজ কাঢ়িব লাগে। প্ৰায় আধা ঘন্টামান খোজ কঢ়াৰ পাছতে ভিছুভিয়াছৰ মুধচ পাবগৈ পাৰি। বাটতো থিয় হোৱাৰ বাবে যথেষ্ট ভাগৰ লাগে। মাজে মাজে অলপপৰ ৰৈ ৰৈ ভিছুভিয়াছৰ আগৰ উদ্গিৰণে সিঁচৰতি কৰি থোৱা লাভাবোৰৰ মাজেৰে গৈ আছিলোঁ। মাজে মাজে কিবাকিবি সৰু সুৰা খাবলৈ ফুদ জইন্টৰ ব্যৱস্থা আছে। পানীৰ বৰ নাটনি তাত। ইমান ওপৰলৈ বোলে পানীৰ চাপ্লাই নাই। ভিছুভিয়াছৰ পৰা তললৈ চাই দেখিছিলোঁ নীলা সাগৰ,দূৰৈত পম্পেই, নেপল্স আৰু নেপ’লিতান উপকূল, চ’ৰেন্ট’, কেপ্ৰি দ্বীপ আৰু সেই হালধীয়া ৰঙৰ ফুলবোৰ। ফুলবোৰৰ হালধীয়া ৰঙে মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। লুকা নামৰ গাইডজনক সুধিলত তেওঁ কৈছিল, সেয়া “জিনেস্ট্ৰা” ফুল। সকলো শেষ হোৱাৰ পাছতো সৃষ্টিৰ চেতনা দিব পৰা ক্ষমতা থকা ফুল বোলে। সেয়েহে হয়তো কঠিন শিলৰূপী লাভাকো হালধীয়া ৰঙেৰে সজাই তুলিব পাৰিছিল।

সকলোৰে জ্ঞাত, ৭৯ খ্ৰীষ্টাব্দত (মানে আজিৰ পৰা প্ৰায় ১৯৪০ বছৰৰ আগৰ কথা) এই ভিছুভিয়াছৰেই আটাইতকৈ ভয়ংকৰ ৰূপটোৰ বলি হৈছিল ঐতিহাসিক পম্পেই আৰু হাৰকিউলেনিয়াম নামৰ চহৰ দুখন। উত্তপ্ত লাভা, আগ্নেয় চাই আৰু পিউমিক পাথৰেৰে পোত খাই গৈছিল সকলোবোৰ। অতি কৰুণ আৰু অতি কষ্টকৰ মৃত্যুৰ সন্মুখিন হৈছিল তাত থকা প্ৰত্যেকটো প্ৰাণী। এতিয়ালৈকে ৫০ বাৰতকৈয়ো বেছিবাৰ উদ্গিৰণ হৈছে এই আগ্নেয়গিৰি আৰু এতিয়া আকৌ মনে মনে তাৰেই প্ৰস্তুতিত ব্যস্ত। দেশ বিদেশৰ বৈজ্ঞানিকৰ গৱেষণা অনুসৰি এইবাৰৰ বিস্ফোৰণ বোলে আগতকৈ বহুত বেছি শক্তিশালী আৰু ভয়ংকৰ হ’ব। ইটালীৰ চৰকাৰে ইতিমধ্যে ভিছুভিয়াছৰ আশে-পাশে থকা অঞ্চলসমূহৰ পৰা মানুহ স্থানান্তৰ কৰাৰ আঁচনি হাতত লৈছেই। কিন্তু তাৰ মানুহখিনিয়ে বোলে কয়——

” ভিছুভিয়াছৰ লগতে আমিও শেষ হৈ যাম, তথাপিও ভিছুভিয়াছ এৰি নাযাওঁ।”

এয়া হেনো ভিছুভিয়াছৰ প্ৰতি থকা সেই অঞ্চলটোৰ বাসিন্দা সকলৰ মৰম,সন্মান আৰু লগতে এই সক্রিয় আগ্নেয়গিৰিটোৰ ওপৰত থকা তেওঁলোকৰ অগাধ বিশ্বাস! আচৰিত নালাগে নে?

একা বেঁকা ৰাস্তাৰে ভিছুভিয়াছৰ মুধচলৈ গৈ
আগ্নেয়গিৰিৰ মুখখন ( crater) চোৱাৰ অনুভৱ ব্যক্ত কৰাতো সহজ নহয়। ভয় লগা নাছিল, অভিভূত হে হৈছিলো। ইমান শান্ত, ইমান গহীন অথচ এই মৌনতাৰ আঁৰত চলি আছে এক ভয়ংকৰ বিস্ফোৰণৰ প্ৰস্তুতি।

ভিছুভিয়াছ আকৌ সাজু হৈছে।


ভিছুভিয়াছ চোৱাৰ পাছত বাছখনে এইবাৰ আমাক পম্পেইৰ ধ্বংসাৱশেষ খিনিলৈ লৈ গ’ল। উত্তেজনা বহুত বেছি বাঢ়ি গৈছিল।

সৰুৰে পৰাই পম্পেই আৰু ভিছুভিয়াছৰ প্ৰতি আকৰ্ষণ আছিল যদিও ৰবাৰ্ট হেৰিচৰ “পম্পেই” পঢ়াৰ পাছত আসক্তি বহুত বেছি বাঢ়ি গৈছিল। বৰ সুন্দৰকৈ তেওঁৰ কাহিনীত সেই তেতিয়াৰ সময়বোৰ তুলি ধৰিছে। পম্পেইৰ মাজে মাজে, ভিছুভিয়াছৰ ওচৰে পাজৰে ঘূৰি ফুৰোতে কিতাপখন যেন মোৰ চকুৰ আগত জীৱন্ত হৈ উঠিছিল। যেন মই “এটিলাছ আৰু অৰেলিয়াক” হে দেখা পাইছিলো চাৰিওফালে। কিতাপখনৰ নায়ক এটিলাছে যেন নায়িকা অৰেলিয়াক হাতত ধৰি বিস্ফোৰণৰ পৰা বাচিবলৈ দৌৰি ফুৰিছে!!

পম্পেইৰ মাটিত খোজ দি জহি খহি যোৱা সাম্ৰাজ্য এখনৰ মাজত ঘূৰি ফুৰা যেন লাগিছিল। পম্পেইৰ পৰা দূৰৈত জিলিকি থকা সু উচ্চ ভিছুভিয়াছটো দেখিলে ইমান দূৰৈৰ পৰা গৰম লাভা পম্পেইত যে আহি পৰিব পাৰিব বিশ্বাসেই নহয়। কল্পনা কৰি চাইছিলো ৭৯ খ্ৰীষ্টাব্দৰ ২৪ আগস্টৰ দিনা হোৱা বিস্ফোৰণৰ দৃশ্য, ঠিক “পম্পেই” কিতাপখনত বৰ্ণনা কৰাৰ দৰেই! বৃহৎকায় কাঠফুলা (mushroom) এটাৰ আকাৰত 33 কিলোমিটাৰ উচ্চতালৈকে ভিছুভিয়াছে নিজৰ ভিতৰৰ পৰা আকাশলৈ উলিয়াই দিছিল উত্তপ্ত লাভা,জুই আৰু পাথৰ আৰু বৰষুণৰ দৰে সেইখিনি আহি পৰিছিলহি পম্পেইৰ লগতে ওচৰৰ আন ঠাইবোৰত। পম্পেইত সযতনে থৈ দিয়া মৃতদেহ কিছুমানৰ সাঁচবোৰ (প্লাষ্টাৰ কাস্ট) দেখি তেওঁলোক কি যন্ত্ৰণাৰ সন্মুখিন হৈছিল, ভালকৈ অনুমান কৰিব পাৰিছিলো। পূৰাতত্ববিদ আৰু বৈজ্ঞানিক সকলৰ প্ৰচেষ্টাত অন্তিম সময়ত যি যেনেকৈ আছিল সেই অৱস্থাতে জুলীয়া প্লাষ্টাৰ অৱ পেৰিছৰ সহায়ত মৃতদেহবোৰৰ সাঁচবোৰ সংৰক্ষণ কৰি ৰখা হৈছে। কেচুৱা এটাৰ প্লাষ্টাৰ কাস্টৰ সাঁচটো দেখি চকুপানী ধৰি ৰাখিব পৰা নাছিলোঁ। ভাবিছিলোঁ এতিয়া যিদৰে প্ৰশাসনৰ হাজাৰ সজাগতাৰ পাছতো আশে পাশে থকা মানুহবোৰ সেই ঠাই এৰি যাব নোখোজে, তেতিয়াও হয়তো ভিছুভিয়াছৰ উদ্গিৰণ দেখিও ইমান দূৰলৈকে লাভা ছটিয়াব পাৰিব বুলি পম্পেইৰ বাসিন্দা সকলে বিশ্বাস কৰিব পৰা নাছিলে। সেয়েহে বহুত মানুহ পম্পেই এৰি গুছি নগৈছিল আৰু শেষত অতি কষ্টকৰ মৃত্যুৰ সন্মুখিন হ’ব লগীয়া হৈছিল। ৰোমান বুৰঞ্জীবিদ Tacitus লৈ ‘Pliny the younger’ এ লিখা চিঠিত প্লিনিৰ চাক্ষুস বৰ্ণনাখিনিৰ পৰা সেই দিনকেইটাৰ ভয়াবহতাৰ কথা বুৰঞ্জীবিদ সকলে ভালকৈ গমিব পাৰিছিল।

পম্পেইৰ ধ্বংসাৱশেষবোৰৰ মাজত ঘূৰি ফুৰিলে অনুমান কৰিব পাৰি সেই তেতিয়াই মানে আজিৰ পৰা প্ৰায় দুহেজাৰ বছৰৰ আগতেই ৰোমান সকল কিমান আগবঢ়া আছিল! তেওঁলোকৰ লাইফ ষ্টাইল, আদব-কায়দা ইমান উন্নত আছিল যে পৃথিৱীৰ বহু ঠাই এতিয়াও সেই পৰ্যায় পাবগৈ পৰা নাই।

ৰবাৰ্ট হেৰিছে পম্পেই কিতাপ খনত একুৱাডাক্ট বিলাকৰ সুন্দৰ বৰ্ণনা দিছিল। একুৱাডাক্ট বিলাক হৈছে পানীৰ সৰবৰাহৰ কাৰণে ব্যৱহাৰ কৰা অতি প্ৰাচীন আৰু অতি উন্নত ৰোমান পদ্ধতি। এতিয়াও কিছু কিছু ঠাইত চলিত অৱস্থাত থকা একুৱাডাক্ট আছে। তাৰ পৰা ওলোৱা পানী খাইছিলো আমিও। তেতিয়াই পম্পেইত অত্যাধুনিক পদ্ধতিযুক্ত ৰাজহুৱা স্নানাগাৰ আছিল। বেকাৰি আছিল, কিছুমান বেকাৰিৰ পৰা লাভাত পোত যোৱা ব্ৰেড পৰ্য্যন্ত খননকাৰ্যত উদ্ধাৰ হৈছিল। মাজতে গাইডজনে আমাৰ গ্ৰুপৰে এজনক পম্পেইৰ মাজত থকা এম্ফিথিয়েটাৰ এটাৰ স্টেজত গৈ কিবা ক’বলৈ দিলে। আচৰিত হৈছিলোঁ মাইক ইত্যাদি একো নোহোৱাকৈয়ে চাৰিওফালে বহিবলৈ ব্যৱস্থা কৰি থোৱা গেলেৰিৰ প্ৰতিটো কোণলৈ সেই মাত গৈছিল। সৰু সৰু আন্ধাৰ দাস( slave) বান্ধি থোৱা কোঠাবোৰ দেখি কিবাকিবি লাগিছিল। অতি উন্নত মানদণ্ডৰ ৰাস্তা-ঘৰ, নলা নৰ্দমাৰ ব্যৱস্থা (drainage system) কৰা হৈছিল। তেতিয়াৰ দিনতেই “take away” ৰ সুবিধা থকা ৰেষ্টুৰেণ্ট আৰু অত্যাধুনিক দোকান পোহাৰৰ ব্যৱস্থা আছিল। পম্পেইৰ অভিজাত ঘৰ এটাৰ ভিতৰখন দেখুৱাবলৈও আমাক লৈ গৈছিল। পাৰ্টি বিলাকত ৰোমান সকলে বোলে খুব খাইছিল আৰু সুৰা পান কৰিছিল। গতিকে ঘৰ বিলাকত বমি কৰা ঠাই এটুকুৰাৰো ব্যৱস্থা আছিল, মানে খা-বমি কৰ-আকৌ খা। কুকুৰ থকা ঘৰৰ সন্মুখত মজিয়াত কুকুৰৰ চিহ্ন আঁকি থোৱা দেখিছিলোঁ। মানে এতিয়া যেনেকৈ গেটত ‘কুকুৰৰ পৰা সাৱধান’ বুলি লিখা থাকে, তেতিয়া তেওঁলোকে কুকুৰৰ চিহ্ন মজিয়াত অংকন কৰি একেই বাৰ্তা প্ৰেৰণ কৰিছিল। তেতিয়াৰ দিনতেই শ্লাইডিং দুৱাৰ লগাইছিল। অতিকৈ গুৰুত্বপূৰ্ণ দুহেজাৰ বছৰ পূৰ্বেই পাইপেৰে ঘৰ বিলাকলৈ পানী নিয়াৰ ব্যৱস্থাও আছিল।

হাজাৰ হাজাৰ বছৰৰ আগতেই নিৰ্মিত এখন সুন্দৰ “পৰিকল্পিত ৰোমান নগৰ”। ৰবাৰ্ট হেৰিছৰ কিতাপত পঢ়া বৰ্ণনাবোৰ চকুৰে দেখি অতীত আৰু বৰ্তমানৰ মাজত হেৰাই গৈছিলোঁ।


ভিছুভিয়াছৰ মুধচলৈকে যোৱা আৰু ঐতিহাসিক পম্পেইত খোজ কঢ়াৰ স্মৃতিয়ে মোক এতিয়াও মতলীয়া কৰে। বৈজ্ঞানিক সকলৰ মতে ভিছুভিয়াছ এতিয়া আগতকৈও শক্তিশালী বিস্ফোৰণৰ বাবে সাজু হৈছে। তেতিয়া হয়তো আমি চাই অহা নিচিনা হৈ নাথাকিব ঠাইবোৰ।

উপলব্ধি কৰোঁ, তেতিয়াৰ উন্নত পম্পেই আৰু এতিয়াৰ ভিছুভিয়াছৰ চৌপাশৰ উন্নত ঠাইবোৰ—- কিন্তু প্ৰকৃতিৰ আগত মানুহৰ উন্নতি যেন অৰ্থহীন। শান্ত শিষ্ট ভিছুভিয়াছে দেখোন তাকেই সোঁৱৰাই থাকে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments