ইনলেণ্ড কাৰ্ড – প্ৰণৱ কুমাৰ তালুকদাৰ

চাইকেলৰ টিলিঙাটো বাজিলেই দৌৰি জপনা মুখলৈ দৌৰি অহা দিনৰ কথা। ডাকঘৰৰ পিয়নজনে কান্ধত ওলোমাই অনা মোনাটোৰ পৰা বাচি বাচি ইনলেণ্ডকাৰ্ডত লিখা চিঠি এখন আগবঢ়াই দিয়াৰ পিছত হাতত লৈ যিটো অনুভূতি হয় সেইটো প্ৰকাশ কৰা সহজ নহয়। এঘাৰ বজাত চহৰৰ মূখ্য ডাকঘৰৰ পৰা ডাক কঢ়িয়াই অনা পৰিবহন বিভাগৰ বাছ গাড়ী খন আহি পোৱাৰ পাছত মনতো উগুল-থুগুল লাগি থাকে। আগৰ চিঠি খনৰ উত্তৰটো আজি পাম নেকি!
দূৰণিবটীয়া বন্ধু বান্ধৱৰ লগত সম্পৰ্ক ৰখাৰ একমাত্ৰ মাধ্যম আছিল চিঠিপত্ৰৰ আদান প্ৰদান। এটা বয়সত নতুন বন্ধু বান্ধৱৰ লগত চিঠিৰ আদান প্ৰদানৰ দ্বাৰা যোগাযোগ ৰাখিবলৈ মন যায়। অষ্টম মান শ্ৰেণীত পঢ়ি থাকোতে সহপাঠি প্ৰশান্তই তাৰ খুৰাকৰ ল’ৰা মণ্টুৰ লগত পত্ৰবন্ধু হিচাবে চিনাকি কৰাই দিছিল। সি থাকে ব্ৰহ্মপুত্ৰৰ সিপাৰে মৰিগাৱঁত। কলিয়াভোমোৰা দলং তেতিয়া হৈ উঠা নাছিল। অহা যোৱা কৰা ইমান সহজ সাধ্য নাছিল। চিঠি লিখিলেও পোন্ধৰ দিনৰ মূৰত হে উত্তৰ আহি হাতত পৰে। তথাপি চিঠি লিখাৰ দূৰ্বাৰ আগ্ৰহ জাগিছিল মনত। পত্ৰবন্ধু মণ্টুৰ লগত দেখাদেখি হোৱাৰ সৌভাগ্য হোৱা নাছিল। চিঠিৰ আদান প্ৰদানৰ যোগেদি বেছ কিছু বছৰলৈ আমাৰ সম্পৰ্ক গাঢ় হৈ আছিল। এটা সময়ত কব নোৱাৰাকৈয়ে আমাৰ মাজত চিঠিৰ আদান প্ৰ্দান বন্ধ হৈ গ’ল। এনেকৈয়ে সুদীৰ্ঘ পয়ত্ৰিশটা বছৰ পাৰ হৈ গ’ল। মোৰ হাতত মণ্টুৰ কোনো ফোন নম্বৰ নথকা বাবে সেইটোও সম্ভৱ নহ’ল। মনটোৱে সদায় স্কুলীয়া দিনৰ বন্ধুক লগ পাবৰ বাবে উদগ্ৰীৱ হৈ থাকে। আৰম্ভণিতে মণ্টুৱে তাৰ ঘৰৰ ঠিকনা এটা দিয়া মোৰ মনত আছিল। পুৰণি ইনলেণ্ড কাৰ্ডবোৰ খুচৰি তাৰ ঠিকনাটো পালো। এবাৰ কাগজ কলত কাম কৰা ভিনদেউৰ ঘৰলৈ যাওঁতে মোৰ ল’ৰাক লগত লৈ বন্ধুৰ ঘৰ বিছাৰি ওলালো। অৱশেষত ঘৰটো বিছাৰি পালোগৈ। দুপৰীয়া সময়। বন্ধুই গা ধুই আহি নমস্কাৰ জনাই কাক বিচাৰিছে আৰু অহাৰ কাৰণ জানিব খুজি বহিবলৈ ক’লে। ময়ো প্ৰতি নমস্কাৰ জনাই মণ্টু নামৰ লোক জনক লগ পাবলৈ অহাৰ কথা ক’লো।মোৰ পৰিচয়টো গোপনে ৰাখি তেজপুৰৰ পিনে কোনোবা চিনাকি মানুহ আছে নেকি সুধিলো। এজন চিনাকি মানুহ আছিল। পিছে বহুদিন তেওঁৰ লগত যোগাযোগ নাই। তেওঁ ক’লে। মই ক’লো, ধৰি লোৱা সেইজন ময়েই হয়। কেই চেকেণ্ডমান মোৰ মুখলৈ চাই গবা মাৰি সাৱটি ধৰি কান্দিবলৈ ধৰিলে। মই সেই পৰিৱেশৰ বাবে সাজু নাছিলো। মই কিংকৰ্তব্য বিমূঢ় হৈ পৰিলো। ল’ৰাই আমাৰ অৱস্থা দেখি মাকলৈ ফোন কৰি ক’লে, পাই গ’ল, দেউতাই পত্ৰবন্ধুক পাই গ’ল।কিছু সময় বহি মোবাইল নম্বৰ লৈ আমি ৰাওনা হ’লো কাগজকলৰ কোৱাৰ্টাৰলৈ।এতিয়া আৰু মণ্টু হেৰাই যোৱাৰ ভয় নাই। প্ৰতি তিনি চাৰি দিনৰ মূৰত ফোনেৰে আমাৰ বাৰ্তালাপ হয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments