ইতিহাস সম্বন্ধে – প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

সৰুৰে পৰা গল্প-কবিতা লিখিছিলোঁ কাৰণে কলেজ-ইউনিভাৰ্ছিটিত প্ৰধান বিষয় হিচাপে সাহিত্য পঢ়িছিলো৷ তথাপি, ইতিহাস আৰু দৰ্শন মোৰ প্ৰিয় বিষয়৷ বিষয় দুটালৈ মোৰ আগৰে পৰাই আগ্ৰহ আছিল যদিও বিশেষ টান অনুভৱ কৰিছো সাহিত্যৰ শিক্ষক হিচাপে অৱতীৰ্ণ হোৱাৰ পাছতহে৷ সাহিত্যৰ ইতিহাস আছে, দৰ্শন থাকে আৰু ইতিহাস আৰু দৰ্শনৰ পৰা সাহিত্যক কমলা টেঙাৰ কোঁহ এৰুওৱাৰ দৰে এৰুৱাই চাব নোৱাৰি৷ আচলতে এটা সময়ত সকলো বিষয় একাকাৰ হৈ পৰে৷ ইতিহাস তথ্যনিৰ্ভৰ যদিও তাৰ ৰচনা-প্ৰক্ৰিয়াত লেখকৰ কল্পনা আৰু আত্মনিষ্ঠাই তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ সেয়ে ইতিহাস একধৰণৰ সাহিত্য৷ দৰ্শনত দাৰ্শনিকৰ কল্পনা আৰু আত্মনিষ্ঠাৰ বাহিৰেও জীৱনোপলব্ধিৰ সাঁচ পৰে৷ এই হিচাপত দৰ্শনৰ সাহিত্য-গুণ ইতিহাসতকৈ বেছি৷ জাঁ পল ছাৰ্ত্ৰে আৰু আলব্যেৰ ক্যেম্যু মোৰ দুগৰাকী প্ৰিয় দাৰ্শনিক৷ দুয়ো সাহিত্য ৰচনা কৰিছিল আৰু দুয়োৰে দাৰ্শনিক আলোচনাসমূহ সাহিত্য-গুণেৰে ভৰা৷ মাৰ্ক্সে সাহিত্য লিখোঁ বুলি লিখা-মেলা কৰা নাছিল, কিন্তু তেওঁৰ লেখাবোৰ অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান আদি বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিমান গুৰুত্বপূৰ্ণ, সাহিত্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তাতকৈ কম গুৰুত্বপূৰ্ণ নহয়৷ এডৱাৰ্ড ছাইড আৰু জেক ডেৰিডা সদ্য-বিগত কালৰ দুগৰাকী প্ৰভাৱশালী চিন্তাবিদ৷ তেওঁলোকৰ কোনেনো সাহিত্য ৰচনাৰ উদ্দেশ্যে লিখিছিল? কিন্তু এয়া হৈছে আন্ত: -জ্ঞানশাখাভিত্তিক আৰু আন্ত: -পাঠভিত্তিক অধ্যয়নৰ যুগ৷ সাম্প্ৰতিক সাহিত্য-আলোচনাত তেওঁলোকৰ অন্তৰ্দৃষ্টিৰ প্ৰয়োজন উলাই কৰিব নোৱৰা বিধৰ৷ জ্ঞানৰ সৌধ এনে এক স্থাপত্য, যি বিৰাজ কৰে জ্ঞানশাখাসমূহৰ স্তমভবোৰত ভৰ দি৷

সাহিত্য-গুণ অৱশ্যে ইতিহাসৰ এটা নেতিবাচক দিশহে৷ ই এইচ কাৰ, আৰ জি কলিংঊড, কেইথ জেনকিন্স আদি পঢ়ি যি বুজিছোঁ, ৰচনা প্ৰক্ৰিয়াত বস্তুনিষ্ঠা ৰক্ষা কৰাটো আদৰ্শ, কিন্তু পৰম বস্তুনিষ্ঠা ৰক্ষা কৰাটো প্ৰায়োগিকভাৱে সম্ভৱ নহয়, কেৱল তাত্ত্বিকভাৱেহে সম্ভৱ৷ এইখিনিতে ৰচনা-প্ৰক্ৰিয়াত লেখকৰ কল্পনা আৰু আত্মনিষ্ঠাই ঠাই বিচাৰি লয়৷ সিহঁতৰ সংযোগতহে সাহিত্য-গুণৰ উৎপত্তি৷ অৰ্থাৎ, ইতিহাসৰ সাহিত্য-গুণ ইতিহাস-ৰচনাৰ এটা নিবিচৰাকৈয়ে উৎপত্তি হোৱা বস্তুহে (unwanted byproductহে)৷ ভাৱ হয়— কল্পনাতকৈ আত্মনিষ্ঠাৰ সংযোগ বেছি ভয় লগা৷ আমাৰ দূৰ অতীতৰ ইতিহাসৰ সমল বৰ কম৷ কল্পনাই সেইবোৰৰ ঘাটি পূৰায় আৰু সেইবোৰক সংযোজিত কৰে৷ দূৰ অতীত সম্বন্ধীয় প্ৰামাণ্য সমল বৰ কম৷ সাহিত্য-পাঠৰ আত্মনিষ্ঠা বেছি আৰু তাত বহু কথা প্ৰক্ষিপ্ত হোৱাৰো সম্ভাৱনা৷ প্ৰক্ষেপণৰ নানান কাৰণ থাকিব পাৰে, যেনে লিপিকাৰৰ প্ৰমাদ৷ লিপিকাৰৰ আত্মনিষ্ঠাৰ সংযোগো এটা কাৰণ, এটা ভয় লগা কাৰণ৷ ই অতীতক ইচ্ছাকৃতভাৱে বিকৃত কৰে৷ মৌখিক সাহিত্য এতিয়া এটা আগ্ৰহৰ বিষয়, কিন্তু তাতো সমস্যা আছে৷ তাত ঘটা প্ৰক্ষেপণ দীৰ্ঘদিনীয়া আৰু নানান ব্যক্তিৰ সংস্পৰ্শত সম্ভৱ৷ সময়ৰ লগে লগে হোৱা ভাষা-পৰিৱৰ্তনৰ দিশটোও মন কৰিবলগীয়া৷ কিছুমান ইতিহাসবিদে কৈছে, ডাকৰ বচনসমূহ খ্ৰীষ্টিয় ষষ্ঠ-সপ্তম শতিকাৰে৷ ভাষালৈ চালে মোৰ তেনে নালাগে৷ হয়তো শাহটো তেতিয়াৰে৷ কিন্তু তাত প্ৰক্ষেপণ যে হৈছে, তাত সন্দেহ নাই৷ স্থাপত্য, ভাস্কৰ্য, মুদ্ৰা আদিৰ নিৰ্ভৰযোগ্যতা বেছি, কিন্তু তাতো আত্মনিষ্ঠাৰ দিশটো একেবাৰে উলাই কৰিব নোৱাৰি৷ পৃষ্ঠপোষকৰ ইচ্ছা-অনিচ্ছাই সেইবোৰৰ সৃষ্টি প্ৰভাৱিত কৰা নাছিল বুলি আমি ডাঠি ক’ব নোৱাৰোঁ৷

এতিয়া এনে দিন আহিছে যে দূৰ অতীত সম্বন্ধে ক’বলৈকে ভয় লগা অৱস্থা৷ দূৰ অতীতৰ প্ৰায়ভাগ সমলেই ব্ৰাহ্মণ্য সমল৷ ‘ব্ৰাহ্মণ্য সমল’ শব্দ দুটাই ‘অকল বামুণৰ দ্বাৰা সৃষ্ট সমল’ নুবুজায়, ‘বামুণপন্থীৰ দ্বাৰা সৃষ্ট সমল’হে বুজায়৷ এতিয়া এচাম লোকে এই সমলবোৰ যেন মহিমামণ্ডিত, এনে ধাৰণা বিয়পাই দিয়াত লাগিছে৷ আন এচামে আকৌ এইবোৰ চকুপাৰি দেখিব নোৱাৰে৷ ফলত দুই ধৰণৰ ইতিহাস ৰচনা হ’ব লাগিছে৷ বিদ্যায়তনিক ক্ষেত্ৰত দ্বিতীয় চামটোৰ উপস্থিতি অধিক৷ ফলত হৈছে কি, পৱন বাৰ্মাৰ দৰে অগ্ৰজ লেখকেও মহাভাৰতৰ পুনৰ্ব্যাখ্যা কৰিবলৈ গৈ তেওঁ যে প্ৰথম চামটোৰ এজন নহয়, এই সম্বন্ধে স্পষ্টীকৰণ দিবলগীয়াত পৰিছে (ময়ো স্পষ্টীকৰণ দি থওঁ— এই কথাখিনিৰ লগত কোনেও যাতে মোৰ উপাধি সংযোজিত নকৰে৷ মোৰ সোঁফালেও আকৰ্ষণ নাই, বাওঁফালেও আকৰ্ষণ নাই, হক কথাত কোনোফালে বিকৰ্ষণো নাই৷ মই মাজতে— মই বুকুত হাত থৈ কথা কোৱা মানুহ)৷ ইতিহাস বস্তুটোৱেই এনেকুৱা— জোৰ যাৰ, ইতিহাস তাৰ৷ তাৰ প্ৰমাণ যৌথভাৱে দিয়ে ঔপনিৱেশিক ইতিহাস আৰু উত্তৰ-ঔপনিৱেশিক ইতিহাসে৷ আৰু দুটা উদাহৰণলৈ চাব পাৰোঁ৷ নামনি অসমত ৰঙালী বিহুৰ উজনিত থকাৰ দৰে ৰং নাই৷ তথাপি এতিয়া নামনিৰ লোকে ৰঙালী বিহুৰ এশ বছৰ জোৰা জাতীয়তাবাদী প্ৰক্ষেপণক উপেক্ষা কৰিব নোৱাৰে (মই নামনিৰ লোক, মই উপেক্ষা কৰাৰ পক্ষপাতী নহওঁ, কেৱল কথাৰ কথা এটা কৈছোঁ)৷ দ্বিতীয়তে, মই কোনো কোনো লোকে মহাপুৰুষীয়া সংস্কৃতিকে অসমীয়া সংস্কৃতি বুলি কোৱা শুনিছোঁ৷ কিন্তু, মই জন্ম হোৱা গাওঁখনত আজিকোপতি এটা নামঘৰ নাই৷ আন বহু ঠাইৰো নিজা নিজা ঋদ্ধ সংস্কৃতি আছে (মহাপুৰুষ দুয়োজনাৰ লগতে মহাপুৰুষীয়া সংস্কৃতিক মই শ্ৰদ্ধা কৰোঁ, তথাপি সঁচা কোৱাৰ তাগিদাতে কথাটো ক’লোঁ)৷

ইতিহাস আচলতে ব্যাখ্যা আধাৰিত৷ সমল প্ৰায় সেইখিনিয়েই, আমি কেৱল নতুন নতুন ব্যাখ্যাহে পাওঁ৷ ব্যাখ্যা-পুনৰ্ব্যাখ্যা আত্মনিষ্ঠ বা ভাৱাদৰ্শৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা দেখিলে দুখ পাওঁ৷ কিন্তু ইতিহাস এনেদৰেই ৰচিত হৈ আছে আৰু থাকিব৷ কোনো কোনো ইতিহাস প্ৰভাৱশালী হ’ব৷ জোৰ যাৰ, ইতিহাস তাৰ, যদিও অতীত আমাৰ সকলোৰে৷ এইখিনিতে প্ৰশ্ন হয়— ইতিহাস-লেখকৰ সামাজিক দায়বদ্ধতা থাকিব নালাগেনে? ‘সত্যৰ’ (এটা দৃষ্টিতহে) উদ্ঘাটনেই তেওঁলোকৰ ধ্যান-জ্ঞান হোৱা উচিতনে? এই সন্দৰ্ভত মই শেষ কথা ক’বলৈ অপাৰগ৷ কিন্তু মোৰ এটা মত আছে৷ সত্য গুৰুত্বপূৰ্ণ, কিন্তু বহু সত্যৰে স্থান-কাল আছে৷ আগতে অমুক জাতিৰ লোকেও তমুকৰ মাংস খাইছিল, ভচুক ৰাজ-পৰিয়ালৰ লোকে জীয়েক আৰু সম্পৰ্কীয় ভনীয়েকৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছিল— খাব পাৰে, কৰিব পাৰে৷ এইবোৰ কথাৰ উদ্ঘাটনে এতিয়াৰ সমাজখন যদি ঐক্যবদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে, তেনেহ’লে এনে উদ্ঘাটন ভাল কথা, নোৱাৰিলে বেয়া কথা৷ সময়ৰ লগে লগে সমাজ সলনি হয়, সংস্কৃতি সলনি হয়৷ বৰ্তমানৰ সমাজ আৰু সংস্কৃতিক শক্তিশালী কৰি তুলিবলৈকেহে আমাক অতীতৰ ব্যাখ্যা-পুনৰ্ব্যাখ্যা লাগে৷ অতীতত যি হৈছিল হৈছিল, আমি চাব লাগে যাতে বৰ্তমানটো ভাল হয়, ভৱিষ্যতটো ভাল হয়৷

মই ইতিহাস ভাল পোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো অৱশ্যে তাৰ সামাজিক উপযোগিতা নহয়৷ অতীতৰ একোটা কথাই মোক ৰোমাঞ্চিত কৰে৷ হিউৱেন চাঙে এইখন গুৱাহাটীৰে কোনোবাখিনিত দুমাহ কটাইছিল? ইয়াতে লাচিতে মোমায়েকক কাটিছিল? শংকৰদেৱে আলু খাই পোৱা নাছিল? ভাস্কৰ বৰ্মাই চেনি খাই পোৱা নাছিল? মই বুজি পাওঁ— এইবোৰ একো ডাঙৰ কথা নহয়৷ মোৰ ককাই পেণ্ট পিন্ধি পোৱা নাছিল৷ মই সৰুতে ভিডিঅ’ গে’ম খেলি পোৱা নাছিলোঁ৷ মোৰ নাতি-পুতিহঁতে মই সিহঁতে পোৱা (পাবলগীয়া) বহুত বস্তু নাপালোঁ বুলি মোক হাঁহিব৷

ইতিহাস ত্ৰিকালৰ সংযোগ-সূত্ৰ৷ দুখৰ কথা— এই বিষয়টো আমাৰ ল’ৰা-ছোৱালীহঁতক সাধাৰণভাৱে শিকোৱা নহয়৷ শিকালে সিহঁতে দমন-নিপীড়ন ইত্যাদি সম্পৰ্কে ভালদৰে বুজি উঠিব, সেয়াই শাসকৰ ভয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments