ইয়াত আজি কোনো নাই:(অভিজ্ঞান ফুলকোঁৱৰ)

জেতুকা:

জেতুকাই জানে তাই থকা এপাৰ্টমেণ্টটোৰ মুখামুখি ফ্লেটটোত এটা ল’ৰা থাকে । তাই তাক মুখামুখিকৈ কেতিয়াও দেখা নাই । কিন্তু জানে সি এটা পূৰ্ণ যৌৱন প্ৰাপ্ত ল’ৰা । হয়তো তাইতকৈ বয়সৰে সৰু হ’ব । স্কুলৰ পৰা ঘুৰি আহোঁতে তাই এদিন দেখিছিল দুজনমান মানুহে তাক সেই ঘৰটোত এৰি থৈ গৈছিলহি । এয়া প্ৰায় তিনি বছৰমান আগৰ কথা । তাকলৈ জেতুকাৰ খুউব উত্কণ্ঠা । সি কোন,ক’ৰপৰা,কোনে তাক ইয়াত থৈ গ’লহি । কেতিয়াবা আহি থকা মানুহজন তাৰ কোন হয় ইত্যাদি । তাক তাই প্ৰায়েই দেখা পাই;দুমহলীয়া ঘৰটোৰ ওপৰৰ ৰেলিঙত ধৰি সি আকাশখনৰ ফালে চাই থাকে । এয়া জেতুকাৰ দৃষ্টিত এক শূন্য তীক্ষ্ণ দৃষ্টি,যাৰ প্ৰহাৰত তাইৰ চকুলৈ আয়োজন নোহোৱাকৈ এজাক বৰষুণ নামি আহে ।

সেই উদাস চকুজুৰিত তাই আৱিষ্কাৰ কৰিব বিচাৰে বহুত কিবাকিবি । তাৰ কোনো অনুমতি নোলোৱাকৈ । কেতিয়াবা কিছুমান মানুহৰ লগত একো নোকোৱাকৈ তেখেতৰ লগত এক সম্পৰ্ক কৰিবলৈ মন যায় । লাহে সেই ল’ৰাটো জেতুকাৰ বাবে তেনে এটা মানুহ হৈ পৰিছিল । নাম নাজানে,পৰিচয় নাজানে অথচ পাগলৰ দৰে তাক জানিবলৈ এক প্ৰবল হেঁপাহে তাইৰ মনত উখল-মাখলৰ সৃষ্টি কৰিছিল ।

দেউতাকৰ লগত অকলশৰে থকা জেতুকাৰ জীৱনলৈ অনাকাংক্ষিত ভাৱে সেই ল’ৰাটো এনেকৈ সোমাই আহিব বুলি কোনেও ভৱা নাছিল । দেউতাকে তাইক সাৱধান কৰি দিছিল তাইক-“তই বাৰু অলপ বেছিকৈ সোমাই পৰিছ নেকি?”

দেউতাকক মিঠা দাবী এটাৰে তাই সৈমান কৰি থৈছিল যে তেওঁ ভৱাৰ দৰে একো হোৱা নাই তাইৰ ।

তাইৰ মনত এয়া জনাৰ এটা হেঁপাহ আছে সঁচা য়ে সেই ল’ৰাটো কোন,কিন্তু তাক লগ কৰি সোধাৰ কোনো পৰিকল্পনা নাই । এক অন্য মজাৰে সজাই তুলিছে তাই নিজৰ অন্তৰখন । কিবা এক সম্পৰ্কৰ বাবে তাই পাগল হৈ যোৱা নাই । তাই আগতে এনে অনুভৱ হোৱা নাই । ক’তা তাইৰ প্ৰেমিক বিনয়ৰ বাবেতো কেতিয়াও তাইৰ এনে হোৱা নাই । এক পাগলামি বুকুত বান্ধি ৰাখিছে তাই । স্কুললৈ যাওঁতে তাই চুৰকৈ তাৰ সদায় খোল খাই থকা খিৰিকী খনৰ ফালে চাই আৰু এনে আভাস হয় সি যেন ছবি আঁকি থাকে সদায় । বৰ মন যায় তাৰ লগত চিনাকি হ’বলৈ কিন্তু তাই নহয় । কিয়নো সেই কম সময়ৰ বাবে লগ পোৱা বাছৰ বন্ধু জনৰ দৰে নিভাঁজ আৰু দাবীহীন কৰি থ’ব খোজে এই সম্পৰ্কটো । তাই এনেকৈৱে ভালে আছে । এনেকুৱা বহুত মানুহ থাকে যাৰ লগত চিনাকি নোহোৱাকৈ থাকোঁতেই ভাল লাগি থাকে ।

জেতুকাই বহুত পলমকৈ জানিছিল সেই ল’ৰাটোৰ দুয়োটা ভৰিয়েই বেয়া । সি গোটেই দিন সেই হুইল চেয়াৰখনৰ ভৰসাতে থাকি যাব লাগে । তাই নাজানে সি আকাশলৈ চাই থাকিলে কিয় তাইৰ চকু্হাল সেমেকি উঠে । এয়া তাৰ প্ৰতি তাইৰ সহানুভূতি নে আন কিবা । ক’তা,ইমান দিন ইমানবোৰ বিকলাংগ ল’ৰা-ছোৱালীৰ লগত থাকিও তাইৰ দেখোন এনে হোৱা নাই । একেটা বাটেৰে নিৰ বিচ্ছিন্ন বাৱে সেই বিকলাংগ স্কুলখনলৈ অহা-যোৱা কৰি আছে । সেই ল’ৰাছোৱালীৰ মাজত তাই ক’ৰবাত নিজৰ সকলো দুখ এৰি থৈ আহিছিল । জেতুকাৰ পইচাৰে তাইৰ দেউতাক আৰু বজৰূৱা হৈ উঠিছিল । অনবৰত মদত ডুবি থাকে দেউতাক । তাই মাকক নেপালেই,পাইছিলে যদিও মনত নাই তাইৰ । দাপোণৰ সমুখত বহি নিজকে কেতিয়াবা প্ৰাণ ভৰি চায় । সকলোৱে কয় তাই হেনো একেবাৰে মাকৰ নিচিনা হৈ উঠিছে । সাইলাখ কেতেকীৰ দৰে । মাকৰ ওপৰত তাইৰ খুউব অভিমান হয় তাইৰ । খুউব । মাক চোৰৰ দৰে পলাই গ’ল তাইৰ কাষৰ পৰা । দেউতাকক জানো তাই সকলো কথা ক’ব পাৰে । দেউতাকে জানো পাৰিব তাইৰ বুকুৰ জটিলতা বুজিব । কান্দিব পাৰিবনে তাই দেউতাকৰ আগত,বুজাব পাৰিবনে মাহেকীয়া ৰাতিকেইটাৰ জয়াল অভিজ্ঞতা,ছোৱালী এজনীক দৰ্কাৰ হোৱা আবুৰতা । কিমান হেৰুৱাই তাই দেউতাকৰ লগত জী আছে । হয় চাগৈ এটা ল’ৰাতকৈ এজনী ছোৱালীকহে মাকৰ বেছি প্ৰয়োজন । আজি এনেকুৱা ভাৱ হয় তাইৰ যেন দেউতাকে নহয় তাইহে দেউতাকক আশ্ৰয় দিয়ে ।

আচলতে পুৰুষৰ ওচৰত নহয় নাৰীৰ কাষতহে পুৰুষে আশ্ৰয় লয় ।

মাকলৈ মনত পৰিলেই তাই চিঞৰ চিঞৰি কান্দে,তেতিয়া কেঁচুৱাৰ দৰে অবুজ কেঁকনিৰে জৰ্জৰিত হৈ পৰে দেউতাকৰ মাত । অথচ তাই বুজি নাপাই দেউতাকৰ সেই গেঙনি কাৰ ওপৰত । মাকৰ নে আন কাৰোবাৰ ওপৰত । কেতিয়াবা ডিঙিলৈকে মদ এগাল গিলি আৰামী চকীত বহি থাকে দেউতাক । চকু তেতিয়া মাছ । এনে লাগে যেন তেওঁৰ ফুটা থকা কলিজাটো ওলমি আছে শূন্যত । জেতুকাৰ সেই সময়ত দেউতাকক সাৱটি কান্দিবৰ মন যায় । সেই দৃষ্টি যেন বহুদিন খাবলৈ নোপোৱা দুখীয়া খেতিয়কৰ এজাক ল’ৰা-ছোৱালীৰ,উচ্চাকাংক্ষা থকা বিফল হৃদয়বোৰৰ কাৰোবাৰ ওচৰত নিমাত অভিযোগহে ।

 

তাই লগতে সেই ল’ৰাটোৰ কথাও ভাবি পেলায় । তাৰ বাৰু একো অভিযোগ নাইনে । একো অভিলাস নাইনে । চকীৰ পৰা উঠিব নোৱাৰা এই ল’ৰাটোৱে কেতিয়াও এবাৰ দৌৰাৰ সপোন দেখা নাইনে,এবাৰো আকাশখন নিজৰ মুঠিত লৈ তৰাবোৰৰ লগত খেলাৰ ইচ্ছা কৰা নাইনে ।

হঠাতে‍ তাই নিজৰ চিন্তাত পৰিৱৰ্ত্তন আনে । তাই ভাৱে ইমান দিন এনেকৈ জী থকা মানুহটোৰ মনোবল কিমান হ’ব পাৰে তাই কল্পনাও কৰিব নোৱাৰিব । তাইৰ মন যায় তাৰ মুখৰ মাত এষাৰ শুনিবলৈ । তাইৰ মাজে মাজে সন্দেহো হয় সি বাৰু কথাও ক’ব নোৱাৰে নেকি!

অতিমাত্ৰা নিসংগ আৰু নিস্তব্ধ মুহুৰ্ত্তবোৰত তাই বতাহক,আকাশক নিজৰ কথা ক’ব খোজে । কিন্তু সিহঁতে জানো শুনে তাইৰ কথা । তাই তাৰ কথা ভাৱে সি বাৰু তাইক আঁকিব পাৰিবনে । তাই নিজকে ডবিয়াই । এয়া একেবাৰে ভাল কথা নহয় । সেই অচিনাকি ল’ৰাটোৰ প্ৰতি তাই ইমান চিন্তা কৰে কিয়,এই টান তাইৰ বিনয়ৰ প্ৰতিহে থকা উচিত । যেতিয়া লাহে লাহে বেলি হেলনীয়া হয় তাই নিজক আৱিষ্কাৰ কৰে ঘৰৰ বেলকনিত । একমাত্ৰ সেই ভৰি হীন ল’ৰাটোৰ লগত গঢ়ি উঠা নামহীন সম্পৰ্কৰ টোৰ নিচাত । তাইৰ ভৰিহাল গতিশীল হয়।

আজি এই তিনিবছৰে  সেই ল’ৰাটোৰ লগত বহুবাৰ তাইৰ চকুৱে চকুৱে পৰিছে । সেই দৃষ্টিত কোনো কামনা নাই,আশা নাই,এষাৰ কথা পতাৰ তীব্ৰতা নাই,নাই চকুৱে চকুৱে পৰিলে মিচিকিয়া হাঁহি এটা মৰাৰ সামান্য সৌজন্যতাবোধকনো । কিন্তু তাত এক ভাপ আছে,এক মিঠা উত্তাপ আছে, এগালমান সপোন আছে,উৰি থকা এজাক ফুটুকি পখিলাৰ সপোন,এজাক সৰ্ববিস্তাৰিত বতাহৰ সপোন,ৰান্ধনী বেলিৰ সপোন,জীয়াই থকাৰ সপোন ।

এটা মাত্ৰ পলকৰ দৃষ্টি বিনিময়,এনে লাগে এন একোটাহঁত দৃষ্টিৰ বাবেই আত্মহত্যা কৰিবলৈ যোৱা মানুহ জীৱন বিচাৰি ঘুৰি আহে আকৌ । তাইও যে আজিৰ পৰা তিনিবছৰ আগতে তেনে এটা আশাকেই পুহি ৰাখিছিল । তাক নেদেখাৰ আগলৈকে তাই আত্মহত্যাক এক কলা বুলি ভাৱিছিল,কিন্তু আজি এনে নহয় । কোনোবাই কোৱা এষাৰ কথা কেতিয়াবা তাইৰ বাবে অতি মাৰাত্মক হৈ পৰে । ঠিক যিদৰে এলবাৰ্ট কানাজে কোৱা এষাৰ কথাৰ দৰে-“An act of suicide is prepared with silence in the heart is a great work of art”

জেতুকাই পলমকৈ বুজি পোৱা হৈছিল তাই সেই ল’ৰাটোক পাব বিচাৰে কিন্তু দেহেৰে নহয় । তাই নিসংগ ৰাতিবোৰলৈ ভয় লাগে । বৰ ভয় লাগে । আত্মহত্যাৰ ভোকটো ৰাতি বেছি সৰব হৈ পৰে । তাৰো বাৰু কেনেবাকৈ মৰিবৰ মন যায় নেকি!সি যদি ৰেলিঙৰ ওপৰৰ পৰা জঁপিয়াই দিয়ে । তাই তেতিয়াও যাব পাৰিবনে তাক চাবলৈ । বিনয়ৰ সকলো হকা-বধা এৰি । এবাৰ তাইৰ প্ৰেমক স্পৰ্শ কৰি চবলৈ । তাই বিনয়ক কোৱাৰ বাবে লাহে লাহে নিজক প্ৰস্তুত কৰি লৈছিল যে তাই আৰু বিনয়ৰ হৈ থকা নাই । তাই ভাৱিছিল তাই হয়তো পাৰিব । তাই কান্দিবও পাৰিব । দেউতাকৰ সমুখত ধৰা পৰি যোৱাকৈ কান্দিব,মাকৰ ওপৰত থকা সকলো ক্ষোভ অভিমান বাহিৰ কৰি কান্দিব ।

কিন্তু কোনেওতো তাইৰ কান্দোনৰ ৰহস্য গম নাপাব । কোনেও বুজি নাপাব তাই সেই ল’ৰাটোক শুনাব খোজা কবিতাবোৰ,যদি সি তাইক নোকোৱাকৈ মৰি থাকে । তাই জানো শুনাব পাৰিব বিনয়ে কেতিয়াও নুবুজা কবিতাবোৰ! সিও যদি বুজি নাপাই তাইৰ কবিতাবোৰ……!

ডেনিছ: “জানা যিশু,মোৰ সমুখৰ এপাৰ্টমেন্টটোত এজনী ছোৱালী থাকে । মোলৈ তাই প্ৰায়েই চাই থাকে । তাই বাৰু জানেনে মোৰ নাম!মই এই ৰুমটোত সোমাই গোটেই দিনটো কি কৰি থাকো । মোৰ যে দুয়োটা ভৰিয়েই বেয়া….”

ডেনিছে অকলশৰীয়া মুহুৰ্ত্তত তাৰ মনৰ কথা বোৰ তাৰ হুইল-চেয়াৰখনক কয় । সেইখনেই য়ে তাৰ একমাত্ৰ সংগী,সেইখনেই তাৰ ঈশ্বৰ । তাৰ বাহিৰে ডেনিছৰ কাষত তাক সহায় কৰা লগুৱা ল’ৰাটো থাকে ।

তাৰ নিজৰ আপোন মানুহবোৰৰ বাবেই সি বোজা হৈ থাকিল । মাক বেলেগ মানুহ এজনৰ লগত থাকে । দেউতাকে দ্বিতীয় বিবাহ কৰিলে । আৰু তাক এৰি থৈ গ’লহি এই ঘৰটোত । যিটো এদিন তাৰ ককাকে তাৰ নামত কৰি গৈছিল ।

মাজে মাজে ডেনিছে ঈশ্বৰক কয়-“অ’ ডিয়েৰ গড,সেই ধুনীয়া ছোৱালীজনীক মোৰ ফালে চাবলৈ এৰি নিদিবা । তাই জীৱনটো এনে এক লক্ষ্যৰ সন্ধান হ’ব য’ত অকল শূন্য আৰু শূন্য হে আছে । ”

সি বুজে তাৰ এই পংগু জীৱনটোত মনে মনে সোমাইছিল তাই । ইমান মনে মনে সোমালে তাক অনিয়্মৰ মাজত ধৰা হয় । হয়তো প্ৰেম অনিয়মৰ মাজেৰেই আহে । যেতিয়া কোনেও গুৰুত্ব নিদিয়া মানুহ এটাক কোনোবাই লাহে লাহে বুজিবলৈ চেষ্টা কৰে তেখেতৰ ফালে সবেই এদিন ঢাল খায়েই । ডেনিছেৰো তেনেকুৱাই হৈছিল ।

তাৰ ৰংবোৰ,ব্ৰাচবোৰ,পেইণ্টিং-বৰ্ডবোৰে আজিকালি বৰ কথা কয় । কামকৰা ল’ৰাটোৱে এই বস্তুবোৰ অনা জেতুকাই দেখে । ডেনিছে সদায় লক্ষ্য কৰে এই কথা । যোৱা তিনিছবৰত তাই এবাৰো পাহৰা নাই তাৰ সদায় খোল খাই থকা খিৰিকী খনৰ ফালে চাবলৈ । ডেনিছৰ ছবি বোৰৰ সমালোচনা চিত্ৰৰ জগতত ভাল । তাই অহাৰ সময়ত ডেনিছক কেতিয়াও দেখা নাপায় । কিয়নো তেতিয়া সি তাৰ বৰ্ডখনৰ আগত দুখ গাল লগত লৈ বহি থাকে । ডেনিছে কাৰোৰে বাবে নাআঁকে কিন্তু আজি যোৱা তিনিবছৰত বহুত সলনি হ’ল । ভৰিহীন মানুহ এটাৰ যন্ত্ৰনা সুস্থ মানুহ এটাই কেতিয়াও নুবুজে । এইটো কথাই কেতিয়াবা তাক বৰ আমনি কৰে । সেয়ে ডেনিছে যিশুক সি প্ৰায়েই কয়–“মই ছবি আঁকিব পাৰোঁ যিশু । খুউব ভালকৈ নহ’লেও মই বুজিব পৰাকৈ । কিন্তু এদিন মই এই ৰং তুলিকাবোৰ পেলাই দিম । এই চিত্ৰৰ কি অৰ্থ,এইখন হাতৰ কি দৰ্কাৰ যিখনেৰে মই তোমাকেই আঁকিব নোৱাৰোঁ । তোমাক য়ে মই চিত্ৰ কৰিব নোৱাৰোঁ । ঈশ্বৰ ছবিত থকাতকৈ মনত থকা ভাল । সেই যে ছোৱালীজনী,তাই মোক এক প্ৰবল মনোবল দিয়ে,এক অবিশ্লেষনীয় শান্তি পাওঁ মই তাইৰ দৃষ্টিত । এক ভাৱিব নোৱাৰা জোৰ পাওঁ মই । তুমিতো জানাই মই কিমানদিন তোমাক এৰি যাবলৈ ওলাইছোঁ । এনেকৈ মোক চেপি চেপি খাবলৈ জীৱনৰ ওচৰত নিজক কেনেকৈ এৰি দিওঁ । ৰেলিঙৰ পৰা পৰিলে যদি মই নমৰোঁ তেতিয়া মই আৰু দয়াৰ পাত্ৰ হৈ যাম যিশু । তুমি মোৰ কথাবোৰ শুনিছানে,বুজিছানে….”

ক’ৰবাত হেৰাই যায় কথাবোৰ । কামকৰা ল’ৰাটো মনে মনে আঁতৰি যায় । এক চেপা নিসংগতাবোধ লৈ এন্ধাৰতে বহি থাকে ডেনিছ ।

জেতুকাৰ প্ৰতি তাৰ এক অনামী অধিকাৰ আহে যদিও সি তাইৰ ওচৰলৈ যাব নোখোজে কেতিয়াও । তাৰ ভয় হৈছিল । যদি আনৰ দৰে তাইও তাৰ প্ৰতি সহানুভূতি দেখুৱাই । তাক যদি এটা বিকলাংগ মানুহৰ দৰে দয়া কৰে । এক দোমোজাত ৰৈ যায় ডেনিছ ।

অথচ তাৰ মন নোযোৱা নহয় তাইক এবাৰ লগ কৰিবলৈ । সি বাৰে বাৰে ভাৱে য়ে তাই আহক আৰু তাৰ হুইল চেয়াৰ ঠেলি ঠেলি জেতুকা তাৰ পিছে পিছে খোজ কাঢ়ক ।

এটোপাল চকুপানী আঁৰি বহি ৰৈ যায় ডেনিছ । কোনেও নাজানে সেয়া দুখৰ নে আনন্দৰ…….. । জীৱনৰ বাবেনে মৃত্যুৰ….!!

সত্য:

-“এইবোৰ কথা আপুনি কেনেকৈ জানিলে শেনচোৱা?” টলকা মাৰি শুনি থকা বৰবৰাই সুধিলে ।

-“ক’ম । কিন্তু তাৰ আগতে কথা খিনি শেষ কৰো নেকি । ৰাতি হৈ আহিছে । এদিন কি হ’ল জানে,এখন আলোচনীত এটা কবিতা ডেনিছে খুউব মনদি পঢ়িলে । তাত লিখা আছিল এইদৰে ।

—-দুখ নকৰো মই মোৰ নথকাখিনিৰ হৈ

থকাবোৰেই দুখৰ মিচিল তৈয়াৰ কৰে

তোমাৰ কি নাই

এখন হাত

দুখন হৃদয়

এখন হাতেই যথেষ্ট কবিতা আঁকিবলৈ

নহ’লে দুখৰ স্কেছ লিখিবলৈ…… ।

ডেনিছে সেইদিনা কেতিয়াও নকৰো বুলি কোৱা কামটো কৰি পেলালে । কামকৰা মানুহটোক মাতি আনি সুধিলে কবিতাটোৰ তলত থকা নামটো সি চিনি পাই নেকি । সি ক’লে সেই নামটো আৰু কাৰোৰে নহয়,সি ভাৱি থকা সি ছোৱালী জনীৰ । ডেনিছে তাইক মতাই পঠালে । কিয় সিও নাজানে,কিয় সি নিজক বাধা দিব নোৱাৰিলে । তাৰ কোনো উত্তৰ নাই ডেনিছৰ কাষত ।

ৰাতিপুৱা যেতিয়া জেতুকা গোঁহাই নামৰ তাতকৈ দুবছৰে ডাঙৰ ছোৱালীজনী তাৰ সমুখত বহি আছিল তেতিয়া সি একোৱেই ক’ব পৰা নাছিল । সি একেবাৰে মৌন হৈ পৰিছিল । কিবা এটা কোৱাৰ বাবে তাৰ মনটোৱে এক আয়োজন চলাইছিল । আৰু জেতুকা তাইও যেন এটুকুৰা ৰবৰৰ দৰে এবাৰ দীঘলহৈ  গৈছিল এবাৰ চুটি । কোনোবাই যেন টানি আছিল তাইক ।

—“তাৰপিছত কি হ’ল শেনচোৱা?”

—“…..ডেনিছে চেয়াৰ খন চলাই তাইৰ একেবাৰে ওচৰ পালেগৈ আৰু জেতুকাৰ সোঁ হাত খন ধৰি পেলালে…. ।

জেতুকা যেন গলি যাব তেতিয়া । তাই যেন কুমেৰুত বেলি মূৰত লৈ গৈ আছে ।

—…..ডেনিছে ক’লে য়ে সি তাইৰ কবিতাটো পঢ়িলে আৰি ঠিক তাৰ পিছতেই তাইৰ হাতখন মুকলি কৰি দিলে ।

জেতুকাই যেন কান্দি পেলাব । এই অনুভৱ তাইৰ বাৰে বাৰে হওঁক । তাই যেন মাতিব নোৱাৰা হৈ গৈছে । ফোঁপাইছে তাই । জানে বৰবৰা সেইদিনা ডেনিছে চিঞৰি চিঞৰি কান্দিছিল । কান্দি কান্দি কৈছিল–মই তোমাক ভাল পাওঁ জেতুকা,মই তোমাক ভাল পাওঁ ।

সিদিনা ডেনিছ আৰু কামকৰা ল’ৰাটোক আচৰিত কৰি জেতুকা কান্দি কান্দি ওলাই গৈছিল ডেনিচৰ ৰুমৰ পৰা । কোনেও নাজানিছিল তাই কিয় কান্দিছিল । সুখত নে দুখত । প্ৰাপ্তিত নে অপ্ৰাপ্তিত ।

কিন্তু পিছদিনা  জেতুকাই তাই ডেনিছলৈ লিখা সকলোবোৰ কবিতা যেনেকৈ আছিল তেনেকৈ মোৰ হাতত,মানে কাম কৰা ল’ৰাটোৰ হাতত দি পঠাইছিল । কিবা যতন কৰি মনোমোহা কৰাৰ চেষ্টা নাছিল তাত ।

সেইদিনাৰ পৰা ডেনিছে যি সময়ত তাইক চাবলৈ ৰেলিঙৰ কাষলৈ আহিছিল তেতিয়া জেতুকাই বিকলাংগ স্কুলৰ ল’ৰা-ছোৱালীবোৰৰ আগত ৰৈ গায়ত্ৰী ভূঞাই শিকোৱা প্ৰাৰ্থনাটো আওৰোৱাৰ চেষ্টা কৰিছিল-হম হৌংগে কামিয়াব.,হম হৌংগে কামিয়াব,হম হৌংগে কামিয়াব একদিন…. । পঢ়ি আৰু ল’ৰাবোৰৰ ওঁঠৰ বিকল্প নকল কৰি তাই এক সুৰ মনতে সৃষ্টি কৰি লৈছিল প্ৰাৰ্থনাটোৰ । মই দুদিনৰ পিছতহে গম পাইছিলোঁ কিয় সিদিনা কান্দি কান্দি জেতুকা দৌৰি ওলাই গৈছিল ডেনিছৰ ঘৰৰপৰা । তাই ডেনিছৰ প্ৰেম নিবেদনৰ একো এটা শব্দ শুনা নাছিল । তাইৰ বাবে আটাইতকৈ বহুমূলীয়া শব্দকেইটা । আধৰুৱা সপোন এটাক পুহি ৰখাৰ বেদনাক বাহিৰ কৰি তাইৰ চকুৱেদি বৈ আহিছিল এখন ব্ৰহ্মপুত্ৰ । কিয়নো জেতুকা কাণেৰে অক্ষম আছিল ।

শেনচোৱাই বৰবৰালৈ চাইছিল । বৰবৰাৰ হয়তো সকলো স্পষ্ট হৈ গৈছিল । বৰবৰা বহু সময় স্তব্ধ হৈ গৈছিল । ৰাতি বাঢ়ি আহিছিল । একো নোকোৱাকৈ বৰবৰা শেনচোৱাৰ ঘৰৰ পৰা ওলাই আহিছিল

এতিয়া তাত কোনো নাই । ডেনিছো জেতুকাও । আছে মাথোঁ ৰৈ যোৱা এগাল স্মৃতিৰ মিঠা কিচিৰ মিচিৰ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments