ইমৰাণ শ্বাহ : জীৱন : দৃষ্টি-সৃষ্টি (জামালুদ্দিন আহমেদ)

 

ইমৰাণ শ্বাহ : জীৱন : দৃষ্টি-সৃষ্টি

 

জামালুদ্দিন আহমেদ


“ এই নদীৰ ঘাটে বাটে সপোন সিঁচি যাওঁ ,

জীৱন পথৰ বাটে-বাটে মৰম যাচি  যাওঁ

মোৰ দেশৰ ধূলিৰ সোণ কণিকাত

সপোন ফুলাই যাওঁ”    —– ইমৰাণ শ্বাহ ।

 

ইমৰাণ শ্বাহৰ “ এই নদীৰ পৰিসৰ বহল , জীৱনৰ  খলা-বমাত “ তেখেতে নিজেই উঠা নমা কৰিছে ।  দিখৌপাৰৰ  ধাই আলিত জন্ম ইমৰাণ শ্বাহৰ । বয়সৰ  হিচাপত জীৱনৰ ৮০ বছৰে তেখেতে দিখৌ নদীৰ বান-খহনীয়াই নহয় দেখিছে দিক-পৰিৰ্ৱতনো  । এনেকুৱা অলেখ “ নদীৰ কাহিনী বুকুত সাঁচি তেখেতে লিখি গৈছে অনেক কথা । গল্প , কবিতা , উপন্যাস , গীত , প্ৰৱন্ধ , নাটক আনকি শিশু সাহিত্যৰ ধেমেলীয়া চৰিত্ৰৰ মাজতো । ইয়াৰ মাজতো মানুহজনে কেতিয়াবা সমালোচনা শুনা পাইছে , ইমৰাণ শ্বাহে  স্পষ্ট নকৰে…. , সামাজিক দায়বদ্ধতা  ….ইত্যাদি ইত্যাদি  ।  সামাজিক  দায়বদ্ধতা কি সংজ্ঞাত  সীমিত সেই কথা  আমাৰ  দৰে মানুহে ধাৰণা  কৰিবলৈ টান ,  কিন্ত কব পাৰো , প্ৰেমৰ গল্পৰ  মাজতো থাকিব পাৰে সমাজ  আৰু দায়বদ্ধতা ,  প্ৰগতিশীলতা আৰু শৃংখলা । আচলতে মুকলি মানেই  সকলো মুক্ত নহয় । এইয়া আমাৰ কথা ।

এতিয়া ক’ব বিচাৰিছোঁ ইমৰাণ শ্বাহৰ দৃষ্টি–সৃষ্টিৰ কথা । বাহিৰৰ  পৰা ইমৰাণ শ্বাহ নামৰ  মানুহজন লাজকুৰীয়া যেন লাগে বহুতৰ । স্বল্পভাষী সৰু সৰু বাক্যৰে  শুনি  ভাল লগাকৈ ইমৰাণ শ্বাহে কথা কব জানে ।   দীঘলীয়া বাৰ্তালাপ কৰিও  শেষত কিবা এটা থাকি  গ’ল নেকি পাতিবলৈ —– এনেভাবে পুনৰ তেখেতৰ কাষতে বহি থাকিবলৈ  মন যায় , বহুজনৰ  । আচলতে মানুহজন  এনেকুৱাই । গভীৰ ভাবে  চিন্তা কৰি সিদ্ধান্ত ল’ব জানে , মানুহজনে । আনৰ সিদ্ধান্তকো বিশ্লেষণ কৰিব জানে ।

শৈশৱত  মানুহজনে ফুটবল  খেলিছিল । খেলিছিল মানে ভাল খেলিছিল । ইমৰাণে কাৰ হৈ খেলিব সেই লৈ সমনীয়াৰ  মাজত কাজিয়া পৰ্য্যন্ত হৈছিল । জীৱনটো যদিও এখন  খেল নহয় , ইমৰাণ শ্বাহে বহু সময়ত  মুকলি গল পষ্টৰ সন্মুখত থাকিও গল দিব নিবিচাৰিল । আচলতে মানুহজন এনেকুৱাই । বিশালতাই যাক আবৰি ৰাখিছে , জীৱনৰ প্ৰতিটো  ঘটনা-পৰিঘটনাই তেখেতক দিছে নতুন প্ৰেৰণা , সৃষ্টিৰ আনন্দ ।

ইমৰাণ শ্বাহৰ  অলেখ সৃষ্টিৰ অন্যতম শ্ৰেষ্ঠ  “জবানবন্দী” উপন্যাস । উপন্যাসখন  আশী নব্বৈ দশকৰ মাজভাগত ডিব্ৰুগড় ৰেডিঅ’  চেণ্টাৰত ধাৰাবাহিকভাবে প্ৰচাৰ হৈছিল । বহুলোকৰ  মনত  এতিয়াও সজীৱ হৈ আছে সেই কালত  “জবানবন্দী” শুনিবলৈ একেলগে বহি থকা । “জবানবন্দীৰ এক বিশেষত্ব হ’ল উপন্যাসখনত অসমীয়া মুছলমান সমাজত ( বিশেষকৈ উজনি অসম )  প্ৰচলিত  কথোপকথন , সচৰাচৰ ব্যৱহাৰ হোৱা কথা-বাৰ্তা , সৰু সৰু বাক্যৰে সুন্দৰভাবে বৰ্ণনা কৰিছে    লগতে সমাজ সচেতনতা , সামাজিক পৰিৰ্ৱতনৰ চিন্তা , দুটা প্ৰজন্মৰ  মাজৰ ব্যৱধান আদি বহু বিষয়ে স্পষ্টকৈ দাঙি ধৰিছে ।

উপন্যাসখনৰ  ১৯ পৃষ্ঠাত কেইটামান কথা মন কৰিলেই  এই কথা ধাৰণা কৰিব পাৰি —-      “  …. মাত্ৰ  সিদিনা ঈদৰ দিনা , কবৰস্থানত  জিয়াৰত  কৰিবলৈ আমি ঘৰৰ বুঢ়া কেইটা গলো ঠিকেই , ডেকা কেইটাই সাৰেই নাপালে ……… যেনেকৈ বুজি নাপাওঁ অনেকদিনৰ আগতে গুজৰি যোৱা   মাই-বাবাৰ   কবৰৰ কাষত এবাৰ  থিয় হবলৈ কিয় ইমান ব্যাকুলতা অনুভৱ কৰো । ইহঁতে কিন্ত কবৰবোৰ  চিনি নাপায়। …… মানুহৰ  মূল্যবোধ , তাৰ গতি-প্ৰকৃতি এটা বৰ আহুকলীয়া অধ্যয়নৰ বস্ত ।ই সংস্কৃতিৰ  জন্মও দিয়ে  হত্যাও কৰে ।মোৰ বাবাই  মোক যি যি শিকাইছিল মোৰ সন্তানক ময়ো তাকেই শিকালো । অথচ উদ্ভৱ  হ’ল বেলেগ কিবা , বিভিন্নতা । কিয় ? উত্তৰ মই নাজানো । অমৃত  মন্থনত  গৰলো ওলোৱাতো , এনেকুৱা  নিয়ম।

১৯৫১ চনত সেই  সময়ত ইমৰাণ শ্বাহ নৱম শ্ৰেণীৰ ছাত্ৰ । বয়ঃসন্ধিৰ   এই কালতে তেখেতে  “ বনবাসী” কাব্য সংকলনেৰে সাহিত্য জগতত  ভৰি থৈ আজি পৰ্য্যন্ত নিৰলসভাবে বৰ্তাই ৰাখিছে সাহিত্য-চৰ্চা । “ ঈশান দত্ত”  ছদ্মনামেৰে তেখেতে লিখি গ’ল অনেক কবিতা । ইয়াৰ মাজতে বহু লেখা হেৰালো   । ইমৰাণ  শ্বাহে সাহিত্যৰ  ধাৰা , গতিবিধিক লৈ বিশেষ  মূৰ-ঘমোৱা নাই । মনত চকুৰ  আগত দেখি অহা ঘটা-পৰিঘটনাৰ হেন্দোলনিবোৰ চিয়াহীৰ বোলেৰে বুলাই গৈছে কবিতা আকাৰে , গল্প , উপন্যাস , নাটকৰ মাজেৰে । আপোন  হৈছে মানুহৰ , নিজৰ  কৰি  লৈছে ইমৰাণ শ্বাহক ।

শিক্ষকতাৰ মাজেৰে কৰ্ম জীৱনৰ পাতনি মেলা ইমৰাণ শ্বাহে দুই জীয়ৰী ইশ্বানু আৰু ইমানু ষষ্ঠ আৰু “ক” শ্ৰেণীত থাকোতেই হেৰুৱাইছে  পত্নীক । পৰৰ্ৱতী  সময়ছোৱাত  পিতৃ হিচাবে ,মাতৃ হিচাবে দুই জীয়ৰীক  ডাঙৰ কৰি জীৱন  গঢ়াৰ  সপোন দেখুৱাই প্ৰতিষ্ঠিত কৰিছে এইজন ইমৰাণ শ্বাহে ।

ইমৰাণ  শ্বাহৰ  বিষয়ে  উল্লেখ কৰি শেষ কৰিব নোৱাৰি । যিজন নীৰৱ সাধকে তিনিকুৰিতকৈ অধিক কাল গল্প , উপন্যাস , কবিতা , শিশু সাহিত্য , প্ৰৱন্ধ , নাটক , অনাতাঁৰ নাট , গীতৰ মাজেৰে অসমীয়া সাহিত্যৰ  ভড়াল চহকী কৰি আহিছে , সেই গৰাকী সাহিত্যিকৰ বৈচিত্ৰময় জীৱনৰ কথা থাওকতে শেষ কৰিব পৰাটো কঠিন কাম । আচলতে ইমৰাণ শ্বাহৰ  বিষয়ে আমি বহু কথাই জানিবলৈ  এতিয়াও বাকী । এই উদঘাটন  কাৰ্য্যত আমি ব্যৰ্থ । অসমীয়া সমালোচনা সাহিত্যও এই ক্ষেত্ৰত জগৰীয়া । সমালোচনাৰ  নামত আমি কৰিছোঁ মাথো সমালোচনা । নিৰ্দিষ্ট বিষয় অথবা ক্ষেত্ৰকলৈহে ।  প্ৰকৃতাৰ্থত লেখক এজনৰ  অধ্যয়ন , দৃষ্টিভংগী , শব্দ-বাক্যৰ গঠন , সময়ৰ পটভূমি আদিৰ সামগ্ৰীক বিশ্লেষণ অথবা সমালোচনা হোৱা নাই । ইয়াৰ ফলতে ইমৰাণ  শ্বাহ লুকাই থাকিল । বহু পলম হলেও অসম সাহিত্য সভাৰ  সভাপতি হিচাপে নিৰ্বাচিত হ’ল ইমৰাণ  শ্বাহ । ইমৰাণ  শ্বাহৰ ওপৰত এতিয়া গধুৰ দায়িত্ব । সাহিত্য সভাক ধুই-পখালি জনমুখী কৰাৰ । এই ক্ষেত্ৰত ইমৰাণ শ্বাহ , সফল হওক ।

শেষত ইমৰাণ  শ্বাহৰ “ জবানবন্দী” ৰ কথাৰেই  কওঁ “ ….. সমস্যাৰ  লগত জড়িত সংঘাত থাকি যাব । কাৰণ সময় আগবাঢ়ি গৈ থাকিবই । বিভিন্ন দিশত বিভিন্ন পৰিৰ্ৱতন ৰূপান্তৰ ঘটি থাকিবই । …. বস্তুবাদী মনৰ প্ৰসাৰ ঘটি থাকিব । কিন্তু এচাম মানুহে তথাপি কাম কৰি থাকিবই লাগিব……” ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 years ago

Amar Imran shah dangariya ciro jive hok….