ইন’ভেছন(-উজ্জ্বল ফুকন)

বগা গাৰুৰ গিলিপটোত সৰু সৰু চুলি দেখি সি বুজি পালে সেয়া তাৰে চুলি। এইকেইদিন তাৰ অলাগতীয়াল চিন্তাবোৰৰ বাবে চুলি হিচাপতকৈ বেছি সৰিছে।
“হোৱাই ড’ন্ট ইউ গিভ মি চাম ইন’ভেটিভ আইডিয়া? আই ন’ ইউ কেন ডু ইট। এণ্ড ইট উইল মেক এ মাৰ্ক ইন ইয়ৰ এনুৱেল এপ্রাইজেল।”
মেনেজাৰৰ এই শব্দকেইটা তিনি দিনমানৰ পৰা ৰাজৰ কাণত একেৰাহে বাজি আছে। মূৰ দুপিয়াই অলপ হাঁহি সি “ইয়েছ্‌…..ছিয়ৰ” বুলি কৈছিল যদিও মনৰ সিপাৰৰ আনটো ৰাজে যেন কৈ গৈছিল—
“তই মোক কি ৰাজ আইনষ্টাইন নে ৰাজ নিউটন বুলি ভাবিছ? ..হেৰৌ..মই ৰাজ ফুকন..ফুকনকনো কিয় নিউটন কৰিব খুজিছ..মই কলখোৱা ফুকনহে..আপেলখোৱা নিউটন নহয়।”
ৰাজে বাঙ্গালোৰৰ এটা ছফ্‌টৱেৰ কোম্পানীত চাকৰি কৰি আছে কেইবছৰমানৰপৰা।
তামিল মেনেজাৰটোৱে কপালখন কোঁচ খোৱাই তিনিডাল ৰেখা উলিয়াই দেখুৱাইছে যেন তাক ৰিজাল্ট লাগেই যেনে তেনে। ৰাজেও কপালখন কোঁচ খোৱাই কিবা ভাবি থকা যেন দেখুওৱাত মেনেজাৰে তাক আৰু বেছি সময় ৰখাই নথ’লে। তাৰ গাত দুটা ৰাজ আছে। এটা বহুত ভাল আৰু আনটো সিমানেই বেয়া। ৰাজে আজিও এই কথাটো মনে প্রাণে বিশ্বাস কৰে।
স্কুল কলেজৰ দিনৰপৰা দেখি আহিছে..এটা ৰাজে যদি কয়..”পঢ় ..নপঢ়িলে তই জীৱনত একো কৰিব নোৱাৰ।” তেতিয়া বেয়া ৰাজে কয়..”পঢ়ি কেইটা মানুহ ডাঙৰ হৈছে। সকলো খাই বৈ ডাঙৰ হৈছে। শুই থাক..চিন্তা নাই।”
আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সময়ত নিজৰে ভিতৰত থকা দুটা ৰাজৰ কাজিয়াত ৰাজে নিজৰ অস্তিত্ব বিচাৰি হাবাথুৰি খায়। প্রায়ে বেয়া ৰাজে শেষ হাঁহি মাৰে।
মেনেজাৰৰ লগত কথা হোৱাৰ দিনৰপৰা সি একেৰাহে ভাবি আছে কি আইডিয়া দিব পাৰি। কিবা এটা ভাবি পালেই গুগুলত লিখি চায়..কিন্তু দহটা তেনেকুৱা প্রডাক্ট কম্পিউটাৰ স্ক্রিনত ওলাই একোটা মিচিকিয়া হাঁহি মাৰি তাক যেন ইতিকিং কৰে। শনিবাৰে ৰাতি বন্ধু এটাৰ ঘৰত পাৰ্টি কৰি বাইকত আহি আছে ৰাজ। আহিল আকৌ সেই গেলা চিন্তাটো মূৰলৈ..”ইন’ভেছন!” পাৰ্টিৰ নিচা লাগি থকা মনত আকৌ চিন্তাই উক্‌ দিলে। হঠাত যেন সি মাৰাত্মক ভুল এটা কৰি পেলালে। পৃথিৱীত আটাইতকৈ বেয়া পোৱা বস্তু..মানুহ বুলি ভাবিবলৈ মন নাযায় সিহঁতক। আৰু অলপ ৰঙীন হৈ আহিলে সিহঁত ভূতৰ ওপৰত দানহ পৰাদি পৰে। সি ইন’ভেছনৰ চিন্তাত আইন ৰক্ষা কৰা বিধৱা দুটাই পৰ দি থকা বাটটোৰে গুছি আহিল। বহু বাক বিতণ্ডতাৰ শেষত হাজাৰ টকাত তাক এৰি দিবলৈ মান্তি হল। কানাড়াত বহুত কিবাকিবি কলে..এটা কথা মাথো ৰাজৰ মূৰত সোমাল। “ষ্টে এলাইভ..দন্ত ড্ৰিংক এণ্ড ড্ৰাইভ।” পাচঁশ টকীয়া ন’টকেইখনৰ মাজৰ পৰাই গান্ধীজীয়েও বৰ কাঢ়া দৃষ্টি এটা দিয়া যেন লাগিল। মনৰ ভিতৰতে ৰাজে কৈ গল..”বাপু আজিলৈ ক্ষমা কৰা। আগলৈ তোমাক এনেকৈ যাবলৈ নিদিও।”
হাজাৰ টকাৰ চূনা খাই সি ঘৰৰ বিছনাখনত লাং খাই পৰি থাকিল। ইন’ভেছনৰ চিন্তা আৰু ৰঙীন পানীৰ নিচা তাৰ মূৰৰ পৰা লাহে লাহে উৰিব ধৰিলে।

হঠাৎ এটা এছএমএছৰ মাতত তাৰ আহো আহো কৰা টোপনি ভাগি থাকিল।
“ভালকৈ পালিগৈনে?” ৰনৰ মেছেজ।
“পালোহি!” বুলি লিখি ৰিপ্লাই কৰি দিলে। তাৰ যেন এতিয়া পাৰ হৈ অহা গেলা কাহিনীটো কাকো ক’বলৈ মন নাই। তাক ক’লে গোটেই বন্ধুজাকৰ আগত ওলাই যাব পাৰে। বন্ধুমহলত গম পালে নাকটো বাদেই দিয়া আৰু কি কটা যায় থিক নাই। এছএমএছটো পঠিয়াই ম’বাইলটো লিৰিকি বিদাৰি থাকোতেই আকৌ যেন ইন’ভেছনে তাৰ মূৰত কলিং বেল বজালেহি। চিন্তাই লাহে লাহে প্রাণ পাই উঠিল। “এই মেছেজবোৰত যদি আমি বস্তু পঠিয়াব পাৰিলোহেঁতেন..যেনেকৈ মেইলত ডকুমেন্ট এটেচ্ছ কৰি পঠাও।” মনৰ মাজত ভাল আৰু বেয়া দুয়োটা ৰাজে কথা পাতিবলৈ আৰম্ভ কৰিলে।
‘ভাবি চা চোন মায়ে ঘৰত ৰন্ধা মাছৰ আঞ্জা এছএমএছ কৰি পঠাই দিছে আৰু মই বাঙ্গালোৰৰ ঘৰত এছএমএছ খুলি ডাউনল’ড কৰি খাই আছো। এই বোলে আজি কচু শাকৰ আঞ্জা..কাইলৈ খাৰ..আৰু ভূত জলকীয়াৰ সৈতে ৰবাব টেঙা।

‘দিচাংমূখৰ আপং এবাতিও পাম নেকি বাৰু ..’ বেয়া ৰাজে হঠাৎ মাত লগালে।
ভাল ৰাজটো তেতিয়াও কলপাতত থকা ভূত জলকীয়া আৰু ৰবাব টেঙাৰ মাজতে আছিল। চিন্তাৰ গতি বাঢ়ি গল..ম’বাইলত যদি বস্তু পঠিয়াব পৰা হয় তেন্তে মানুহো পঠিয়াব পৰা হ’ব। কি ঠিক সি কিজানি এইটো ইন’ভেছনৰ বাবে ন’বেল বটা পাই যাব পাৰে। তেতিয়া আৰু সেই মেনেজাৰটোক ..বেয়া মাতটো মাতি ৰাজে কলে..এনে এটা ৰাউণ্ড কিক্‌ দিম তাকো বহি বহি।
হঠাৎ ভাল ৰাজটোৱে মাত লগালে.. যদি এটেচ্ছমেন্টত মানুহ পঠিয়াব পাৰি অলপ সমস্যাও হ’ব। বিমানসেৱা, ৰেলসেৱা আৰু বাছ বা গাড়ীৰো প্রয়োজনীয়তা নাইকিয়া হব। গন্তব্য স্থানত এজনৰ ম’বাইল থাকিলেই হ’ল যি মেছজটো খুলিব পাৰে। বহুত মানুহৰ চাকৰি যাব। “চেহ..ভাল ইন’ভেছন এটাৰ বেয়া দিশো থাকে। উপায় নাই।”
আকৌ সি ভাবিলে ..”ককায়েকৰটো বিয়া হৈ গল। আৰু সি ইয়াত পাৰ্টি কৰি ঘূৰি ফুৰাটো ককায়েকে ভালকৈ গম পায়। যদি কোনোবা এদিন পাৰ্টি চলি থাকোতে মাকক এছএমএছ কৰি পঠিয়াই দিয়ে ..কি হব? হে হৰি! এছএমএছটো খুলিছোহে…মা নাৰিকলৰ লাড়ু আৰু পিঠাপনা লৈ হাজিৰ। আৰু সি বোলে ৰঙীন পানীৰ মাজত বহি আছে।”
“হেৰৌ তই এইবোৰ কি খাইছ? তই এইবোৰহে কৰিছ ইয়াত থাকি..হে ভগৱান..মই এইবোৰ চাবলৈহে এছএমএছত আহিলো! মোক এইবোৰ কি দেখুৱালা প্রভু?” মাকৰ চিনাকি শব্দবোৰ ৰাজৰ কাণত ভাঁহি আহিল। বন্ধু সমাজ ইমানপৰে মেকুৰী দেখিলে নিগনি পলোৱা দি পলাই ফাট মাৰিলে। সি দীঘল দি মাকৰ ভৰিত পৰিল..”মা মোক ক্ষমা কৰা। আজি বহুদিনৰ মূৰতহে অলপ খাইছিলো। আৰু মইনো কি জানো তুমি আহিবা বুলি। সি মাকৰ ভৰি দুটা সাৱটি চকু দুটা মুদি দিলে। তাৰ চকুত দুখ আৰু টোপনি দুয়োটাই আছিল তেতিয়া।”
“হেৰৌ উঠ..উঠিলিনে ৰাজ..বোলো বেলি মূৰৰ ওপৰ পালেহি।” প্রত্যেকদিনা ৰাতিপুৱা শুনা মাকৰ চিনাকি মাতটো শুনি ৰাজে বিছনাৰ খুটাটো এৰি খপ্‌জপ্‌কৈ উঠিল। যোৱাবাৰ বিহুত ঘৰলৈ যাওঁতে মাকৰ মাতটো ৰেকৰ্ড কৰি লৈ আহিছিল ৰাজে। আৰু এলাৰ্ম টোন হিচাপে সদায় ৰাতিপুৱা ৭ টা বজাত ঠিক কৰি থয়। আজিও সেইটোহে বাজিছিল। চকু দুটা যেনে তেনে মেলি সি ভোৰভোৰালে “ৰক্ষা..মাৰ মাতটোহে আহিল। মা অহা নাই এতিয়াও।”
দাঁত ব্রাছ কৰি উঠি আগদিনাৰ সম্পত্তিখিনি লেট্রিনত ডাউনল’ড কৰি কৰি সি মেনেজাৰক কৈ গ’ল..
“নালাগে ইন’ভেছন..নালাগে এপ্রাইজেল..নালাগে প্রমোছন
লাগে যদি তয়ে লৈ যা হি মোৰ পৰা অলপ হালধীয়া ড’নেছন”
ফ্লাছটো মৰাৰ আগতে শেষবাৰৰ বাবে সম্পত্তিখিনি ৰাজৰ চকুত পৰিল। ড্ৰিম কোম্পানী এটাৰ টেগ লাইনটো মনত পৰি গল তাৰ.. “ইন’ভেছন ইনছাইড..” ধেৎ তেৰি ..ইয়াতো ইন’ভেছন..!!

ফ্লাছটোত হেঁচা মাৰি সি ভোৰভোৰালে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments