ইতিহাসৰ পাতত নাৰীৰ সামাজিক স্থান : এক তুলনামূলক পৰ্যালোচনা (মঞ্জিৰা ডেকা)

পৃথিৱীৰ সকলো জাতিৰে ইতিহাসত, সভ্যতাৰ বিকাশত নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ বৈদিক যুগৰে পৰা ভাৰতীয় নাৰীৰ সামাজিক স্থান তথা নাৰী প্ৰতিভাৰ ইতিহাসত উত্থান-পতনৰ এক সুদীৰ্ঘ কাহিনী বিজড়িত৷

যুগে যুগে ভাৰতীয় নাৰীয়ে স্ব-মহিমাৰে নিজ শক্তি আৰু সামৰ্থ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা সামাজিক ক্ষেত্ৰ-পৰিয়াল পৰিজনলৈকে প্ৰদৰ্শন কৰি আহিছে৷ ভাৰতীয় ঐতিহ্য-সংস্কৃতিত অতীজৰে পৰা নাৰীক কোনো কাৰণতে অবহেলা বা অবজ্ঞাৰ দৃষ্টিৰে চোৱা নাছিল, সন্মানৰ দৃষ্টিৰে চোৱা হৈছিল৷

ধৰ্মীয় আখ্যানৰ পৰা যদি চাওঁ আমি দেখিম যে ভাৰতীয় সমাজত নাৰীক আগস্থান দিয়া হৈছিল৷ এই ক্ষেত্ৰত দুৰ্গাৰ জন্ম কাহিনীটোৱে প্ৰাচীন ভাৰতীয় সমাজত নাৰীৰ স্থান প্ৰমাণ কৰে৷ যেতিয়া ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে মহিষাসুৰকে আদি কৰি অসুৰ সকলৰ উপদ্ৰবৰ পৰা পৃথিৱীখন উদ্ধাৰ কৰিব নোৱাৰি চিন্তান্বিত হৈ মিলিত হৈছিল সেই সময়তে তিনিওজনৰে নিশ্বাসৰ পৰা দুৰ্গাৰ জন্ম হৈছিল বুলি প্ৰবাদ মতে পোৱা যায়৷ দুৰ্গাই নিজস্ব মহিমা আৰু শক্তিৰে মহিষাসুৰক দমন কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল৷ এই কাহিনীটোৱে প্ৰতীকাত্মক হিচাপে নাৰী শক্তিকে স্বীকাৰ কৰে৷ তদুপৰি বিদ্যাৰ অধিষ্ঠাত্ৰী হিচাপে সৰস্বতী আৰু সম্পদৰ অধিকাৰী হিচাপে লক্ষ্মীদেৱী ভাৰতীয় সমাজত পূজিত হৈ আহিছে৷ ধৰ্মীয় দিশৰ পৰা চালে দেখা যায় ভাৰতীয় সমাজত নাৰীক সদায়ে উচ্চ স্থানত ৰখা হৈছিল৷

পৌৰাণিক আখ্যানৰ পৰা যদি চাওঁ দেখো অনুসূয়া, শকুন্তলা, সাবিত্ৰী, সব্যা, সীতা, গান্ধাৰী, কুন্তী, দ্ৰোপদী, অত্ৰেয়ী-মৈত্ৰেয়ী আদি নাৰী সকলেও নিজ নিজ সাধনা, কৰ্মশক্তি, ত্যাগ আৰু স্বমহিমাৰে নাৰী শক্তিক কাললৈ যুগমীয়া কৰি থৈ গৈছে৷ এইসকল নাৰীয়ে একো একোটা যুগক নিজৰ কৰ্মেৰে ইতিহাসত নিজৰ নাম খোদিত কৰি থৈছিল৷ সাবিত্ৰীয়ে সাধনাৰ জৰিয়তে স্বামীৰ জীৱন লাভ কৰাৰ উপৰিও শাহু-শহুৰৰ হেৰোৱা দৃষ্টিশক্তি আৰু ৰাজ্য ঘূৰাই আনিব সক্ষম হৈছিল৷

সব্যাই স্বামীৰ সত্য ৰক্ষাৰ্থে ৰাজ ৰাণী হৈয়ো ব্ৰাহ্মণৰ ঘৰত পুত্ৰৰ সতে লিগিৰীৰ কাম কৰিছিল আৰু স্বামী ৰজা হৰিচন্দ্ৰক সত্য ৰক্ষাত বা পৰীক্ষাত সহযোগিতা কৰি শেষত স্বামী-পুত্ৰ সহিতে হেৰোৱা ৰাজ্য ঘূৰাই পাইছিল৷

সীতাই শুদ্ধ-সৌম্য ৰূপেৰে ৰাৱণৰ অহংকাৰ চূৰ্ণ কৰি স্বামীৰ প্ৰজাবৎস্যলতাক সহায় কৰিছিল৷ শেষত দুজনা বীৰ পুত্ৰ জন্ম দি, পিতৃ অবিহনে অকলে লালন-পালন কৰি প্ৰকৃত শিক্ষাৰে সুশিক্ষিত কৰি ৰামৰ হাতত গতাই নিজৰ মৰ্য্যদা অক্ষুন্ন ৰাখি ইহজীৱন সম্বৰণ কৰিছিল৷

বৈদিক যুগৰ সমসাময়িক অসমত নাৰীৰ স্থান সম্পৰ্কে কোনো প্ৰামাণ্য তথ্য নাই যদিও ভাৰতবৰ্ষৰ প্ৰাচীন মহাকাব্য মহাভাৰতত উল্লেখ কৰা প্ৰাগ্ জ্যোতিষপুৰৰ কথা আৰু তাত বৰ্ণিত ঘটনাসমূহৰ পৰা অসমৰ নাৰী সম্পৰ্কে থূলমূল ধাৰণা কৰিব পৰা যায়৷ খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰা প্ৰাক্-আহোম যুগলৈ মাথোঁ দুই-এগৰাকী নাৰীৰ নাম উল্লেখ আছে যদিও সাধাৰণ শ্ৰেণী সম্পৰ্কে বুৰঞ্জীত বিশেষ উল্লেখ নাই৷

অসমত অতীজৰে পৰা ইন্দো-মংঙ্গোলীয় ফৈদৰ ৰজাসকলে ৰাজত্ব কৰিছিল৷ সেইবাবে পুৰণি কালৰ পৰাই ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ তুলনাত অসমীয়া নাৰীৰ অৱস্থা কিছু পৰিমাণে উন্নত আছিল বুলি ঠাৱৰ কৰিব পাৰি৷ মহাভাৰতত উল্লেখ থকা চিত্ৰাংগদা, হিড়িম্বা আদি চৰিত্ৰসমূহে এই কথা প্ৰমাণ কৰে৷ স্মৃতিশাস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অসমত নাৰীৰ বাবে সামাজিক বাধা-নিষেধৰ নিয়ম প্ৰণয়ন কৰা হোৱা নাছিল৷ নাৰীৰ সামাজিক স্থান পুৰুষৰ তুলনাত নিম্ন আছিল যদিও কম সংখ্যক হ’লেও অসমীয়া নাৰীয়ে ৰাজনীতি, সমাজনীতি, শিক্ষা আৰু সাংস্কৃতিক দিশত পৰোক্ষ বা প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰি নিজ নিজ প্ৰতিভাৰ সাক্ষৰ ৰাখি থৈ যাবলৈ সক্ষম হৈছিল৷ অৰ্থনৈতিক ক্ষেত্ৰতো নাৰীয়ে বহু পৰিমাণে অৰিহণা যোগাইছিল৷ ৰাজকাৰ্য, সামাজিক কাম-কাজত অংশগ্ৰণ কৰিবলৈ আগবাঢ়ি অহা নাৰীক বাধা-নিষেধৰ গণ্ডীত আৱদ্ধ কৰি ৰখা হোৱা নাছিল৷ অসমৰ ইতিহাস সেয়েহে বীৰাঙ্গনা, সতী নাৰীৰ কাহিনীৰে উজ্জ্বল হৈ আছে৷

ভাৰতবৰ্ষৰ ইতিহাসত স্থান লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী নাৰী আছিল অসম জীয়ৰী অমৃতপ্ৰভা৷ কলহনৰ ৰাজতৰঙ্গনী আৰু চীনা পৰিব্ৰাজক ঔ-কং ৰচিত কাশ্মীৰৰ বিৱৰণত বৈবাহিক সূত্ৰে কাশ্মীৰৰ ৰাজপটেশ্বৰী হোৱা অমৃতপ্ৰভাৰ নাম পোৱা যায়৷ কৰ্মপটুতা, বুদ্ধিমত্তা, সাহস আৰু পাণ্ডিত্যৰ বলেৰে তেওঁ বলীয়ান আছিল৷ অমৃতপ্ৰভাই বৌদ্ধ ধৰ্মৰ উন্নতিৰ বাবে সাধ্যানুযায়ী যত্ন কৰিছিল৷ খ্ৰীষ্টীয় প্ৰথম শতিকাতে অসমৰ পৰা গৈ সুদূৰ কাশ্মীৰত অমৃতপ্ৰভাই অসমীয়া নাৰীৰ গৌৰৱ বৃদ্ধি কৰিছিল৷

প্ৰাচীন গ্ৰীক সভ্যতাত পুৰুষৰ সৌন্দৰ্যক অগ্ৰাধিকাৰ দিয়া হৈছিল৷ কালক্ৰমত আধুনিক সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সৃষ্টিৰ সকলো ক্ষেত্ৰতে নাৰীৰ সৌন্দৰ্য্যই অগ্ৰাধিকাৰ পাই পুৰুষৰ কলমত বা সৃষ্টিত সুন্দৰ ৰূপত প্ৰতিভাসিত হৈ উঠিছে৷ এই ক্ষেত্ৰত পুৰুষজনৰ মানসিকতাই নিৰ্ণায়ক ভূমিকা লয়৷ আগৰ যুগত নাৰীৰ সৌন্দৰ্যক নান্দনিক দৃষ্টিৰে অংকিত কৰা হৈছিল যদিও বৰ্তমান সময়ত কিছু নিম্ন ৰুচিৰ শিল্পী বা গীতিকাৰৰ সৃষ্টিত নাৰীৰ সৌন্দৰ্যক অপমানজনক ভাৱে পৰ্ণলৈ ৰূপান্তৰিত কৰি নাৰীক অৱনমিত কৰাটো চৰম দুৰ্ভাগ্যজনক বুলি আমাৰ ভাব হয়৷

যুগে যুগে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষে নাৰীৰ ওপৰত আধিপত্য স্থাপনৰ বাবে ধৰ্মৰ দোহাই দিয়াৰ পৰা আদি কৰি মানসিক বা মনস্তাত্বিক চাতুৰ্য্যৰে নানা কৌশল ৰচনা কৰি আহিছে৷ পুৰুষৰ এই আধিপত্যশীল মনোবৃত্তিটোৱে এতিয়াও নাৰীক ভোগৰ সামগ্ৰী কৰি ৰাখিব বিচৰাটোৱে নাৰীৰ সমঅধিকাৰ, সমমৰ্য্যদাৰ প্ৰসংগটোৰ অন্ত: সাৰশূন্যতাক প্ৰতিপন্ন কৰাৰ লগতে প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে৷ বৰ্তমান সময়ৰ ৰাজনৈতিক নেতাৰ পৰা সাংস্কৃতিক জগতৰ মুধাফুটা কিছুসংখ্যক ব্যক্তিৰ বক্তব্যত, কাৰ্যত সেই কথাটোকে প্ৰতিফলিত কৰিছে যেন নাৰী পুৰুষৰ মনোৰঞ্জনৰ সামগ্ৰী বা সন্তান জন্মদায়িনী একো একোটা যন্ত্ৰ৷ যিয়ে নেকি নাৰী -পুৰুষৰ মাজত এক শীতল যুদ্ধৰ পৰিবেশ ৰচনাত ইন্ধন যোগাইছে৷

এইখিনিতে মোৰ মনত এটা প্ৰশ্নৰ উদয় হয়৷ বঞ্চনাৰ বা শোষণৰ ইতিহাসতো স্থায়ী নহয়৷ কেতিয়াবালৈ নাৰীৰ এই শোষণ আৰু বঞ্চনাই সবল ৰূপত মুৰ দাঙি উঠি পুৰুষক শোষণ আৰু বঞ্চনাৰ সমল কৰিব নেকি? বিক্ষিপ্ত হ’লেও বৰ্তমান সময়ত দেখা নাৰীৰ হাতত পুৰুষ নিৰ্য্যাতিত কিছু ঘটনা এই কথাবোৰৰে ফলশ্ৰুতি নহয় জানো? অসমৰ ৰাজনৈতিক ক্ষমতা বা নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নাৰী বিভিন্ন প্ৰকাৰে উপেক্ষিত হোৱা পৰিলক্ষি়ত হৈছে৷ ৰাজনৈতিক ক্ষেত্ৰত নাৰী গৰাকীৰ দক্ষতা বা যোগ্যতাতকৈ অন্যান্য আনুষংগিক কাৰকক প্ৰাধান্য দিয়া বুলি বিভিন্ন ক্ষেত্ৰত অভিযোগ উত্থাপিত হৈ আহিছে, যোগ্যতাৰ মাপকাঠি হিচাপে পৰিয়ালকেন্দ্ৰিকতাইয়ো এই ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা লৈছে; এই ক্ষেত্ৰতো নাৰীক সন্দেহজনক স্থিতিত উপনীত কৰা হৈছে বুলি বিভিন্ন ক্ষেত্ৰৰ পৰা অভিযোগ শুনা যায়৷

অসমৰ ৰাজনীতি বা বৌদ্ধিত ক্ষেত্ৰ খনতো বৈষম্য স্পষ্ট ৰূপত দেখা যায়৷ অসমীয়া জাতিৰ হৃদয়ৰ অনুষ্ঠান বুলি কোৱা “অসম সাহিত্য সভা“তো সেই বৈষম্য দেখা গৈছে৷ সত্তৰৰ দশকৰ পৰা অসমীয়া সাহিত্যৰ মেটমৰা বিশাল ভাণ্ডাৰলৈ মহিলাৰ অৱদান কম নহয়৷ কিন্তু সভাপতিৰ আসন খন মামণি ৰয়চম গোস্বামী, নিৰুপমা বৰগোহাঞিৰ দৰে প্ৰতিভাৱান সাহিত্যিকক বিনা প্ৰতিদ্বন্দিতাৰে এৰি দিবলৈ নীতি নিৰ্ধাৰণকাৰী পুৰুষ সমাজে এবাৰো ভাবিবলৈ নোৱাৰিলে! অথচ 1954 চনত অসম সাহিত্য সভাত সাংগঠনিক কাৰণত নানা আহুকাল -বেমেজালি আৰু বিসম্বাদৰ সৃষ্টি হৈছিল, যাৰ ফলত যতীন্দ্ৰ নাথ দুৱৰা, দুৰ্গেশ্বৰ শৰ্মা দেৱে সভাপতিৰ পদ লবলৈ অসন্মত হৈছিল৷ জাতীয় অনুষ্ঠানটোৰ এনে সংকটৰ সময়ত সাধাৰণ সম্পাদক অতুল চন্দ্ৰ হাজৰিকাৰ অনুৰোধ মৰ্মে হৃদৰোগত আক্ৰান্ত হৈয়ো নলিনী বালা দেৱীয়ে জাতীয় অনুষ্ঠানটোৰ সংকট মোচনৰ বাবে সভাৰ দায়িত্ব গা পাতি লৈ বিসম্বাদৰ অন্ত পেলাইছিল৷ ৰাজ্য পুনৰ্গঠন আয়োগে সেই সময়ত গোৱালপাৰা আৰু কোচবিহাৰক অসমৰ পৰা কাটি নিবলৈ বিচাৰিছিল৷ ৰাজ্য পুনৰ্গঠনক লৈ উদ্ভৱ হোৱা সমস্যাৰ সমাধানৰ বাবে নলিনী বালা দেৱীৰ নেতৃত্বতে অসম সাহিত্য সভাই ৰাজ্য পুনৰ্গঠন আয়োগৰ আগত স্মাৰক পত্ৰ আৰু সাক্ষ্য প্ৰদান কৰিছিল৷ দৃঢ় পদক্ষেপেৰে নলিনী বালা দেৱীয়ে সভাৰ মঞ্চক সঠিক দিশত ব্যৱহাৰ কৰাৰ ফলতেই গোৱালপাৰা অসমৰ সীমাৰ ভিতৰতে থাকিল যদিও কোঁচবিহাৰক অসমৰ বুকুলৈ ঘূৰাই আনিব নোৱাৰিলে৷

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়েও সমাজৰ সকলো ক্ষেত্ৰতে নাৰী-পুৰুষৰ সম অধিকাৰৰ পোষকতা কৰিছিল৷ তেওঁ নাৰী প্ৰগতিত সদায়ে উৎসাহ যোগাইছিল৷ সেয়ে স্বাধীনতা আন্দোলনত নাৰীসকলক পুৰুষৰ সমানে অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল৷ সেই আহ্বানতে কস্তুৰবা, বিজয়লক্ষ্মী পণ্ডিত, সৰোজনী নাইডু আদি বহুতো নাৰীয়ে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল৷ অসমতো কনকলতা, মূলাগাভৰু, চন্দ্ৰপ্ৰভা শইকীয়ানী আদি বহুতো খ্যাত-অখ্যাত নাৰীয়ে স্বাধীনতা আন্দোলনত জপিয়াই পৰি আন্দোলন সাফল্যমণ্ডিত কৰি তুলিছিল৷

গতিকে, অতীজৰে পৰা বৰ্তমানলৈকে কনকলতাৰ পৰা মূলাগাভৰু -জয়মতীলৈকে চালে দেখা যায় একো একোগৰাকী নাৰী়য়ে বিভিন্ন ৰূপত নিজস্ব দক্ষতাৰে গধূৰ দায়িত্ব পালন কৰি, অশেষ ত্যাগ স্বীকাৰ কৰি নিজৰ লগতে পৰিয়াল আৰু সমাজৰো দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে৷ সুসংস্কৃত সমাজ আৰু পুৰুষৰ মনে নাৰীৰ প্ৰগতিত হেঙাৰ নহৈ সহায়ক হলে পৰিয়ালৰ লগতে সমাজখনো আগবাঢ়ি যাব৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক