ইন্দিৰা গোস্বামী আৰু নাৰী সবলীকৰণ (মূলঃ মালাশ্রী লাল অনুবাদঃ চৈয়দা চেমিম জাহান)

Syeda Semim Zahan

 

মূলঃ মালাশ্রী লাল
অনুবাদঃ চৈয়দা চেমিম জাহান

 

‎:::::ইন্দিৰা গোস্বামী আৰু নাৰী সবলীকৰণ:::::

ইন্দিৰা গোস্বামীৰ বিশাল আৰু বিস্তৃত লেখাবোৰৰ মাজত সঘনাই দেখা পোৱা যায় নাৰীৰ প্ৰতি থকা দৰদ। বিস্তৃত লেখাবোৰৰ মেৰপাকত মই কোনোধৰণৰ বেমেজালি দেখা নেপাও, মাথো ভাৰতীয় মহিলাৰ সামগ্ৰিক সবলীকৰণৰ প্ৰতিচ্ছবি এখন সৃস্তিশীল ৰূপত তুলি ধৰাহে দেখা পাও।
দীপা মেহতাৰ ফায়াৰ ছবিখন বহুদিনৰ পিছতহে ওলাল। ছবিখনে যৌনতাক প্ৰত্যক্ষৰূপত দাঙি ধৰিছে। মেহতাৰ দ্বিতীয় খন ছবি ৱাটাৰে হিন্দু বিধবাৰ ছবিএখন কোনো নতুনত্ব নোহোৱাকৈ তুলি ধৰিলে। কিন্তু ইন্দিৰা গোস্বামীয়ে বহু আগতেই এগৰাকী বিধবাৰ অপূৰনীয় দেহৰ অনুভূতি আৰু আকাঙ্ক্ষাবোৰ সুন্দৰকৈ প্ৰতিফলিত কৰিছে তেওৰ লেখাত।
পূৰূষতান্ত্ৰিক হিন্দু সমাজে নিজৰ দোষ সাৰিবলৈ সদায়েই কৈ আহিছে “নাৰী দেৱীতুল্য”, তাহলে আপচোচৰ অৱকাশ ক’ত?। কিন্তু ইন্দিৰা গোস্বামীয়ে সদায়েই নাৰীক দমন কৰি ৰাখিবলৈ চেষ্টা কৰাত ব্যৱহ্যত হোৱা ধৰ্মীয় ৰীতিনীতি, আজিলৈকে বিনা দ্বিধাই মানি অহা বিশ্বাসবোৰ পুনৰ বিশ্লেষণ কৰাৰ চেষ্টা কৰিছে।
তেখেতে প্রথমে লিখিত ৰূপত আৰু পিছত বিভিন্ন সামাজিক আনুস্থানত দিয়া বক্তব্যৰ জৰিয়তে সমাজত পৰিবৰ্তন অনাৰ চেষ্টা কৰিছে।
“মই সদায় নিজৰ প্রত্যক্ষ অভিজ্ঞতাৰ পৰাই লিখো। মাথো তাক মোৰ ইমাজিনেছনৰ যোগেদি এক নতুন ৰূপ দিও।”
ইন্দিৰা গোস্বামীক দেখাৰ লগে লগেই অলপ হতভম্ব হোৱা যায়। সোনালী পাৰীৰ ৰঙা শাৰী পৰিহীতা এগৰাকী তেজস্বীনী নাৰী। তেওৰ কথা শুনিবলৈ সদায়েই উৎসুক এটা মানুহৰ জুম। লাহে লাহে কথা কোৱা ইন্দিৰা গোস্বামীয়ে নিশ্পেষিত মানুহৰ হকে মাত মাতে। অসমৰ পথভ্রস্ত ডেকা ল’ৰাৰ কথা কয়। বৃন্দাবনৰ বিধবাৰ কথা কয়, ফেক্টৰিত কামকৰা মাইকীমানুহৰ কথা কয়। ইন্দিৰা মানুহজনীক দেখিলে লাগে যে তেও উচ্ছ বংশৰ আলাসত ডাঙৰ হোৱা। চকু দুটি উজ্বল। তেখেতৰ চঞ্চল আচৰণ, ক৺পা ক৺পা মাত দূৰ্বল নিষ্পেষিত জনতাৰ বাবে উছৰ্গিত। তেখেতৰ বিস্বাস গভীৰ, নিজৰ কামৰ প্রতি নিষ্ঠা অতুলনীয়। তেখেতে যিদৰে সাধাৰণ মানুহৰ দুখ দেখা পাইছে তেওৰ একে সামাজিক অৱস্থানৰ খুব কমেইহে দেখা পাইছে।
মোৰমতে ইন্দিৰা গোস্বামীয়ে ভাৰতীয় মহিলাৰ সবলীকৰণৰ দিশটো বৰ সুন্দৰকৈ তুলি ধৰিছে। এই দিশবোৰৰ ভিতৰত ছোৱালী শিশু, বিবাহ, বৈধব্য আদি বিষয়বোৰেই অন্যতম। ইন্দিৰা গোস্বামীয়ে জীৱনত বিভিন্ন সঙ্ঘাতৰ সন্মুখীন হৈছে। ১৯৪২ চনত উমাকান্ত গোস্বামীৰ ঘৰত জন্ম লোৱা ইন্দিৰাই ছিলঙৰ পাইন মাউণ্ট স্কুলৰ পৰা শিক্ষা গ্রহণ কৰে। খুব কম বয়সতে মাধেৱন ৰয়চমৰ লগত বিয়া হৈ মাত্র ১৮ মাহৰ পিছতেই ইন্দিৰাই বৈধব্য হাত পাতি লয়। এটা মটৰ দূৰ্ঘটনাত মাধৱেণৰ মৃত্যু হয় আৰু ইন্দিৰাই শাৰীৰিক ও মানসিক ভাৰসাম্য হেুৰুৱাই পেলায়। ১৯৮৮ চনত প্রকাশিত ‘আধালেখা দস্তাবেজ’ নামৰ আত্মজীৱনী খনত ইন্দিৰাই লিখিছে কিদৰে গোৱালপাৰাৰ এটা ঘৰত নিজকে তেও বন্দী কৰি থৈছিল আৰু আত্মহত্যা কৰাৰ কথা ভাবিছিল। মাত্র এটা কথাই মনত অলপ শান্তি দিছিল আৰু সেয়া আছিল তেওৰ শৈশৱৰ স্মৃতি আৰু দেওতাকে লিখা দুই এখন চিঠি। হঠাৎ ইন্দিৰাই এটা সিদ্ধান্ত লৈ পেলালে আৰু সেইটো হ’ল বৃন্দাবনলৈ গৈ বিধবাৰ জীৱন নিৰ্বাহ কৰা। এনে নহয়যে ইন্দিৰাৰ সন্মূখত আন বাট খোলা নাছিল। আত্মজীৱনীখনত ইন্দিৰাই লিখিছে তেও লণ্ডনলৈও যাব পাৰিলেহেতন কিন্তু তেও বাছনি কৰিলে বৃন্দাবন। লণ্ডন-পশ্ছীমীয়া সংস্কৃতিৰ কেন্দ্র আৰু বৃন্দাবন-পূ্ৰ্বীয় সংস্কৃতিৰ কেন্দ্র। সম্ভ্রান্ত ঘৰৰ মহিলাৰ বাবে ইংৰাজী শিক্ষাই বহুত দুৱাৰ মুকলি কৰি দিয়ে য’ত বৈধব্য ইমান ডাঙৰ কথা হৈ নাথাকে । ইংৰাজী শিক্ষাই ইন্দিৰাক ইংৰাজ মহিলাৰ জীৱনৰ ওচৰ চপাই আনিলেহেতেন। কিন্তু ইন্দিৰা গুছি গ’ল ব্রজৰ দেশলৈ। এই ঘটনাটো ইন্দিৰাৰ নিজৰ খুচিমতে হৈছিল নে পুৰুষতান্ত্রীক সমাজখনে নিৰ্দ্ধাৰণ কৰি দিছিল সেয়া তৰ্কৰ বিষয়। বৃন্দাবনৰ ৰাধাস্বামী বিধবা গোটৰ লগত ইন্দিৰাই থাকিবলৈ ল’লে আৰু গৱেষণা কৰিবলৈ ল’লে। ‘নীলকণ্ঠী ব্রজ’ নামৰ উপন্যাস খন এই গৱেষণাৰেই ফল। ইন্দিৰাই গ্রন্হৰ পাতনিত লিখিছে,” বৈধব্যৰ পিছত এগৰাকী মহিলাৰ জীৱনত যি পৰিবৰ্তন আহে তাকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে গ্রন্হ খনত ।” সৌদামিনীৰ চৰিত্রটো লেখকৰ নিজৰ জীৱনৰ ওপৰত আধাৰিত। বৈধব্যৰ পিছত চৰিত্রটোৱে নিজৰ ভোক-লালসাবোৰ কমাই নিব ধৰিলে। একধৰণৰ শুদ্ধীকৰণ আৰম্ভ হ’ল আৰু জীৱনৰ মূখামূখী হোৱাৰ পাল পৰিল ।
পিতা-মাতৰ সম্পূৰ্ণ আশীষ আৰু সমাজ নিজৰ লগত থকাৰ সত্বেও সৌদামিনীয়ে বিধবাৰ জীৱন নিৰ্বাহ কৰিছে। ‘নীলকণ্ঠী ব্রজ’ নামৰ উপন্যাস খনে আচলতেই এই দিশটো ফুটাই তোলাৰ চেষ্টা কৰিছে য’ত এগৰাকী বিধবাই নিজৰ বৈধব্যৰ অৱস্হাটো তাইৰ নিজৰ ভাগ্যদোষ বুলি ধৰি লৈছে। বহুত চিন্তা ভাৱনাৰ পিছত সৌদামিনীয়ে বিধবাৰ নিৰ্দ্ধাৰিত ৰূপ প্রত্যাখ্যান কৰে। এইয়াই ইন্দিৰাৰ বাণী আৰু ইন্দিৰাৰ জীৱন-কাহিনী। সৌদামিনীৰ বাহিৰেও আৰু দুটা চৰিত্র লেখতল’বলগীয়া। শশী আৰু মৃনালিনী। এজনী মন্দিৰৰ পুৰূহিতৰ ৰক্ষিতা যি মনে মনে নাৰীৰ সান্বিদ্ধ্য আকাক্ষ্যা কৰে। ১৯৮৬ চনতে ইন্দিৰাই এনেধৰণৰ কথাবোৰ উৎথাপন কৰাটো আকৰ্ষণীয়। মৃনালিনী মন্দিৰৰ সত্বাধিকাৰীৰ জীয়েক। বেয়া আৰ্থনৈতিক অৱস্হাৰ বাবে মন্দিৰটো বেচি দিব লগা হয়। ইয়াৰ দ্বাৰা প্রমাণ হয়যে ইন্দিৰাই কেৱল বৈধব্যকেই বিষয় হিচাপে ৰখা নাই। সেই সময়ৰ সাধাৰণ নাৰীৰ সামাজিক-অৰ্থনৈতিক অৱস্হাৰ ওপৰতো আলোকপাত কৰিছে।
বৃন্দাবনত আজিও ‘আমাৰ বাৰী’ বুলি এডোষৰ ঠাই আছে য’ত বিধবাসকলক পৰিয়ালৰ কোনোবা পুৰুষে থৈ যায় পুনৰ ওভোতাই নিয়াৰ প্রতিশ্রুতিত। কিন্তু ঘূৰি যোৱাৰ দিন নাহে কেতিয়াও। এবাৰ বৃন্দাবনলৈ যাওতে মোৰ মনত আছে এগৰাকী বিধবা যাক আমি মা বুলি মাতিছিলো, গান গাবলৈ কোৱাত তেও ভঙা ভঙা মাতেৰে কিবা এটা গোৱাৰ চেষ্টা কৰিছিল। লাহে লাহে তেও গানৰ তালে তালে নাছিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰা বুজা যায় যে তেও সংগীত শিক্ষা পাইছিল। কাৰ বাবে গাইছিল কোনে খৰচ পাতি বহন কৰিছিল জনা নাযায়। এইবিলাক গৱেষণাৰ বিষয়। বিভিন্ন বেচৰকাৰী অনুষ্ঠানে বিধবা সকলৰ পুনৰ সংস্হাপনৰ বাবে কাম কৰিছে আৰু বিধবাসকলক এই সমাজৰে অংশ কৰি তোলাত অৰিহনা যোগাইছে।
ইন্দিৰা গোস্বামীৰ ব্যক্তিগত লেখা আৰু গল্পবোৰত সমাজ সংস্কাৰৰ অবিৰত প্রয়াস দেখা যায়। ‘চিন্নমস্তাৰ মানুহ’ উপন্যাস খনত এজন পুৰুষৰ কামাখ্যা দেৱীৰ প্রতি থকা গভীৰ ভক্তি দেখা যায়। গুৱাহাটীৰ কামাখ্যা মন্দিৰত পাৰ্বতীৰ দেহৰ এটা অংশ পৰি থকা বুলি কোৱা হয়। কামাখ্যাদেৱী শক্তিশালী, বৃন্দাবনৰ বিধবাসকলৰ ঠিক ওলোটা। দেৱীয়ে তেজ বিচাৰে। প্রতি দিনাই জীৱ জন্তু বলি দিয়া হয়। তেজেৰে মন্দিৰৰ চোতাল ৰঙা হৈ থাকে। পাগল ভক্তবোৰে সেই তেজ গায়ে মূৰে সানি লয়, নাচে। এইয়া নাৰীৰ আন এটা অৱতাৰ। গল্পতো যদিও ১৯৩০ চনতে লিখা, ইয়াৰ সাম্প্রতিক যথাৰ্থতা আছে। নাৰীক পুৰুষতান্ত্রিক সমাজখনে দেবীৰ ৰূপত পূজা কৰে, কিন্তূ, ঘৰৰ ভিতৰত নাৰীৰ আসনখন অতিকই বেয়া। ইন্দিৰাই ঘৰৰ ভিতৰত নাৰীৰ ওপৰত হোৱা নিৰ্যাতন বোৰৰ বিপক্ষে লিখিছে।
এতিয়া চিন্নমস্তা আচলতে কোন? এজন জতাধাৰী ভক্ত যি পশুবলীৰ বিপক্ষে মাত মাতি ফুৰে। ইন্দিৰাই গবেষণা কৰি পাইছিল যে এই পশুবলী প্রথাৰ কোনো ঐতিহাসিক প্রমাণ নাই। কামাখ্যাৰ পাগলামিবোৰ সেয়ে ঊপন্যাস খনত দাঙি ধৰাৰ চেষ্টা কৰিছে ইন্দিৰাই। ইন্দিৰাৰ দূৰদৰ্শীতা মানিবলগীয়া। ইক’ফেমিনিজিমৰ দৰে শব্দবোৰ তেতিয়া আৱিষ্কাৰ হোৱাই নাছিল। গ্রীনপিচ, এনিমেল ৰাইটছ আদি বোৰ নতুন শ্ল’গান মাত্র আছিল।
ইন্দিৰাৰ নাৰীবাদৰ আৰু বহুতো দিশ আছে। কিন্তু তাৰওপৰত বিস্তৃত আলোকপাত কৰাতকৈ ইন্দিৰাৰ নাৰীবাদৰ এটা পেটাৰ্ণ আৱিষ্কাৰ কৰাৰহে চেষ্টা কৰা হ’ব। গাভৰু বয়সত ইন্দিৰাৰ জীৱনলৈ সংঘাত আহিল। প্রথমতে নিজকে প্রত্যাখ্যান কৰি পিছত বহুগুনে শক্তিশালী হৈ ওলাই আহে ইন্দিৰা। সমাজৰ আন আন নাৰীৰ সমস্যাবোৰৰ ওপৰত আলোকপাত কৰাৰ বাবে ইন্দিৰাই বাছি লয় লিখিত শব্দৰ আৰু পিছলৈ বিভিন্ন অনুষ্ঠানত বক্তব্য দিবলৈ লয়। কোনো সৃষ্টিশীল ব্যক্তিয়ে নিজৰ ৰাস্তা আগতেই নিৰ্দ্ধাৰণ কৰি নলয়। ইন্দিৰাইও হয়তো লোৱা নাছিল। ইন্দিৰা সুগঢ়ী লেখিকা। ইন্দিৰাৰ নিজৰ ভাষাত “ভাষা মোৰ বাবে এটা মখমলৰ চোলাৰ দৰে, মোৰ অশান্ত আত্মাটো মই তাৰে ঢাকি ধৰিব খোজো।” ইন্দিৰাই অশান্ত অনুভৱ কৰাৰ প্রধান কাৰণটো হ’ল সমাজৰ বেমেজালিবোৰ। বৃন্দাবনত থাকোতে কিনা তুলসী ৰামায়ণৰ কেবাটাও খণ্ড ইন্দিৰাই কঢ়িয়াই লৈ ফুৰে মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণৰ লগত। ইন্দিৰাই লিখা Ramayana from Ganga to Brahmaputra বিভিন্ন আলোচনাচক্রত পাঠ কৰা হৈছে। ইন্দিৰাক এবাৰ সীতাৰ বিষয়ে সোধাত কৈছিল যে পুৰণি গ্রন্হ সমূহত পোৱা নাৰী চৰিত্রসমূহ সাম্প্রতিক কালৰ মূল্যবোধ গঠণৰ বাবে ব্যৱহাৰ কৰা হয়। বহুদিন ধৰি ইন্দিৰা ব্যস্ত আছিল অসমৰ শান্তি প্রতিষ্ঠাৰ কামত। দিল্লীটো ইন্দিৰা বিভিন্ন সামাজিক কামত ব্যস্ত আছিল। ১৯৮৪ চনৰ শিখ ধৰ্মাৱলম্বী মানুহৰ ওপৰত হোৱা উৎপীৰণে ইন্দিৰাক বৰকৈ ক্ষতি কৰিছিল। এই অভিজ্ঞতাবোৰ প্রতিফলিত হৈছে Pages Stained with Blood নামৰ উপন্যাস খনত। দিল্লীৰ জি,বি, ৰোড’ৰ দেহব্যৱসায়ী সকলৰ ওপৰতো ইন্দিৰাই কাম কৰিছিল। ইন্দিৰাৰ বিস্তৃত লেখাৰ মাজত এটা কথাই প্রাধান্য পায় আৰু সেইটো হ’ল নাৰীৰ সমস্যা সমূহৰ প্রতি তেওৰ দৰদ। ইন্দিৰাৰ কলম নাৰী সবলীকৰণৰ বাবে উৎছৰ্গিত।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক