ইলেকশ্যন (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

ইলেকশ্যন

ঠিকাদাৰ ৰক্তবীজ বৰুৱা চহৰখনৰ প্ৰভাৱশালী ব্যক্তি। মন্ত্ৰী-ৰাজনীতিকৰ লগত এওঁৰ সু-সম্পৰ্ক আছে। সিদিনা ৰাতিপুৱাতে বৰুৱানীৰ ফোনটো বাজিল। আধামিনিট ‘হু, হা, অ’ কৈ ৰাখিলে ফোনটো।

‘কাৰ ফোন? লগে লগে থৈ দিলা যে?’ – বৰুৱাৰ প্ৰশ্ন।

‘বাদ দিয়া’

‘নোকোৱা কিয়, কাৰ?’

‘মৰমীৰ…’- কওঁ নকওঁকৈ ক’লে বৰুৱানীয়ে। মৰমী বৰা, বৰুৱানীৰ সৰুকালৰে বান্ধৱী। তেওঁলোকৰ চহৰতে থাকে।

‘হাৰে, তেনেকৈ কিয় থৈ দিলা ফোনটো? ভালকৈ কথা পাতা আকৌ’

‘কিয়, পাঁচবছৰ আগতে তুমিয়েই দেখোন কৈছিলা মৰমীহঁতৰ লগত সম্পৰ্ক শেষ কৰিবলৈ।’

‘সেইবাৰ বৰাহঁতৰ পাৰ্টিয়ে আমাৰ কেণ্ডিডেটজনক সমৰ্থন জনোৱা নাছিল। এইবাৰ আমাৰজনক ছাপ’ৰ্ট দিব, কালিয়েই মিটিং হৈ গ’ল। এতিয়াৰ পৰা মৰমী মানে বৰাহঁতৰ লগত আকৌ আহ-যাহ আৰম্ভ কৰিলে হ’ল। মাতা এদিন ডিনাৰলৈ।’

বৰুৱানীৰ খুউব ফূৰ্ত্তি লাগিল। পাঁচবছৰ পিছত পুনৰ মৰমীৰ লগত কথা পাতিব পাৰিব- ‘কিমান যে ভাল লাগিব। তাইৰ কণমানিটো চাগে ডাঙৰেই হ’ল। ৰূপহীহঁতকো মাতিম দেই। বহুদিনৰ মূৰত আমি একলগ হ’ম…’।

‘ৰূপহী? কলিতাৰ ঘৈণীয়েক? না: না: কলিতাহঁতক নালাগে।’

‘কিয়? কলিতাহঁত দেখোন তোমালোকৰ পাৰ্টিৰেই।’

‘আমাৰ পাৰ্টিৰ হয় কিন্তু কলিতাই কিছুদিনৰ পৰা বিসম্বাদী শৰ্মাৰ লগত উঠা-বহা কৰি আছে। কোনোবাই কলিতাক মোৰ ঘৰলৈ ৰাতি অহা দেখিলে সকলো ওলট-পালট হৈ যাব। তেওঁলোকক নালাগে।’

‘এহ, তোমালোকৰ এই যোগ-বিয়োগ একো বুজি নাপাওঁ। আকৌ এই ইলেকশ্যনটো আহিলনো কিয়? সিদিনা কিবা এটা হৈ গৈছিল হে। হজলৈ গৈ কোনোবা নাহিব বুলি যে খুব চিঞৰ-বাখৰ কৰি দুদিন টোপনি খতি কৰিছিলা!’

বৰুৱা মনে মনে থাকে। বৰুৱানীয়ে মৰমীক ফোন কৰে।

‘আহ: কিমান দিনৰ মূৰত যে তোক লগ পাম! আহোতে তই মোৰ পৰা পিন্ধিবলৈ নিয়া পাটৰ কাপোৰযোৰ আনিবি দেই’।

‘ও লৈ যাম…আমাৰ বিহু সংখ্যাৰ ‘সাদিন’খনো তোৰ তাতেই আছে ইমান বছৰে। আজি লৈ আহিম। এই মেগাজিন-চেগাজিন আমাৰ বেছিকৈ কিনাই নহয় যে’।

 

পিছদিনা আবেলি বৰুৱাই বিবিধ মিঠাই আনে বজাৰৰ পৰা- ‘হেৰা আজি আমাৰ ঘৰত পাৰ্টিৰ গোপন মিটিং আছে। স্বয়ং বদৰু দত্ত আহিব, আমাৰ প্ৰাৰ্থী!’

‘বদৰু দত্ত বোলে ফাল্টু মানুহ হে? নাৰী,ধন -অসংখ্য কেলেংকাৰী আছে বুলি কৈছিলা দেখোন’

‘হেহ..যোৱাবাৰ তেওঁ বেলেগ পাৰ্টিৰ আছিল হে। এইবাৰ দল সলনি কৰিছে।’

‘তোমালোকৰ দললৈ আহিলে চাৰ্ফ-নিৰমাৰে গা ধুৱাই দিয়া নেকি যে এদিনতে নিকা হৈ যায়?’

সন্ধিয়া বদৰু দত্তহঁত আহিল। গোপন মিটিঙত বহিল। ‘হুইস্কী’ নে ‘ৰাম’ খাব, তাক লৈ আলোচনা-পৰ্য্যালোচনা চলিল। অৱশেষত হুইস্কীয়ে বহুমতত জয়ী হ’ল। বৰুৱাই পত্নী-পুত্ৰক চিনাকী কৰাই দিলে।

‘আমাৰ ই বৰ ধুনীয়া ছবি আঁকে।…যা বাবা, আংকলৰ প্ৰতীক মানে চিম্ব’লটোৰ ছবি এখন ধুনীয়াকৈ আঁকি উপহাৰ দে আকৌ।’ বৰুৱা দহবছৰীয়া পুত্ৰই অলপ দেৰি পিছত তিনিখন ছবি লৈ আহিল। বৰুৱা আচৰিত হ’ল। তিনিটা পৃথক পাৰ্টিৰ চিহ্ন।

‘হাৰে, এই দুখন আকৌ কিয় আঁকিলি? আমাৰ চিহ্ন ‘বাদুলী’হে, কণাটো…।’

‘মাক কি আঁকিম বুলি সুধোতে কনফিউজড্ হৈ গ’ল। মায়েও নাজানে বোলে। তোমালোক হেনো দল বাগৰা সুবিধাবাদী। সেইকাৰণে আটাইকেইটা দলৰে চিম্ব’লৰ ছবি আঁকিলোঁ। অংকলৰ যিটো পছন্দ হয়, লৈ ল’ব….’!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক