“ইমান ইমান পানী – এক অনুভৱ” (প্ৰদ্যুতজ্যোতি শইকীয়া)

“ইমান ইমান পানী – এক অনুভৱ”

যোৱা ২৫ আগষ্টত দিল্লীৰ চিৰিফৰ্ট অ’ডিটৰিয়ামৰ ২ত অনুষ্টিত হৈ যায় “ইমান ইমান পানী”নামৰ নাটখনি। মামণি ৰয়চম গোস্বামী মেম’ৰিয়েল ট্ৰাষ্টৰ আমন্ত্ৰণ ক্ৰমে “ভাষা সাহিত্য সন্মিলনী, অসম”ৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হয় “ইমান ইমান পানী”। ২৪ তাৰিখে অসমৰ পৰা গৈ পোৱা দলটিয়ে দিল্লীবাসী ৰাইজক এখন সফল নাট উপহাৰ দিয়ে। পৃথিৱী বিখ্যাত চিত্ৰশিল্পী চালভাদৰ দালিৰ “দা পাৰ্চিচটেন্স অৱ মেমৰী” আৰু এদৱাৰ্ড মাঞ্চৰ “দা স্ক্ৰীম ” নামৰ চিত্ৰ দুখনৰ ওপৰত আধাৰিত নাটখনিৰ উপস্থাপন আছিল “ষ্টাইলাইজড”। অসমীয়া , ৰাভা , বড়ো আৰু গ্লিবাৰিছ ভাষা ব্যৱহাৰ কৰি সংলাপ প্ৰক্ষেপণ কৰা নাটখনৰ দৈঘ্য এঘণ্টা দহ মিনিট। ৰচনা আৰু পৰিচালনা ড° মৃনাল জ্যোতি গোস্বামীৰ |

ল’ৰালিকালটোৱে সকলোকে ৰিঙিয়াই মাতে। ল’ৰালিকালৰ কথা কিছুমান মনত পৰিলেই আমি নষ্টালজিক হৈ পৰোঁ। আমি আমাৰ কিছুমান ল’ৰালিকালৰ খেল যেনে ইমান ইমান পানী…গঙ্গা ৰাণী , টাংগুটি আদিবোৰ আজিকালি প্ৰায় পাহৰিয়েই পেলাইছো। জীৱনৰ মধুৰতম সময়ৰ সেই খেলবিলাক খেলি থাকোঁতে ভবা নাছিলো যে আমি এটা উদ্বিগনতাৰে ভৰা ভৱিষ্যতলৈ আগবাঢ়িছোঁ। বৰ্তমান জীৱনৰ যি পৰিস্থিতি , এই অশান্তিময় পৰিবেশ , অৰাজকতা,লুন্ঠন আদিৰ পৰা ৰেহাই পাবলৈ আমিবোৰে অজানিতে গতি কৰিব বিছাৰোঁ সৰুতে শুনা সাধুকথাৰ দেশলৈ, তেওঁলোকৰ সাহসিকতাৰ কথাবোৰলৈ। সেই দানৱ আৰু সাহসী অতিমানৱৰ কথাবোৰলৈ। যিবিলাক এতিয়াও আমাৰ দৈনন্দিন জীৱনত এতিয়াও প্ৰতীকিৰূপত সংঘটিত হৈ আছে। প্ৰতীকধৰ্মী নাটখনিৰ আৰম্ভণী হৈছে সময়ৰ গৰ্ভত হেৰাই যোৱা এটা খেল আৰু খেলৰ গীতেৰে “ইমান ইমান পানী….. গঙ্গা ৰাণী…..”। তাৰ পাছত কাহিনীয়ে গতি কৰিছে। আচলতে এটা কাহিনী বুলি ক’লে ভুল কোৱা হ’ব। নাটখনিৰ প্ৰত্যেকটি দৃশ্য একো একোটা কাহিনী। প্ৰত্যেক দৰ্শকৰ বাবে ই একোটা সুকীয়া কাহিনীৰ ৰূপ ল’ব পাৰে। লাগে সেয়া মল্ল যুঁজৰ যুঁজাৰু দুজনক সাজু কৰাৰ দৃশ্য‌ই হওঁক বা সাধাৰণ জনতাৰ কথা নুশুনি নেতাজনৰ কাণত ঠিলা দিয়া দৃশ্য‍‍টিয়েই হওক |নাটকৰ মুখ্য চৰিত্ৰটিয়ে অংকন কৰা এটি ঘড়ীয়ে সময়ক প্ৰতিফলিত কৰে। সময় গতিশীল আৰু সমাজ পৰিবৰ্তনশীল। কেতিয়াবা ভাল সময় আহে কেতিয়াবা বেয়া। বাৰে বাৰে অসুৰৰ চৰিত্ৰটোৱে ঘ্ড়ীটোৰ ৰূপ সলনি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে আৰু মুখ্য চৰিত্ৰৰ চিত্ৰশিল্পীজনে বাৰে বাৰে তাক শুধৰুৱাৰ চেষ্টা কৰে। এচাম সুস্থিৰ চিন্তাধাৰাৰ মানুহে সমাজত সততাৰ লাইখুটা স্থাপন কৰিবৰ চেষ্টা কৰে আকৌ এচামে ষড়যন্ত্ৰৰে ইয়াক ধ্বংস কৰিব বিচাৰে। বৰ্তমান সময়ত ৰাজনৈতিক-অৰাজনৈতিক সকলো ক্ষেত্ৰতে যে অশুভ শক্তিয়েই যে বেছিকৈ খুপনি পুতিবলৈ সক্ষম হৈ উঠিছে তাকেই শেষৰফালে প্ৰতিফলিত কৰিছে নাটখনিয়ে |

আজিৰ সমাজত মানুহৰ সময়ৰ অভাৱ। মানৱীয়তাক ভৰিৰে মোহাৰি প্ৰতিযোগীতাৰ দৌৰত একো একোটা যন্ত্ৰ হৈ দৌৰিছোঁ। আমিবোৰ এতিয়া সৰুতে খেলা দৰা ক‍ইনাৰ পুতলাতকৈ কোনো গুণে কম নহয়। চাবি দিয়া পুতলা। কালৈকো চোৱাৰ সময় নাই। সকলোকে পিছত ৰাখি আগবাঢ়ি যোৱাৰ সময় এয়া। শিক্ষাৰ প্ৰসাৰতাৰ বাবে আমি শিক্ষাক মৌলিক অধিকাৰ কৰিছোঁ। কিন্তু শিশু শ্ৰমিক ব্যৱহাৰ কৰিবলৈ এতিয়াও এৰা নাই। সাধাৰণ মানুহৰ বিশ্বাসত ভৰি দি নেতা হৈছো। কিন্তু নেতা হোৱাৰ পাছত সাধাৰণ মানুহৰ সমস্যা শুনাতো বাদেই , কানত ঠিলাহে দিছোঁ। ফলশ্ৰুতি স্বাভাৱিক। অসুৰত্ব‍ই মুৰ দাঙি উঠিছে। সাধাৰণ জনতাৰ মাজৰে কোনো ভাই ভনীয়ে উঠাইছে অস্ত্ৰ। ৰক্তাক্ত কৰি তুলিছে সমাজ। হত্যা কৰিছে নিজৰেই ভাই ভনীক। কিন্তু তাৰ মাজতো ভাল আছে। সততা জীয়াই আছে। থমকি ৰোৱা নাই প্ৰকৃত শুভ চিন্তকসকল। অশুভ শক্তিয়ে বাৰে বাৰে তেওঁলোকক হত্যা কৰাৰ পাছতো আকৌ তেওঁলোকৰ জন্ম হয়। পৃথিৱীৰ বিভিন্ন কোণত, বিভিন্ন ৰুপত কিন্তু একেই সুস্থ সমাজ গঠনৰ প্ৰতিশ্ৰুতিৰে। সমাজৰ এই হত্যা হিংসা , ভাই ভাইৰ কাজিয়াত অতীষ্ঠ হৈ মাতৃৰূপী প্ৰকৄতিয়ে চিত্‍কাৰ কৰি উঠিছে। সময়ে কাকো ৰেহাই নিদিয়ে। সকলোকে গ্ৰাস কৰে। সভ্য অসভ্যৰ ভেদাভেদ নাৰাখে। সেয়ে নাটকখনৰ শেষৰ দৃশ্যটিয়ে ” দা স্ক্ৰীম ” আৰু ” দা পাৰ্চিচটেন্স অৱ মেমৰী”ৰ ৰূপ লৈছে। আচলতে শেষৰ দৃশ্যটি দুইখন ছবিৰ এক সমাহাৰ। মুঠৰ ওপৰত নাট্যকাৰে নাটখনিৰ জড়িয়তে যি বাৰ্তা বৰ্তমান সমাজলৈ প্ৰেৰণ কৰিব বিছাৰিছে তাত এশ শতাংশই সফল। চিত্ৰশিল্পীৰ কাৰণেও নাটখনি এক চিন্তাৰ খোৰাক হ’ব পাৰে। এখন সফল চিত্ৰও হ’ব পাৰে। নাট্যকাৰে যেন দুইখন চিত্ৰৰ সংমিশ্ৰণত এখন নতুন চিত্ৰ আঁকিলে। শেষৰ দৃশ্যটিয়ে তাৰেই এটা সাঁচ বহুৱাই গ’ল মনত। আৰু বহুতো কিবা কিবি আছে নাটখনিত। সেই কিবা কিবিবোৰ উদ্ধাৰ কৰিবলৈ চাব লাগিব “ইমান ইমান পানী” |

অভিনয়ৰ দিশৰ পৰা চাবলৈ গ’লে মুখ্য চৰিত্ৰত অভিনয় কৰা শশাংক সমীৰৰ অভিনয় শলাগীবলগীয়া। সংলাপ প্ৰক্ষেপন আৰু মঞ্চৰ ব্যৱহাৰ উল্লেখনীয়। শিশু চৰিত্ৰৰ ভিতৰত লেনিন আৰু ৰিমঝিমৰ ভৱিষ্যত উজ্জ্বল। যদিও কিছু কিছু ক্ষেত্ৰত জড়তা আছে। নৱাগত অভিনেত্ৰীগৰাকীৰ অংগ সঞ্চালনৰ জঠৰতা দৰ্শকে ধৰিব পৰা হৈছে। অভিনয়শৈলী যথেষ্ট উন্নত। অশুভ শক্তি (অসুৰৰূপী)ৰ চৰিত্ৰত অভিনয় কৰা ভৰত চুতীয়াক ৰাইজে পাহৰিব নোৱাৰে। অন্যান্য চৰিত্ৰত আছিল বুলগেনিন বৰুৱা, বিনোদ দাস, প্ৰেৰণা বৈশ্য আৰু জয়ন্ত ৰাভা। শিশু শিল্পীসকল ক্ৰমে লেনিন বৰা , ইশাণী মোদীয়াৰ, ভাৰ্গৱ বৰা, অৰিন্দম বৰা, শুভাংকৰ পাটোৱাৰী, অংকুৰ হাজৰিকা আৰু সৰ্ব কণিষ্ঠ অয়নাও জেংৰাই। সংগীত প্ৰসংশনীয়। বাঁহী বাদক অৰ্পন বেজবৰুৱাও প্ৰশংসাৰ যোগ্য। চিৰিফৰ্টত অনুষ্ঠিত হোৱাৰ আগতে ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা দৰ্শনীটো চোৱাৰ বাবে এইবাৰ পোহৰৰ যাদুখিনিৰ অভাৱ অনুভৱ কৰিলো। এই ক্ষেত্ৰত অৱশ্য মঞ্চৰ সীমাবদ্ধতাৰ কথা আহি পৰে। নাটখনিত পোহৰ এটা অভিন্ন অংগ। এটি চৰিত্ৰ বুলিও ক’ব পাৰি। তথাপিও চিৰিফৰ্টৰ দৰ্শকক পোহৰৰ যাদুৰ অবিহনেও “ইমান ইমান পানী”য়ে বান্ধি ৰখাত সফল হৈছে। নাটকখনি উপভোগ কৰি উঠাৰ পাছত বিখ্যাত অভিনেত্ৰী চেতনা দাস বাইদেউক নাটখনিৰ বিষয়ে ব্যক্তিগত ভাৱে সোধাত কৈছিল ” চিন্তা কৰিবলৈ বাধ্য হ’লো “।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments