“কাব্য সাহিত্য বিশেষ” ইলেকট্ৰনিক মাধ্যমৰ কাব্য-সাহিত্য সন্দৰ্ভত এজন অকবিৰ ধ্যান-ধাৰণা (প্ৰতিম প্ৰতাপ বৰুৱা)

“ফেচবুকৰ কবিতা: এক ব্যক্তিগত অনুভৱ”– এই শিৰোনামেৰে মাননীয় অকবিয়ান টুৱাৰাম দত্তদেৱে দিয়া প’ষ্টটোত দুটা প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে – বৰ্তমান ফেচবুকত প্রকাশিত কবিতাবিলাক সামগ্রিকভাৱে অসমীয়া সাহিত্যৰ অংশ বুলি বিবেচনা কৰিব পৰা অৱস্থা এটা হৈছেগৈনে? কেৱল ছপা মাধ্যমত প্রকাশিত কবিতাই অসমীয়া কাব্য সাহিত্যক প্রতিনিধিত্ব কৰে নে ফেচবুকৰ কবিতায়ো ইয়াৰ সমঅংশীদাৰীত্ব দাৱী কৰিব পাৰে? এই প্ৰশ্নদুটা তেখেতে কাকো উদ্দেশ্য কৰি সোধা নাই যদিও প্ৰশ্নকেইটা ৰাজহুৱাকৈ উত্থাপন কৰা বাবেই সেইকেইটা লিৰিকি-বিদাৰি চাবলৈ আমি অধিকাৰ লাভ কৰিলোঁ।

দুয়োটা প্ৰশ্নই প্ৰায় একেই অৰ্থ বুজাইছে। সেয়ে আমাৰ মতে মূল প্ৰশ্নটো হ’ল ইলেকট্ৰনিক মাধ্যমৰ (মূলতঃ ফেচবুক) সাহিত্য (গদ্য-সাহিত্য, কাব্য-সাহিত্য সকলোৰে কথা কোৱা হৈছে) মূল অসমীয়া সাহিত্যৰ অংশ হয়নে নহয়? আমাৰ মতে হয়। কাৰণ এতিয়া ইলেকট্ৰনিক মাধ্যমত চৰ্চিত আৰু প্ৰকাশিত সাহিত্যৰ মান, বিশালতা আৰু বিচিত্ৰতা ছপা মাধ্যমৰ সাহিত্যতকৈ কোনোগুণে কম নহয়, বৰঞ্চ বহুক্ষেত্ৰত এই মান, বিশালতা আৰু বিচিত্ৰতা ছপা মাধ্যমতকৈ উন্নতহে। এই কথা অস্বীকাৰ কৰিলে সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰ প্ৰযুক্তিগত উন্নতিটোকেই অস্বীকাৰ কৰা হয়। ভবিষ্যতৰ অসমীয়া সাহিত্যৰ জগতখনত ইলেকট্ৰনিক মাধ্যমৰ সাহিত্যই এক বিশাল অংশ দখল কৰিব বুলি আজি আমি ভবিষ্যৎবাণী কৰিব পাৰোঁ যেন লাগে। ছপা মাধ্যমৰ সলনি ইলেকট্ৰনিক মাধ্যমত গ্ৰন্থ প্ৰকাশ আৰু বিতৰণৰ ধাৰাটো লাহেকৈ আৰম্ভ হৈছেই। এই ধাৰাটো লেখক আৰু প্ৰকাশকৰ অৰ্থিক লাভ হোৱাকৈ আগবঢ়াই নিয়াৰ কথাটো আমি চিন্তা কৰি চাব পাৰোঁ। আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে ছপা মাধ্যমৰ পৰা ইলেকট্ৰনিক মাধ্যমলৈ অহা সাহিত্য-শিল্পীৰ সংখ্যা যিমান কম, ইলেকট্ৰনিক মাধ্যমৰ পৰা ছপা মাধ্যমত প্ৰৱেশ কৰি সফলতা অৰ্জন কৰা সাহিত্য-শিল্পীৰ সংখ্যা সিমানেই বেছি। ছপা মাধ্যমত সফলতা অৰ্জন কৰাৰ পিছতো কিন্তু এই সাহিত্য-শিল্পীসকলৰ প্ৰথম পচন্দ এতিয়াও ইলেকট্ৰনিক মাধ্যমেই হৈ আছে। এইটোও মনকৰিবলগীয়া কথা।

“ফেচবুক ঘাইকৈ বহু সংখ্যক কবিৰ বাবে কাব্যচৰ্চাৰ আখৰাথলীহে।” হয় জানো? আমাৰ মতে, ফেচবুকক কাব্যচৰ্চাৰ আখৰাথলী বোলাতকৈ সাধনাথলী বোলাহে অধিক অৰ্থপূৰ্ণ হয়। ফেচবুকৰ কবিতাৰ মান সম্পৰ্কত যথেষ্ট বাদানুবাদ হয়। আমি যিহেতু কবিতাৰ টেকনিকেল অথবা তাত্বিক দিশটো সম্পৰ্কে অজ্ঞ, সেয়ে এই ক্ষেত্ৰত আমি কিবা কোৱাটো উচিত নহয়। অৱশ্যে আমি এটা কথা মানি লওঁ যে সাহিত্য সৃষ্টি কৰিবলৈ ব্যাপক অধ্যয়নৰ প্ৰয়োজন আছে আৰু এই অধ্যয়নৰ কোনো বিকল্প নাইবা ছৰ্ট-কাট নাই। কিন্তু ফেচবুকৰ কবিসকলৰ অধ্যয়নৰ পৰিসৰ দুখ লগাকৈ সীমিত বুলি আমি বিশ্বাস নকৰোঁ। আনহাতে ইয়াৰ লগতে আমি বিশ্বাস কৰোঁ যে ফেচবুকত কবিতাৰ বিষয়ে, কবিতাৰ টেকনিকেল আৰু তাত্বিক কথাবোৰৰ বিষয়ে সিমান আলোচনা নহয়। এই বিষয়ে বিজ্ঞসকলে মুকলিকৈ আলোচনা কৰা উচিত। সেই আলোচনাই কবিতাৰ লেখক-পাঠক সকলোৰে উপকাৰ কৰিব।

আমি ব্যক্তিগতভাৱে এটা কথা মানি লওঁ যে ফেচবুকত কবিতা লিখাৰ বা সাহিত্য চৰ্চাৰ নামত যদি আজি কোনোবাই সাময়িকভাৱে অপৰিপক্কতা প্ৰদৰ্শন কৰিছে তথাপিও সেই অপৰিপক্ক সাহিত্যখিনিৰো প্ৰয়োজন আছে। কাৰণ আজিৰ এই অপৰিপক্ক সাহিত্য সাধনাই এদিন পৰিপক্কতাৰ উচ্চতম শিখৰত আৰোহন কৰি অসমীয়া সাহিত্যক উচ্চস্তৰৰ কাব্য-সাহিত্য উপহাৰ দিব নোৱাৰিব বুলি কোনেও ভবিষ্যৎবাণী কৰিব নোৱাৰে। মাত্ৰ আমি সকলোৱে এই অপৰিপক্কতাক পৰিপক্কতাৰ দিশলৈ লৈ যোৱাটোক আমাৰ জীৱনৰ সাধনা বুলি মানি ল’ব লাগিব।

শেষত ইলেকট্ৰনিক মাধ্যমেৰে (মূলতঃ ফেচবুকৰ মাধ্যমেৰে) কাব্য-সাহিত্যৰ চৰ্চা কৰাসকললৈ আমাৰ আহ্বান – মনৰ দৃঢ়তাৰে কাব্য-সাহিত্যৰ চৰ্চা কৰক। নিজৰ চৰ্চাৰ প্ৰতি আৰু নিজৰ সৃষ্টিৰ প্ৰতি শ্ৰদ্ধাৱান হওক। সেই সৃষ্টিৰ মান সম্পৰ্কে কেতিয়াও আত্মসন্তুষ্টি লাভ কৰিবলৈ চেষ্টা নকৰিব। অধ্যয়নশীল হওক। শিকিবলৈ সকলো সময়তে সাজু থাকক। এটা বিশ্বাস ৰাখক যে আপুনি কৰা সকলো মৌলিক কামেই কিবা নহয় কিবা এটা ফল দিবই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments