ইফটাৰৰ মজা-(দেৱব্ৰত গগৈ )

ৰমজান মাহ চলি আছে। ৰোজা ৰাখোতাই ৰোজা ৰাখিছে আৰু ইয়াৰ সমান্তৰালকৈ ইফটাৰ চলি আছে । গোটেই দিনটো কঠিন ৰোজা ৰখাৰ পাছত কিমান যে হেপাহেৰে ইফটাৰ কৰে সেয়া হয়তো ৰোজা ৰাখোতাজনেহে জানে৷ ধৰ্মীয় নীতি-নিয়মখিনি নাজানোঁ কিন্ত ইফটাৰৰ সোৱাদ হ’লে মই বাৰুকৈয়ে লৈছো । স্কুল কলেজৰ জীৱনত জামাল, মফি, ৰফিকহঁতৰ ঘৰত সকলোৱে ঈদ খাবলৈ ৰৈ থাকে কিন্ত মই তাৰ আগতেই প্ৰি-ঈদৰ সোৱাদ লওগৈ। মানে ইফটাৰ কৰোগৈ। ইয়াৰ বাবে সময়টো মিলাই লওঁ। সন্ধিয়া 5.30 মান বজাত ঘৰৰ পৰা জামাল বা মফিহঁতৰ ঘৰলৈ বুলি ওলাই যাও।পাওগৈ মানে 6 বাজেগৈ। সেইখিনি সময়তে তাহাঁতৰ ঘৰত ৰোজা ভঙাৰ নীতি নিয়মবোৰ কৰি শেষ হয়গৈ। মই চুচুক চামাককৈ কলিং বেলটো টিপোগৈ। খুড়ীতি ওলাই আহে আৰু কয় “ইয়ে দেৱ, ইমান ভাল সময়ত ওলালাহি। আহা একেবাৰে ভিতৰলৈকে আহা। ই ইফটাৰ কৰি আছে। তুমিও খোৱাহি”। মই নালাগে হ’ব , নালাগে হ’ব বুলি, ড্ৰ্য়িং ৰুমৰ চোফাখনতে বহিবলৈ লও । জামালে গম পাই ভিতৰৰ পৰাই মাত মাতে – “ হ’ব আহ, আহ, খাবলৈকে আহিছ যেতিয়া লাজ কেলেই কৰিব লাগিছে?”
ইফটাৰ বুলি ক’লেই মোৰ সেই কৰিমগঞ্জৰ ঘটনা এটালৈ মনত পৰে।তেতিয়া ব্যক্তিগত প্ৰতিষ্ঠান এটাত চাকৰি কৰি আছোঁ।কামৰ বাবেই কৰিমগঞ্জৰ ভিতৰুৱা ঠাই এখনলৈ যাবলগীয়া হৈছিল।নতুনকৈ চৰকাৰী প্ৰতিষ্ঠান এটাৰ নিৰ্মাণৰ কাম চলি আছিল।ঠাইখনত দোকান পোহাৰ বাদেই মানুহতকৈ শিয়াল আৰু কুকুৰনেচীয়া বাঘ বেছি দেখিছিলোঁ। আবেলি সময়ত ঠাইখন পাইছিলোগৈ।ইপিনে ভোকত মই লেবেজান। কিবা এটা খাবলৈ বিচাৰি তাৰে শ্ৰমিক এজনক মাতিলোঁ। সি ক’লে যে তেতিয়া খাবলৈ একো নাপাব কাৰণ ৰোজাৰ মাহ চলি আছিল। এঘণ্টা মানৰ পাছতহে সিহঁতৰ বাবে ইফতাৰ কৰিবলৈ কিবা কিবি বাহিৰৰ পৰা পঠাই দিব। তেতিয়া যদি কিবা পাৰে মোকো খাবলৈ দিব।এঘণ্টা? মই বাঁহৰ বিচনাখনত পেটতো তললৈ পেলাই হেঁচি দিলোঁ । মোৰ সেই এঘণ্টা এদিন যেন লাগিছিল। অৱশেষত ইফটাৰৰ সময় আহিল। মই শ্ৰমিক কেইটাই কিলাকুটিলৈকে হাত-মুখ ধোৱা চাই থাকিলোঁ। অলপ পাছত সিহঁতে নীতি-নিয়মখিনি শেষ কৰিলে আৰু ইফটাৰৰ টোপোলাটো খুলিলে। মোৰ এতিয়াও মনত আছে সেই টোপোলাটোৰ কথা। তাত আছিল – শুকান ৰুটি কেইখনমান, অলপ হালোৱা আৰু কেইটামান খেজুৰ। কাঁহী-বাতি একো নাছিল। ফটা কাগজ এখনতে বনুৱা এটাই মোক দুখন ৰুটি, অলপ হালোৱা আৰু দুটা খেজুৰ দিলে। সিহঁত তিনিটাই নিজে নাখাই মোক এনেদৰে সজাই পৰাই দিয়াত মোৰ বেয়া লাগিল। মই এখন ৰুটি ঘুৰাই দিলোঁ কিন্ত বাকী খিনি খাদ্য মই প্ৰায় আধা মিনিটত শেষ কৰি দিলোঁ । কোনোবাই যদি মোক সোধে যে অমৃত কেনেকুৱা মই সেই বিশেষ ইফটাৰত খোৱা ৰুটি আৰু হালোৱাখিনিৰ কথা কম ।
আজি ৰাতিপুৱা অফিচলৈ ওলাই আহোতে বাটতে ভিখাৰী দুটাক পালোঁ। গাড়ীখন ৰখাই সুধিলো-“বোলো ৰোজা ৰাখিছনে?” এটাই ক’লে – “দাদা, আমাৰ বাবে সদাই ৰোজা, কি ৰাখিম?” মই দুয়োটাকে দুখন দহটকীয়া দি ক’লোঁ – “ৰোজা নাৰাখিলেও, আজি ভালকৈ ইফটাৰ কৰিবি যা”।মোৰ কথা শুনি সিহঁতে অলপ সময় মুখখন মেলি চাই থাকিল |
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক