—ইটো-সিটো—-(ৰাজীৱ ৰঞ্জন নাথ)

“আৰু তাৰ পাছত?” টংক দাই সুধিলে।

টংক দা, ভাল নাম টংকেশ্বৰ। মোৰ লগৰ এটাৰ দেউতাক। বয়স প্ৰায় ৫৫ বছৰ। কিন্তু কালি জন্ম হোৱা খুচুৰা পইচাটোৰ পৰা যাওঁ যাওঁ কৰি থকা বুঢ়া বিলাকলৈ, সকলোৰে বাবে তেওঁ হ’ল টংক দা।
“তাৰ পাছত আৰু হ’বলৈ কিটো বাকী থাকিল? যত চব ফাল্টু কাৰবাৰ দেখিবি চব এই মদৰ কাৰণেই বুজিছ। এই মদে যে কিমান ল’ৰা ছোৱালীৰ জীৱন ধ্বংস কৰিলে।“ বৰ দুখেৰে ক’লে গহন দাই।

“হেৰৌ, ৰ চোন। কেতিয়াবা চিন্তা কৰি চাইছনে যে এই মদৰ কাৰণেই কিমান ল’ৰা ছোৱালীৰ জন্ম হ’বলৈ পালে?” মুখত অকণমান বেকা হাঁহি এটা উলিয়াই ক’লে টংক দাই। মদৰ কথা বৰ বেছি বেয়াকৈ ক’লে টংক দাই ভাল নাপায়। বোলে আগতে অকণমান খাই চোৱাচোন। খাই নিচাটো লগাই চোৱাচোন। তাৰ পাছত কোৱা মদ বেয়া বুলি। সময় সুবিধা মিলাই সন্ধিয়া দুই এপেগ নিজে ধৰি ভাল পায় টংক দাই।

কিনো অৰ্থত কথাটো ক’লে বুজোতে অকণমান সময় লাগিল গহনদাৰ। ইফালে ওচৰতে বহি কথা শুনি থকা আমাৰ ফাইলটোৱে মুখ টিপি হাঁহি আছো।বুজি পায় গহনদায়ো হাঁহি ৰখাব নোৱাৰিলে। “ধেইত, তোৰ লগত আৰু কথা পাতি লাভ নাই। যাওঁ দে, স্কুল যাবৰ সময় হ’লেই“ । চাইকেলখন লৈ গহনদা ঘৰলৈ গ’লগৈ।

—————————————————————————————————————–

“ঐ যা, মাৰক চাহ একাপ বনাবলৈ ক গৈ। চেনী অলপ কমাই দিব কবি, ডাক্টৰে মানা কৰিছে।“ চোতালৰ পৰাই চিঞৰি ক’লে গহনদাই। দেউতাৰ বন্ধু, সেইফালৰ পৰা মই দাদা বুলি মতাৰ কোনো যুক্তি নাই। কিন্তু কিছুমান বিশেষ মানুহৰ ক্ষেত্ৰত যুক্তি কামত নাহে। খীনকৈ বগা হাহিঁমুখীয়া আৰু হহুঁৱাই ভাল পোৱা গহন খুৰা মোৰ কাৰণে গহনদাই হৈ থাকিল। মই বহিবলৈ দিলো, বাতৰি কাকতখন অহাই নাই বুলি কৈ মাক চাহ বনাবলৈ ক’বলৈ গ’লো। চাৰিদিনমানৰ পাছতে মা-দেউতা উৰিষ্যালৈ যাব। কটকত কিবা নাট্য সমাৰোহ পাতিছে। দেউতাহঁতৰ সাংস্কৃতিক গোটটোৱেও তাত নাট প্ৰদশৰ্ণ কৰিব। মা দেউতা আহি বাৰান্দাতে গহনদাৰ লগত কথা পতাত লাগিল।

“বুজিছনে, কালি ৰাতি শুবই নোৱাৰিলো নহয়। এক চিকিটু টোপনি নাহিল। হিচাপ কৰি থাকোঁতেই গ’ল”।

গহনদাৰ ঘৰ গাঁৱৰ সিটো মূৰত। টিলাৰ ওপৰত। পাছফালে দ হোলা এটা আছে।

মাই সুধিলে “ৰাতি খননো কিহৰ হিচাপ কৰি আছিলে?”

“গুলীৰ।“ খুব গহীন ভাবে ক’লে গহনদাই। “কালি ৰাতি বাসত্তৰ জাঁই গুলী ফুটাইছে, তাৰে দুজাঁই ভালকৈ ফুটা নাই”।

আমাৰ ঘৰৰ ওচৰতে এটা সামৰিক বাহিনীৰ বিষয়াসকল থকা ছাউনী আছে। তাত প্ৰায় সন্ধিয়াই গুলী মৰাৰ আখৰা চলি থাকে। ওচৰতে বাবে আমি শুনা পাওঁ গুলীৰ শব্দ। কিন্তু গহনদাৰ ঘৰলৈকে শুনা পাব নে নাই সন্দেহ আছে।

“গুলীৰ পৰ্ব শেষ, তাৰ পাছত আৰম্ভ প্ৰাৰ্থনা পৰ্ব। বাবা ৰে, কেনে প্ৰাৰ্থনা সমস্বৰে!“

“কাৰ প্ৰাৰ্থনা, কোনে কৰিছে ৰাতিখন?” এইবাৰ দেউতাই সুধিলে।

“কোন ভগবানক কৰিছে নাজানো। হোলাটোৰ সকলো ভেকুলীৰ মোৰ খিৰিকীখনৰ কাষতে গোটেই ৰাতি ধৰি প্ৰাৰ্থনা। কুকুৰ শিয়াল হ’লে ছেই ছেই ক’লেই গুছি গ’ল হয়। পাছে হোলাৰ ভেকুলীকনো বাৰু কি বুলি খেদাওঁ ক চোন। ক’ত আৰু টোপনী যাবি, শোৱাই ন’হল।“ অকনমানো নহহাঁকৈ গহন দাই ক’লে।

মাই হাঁহি হাঁহি চাহ বনাবলৈ উঠি গ’ল।

———————————————————————-

আমাৰ গাঁৱৰ গাঁওবুঢ়া জন আকৌ ডেকা মানুহ। নাম ত্ৰৈলোক্য। দোকান এখন আছে, পায়কাৰী। বাইছ বছৰ মান আগৰ, বিয়া পতাৰ সময়ৰ কথা। ইফালে সিফালে ছোৱালী চাই আছে। পছন্দো কৰিছে, পাছে কিবা নহয় কিবা কৈ বিয়াখন হে হৈ নুঠে গৈ। এবাৰ নগাঁৱৰ ফালৰ ছোৱালী এজনী চাব গ’ল। লগত বন্ধু। ইফালে পৰিয়ালৰ সকলো ৰৈ আছে চোতালতে বহি দুয়ো উভটি অহালৈ। ত্ৰৈলোক্যদাৰ খুৰা আকৌ আমাৰ উচ্চতৰ মাধ্যমিকৰ অধক্ষ্য। গোটেই গাঁৱৰ ভিতৰতে আটাইতকৈ বেছি পঢ়াশুনা থকা আৰু বৰ উচ্চস্তৰৰ ব্যক্তিত্বসম্পন্ন পুৰুষ। দুয়ো বন্ধু আহি পালেহি। সকলোবোৰ ৰৈ আছে কি বা কয়।

“কচোন, কেনে দেখিলি?”

ত্ৰৈলোক্যদাৰ ছোৱালী বৰ পছন্দহোৱা নাছিল। গোটেই ৰাষ্টাটো বন্ধুক সেইটোকে কৈ আহিছিল। কিন্তু এতিয়া সকলোৰে সন্মুখত কি বুলি ক’ব তাকে লৈ সমস্যাত পৰিল। পছন্দ নোহোৱাৰ কিবা কাৰণ এটাটো ক’ব লাগিল।

“কি হ’ল একো নকলি যে? কেনে দেখিলি ছোৱালীজনী?”

“নাই মানে, ঠিকেই আছে। খালী……. সন্মুখৰ দাঁত দুটাৰ মাজত বৰ ডাঙৰ ফাঁক এটা আছে।..”

বহুত সময় ভাবি ত্ৰৈলোক্যদাই ভাবিলে এইটো ক’লেই চবেই বুজি পাব যে ছোৱালী তাৰ পছন্দ হোৱা নাই। আৰু মিছাও নহয়, ফাঁক আছে দাঁত দুটাৰ মাজত।

“হ’ব, একো নহয়। তাইৰ নিজৰ দাঁত, তাই নিজেই চোবাই খাব। তই চোবাই দিব নালাগে নহয়। ঠিক আছে, আমি তেনেহ’লে কথা বতৰা আগবঢ়াওঁ ছোৱালীঘৰৰ লগত। তই যা, হাত মূৰ ধো গৈ।“ খুৰাকৰ গুৰু গম্ভীৰ কথাখিনিৰ পাছত কি ক’ব একো বিছাৰি নাপালে ত্ৰৈলোক্যদাই।

এইবাৰ ঘৰলৈ যাওঁতে ত্ৰৈলোক্যদাৰ ডাঙৰ জীয়েকৰ বিয়া। তিনিজনী ছোৱালীৰ বাপেক এতিয়া। হয়, বিয়া সেই সন্মুখৰ দাঁত দুটাৰ মাজত ফাঁক এটা থকা ছোৱালীজনীৰ লগতেই হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments