ইতি গজ কথা (অঞ্জলি সোণোৱাল)

ইতি গজ কথা

অঞ্জলি সোণোৱাল


সৰুতে হালি জালি পঢ়িছিলোঁ, “জোনবাই এ বেজি এটি দিয়া, বেজিনো কেলৈ, মোনা সিবলৈ, মোনানো কেলৈ, ধন ভৰাবলৈ, ধননো কেলৈ হাতী কিনিবলৈ, হাতীনো কেলৈ, উঠি ফুৰিবলৈ……”

মোৰ সেই সৰু কালৰে পৰা হাতীত উঠিবলৈ হেঁপাহ এটা আছিল। হেপাঁহ পূৰ হ’ল ১৯৮৪ চনত কাজিৰঙা ভ্ৰমণ কালত কোলাত কেঁচুৱা লৈ। হাতী মই বৰ ভাল পাওঁ। ঘৰচীয়া হাতীক একেবাৰে ওচৰৰ পৰা কল আদি ফল খুৱাবলৈকো ভয় নকৰিছিলোঁ। ঘৰত ওপজা হাতী পোৱালিবোৰ বোলে বৰ দুষ্ট হয়। প্ৰমাণো পালোঁ। হাৱাজানৰ বাইদেউৰ ঘৰত মোতকৈ চাপৰ পোৱালি এটাই যেতিয়া মোৰ হাতখন শুঁৰেৰে পাক মাৰি টানি নি খোৱা বস্তু নিদিয়ালৈকে নেৰিলে, তেতিয়া কিন্তু ভয়ো খাইছিলোঁ। তাৰ নাম বাবা। সি এতিয়াও আছে। মাজে মাজে কাঠ টনা কামত অৰুণাচললৈ যায়।

জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে হাতী-মানুহৰ সংঘাতো বাঢ়ি আহিল। আজি বোলে হাতীয়ে ঘৰ ভাঙিলে, মানুহ মাৰিলে, পকা ধান খাই তহিলং কৰিলে, আৰু কত যে কি! তথাপিও এতিয়াও হাতীলৈ মোৰ মৰম অক্ষুন্ন আছে। প্ৰভাত গোস্বামী দেৱৰ ‘শুকুলা হাতীৰ খোজ’ কিতাপ খন পঢ়াৰ পিছত হাতীলৈ মোৰ মৰম আৰু বাঢ়িল।

সৰুতে শুনা হাতীৰ বিষয়ে দুই এটা ঘটনা এতিয়াও মনত আছে। আমি তেতিয়া ষষ্ঠ নে সপ্তম শ্ৰেণীত পঢ়ি আছোঁ। একে বেঞ্চতে বহা লগৰ এগৰাকী কেইবাদিনো স্কুললৈ অহা নাছিল। খবৰ পালো দেউতাকৰ ভৰি ভাঙিল, হস্পিতালত আছে। কেনেকৈ ভাঙিল? ডিউটি সমাপ্ত কৰি ৰাতি এঘাৰ বজাত চাইকেলেৰে ঘৰলৈ ওভতোতে চাইকেলৰ লাইটৰ পোহৰত (আজিকালি চাইকেলত লাইট লগোৱা নেদেখাই হ’লোঁ) মস্ত পাহাৰ এটা সন্মুখতে দেখি কিংকৰ্তব্য বিমূঢ় হৈ কাষৰ খালটোতে জাপ মাৰি দিলে। পৰিণাম হস্পিতাল। গজৰাজ কিন্তু নিজৰ বাটেদি নিজৰ মতে গুচি গ’ল।

বোধকৰো সেই একেটা বছৰতে মই শুনা আনটো ঘটনা- আমি আছিলোঁ নগৰৰ কোম্পানিৰ ঘৰত, কিন্তু বাম মাটি আৰু খেতিৰ মাটি ৩ কিলোমিটাৰ মান আঁতৰত আছিল। তেনেদৰে আন তিনিজন মানুহৰ খেতিৰ মাটিও ঘৰৰ পৰা দূৰৈত আছিল। প্ৰত্যেকৰ মাটিতেই একোটাকৈ জুপুৰি ঘৰ আছিল হালোৱা আদি থাকিব পৰাকৈ। তাৰে মাজৰ এজনৰ ঘৰটোত নৱম শ্ৰেণীৰ দুজন লৰাই পঢ়িবৰ বাবে থাকিছিল। তাৰে এজন সেইদিনা চাউল-পাত আনিবলৈ গাঁৱৰ ঘৰলৈ গ’ল। ইজনে ৰাতিৰ সাজ ৰান্ধি খাই-বৈ পঢ়িবলৈ বুলি বহিল। সময় বৰ বেছি হোৱাও নাছিল। নৱেম্বৰ মাহ, জোনাক ৰাতি। হঠাৎ মেৰেক কৈ কিবা এটা ভঙাৰ দৰে শব্দ শুনি বাঁহৰ সৰু খিৰিকীখনেৰে জুমি চাওঁতে দেখিলে, জেওৰা ভাঙি আচলজনেই সোমাই আহিছে। খৰধৰকৈ লেম্পটো নুমুৱাই সেইটো কোঠালিৰেই বিপৰীত ফালৰ দুৱাৰেদি সি বাহিৰ ওলাল। পিছে যাব কোনফালে? গজৰাজেই বা কোন ফালে গতি লয়। দুৱাখনৰ লগত লাগি থকা বাঁহৰ বেৰ খনৰ এফালে আছে ৮ ফুট আৰু আৰু আন ফালে আছে ৫/৬ ফুট মান। তেৰা বা কোন ফালে আহে। সি কাণ উনাই ৰৈ আছে। অলপ সময় হেনো একো শব্দ নাই। তাৰ পিছত ঘৰটোলৈ হাউলি থকা গছৰ ডাল এটাৰ পাতবোৰত কিবা চুচৰি যোৱাৰ শব্দ শুনিলে। সি শব্দ হোৱা দিশৰ বিপৰীত ফালে থকা ঘৰৰ বাহিৰ ফালৰ চুকটোত ৰৈ থাকিল। সঠিক অনুমান। গজৰাজ ধীৰে ধীৰে ঘৰটোৰ চাৰিওফালে এপাক মাৰিল। কোনো খৰধৰ নাই। মেজাজো বৰ গৰম নাছিল চাগে’। এটা চুক পোৱাৰ লগে লগে লৰাটোৱে বেলেগ এটা চুকত আশ্ৰয় লৈ লুকাভাকুৰ দৰে খেল আৰম্ভ কৰিলে। ভাগ্য ভাল আছিল, গজৰাজে দুপাক মান মাৰি পথাৰলৈ যোৱা লুংলুঙীয়া বাটেৰে গমন কৰিলে। পিছদিনাখন দেউতাই কৈছিল কমেও তিনিটামান হাতীয়ে পথাৰখনত সেইদিনা ৰাজত্ব কৰিছিল।

তাৰ পিছৰ ঘটনাটো ডিচেম্বৰ মাহৰ। ঠাই খিনিও ওপৰোক্ত ঘটনাৰ অলপ ওচৰতেই। ৰাতি ন মান বাজিছে। নগৰত গাখীৰ বেচি লগৰীয়াৰ লগত মেল মাৰি নেপালী গোৱালা ৰামলালে অলপ টুপটুপীয়াটো হৈ পকী ৰাস্তাইদি নেপালী গানৰ কলি এটা চিঞৰি চিঞৰি গাই চাইকেল চলাই আহি আছিল। ৰাস্তাৰ বাও ফালে গোটেইচোৱা হাবি, মানে ভিতৰলৈ বোলে ডাঠ অৰণ্য। মূৰৰ ওপৰত মেঘে ঢকা আধা জোনবাই। হঠাতে ৰামলালে দেখিলে অলপ দূৰৈত প্ৰায় ৪০ হাত মান হ’ব, হাবিৰ পৰা প্ৰকাণ্ড আন্ধাৰ এটুকুৰা তেওঁৰ ফালে আহি আছে। ওচৰ পাইহিয়েই লাগে। কি কৰিব এতিয়া? চাইকেলৰ পৰা নামি বিপৰীত ফালে ৰাস্তাৰ তললৈ জাপ মাৰি দিলে। সেইখিনিতে ৰাস্তাৰ তলত কালভাৰ্টৰ দৰে ডাঙৰ ৰিং বহুৱাই থোৱা আছিল। হাবিখনৰ ভিতৰত থকা পাহাৰৰ পৰা পানী সেইফালেদিয়েই পথাৰত পৰেহি। সেই সময়ত তাত পানী নাছিল। ৰামদেৱ চুচৰি চুচৰি গৈ ৰিংটোৰ ভিতৰলৈ সোমাই গ’ল। ইতিমধ্যে গজৰাজো ওচৰ পালেহি। তেৰাই বোধকৰো সকলো বুজিলে। তেৰাও বাটৰ ইটো কাষলৈ আহি তললৈ নামিল আৰু শুঁৰ ডাল ৰিংটোৰ ভিতৰলৈ যিমান পাৰে সুমুৱাই খেপিয়াবলৈ ধৰিলে। কেইবাবাৰো চেষ্টা কৰিও সফল নোহোৱাত গজৰাজে খালী গাখীৰৰ জাগ এটা লৈ বহুত দূৰলৈ দলি মাৰি সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে। পিছদিনা ফেঁহুজালি দিয়াৰ সময়ত ঘৰৰ মানুহে ৰামলালক বিচাৰি তহিলং কৰিলে, অৱশেষত টোপনিত লালকাল দি শুই থকা ৰামলালক ৰিংটোৰ ভিতৰৰ পৰা উলিয়াই আনিছিল।

বহুত দিনৰ পাছৰ কথা। পুনৰ হাতীৰ লগত ঠিক দেখাদেখি নহয়, হাতীৰ বিষয়ে লিখিবলৈ সমল এটা পালোঁ। জী-জোৱাই দুয়ো চাকৰিৰ সূত্ৰে মিজিকাজান আৰু মোনাবাৰীত থাকিবলগীয়া হৈছিল। প্ৰায়েই তাত হাতীয়ে মানুহৰ প্ৰাণ লয়। লেবাৰ লাইনত হাতীৰ কাৰণে মানুহে পাল পাতি পহৰা দিবলগীয়া অৱস্থা হয়। গ্ৰীস্ম কাল। গৰমৰ প্ৰকোপত মানুহে ঘৰৰ বাহিৰতে খাটিয়া লগাই শুৱে। বাংল’ত কাম কৰিবলৈ অহা কুসুম নামৰ ছোৱালী জনীৰ মুখে শুনিছিলোঁ। অগদিনা ৰাতি লাইনত হাতী সোমাল। মানুহে টিং আদি বজাই যেনিবা হাতী খেদিলে। সেই সময়ত কুসুমৰ দেউতাক ঘৰৰ বাহিৰত খাটিয়াত ৰঙীন পানীয়ৰ জোৰদাৰ প্ৰকোপত লেবেজান হৈ পৰি আছিল। ওচৰ-পাজৰৰ সকলো পলাল। কুসুমৰ মাকেও দেউতাকক টানি-মেলি জগাবলৈ খুজিছিল যদিও টনা-আজোৰাত বপুৰা খাটিয়াৰ পৰা মাটিত পৰিলেহি। ইফালে গজৰাজ প্ৰায় ওচৰ পালেহিয়েই। তেওঁলৈ কোনো ৰৈ নাথাকিল। তেৰাও মস্তি মুডত আছিল চাগে’, কাকো আমনি নিদিয়াকৈ লাইনৰ প্ৰায় কাষেদিয়েই পাৰ হৈ গ’ল। ঘন্টাচেৰেক পিছত লাহে লাহে অ’ত-ত’ত জুম বান্ধি থকা মানুহবোৰো ঘৰাঘৰি যাবলৈ ওলাল। সৰু হুৰা হাই-উৰুমি এটা হোৱাত কুসুমৰ দেউতাক এইবাৰ সাৰ পালে। মাটিৰ পৰা উঠি খাটিয়াত বহিল। হাতী হাতী বুলি কথা পাতি থকা শুনি কিবা খং উঠিল কাষতে থকা ফলা খৰি এডাল লৈ চাল্লা ক’ত হাতী আজি দেখি ল’ম বুলি থৰক-বৰক খোজেৰে হাতী খেদিবলৈ দুখোজমান দিলেহে, চিৎভঙলা খাই পৰিল। তেহে মানুহে তেওঁক দাঙি নি ভিতৰৰ বিচনাত শুৱাই দিলে।

এইবাৰ আহোঁ মাৰ্ঘেৰিটাৰ ডিৰক বাগিচালৈ। সেই বছৰ তাত হাতীৰ বৰ উৎপাত হৈ আছিল। সন্ধ্যাৰ লগে লগে মানুহ সাৱধান হৈ যায়। লাওপানীৰ গোন্ধ পোৱা ঘৰ বোৰত বৰকৈ আমনি দিবলৈ যায় আৰু ঘৰ ভাঙি থৈ যায়। আমি তালৈ ফুৰিবলৈ যোৱাৰ দুদিনৰ আগত ডিৰক বাগানৰ গুদাম ঘৰটোতো আহি চেষ্টা এটা চলাইছিল। নোৱাৰিলে যেনিবা। গুদাম ঘৰৰ পৰা প্ৰায় ১০০ মিটাৰ মান আঁতৰত আমি যোৱা ঘৰটো আছিল। ৰাতিৰ সাজ ৰান্ধি থাকোঁতে ৰান্ধনি কেইজনৰ কথা-বতৰাৰ পৰা গম পালো সিহঁত থকা ঠাই খনত বোলে আবেলিতেই হাতী দেখা পোৱা গৈছে। সিহঁতৰ কথা-বতৰাত পূৰা মাত্ৰাই ভয়ৰ আভাস আছিল। দূৰৈত টিং আদি বজোৱাৰ শব্দও শুনা গৈছিল। ৰান্ধি-বাঢ়ি আজৰি হৈ সিহঁত যাবলৈ ওলাল। আমিও খাই-বৈ আজৰি হৈ কথাৰ মহলা মাৰি আছিলোঁ। এপাকত বাহিৰত কথা-বতৰাৰ শব্দ শুনি দেখোঁ ৰান্ধনি কেইজন যোৱাই নাই। সুধিলত ক’লে বোলে আৰু এজনৰ বাবে ৰৈ আছে। আহি পোৱাহি নাই। পাঁচজন একেলগ হৈহে যাব। হাতী বোলে ওচৰে পাজৰে আছে। আধাঘন্টা মানৰ পিছত যেনিবা সিহঁত গ’ল।

মাজনিশা ফোন আহিল গৃহস্থৰ ভায়েক মানে মোৰ মাজুদেৱৰ ঢুকাল। কি কৰা যায় এতিয়া? পুৱালৈ ৰব লাগিলে আমি সময়মতে আহি নাপামহি। ভগৱানৰ ওপৰত ভৰসা কৰি আঢ়ৈ মান বজাত আমি ৰাওনা হ’লোঁ মাৰ্ঘেৰিটাৰ পৰা শিৱসাগৰলৈ। নাই একো অঘটন নঘটিল যেনিবা।

যোৱা বেলি কাজিৰঙালৈ গৈছিলোঁ। আপোন মনে ঘাঁহ খাই থকা বনৰীয়া হাতীৰ জাক দেখা পাই বৰ ভাল লাগিল। কঁহৰাৰ বিল খনৰ ওচৰত বেলি ডুব যোৱাৰ ফোটো ল’ম বুলি ৰৈ আছিলোঁ। হঠাতে এজনে ক’লে হাতী হাতী, সৌৱা ওচৰতে। দীঘল দীঘল ঘাঁহৰ মাজত, প্ৰায় ৪০ ফুট মান আঁতৰত দুটা হাতীয়ে ঘাঁহ খাই আছে। মই ওচৰতে থকা টাৱাৰটোৰ একেবাৰে ওপৰলৈ খৰধৰকৈ উঠি গৈ ফোটো কেইখনমান ল’বলৈ চেষ্টা কৰিলোঁ। লগৰ মানুহৰ ভয় মিহলি চিঞৰ আৰু মোক দিয়া ধমকিৰ প্ৰকোপত নামি আহি চলিবলৈ ধৰা গাড়ীত জাপ মাৰি বহিলোহি। বাকী মানুহবোৰৰো একেই গতি।

ওপৰৰ পৰা ফোটো লওঁতে হাতী এটাই মোলৈ একেথৰে চাই দৃষ্টি বিনিময়ৰ ক্ষণটো মোৰ মানস পটত ৰৈ গ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক