ঈশ্বৰে তেওঁক মুক্তি দিয়ক -( মৌচুমী দাস)

ঈশ্বৰে তেওঁক মুক্তি দিয়ক
– মৌচুমী দাস৷

আচামীৰ মন্তব্য শুনি গোটই কোঠালিটোত হৈ চৈ লাগিল৷
“অৰ্ডাৰ অৰ্ডাৰ Silent please! “ ― মুখ্য বিচাৰকজনে নিৰ্দেশ দিলে৷
: So, Mr. Nath আপুনি বিশ্বাস কৰেনে যে ― আপুনি নিৰ্দোষী?
: হয় ডাঙৰীয়া, মই নিৰ্দোষী৷
…… কেতিয়াবা এটা ঘটনাৰ লগত সাঙোৰ খাই থাকে আন কেতবোৰ ঘটনা৷ এটা দৃশ্যই মানসপটলৈ লৈ আনে বহু দৃশ্য আৰু তেনে এটা দৃশ্যই মোক কেতিয়াবা লৈ যায় এনে এটা অতীতলৈ, য’ৰ পৰা উভতি অহাতো মোৰ বাবে কষ্টকৰ হৈ পৰে৷ মোৰ ভাৱনাত এতিয়া মাত্ৰ এখনেই ছবি …..শ্ৰীযুত নৈবদ্য বেনাৰ্জী৷
২৪ ফেব্ৰুৱাৰী ১৯৮৯৷ ষ্টেচন পোৱাত ট্ৰেইনখন ৰ’ল৷ ট্ৰেইনখনৰ পৰা নামিল এজন ৪৫-৫০ বছৰীয়া ব্যক্তি৷ ট্ৰেইনখনৰ পৰা আন বহু যাত্ৰী নামিছিল কিন্তুু বিশেষকৈ তেওঁৰ ওপৰতহে মোৰ চকু নিবদ্ধ হ’ল৷ মানুহজনৰ পিন্ধনত আছিল দীঘল কোট, কলা বৰণৰ ট্ৰাউজাৰ আৰু মুখত এটা মস্ত চিগাৰেট, ঠিক মই প্ৰতীক্ষা কৰি থকা মোৰ প্ৰিয় বন্ধু নৈৱদ্যৰ দৰে৷ প্ৰথমে এটা হাঁহি মাৰি তেঁৱেই মোক সম্ভাষণ জনালে৷ সাধাৰণতে যোৱা ৪৭ টা বছৰতে মোৰ ক্ষেত্ৰত এনেকুৱা কেতিয়াও হোৱা নাই যে কোনোবাই মোক প্ৰথম সম্ভাষণ জনাইছে৷ কিন্তুু নৈবদ্যৰ কথা অলপ বেলেগ৷ সি মোতকৈ fast৷ মই যদি ডালে ডালে, সি পাতে পাতে৷ হয়তো সেয়াই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল যে মই তাক অসমলৈ মতাই আনিছিলোঁ৷
এটা বিশেষ উদ্দেশ্য আগত ৰাখি আমি সেই দিনটোত আয়োজন কৰিছিলো এখনি সভা, উদ্যোগপতিসকলৰ তৰফৰ পৰা৷ যাৰ ভিতৰত বহুতেই নিজৰ মূলধন সঞ্চয় নকৰি অনুদানৰূপে দিব বিছাৰিছিল বহু দৰিদ্ৰক, নিঃস্বাৰ্থে৷ কিন্তুু বহুতো এনে লোক আছিল যি নিজৰ কৰৰ ৰেহাইৰ বাবেহে এই প্ৰতিষ্ঠানটিৰ সৈতে জড়িত হ’ব বিচাৰিছিল৷ প্ৰতিষ্ঠানটিৰ নাম দিয়া হৈছিল ’এমুঠি জোনাক’৷ উদ্যোগপতিসকলৰ ভিতৰত শ্ৰেষ্ঠৰূপে মই বিশেষ জনপ্ৰিয় আছিলো৷ সেইবাবে প্ৰতিষ্ঠানটোৰ সভাপতিত্বৰ দায়িত্ব মোক অৰ্পণ কৰা হৈছিল৷ কিন্তুু মোৰ দৃষ্টিত উপযুক্ত আছিল অইন এজন ব্যক্তি, মোৰ বাল্যকালৰ, যৌৱনৰ বন্ধু নৈৱদ্য৷ তেনে এক প্ৰেক্ষাপটতে অসমলৈ মই আমন্ত্ৰণ জনাইছিলো ৰাজনীতিবিদ তথা সমাজ সংস্কাৰক নৈৱদ্য বেনাৰ্জীক৷
কৰ্মসূত্ৰে মই কলিকতাৰ বাসিন্দা আছিলো৷ কিন্তুু জন্মসূত্ৰে আছিলো অসমীয়া৷ ২৯৬৭ চনৰ ৫ মাৰ্চত, সম্পূৰ্ণ ৩৫ টা বছৰ কলিকতাত থাকি মই উভতি আহিছিলো নিজৰ গৃহভূমিলৈ, অসমলৈ৷ তেতিয়াৰ দিনবোৰ মধুৰ নাছিল৷ বন্ধু-বান্ধৱ আত্মীয়ৰ পৰা দুৰত থাকি মই সুখ অনুভৱ কৰা নাছিলো৷ কিয় জানো মোৰ এনে লাগিছিল যেন এইখন ভূমিত মই ধূলিৰ সৈতে মিহলি হৈ যাম৷ সময়ৰ লগে লগে সকলো সঠিকভাৱে হৈ গৈছিল৷ অভ্যস্ত হৈ পৰিলো মই৷ এবছৰৰ পিচত কলিকতাৰ পৰা মোৰ পত্নী, পুত্ৰ আহিছিল আমাৰ নতুন গৃহলৈ৷ তেতিয়া মোৰ একমাত্ৰ পুত্ৰ জিতুমণি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ৷ তাক নতুন স্কুলত নাম লগাই এসময়ত মই আহৰি পীইছিলো৷ সময়ৰ লগে লগে সি ডাঙৰ হৈ অহাত মই আহৰি পাইছিলো তাৰ প্ৰতি থকা দায়িত্বৰ পৰা৷ সকলো ঠিকেই চলি আছি মোৰ জীৱনত৷ কিন্তুু কেতিয়া জানো সকলোবোৰ শেষ হৈ গ’ল! ! ……
: আপুনি কিছু আৱেগিক হৈ পৰিছে Mr. Nath.
: তিনি ঘণ্টাৰ বিৰতি৷ আবেলি ১- ৩০ ত পুনৰ বিচাৰ আৰম্ভ হ’ব৷ অৰ্ডাৰ… অৰ্ডাৰ…
বিচাৰপতি আসন এৰি বাহিৰলৈ ওলাই গ’ল৷ বাকী সকলোৱে ইটো-সিটো আলোচনা কৰি বাহিৰ ওলাল৷
… ’তেজৰ সম্পৰ্কই সকলো’ এয়া মোৰ ধাৰণা আছিল৷ কিন্তুু আজি মই অনুভৱ কৰোঁ- মোৰ ধাৰণা কিমান ভুল আছিল৷ মোৰ পুত্ৰ তেতিয়া সংবিধানৰ মতে প্ৰাপ্তবয়স্ক ৰূপে স্বীকৃতিপ্ৰাপ্ত৷ সৰুৰে পৰা সি মোক দেখি আহিছে দিনটোৰ বেছিভাগ সময় উদ্যোগটোৰ সৈতে জড়িত হৈ থকা৷ ১৯ বছৰীয়া হোৱাৰে পৰা সিও মোৰ লগতে কলেজ বন্ধৰ দিনত প্ৰায়ে যোৱা হ’ল৷ তাক কিছুমান কাম মই উপযাচিয়ে শিকাই দিছিলোঁ৷ সি মোৰ ব্যক্তিগত উদ্যোগটোৰ ভৱিষ্যতৰ উত্তৰাধিকাৰী আছিল৷ সেয়ে তাক মই কোনে ধৰণৰ বাধা, কোনো ধৰণৰ অভাৱৰ সন্মুখীন হ’বলৈ দিয়া নাছিলো৷
: নৈৱদ্য বেনাৰ্জীৰ বিষয়ে আপুনি কি কয়?
: তেওঁ বিৰাট ভাল মানুহ আছিল৷ লগতে মোৰ বাল্যকালৰ বন্ধু আছিল৷ তেওঁৰ বাবে মই দুঃখিত৷
: সঁচাকৈয়ে নেকি? সাধাৰণতে মানুহে নিৰ্দোষী প্ৰমাণিত হ’বৰ বাবে এইবোৰ কৈয়েই৷
: এয়া আপুনি কি কৈছে?
: কওক নাথ, তেওঁ আপোনাৰ দেউতাৰ দ্বিতীয় পত্নীৰ সন্তান নাছিলনে?
: এই কথাটোৰ কি সম্বন্ধ আছে ইয়াৰ লগত?
: সম্বন্ধ আছে৷ কওক নাথ?
: অ’ আছিল৷ তেওঁ মোৰ মাহীমাৰ সন্তান আছিল৷
কথাষাৰে গোটেই কোঠাটো ৰজনজনাই গ’ল৷ দৰ্শকৰ মাজত হৈ চৈ লাগিল৷ পুনৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিল কোঠাটোৰ পৰিৱেশ৷
… ১৯৮৯ চন, ৩০ ফেব্ৰুৱাৰী তাৰিখে আমাৰ প্ৰতিষ্ঠান ’এমুঠি জোনাক’ৰ কাৰ্যালয় গঢ়ি উঠিছিল৷ শ্ৰীযুত নৈৱদ্য বেনাৰ্জীৰ সম্পাদনাত সম্পূৰ্ণ নিখুঁতভাৱে আৰম্ভ হৈছিল ’এমুঠি জোনাক’৷ জনসমাগমো হৈছিল বহুত৷ দীন পৰিয়ালৰ ল’ৰা-ছোৱালীসকলক শিক্ষা দিয়াৰ বাবে দায়িত্ব লৈছিল প্ৰতিষ্ঠানটোৱে৷ সেই অনুপাতে মূলধনো জমা হৈছিল বহুত৷ মূলধন জমা ৰখাৰ দায়িত্বভাৰ মোৰ ওপৰত জাঁপি দি নৈৱদ্য গুছি গৈছিল কলিকতালৈ কাৰণ ছাত্ৰসকলে তেওঁৰ অনুপস্থিতিত অনতিপলমে পুনৰ উপস্থিতিৰ কামনা কৰি চিঠিও লিখিছিল বহুত৷ তেওঁ গুছি যোৱাৰ পিচতে মোৰ এটা হাৰ্ট ষ্ট্ৰ’ক হৈছিল৷ সেই কাৰণতেই সম্পূৰ্ণ চাৰিটা মাহ মই কামৰ পৰা বিৰতি ল’লো৷ ফলত দায়িত্ববোৰ আহি পৰিল মোৰ পুত্ৰ জিতুজিতৰ ওপৰত, যি মাত্ৰ কিছুমাহ পূৰ্বে সমাজশাস্ত্ৰত এম.এ লৈ ডিগ্ৰীধাৰী হৈছিল৷ মোৰ সম্পূৰ্ণ বিশ্বাস আৰু কামনাৰে তাক মই মোৰ আসনত বহুৱাইছিলো৷ আশা আছিল সি সকলো কাম নিয়াৰিকৈ চলাব৷
এই কামটোত বিশেষভাৱে সহায় কৰিলে নৈৱদ্যই৷ মোৰ অসুখৰ কথা শুনি সি পিছদিনাই ওলালহি অসম৷ সেইদিনাৰে পৰা কামবোৰ শেষ নোহোৱালৈকে সি উভতি নগ’ল৷ ময়ো ৫ টা মাহৰ পিছত সম্পুৰ্ণ সুস্থ হৈ অফিচলৈ আহিব পৰা হ’লো৷ ইতিমধ্যে জমা পুঁজিৰ এটা অংশৰে তিনিখন বিদ্যালয় নিৰ্মাণ হৈ উঠিছিল৷ দিন-বাৰ চাই স্কুল তিনিখনৰ উদ্ ঘাটন কৰা হ’ল, শিক্ষকক নিযুক্তি দিয়া হ’ল, ল’ৰা-ছোৱালী গোটোৱা হ’ল৷ সাধাৰণতে দীন, অশিক্ষিত পৰিয়ালৰ ল’ৰা-ছোৱালীক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰাটো এটা ডাঙৰ প্ৰত্যাহ্্বন আছিল৷ কিন্তুু সময়ত সকলো হৈ পৰিল৷ লাহে লাহে বৰঙনিৰ অনুপাতো বাঢ়ি আহিব ধৰিলে৷
১৯৯২ চনৰ ১৪ নৱেম্বৰ আছিল সেইদিনটো৷ সেইদিনাই শিশু দিৱস হিচাপে ল’ৰা-ছোৱালীবোৰে ফূৰ্তি তামাছা কৰি থাকোঁতে অকস্মাৎ জালুকবাৰীৰ সমীপত থকা ব্যক্তিগত বিদ্যালয়ৰ এখন ছাদ ভাগি সিহঁতৰ ওপৰত পৰিল৷ দুজন নিহত হ’ল৷ আনহাতে আহতসকলক চিকিৱসালয়লৈ প্ৰেৰণ কৰা হ’ল৷ বাহিৰৰ পৰাও ডাক্তৰ মাতি অনোৱা হ’ল৷ এই অঘটনটোৰ সুযোগ লৈয়ে আমাৰ বিপৰীত পক্ষই মূৰ দাঙি থিয় হ’ল৷ পুলিচেও তদন্ত চলালে৷ শেষত নৈৱদ্যয়েই দোষী সাব্যস্ত হৈছিল৷ সম্পূৰ্ণ ২ টা বছৰ কাৰাবাস খাটিছিল নৈৱদ্যই৷ তাৰ দোষ আছিল ― সি টকাৰ হিচাপ সঠিকভাৱে মিলাব পৰা নাছিল৷ তেনে এটা দোষ নৈৱদ্যৰ গাত আহি পৰাত মই আচৰিত হৈছিলো৷ আচৰিত হৈছিলো নৈৱদ্যৰ স্বীকাৰোক্তি শুনি৷
: আপুনি নৈৱদ্যক নিজৰ ভাতৃৰূপে স্বীকাৰ কৰিছিল নে?
: সত্য সদায় সত্য৷ হয়তো মই নৈৱদ্যক মোৰ ভাতৃৰূপে স্বীকাৰ কৰিলোহেঁতেন যদিহে সৰু অৱস্থাতে কথাবোৰ মই গম পালোহেঁতেন৷ কিন্তুু বুজিব পৰা বয়সত কথাবোৰ গম পোৱাত সমাজৰ আগত মোৰ সন্মান হানি হ‘ব বুলি মই তাক মোৰ ভাতৃ বুলি পৰিচয় দিয়া নাছিলো৷ সি মোৰ বন্ধু আছিল, বাল্যকালৰ৷
: নৈৱদ্য বেনাৰ্জীয়ে আপোনাৰ কি অনিষ্ট কৰিছিল?
: … … …
: কওঁক নাথ! আপুনি তেওঁক কিয় হত্যা কৰিলে?
: … … …
: Mr. Nath! !
’নৈৱদ্যক মই হত্যা কৰা নাছিলো৷ মই কেতিয়াও তেনে কথা ভাৱিব নোৱাৰো৷ হয়তো আইনৰ মতে এয়াই৷ কিন্তুু নৈৱদ্যৰ বাবে এয়া আছিল মুক্তি৷ কাৰাবাসৰ পৰা ওলাই অহাৰ পিচত নৈৱদ্যই কি পালে? মাত্ৰ নিন্দা, নিন্দা আৰু নিন্দা৷ নিজৰ অধ্যক্ষ পদৰ পৰা তাক বহিষ্কাৰ কৰা হ’ল৷ ’ঘোচখোৰ’ নাম পালে সি৷ পৰিয়ালে তাক ত্যাগ দিলে৷ ইয়াৰ ফলত সি বলিয়াৰ দৰে হৈ পৰিছিল৷ কিন্তুু দোষটো জানো তাৰ আছিল? নৈৱদ্যই জানিছিল মোৰ পুত্ৰৰ সত্য৷ ময়ো ধীৰে ধীৰে বুজি উঠিছিলো৷ দোষটো আছিল মোৰ পুত্ৰৰ৷ সি তাৰ শাল্তিও পালে৷ ড্ৰাগছে তাক ধ্বংস কৰি দিলে, যি ড্ৰাগছৰ বাবে এদিন সি নৈৱদ্যক ফাঁকি দি স্কুল নিৰ্মাণৰ টকা হেৰ- ফেৰ কৰিছিল৷ Mentle ASYLUM-ত ভৰ্তি হৈ আছে সি৷ হয়তো চিৰদিন থাকিব৷ সেইদিনা যেতিয়া মই নৈৱদ্যৰ মন্তব্য শুনিছিলো মই আচৰিত হৈছিলো৷ যি নৈৱদ্যক ময়ো সেই একেটা অভিযোগত জে’লত দিবলৈ প্ৰতিষ্ঠানটোৰ সম্পাদক পাতিছিলো, সেই নৈৱদ্যই যে মোৰ বাবে নিজৰ পৰিয়াল, সন্মান ত্যাগ কৰিব ― সেই কথা ভাৱি মই আচৰিত হৈছিলো৷ মাহীমাৰ বাবেই মোৰ নিজ মাতৃয়ে প্ৰাণ ত্যাগ দিছিল৷ এই কথা মই যেতিয়া গম পাওঁ, তেতিয়া মোৰ চাৰিওফাল দপদপকৈ জ্বলি উঠিছিল একুৰা তীব্ৰ অগ্নি আৰু মই সেই অগ্নিপিণ্ডত শক্তিশালী দৈস্যু হিচাপে গৰজি উঠিছিলো৷ হয়তো নৈৱদ্যইয়ো জানিছিল মোৰ মনৰ কথা৷ সেইবাবে হয়তো সি প্ৰায়ে মোক কিচুমান প্ৰশ্ন কৰিছিল, বিশ্বাসৰ প্ৰশ্ন৷ কাৰাবাসৰ পৰা ওলাই আহি সি প্ৰথম মোকেই লগ ধৰিছিল৷ মই তাক সুধিছিলো ― সি কিয় এনে কৰিলে৷ উত্তৰত সি ক’লে ― “ তোমাৰ পুত্ৰপ্ৰেমৰ বাবে, আমাৰ বন্ধুত্বৰ বাবে৷ “ পুত্ৰপ্ৰেমত বলিয়া আছিলো মই৷ হয়তো সেয়া নৈৱদ্যও জানিছিল ৷ হয়তো সি ভাৱিছিল মইয়ে তাক জে’ললৈ পঠিয়াইছো ― ষড়যন্ত্ৰ কৰি৷ সত্যও আছিল যে মই তাক পঠিয়াবৰ বাবে যো-জা চলাইছিলো৷ কিন্তুু সেয়া মাত্ৰ আধৰুৱা প্ৰস্তুতি হৈ ৰ’ল৷ মোৰ পুত্ৰৰ কু-ৰূপৰ বিষয়ে মই উমান পালো৷ তেতিয়া মোৰ খং, ইমান দিনৰ আগ্নেয়গিৰি যেন পলকতে চেঁচা হৈ গ’ল৷ কিন্তুু এটা আক্ষেপ থাকি গ’ল৷ সি সুস্থ অৱস্থাত মোৰ স্বীকাৰোক্তি শুনিবলৈ নাপালে৷ মই তাক ক’ব নোৱাৰিলো যে তাক জে’লত মই ষড়যন্ত্ৰ কৰি পঠিওৱা নাছিলো৷ সেয়া আকস্মিকতাহে আছিল৷ সি এতিয়া মুক্ত৷ মই তাক মুক্ত কৰি মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰিলো, তাৰ দেহৰ তেজেৰে নিজৰ হাত ৰাঙলী কৰি৷ ঈশ্বৰে তাক মুক্তি দিয়ক৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ককায়েৰ
4 years ago

ৱাহ!!!