ঈদৰ জোন (-উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)

ফোনটো থোৱাৰ পাছত বহুপৰলৈকে নিজৰ কাণ দুখনকো বিশ্বাস কৰিব পৰা নাছিলোঁ। ৰিজৱানৰ কথাকেইটা মূৰত পাকঘূৰণি খাই থাকিল। সি অন্ততঃ এনেদৰে ক’ব নালাগিছিল। ঘৰটোত দুদিনমানৰ পৰা এনেই গোমা পৰিবেশ এটা বিৰাজ কৰিছে! মাহঁতে ফোনত বাৰম্বাৰ সঁকিয়াই আছে- অফিচৰ পৰা পোনে পোনে ঘৰ সোমাবি, বাহিৰত অসমীয়াত কথা নাপাতিবি ইত্যাদি ইত্যাদি। দুখ, খং নে অভিমান কিহে আমাক আৱৰি ধৰিছিল নিজেও বুজি পোৱা নাছিলোঁ। তাতে আকৌ ৰিজৱানেও এনেকে ক’লে!
ৰিজৱান আমাৰ বন্ধু! ইমান ভাল বন্ধু, যি লগত থকা বুলি জানিলে হাজাৰ মাইল দূৰত থকা আমাৰ মা- দেউতা আশ্বস্ত হয়। ইমান ভাল বন্ধু যে তাৰ প্ৰেয়সীয়ে আমাৰ বাবে স্পেচিয়েল হালুৱা পঠিয়াই দিয়ে। সি অবিহনে আমাৰ লংগৰ খোৱা, চিনেমা চোৱা, পুৰণি দিল্লীৰ ষাঠি টকাৰ চিকেন টিক্কা খোৱা- সকলো মিছা! দেউতাকৰ চাকৰি সূত্ৰে কেইবাবছৰো অসমতে থকা। তথাপি সি এনেদৰে ক’লে!
হতাশা, খং, ক্ষোভ মিহলি হৈ আছিল তাৰ কথাখিনিত— “তহঁতৰ মানুহবোৰে আমাৰ মানুহবোৰক কিয় এনেকে মাৰি আছে অ’?” দৰাচলতে কোনে কাক কিয় মাৰিছে আমিও ভালদৰে নাজানিছিলোঁ। বিটি এ ডিৰ গোষ্ঠীসংঘৰ্ষ! কিন্তু তহঁতৰ মানুহ, আমাৰ মানুহ? কালিলৈকেচোন সি সৰস্বতী পূজাৰ প্ৰসাদ বিলনীয়া হৈ আছিল, আৰু আমি একেলগে ইফ্‌টাৰ কৰাৰ নামত কিমানটাযে অৰ্ধছুটী ল’লোঁ!
কথাবোৰ ভাল হৈ থকা নাছিলেই! প্ৰতিদিনে পুৱাই বাতৰিকাকত, ইণ্টাৰনেট সকলোতে এটাই খবৰ— খবৰ নহয় প্ৰথম পৃষ্ঠাৰ প্ৰায় আধামান জুৰি এখন ফটো— দক্ষিণ ভাৰতৰ পৰা হাজাৰ হাজাৰ অসমীয়া ল’ৰা-ছোৱালী অসম অভিমুখী ৰে’লৰ বাবে বাট চাই আছে প্লেটফৰ্মত! এনেকুৱাও হয়নে? উত্তৰ-পূব ভাৰতৰ বাবেই ইয়াতে প্ৰতিটা পদক্ষেপতে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, কিন্তু এখন চহৰ, এটা অঞ্চলৰ পৰা খেদি পঠিয়াব—আমাৰ মানুহবোৰ ইমান অসহায়নে?
নাই। দিল্লীত এনে পৰিস্থিতি এতিয়াও হোৱানাই। তথাপি ভয় এটা সোমাইছে আটাইৰে মনত। খং এটাও উঠিছে সিহঁতৰ মানুহবোৰৰ ওপৰত। আমি জানো এয়া কোনো দুষ্টচক্ৰৰ ষড়যন্ত্ৰ, কিন্তু সেই দুষ্টচক্ৰ হয়তো সফল হৈছে কাৰণ আমাৰো খং উঠিছে সিহঁতৰ মানুহবোৰৰ ওপৰত!
ইতিমধ্যে ৰমজানৰ মাহ আৰম্ভ হৈছিল।
আনবাৰৰ দৰে আমি কোনো এজনীয়েও ৰিজৱানক ৰমজানৰ শুভেচ্ছা জনাবলৈ ফোন নকৰিলোঁ। আনবাৰৰ দৰে নোজোকালোঁ—পেটুৱা এয়াই সুযোগ তোৰ খীনোৱাৰ। আমিকেইজনীয়ে যেন ইচ্ছাকৃতভাৱে তাৰপ্ৰসংগ নুলিৱাওঁ। সিও ফোন কৰা নাই, সোধা নাই এইবাৰ একেলগে ইফ্‌টাৰ নকৰ নেকি বুলি! তাৰো হয়তো খং আমাৰ মানুহবোৰৰ ওপৰত।
জাকে জাকে অসমীয়া ল’ৰা-ছোৱালী অসম পালেগৈ। কেইদিনমানৰ ভিতৰতে ঘূৰিও গ’ল বহুতে। সেই দুষ্ট চক্ৰৰো শুংসূত্ৰ পোৱাৰ উপক্ৰম হৈছে।
দুই-এদিনতে ঈদ। নিবেদিতা ফেণী তৈয়াৰ কৰাত পাৰদৰ্শী হৈ পৰিছে, ৰিজৱানেই শিকাইছিল ৰেচিপিটো! আমি যেন ইজনীয়ে সিজনীৰ সৈতেও ভালকে কথা পাতিব পৰা নাই। হঠাতে আড়ষ্টতা ভাঙি নম্ৰতাই ফোনটোত নম্বৰ এটা লগালে— “ৰিজৱান তোৰ ফেণীৰ ৰেচিপি হিট্‌ হৈছে আমাৰ ইয়াত”। এজনী এজনীকৈ আটাইকেইজনীয়ে কথা পাতিলোঁ। ঘৰত আছিল সি। দিল্লীলৈ আহি নিজে ৰন্ধা চিকেন বিৰিয়ানীৰে ঈদপাৰ্টী দিব হেনো। আটাইৰে মুখত হাঁহি বিৰিঙিল….। ঈদৰ জোনটো আমাৰ ঘৰটোত দুদিন আগতেই ওলাল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক