ইল্হা ফৰ্মোচা- টাইৱানৰ চিঠি- ৬ (মনোজ মন কলিতা)

হুৱালিয়েন চহৰলৈ গৈছিলো-খণ্ড ২

পাৰ হৈ যোৱা দিনটোৰ বিভিন্ন অভিজ্ঞতা সামৰি আন এক নতুন অভিজ্ঞতা লাভ কৰাৰ আশাত পুৱা ৭ মান বজাত আমিবোৰ পুনৰ সাঁজু হ’লো । এইবাৰৰ গন্তব্যস্থান প্ৰথমে হুৱালিয়েন চহৰৰ শিলা-ভাস্কৰ্য্য সংগ্ৰহালয় । এই সংগ্ৰহালয় টাইৱানৰ প্ৰথম শিলা-ভাস্কৰ্য্য সংগ্ৰহালয় । ইয়াৰ প্ৰায়বোৰ সংগ্ৰহ সুকুমাৰ কলাৰ অপূৰ্ব নিদৰ্শন । হুৱালিয়েন চহৰ টাইৱানৰ খনিজ সামগ্ৰীৰ ৰপ্তানি কেন্দ্ৰ কাৰণ দেশৰ ৯০ % খনিজ সামগ্ৰী ইয়াতেই পোৱা যায় । খনিজ সামগ্ৰীৰ তথা মূল্যবান শিলৰ ৰপ্তানিৰ ক্ষেত্ৰত ইটালীৰ পাছতেই টাইৱানক পৃথিৱীৰ দ্বিতীয় স্থানত নাম দিয়াৰ বাবে ইয়াক “মাৰ্বলৰ চহৰ” বা “শিলৰ নগৰ” হিচাপেও জনা যায় ।

বিভিন্ন সুকুমাৰ কলাৰ শিল্পীৰ হাতৰ যাদু আমি দেখিবলৈ পালো, শিল তথা আন সামগ্ৰীৰে তৈয়াৰি বিভিন্ন ভাস্কৰ্য্য । সকলোবোৰৰে ভাবাৰ্থ সাধাৰণলোকৰ বোধগম্য নহয়, কিন্তু আমি সৌভাগ্যবান আছিলো কাৰণ প্ৰতিটো ভাস্কৰ্য্যৰ অৰ্থ বুজাবলৈ এগৰাকী অতি নম্ৰ আৰু অমায়িক “প্ৰদৰ্শক” আমাৰ সৈতে আছিল । সুকুমাৰ কলাৰ সংগ্ৰহালয়ৰ ভিতৰত ফটো লোৱা নিষেধ বাবে সেই অপূৰ্ব কলাসমূহ কেমেৰাত বন্দী কৰাৰ লোভ সামৰিবলৈ বাধ্য হ’লো । প্ৰায় ১ ঘণ্টা সময় কটোৱাৰ পাছত আমি সুকুমাৰ কলাৰ সংগ্ৰহালয়ৰ পৰা ওলাই আন এটা সংগ্ৰহালয়ত প্ৰৱেশ কৰিলো । ইয়াত সংগ্ৰহ হৈ আছিল বিভিন্ন সৰু-বৰ মাৰ্বল আৰু প্ৰতিটো মাৰ্বলতেই খোদিত কৰা আছিল বিভিন্ন ছবি । প্ৰথম দৰ্শনত আমি ভাবিছিলো এইয়া কোনো লোকে মাৰ্বলত অঁকা ছবি, কিন্তু “প্ৰদৰ্শকজনে” আমাক ভুল বুলি প্ৰমাণিত কৰি হতবাক কৰি দিলে । এইয়া কোনো মানৱ-সৃষ্ট ছবি নাছিল, প্ৰকৃতিয়ে স্থাপন কৰিছিল তাত বিভিন্ন ৰেখা যি পাকৈত হাতৰ পৰশত প্ৰাণ পাই উঠিছিল এক পূৰ্ণাঙ্গ ছবিৰ ৰূপত । মন মুহি নিয়া আন এঘণ্টাৰ বিনিময়ত আমি লাভ কৰিলো নতুন নতুন অভিজ্ঞতা ।

প্ৰাপ্তিৰ এমোকোৰা হাঁহি লৈ আমি ৰাওনা হ’লো এইবাৰ এক লক্ষ্যস্থানলৈ । এইবাৰৰ লক্ষ্যস্থান আছিল আন এক সংগ্ৰহালয়, য’ত সংগ্ৰহ কৰি ৰখা হৈছে বিভিন্ন সৰু বৰ সাগৰীয় মাছ । ৰং-বিৰংৰ মাছবোৰ দেখি মনটো আগতকৈও বেছি উলাহেৰে ভৰি পৰিল । ইয়াত কেৱল মাছেই সংগ্ৰহ কৰি ৰখা হৈছে বুলি ক’লে ভুল হ’ব । সাগৰৰ পৰা কেনেদৰে মাছ সংগ্ৰহ কৰা হয় তথা ইয়াক বজাৰলৈ কিদৰে মুকলি কৰি দিয়া হয় সকলো কথা খুব সুন্দৰকৈ তথ্যসহকাৰে দৰ্শকৰ বাবে সজাই ৰখা আছিল । এই তথ্যসমূহ যঠেষ্ট গুৰুত্বপূৰ্ণ আছিল আৰু বহু নতুন কথাও শিকিবলৈও পোৱা গ’ল । সংগ্ৰহালয়ৰ আন এটা অংশত এক বিশাল বিপনী আছিল য’ত মাছৰ পৰাই তৈয়াৰি খাদ্য-সামগ্ৰী তথা ৰং-বিৰংৰ আন আন সামগ্ৰী উপলব্ধ আছিল । এই সকলো উপভোগ কৰি থাকোতে কেতিয়ানো পেটত ভোকে টুকুৰীয়াবলৈ ধৰিলে গমকেই নাপালো । ভোকে বেছিকৈ উকাবলৈ ধৰাত সকলোবোৰ গাড়ীত উঠিলোগৈ আৰু ৰাওনা হ’লো পূৰ্ব নিৰ্ধাৰিত ৰেষ্টোৰা এখনলৈ বুলি ।

উদৰ পুৰাই টাইৱানিজ খাদ্য খোৱাৰ পাছত আমি ৰাওনা হ’লো টাৰক’ ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি । এই উদ্যান টাইৱানৰ আঁঠখন উদ্যানৰ ভিতৰৰ এখন । ইয়াক নামাকৰণ কৰা হৈছিল বিখ্যাত টাৰক’ কুৰুং ৰ নামেৰে । এই উদ্যানখনৰ নাম পূৰ্বতে চুগিতাকা-টাৰক’ ৰাষ্ট্ৰীয় উদ্যানৰ নামেৰে টাইৱানৰ গভৰ্ণৰ জেনেৰেলৰ দ্বাৰা নামাকৰণ কৰা হৈছিল ১৯৩৭ চনৰ ১২ ডিচেম্বৰত, সেই সময়ত টাইৱান জাপানৰ অধীনত আছিল । দ্বিতীয় বিশ্বযুদ্ধৰ পাছত টাইৱানৰ শাসনভাৰ “ৰিপাব্লিক অৱ চাইনা” ৰ হাতলৈ যায় আৰু ইয়াৰ পাছতেই এই উদ্যানখনে “টাৰক’ ৰাষ্ট্ৰীয় উদ্যান” নাম পায় । এই উদ্যানৰ সৌন্দৰ্য্য লেখত ল’বলগীয়া । পাহাৰৰ মাজে মাজে বৈ যোৱা পৰিস্কাৰ পানীৰ নিজৰাবোৰে ইয়াৰ সৌন্দৰ্য্য দুগুণ কৰি তুলিছিল । পাহাৰৰ একেবাৰে ওপৰত এটা বৌদ্ধ মন্দিৰ থকাৰ খবৰ পাই আমি পাহাৰ বগাবলৈ আৰম্ভ কৰিলো, প্ৰায় আধা ঘণ্টা খোজ কাঢ়ি আমি পাহাৰৰ টিঙত থকা মন্দিৰৰ চৌহদ পালোগৈ । ইমান উচ্চতাৰ পৰা উদ্যানৰ প্ৰাকৃতিক দৃশ্য আৰু অধিক মনোমোহা দেখা গৈছিল । হাতত সময় কম হোৱা হেতুকে খৰখেদাকৈ আমি নামি আহিবলগীয়া হ’ল । পাহাৰৰ তল আহি পাওঁ মানে সন্ধিয়া নামি আহিছিল ধৰাৰ বুকুলৈ । ক্লান্ত শৰীৰ কিন্তু প্ৰাপ্তিৰে পুষ্ট হৃদয় লৈ আমি আৰম্ভ কৰিলো উভতনি যাত্ৰা । বাটত এৰি আহিলো প্ৰশান্ত মহাসাগৰ, সৰু-বৰ বহু জাহাজ তথা নাওঁ আৰু ইয়াৰ পৰা ভাঁহি আহি নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পানীত বিয়পি পৰা পোহৰ, আজীৱন হৃদয়ত খোদিত হৈ ৰ’ব এই দৃশ্য ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক