ঈদৰ সময়বোৰ (আব্দুছ চাজিদ)

সৰুতে কৰা আনন্দবহুল ‘ঈদ-যাত্ৰা’ত আমাৰ নিৰ্ধাৰিত লক্ষ্যস্থান আছিল দেউতাহঁতৰ ঘৰ৷ গৈ পাই প্ৰাৰম্ভিক আলাপখিনি চলি থকাৰ মাজতে আমাক চাফ-চিকুণ কৰাবলৈ পুখুৰীৰ পাৰলৈ নিয়ে৷ অকলে সেই এলেকালৈ নাহিবলৈকো তেতিয়াই সকীয়াই দিয়ে৷ বাধ্য ছাতৰৰ দৰে আমি মূৰ দুপিয়াওঁ৷ টিপচাকিৰ পোহৰতে পিছফালখন কৌতূহলেৰে চাওঁ৷ পুখুৰীটো কেনেকুৱা অৱস্থাত আছে, মেটেকা হৈছে নেকি, মাছ আছেনে নাই, দলংখন নতুনকৈ সাজিলে নেকি, পাৰৰ আমজোপাত এইবাৰ আম লাগিছিলনে, নাৰিকলকেইজোপা কিমান ওখ হ’ল; গৰু-গাই, ছাগলী-মেকুৰী, হাঁহ-কুকুৰা, পুৰণা হাৰকিউলিচ চাইকেলখন, কামকৰা মিনিজনীৰ পৰা আৰম্ভ কৰি মনত থকা সকলোৰে খা-খবৰ লওঁ৷
 
সিদিনা সোনকালে ভাত-পানী খুৱাই আমাক শুৱাই দিয়া হয়৷ পিছনিশা কেতিয়াবা হঠাতে সাৰ পাই যাওঁ৷ কাণত পৰেহি ৰোজা ৰাখিবলৈ আহ্বান জনাই ডেকাসকলে আলিবাটেৰে সুৰ লগাই গাই যোৱা জিকিৰ, গজল ইত্যাদি৷ শব্দবোৰ দূৰৰ পৰা ক্রমাৎ ওচৰ চাপি আহে, আকৌ দূৰলৈ আঁতৰি যায়৷ সিফালে পাকঘৰত চেহৰীৰ বাবে কুৰুং-কাৰাং শুনো৷ আকৌ শুই পৰোঁ৷

ৰাতিপুৱা সাৰ পাই প্ৰথম চকু মেলোঁতে পৰিৱেশটো কিবা আখজা আখজা লাগে৷ বিছনাখন বা পৰিৱেশ সলনিৰ বাবে বেলেগ ধৰণৰ অনুভূতি এটা জাগে৷ উঠি আহি মুখ ধুই কিবা অলপ পেটত পৰিলেই পিটপিটাই ফুৰা কামটো আৰম্ভ হৈ যায়৷ পূৰ্বতে কোনফালে কি আছিল, নতুন কি কি হ’ল… পৰিদৰ্শন কাৰ্য নিৰ্বিবাদে চলিব ধৰে৷ দিনকেইটা দীঘলীয়া হ’লে আনন্দৰ প্ৰকোপ চৰে৷ পুখুৰীৰ পাৰলৈ যাওঁ, খেৱালিৰে মাছ ধৰা চাওঁ৷ নৈত মাছৰ উজান উঠিছে বুলি টনিজাল পাতিবলৈ আগ বঢ়া দদাইদেউৰ লগে লগে খালৈটো এহাতে লৈ ওলাওঁ৷ ধান-চাউল উলিয়াবলৈ ভঁৰালত সোমোৱা আইতাৰ পিছে পিছে মৈৰ জখলা বগাই ওপৰলৈ উঠোঁ৷ নিজে বজাব নাজানিলেও সৰুজন দদাইদেউৰ বেঞ্জুখন আলমাৰী খুলি এনেয়ে উলিয়াই লৈ টিং-টাং মাত উলিয়াওঁ৷ জয়সাগৰত পঢ়া কলেজীয়া দদাইদেউৰ পঢ়া টেবুলৰ ড্ৰয়াৰ খুলি পুৰণি কিতাপ-বহীবোৰ খুঁচৰোঁ৷ তাৰে পছন্দ হোৱা কিছুমান পিছত বেগত ভৰাই ডিফুলৈ লৈও আহোঁ৷ ডিফুত কেতিয়াও নেদেখা অথচ শিলাসাঁকোৰ গ্ৰাম্য জীৱনৰ সৈতে সম্পৃক্ত কেতবোৰ বস্তুৱে শিশু মনক বুজাব নোৱাৰা ধৰণে আকৰ্ষণ কৰে৷ দৰকাৰী-অদৰকাৰী কিবাকিবিবোৰ গোটোৱাও সেই পিছদিনাখনৰ পৰাই আৰম্ভ হৈ যায়৷
 
আমি যোৱা বুলি গম পাই স্থানীয় কাণ-সমনীয়াবোৰ হাজিৰ হয়হি৷ সেই পালৰ সৈতে ভঁৰালৰ আগত বা সৰু ককাদেউতাহঁতৰ চোতালত মাৰ্বল, পিছফালে কঠীয়াতলীত ফুটবল খেলোঁ৷ আমৰ দিনত আম, লেচু, মধুৰি, ভীমকল, কথবেল, বগৰীৰ দিনত বগৰী আদিকে ধৰি ঘৰৰ গছপকা ফল এফালৰ পৰা তহিলং কৰি ফুৰোঁ৷ ৰাস্তাৰ দাঁতিৰ গছত বাদুলি ওলোমা দিওঁ৷ ঘৰৰ আগেৰে বৈ যোৱা দিজৈখনাত নামি কোনোবাই গালি নপৰালৈকে পানী খেলোঁ৷ নৈ পাৰ হৈ বাৰীত সোমাওঁ৷ শাকনিৰ লগতে হেঁদালিত ওলমি থকা পাচলিবোৰ মন কৰোঁ৷ কেৰ্কেটুৱা দেখিলেই দলিয়াই খেদি যাওঁ৷ অলপ পিছত ভৰিত লগা জোক বিচাৰি গুচাওঁ৷ তেনেদৰে বাৰীৰ সীমা অতিক্রম কৰি পথাৰ পাওঁগৈ৷ বৰশী টোপাওঁ, চেঁচোৰ খান্দি খাওঁ৷ কৃষক ককাদেউতাই হালৰ মুঠিত ধৰিবলৈ দিয়ে, মৈতো উঠিবলৈ দিয়ে৷ আগ-চোতালত মৰণা মাৰিলে গৰুৰ পিছত ঘূৰিবলৈ লগায়৷ পথাৰলৈ জলপান নিয়া, দোকানৰ পৰা বস্তু অনা এইবোৰ কামত পাচিলে বৰ ৰং পাওঁ৷ সৰু দদাইদেউৰ লগৰবোৰৰ সৈতে শাৰী পূৰাই ৰজাদিনীয়া শিলৰ সাঁকোত বহোঁ৷ সিহঁতে পুলৰ ওপৰত থিয় হৈ বিভিন্ন ভংগীত নৈৰ পানীলৈ জঁপিয়ায়, সাঁতুৰি-নাদুৰি গা ধোৱে৷ আমি সাঁতুৰিব নাজানো, গতিকে চাই থাকোঁ৷ ৰহদৈ আলিৰ ফালে ফুৰিবলৈ যাওঁ৷ দদাইদেৱে আমাক বাছত উঠাই শিৱসাগৰলৈ নিয়ে৷ ৰূপালীম, লক্ষ্মী টকীজত চিনেমা চোৱায়৷ অ’.এন.জি.চি.ৰ বাছেৰে আমি অহা-যোৱা কৰোঁ৷ কোনোবাজন দদাইদেৱে আকৌ কাৰেংঘৰ দেখুৱাবলৈ চাইকেলেৰে গড়গাঁৱলৈ নিয়ে৷ নাজিৰা, চূণপোৰা, শিৱসাগৰ, হাতীখোক, দ’লবাগান, বামুণবাৰী, চৰাইদেউ, নিমনাগড়, সোণাৰীও পাওঁগৈ৷ বুৰঞ্জীপ্ৰসিদ্ধ ৰংঘৰ, তলাতলঘৰ, দৌল, পুখুৰী আদিও চেগ বুজি দেউতাহঁতে আমাক দেখুৱায়গৈ৷ ডাঙৰজন দদাইদেউৰ দোকানত বহোঁ, বয়-বস্তুবোৰ থান-থিত লগাওঁ, তেওঁৰ অনুপস্থিতিত ককাদেউতাৰ সৈতে দোকান চলাওঁ৷ আত্মীয়-স্বজনৰ ঘৰবোৰত ভুমুকি মাৰোঁ৷ সকলোৱে বৰ মৰম কৰে৷ দীঘলীয়া দিন হাতত লৈ গ’লে পাঠ্যপুথি কেইখনমান লগত নিওঁ৷ পিছে সেয়া নামতহে৷ ঈদৰ উলাহতে সেইকেইদিন আমি একপ্ৰকাৰ হৈ পৰোঁ এৰাল ছিগা গৰু৷ ব্যস্ততাৰ যেন অন্তই নপৰিব! কোৰবাণী ঈদ বুলিলেতো সিয়ো দুগুণে চৰে৷ সেই কাহিনী স্বাভাৱিকতে আৰু দীঘলীয়া হ’ব৷
 
ঈদ বুলি আমাৰ ককাদেউতাই বাৰীৰ নাৰিকল কেইযোৰমান পাৰে৷ নাৰিকলৰ পানী খাবলৈ আমাৰ মাজত হেতা-ওপৰা লাগে৷ শীতকাল হ’লে বাঁহৰ মুঢ়া কিছুমান আগতীয়াকৈ গোটাই ৰাখে৷ গধূলি পাকঘৰৰ সিফালৰ এমূৰীয়া কোঠাটোত জুই ধৰে৷ গাঁৱৰ বুঢ়া-মেথাসকল আহে৷ কথাৰ মহলা মাৰে৷ বয়োজ্যেষ্ঠৰ আড্ডাত আমিও বহাৰ বিৰল সুযোগ পাওঁ৷ ধোঁৱাই চকুত ধৰিলে লাহেকৈ উঠি যাওঁ৷
 
আইতাই কৰাইগুড়ি, পিঠাগুড়ি খুন্দে৷ পাৰোঁ-নোৱাৰোঁ আমিও লগতে দুই-এচাব ঢেঁকী দি চাওঁ৷ বেঞ্চ এখনৰ এমূৰে ডিফুৰ পৰাই লৈ যোৱা মেছিনটো লগাই পেহীহঁতে ছেৱৈ পেৰে৷ মায়ে শিকাই দিয়ে৷ ৰ’দ পৰি থকা তাঁৰকেইডালত কেঁচা ছেৱৈবোৰ মেলে৷ তলত খবৰ কাগজ পাৰি দিয়ে৷ হেণ্ডেলডালত ধৰি কোনোবা এজনীয়ে ঘূৰাই থাকে, আন এজনীয়ে খচি লোৱা ময়দাৰ বলবোৰ হাতৰ বুঢ়া আঙুলিৰে হেঁচুকি হেঁচুকি ভৰাই থাকে৷ অভ্যাস নথকাত কেতিয়াবা আঙুলিত চেঁপাও খায়৷ ৰাতি আমি শুৱাৰ পিছত মাহঁতে নাৰিকলৰ পিঠা, লাড়ু, কটা নিমকি, তেল পিঠা, কৰাইগুড়িৰ লাড়ু, নানখাটা, কে’ক; তৰা, পান আৰু বৰফিৰ সাঁচত কণী-খেজুৰ, মিঠা-পোলাও আদি বিধে বিধে ঈদৰ নাস্তাপাতি তৈয়াৰ কৰে৷ টোপনি নধৰাত পাকঘৰলৈ উঠি আহোঁ৷ তাৰ বাবে কথা শুনিবলগীয়া হয় ঠিকেই, পিছে অলপ পিছতে আইতাৰ কৃপাত গৰমে গৰমে দুই-এটা নাস্তা চোবাবলৈ পাওঁ৷ মৰটোপনিত পৰাকেইটাৰ ভাগ্যত কিন্তু সেই সুযোগ নঘটে৷ ইফালে ৰাতিপুৱা মছজিদলৈ যোৱাৰ আগে আগে খাই যাবলৈ চুঙা চাউল, বৰাভাত, দৈ, গুৰ… এইবোৰৰো যা-যোগাৰ চলে ককাৰ পৃষ্ঠপোষকতাত৷ তদনুৰূপ দুপৰীয়াৰ আহাৰৰো গধুৰ আয়োজন চলে৷
 
ঈদৰ আগ-সন্ধিয়া কাপোৰ ইস্ত্ৰি কৰাৰ পাল সৰু দদাইদেউৰ৷ পকা অঙঠা ভৰাই জোকাৰি জোকাৰি ইস্ত্ৰিটো তেওঁ গৰম কৰে৷ তাৰ আগেয়ে গাঁৱৰ কোন ঘৰে নিছিল সেইঘৰৰ পৰা ইস্ত্ৰিটো বিচাৰি আনেগৈ৷ ঈদৰ আগদিনা ইস্ত্ৰিটোৰো তত নথকা হয়৷ টেবুল লেম্পটোৰ ফিটাডাল ভালকৈ বঢ়াই দি ভাতখোৱা টেবুলখনতে দদাইদেৱে ঘৰৰ আটাইৰে পায়জামা-পাঞ্জাৱীবোৰ ইস্ত্ৰি কৰি কৰি ভাঁজ দি যায়৷ কাম শেষ হ’ল কি নহ’ল ইস্ত্ৰিটো নিবলৈ ওচৰৰে কোনোবাজন ইতিমধ্যে হাজিৰ হয়হি৷ নক’লেও হয় যে একেটা ইস্ত্ৰিয়েই গাঁওখন ভ্ৰমি ফুৰে৷
 
ঈদৰ পুৱা ঘৰখনত বেছ খদমদম লাগে৷ সোনকালে উঠিব লাগে৷ ডাঙৰবোৰে দাড়ি খুৰায়৷ কোনো কোনোৱে নখ কাটে৷ গা-পা ধুই পৰিষ্কাৰ সাজ পিন্ধি, গাত আঁতৰ সানি সকলোটি ওলায়৷ তাৰ মাজৰে পলম কৰি থকাকেইটাই গালি খায় আৰু সিয়ে পিছলৈ আমাৰ বাবে ৰগৰৰ বিষয় হৈ পৰে৷ একেলগে আহাৰ খোৱা, ডাঙৰক মান্যানুসাৰে সেৱা কৰা, ঈদ বুলি বিভিন্নজনে মৰমতে আমাৰ হাতত গুজি দিয়া টকাকেইটা সযতনে ৰখা, সমূহীয়া নামাজ পঢ়িবৰ বাবে টেঙাপুখুৰী মছজিদলৈ সকলোটি সদলবলে খোজ কাঢ়ি কাঢ়ি যোৱা… অনন্ত উৎসাহৰ যেন প্ৰতিফলন ঘটে ঈদৰ দিনা ৰাতিপুৱা৷
 
এটা সময়ত ডাঙৰবোৰৰ লগতে আমিও তেতিয়াৰ সেই সৰু মছজিদটোত প্ৰৱেশ কৰোঁগৈ৷ মায়ে দি পঠোৱা পইচাকেইটা বিভিন্ন শিতানত মুক্তহস্তে দি দিওঁ৷ কাবা শ্বৰীফৰ ফালে মুখ কৰি ইমামৰ পিছত শাৰী পাতি থিয় হওঁ৷ ডাঙৰক অনুসৰণ কৰি পৱিত্ৰ ঈদৰ নামাজ দুই ৰাকাত আদায় কৰোঁ৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments