ঈদ্-উল-আজহা আৰু ইছলামৰ আদৰ্শ  ( চৰিফুল ইছলাম )

Indian Muslims attend prayers during the

ঈদ মুছলিম বিশ্বৰ প্রধান উৎসৱ। ইয়াৰ অৰ্থ হ’ল আনন্দ। পঞ্চম দশকৰ পূৰ্বে আৰবত ‘নিৰুজ’ আৰু ‘মিহিৰজান’ নামে দুটা উৎসৱ পালন কৰা হৈছিল। এই দুয়োটা উৎসৱত মানৱৰ নৈতিক অধঃপতন অৱধাৰিত হোৱাত নবীয়ে কৰিম ছাল্লালাহু আলেইহি ৱ’চ্ছালামে দুটা ভিন্ন উৎসৱ প্রচলিত কৰায়। ইয়াৰে এটা হ’ল ঈদ-উল-ফিত্তৰ আৰু আনটো হ’ল ঈদ-উল-আজহা। এই দুয়োটা শব্দই আৰবী শব্দ। আমাৰ ভাষাত এটা সৰু ঈদ, আনটো বৰ ঈদ বা বকৰিদ।

বছৰৰ দুটা দিনত এই ঈদ উৎসৱ পালন কৰা হয়। প্রথমটো ঈদ-উল-ফিৎৰ আৰবী ৰমজান মাহৰ এমহীয়া ৰোজা বা উপবাস ব্রতৰ অন্তত পালন কৰাৰ বিপৰীতে দ্বিতীয়টো ঈদ-উল-আজহা আৰবী জিলহজ মাহৰ ১০ তাৰিখে পালন কৰা হয়। আজি আৰবী জিলহজ মাহৰ ১০ তাৰিখ। সমগ্র মুছলিম বিশ্বই আজি ঈদ-উল-আজহা পালন কৰিছে।

এই ঈদৰ বিষয়ে দুআষাৰমান লিখাৰ আগতে ইছলামৰ বিষয়েও কিছু কথা জনাব বিচাৰিছো। ইছলাম মানে হ’ল শান্তি। আল্লাহ পাকৰ ওপৰত তৱাক্কোল কৰি মানুহৰ সামগ্রিক কল্যাণ সাধন কৰাটোৱেই হ’ল ইছলামৰ শ্রেষ্ঠতম আদৰ্শ। বিশ্বমানৱৰ সৰ্বপ্রকাৰ মঙ্গলৰ অৰ্থে আল্লাহ পাক ৰব্বুল আল-আমিনৰ ইচ্ছানুসৰি ৰছুলে কৰিম ছ’ল্লালাহু আলেইহি ৱ’চ্ছালামে ইছলামক মানুহৰ জীৱনৰ অঙ্গ কৰাৰ বিধান দিলে। নাজিল হ’ল পাক কোৰআন শ্বৰীফ আৰু আৰম্ভ কৰা হ’ল সত্যধৰ্মৰ ছিলছিলা বা পৰম্পৰা।

জীৱনক সত্য সুন্দৰ তথা মৰ্যদাসম্পন্ন কৰিবলৈ হ’লে ইছলামৰ আদৰ্শ অনুসৰণ কৰাটো সৰ্বোত্তম পথ হিচাপে ইতিমধ্যে স্বীকৃত হৈছে। কোৱা বাহুল্য যে জীৱনক তৰিবলৈ, পোহৰাবলৈ আৰু জ্ঞানসমৃদ্ধ কৰিবলৈ ইছলামত কলিমা, নামাজ, ৰোজা, হজ, জাকাৎ এই পাঁচ ফৰজ অৰ্থাৎ অৱশ্য কৰণীয় কৰ্তব্য শ্রেণীবদ্ধ হৈছে। নবীজীৰ মতে আল্লাহ পাকৰ প্রিয় বান্দা হ’বলৈ হ’লে কোৰআন পাকৰ নিৰ্দেশ আৰু ইছলামৰ এই ফৰজ কামসমুহ নিয়াৰিকৈ পালন কৰিবই লাগিব। ইয়াৰ বাবেই প্রেম, ত্যাগ, কৰুণা, সহমৰ্মিতা, দান আদিৰে মানুহৰ দেহ, মন, আত্মাৰ শুদ্ধিকৰণৰ বিধান দিয়াৰ লগতে প্রকৃত মানৱ হ’বলৈ পথ সুগম কৰা হ’ল।

ঈদ্ উল আজহা ত্যাগৰ উৎসৱ। ই আল্লাহ পাকৰ প্রতি আত্মসমৰ্পণৰ এক স্বাৰ্থহীন প্রকাশ। যিসকলে আল্লাহ পাকৰ ৰহমত বা কৰুণা পাবলৈ বাঞ্ছা কৰে, তেওঁলোকে ত্যাগ আৰু আধ্যাত্মিক ভাৱনাত ব্রতী হ’বই লাগিব। এই ঈদে ইয়াকে প্রকাশ কৰিছে। ত্যাগ হ’ল মানৱতাৰ ভূষণ। য’ত ত্যাগ আছে তাত সন্তুষ্টি আছে । য’ত সন্তুষ্টি আছে তাত শান্তি আছে। আৰু য’তেই শান্তি তাতেই আনন্দ। হজৰত মোহম্মদ মুস্তাফা ছাল্লালাহু আলেইহি ৱ’চ্ছালামে আল্লাহ পাকৰ দোহাই দি বিশ্ববাসীক কেৱল এই কলুষহীন আনন্দকে প্রদান কৰা নাই, মানৱপ্রেমৰ সুন্দৰ শৃংখলাৰে ইছলামকো মহীয়ান কৰি থৈ গৈছে।

ঈদ-উল-আজহা উৎসৱ পালনৰ আঁৰত আল্লাহপ্রেমৰ এক সুন্দৰ নিদৰ্শন নিহিত হৈ আছে। হজৰত ইব্রাহিম আলেইহি ৱ’চ্ছালাম আছিল আল্লাহ পাকৰ অতিকৈ পৰম ভক্ত। পৃথিবীলৈ তেওঁৰ আগমণে এক নতুন জোৱাৰ আনিলে। তেওঁক ইছলামধৰ্মী সকলৰ লগতে খৃষ্টানধৰ্মালম্বী লোকসকলেও মানি আহিছে। সমগ্র বিশ্বৰ দুই তৃতীয়াংশ লোকৰ এইগৰাকী ধৰ্মীয় নেতাই অটুট বিশ্বাস তথা মহব্বতেৰে আল্লাহ পাকৰ প্রিয়পাত্র হৈ পৰিছিল। হজৰত ইব্রাহিম আলেইহি ৱ’চ্ছালামৰ দিনৰ পৰাই এক শক্তিত বিশ্বাস কৰা তথা উপাসনা কৰাৰ পৰম্পৰা সৃষ্টি হ’ল বুলি কোৱা হয়। তেওঁৰ দিনতে আল্লাহ পাক ৰব্বুল আল-আমিনক সৃষ্টিকৰ্তাৰূপে স্বীকৃতি প্রদান কৰা হয়।

পৃথি‌ৱীত দুই ধৰণৰ মানুহ আছে – এচামৰ মুখখখন বৰ মিঠা, ভিতৰখন কিন্তু ততোধিক তিতা আৰু অন্যচাম ‘অতি ভক্তি চোৰৰ লক্ষণ’ জাতীয়। আল্লাহ পাকে মাজে সময়ে আমাৰ পৰীক্ষা লয় যে আমি কিমান আল্লাৱালা, কিমান অমানুহ। হজৰত ইব্রাহিম আলেইহি ৱ’চ্ছালামৰ ক্ষেত্রতো আল্লাহ পাকে তেনে এক পৰীক্ষাৰে অৱতাৰণা কৰিছিল। এদিন সপোনত তেওঁলৈ আদেশ আহিল-‘হে ইব্রাহিম, পৰম সৃষ্টিকৰ্তাৰ প্রতি ভালপোৱাৰ প্রমাণ হিচাপে তোমাৰ অতি প্রিয় এপদ সম্পদ উৎসৰ্গা কৰা’। পিচদিনা হজৰতে এশটা নোদোকা উট আল্লাহৰ নামত কোৰবাণী দিলে। নিশা পুনৰ স্বপ্নাদেশ হ’ল-‘তোমাৰ অতি মৰমৰ বস্তু কোৰবাণী কৰা’। পিচদিনা একেধৰণে পুনৰ এশটা উট কোৰবাণী দিলে। পুনৰবাৰ আকৌ একেই আদেশ আহিল –‘হে ইব্রাহিম, তোমাৰ অতিকৈ প্রিয় বুকুৰ কুটুমক মোৰ নামত উৎসৰ্গা কৰা’। এইবাৰ হজৰত ইব্রাহিম আলেইহি ৱ’চ্ছালাম চিন্তিত হৈ পৰিল। ভাটি বয়সত জন্মগ্রহণ কৰা একমাত্র পুত্র ইছমাইলৰ বাহিৰে তেওঁৰ এনে কি সম্পদ আছে যাক তেওঁ প্রাণতকৈও অধিক ভাল পায়। তেনেহলে সৃষ্টিকৰ্তাই ইছমাইলকে কোৰবাণী দিয়াটো বিচাৰিছেনেকি। দোধোৰ মোধোৰত পৰি হজৰত ইব্রাহিম আলেইহি ৱ’চ্ছালামে মন মাৰি থাকিবলৈ ধৰিলে। অৱশেষত আল্লাহ পাকৰ ওপৰত থকা গভীৰ বিশ্বাস আৰু মহব্বতত ভৰষা ৰাখি তেওঁ পুত্রস্নেহক একাষৰীয়া কৰি ইছমাইলকে কোৰবাণী দিবলৈ সিদ্ধান্ত ল’লে। কথাটো গভীৰ উৎকন্ঠাৰে পুতেকক জনালে। পুত্র ইছমাইলেও তৎকালে সন্মতি দি হজৰত ইব্রাহিম আলেইহি ৱ’চ্ছালামৰ চৰম অশান্তিৰ উপশম ঘটালে। তেওঁ ক’লে-‘আব্বাজান আপুনি অধিক বিচলিত হ’লে নহব। আল্লাহৰ আদেশ যথাযথভাবে পালন কৰক’। সন্তানৰ সন্মতিমৰ্মে মাকক নজনোৱাকৈয়ে মৰুভূমিৰ ফালে বাপেক-পুতেক দুয়োৱে খোজ দিলে। নিৰ্জন মৰুভূমি অঞ্চলত ইব্রাহিম আলেইহি ৱ’চ্ছালামে পুত্রক কোৰবাণীৰ বাবে সাজু কৰিলে। পুত্র ইছমাইলেও আনন্দমনেৰে আল্লাহৰ সন্তুষ্টিৰ অৰ্থে কোৰবাণীৰ বাবে ডিঙি পাতি দিলে। কিন্তু বাৰে বাৰে যত্ন কৰিও হজৰতে ডিঙিত খঞ্জৰেৰে (চোকা ধাৰাল অস্ত্র) আঘাত কৰিব নোৱাৰিলে। অৱশেষত খোদাৰ হুকুম হ’ল-‘হে ইব্রাহিম, তুমি মোৰ পৰীক্ষাত সফল হ’লা। ধন্য তোমাৰ জীৱন, ধন্য তোমাৰ ভক্তি আৰু বিশ্বাস’। লগে লগে বেহেস্তৰ দুন্দুভি বাজি উঠিল আৰু সকলো ফিৰিস্তাই ইব্রাহিম আলেইহি ৱ’চ্ছালামক অভিবাদন জনালে। খোদাৰ হুকুমতে কোৰবাণীও সম্পুৰ্ণ হ’ল ডোম্বাৰ জৰিয়তে। আল্লাহৰ প্রতি থকা হজৰত ইব্রাহিম আলেইহি ৱ’চ্ছালামৰ ভক্তি আৰু পুত্র হজৰত ইছমাইল আলেইহি ৱ’চ্ছালামৰ অগাধ বিশ্বাসৰ এই পৰম্পৰাই কালক্রমত কোৰবাণী ঈদৰ জন্ম দিলে। চমুকৈ ঈদ-উল-আজহা বাঈদোজ্জোহাৰ বা বকৰিদৰ এয়ে তাৎপৰ্য।

ইছলামৰ বৰ্ষপঞ্জী(হিজৰি) হিচাপে প্রতিবছৰৰ জিলহজ্জ মাহৰ ১০ তাৰিখৰ পৰা ১২ তাৰিখলৈকে বকৰিদ্ পালন কৰা হয়। সাধাৰণতে ঈদ-উল-ফিৎৰ উছৱ পালন কৰা দিনটোৰ পৰা সম্পুৰ্ণ দুমাহ দহ দিনৰ অন্তত ঈদ-উল-আজহা উছৱ পালিত হোৱা দেখা যায়। ঈদ-উল-ফিৎৰ ৰমজান মাহৰ শেষত পালিত হোৱা ঈদ। এই ৰমজান মাহত যাৰ জাকাত দিয়াৰ বিধান আছে ঈদ-উল-আজহাত তেঁৱে কোৰবাণী দিয়াৰ নিৰ্দেশ আছে। আনহাতে এই ঈদৰ কেইটামান চুন্নত(কৰ্তব্য) কোৰবাণী দিওঁতাজনে মানি চলাটো অতীব প্রয়োজন। যেনে, ঈদ-উল-আজহাৰ পৱিত্র ৰাতি আল্লাহৰ ইবাদত বন্দেগী (নাম জপ) কৰা ; ঈদৰ সমূহীয়া নামাজৰ পূৰ্বে কোৰবাণী দিওঁতাজনে অনাহাৰে থাকি কোৰবাণী হোৱাৰ পাছত জন্তুটোৰ মাংস খোৱা; কোৰবাণী দিওঁতাজনে জিলহজ্জৰ জোন দেখা দিনৰ পৰা কোৰবাণী নোহোৱা পৰ্যন্ত নখ-ডাঢ়ি-গোঁফ নকটাটো মুস্তাহাব; যি পথেদি ঈদগাহত নামাজ পঢ়িবলৈ যোৱা হয় উভটি আহোঁতে সেই পথ ব্যৱহাৰ নকৰা; নামাজলৈ যোৱাৰ সময়ত তাকবীৰে তাশৰীক (আল্লাহু আকবৰ, আল্লাহু আকবৰ, লা ইলাহা ইল্লাললাহু আল্লাহু আকবৰ, আল্লাহু আকবৰ, ৱ’লিল্লাহিল হামদ্) চিঞঁৰি চিঞঁৰি আওৰাই যোৱা ইত্যাদি।

আল্লাহক পাবলৈ হ’লে ধৈৰ্য আৰু একাগ্রচিত্তে নিজৰ প্রিয় সম্পদ এভাগি আল্লাহৰ সন্তুষ্টিৰ অৰ্থে ত্যাগ কৰিবই লাগিব।। এই ত্যাগ অহংকাৰশূন্য তথা পবিত্র বুলি তেতিয়াহে গণ্য কৰা হয় যেতিয়া মানুহে আনৰ অন্তৰ দখল কৰিব পাৰে। আনৰ সুখত সুখী, আনৰ দুখত দুখী ইছলামী আদৰ্শৰ সোপান। ই অন্তৰখন বিকশাই তোলে আৰু পবিত্রময় কৰি ৰাখে। ইছলামত বহু দূৰ-দূৰণিলৈকে ভোগ-বিলাসৰ আদৰ্শ নাই। ই নৈতিকতাৰ দোলেৰে বন্ধা সৰল প্রেমৰ সত্য ধৰ্ম। লোভ-মোহ, খং-ৰাগ, হিংসা-দ্বেষ পৰিহাৰ কৰি শুদ্ধমতে ইছলামৰ আদৰ্শ মানি চলিলে মানুহ আল্লাহপ্রিয় হ’ব। ত্যাগৰ মহত্বও এইখিনিতে নিহিত হৈ আছে।

দূৰভাষ: ৯৪৩৫৩ ৯২৬৮১

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক