ইতিবাচক আৰু নেতিবাচক সমালোচনা – (গীতাৰ্থ বৰদলৈ)

ইতিবাচক আৰু নেতিবাচক সমালোচনা
-গীতাৰ্থ বৰদলৈ
অক্সফ’ৰ্ড অভিধানত থকা সমালোচনাৰ অৰ্থৰ অসমীয়া ভাঙনি এনেকুৱা হ’ব- “কোনো সাহিত্যিক বা কলাত্মক কামৰ ভাল আৰু বেয়া দিশৰ ভিত্তিত বিশ্লেষণ আৰু ৰায়দান” আৰু “ভুল দিশ অনুধাৱন কৰাৰ পিছত কোনোবা মানুহ বা কোনো বস্তুক নাকচ কৰাৰ দৰে অভিব্যক্তি”। আধুনিক অসমীয়া অভিধানত কোৱা হৈছে- “ভুল-ত্ৰুটি বিচাৰ কৰি কৰা আলোচনা”। ভালকৈ ক’লে আমি সমালোচকক ভাল পাওঁ আৰু বেয়াকৈ ক’লে তেওঁ আমাৰ বাবে চকুৰ কুটা দাঁতৰ শূল হৈ পৰে। বিশ্লেষণৰ মাধ্যেমেৰে কোনো ব্যক্তি বা বস্তুৰ প্ৰশংসা কৰাকে “ইতিবাচক সমালোচনা” বুলি কোৱা হয়। কেৱল যদি বেয়া দিশবোৰহে আঙুলিয়াই দিয়া হয় (কোনো কোনোৰ মতে আক্ৰমণ কৰা হয়) তেন্তে সেয়া “নেতিবাচক সমালোচনা”। দুয়োটাৰে সঠিক মিশ্ৰণত সমালোচনাটো হৈ পৰে “গঠনমূলক”। কিন্তু এনেকুৱা কথাবোৰ পূৰ্বপৰিকল্পিত হয়নে বা সমালোচনাৰ এনেকুৱা ভাগ কিমানদূৰ শুদ্ধ?
এটা ভাল সমালোচনাই আমাক আমি কৰা কামবোৰৰ বিভিন্ন দিশ উদঙাই দেখুৱাই তাৰ লাভালাভ, তাৰ সম্ভৱপৰ প্ৰভাৱ, তাক উন্নত কৰাৰ পথ আঙুলিয়াই দিব পাৰে। গতিকে সমালোচনা আমাৰ বাবে জীৱনৰ এক এৰাব নোৱাৰা অংগ। পিতৃ-মাতৃৰ বুজনি, ককৰ্থনাৰপৰাই আমাৰ জীৱনত সমালোচনাৰ আৰম্ভ হোৱা বুলি ক’ব পাৰি। তথাপিও ডাঙৰ হৈ অহাৰ লগে লগে, পৃথিৱীখনৰ কদৰ্যতাবোৰ আমাৰ চকুত বেছিকৈ পৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সমালোচনা বুলি ক’লেই আমাৰ মনলৈ এটা বেয়া চিন্তাহে আহে। আমি জানো যে কিবা এটা কাম কৰাৰ পিছত কামটোৰ ভৱিষ্যৎ ৰূপৰ বাবে সমালোচনা অতিকৈ প্ৰয়োজনীয়, কিন্তু কোনোবাই কিবা এটা আঙুলিয়াই দিলেই বেছিভাগ মানুহৰে প্ৰথম ভাৱ হয়- তেওঁ আক্ৰমণ কৰিছে। এজন মানুহক কিবা এটা চাবলৈ দি তেওঁৰ মন্তব্য যদি আমি শুনিব নোখোজোঁ, তেন্তে তেওঁৰ প্ৰতি আমাৰ বিশ্বাস কিমান, নিজৰ কামটোৰ যথাৰ্থতাৰ ওপৰত আমাৰ বিশ্বাস কিমান? আপুনি গল্প এটা লিখি তাৰ মাধ্যেমেৰে কিবা এটা বাৰ্তা দিব খুজিছে, সেই বাৰ্তাটো পাঠকে পাইছেনে নাই সেয়া পাঠকেহে ক’ব, আপুনি নহয়। “মই লিখিছোঁ যেতিয়া ৰাইজে পঢ়িবই” বুলি গপতে গংগাটোপ হৈ বহি থকাটো লেখকৰ লগতে সাহিত্যৰ পথাৰখনৰ বাবেও ক্ষতিকাৰক। আপুনি যদি জনপ্ৰিয় বিজ্ঞানৰ এখন ৰচনা লিখিবলৈ গৈ নিজে পদাৰ্থ বিজ্ঞানৰ স্নাতক হোৱাৰ যহত এসোপামান উপপাদ্য আৰু গাণিতিক হিচাপেৰে ৰচনা ভৰাই তোলে, সেই ৰচনাৰ অৰ্থ পাঠকৰ মূৰৰ দহ যোজন ওপৰেৰে পাৰ হৈ যাব। আপোনাৰ বুজনশক্তি আৰু সাধাৰণ পাঠকৰ বুজনশক্তিৰ মাজৰ দূৰত্বই আপোনাৰ কৰ্মৰ সাফল্য নিৰূপণ কৰিব, কেৱল আপোনাৰ বুজনশক্তিয়ে নহয়।
এজন সমালোচকে বস্তু এটাৰ কেৱল ভাল দিশবোৰহে আঙুলিয়ালে আমি আনন্দিত হৈ পৰোঁ। কিন্তু সেই আনন্দই ভৱিষ্যতৰ কৰ্মবোৰৰ বাবে এটা ত্ৰুটিপূৰ্ণ কাৰকক ভূমিকা ল’ব পাৰে; সেয়া হিতে বিপৰীতহে হ’ব। সমালোচকজনৰ কথাখিনি সম্পূৰ্ণ নহ’ব পাৰে, তেওঁ সেই কামৰ বিশাৰদ নহ’ব পাৰে, বা তেওঁ সেই সমালোচনা “ইতিবাচক” বুলি নাভাবিব পাৰে। আপুনিহে হয়তো সমালোচনাটো ইতিবাচক বুলি হৃদয়ংগম কৰিলে। তেনে আপাত-মধুৰ সমালোচনাক সাৰোগত কৰি “মই কৰা কাম ভাল হ’বই হ’ব” বুলি কৰা একে স্তৰৰ কামে আপোনাক আগলৈ মুখ ঠেকেছা খুৱাব পাৰে। যদি সঁচাকৈয়ে সমালোচনাটো উন্নত মানৰ আৰু বহুলাংশে ইতিবাচক, আপুনি সেই ইতিবাচক দিশবোৰক ভেটি কৰি নিজৰ কামটোক অধিক প্ৰশংসনীয় কৰি তুলিব পাৰে। বা আপুনি জানিব যে কামটোত বৃহৎ সালসলনিৰ প্ৰয়োজন নাই, সৰু সৰু কথাবোৰ সুসংগতভাৱে উপস্থাপন কৰিলে সেইটো আৰু মনোমোহা হৈ উঠিব। বিষয় এটাৰ বিশাৰদ নোহোৱাকৈ সেই বিষয়ৰ কোনো কামৰ সমালোচনা কৰিব নোৱাৰি বুলি কোৱাটোও ভুল হ’ব। ওপৰৰ পৰিচ্ছেদত উল্লেখ কৰা সাধাৰণ পাঠকজন কোনো সাহিত্যিক নহয়, সাধাৰণ শ্ৰোতা এজন বিখ্যাত গায়ক নহয়। সেইবুলিয়েই তেওঁলোকৰ মনৰ অনুভৱ আওকাণ কৰাটো আমাৰ জীৱনৰ এক চৰম দোষত পৰিগণিত হ’ব পাৰে।
ধৰা হওক, এজন শ্ৰোতাই জুবিন গাৰ্গৰ গানৰ বেয়া দিশবোৰৰ সমালোচনা কৰিছে। জুবিনৰ লগত তেওঁৰ কোনো পূৰ্বশত্ৰুতা নথকাটো সমালোচনাৰ পূৰ্বচৰ্ত। হ’ব পাৰে জুবিন বৰ্তমান সময়ত অসমৰ শ্ৰেষ্ঠ গায়ক, কিন্তু সেইবুলি কোনো মানুহৰ তেওঁক সমালোচনা কৰাৰ অধিকাৰ নাই নেকি? ওলোটাকৈ চাবলৈ গ’লে কিবা এটা কথাৰ সমালোচনা কৰিলে বুলিয়েই জুবিনৰ সকলো সৃষ্টি বেয়া নেকি? জুবিনৰ অন্ধ সমৰ্থকৰ দৃষ্টিত সমালোচকজন পৰিণত হ’ব এজন মতলবী, তলখাপৰ মানুহ হিচাপে। জুবিনক অলপ ভাল, অলপ বেয়া পোৱাবিলাকে তেওঁক বাহবাহ দিব। ইয়াত জুবিনৰ লাভ কি? জুবিনে সেই সমালোচনাৰপৰা শিকিব পাৰে যে তেওঁৰ সৃষ্টিয়ে, তেওঁৰ গায়কীয়ে অসমৰ সকলো শ্ৰোতাক সন্তুষ্ট কৰিব পৰা নাই। তেওঁ আৰু কষ্ট কৰিব পাৰে, আৰু সুন্দৰ গীত লিখিব পাৰে, সুৰ কৰিব পাৰে। অন্ধ সমৰ্থক, আধা সমৰ্থকসকলৰ লাভ কি? তেওঁলোকে ভৱিষ্যতে কেইটামান ভাল গান শুনিবলৈ পাব। সমালোচকৰ লাভ কি? তেওঁ হয়তো ভৱিষ্যতে অসন্তুষ্ট হ’বলগীয়া নহ’বও পাৰে আৰু সমালোচনাৰ সুৰ সলনি হ’ব পাৰে। যাৰ সৃষ্টি তুলনামূলকভাৱে শক্তিশালী, তেওঁ জোৰদাৰ সমালোচনাৰ ঢৌ অনায়াসে সহিব পাৰে আৰু সেয়া নিজৰ ভালৰ বাবে ব্যৱহাৰ কৰিব পাৰে। তাৰ বিপৰীতে দুৰ্বল সৃষ্টি কৰাজনে সমালোচনা সহিব নোৱাৰি ভাগি পৰিব পাৰে। সমালোচকজনৰ মনত এই কথাটোও খেলাই থকাটো আচৰিত নহয়। মানুহ বা বন্ধু চাই সমালোচনা কৰাটো কিছুমান সমালোচকৰ দোষ। তেওঁ এইবোৰ কথাৰ উৰ্ধত হ’ব লাগিব।
উদাহৰণটোক অন্ধ সমৰ্থকজনৰ দৃষ্টিৰে চাওঁ। সমালোচনাটো “নেতিবাচক” বুলি কোৱাটো তেওঁৰ স্বাভাৱিক প্ৰৱণতা। কিন্তু তেওঁ চালি-জাৰি চোৱা উচিত যে সমালোচকজনে সকলো কথাই ঋণাত্মক দৃষ্টিভংগীৰে চাইছে নেকি; সমালোচনাটোত গায়কলৈ শ্ৰোতাৰ পৰামৰ্শ-আব্দাৰ সোমাই থকা নাইতো? ভাল সৃষ্টি পোৱাৰ এক আশাৰ সুৰ নাইতো? ঋণাত্মক প্ৰতিক্ৰিয়াৰ বাবে সৃষ্টিৰ ধাৰা বন্ধ নহয়, ইতিবাচক প্ৰতিক্ৰিয়াৰ লগতে ঋণাত্মক প্ৰতিক্ৰিয়াও হ’ব পাৰে ভাল কাম কৰাৰ ইন্ধন। শ্ৰোতা বা পাঠকে আঙুলিয়াই দিয়া এটা ভাল দিশেই অদূৰ ভৱিষ্যতে সকলোৰে মন তোলপাৰ লগোৱা এটা গান বা বিক্ৰীৰ অভিলেখ কৰা এখন কিতাপৰ ভেটিস্বৰূপ হ’ব পাৰে। সমালোচনাটো হয়তো আদিতে ইতিবাচক বা নেতিবাচক নাছিল, জুবিনক ভাল পোৱা বা নোপোৱাৰ ভিত্তিত পাঠকৰ মনত সেয়া তেনে হৈ উঠিল। ৯৯ শতাংশ মানুহে বেয়া পোৱা গান এটা কাৰোবাৰ মনত ভাল হ’ব পাৰে, কাৰণ সেয়া তেওঁৰ “মনে কৈছে”। গানটোৰ প্ৰকৃত গুণাগুণ (৯৯% মানুহৰ মতক ভিত্তি হিচাপে গ্ৰহণ কৰিলে) তেওঁৰ বাবে গৌণ।
একেধৰণৰ আন এটা উদাহৰণ দিব পাৰি কংগ্ৰেছক সমালোচনা কৰাক লৈ। বহুতৰে মনত ভাৱ যে কংগ্ৰেছৰ নেতিবাচক সমালোচনা কৰিলেই মানুহজন ভাৰতীয় জনতা দল বা অগপৰ সমৰ্থক বা অগপক সমালোচনা কৰা মাত্ৰেই মানুহজন কংগ্ৰেছী। কিন্তু প্ৰকৃতাৰ্থত তেনে হয়নে? মানুহজনে হয়তো চৰকাৰৰ নীতি, কাম-কাজকহে গালি পাৰিছে, ভাল কামৰ লগত (গতিকে কংগ্ৰেছৰ ভাল কামৰ লগত) তেওঁৰ কোনো শত্ৰুতা নাই। তেওঁ ভাবিছে যে তেওঁৰ সমালোচনাই চৰকাৰক কিবা এটা সঠিক পদেক্ষেপ ল’বলৈ বাধ্য কৰিব পাৰে। সেই ফালৰপৰা চাবলৈ গ’লে তেওঁৰ মনোভাৱ আছিল ইতিবাচক। কিন্তু কংগ্ৰেছৰ দুৰ্ঘোৰ সমৰ্থক এজনৰ বাবে সেয়া হৈ পৰিল নেতিবাচক সমালোচনা। গতিকে এতিয়া দুয়োজনৰ মাজত অহি-নকুল সম্পৰ্কৰ সৃষ্টি হ’ল, যিটো কোনেও নিবিচাৰে। মনৰ বিশেষ অৱস্থাই পলকতে সমালোচনাৰ সুৰ আপোনাৰ বাবে সলাই পেলাব পাৰে।
শিশুকাল আৰু বয়সসন্ধি কালছোৱাত অত্যধিক নেতিবাচক সমালোচনাই ভৱিষ্যৎ জীৱনত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ব্যক্তিগত স্তৰত সমালোচনাৰ সন্মুখীন হোৱাটো প্ৰাপ্তবয়স্কৰ বাবে অতি কঠিন কাম হ’ব যেন নালাগে। যদি আপোনাৰ ক্ষেত্ৰত সেই সমালোচনা অপ্ৰযোজ্য বুলি ১০০% নিশ্চিত, তেন্তে সেয়া আওকাণ কৰক। যদি প্ৰযোজ্য তেন্তে তাক আপোনাৰ ভালৰ বাবে সালসলনি কৰক। আপোনাৰ জীৱনত প্ৰতিটো সমালোচনাৰে মূল্য বিচাৰ কৰি সেয়া যোগাত্মক কামৰ বাবে ব্যৱহাৰ কৰক (লাগিলে সমালোচনা যিমানে নেতিবাচক নহওক কিয়)। কিন্তু সমালোচনাক ভালদৰে হৃদয়ংগম কৰিব নোৱাৰিলে ই যে কেইবাদিনো আপোনাৰ নিদ্ৰা হৰণ কৰিব সেয়া ধুৰুপ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক