ইন এ ৰিলেছ্যনশ্বিপ উইথ… (ফাৰুক আজিজ)

বৰ্ণমালাৰ মূৰটো ঘূৰোৱা যেন লাগিছে। তাইৰ কোঠাৰ বাহিৰত বহুত মানুহৰ জুম। কোনোৱে ঢক ঢকাইছে তাইৰ দুৱাৰত। কোনোৱে তাইৰ আন্ধাৰ কোঠাটোলৈ টৰ্চ মাৰিছে।
“হে ৰাম। মানুহে মোক কি বুলি ভাবিব? মই লগৰবোৰক কি ক’ম? মই ক’ত লুকাম? মা দেউতা ভাইটিহঁতে গম পালে……”
তাই চেতনাহীন হৈ কোঠাটোত বাগৰি পৰিল।
“বৰ্ণা, অ’ই বৰ্ণা। দুৱাৰ খোল।” লগৰবোৰৰ মাতবোৰ তাই আৰু নুশুনিলে।
…………………………………………………
সন্ধিয়াৰ সময়। অলপ অলপ ঠাণ্ডা তেতিয়াও আছিল। বৰ্ণমালাই বিহু আখৰাৰ পৰা আহি বিচনাত অলপ বাগৰ দিলে। এইবাৰ কলেজ ফেষ্টত বিহু নাচিব বৰ্ণাহঁতে। যোৱাসপ্তাহৰ পৰা বিহু নাচি নাচি ভাগৰি পৰিছে। তাতে আকৌ ফ্লাছ ম’ব ডেঞ্চ আছেই।
অলপপৰ জিৰণি লোৱাৰ পাছত তাই লেপটপটো খুলি ল’লে। সদায় দিয়াৰ দৰে আজি তাইৰ ফেচবুকত কোনো আপডে’ট দিবলৈ মন নগ’ল। “আজি দিনত মোৰ ৱালত গোটেই বয়জ হোষ্টেলৰকেইটাই মোৰ সয়ম্বৰেই পাতিব খুজিছিল। মোৰ ৱালত মই কি দিওঁ, সিহঁতৰ কি যায়? যা তা কমেন্ট দি মোৰ মূৰতো খাই থাকে।”
তাই বিৰাজলৈ এটা ফোন লগালে। বিৰাজ চাকৰি সূত্ৰে অসমৰ বাহিৰত থাকে।
“হেপ্পি বাৰ্থডে, বিৰাজ।”
“থেংক ইউ ভেৰি মাচ্ছ। কি কৰি আছা?”
“এনেই আছোঁ।”
“অনলাইন আছা নেকি?”
“হমম।”
“ভিডিঅ’ চাটত আহিবা নেকি?”
“স্কাইপ?”
“আল্ট্ৰাস্কাইপোফোন আছে?”
“এইটো কি আকৌ?”
“তুমি কোন দুনিয়াত থাকা? আল্ট্ৰাস্কাইপোফোন কি নাজানা? তোমালোকে কি এতিয়াও স্কাইপেই ব্যৱহাৰ কৰি আছা নেকি?”
“অ’ তো। কোৱাচোন কি এইটো।”
বিৰাজে লিংক এটা পঠিয়াই দিলে তাইলৈ। তাই আল্ট্ৰাস্কাইপোফোনৰ বিষয়ে পঢ়িবলৈ ধৰিলে। আচলতে স্কাইপোফোন এটা অত্যাধুনিক সঁজুলি। ইয়াৰ সহায়ত ভিডিঅ’ চাট কৰালোকজনৰ থ্ৰিডি ইমেজ তৈয়াৰ কৰা হয়। গতিকে ই মানুহক মুখা মুখিকৈ কথা পতাৰ আমেজ প্ৰদান কৰে। ইয়াৰ দ্বাৰা ইমেজৰ স্পৰ্শানুভতিও পোৱা যায়। কিন্তু বিজ্ঞানে এতিয়াও অনুভূতিৰ ক্ষেত্ৰত যথেষ্ট সফল হোৱা নাই। কেনিয়াৰ এখন অখ্যাত শিক্ষানুষ্ঠানত ইয়াৰ সৰ্বপ্ৰথম সফল পৰীক্ষা কৰা হৈছিল। অৱশ্যে ইয়াৰ সফল কাৰ্যকাৰিতাৰ বাবে ১০ গিবিপিএছ গতিবেগৰ ইণ্টাৰনেটৰ প্ৰয়োজন হ’ব।
“বুজি পাইছানে এতিয়া?”
“হমম অলপ চলপ।”
“এতিয়া ইন্সটেণ্ট শ্বপিঙত এটা অৰ্ডাৰ দিব লাগিব। তোৰ কলেজৰ চাৰ্ভাৰ পিচিৰ আই পি এড্ৰেছটো দিবিচোন।”
“ৰ তোমাক মোৰ হোষ্টেলৰ ঠিকনাটো দি দিওঁ। নহ’লে ক’লৈ পঠিয়াবি?”
“ইছ ৰাম তোমালোকে এতিয়াও পোষ্টেল অৰ্ডাৰৰ যুগতে আছা নেকি? আজিকালি সকলোৱে ইন্সটেণ্ট ভাৰ্চুৱেল শ্বপিং কৰে।”
“ইচ মোৰ মূৰতো গৰম কৰিবা দেই তুমি! এইটো কি আকৌ?”
বিৰাজে আকৌ এটা লিংক পঠিয়াই দিলে তাইলৈ।
ইঞ্চটেন্ত ভাৰ্চুৱেল শ্বপিং হৈছে এটা সম্পূৰ্ণ স্বয়ংক্ৰিয় অনলাইন শ্বপিং পদ্ধতি। ইয়াত অৰ্ডাৰ মতে কোনো বস্তুৰ ভাৰ্চুৱেল ডেফিনিশ্বন যোগান ধৰা হয় আৰু ক্ৰয় কৰোঁতাই লগে লগে ইয়াক ডাউনলোড কৰি এডিটিভ লেয়াৰিং মেনুফেক্সাৰিঙৰ যোগেদি ইয়াক উৎপাদন কৰি ল’ব পাৰে। এডিটিভ লেয়াৰিং মেনুফেক্সাৰিঙৰ পদ্ধতিটোৰ মূল ধাৰণাটো থ্ৰিডি প্ৰিণ্টিঙৰ দৰে। সদায় যিকোনো বস্তুৰ তৰপ তৰপকৈ ইয়াৰ উৎপাদন কৰা হয়। ভূটানৰ এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই প্ৰথম ইয়াৰ সফল প্ৰয়োগ কৰিছিল।
“মই হ’লে একো বুজা নাই দেই, কিনো এইবোৰ? আৰু মোৰ লেপটপত এইবোৰ সুবিধাও নাই।” বৰ্ণাই একো বুজিব নোৱাৰি ক’লে।
“কথা কৈছা আৰু দেই। তোমাৰ লেপটপটো লেনভ’ এক্সত্ৰিম নহয় জানোঁ। সকলো সুবিধা আছে ইয়াত।”
“মই নাজানো। ক’ত আছে এইবোৰ?”
“তোমাৰ ইউএছবি পৰ্টৰ কাষত চোৱা এটা সৰু ফুটফুটীয়া লক আছে। সেইটো খুলি দিয়া।”
বৰ্ণাই তেনেদৰেই কৰিলে। এখন সৰু দিচ এণ্টেনা ওলাই আহিল।
“তুমি মোক এনেই বুৰ্বক সাজি আছা ন’? শূন্যৰ পৰা এটা বস্তু কেনেকৈ ওলাব?”
“তুমি পেন দ্ৰাইভত গান ছবি নানা জানো? এইবোৰতো শূন্যৰ পৰাই নাহে জানো? পাছত কম্পিউটাৰৰ পৰা ডিলিট কৰাৰ পাছত ক’লৈ গুচি যায়? কম্পিউটাৰৰ পৰাতো একো ওলাই নাযায়। তেনহ’লে এই আৱৰ্জনাবোৰ ক’লৈ যায়? এইবোৰ সকলো ১ আৰু ০ ৰ খেল। বৰ্তমান ডিজিটেল যুগত সকলো বস্তু ১ আৰু ০ ৰ ৰূপত ৰাখিব পাৰি।”
বৰ্ণা আচৰিত হৈ গ’ল। বিজ্ঞানৰ এনে উন্নতিৰ কথা তাই জনাই নাছিল।
“এতিয়া মই তোমাক ইতিমধ্যে ক্ৰয় কৰি থোৱা আল্ট্ৰাস্কাইপোফোনৰ ডেফিনিশ্বন তোমালৈ পঠিয়াম। তুমি এক্সট্ৰেক্ট কৰি ল’বা আৰু তোমাত এটা চফ্টৱেৰ দিছোঁ। ইনষ্টল কৰি ল’বা। প্ৰক্ৰিয়াটোত বহুত বেছি ইণ্টাৰনেটৰ বেগ লাগিব আৰু ই তোমাৰ কেম্পাছৰ সকলোবোৰ গতিবেগ তোমালৈ বদলি কৰি লৈ আহিব, ফলত ই গোটেই কেম্পাছৰ চাৰ্ভাৰ পিচি হৈ পৰিব।”
বৰ্ণাও অনুসন্ধিৎসু হৈ উঠিল। তাই বিৰাজে কোৱাৰ দৰেই কৰিব ধৰিলে। লগে লগে তাই অনুভৱ কৰিলে তাইৰ ইণ্টাৰনেটৰ বেগ যথেষ্ট বাঢ়ি গ’ল। আল্ট্ৰাস্কাইপোফোনৰ ডেফিনিশ্বনটো এক্সট্ৰেক্ট কৰাৰ লগে লগে তাই এটা অপূৰ্ব দৃশ্য দেখিলে। ডিচ এণ্টেনাখনৰ পৰা তৰপকৈ তৰপকৈ কিছুমান ৰশ্মি ওলাই আহিল আৰু চকুৰ সম্মুখতে এটা ধুনীয়া আল্ট্ৰাস্কাইপোফোন গঢ় লৈ উঠিল।
লগে লগে তাই যন্ত্ৰটো অন কৰিলে আৰু বিৰাজলৈ থ্ৰিডি ভিডিঅ’ চাটৰ ৰিকুৱেষ্ট পঠিয়ালে। কিন্তু এচেছ ডিনাইড বুলি এটা বাৰ্তাহে আহিল। বিৰাজে লগে লগে আন এটা ৰিকুৱেষ্ট পঠালে। বিৰাজ ইন এ ৰিলেছ্যনশ্বিপ উইথ বাৰ্তা এটা।
বৰ্ণামালা আচৰিত হৈ ক’লে, “এইটো কি? মই এইটো গ্ৰহণ কৰিব নোৱাৰোঁ। সকলোৱে গম পাই যাব।”
“সোণজনী, এইটো গ্ৰহণ নকৰিলে আমি চাট কৰিব নোৱাৰিম। নিৰ্মাতাসকলে এইটো এনেকৈয়ে প্ৰস্তুত কৰিছে, যাতে অকল সম্পৰ্কত থকা কোনোবাইহে এইটো ব্যৱহাৰ কৰিব পাৰিব। নহ’লে সমাজত ব্যভিচাৰ হ’বচোন।”
“নাই মোৰ লাজ লাগে। মই নোৱাৰোঁ। মোক লগৰবোৰে জোকাব। মই সদায় চিংগল বুলি কৈ থাকোঁ আৰু ফেচবুকতো আপডে’ট দি থাকোঁ।”
“আৰে, কোনেও গম নাপায়। কাৰো কোঠাত এতিয়া নে’টেই নাই আৰু মোৰ জন্মদিনৰ এইটোৱেই সৰ্বশ্ৰেষ্ঠ উপহাৰ হ’ব।”
এনেতে বাহিৰত কেইজনীমান ছোৱালীয়ে কথা পতা শুনিলে, “অ’ই কি হৈছে কাৰো কোঠাতে নেট নাই যে?”
বৰ্ণাৰ মুখত যেন এটা হাঁহি ওলাই গ’ল, “ৰ’বা তেনেহ’লে। মই গ্ৰহণ কৰিছোঁ।”
“আগতে কোঠাটোৰ লাইটবোৰ বন্ধ কৰি দিয়া।”
লগে লগে আল্ট্ৰাস্কাইপোফোনৰ পৰা কিছুমান কণা বিচ্ছুৰিত হ’ব ধৰিলে আৰু এইবোৰ কোঠাটোৰ এমূৰত গোট খাব ধৰিলে আৰু এটা জীয়া তেজ মঙহৰ মানুহ গঢ় ল’বলৈ ধৰিলে।
কিছু সময়ৰ ভিতৰত বিৰাজ সম্পূৰ্ণ হৈ উঠিল। বৰ্ণা আনন্দত আত্মহাৰা হৈ উঠিল। তাই যেন বিজ্ঞানৰ কৰিশ্মা বিশ্বাসেই কৰিব পৰা নাই।
তাই বিৰাজৰ হাতত ধৰি চালে। হাতখন চেঁচা হৈ আছিল। বোধহয় তাৰ ঠাইখনত বহুত ঠাণ্ডা।
সিহঁত দুয়োটাই খুব কথা পাতিবলৈ ধৰিলে। সময় কেনেকৈ পাৰ হৈ গৈছে কাৰো হিচাপেই নাই।
ইফালে কেম্পাছত নে’ট নোহোৱা হৈ যোৱা বাবে চাৰিওফালে হাহাকাৰ হ’বলৈ ধৰিলে। বিশেষজ্ঞই মুখ্য চাৰ্ভাৰ পিচিৰ নিয়ন্ত্ৰণ হেৰোৱা বুলি পৰিচালকক খবৰ দিলে। ইফালে কিছু সময়ৰ ভিতৰত গাৰ্লছ হোষ্টেলৰ এটা মাথোঁ কম্পিউটাৰৰ পৰা ২৫০ জিবিতকৈ বেছি ডে’টা ডাউনলোড হোৱা খবৰ পোৱা গ’ল। কিন্তু তেওঁলোকে নিৰ্দিষ্ট কোঠাটো চিনি উলিয়াব পৰা নাছিল। ইতিমধ্যে চিকিউৰিটি গাৰ্ডবোৰে প্ৰতিটো কোঠাত তালাছী চলাবলৈ ধৰিলে।
বৰ্ণা বিৰাজৰ ইফালে একো কাণ সাৰেই নাই। সুখ দুখৰ কথা পতাত মচগুল। এনেতে বাহিৰত কাৰোবাৰ কথোপকথন শুনা গ’ল, “অ’ই আমাৰ হোষ্টেলৰ পৰা বোলে কোনোবাই চাৰ্ভাৰ পিচি হেক কৰিছে।”
“অ’ মইও শুনিছোঁ। হোষ্টেল ১ত ইতিমধ্যে তালাছী কৰি আছে। এতিয়া আমাৰ এইফালে আহিব আৰু। কিবা হিটাৰ চিটাৰ আছে যদি লুকুৱাই থ।”
বৰ্ণা হতভম্ব হৈ গ’ল। “এতিয়া কি কৰোঁ। তুমি যোৱা সোনকালে?”
“মই নে’টত চাই লও ৰ’বা। কেনেকৈ উভতিব লাগে মই নাজানো।”
যেন আকাশী সৰগহে ভাঙি পৰিল, “কি? তুমি পাগল নেকি? এতিয়া কি হ’ব?”
বিৰাজে নেটত খুচৰিবলৈ ধৰিলে। বৰ্ণাৰ মূৰে কাম নকৰা হৈ গৈছিল, “কি কৰি আছা? সোনকাল কৰা!”
“একো নাই মই এতিয়াই সকলো ঠিক কৰি দিম। ইতিমধ্যে হেকিঙ ৰিভাৰ্চ কৰি দিয়া হৈছে। এতিয়া মই যাব পাৰিলেই সকলো ঠিক হৈ যাব?”
“কি ঠিক হৈ যাব কৈ আছা? ভালকৈ নাজানা যদি কিয় আহিছিলা?”
“তুমি ধৈৰ্য্য ধৰা।”
এনেতে বাহিৰত বহুত মানুহৰ ভৰিৰ খোজ শুনা গ’ল আৰু মানুহবোৰ লাহে লাহে বৰ্ণাহঁতৰ কোঠাৰ ফালে আহি আছিল।
বৰ্ণমালাৰ মূৰটো ঘূৰোৱা যেন লাগিছে। তাইৰ কোঠাৰ বাহিৰত বহুত মানুহৰ জুম।কোনোৱে ঢক ঢকাইছে তাইৰ দুৱাৰত। কোনোৱে তাইৰ আন্ধাৰ কোঠাটোলৈ টৰ্চ মাৰিছে।
“হে ৰাম। মানুহে মোক কি বুলি ভাবিব? মই লগৰবোৰক কি ক’ম? মই ক’ত লুকাম? মা দেউতা ভাইটিহঁতে গম পালে……”
তাই চেতনাহীন হৈ কোঠাটোত বাগৰি পৰিল।
“বৰ্ণা, অ’ই বৰ্ণা। দুৱাৰ খোল।” লগৰবোৰৰ মাতবোৰ তাই আৰু নুশুনিলে।
………………………………………
তাই কিমান দেৰি শুই আছিল ক’ব নোৱাৰে? যেতিয়া চকু মেল খালে তাই দেখিলে যে কেইবাজনী ছোৱালীয়ে তাইৰ মূৰত পানী ঢালি আছে। তাই খকামকাকৈ সাৰ পাই কোঠাটোৰ চাৰিওফালে চালে, সকলো ঠিকেই আছে। তাইৰ নিজৰে সন্দেহ হৈছিল, তাই কি ইমান দেৰি সপোনহে দেখি আছিল নেকি?
তেনেতে তাইৰ বান্ধৱী সুপৰ্ণাই মাত লগালে, “অ’ তোৰ কি হৈছিল অ’? আমি ইমানকৈ মতাৰ পিছতো তই শুইয়ে থাকিলি যে?”
“জানো পাই তই কাৰ সপোন দেখি আছিলি?” মধুচন্দ্ৰিকাই ক’লে।
এনেতে এজনী ছোৱালী দৌৰি আহিল, “ব্ৰেকিং নিউজ, ব্ৰেকিং নিউজ।”
“কি হ’ল? কি হ’ল?”
তাই লেপটপটো খুলিলে। সকলোৱে ফে’চবুকৰ পেজটো চাবলৈ ধৰিলে।
সুপৰ্ণাইটো চিঞৰিয়েই দিলে, “বৰ্ণমালা শইকীয়া ইন এ ৰিলেছ্যনশ্বিপ উইথ বিৰাজ তালুকদাৰ।”
কোঠাটোত যেন হঠাৎ কিৰিলিৰে কোনেও কাৰো মাত নুশুনা হৈ আহিল। ওচৰৰ কোঠাবোৰৰ পৰাও অন্য ছোৱালীবোৰ আহিল।
“পাৰ্টি…..পাৰ্টি……পাৰ্টি”
“বৰাইল ভিউ”…… “ৰিয়া পেলেছ”
“পাৰ্টি…..পাৰ্টি……পাৰ্টি”
সিদিনাখন আচলতে কি হৈছিল আৰু কোনেও নাজানিলে। কিন্তু ফে’চবুকৰ পৃষ্ঠাটোত তেতিয়াও জিলিকি আছিল, “বৰ্ণমালা শইকীয়া ইন এ ৰিলেছ্যনশ্বিপ উইথ বিৰাজ তালুকদাৰ।”
 
 
 
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments