ইথাৰৰ তৰংগৰ সিপাৰত তেওঁ … – হেমন্ত ভট্টাচাৰ্য

“তোমাক বহুদিন দেখা নাই। ভালে আছানে?  শুনিছোঁ অসমত হেনো ক’ৰণাৰ খুব এটা প্ৰভাৱ পৰা নাই।  ইয়াত কিন্তু বহুত বেছি। আমি খুবেই সাৱধানতা অবলম্বন কৰিছোঁ।  তুমি কৰিছানে?  লকডাউন ভালকৈ মানিছানে?  তুমি চিন্তা নকৰিবা, ক’ৰণাত মোৰ মৃত্যু নহয়, আৰু হ’লেও মোৰ ল’ৰাই তোমাক খবৰটো দিব। 

মাইনা কিমান ডাঙৰ হ’ল, কি পঢ়ে এতিয়া?  আমাৰ ল’ৰাই ইঞ্জিনীয়াৰিং পাছ কৰি ইয়াতেই এটা মাল্টি নেশ্ব’নেল কোম্পানীৰ চাকৰিত সোমাইছে। ছমাহ হ’ল৷”

বহু দিন পাছত, প্ৰায় তিনি বছৰৰ পাছত ফোনত তেওঁৰ মৰম সনা মাতটো শুনিলোঁ। এজাক সপোন যেন বৰষুণে যেন মোক ঢৌৱাই থৈ গ’ল। নাম নজনা এক সুবাসে মোক চুই থৈ যোৱা যেন লাগিল। কিবা এক অচিন শিহৰণে মোৰ বুকুত কিছু বেদনাহে যেন ছঁটিয়াই থৈ গ’ল!

প্ৰায় ছব্বিশ বছৰৰ আগতে তেওঁৰ ঘৰত হোমৰ জুই জ্বলিছিল, বতাহত কুকুহা উৰিছিল। কোনোবাই কইনা সজাইছিল তেওঁক, কোনোবাই উৰুলি দিছিল। বেণ্ডপাৰ্টিৰ ঢোল-ঢাকেৰে আকাশ বতাহ মুখৰিত কৰি তুলিছিল। কিন্তু সেই ঢাক-ঢোলৰ শব্দই মোকহে যেন কোবাই গৈছিল। মই ডেউকা ভঙা চৰাইৰ দৰে বিচনাত চটফটাই আছিলোঁ। হৃদয়ত এক অজানা অচিনা বিষ অনুভৱ কৰিছিলোঁ।

ভূপেনদাৰ ভাষাতেই আমি দুয়ো শেৱালিৰ বিচনাত শুই শুই আকাশৰ তৰালি গণিছিলোঁ। নিয়ৰে দুবৰিক সাৱটি ধৰি থকাৰ সপোন দেখিছিলোঁ। ৰূপহ কোঁৱৰৰ চুমা পৰশত লাজুকী কুঁৱৰী মৰহি যোৱাৰ দৰে সপোনবোৰ দেখিছিলোঁ। সপোন দেখিছিলোঁ পক্ষীৰাজ ঘোঁৰাত উঠি দূৰ দিগন্তলৈ গুচি যোৱাৰ। কিন্তু হঠাতেই কি জানো হৈ গ’ল। আমাৰ যুটীয়া সপোনবোৰ থান-বান হৈ গৈছিল।

মোৰ পৰা একেবাৰে আঁতৰি যোৱাৰ পিছত বোৱাৰীৰ সাজত তেওঁ এদিন আহিছিল। মোৰ ওচৰত বহু সময় বহিছিল। মই আঁৰ চকুৰে তেওঁক চাইছিলোঁ বোৱাৰীৰ সাজত তেওঁৰ ৰূপ। দেহৰ কমনীয়তা আৰু ৰূপ দুগুণে চৰিছিল। কঁপালৰ ৰঙা ফোটটিৰে তেওঁৰ মুখখন পূৰ্ণিমাৰ জোনটোৰ দৰে তিৰবিৰাইছিল।

মই বিচাৰিছিলোঁ নিশাৰ এন্ধাৰত জোনাকবোৰে তেওঁলৈ চাই হাঁহক। পুৱাৰ সূৰুযে তেওঁক সাৱটি ধৰক। তেনেদৰেই তেওঁ গুচি গৈছিল মোৰ পৰা, বহু দূৰলৈ!  সময়বোৰ গৈ থাকিল। আমি সপোন দেখা শেৱালিৰ বহুজাক ফুল অকলসৰেই ফুলি সৰি পাৰ হৈ গ’ল।

হয়তো ন-দহ বছৰৰ পিছত এদিন তেওঁক দেখিছিলোঁ। ট্ৰেফিক ছিগনেলত ৰৈ থাকোঁতে সৰু ল’ৰা এজনৰ হাতত ধৰি তেওঁ মোৰ গাড়ীৰ আগেদি ৰাষ্টাটো পাৰ হৈছিল। গাড়ী ৰখাই চাইছিলোঁ তেওঁক। তেওঁ কাপোৰৰ দোকান এখনত সোমাইছিল। তেওঁক মাতো নে নামাতো ভাৱি ৰাস্তাৰ কাষত ৰৈ আছিলোঁ। কিছু দেৰিকৈ দোকানখনলৈ মইও সোমাই গৈছিলোঁ।

“আৰে তুমি? তুমি ইয়াত কিয়? কৰ পৰা আহিলা?” – মোক দেখি উচপ খোৱাৰ দৰে কৰি তেওঁ সুধিছিল।

“তেজপুৰলৈ যাম। তুমি মোৰ গাড়ীৰ সন্মুখেৰে পাৰ হওঁতে দেখিলোঁ। তোমাক যে বহুদিন দেখা নাই, সেয়েহে দেখি সোমাই আহিলোঁ।“

তেওঁৰ ল’ৰাটিলৈ চাই সুধিলোঁ,-“কি নাম ৰাখিছা তোমাৰ ল’ৰাৰ? “

“তাক ঘৰত বিকি বুলি মাতো। ভাল নামটো এতিয়াও ৰখা নাই। তোমালৈ ৰৈ আছিলোঁ। তোমাৰ নামৰ প্ৰথমৰ আখৰটোৰে এটা সুন্দৰ নাম তুমিয়ে দি যোৱা।“

আস! তেওঁৰ কথাবোৰে এনেকৈয়ে হৃদয়ত ঢৌ তুলি যায়। বুকুখন বিষায় উঠে।

“কিন্তু তোমাৰ নাম আৰু দেউতাকৰ নাম দুটাও ধুনীয়া! তোমালোকৰ দুয়োজনৰ নামৰ প্ৰথম আখৰেৰে মিলাই কিবা এটা সুন্দৰ নাম ৰাখি দিয়া। বহুত ধুনীয়া ধুনীয়া নাম আছে।“

“নহয়, তাৰ নাম মই তোমাৰ নামৰ প্ৰথমটো আখৰেৰেই ৰাখিম। নহ’লে বিকি হৈয়ে থাকিব।“

তেওঁৰ চকুৰ কোণ সেমেকি উঠিছিল। কিছু মৌন ক্ষণ তেনেকৈয়ে কটাই বুকুত সেই অবুজ বেদনা লৈ মই গাড়ীত বহিছিলোঁহি! নিৰৱে বিউতি শৰ্মা বৰুৱাৰ গীতটো গুনগুনাইছিলো, – 

“ওৰণিৰ আঁৰেৰে নাচাবা দাপোনমতি

চল পাই চকুলো বব।

আজি যে বোৱাৰী

সাজিছা দাপোনমতি ,

সেওঁতাৰ সেন্দুৰে ক’ব”।

তেওঁৰ স্বামীৰ আন্দামানলৈ বদলি হ’ল। তেওঁলোক গুচি গ’ল। মোৰ কাৰণে এটা নতুন অশান্তিৰ সৃষ্টি হ’ল। কাৰণ তেওঁৰ খবৰ-বাতৰিবোৰ নোপোৱাকৈ থাকিবলগীয়া হ’ল।। তাত বহু দিন আছিল। সেই সময় চোৱাত তেওঁ এদিনো মোক ফোন কৰা নাছিল। মোৰ বুকুৰ বিষটোৱে পুনৰ উক দি উঠিছিল।

তাতে বহুদিন থকাৰ পাছত আহিল চেন্নাইলৈ। চেন্নাইত থকা কালত তেওঁ সঘনাই ফোন কৰিছিল। মোৰ বুকুৰ বিষটো লাহে লাহে শাম কাটিছিল। বুজিব পৰা হৈ গৈছিলোঁ যে এই অজানা বেদনাৰ বিষটো তেওঁক এই জীৱনত নোপোৱাৰে বিষ। হয়তো এই বিষে তেওঁকো কোঙা কৰি থাকে।

তিনিবছৰমানৰ আগতে এদিন তেওঁ মোক ফোন কৰি কৈছিল,- “এওঁৰ ট্ৰেন্সফাৰ হ’ল। আমি আজিকালি শিলিগুৰিত থাকোঁ। তুমি এইফালে আহিলে এদিন সোমাবাচোন।“ 

সোমাইছিলোঁ। সেই বছৰৰেই শেষৰ ফালে চিকিম যাওঁতে এবাৰ তেওঁৰ ঘৰত সোমাইছিলোঁ। সেয়াই শেষ দেখা। তাৰপিছত তাৰপৰাও তেওঁলোকৰ পুনেলৈ  ট্ৰেন্সফাৰ হ’ল।

তেওঁ এতিয়া সেইখন জগতৰ বাসিন্দা।  হ’লেও মোৰ মনত তেওঁ জোনাকৰ পোহৰ, এটি মিঠা সুৰ সপোনৰ। তেওঁ যেন এটা ধুনীয়া কবিতা। যি কবিতা বহুদিন আগতেই পঢ়িছিলোঁ। পঢ়ি পাহৰি গৈছিলোঁ। তথাপি মোৰ মনৰ ধমনিত তাৰ হেৰোৱা ছন্দ ৰিণি ৰিণি বাজি আছে, তেনেকৈয়ে বাজি থাকিব চিৰ জীৱন।

তেওঁ আচলতে এখনি ধুনীয়া ছবি, মই গোপনে গোপনে অঁকা। তেনেকৈয়ে আঁকি থাকিম। ওৰেটো জীৱন।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক