ইতিমধ্যে… ইতিপূৰ্বে ( মেঘালী দিহিঙ্গীয়া )

Itimoddhye-Itipurbe_Meghali Dihingia

 

 

 

হওঁতে কথাটো একেবাৰে নোহোৱা-নোপজা নহয়৷ গাঁওখনত আগতেও দুই চাৰিবাৰ এনে হৈছে৷ সেইকেইবাৰো যে একেবাৰে বু-বু বা-বা হোৱা নাছিল তেনে নহয়৷ পিছে এইবাৰৰ কথাটো অলপ বেলেগ৷ সাধাৰণতে এনেবোৰ কথা গাঁৱৰ বাকীবোৰে গম নাপালেও দুপৰীয়া ভাতঘূমটিৰ পাছত ঘৰে ঘৰে মেল মাৰি ফুৰা বোৱাৰীমখাৰ চকুত লুকাই নাথাকে৷ আন নহ’লেও আবেলি কৈলাশৰ দোকানৰ আগৰ বকুলজোপাৰ তলত কেৰম খেলি থকা ডেকাহঁতৰ কোনোবা এটাইতো জানিব লাগিছিল৷ পিছে নাজানিলে; চকুৰ আগতে বলীন মাষ্টৰৰ ভায়েক নৃপেনে তিনিখন গাঁৱৰ সিপাৰৰপৰা ছোৱালী পলুৱাই আনি ঘৰ সোমোৱালেহি, গাঁওখনৰ কোনোৱে একো ফুটকে নাপালে৷

পুৱা কথাটো জনাজনি হোৱাৰেপৰা বলীন মাষ্টৰৰ ঘৰত মানুহৰ সোঁত, উদ্দেশ্য ন-ছোৱালী চোৱা৷ মাষ্টৰৰ ঘৈণীয়েক সৰলাই দিনটো আলহী সুধি ততকে নাপালে৷ গাঁৱৰে খুৰীশাহু, পেহীশাহুবোৰে ক’লে- “ভালেই হ’ল দে আই, তোৰেই সহায় হ’ব৷” বোৱাৰীমখাই ক’লে- “তোমাৰে ভাল দিয়া, লগটো নেৰিল আৰু৷ জা-ছোৱালীৰ ওখোনা ওখোনিবোৰৰ পৰা বাচি গ’লা৷” আলহী আহিব বুলি জানিয়েই নে নজনাকৈয়ে সৰলাই আগদিনাতে সজাই থোৱা নাৰিকলৰ লাৰু আৰু কৈলাশৰ দোকানৰপৰা অনা গুড দে বিস্কুটেৰে ৰঙাচাহ খাই, বলীন মাষ্টৰৰ বাৰীৰ কেঁচা তামোলেৰে মুহুদি মাৰি, ন-ছোৱালীক মাত লগাই সকলো ঘৰে ঘৰোৱাহে গ’ল৷

পিছদিনা মাষ্টৰে ন-দৰা ন-ছোৱালীক ভকতৰ আগত আঁঠু লোৱাই খাহী মঙহ আৰু ঘৰৰে পুখুৰীৰ বাহু মাছেৰে ৰাইজক ভোজ ভাত খুৱালে৷ জ্ঞাতি কুটুম্বে উদৰ পূৰাই খাই ভূৰি চিঙি চিঙি আশীৰ্বাদ দিলে নতুন দৰা কইনাক৷

অৱশ্যে ন-ছোৱালীৰ মুখ কাৰো বাবেই নতুন নহয়৷ মাহেকে-পষেকে বায়েকৰ ঘৰলৈ আহিয়ে থাকে৷ বায়েকজনী অকলশৰীয়া, ইফালে ঘৰখনত এশ এবুৰি কাম৷ হওঁতে ঘৰত মানুহ মুঠেই তিনিটি৷ বায়েক, ভিনিহিয়েক আৰু ভিনিহিয়েকৰ একেটি ভায়েক৷ হ’লে কি হ’ব… সাতপুৰাকৈ মাটিৰ খেতি, পিছফালে বাৰীত পাণ তামোলৰ লগতে বতৰৰ বিবিধ শস্য, গাঁৱৰ সিমূৰে পুৰণা ভেঁটিত পাঁচবিঘাকৈ চাহ বাগান, ধান চাউলৰ কাম, আখলৰ কাম, গৰু-গাই, হাঁহ-কুকুৰা, কামকৰা মানুহ… এইবোৰৰপৰা ঘূৰিবলৈকো সময় নাপায় মানুহজনীয়ে৷ মাকে যেতিয়াই তেতিয়াই মিনতিক পাচে- “যাচোন যা, বায়েৰৰ ঘৰৰপৰা আহগৈ দুদিনমান৷ বেচেৰীৰ অতখন কাম, তই গ’লে তেও সকাহ অকণ পাব৷” মিনতিয়ে বেয়া নাপায়৷ ঘৰত কামৰ আউল মাৰিবলৈ দুজনীকৈ বৌৱেক, মাক আছেই৷ বায়েকৰ ঘৰখন আহল-বহল, মুকলি৷ লাগ বুলিলেই পোৱাতে চব আছে৷ ডাঙৰ বুলি হকা বধা কৰোঁতাও তেনেকৈ নাই৷

ভনীয়েক আহিলে হাততে সৰগ ঢুকি পোৱা যেন লাগে সৰলাৰ৷ গিৰিয়েকৰ দিনটো স্কুলতে পাৰ হয়৷ আবেলি বাহিৰে বাহিৰে গাঁৱৰ মেট্ৰিক দিবলগা কেইটাক টিউচন কৰি আহি ঘৰ সোমায়হি মানে সন্ধিয়া লাগে৷ দেওৰেকটোও দিনৰ দিনটো খেতি, বাগান, কামকৰা মানুহৰ লগতে৷ বাগানৰ লগতে লাগি থকা কাঠৰ মিলটোও চাব লাগে৷ মুঠতে দিনৰ সময়ভাগত মনৰ কথা এটা পাতিবলৈ দেও মনিচ এটাও নাথাকে ঘৰখনত৷ বনকৰা ল’ৰা অজিত আছে; পিছে তাৰ লগতনো কি কথাডাল পাতিব, বৰকৈ লাই পালেও মূৰৰ ওপৰত উঠে ইহঁতবোৰ৷ বিয়া হোৱাৰ বাৰ বছৰ হ’ল, আজিলৈকে ল’ৰা ছোৱালী এটাৰো মুখ নেদেখুৱালে কণা বিধাতাই৷ ধনে ধানে উভৈনদী ঘৰখন, খাওঁতাহে নাই৷ কেচুৱাৰ মাত শুনি নোপোৱা উদং ঘৰখনত অকলে অকলে সোমাই থাকিলে বুকুখন শোকে খুন্দা মাৰি ধৰে সৰলাৰ৷ দুখ বলীন মাষ্টৰৰো নলগা নহয়, নেদেখুৱায়৷ মানুহজনীক মৰমেৰে বুৰাই ৰাখে৷ দুই একে মাজতে দ্বিতীয় বিবাহ কৰাবলৈ মন্ত্ৰণা দিছিল, মাষ্টৰে পোনচাটেই জাঙুৰ খাই উঠিল- “মোৰ ল’ৰা-ছোৱালী নহ’ল কি হ’ল? ভাইটো আছে নহয়, সি চাব৷ তাৰ ল’ৰা-ছোৱালীয়ে চাব৷” নৃপেনে ককায়েকক ভগৱান দেখাদি দেখে, দেউতাক ঢুকোৱাৰ পাছৰপৰা ককায়েকেই ডাঙৰ কৰিছে তাক, টোপ এটা নপৰাকৈ৷ ককায়েকক নোসোধাকৈ একো কামতে হাত নিদিয়ে, বৌৱেককো মাকৰ দৰে ভাবে৷ পঢ়া শুনা বেছিলৈ কৰিব নোৱাৰিলে সি, কোনোমতে হায়াৰ চেকেণ্ডাৰীটো ঘেঁহাই মেলি পাছ কৰাৰ পাছত ঘৰতে খেতিত, ব্যৱসায়ত লাগিল৷ পৰিশ্ৰমী ল’ৰা নৃপেন, ঘৰখন দোপতদোপে উঠাই আনিছে৷

এই নৃপেনেই নিশাটোৰ ভিতৰতে ককায়েকৰ খুলশালীয়েক মিনতিক পলুৱাই আনি ঘৰ সুমোৱালেহি৷ কথাটো অস্বাভাৱিক নহয়৷ বায়েকৰ দেওৰেকৰ লগত ভনীয়েকে পীৰিতি কৰেই৷ তাতে ঘৰখনলৈ তাইৰ সঘন আহ যাহ, চকু দিবলৈ তেনেকৈ ডাঙৰ মানুহো নাই৷ ডেকা গাভৰুৰ মনহে, পিচলিবলৈনো কেইপৰ? পিছে কথাটো যে একেবাৰে ঘৰৰ চাল বেৰেও নজনা নুশুনাকৈ থাউকতে হৈ গ’ল সেইটোহে আচৰিত হ’বলগা কথা৷ এনেবোৰ পীৰিতি গাঁৱত লুকাই থকা কথানে? আন নালাগে, বায়েকজনীয়েও একোকে ভু নাপালেনে? নৃপেন ল’ৰাটো শান্ত, দেখনিয়াৰ, তেল পিচলা পাহুৱাল গাৰে থুলন্তৰ চেহেৰা৷ বৰ অমায়িক আৰু ভদ্ৰ ল’ৰাটো, ভাল বেয়া খবৰ সোধাৰ বাহিৰে গাঁৱৰ জীয়ৰীমখালৈ মূৰ তুলিও নাচায়৷ তেনেহেন ল’ৰাটোৱে বৌৱেকৰ ভনীয়েকজনীৰ লগত যে তলে তলে ইমান দূৰ পাইছেগৈ সেয়া ঘপহকৈ ভাবি পেলোৱা কথাও নহয়৷ তাতে মিনতিৰ চেহেৰাটোও বৰকৈ চকুতলগা নহয়৷ ক্ষীণ-মীণ চেহেৰা, আগদাঁতকেইটা সামান্য উজলা, গাৰ বৰণটোও সৰলাতকৈ আন্ধাৰ৷ নৃপেনৰ সৈতে একেলগে থিয় কৰাই দিলে কোনেও একেষাৰতে কৈ নেপেলায় পাভজোৰা বুলি৷ সিহঁত দুটাক তেনেকৈ চুপতা চুপতি কৰাও দেখি নাপালে কোনোৱে৷ পিছে ডেকাকালৰ পীৰিতিয়েনো ক’ত ইমানবোৰ কথা গমি পিতি চায়, হ’ল চাগে আৰু তাৰ মাজতে কিবা এটা৷ বিয়নী মেলত আগভাগ লোৱাকেইজনীয়ে মিনতিক বাহ-বাহ দিলে এনে এটা লেখত লবলগা ডেকা হাত কৰিব পাৰিলে বুলি৷ আগতে নৃপেনত চকু দিয়া গাঁৱৰ দুজনীমানে মিনতিৰ নামত এমাহমানলৈ ঈৰ্ষাত জ্বলি মৰিল৷

কথাবোৰ লাহে লাহে তল পৰিল৷ ঘৰলৈ লখিমী অহাৰ দৰে মাষ্টৰৰ ঘৰখনো ধনে ধানে উঠি আহিল৷ দুই বাই-ভনীয়ে লগ লাগি ঘৰখন জিলিকাই ৰাখে৷ দুপৰীয়া ভাত ৰন্ধাৰ সময়তো যদি কোনোবা ওলায়গৈ, আন নহ’লেও ঘিলা পিঠা এটাৰে গাখীৰ চাহ অকণ নোখোৱাকৈ নাহে৷ মিনতিৰ চেহেৰাটোও আগতকৈ যথেষ্ট ভাল হৈছে, ঘৰখনে মানিছে৷ ব্লাউজৰ ছাইজ বাঢ়িছে, আগৰ হাতচিলাই মাৰি ঠেক কৰি লোৱাকেইটা নোসোমোৱা হ’ল৷ মুখখনো আগতকৈ কিছু পোহৰ হোৱা যেন লাগিছে, নৃপেনে টাউনৰপৰা কিবা ফেয়াৰনেছ ক্ৰীম আনি দিছে হেনো৷ বলীন মাষ্টৰে বেংকত লোণ এটা লৈ নতুনকৈ চাৰিচকীয়া এখনো কিনিছে৷ মাষ্টৰে চলাবলৈ শিকা নাই, নৃপেনে চলায়৷ কেতিয়াবা বৌৱেক আৰু ঘৈণীয়েকক আবেলি টাউনৰপৰাও ফুৰাই আনেগৈ৷

সেইবেলি আঘোণত সৰলাই হাজিৰালৈ লোৱা দাৱনীহঁতৰ লগত অকলেই ধান দাবলৈ গ’ল৷ গাঁৱৰ বোৱাৰীহঁতে “কি হ’ল অ’ সৰলা, ভনীয়েৰক লগত নানিলি যে? আখলৰ কামত থৈ আহিছ নে কি?” বোলা প্ৰশ্নৰ উত্তৰত সৰলাই এমুখ হাঁহিৰে সকলোকে ভাল খবৰটো দিলে, “মিনতিৰ গা ভাৰী৷”

ভাল খবৰটোৱে কাৰোবাৰ আমঠু ক’লা পেলালে৷ বহুতে শুনি ভাল পালে৷

“হওক তেও, বলীন মাষ্টৰৰ বংশটো ৰ’বগৈ৷ ঘৰখনত কেঁচুৱা এটাৰে অভাৱ আছিল৷ বেচেৰী সৰলাজনীৰো কোলা ভৰিব৷ বৰমাক যেতিয়া মাকেই আৰু৷”

নৃপেনৰ বিয়াৰ সময়তে ওলোৱা বু-বু বা-বা আকৌ গা কৰি উঠিল যেতিয়া মিনতিয়ে ফাগুনৰ শেহলৈ ধুনীয়া নোদোকা ল’ৰা এটা জন্ম দিলে৷ পুৱা গধূলি ৰাজহুৱা পানীকলৰ পাৰত, দুপৰীয়া চাহৰ মেলত আকৌ ঠাই পালে বলীন মাষ্টৰৰ ঘৰৰ আলোচনাই৷ আদহীয়াখিনিয়ে আঙুলিৰ আগত মাহৰ লেখ ললে৷ কাতি বিহুৰ এসপ্তাহ-দহদিনৰ আগতে ন-ছোৱালী আহিছিল৷ মাহৰ হিচাপত ছমাহ সোমাইছে মাথোঁ৷ এনেইতো গাঁৱলৈ অহা ন-বোৱাৰীহঁতৰ বেছিভাগৰে বছৰটো নুঘূৰোতেই কোলা শুৱনি হয়৷ খেনোৱে ন দহ মাহতো কেঁচুৱা পায়৷ গা ভাৰীৰ সময়ত কেতিয়াবা সৰু সুৰা অঘটন ঘটিলে সাত-আঠমাহতো কেচুৱা ওপজাৰ উদাহৰণ নথকা নহয়৷ মাত্ৰ সেইটো কেচুৱা তুলাহেন পাতল হয়, তুলিবলৈও অকণ কষ্ট হয়৷ কিন্তু ছমাহ সোমাওঁতেই? তাকো চাৰিসেৰৰ ওচৰা-ওচৰি ওজনৰ এইহেন তজবজীয়া কেচুৱা? উৰহী গছৰ ওৰ যেন এইবাৰহে ওলাল৷ বাটৰ ধূলিকণা এটায়ো গম নোপোৱাকৈ নিশাটোৰ ভিতৰতে নৃপেনে ছোৱালী আনি ঘৰ সুমোওৱা, সৰলাৰ আওকণীয়া-আওপকীয়া কথা, বলীন মাষ্টৰৰ মৌনতা… এইবোৰৰ ভেদ ভাঙিবলৈ বেছিপৰ নালাগিল এইবাৰ৷

বলীন মাষ্টৰ হাতখোলা মানুহ৷ ভতিজাকৰ শুধি-সবাহ পাতি কেইবাবছৰলৈ গাঁৱৰ ৰাইজৰ মনত ৰৈ যোৱাকৈ ভোজ খুৱালে৷ খাহীৰ মঙহ, ব্ৰয়লাৰ মঙহ, ঘৰৰ পুখুৰীৰ ৰৌমাছ৷ চাপৰিৰ মহৰ দৈ আৰু টাউনৰ হোটেলৰ হাঁহকণীটোৰ সমান ডাঙৰ ৰসগোল্লা৷ চহৰৰপৰা অনা কাৰিকৰে ৰন্ধা পনীৰ, কাঠফুলাৰ আঞ্জা গাঁৱৰ ৰাইজখনে সেইবাৰ প্ৰথম খাই পালে৷ আটায়ে দকচি খালে৷ ল’ৰাকণকো ভূৰি ভূৰি আশীৰ্বাদ দিলে৷ দেহি ঐ, এনেনো মৰমলগা ল’ৰাকণ! ৰঙটো বাপেকৰপৰাই পাইছে৷ হওক তেও, বলীন মাষ্টৰৰ চোতাল ভৰিল৷ মৰিবৰ সময়ত কেও কিছু নথকাৰ দুখকণ লৈ নাযায়৷ ভাইৰ পো, নিজৰে পো৷ তাতে আকৌ ভাইবোৱাৰী নিজৰে খুলশালী৷

আটাইতকৈ স্ফূৰ্টিত থকা যেন লাগিল সৰলাক৷ সৰলাক বাঁজী বুলি হঁহা মুখৰা দুজনীমানেও বাহিৰে মুখ ভেঙুচাই ভিতৰি দাঁত কৰচিলে৷

কথাবোৰ আকৌ তল পৰিল, আগৰবাৰৰ দৰেই৷ ডাঙৰ কথা নহয়৷ এৰা, একো ডাঙৰ কথা নহয়৷ ডেকা ডেকেৰীৰ গাত প্ৰেমৰ পিৰপিৰণি উঠিলে এইবোৰ হয়েই৷ বৰ নথকা ঘৰ৷ ইমানকৈ হুলস্থুলখন কৰিবলৈ তাইক বদনাম কৰিতো সি এৰি দিয়া নাই৷ বা তায়ো বেলেগৰফালৰ লেঠা গাত লৈ আহি ঘৰ গচকাহি নাই৷ দিনে ৰাতিয়ে একেখন ঘৰতে ভেটাভেটি হৈ থাকে৷ গাভৰু ছোৱালীৰ উঠন দেহা, মতা মানুহৰ মন৷ পিছৰখিনি সজে সজে হৈ গ’ল… লেঠা গুচিল, ঘৰখনো ভৰিল৷ মাষ্টৰ আৰু সৰলাৰো চিন্তা এটা আঁতৰিল৷ মাউৰা ল’ৰাটোক ইমানদিনে ঘৰখন পাতি দিয়া নাই বুলি দুই একে কথা উলিয়াইছিলেই৷ বোৱাৰীও আহিল পচন্দৰ, দুঃশ্চিন্তাও গুচিল৷ নহ’লে আজিকালিৰ ছোৱালীবোৰ যিহে, মুখৰা বোৱাৰী এজনী আহি সোমাই ললে দুদিনতে ঘৰখনত ফাঁট মেলিবলৈ কিমানপৰ? দুই একে কোৱাকুই কৰিলে- “সৰলাজনীও কম হেবাং নহয়৷ চকুৰ আগতে দেওৰেকে আবিয়ৈ ভনীয়েকজনীৰ গাত লেঠা লগালে, ঘৰখনৰ মানুহজনী হৈয়ো একো ফুটকে নাপালে৷”

সঁচাইনে?
সঁচাই ইমান হেবাং নে সৰলা?
সঁচাই একো ফুটকে পোৱা নাছিলনে সৰলাই?
…………………………………………………
…………………………………………………

: হেৰি, শুনিছেনে?

: কি?

: চাওঁ, বিচনীখন এইফালে দিয়কচোন৷ বৰ গৰম লাগিছে৷

: হোঁ… লোৱা৷ এৰা, এইবাৰ ব’হাগতেচোন বৰ উকমুকনি নোপোৱা গৰম পৰিছে৷ ৰ’দটোও খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই আহে পুৱাতে৷

শেষ ব’হাগৰ গৰম দুপৰীয়া এটাত ভাতঘূমটি মাৰিবলৈ লৈ শোৱাকোঠাৰ বিচনাত মাষ্টৰ আৰু সৰলাই এইদৰে কথা পাতিছিল৷ দেওবাৰ৷ মাষ্টৰৰ স্কুল বন্ধ৷ টিউচনো নাথাকে দেওবাৰে৷ সপ্তাহটোৰ এইটো দিনতহে মানুহজনীক দুপৰীয়াৰ সময়কণ দিব পাৰে৷

: ই, সৰু ক’ত গ’ল হে? আজি দেওবাৰৰ দিনাও ঘৰত নাই যে?

: তাৰ কাৰণেনো কামৰ কি দেওবাৰ সোমবাৰ? হালোৱাকেইটাক আগধন দিবলৈ গৈছে হ’বপায়৷

: হুঁ… দেহাটোলৈকো চকু দিব লাগে অকণমান৷

: হেৰি নহয়, শুনকচোন৷ ইয়াৰ, মানে সৰুপোণাৰ বিয়াখন পাতিব লাগিছিল নহয়৷

: পাতিবতো লাগেই৷ আৰু বেলি ভাদতে ডেৰকুৰি পাৰ হ’ল৷ তুমি বৌৱেকজনীনো আছা কিহলৈ? সোধা আকৌ তাক ক’ৰবাত মন দি থৈছেনি৷

: এহ্… সেইবোৰ একো নাই৷ তেনে কিবা থাকিলে মোক নোকোৱাকৈ থাকিবনে সি? মইতো কৈয়ে থাকো বিয়াৰ কথা৷ সি বোলে সেইবোৰ ভাৰ হেনো আপোনাৰ মোৰ ওপৰত৷

: তেনেহ’লে কথাবোৰ আগবঢ়াব লাগে৷ তোমাৰ ক’ৰবাত পচন্দৰ ছোৱালী আছে নেকি?

: ছোৱালী নথকা নহয় দুজনীমান৷ পিছে সি দেখোন ক’লে বোলে বৌ, ৰূপে নতৰায়৷ ৰূপহী এজনী আহি যদি দুদিনতে তোমাৰ সৈতে ওখোনা-ওখনি লাগে, ককাইদেউক নামানে তেন্তে তেনে সংসাৰ নপতাই ভাল৷

: ছোৱালীনো আজিৰ যুগত ক’ত পাবা ইমান নিমাতী? সাত-পাঁচ তায়ো মিলাব লাগিব, তুমিও৷ সেইবুলিতো আৰু ল’ৰাটোক ডাংবৰলা কৰি থব নোৱাৰি৷ ঘৰখনত কেঁচুৱা পোৱালি এটাও লাগে৷ পিতাইৰ বংশৰ নহ’লে সঁচ নাথাকিবগৈ৷ আমাকতো সেইকণ ভাগ্য নিদিলেই কণা বিধাতাই৷ সৰুৰ ল’ৰায়েই আমাক চাব লাগিব আমাকো৷ সম্পত্তিওনো অতখন গোটাইছোঁ কালৈ?

: সেইখিনিতেতো লেঠা৷ আমাৰতো কেও-কিছু নহ’লেই৷ গোটেই ঘৰ-সম্পত্তি সৰুপোণাই, তাৰ ল’ৰা-ছোৱালীয়েই পাব৷ পিছে আহিবলগা বোৱাৰীয়ে যদি আমিহালকে লেইলেই-চেইচেই কৰি বেলেগে চৰু পাতে, ল’ৰা-ছোৱালীও সেইজাততে নুঠিবনে? আমাক আই-বোপাই ভবাতো দূৰৈৰ কথা, মৰিবৰ পৰত যদি মুখত পানী এটুপিও তুলি নধৰে?

: সেইবোৰ ভাগ্যৰ কথা হেৰা৷ বৰকৈ নাভাবিবা, মূৰহে আচন্দ্ৰাব৷ তেৰাই লিখামতেই হ’ব চব৷ চাই থাকাচোন বাৰু, মনে খোৱা ক’ৰবাত পোৱাইবা৷ তোমাৰ নিজৰফালৰ, মাৰাৰ ঘৰৰফালৰ কোনোবা থাকিলেও চাবা৷ তোমাৰ স’তে মিলা, তোমাক, ঘৰখনক আপোন বুলিব পৰা৷

মাষ্টৰে আৰু কথা নবঢ়ালে৷ বিচনীৰ স্পীড বঢ়াই দি সিফালে বাগৰ সলালে৷

সৰলাৰহে টোপনি নধৰিল৷ বহুপৰলৈ গিৰিয়েকে কোৱা কথাকেইটাই পাকঘূৰণি খাই থাকিল মনত৷

নিজৰ ফালৰ কোনোবা?

মনে মিলা কোনোবা?

আপোন বুলিব পৰা কোনোবা?

…………………………………………………
…………………………………………………

ব’হাগৰ মাহটো শেষ হোৱাৰ আগে আগে মিনতি আহিছিল বায়েকৰ ঘৰলৈ৷ বহুদিন খবৰ লোৱা হোৱা নাই৷ আলহী নুগুচে বিহুৰ মাহটোত৷ তিনি চাৰিজনী মানুহ থাকিলেও কামৰ শেষ নহয়৷

দুমাহৰ মূৰত খূলশালী আহিছে বায়েক-ভিনিহিয়েকৰ ঘৰলৈ৷ ৰাতিলৈ মাষ্টৰে বনকৰা ল’ৰাটোৰ হতুৱাই ঘৰৰে হাঁহ এটা মাৰিলে৷ নৃপেনে কাটিলে৷ মিনতিয়ে ওচৰতে ইটো-সিটো যুগুতাই দি থাকিল৷ দুবাৰমান জোকালেও সৰু ভিনিহিয়েকক মাংস কাটিব নাজানে বুলি৷ নৃপেনে ইচ্ছা কৰিয়েই মিনতিৰ ফালে চিটিকনি পৰাকৈ কিছু জোৰেৰে মিতদাখনৰ কোবটো মাৰিলে৷ গালত চিটিকি পৰা মাংসৰ তেজ দুটোপাল ধুবলৈ গৈ মিনতিয়ে নৃপেনৰ ফালেও পানী এচিটা মাৰি পঠিয়ালে৷

আলুকেইটা কাটি দেহিচোন বুলি ভনীয়েকক মাতিবলৈ অহা সৰলাই সিহঁতৰ চুপতা-চুপতিখন দেখি একো নোকোৱাকৈ ভিতৰলৈ সোমাই গ’ল৷

ৰাতিলৈ কোমোৰা দি ৰন্ধা হাঁহৰ মাংসৰ আঞ্জা সকলোৱে টকালি পাৰি খালে৷ নৃপেনে তৰকাৰীখন বৰ সোৱাদ হৈছে বুলি বৌৱেকক শলাগতে সৰলাই ইচ্ছা কৰিয়েই ক’লে- “এইহে বনাইছে, মই লৰাইহে দিছিলোঁ দুই-এবাৰ৷”

খাই উঠি মাষ্টৰ শুবলৈ গ’ল৷ নৃপেনে আনদিনাৰ দৰে চ’ৰাঘৰলৈ গৈ টিভিৰ আগত বহিলগৈ৷ বায়েক ভনীয়েকে দমকলৰ পাৰত বাচন ধোৱাত লাগিল৷ এজনীয়ে ফুটছাঁই দি বাচনসোপা মাজিছে, আনজনীয়ে ধুই গৈছে৷ অকস্মাতে বায়েকে সুধি পেলালে মিনতিক-

: আমাৰ ইয়াক, সৰুপোণাক তই কেনে দেখ?

থতমত খালে মিনতিয়ে-

: ভালেই৷ কিয়?

: এনেয়ে৷ মাঘত চাবলৈ অহা ঘৰে কি ক’লে?

: দৰাৰ মন দি থোৱা আছে হেনো, চাবলৈ অহাৰ পাছতহে ঘৰত কৈছে৷ কামাখ্যাত বোলে সেন্দুৰো পিন্ধাই থৈছে ছোৱালীক৷

: এনেকৈ আৰ ঘৰে তাৰ ঘৰে ঘূৰি ফুৰিলে সময় ৰৈ নাথাকে৷ নিজৰ কথা ভাৱ৷

: নিজৰ কথা আকৌ কি ভাবিম?

: ভিনিয়েৰলৈ মোক বিয়া দিওঁতেই মেট্ৰিক দিছিলি৷ এযুগ পাৰ হ’ল৷ বৌৱেৰহঁতৰ মুখকেইখনৰ কথা জানই, জুই দিলেও নোপোৰে৷ মা-দেউতাৰো বয়স হৈ আহিছে৷

: চাৰিঘৰে চাবলৈ আহি ঘূৰি গ’ল৷ তাতেনো মোৰ কি দোষ?

: দোষ কাৰো নাই ৷ চল চাই বল এৰিব লাগে৷ আমাৰ ইয়াৰ, সৰুপোণাৰো ঘৰখন পাতিব লাগে৷

এইবাৰহে বায়েকৰ কথাৰ সুৰ অলপীয়াকৈ বুজা যেন লাগিল মিনতিৰ৷ তলমূৰ কৰি ঘঁহা কেৰাহীটোকে আকৌ এবাৰ ফুটছাঁইৰে ঘঁহি জোখতকৈ সৰুকৈ মাতষাৰ উলিয়াই ক’লে- “সৰু ভিনদেৱে বা কি ভাবে…!!”

: মতা মানুহৰ মন৷ জুই দেখিলে গলিবলৈ কেইপৰ?

“চেগ বুজি গাটো দিবি৷” -অকণো থোতামোজা নলগাকৈ কথাষাৰ কৈ সৰলা ভিতৰলৈ সোমাই আহিছিল ধোৱা বাচনকেইটা লৈ৷ দমকলৰ পাৰত এন্ধাৰে মুন্ধাৰে নখ চিকুটি চিকুটি ৰৈ থাকিল মিনতি৷

সেই যে আহিছিল, একেবাৰে জেঠৰ এপষেক যোৱাৰ পিছতহে ঘৰলৈ ঘূৰিল মিনতি৷ যাবৰ দিনা নতুনকৈ কিনা দুচকীয়াখন লৈ “ময়ে থৈ আঁহোগৈ” বুলি নৃপেনো ওলাল৷

এইবাৰ ঘৰত বেছিদিন থাকিবলৈ নাপালেই, বায়েকে ভৰিৰ বিষ বুলি মাতি পঠিয়ালে৷ নৃপেনে গৈ লৈ আহিলগৈ আহাৰৰ শাত ভঙাৰ পিছদিনাই৷ এইবেলি গোটেই ঘৰখনকে চম্ভালি ল’লেহি মিনতিয়ে৷ বায়েকক দুদিনমানলৈ ৰেষ্টত থাকিবলৈ কৈ গৈছে ডাক্টৰে৷ আখলে-চোতালে গোটেইখন কাম সামৰি ল’লে তায়ে৷

নৃপেনে সেইকেইদিন দুপৰীয়াৰ ভাতসাঁজ খাবলৈ আহি একেবাৰে আবেলিৰ চাহ-জলপান খাইহে ওলাবলৈ ল’লে ঘৰৰপৰা৷ বলীন মাষ্টৰে নিশা ৮ বজালৈকে টিভিত নিউজ চায়৷ ৯ বজাত ভাতমুঠি খাই আৰু ৰৈ নাথাকে, চিধাই বিচনাত পৰেগৈ৷ নৃপেনে ভাত খাই উঠি চ’ৰাঘৰত বহি চিনেমা চায়৷ আগতে ভনীয়েক থকাকেইদিন সৰলাও বহিছিল টিভিৰ আগত, দেওৰেক আৰু ভনীয়েকৰ সৈতে৷ সেইকেইদিন সৰলাৰো সোনকালে টোপনি অহা হ’ল৷

ভাদৰ দহদিনমান যোৱাৰ পিছত ঘৰলৈ যাবৰ হ’ল মিনতিৰ৷ সেইবেলি ভিনিহিয়েকৰ ঘৰৰ খেতিটো তায়ে উঠালে বুলিব পাৰি৷ ঘৰৰ মাটি বেছিকণ নহয়, বছৰটোলৈ জোৰেগৈ কোনোমতে৷ মাক আৰু বৌৱেক দুজনী লাগিলে শাওনতে শেষ হয়৷ তাই নাথাকিলেও দিগদাৰ নহয়৷

মিনতি ঘৰলৈ যোৱাৰ পিছতো বৌৱেকে মাকৰ ঘৰলৈ বুলি বান্ধি দিয়া শাক-মাছৰ টোপোলা নিয়াৰ চলেৰে নৃপেনে সিহঁতৰ ঘৰলৈ অহাযোৱা কৰি থাকিল৷

তাৰপিছত আহিনৰ শেহলৈ মিনতি একেবাৰে গুছিয়েই আহিল নৃপেনৰ বাইকত উঠি৷ বায়েকৰ প্ৰকাণ্ড ঘৰ-বাৰীত হাত ফুৰাবলৈ৷

চ’ত নোসোমাওঁতেই বলীন মাষ্টৰৰ ঘৰো ভৰিল৷ আগচোতালৰ কাপোৰ মেলা ৰছীত কেঁচুৱাৰ বিচনাত পাৰিবলৈ বুলি ফলা সৰলাৰ পুৰণি চাদৰৰ টুকুৰা কেইটামানে ন কৈ উলমিল৷

সৰলাই মনতে কৰি থোৱা অংকটো মিলি গ’ল৷ ভূ কোনোৱে নাপালে৷ বলীন মাষ্টৰেও৷ নৃপেনেও৷ আনকি মিনতিয়েও ৷

…………………………………….
…………………………………….

সৰলাই আজিকালি ভনীয়েকক দুই এটা লাচনি পাচনি কৰি দিয়াৰ বাদে আখলৰ কাম কৰিবলৈ এৰিছে৷ ডাক্টৰে কৈছে বৰকৈ লৰা-ঢপৰাখন কৰি ফুৰিলে ভৰিৰ বিষটো আকৌ উক দিব পাৰে৷ নিজৰ নকৰিলে নোহোৱা কামকেইটাৰ বাদে দিনটোৰ বেছিভাগ সময় লাৰুৱা গোপালহেন ভতিজাককে উমলাই থাকে৷ মিনতি কামিলা ছোৱালী, বনকৰা ল’ৰা অজিতেও তেনেকৈ কামচুৰি নকৰে৷ ভতিজাকক উমলোৱাটোৱেই এতিয়া সৰলাৰ প্ৰধান কাম৷ মিনতিয়েও ভালেই পায়, পিয়াহ খুওৱা সময়কণৰ বাদে কেচুৱাৰ লগত লাগি থাকিবই নালাগে৷ দুপৰীয়া নৃপেনে ভাত খাবলৈ আহি ভাতঘূমটি মৰা সময়কণো ল’ৰাকণক খুৱাই ধুৱাই নিজৰ বিচনালৈকে লৈ যায়গৈ সৰলাই৷ আজৰি কৰি দিয়ে সিহঁতহালক, বিয়া হোৱাৰনো হৈছে কিমানদিন?

ল’ৰাকণেও বেছিভাগ সময় বৰমাক-বৰদেউতাকৰ লগতে থাকে৷ ভায়েকৰ পো, ককায়েকৰ পো একেই কথা৷ তাতে আকৌ দুই জাঁ-ছোৱালী একে মাকৰে জী৷

বৰমাক-বৰদেউতাকহালৰ পো-পোৱালি নাই ৷ আগলৈ সিয়েই চাব লাগিব ৷

****************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments