ইন্টাৰনেট কেফেত হঁহা-কন্দা :: লিবিয়াৰ অভিজ্ঞতাৰ ট্ৰেইলাৰ (ডা০ ভূপেন শইকীয়া)

২০০১চনত প্ৰথম বিদেশত চাকৰি কৰিবলৈ ওলাইছোঁ – মনত দুৰু-দুৰু শংকা৷ গুৱাহাটীৰ পৰা দিল্লী, দিল্লীৰ পৰা ডুবাই৷ ডুবাইত এনিশা কটাই পিছদিনা দুপৰীয়া ট্ৰিপলিলৈ যাত্ৰা৷ ট্ৰিপলি হ’ল ‘গাড্ডাফিৰ দেশ’ লিবিয়াৰ ৰাজধানী৷ ট্ৰিপলিত সন্ধিয়াৰ আগে আগে বিমানৰ পৰা নামিয়েই পোনতে সেই দেশৰ ভূমি স্পৰ্শ কৰি ভাৰতীয় পৰম্পৰামতে এটি সেৱা জনালোঁ নেদেখাজনলৈ বুলি৷ দিল্লীৰ পৰা একেলগে অহা আমি কুৰিজন ভাৰতীয় ডাক্তৰ এতিয়া ভাগ-ভাগহৈ নিজৰ নিজৰ গন্তব্যস্থানলৈ ৰাওণা হ’ম৷ বিমানবন্দৰত আমাক লগ ধৰিবলৈ এজন সমন্বয়ৰক্ষী বিষয়া ৰৈ আছিল৷ তেঁৱেই সকলোকে বেলেগ বেলেগ বাহনত উঠাই চালকক নিৰ্দেশনা দি নিজৰ দ্বায়িত্ব সম্পন্ন কৰিলে৷ মোৰ গন্তব্যস্থান বেণি ভেলিডলৈ ১৭০কিলোমিটাৰ বাট এখন টেক্সিৰে অকলে আগবাঢ়িছোঁ৷ চালকে ভঙা ভঙাকৈ দুই চাৰিটা ইংৰাজী শব্দ কব পাৰে৷ টেক্সিত উঠি গুৱাহাটীৰ পৰা ট্ৰিপলিলৈ চাৰে সাত হাজাৰৰো অধিক দূৰত্ব অতিক্ৰমি ক্লান্ত হোৱা দেহ-মনক জোৰ কৰি সতেজ কৰি ৰখাৰ প্ৰয়াস কৰিছোঁ৷ টেক্সিৰ খিৰিকীৰে বাহিৰৰ জগতখনলৈ চকু ফুৰালোঁ৷ আহল-বহল পৰিস্কাৰ ৰাজপথত নানা ধৰণৰ অনেক তীব্ৰবেগী যান-বাহন, ইখনৰ পিছত সিখন একা-বেকা ফ্লাই-অভাৰ, তীক্ষ্ণ লাইটৰ পোহৰত চিকমিকোৱা অনেক সুউচ্চ-দেখনিয়াৰ ভৱন, অনেক সেউজী গছ-গছনি, ভূমধ্য সাগৰৰ পাৰত ৰৈ থকা সৰু-বৰ অনেক জাহাজ আৰু নৌকা৷
মসৃণ ৰাজপথত টেক্সিৰ গতিবেগে মাজে মাজে প্ৰতিঘন্টাত ১২০ কিলোমিটাৰৰ সীমা চেৰাই গৈছে৷ অলপ পিছত খিৰিকীয়েদি মহানগৰ এৰি সৰু-সৰু নগৰৰ সৰু-সৰু ঘৰবোৰ দৃশ্যমান হবলৈ ধৰিলে৷ গছ-গছনিৰ সংখ্যা কমি আহিবলৈ ধৰিলে৷ এটা সময়ত এটাও ঘৰ, এজোপাও গছ নেদেখা হৈ আহিল৷ নেদেখা দূৰত্বলৈ সোঁৱে-বাওঁৱে দুয়ো দিশে বালিময় মৰুভূমি৷ মাজত দীঘল সৰীসৃপৰ দৰে দুডাল কলাবৰণৰ পকী ৰাজপথ৷ বাটত গাড়ীৰ সংখ্যাও চেগাচোৰোকা হ’বলৈ ধৰিলে৷ দিনৰ শেষত ক্ৰমে নিশাৰ অন্ধকাৰ নামিবলৈ আৰম্ভ হৈছে৷ পিছত মনলৈ আহিছিল – ভাগ্যে সেই সময়ত মনলৈ এনে দু:চিন্তা নাহিল – যদি ইয়াত মোৰ কোনো দূৰ্ঘটনা হয় নাইবা কিবা অসৎ অভিপ্ৰায়েৰে ড্ৰাইভাৰজনে যদি মোক অপহৰণ কৰে – কোনেও নজনাকৈ মই পৃথি‌ৱীৰ পৰা হেৰাই গলোঁহেতেন !
কেইঘন্টামানৰ যাত্ৰাৰ মূৰকত একো বিঘিনি নোহোৱাকৈ মোৰ গন্তব্যস্থান বেণি ভেলিড চেন্ট্ৰেল হস্পিতেল পালোঁগৈ৷ ড্ৰাইভাৰজনে গেটত কোনোবা এজনৰ পৰা নিজৰ লগত থকা কাগজ এখনত কিবা লিখাই লৈ মোক এজন কেৰালাৰ ফাৰ্মাচিষ্টৰ ঘৰত নমাই থৈ বিদায় ললে৷
আগকথা বেচ দীঘলীয়াই হ’ল৷ এতিয়া লিখনিৰ মূল বিষয়লৈ আহোঁ৷ সেই সময়ত ম’বাইলৰ বিশেষ প্ৰচলন আৰম্ভ হোৱা নাছিল৷ ফোন কৰিবলৈ ডাকঘৰৰ বা অইন ঠাইৰ পাব্লিক বুথৰ সহায় লবলগীয়া হৈছিল৷ ইন্টাৰনেটৰ প্ৰচলন আৰম্ভ হৈছিল যদিও আজিৰ দৰে হাতে হাতে লেপটপ বা টেবলেটৰ প্ৰচলন হোৱা নাছিল৷ দেশে-বিদেশে ইন্টাৰনেট বুথসমূহৰ ৰমৰমীয়া ব্যৱসায় চলিব ধৰিছিল৷ স্কাইপ’ তেতিয়া আৰম্ভ বোধকৰো হোৱা নাছিল৷ বেচিভাগেই তেতিয়া ইন্টাৰনেট বুথ বা কেফেত গৈ হট-মেইল, য়াহু-মেইল আৰু ৰেডিফ-মেইলৰ যোগেদি লিখিত বাৰ্তালাপ (Chat) কৰিছিল ঘৰৰ আপোনজনৰ লগত ৷ ইন্টাৰনেটৰ স্পিড মাজে মাজে বেচ লেহেমীয়া হ’লেও, নেট কাটি-কাটি গ’লেও নিৰুপায়ত পৰি প্ৰায় সকলো প্ৰবাসীয়েই ইন্টাৰনেট বুথৰ নিৰ্ধাৰিত মিনিটৰ নিৰিখমতেই টকা পৰিশোধ কৰিবলৈ বাধ্য আছিল৷
অসমৰ আমাৰ ঘৰত কম্পিউটাৰ আৰু ইন্টাৰনেট সংযোগ থকাত প্ৰবাসত যোৱাৰ আগতেই মোৰ নেটৰ কিছু আগতীয়া অভিজ্ঞতা আছিল৷ সদায় যাবলগীয়া ঠাইডোখৰৰ বিষয়ে লাগতিয়াল কথাবোৰ নেটত জানি লোৱাটো মোৰ এক প্ৰকাৰৰ অভ্যাসত পৰিণত হৈছিল৷ ই-মেইল, নেট চাৰ্ফি শিকিবলৈ মোৰ সৈতে সকলো বৰ্গৰ কে‌ৱল ভাৰতীয়েই নহয় অন্য বিদেশী লোকেও মোৰ সৈতে বন্ধুত্ব কৰিছিল আৰু ময়ো তেনে অতি প্ৰয়োজনীয় সহায় কৰিবলৈ পাই এক অনাবিল আনন্দ পাইছিলোঁ৷ গতিকে দেশী-বিদেশী অনেক বন্ধুৰ হাঁহি-কান্দোনৰ ভাগ ময়ো পাইছিলোঁ৷
কোনোবাই নৱবিবাহিতা পত্নীক, কোনোবাই গৰ্ভৱতী পত্নীক, কোনোবাই অসুখীয়া পিতৃ-মাতৃক ঘৰত এৰি থৈ আহিছে, কাৰোবাৰ নৱজাতক সন্তানৰ ফটো নেটত চাই আনন্দাশ্ৰু বৈছে, কোনোবাই ঘৰুৱা সংকটৰ সময়ত ঘৰলৈ যাবলৈ ছুটি নাপাই দুখত ভাগি পৰিছে৷ কাৰোবাৰ ভাতৃ-ভগ্নীলৈ, কাৰোবাৰ সন্তানলৈ আৰু কাৰোবাৰ প্ৰেয়সীলৈ মনত পৰিছে৷ নেটত লিখি লিখি কথা পাতোতে কাৰোবাৰ মুখত বাৰম্বাৰ মিচিকি হাঁহি বিৰিঙিছে আৰু কোনো কোনোজনৰ গম নোপোৱাকৈ দুগাল চকুপানীৰে ভিজি গৈছে৷ কিমান সময় যে গম নোপোৱাকৈ নেটৰ জগতখনত আপোনপাহৰা হৈ ৰয় সেয়া ডিনাৰ বা ডলাৰ দি ইন্টাৰনেট বুথৰ পৰা ওলাই আহিবৰ সময়তহে ব্যক্তিজনে গম পায়৷
আমাৰ কেইবাজনো চিকিৎসকৰ লগত ডাকঘৰৰ কৰ্মচাৰীৰ ভাল সম্বন্ধ মোৰ চকুত পৰিছিল৷ কাৰণটো তেনেই সহজ সমীকৰণ৷ ঘৰলৈ ফোন কৰিবলৈ গ’লে ভীৰৰ মাজত তেনে কৰ্মচাৰীৰ সহায় বৰ জৰুৰী, তদুপৰি কম পইচাতেই বেচি সময় ফোন কৰাৰ সুবিধাও বন্ধুত্বৰ বিনিময়ত পোৱা গৈছিল৷
আজিলৈ প্ৰবাসত ইন্টাৰনেটৰ হঁহা-কন্দাৰ বিষয়ে ইমানতে সামৰিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক