ঈশ্বৰৰ ওপৰত মানুহৰ প্ৰবৃত্তিৰ প্ৰভাৱ – কবীন্দ্ৰ ডেকা

যেতিয়া কোনো ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰীয়ে বিশ্বৰ বৃহৎ অংশ জুৰি মানুহৰ জীৱন-যাত্ৰা বিপৰ্যস্ত আৰু অনিশ্চিত কৰি তোলে, তেতিয়া মানুহৰ চিন্তা-ধাৰণা,মন-উপলব্ধিবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে এক বিশেষ ৰূপত ঈশ্বৰকেন্দ্ৰিক হৈ পৰাটোও পৰিলক্ষিত হৈ আহিছে। বিপৰ্যয়ৰ কাৰণ আৰু সমাধানৰ ক্ষেত্ৰত বৌদ্ধিকভাৱে উৎকৰ্ষিত মানুহৰ মেধা-কৌশল-জ্ঞান-চিন্তাৰ বিজ্ঞানসন্মত চৰ্চাৰ উৎকৰ্ষণে আনিব পৰা সাফল্যৰ প্ৰতি প্ৰগতিশীল নাগৰিক-সমাজে পোষণ কৰা আস্থাৰ উৰ্দ্ধত, অথবা ধৰ্মশাস্ত্ৰ,ধৰ্মগুৰু,ধৰ্মপ্ৰৱৰ্তক,ধৰ্মীয় আচাৰ,ধৰ্মীয় বাণীসমূহকে ধৰি উপাস্য দেৱ-দেৱী তথা মাহাত্ম্যধাৰী ভগৱান-স্বৰূপ মহাপুৰুষসকলৰ পৰা আহৰিত ধৰ্মভিত্তিক জ্ঞানচৰ্চাৰ উৎকৰ্ষণে আনিব পৰা সাফল্যৰ প্ৰতি ধৰ্মশীল নাগৰিক-সমাজে পোষণ কৰি অহা আস্থাৰ উৰ্দ্ধত, মানুহে যিটো ‘পৰমসত্তা’ক প্ৰকৃতি আৰু মানুহৰ নিয়ন্তাৰূপে অনুভৱ কৰিবলৈ লয়, সেই মহাসত্তাই হৈছে ‘ঈশ্বৰ’।

এনে অনুভৱ-প্ৰসূত ‘ঈশ্বৰ’ক কোনো ব্যক্তিসত্তাৰ ৰূপত নামানি ‘প্ৰকৃতি’ বা ‘প্ৰকৃতিস্থ আসক্তি ( natural tendancy) ৰূপত মানি হ’লেও প্ৰকাৰান্তৰে জড়বাদী বা নাস্তিকতাবাদীসকলে আমাৰ এই পৰিদৃশ্যমান জগতখনৰ আঁ‌ৰত থকা ‘ৰহস্যময় শক্তি’ৰ অস্তিত্বক স্বীকাৰ কৰে। পাৰ্থক্যটো হয়তো এইয়াই যে, আস্তিকসকলে মানুহৰ পাপ-পুণ্যৰ বিচাৰ-কৰ্তাৰূপেও ‘ঈশ্বৰ’ৰ ওপৰত আস্থা ৰাখে, আৰু ঈশ্বৰৰ বাণী-আজ্ঞা-নিৰ্দেশনাবোৰ মানৱ-সমাজলৈ প্ৰেৰণ কৰাৰ অৰ্থে ‘ঈশ্বৰৰ দূত’ৰূপে মানুহৰ ৰূপত একোগৰাকী পথ-প্ৰদৰ্শকক নিয়োজিত কৰাৰ বিশ্বাসেৰে ধৰ্মীয়-পন্থা একোটাক ঈশ্বৰ-প্ৰদত্ত বুলি গণ্য কৰে, যিটো জড়বাদী-নাস্তিকতাবাদী বা জৈৱ-বিৱৰ্তনবাদী বিজ্ঞানৰ যুক্তি-ক্ষেত্ৰখনত থল নাথাকে। এই নিৰীশ্বৰবাদী ধ্যান-ধাৰণাৰ ভিত্তিত হয়তো বিজ্ঞানসন্মত জিজ্ঞাসা আৰু জ্ঞানৰ অনুশীলনেৰে প্ৰকৃতিৰ বহু ৰহস্য উদ্ঘাটন হৈ থাকিব পাৰে, বহু সত্যৰ সন্ধানো ওলাই থাকিব পাৰে, হয়তো জনমুখী চিন্তা-দৰ্শন-কাৰ্য-কৌশলেৰে সৰ্বজনহিতকৰ তন্ত্ৰৰ জৰিয়তে মানুহৰ কল্যাণমূলক বহু কাম সাধিত হৈ থাকিবও পাৰে, কিন্তু এই ঈশ্বৰবিহীন ধাৰণাৰ ভিত্তিত গঢ় লোৱা জ্ঞান আৰু তন্ত্ৰই প্ৰাকৃতিক দুৰ্যোগ তথা অপ্ৰত্যাশিত ভয়ংকৰ পৰিঘটনাৰ পৰা মানুহক স্থায়ীভাৱে নিষ্কৃতি দিয়াৰ লগতে, সমগ্ৰ মানুহৰ মনৰ পৰা হিংসা-দ্বেষ- ঈৰ্ষা-অহংকাৰ-শোষণ-ভণ্ডামি আদি আসুৰিক আৰু পৈশাচিক প্ৰবৃত্তিবোৰ সমুলঞ্চে আঁ‌তৰাই পেলাব পাৰিব বুলি মুঠেও পতিয়ন যাব নোৱাৰি।
দ্বিতীয়তে, দৃষ্টি-শ্ৰৱণ-ঘ্ৰাণ-স্বাদ-স্পৰ্শজনিত আমাৰ ইন্দ্ৰিয়গ্ৰাহ্য অনুভৱৰ ভিত্তিত, কোনো ৰূপ- ধ্বনি-আকাৰ-আকৃতি-সংস্পৰ্শ-সংযোগৰ দ্বাৰা ‘ঈশ্বৰ’ৰ স্থিতিৰ প্ৰমাণ সাব্যস্ত কৰিব নোৱাৰাৰ বাবে ‘ঈশ্বৰ’ নামৰ ব্যক্তিসত্তা এটিক অস্বীকাৰ কৰিব পাৰিলেও সৃষ্টি-স্থিতি-প্ৰলয় তথা মানুহৰ কৰ্মফল, জীৱৰ জীৱদ্দশা, পদাৰ্থৰ ক্ৰিয়া-বিক্ৰিয়া-প্ৰতিক্ৰিয়াৰ আঁ‌ৰত থকা অদৃশ্য-অশ্ৰুত- অস্পৰ্শ্য-ঘ্ৰাণাতীত-স্বাদাতীত কাৰক বা অনুঘটক ৰূপে এক ৰহস্যময় মহা-আসক্তি বা মহাসত্তাৰ অস্তিত্বক অস্বীকাৰ কৰিব নোৱাৰি। আনুভুতিক অৰ্থত সেই মহাসত্তাৰ নামেই হৈছে ঈশ্বৰ।
তৃতীয়তে, ধৰি ল’লোঁ‌ ‘ঈশ্বৰ’ হৈছে আমাৰ পূৰ্বজ মনীষীসকলৰ ভাৱনা-কল্পনাৰ মন্থনত সৃষ্ট এটি কল্পিত ৰূপ; তেনেক্ষেত্ৰতো আমি ঈশ্বৰৰ ধাৰণাটোক ভিত্তিহীন বা অৱমূল্যায়িত কৰিব নোৱাৰোঁ‌। কাৰণটো হ’ল এই যে, ‘০’, ‘১’, ‘২’, ‘৩’, আদি সংখ্যাবোৰ আৰু ‘অ’, ‘আ’, ‘ক’, ‘খ’ আদি আখৰবোৰ তাহানিতেই তীক্ষ্ণধী মনীষীসকলে ভাৱি উলিয়াই একোটা ৰূপ দি লৈছিল, সেইবোৰ অস্বীকাৰ কৰি লৈ কল্পনা কৰোঁ আহকচোন মানৱ-সভ্যতাৰ ইতিহাস আজি কি স্তৰত স্থবিৰ হৈ ৰ’লহেঁ‌তেন। সংখ্যাৰূপী এই প্ৰতীকবোৰৰ অবিহনে গণিত-শাস্ত্ৰৰ জটিল সূত্ৰ-সংজ্ঞা, জ্যামিতিক সম্পাদ্য-উপপাদ্যবোৰৰ আৱিষ্কাৰৰ কথা বাদেই, আমি আমাৰ দৈনন্দিন জীৱন-যাত্ৰাত এই সংখ্যাবোৰৰ লগতে যোগ-বিয়োগ-পূৰণ-হৰণৰ প্ৰয়োগ নকৰাকৈ থাকিব পৰাটো ভাবিবই নোৱাৰি; সেইদৰে আখৰ অবিহনে আমাৰ জ্ঞান-জগত, গ্ৰন্থজগতকে ধৰি সংযোগ-সংস্কৃতিৰ ক্ষেত্ৰবোৰৰ অৱস্থাৰ কথা এবাৰ কল্পনা কৰিলেই এই ভাৱ-প্ৰসূত আৱিষ্কাৰৰ মূল্যও হৃদয়ংগম কৰিব পৰা যাব।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, বৌদ্ধিক সংস্কৃতিৰ এই ভাৱসমৃদ্ধ অভিলাসবোৰৰ প্ৰাচীন নিদৰ্শন ভিন ভিন ভৌগোলিক অৱস্থান সাপেক্ষে ভিন্ ভিন্ ভাষাত পৰিলক্ষিত হয়, আৰু এই লিপিৰ নমুনাবোৰৰ অৱলম্বনতেই পৃথিৱীৰ ভিন্ ভিন্ অঞ্চল আৰু ভাষাত সাহিত্য-সংস্কৃতি-শিল্প-বাণিজ্যৰ উত্তৰোত্তৰ সমল-সমৃদ্ধিৰ পথ প্ৰশস্ত কৰি আহিছে। আমাৰ নিজৰ ভাষা অনুসাৰে আমি শিকি অহা সেই সংখ্যা আৰু বৰ্ণবোৰৰ ৰূপবোৰ আৰু ক্ৰমবোৰ আমি যদি এতিয়া নিজৰ ইচ্ছামতে যধে-মধে সলাই লওঁ‌, তেনেহ’লে আমি আমাৰ নিজস্ব চিন্তা-ভাৱনা-বক্তব্য-অনুভৱবোৰ আনে বুজি পোৱাকৈ প্ৰকাশ কৰিবলৈ নিশ্চয়কৈ অসমৰ্থ হৈ পৰিম, সেইদৰে আনৰ জ্ঞান-মেধা-চিন্তা-অনুভুতিখিনিকো আমি বুজি উঠিব নোৱাৰা হ’ম। গতিকে, উত্তৰ-প্ৰজন্মৰ হিত-সুচলতাৰ অৰ্থে উদ্ভাৱক-প্ৰৱৰ্তক বা পূৰ্বজ মনীষীসকলে যি সাঁ‌চত একোটা বৰ্ণ বা অংকক নিৰ্দিষ্ট ৰূপ দি আমাক সুপৰিচিত কৰাই আনিছে, সময়ৰ প্ৰয়োজনত তাৰে কিঞ্চিৎ সাল-সলনি, সংযোজন-বিয়োজন হ’লেও সেইয়া যথোচিত উপযোগিতা সাপেক্ষেহে হ’ব লাগিব, আৰু তাক সৰ্বজনবিদিত কৰোৱাৰ ব্যৱস্থাও কৰিব লাগিব। জ্ঞান আৰু প্ৰজ্ঞাৰ উৎকৰ্ষনৰ ধাৰাত ন ন সংযোজন আৰু বিয়োজনৰ কথাটো গ্ৰহণ কৰিও কিন্তু মূল ৰূপ আৰু শৈলীটো সংৰক্ষিত হৈ নাথাকিলে পৰৱৰ্তী কালত উদ্দেশ্যপ্ৰণোদিতভাৱে কোনো কোনো ব্যক্তিয়ে নিজ নিজ অভিসন্ধি লৈ বিকৃতি ঘটোৱাৰ সম্ভাৱনাও বাঢ়ি গৈ থাকিব, আৰু এনেকৈয়ে এটা সময়ত আচল-নকলৰ চিন পাবলৈ উপায় নাইকিয়া হ’বগৈ। লিপিৰ প্ৰতীকবোৰৰ দৰেই তত্ত্ব-তথ্যৰ এনে বিকৃতি-বিভ্ৰান্তিৰ ফল বহুত ভয়ানক হৈ উঠিব পাৰে। সেয়েহে, পূৰ্ব-আৱিষ্কৃত বা উদ্ভাৱিত কোনো কথা বা তত্ত্বৰ মাজত কিবা অভাৱ-আঁ‌সোৱাহ-ত্ৰুটি-সংশয় থাকিলেও সেইবোৰ গাপ দি থৈ, ন ন সংযোজন-বিয়োজন-চ্যুতি-বিচ্যুতি-অপব্যাখ্যা-স্বসৃষ্ট ব্যাখ্যাৰে মূল কথাটোক নতুন ৰূপত প্ৰদৰ্শন কৰাব বিচৰাটো ঠিক কথা নহয়। কাৰোবাৰ বোধগম্যতাৰ দোষত, কাৰোবাৰ পক্ষপাতদুষ্ট মনোবৃত্তিৰ দোষত, কাৰোবাৰ ৰুচি- অভিৰুচি-মন-মতৰ বিসংগতিৰ ফলতো মূল তত্ত্ব বা কথাৰ প্ৰকৃত বাৰ্তাখিনি হৃদয়ংগম নহ’ব পাৰে, যিটো আন কোনো এজনৰ দ্বাৰা সঠিকভাৱে অনুধাৱিত হ’ব পাৰে। সেয়ে মূল বা আদি ৰূপটো একে ৰাখি আনুষংগিক, উপজাত বা সংশ্লিষ্ট ব্যাখ্যা- টীকা- পৰ্যালোচনা- সমালোচনাকে ধৰি নিজস্ব অনুভৱ-উপলব্ধিগত সৃষ্টিসমূহ আগুৱাই নিব লাগে। কোনো এক অসাধাৰণ কৃতিত্ব-ব্যক্তিত্ব-প্ৰতিভা-সাম্যৰ্থ-ত্যাগ -সাধনাৰ অধিকাৰী ব্যক্তিৰ সৃষ্টি-কৃতিৰ সৈতে পৰিচিত হ’ব পৰাটো গৌৰৱৰ কথা, সেই ব্যক্তি তথা মৌলিক সৃষ্টিসমূহৰ প্ৰচাৰ-প্ৰসাৰ কৰাটো যশস্যাৰ কথা, সেই সৃষ্টি-অৱদানসমূহৰ ভিত্তিত নিজৰ মেধা-প্ৰজ্ঞা-চিন্তা-ধাৰণা খটুৱাই স্বতঃপ্ৰণোদিত বিচাৰ-বিশ্লেষণ-গৱেষণা-পৰ্যালোচনাৰে মূল সৃষ্টি-কৃতিসমূহত ন ন উপাদেয় সমল যোগ কৰি জ্ঞানৰ সম্প্ৰসাৰণ ঘটাব পৰাটো মহত্বৰ কথা; কিন্তু তাৰ বিপৰীতে জনমানসত সেই পুৰোধা বা পথ-প্ৰদৰ্শক ব্যক্তি তথা সৃষ্টি-কৃতিৰ প্ৰভাৱশালিতাকহে উপলব্ধি কৰি, জনসমাজৰ অজ্ঞতাৰ সুযোগ লৈ, মূল ব্যক্তিগৰাকীৰ সন্দৰ্ভত নিজৰ মনোমত চৰিত্ৰ-কাহিনী সুমুৱাই দি, অথবা মূল তত্ত্ব-তথ্য-বাণী-উক্তি-ধাৰণা- সিদ্ধান্তত নিজৰ মনোমত কথা সুমুৱাই দি, নিজৰ প্ৰবৃত্তি চৰিতাৰ্থ কৰিবলৈ যোৱাটো ভাল কাম হ’ব নোৱাৰে। বিড়ম্বনাৰ কথা এইটোৱেই যে, মনীষী এগৰাকীৰ জীৱনৰ পৰৱৰ্তী কালত ক্ৰমশঃ এনে পণ্ডিতালিৰ প্ৰকোপো বাঢ়ি গৈ থাকে বাবে জনমানসত মনীষী এগৰাকীৰ নামটোহে মৰ্যাদাপূৰ্ণভাৱে ৰৈ যায় যদিও ব্যক্তিগৰাকীৰ প্ৰকৃত মানসিক সত্তা বা অভিব্যক্তি হেৰাই যাবলৈ ধৰে; তাৰে ভিতৰত একোচাম গুণগ্ৰাহীয়ে অকপটভাৱে অবিকল চৰিত্ৰ অংকন কৰিব বিচাৰে যদিও আন একোচামে নিজৰ পচন্দমতে ৰহণ সানে বাবে বিভ্ৰান্তিৰ সূচনা নোহোৱাকৈ নাথাকে। আস্থা আৰু প্ৰভাৱজনিত মৰ্যাদাৰে অধিষ্ঠিত কোনো গ্ৰন্থ, দৰ্শন, পন্থা অথবা অন্যান্য সমল-সম্পদৰ ক্ষেত্ৰতো অভ্ৰান্ত জ্ঞানৰ সৈতে বিভ্ৰান্ত জ্ঞানৰ সংমিশ্ৰণো ঘটিয়েই থাকে। গণিত, বিজ্ঞান, ভূগোল আদিৰ জ্ঞানচৰ্চাত এই কাণ্ডবোৰ স্বাভাৱিকতে নঘটে, আৰু ঘটিলেও নিষ্ফল হৈ যোৱাৰ পথ এটা থাকে, কিন্ত ধৰ্মীয়- সামাজিক- ৰাজনৈতিক- অৰ্থনৈতিক- সাংস্কৃতিক- ঐতিহাসিক আদি ক্ষেত্ৰত এই ভ্ৰান্তি-বিভ্ৰান্তিৰ সংযোজন ঘটাৰ অধিক থল থাকে। মানুহৰ প্ৰবৃত্তিৰ প্ৰভাৱ পৰা কাৰণে ইতিবাচক দিশত উৎকৰ্ষনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বেও যথোচিত উৎকৰ্ষনৰ ধাৰাটো ব্যাহত হৈ কেতিয়াবা সমাজৰ বাবে হিতকৰ হৈ উঠা একোটা তত্ত্ব বা আদৰ্শও আন এটা সময়ত সমস্যাবহুল হৈ পৰে। ঠিক, ‘ঈশ্বৰ’-কেন্দ্ৰিক ধাৰণাটোও পূৰ্বজ মনীষীসকলে মানুহৰ অকল্যাণৰ উদ্দেশ্যে উদ্ভৱ বা আৱিষ্কাৰ নকৰিলেও, মানুহৰ ভিন্ ভিন্ প্ৰবৃত্তিৰ প্ৰভাৱ পৰি ঈশ্বৰৰ নামত কল্যাণ-অকল্যাণ দুয়োটাই সম্ভৱ হৈ উঠিছে।
সেয়েহে, ক’ব পাৰি যে, ‘ঈশ্বৰ’ক বিশ্বাস কৰাটোৱেই যথেষ্ট নহয়, বৰং মানুহে কেনে ধৰণৰ চিন্তা-মানসিকতা-উদ্দেশ্য-প্ৰবৃত্তি-জ্ঞান-উপলব্ধিৰে ‘ঈশ্বৰ’ৰ ভাৱমূৰ্তি মনলৈ আনে, শ্ৰদ্ধা-ভক্তি কৰে, প্ৰাৰ্থনা-উপাসনা কৰে, বিশ্বাস-নিৰ্ভৰ কৰে আদিহে গুৰুত্বপূৰ্ণ কথা। ধৰা হ’ল, এগৰাকী বিষয়াক সন্তুষ্ট কৰিবলৈ আপুনি এটা দামী মদৰ বটল যাঁ‌চিলে; ইফালে বিষয়াগৰাকীয়ে আকৌ মদৰ নামকে শুনিব নোৱাৰে। আপুনি যিমানেই সভক্তি-শিষ্টাচাৰেৰে এই উপঢৌকনটো আগবঢ়াই নিদিয়ক কিয়, তেওঁ‌ আপোনাৰ ওপৰত সন্তুষ্ট হোৱাৰ সলনি ৰুষ্টহে হ’ব। অৰ্থাৎ, বিষয়াজনৰ সন্দৰ্ভত আপুনি আপোনাৰ প্ৰবৃত্তিৰে কৰা পূৰ্বধাৰণাটো ভুল। এই দিশত চিন্তাটো কৰি আপুনি ঈশ্বৰৰ ক্ষেত্ৰত যে বিশ্বাসৰ নামত ভুলধৰণে বিশ্বাস কৰিব পাৰে, এবাৰ অনুভৱ কৰাটো ভাল। ঈশ্বৰে আপোনাৰ পৰা কি বিচাৰে, কি নিবিচাৰে, সেইয়া উপলব্ধি কৰিবলৈ আপুনি আপোনাৰ বৌদ্ধিক-আনুভুতিক-নৈতিক-মানসিক-সামাজিক-সাংস্কৃতিক-পাৰিবাৰিক-পাৰিপাৰ্শ্বিক অৱস্থা বা পৰ্যায়টোৰ ওপৰতেই নিৰ্ভৰ কৰে নিশ্চয়।
যিহেতু এই দিশবোৰৰ ক্ষেত্ৰত ভিন্ন ভিন্ন মাৰ্গদৰ্শক-গুৰু-নেতৃপক্ষ-কৰ্তৃপক্ষ-অভিভাৱকৰ পৰা ব্যক্তি একোজনে জন্মতেই লৈ অহা সহজাত প্ৰবৃত্তি-পৰম্পৰাকে ধৰি একান্ত ব্যক্তিগত ৰুচি-প্ৰবৃত্তি-মন-স্বভাৱলৈকে জুৰি বহু কাৰকেই মানুহক ভিন ভিন বিশ্বাস-ধাৰণাৰে ভাগ ভাগ কৰাই আনিছে বাবে বিবিধ ক্ষেত্ৰত ব্যক্তিভেদে, সমাজভেদে ধ্যান-ধাৰণাবোৰৰ পাৰ্থক্য থকাটো স্বাভাৱিক; কিন্তু তাৰ মাজেদিও সম্পদ একোটাৰ যথাৰ্থ উপযোগিতা, জীৱন একোটাৰ যথাৰ্থ মূল্যায়ন, জ্ঞান একোটাৰ যথাৰ্থ প্ৰয়োগৰ বিষয়ে ইতিবাচক সমলবোৰ যুগুতাই লৈ, মানুহে মানুহৰ হিতৰ বাবে চিন্তা কৰিব পাৰে, আৰু সেই একে ধৰণেই বিভিন্ন মাৰ্গৰ ধামখুমীয়াতো সজ উদ্দেশ্য আৰু আচৰণৰ জৰিয়তে ‘ঈশ্বৰ’ৰ মহত্বও উপলব্ধি কৰিব পাৰে। প্ৰতিটো কাৰ্যৰ ৰেহ-ৰূপ অনুসাৰে যথাবিহিত পৰিণাম যে অনিবাৰ্য, সেইটো কথা হৃদয়ংগম কৰিব নোৱাৰিলে ‘প্ৰকৃতিৰ মহা-আসক্তি’ক বুজি নোপোৱাৰ দৰে ‘ঈশ্বৰ’ক বুজি পোৱাটোও সম্ভৱ নহয়।
ঈশ্বৰ-বিশ্বাস’ৰ কথাটো আচলতে দুই ধৰণে চাব পাৰি-

(১)’ঈশ্বৰ’ৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাস আৰু (২) ‘ঈশ্বৰ-বিশ্বাস’ক এটা আদৰ্শ, তন্ত্ৰ বা দস্তুৰ হিচাবে সমাজত বৰ্তাই ৰাখি ব্যক্তিগত আৰু সামাজিক শান্তি-শৃংখলাৰ হকে শুভদায়ক বুলি পোষিত বিশ্বাস।

দুয়োবিধেই মানুহৰ ব্যক্তিগত আৰু সামাজিক সু-চৰিত্ৰ গঠন আৰু ব্যক্তি-সমাজ উভয়ৰ বাবে মংগলজনক জৈৱিক-জৈৱনিক প্ৰবৃত্তিবোৰক শত্ৰু বুলি নভবাকৈ, শৰীৰটোক মূল্যহীন বুলি নভবাকৈ ‘ঈশ্বৰ’ৰ মহত্বক অনুভৱ কৰিব পৰাটোহে শৰীৰধাৰী মানৱ-জীৱন একোটাৰ সাৰ্থকতা; তাৰ বাবে ‘ঈশ্বৰ’ক বিশ্বাস কৰাৰ অন্তৰালত থকা আপোনাৰ-মোৰ-সমাজখনৰ-দেশখনৰ-বিশ্বখনৰ ধাৰণা-ভাৱনা- উদ্দেশ্য-প্ৰবৃত্তিৰ যথাভিমুখ উৎকৰ্ষনৰ প্ৰৱণতা জাগি উঠিব লাগিব। তাৰ বাবে পোনতেই আমি এইটো গমি চোৱাৰ প্ৰয়োজন -আমি আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱনত কি উদ্দেশ্যেৰে, কেনে ধৰণৰ প্ৰবৃত্তিৰে, কোনটো দৃষ্টিভংগীৰে, কেনেকুৱা শিকনিৰে ‘ঈশ্বৰ’ক বিশ্বাস কৰিব খোজোঁ‌, বিশ্বাস কৰি আহিছোঁ‌।

মানুহৰ মাজত পৰিলক্ষিত বিভিন্ন-বিচিত্ৰ ধাৰণা-দস্তুৰ-উদ্দেশ্য-প্ৰবৃত্তিৰ আধাৰত নিম্নোক্ত ধৰণে এখন তালিকা তৈয়াৰ কৰি, ‘ঈশ্বৰ-বিশ্বাস’ৰ সৈতে জড়িত জন-মানসিকতাক জুকিয়াই চোৱাৰ প্ৰয়াস কৰিলোঁ‌; সহৃদয় পঢ়ুৱৈ-সমাজে ইয়াৰ মাজত দেখা ত্ৰুটি-ভ্ৰান্তি-অভাৱ-আঁ‌সোৱাহবোৰ নিজ গুণে মৰিষণ কৰে যেন৷

(১) ঈশ্বৰৰ প্ৰতি থকা আস্থা-বিশ্বাস-ভক্তি-শ্ৰদ্ধা তথা ঈশ্বৰৰ প্ৰতি নিবেদিত সেৱা-প্ৰাৰ্থনা-স্তুতি-বন্দনা-আৰাধনা-উপাসনাই আমাক সততাৰে জীৱন-যাত্ৰা চলাই নিবলৈ সু-অভ্যাস গঢ়ি তোলে।
(২)ঈশ্বৰে সজ্জনক পালন আৰু দুষ্টক দমন কৰিবই। অৱশ্যে, কৰুণাময় ঈশ্বৰে সেইসকলক ক্ষমা কৰিব পাৰে যিসকলে অজানিতে ভুল কৰি তাৰ বাবে ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰে। জ্ঞানৰ চকু মুকলি হৈ যিসকলে পাপ-বাসনা ত্যাগ কৰি সজ জীৱন আৰম্ভ কৰে, সেইসকলৰ প্ৰতিও ঈশ্বৰ সদয় হয়। অসতৰ পৰা সৎ পথলৈ, অজ্ঞানতাৰ পৰা জ্ঞানলৈ, মৃত্যুৰ পৰা অমৰত্বলাভৰ দিশলৈ গতি কৰা মানৱীয় প্ৰবৃত্তিসমূহ ঈশ্বৰৰ কাম্য। এনে উৎকৰ্ষগামী চিন্তা-অভ্যাসবোৰ অংকুৰিত হয় ঈশ্বৰৰ প্ৰতি ভক্তি-ভাৱৰ যোগেদিহে।
(৩)মানুহক নিজ নিজ কৰ্মফল ভোগ কৰাৰ বিধান দিবলৈ ঈশ্বৰে এক সুসংহত প্ৰক্ৰিয়া তৈয়াৰ কৰি থৈছেই। গতিকে সুফল পাবলৈ সজ কাম কৰিলেই হয়; নিৰ্গুণ-নিৰাকাৰ-নিৰাসক্ত-সৰ্বব্যাপ্ত-অন্তৰ্যামী ঈশ্বৰে নিজ গুণে তাত সন্তুষ্ট থাকে। নৈবেদ্য-উপঢৌকন-স্বাৰ্থজড়িত সকাম ভক্তি-অনুষ্ঠানেৰে ঈশ্বৰৰ প্ৰিয়পাত্ৰ হৈ উঠি অসৎ কাম কৰাৰ সুযোগ ল’ব খোজাটো মূঢ়তাৰহে চিন। এনে অল্পমতিয়ে ঈশ্বৰৰ মহত্বক তোষামোদপ্ৰিয় মানুহৰ প্ৰবৃত্তিৰ সৈতে একাকাৰ কৰি ঈশ্বৰৰ ভাৱমূৰ্তিক অৱনমিতহে কৰে। সজ চিন্তাৰে নিজৰ নিজৰ দায়িত্ব-কৰ্তব্যসমূহ সম্পন্ন কৰি শুদ্ধ অন্তৰেৰে ঈশ্বৰৰ নাম ল’ব পৰাসকলক ঈশ্বৰে বুজি পায়।
(৪)ঈশ্বৰে আমাৰ ভক্তিৰ স্বৰূপ পৰীক্ষা কৰিবলৈ নানা দুখ-কষ্ট, অভাৱ-অনাটন, বাধা-বিপত্তি, সমস্যা-সংকট, ৰোগ-শোক দি ঐহিক জীৱন জৰ্জৰিত কৰি তোলে, এনে যাতনাইও ঈশ্বৰৰ প্ৰতি ভক্তি-আস্থাক টলাব নোৱাৰাজনেই ঈশ্বৰৰ প্ৰকৃত ভক্ত। এনে ভক্তকেই ঈশ্বৰে শেষত অনুগ্ৰহ কৰে।
(৫)ঈশ্বৰে আমাক ধন-ঐশ্চৰ্য, বিভুতি-বৈভৱ, ক্ষমতা-প্ৰতিপত্তি, বল-বিক্ৰম, ৰূপ-যৌৱন, শক্তি-সাম্যৰ্থ দি ৰং চায়; ভোগৰ সময়তো যিয়ে দুষ্কৰ্ম-দুৰ্ব্যৱহাৰ নকৰাকৈ ঈশ্বৰ-পৰায়ণ হ’ব পাৰে, সেইসকলকহে ঈশ্বৰে অনুগ্ৰহৰ পাত্ৰ কৰি ৰাখে।
(৬)ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিলে মানুহৰ মনোবাঞ্ছা পূৰ্ণ হয়; ধন বিচৰাজনক ধন দিয়ে, পুত্ৰ বিচৰাজনক পুত্ৰ দিয়ে, ক্ষমতা বিচৰাজনক ক্ষমতা দিয়ে -এনে ধৰণে যাক যিটো লাগে, সেইমতে ঈপ্সিত ফল পাবলৈ ঈশ্বৰৰ অনুগ্ৰহবিনে বিকল্প নাই। মানুহৰ ভাগ্যলিপি লিখোঁ‌তা আৰু ভাগ্যৰ পৰিৱৰ্তন কৰোঁ‌তা হিচাবে ৰোগ-শোক-অপায়-অমংগল-বিপদ-বিঘিনি আদি সমস্যা-সংকটৰ পৰিত্ৰাণৰ উপায়ো হৈছে ঈশ্বৰৰ ৰোষৰ পৰা নিজকেই বচাই ৰখাটো।
(৭)ঈশ্বৰৰ প্ৰতি থকা আস্থা-ভক্তি দেখুৱাবলৈ আৰু অনুগ্ৰহ আদায় কৰিবলৈ ধৰ্মীয় আচাৰ-আচৰণসমূহ নিষ্ঠা সহকাৰে মানি চলিব লাগে।
(৮)ঈশ্বৰ আৰু ধৰ্মৰ সৈতে জড়িত আচাৰ-অনুষ্ঠান সমূহ পালন কৰি, বিশেষকৈ ৰাজহুৱা পৰ্ব-অনুষ্ঠানসমূহত পৰ্য্যাপ্ত ধন ব্যয় কৰিব পাৰিলে অসজ পথেৰে ধনী-মানী-ক্ষমতাশালী-প্ৰভাৱশালী হ’ব খোজা ব্যক্তিসকলেও সমাজত সন্মান-সুৰক্ষা লাভ কৰিবলৈ সুযোগ পাব পাৰে। কিয়নো, ৰাজহুৱা উপাসনা-গৃহ নিৰ্মাণৰ পৰা ধৰ্মীয় পৰ্ব-অনুষ্ঠানবোৰ আড়ম্বৰপূৰ্ণভাৱে পালন কৰিবলৈ যি পৰিমাণৰ অৰ্থ, সা-সম্পদ, সেৱাদান আদি লাগে, তাত অৰ্থ-ক্ষমতা-নেতৃত্ব-প্ৰতিপত্তিৰ জোৰ থকা মুষ্টিমেয় মানুহখিনিৰ যথেষ্ট অৱদান থাকে। ঈশ্বৰৰ লগতে ধৰ্মৰ নামত দেখুওৱা এই আনুগত্যৰ বাবে ৰাইজেও সেই ব্যক্তিক ঈশ্বৰে আৰু অধিক ধন-সম্পদ-শক্তি-ক্ষমতা দিবলৈ আশীৰ্বাদ দিয়ে। গতিকে, ব্যক্তিগত পৰ্যায়ত কোনো এজন বিপদ্গ্ৰস্ত মানুহক সহায় কৰাতকৈ ৰাইজে ভু পোৱাকৈ ঈশ্বৰলৈ আগবঢ়োৱা চমৎকাৰ অৰিহণাৰে ধৰ্মানুৰাগী ব্যক্তিৰূপে প্ৰতিস্থিত হোৱাটো ভাল। সততাৰ অৱলম্বনত বিচাৰ-বিবেচনাৰে পৰোপকাৰ কৰিব খোজাজনে প্ৰয়োজনীয় অৰ্থ-সম্পদ-ক্ষমতাৰ অভাৱত ঈশ্বৰ আৰু ধৰ্মৰ নামত চকুত লগা অৱদান যোগাব পৰা হৈ নুঠেগৈ বাবে এনে পথতকৈ যোত্ৰবান হৈ উঠি সমাজৰ চকুত ঈশ্বৰ-প্ৰদত্ত ভাগ্যৰে ভাগ্যশীল হ’ব পৰাটো ভাল। নিজৰ দ্বাৰা আহৰিত ধন-সম্পত্তি- ক্ষমতাৰ ভাগ ঈশ্বৰকো দি থাকিব পাৰিলে, দায় ধৰিবলৈ ঈশ্বৰৰো সত নাযাব।
(৯)ধৰ্মৰ সৈতে জড়িত বাহ্যিক কৰ্ম-কাণ্ড, আচাৰ-বিধিবোৰ যিহেতু সমাজৰ সাধাৰণ মানুহখিনিক ঈশ্বৰ আৰু ধৰ্মভাৱৰ ফালে আকৃষ্ট আৰু অনুশাসিত কৰি ৰখাৰ বাবে সামাজিক নিয়ম-পৰম্পৰাৰ ৰূপ দি সংযম-শৃংখলাৰে সমাজক পৰিচালিত কৰাৰ অৰ্থে প্ৰণয়ন কৰা হৈছে, নৈতিক-বৌদ্ধিক দিশত উৎকৰ্ষিত হ’ব পাৰিলে, ধৰ্মকাৰ্যৰ সৈতে লিপ্ত নহৈও ঈশ্বৰক ধ্যান কৰিব পাৰে, ঈশ্বৰৰ ভক্ত হ’ব পাৰে, ঈশ্বৰৰ মহত্বক উপলব্ধি কৰিব পাৰে।
(১০)ঈশ্বৰে অনুগ্ৰহ কৰিলে পাপীৰো পাপ খণ্ডন হয়, আনহাতে ঈশ্বৰক নামানিলে সৎ কাম কৰিও সুফল পোৱা নাযায়।
(১১)আন কাৰো প্ৰতিয়েই যিহেতু ঈশ্বৰৰ সম-পৰ্যায়ৰ ভক্তি-শ্ৰদ্ধা-আস্থা-আনুগত্য-আত্মীয়তাবোধ ৰখা উচিত নহয়, সেয়েহে ঈশ্বৰৰ নামত প্ৰয়োজন হ’লে নিজৰ পিতৃ-মাতৃ, পতি-পত্নী, পুত্ৰ-কন্যা, আত্মীয়-স্বজন, অনুচৰ-সহচৰ, সা-সম্পদ আদি অকাতৰে ত্যাগ কৰিব পাৰিব লাগে, আনকি আত্ম-বলিদানো দিব পৰা হ’ব লাগে।
(১২)ঈশ্বৰ-বিশ্বাসে আমাক বিনম্ৰতা আৰু মাৰ্জিত আচৰণৰ অভ্যাস গঢ়ি তোলে। এই অভ্যাসেই ঈশ্বৰৰ পৰা আৰম্ভ হৈ শ্ৰদ্ধা, ভক্তি, আদৰ মৰম, সৌহাৰ্দ্য, কৃতজ্ঞতাবোধ, সম্ভাষণ, অভিবাদন আদি শিষ্টাচাৰবোৰ উন্মোচিত বা উজ্জীৱিত কৰি মানুহৰ পৰ্যায়লৈকে সঞ্চাৰিত হৈ মানুহৰ মাজৰ পাৰস্পৰিক সম্পৰ্ককো এক সাংস্কৃতিক ৰূপ দিব পাৰিছে। ঈশ্বৰক মান্যতা দিয়াৰ হেতু সেৱা-পূজা-প্ৰণিপাত আদি যিবোৰ শ্ৰদ্ধানিহিত আচৰণ প্ৰদৰ্শন কৰোঁ‌, সিয়েই আমাৰ স্বভাৱসিদ্ধ পৰম্পৰাৰ ৰূপ লৈ পিতৃ-মাতৃ-শিক্ষাগুৰু- অভিভাৱক- জ্যেষ্ঠজনকে ধৰি আন মান্যসকলকো যথাযোগ্য শিষ্টাচাৰেৰে সন্মান-সমীহ কৰিবলৈ শিকি আহিছোঁ‌। এনে ভক্তিভাৱৰ আঁ‌ত ধৰিয়েই গুৰুস্থানীয়-নেতৃস্থানীয় ব্যক্তিৰ লগতেই গুণী-জ্ঞানী-দিগদৰ্শক-চিন্তানায়ক-মানৱহিতৈষী শ্ৰদ্ধাভাজনসকলকো আদৰ-সন্মান কৰোঁ‌। আনকি প্ৰকৃতিৰ শক্তি-মাহাত্ম্যৰ মৰ্যাদা দিবলৈ, তথা বিভিন্ন জীৱ-জড়ৰ পৰা পোৱা উপকাৰৰ শলাগ ল’বলৈ, আমি বায়ু, পানী, অগ্নি, মাটি, বৃক্ষ, গৰু, হাতী আদিৰ পৰা সূৰ্য, চন্দ্ৰলৈকে পৰিদৃশ্যমান জগতখনৰ অনেক সত্তাৰেই অৰ্চনা-বন্দনা কৰি আহিছোঁ‌। এনে শিষ্টাচাৰসমূহে মানুহৰ সামগ্ৰিক হিতৰ দিশত পৰোক্ষ প্ৰভাৱ পেলাই মানৱ-জাতিক ধ্বংসৰ গৰাহৰ পৰা কিদৰে বচাই ৰাখিছে, সেইয়া উপলব্ধি কৰিব পাৰিলে, ভদ্ৰতা-শিষ্টাচাৰেই যে মানৱ-সভ্যতাৰ গুৰি, সেইয়া স্পষ্টতঃ ওলাই পৰে। ঈশ্বৰ-ভক্তিৰ পৰম্পৰা আঁ‌তৰিবলৈ হ’লে মানুহৰ মাজৰ পৰাও ভক্তি-স্নেহৰ ধাৰা ব্যাহত হৈ পৰিব।
(১৩)চৰাচৰ বিশ্বব্ৰহ্মাণ্ডত ঈশ্বৰেই একমাত্ৰ সঁচা, আৰু ঈশ্বৰেই আমাৰ পৰম গতি। মুক্তিপিয়াসী আত্মাই শৰীৰত আবদ্ধ হৈ মিছা মায়া-মোহ-লোভ-লালসা-কামনা-বাসনা-ভোগ-তৃপ্তিত বন্দীহে হয়। সেয়েহে, ঐহিক সুখ-সম্পদৰ চিন্তা এৰি শীঘ্ৰ মোক্ষলাভৰ বাবে ঈশ্বৰৰ ধ্যানতহে মগ্ন থকা উচিত।
(১৪)হিংসা-জিঘাংসাৰ ভাৱেৰে পৰাক্ৰমী শত্ৰুৱে আঘাত-আক্ৰমণ-হত্যাকে ধৰি বিবিধ যাতনা দিবলৈ নানা কৌশল প্ৰয়োগ কৰাৰ পাচতো যেতিয়া কোনো এজন ব্যক্তি বাৰে বাৰে নিৰাপদে সাৰি যায়, অথবা নিৰ্ঘাত মৃত্যুৰ সম্ভাৱনা থকা কোনো দুৰ্যোগ-দুৰ্ঘটনাত পৰিও বাচি যায়, তেতিয়া উপলব্ধি হয় যে, ‘ৰাখে হৰি, মাৰে কোনে, মাৰে হৰি ৰাখে কোনে’।
গতিকে, ঈশ্বৰৰ ইচ্ছা নহ’লে কোনেও কাকো মাৰিবও নোৱাৰে, বচাবও নোৱাৰে।
(১৫)ঈশ্বৰৰ ইচ্ছা নহ’লে গছৰ পাত এটাও নসৰে। ঈশ্বৰে ইচ্ছা কৰিলে নিজৰ অলৌকিক শক্তিৰে নৈৰ পানী ওভতাই বোৱাব পাৰে, বতাহ স্থবিৰ কৰি ৰাখিব পাৰে, পানীত জুই জ্বলাই ৰাখিব পাৰে, শূণ্যৰ পৰাই ভোজনৰ থাল আনি ভক্তৰ হাতত তুলি দিব পাৰে, নিশাৰ ভিতৰতেই দৰিদ্ৰৰ ভগা পঁ‌জাটিক ৰাজ-অট্টালিকা কৰি তুলিব পাৰে। ঈশ্বৰৰ ইচ্ছাৰ ওপৰত বিজ্ঞান-গণিত-দৰ্শনৰ কোনো সংজ্ঞা-সূত্ৰ-বিধি-ৰীতি নচলে। ঈশ্বৰতকৈ কোনো জ্ঞান, কোনো তত্ব, কোনো বিধি, কোনো ধৰ্ম, কোনো ব্যক্তি, কোনো শক্তি, কোনো বস্তু, কোনো বিষয় ডাঙৰ হ’ব নোৱাৰে। সেয়েহে ঈশ্বৰৰ প্ৰতি একান্ত ভক্তি আৰু আস্থা যাৰ আছে, তেওঁ‌ক অলৌকিক শক্তিৰ প্ৰয়োগৰ দ্বাৰা উদ্ধাৰ কৰাৰ উপৰিও, মানুহে ঈশ্বৰৰ মাহাত্ম্যক নেওচা দিবলৈ গ’লে অলৌকিক শক্তিৰ জৰিয়তে আকস্মিক তাণ্ডৱ-লীলা চলাই ঈশ্বৰে মানুহক শাস্তি দিয়ে।
(১৬) ৰজা বা শাসক একোজনে দেশৰ শাসন-কাৰ্য চলোৱাৰ বাবে, যিদৰে বিভিন্ন দপ্তৰ খুলি বিভিন্নজনক বিভাগীয় কৰ্তৃত্ব আৰু দায়িত্ব দিয়ে, সেইদৰে ঈশ্বৰেও ভিন ভিন দেৱ-দেৱীক বিভাগীয় দায়িত্ব পালনৰ বাবে যথাবিহিত শক্তি-ক্ষমতাৰে বলীয়ান কৰি ৰাখে। ঈশ্বৰৰ দূত, ধৰ্মগুৰু অথবা প্ৰয়োজন হ’লে অৱতাৰ ধৰি একো একোটা বিশেষ কাম সম্পাদন কৰি অশান্ত মানুহৰ মাজত শান্তিৰ বাৰ্তা দি যায়। দুষ্টৰ অত্যাচাৰে যেতিয়া সীমা পাৰ হ’বলৈ লয়, সমাজত যেতিয়া ধৰ্মৰ গ্লানি হয়, ভণ্ডামি-ভ্ৰষ্টাচাৰে সমাজ বিশৃংখল কৰি পেলায়, তেতিয়া ঐশ্বৰিক শক্তিৰ অধিকাৰী কোনো দেৱ/দেৱী, ঈশ্বৰৰ অংশজাত কোনো সত্তা, কোনো পুৰুষ অথবা নিজৰ অৱতাৰৰ জৰিয়তে ব্যৱস্থা হাতত লয়। ঈশ্বৰৰ ক্ৰোধৰ পৰিণাম ইমানেই ভয়ংকৰ আৰু নিষ্ঠুৰ হ’ব পাৰে যে, মানুহে তেনে যন্ত্ৰণাময় শাস্তি বা আতংকৰ কল্পনাই কৰিব নোৱাৰে। মহাপ্ৰলয়ৰ সূচনা কৰি ধ্বংসৰ জৰিয়তে সমস্ত উচ্ছন্ন কৰিও, তাৰ মাজত ভালবোৰৰ সঁ‌চ ৰাখি নতুন সৃষ্টিৰ পাতনি মেলে। গতিকে, ঈশ্বৰৰ বাৰ্তা বা জাননীবোৰ বুজি পাবলৈ ঈশ্বৰৰ প্ৰতি ভক্তি-পৰকাষ্ঠাই হৈছে প্ৰকৃত উপায়।
(১৭)পৃথিৱীখন আমাৰ আচল ঘৰ নহয়, আমি ইয়াৰ দুদিনীয়া আলহীহে। গতিকে, ইয়াত পোৱা অস্থায়ী ভোগৰ বাবে ইমান লালায়িত হোৱাতকৈ, ইহজনমত পুণ্য আৰ্জি, সেই পুণ্যৰ বলত স্বৰ্গত অনন্ত সুখ ভোগ কৰিবলৈ বাঞ্ছা কৰাটোহে উচিত। ঈশ্বৰ-চিন্তাৰ প্ৰসংগ এৰি পুণ্যলাভৰ এই যাত্ৰা আৰম্ভ কৰিব নোৱাৰি।
(১৮) ঈশ্বৰৰ মহিমা অপাৰ। ঈশ্বৰে কাৰোবাক ভোগ-সমৃদ্ধিৰে বুৰাই ৰাখিও,আনে নেদেখাকৈ কেতবোৰ বিশেষ যাতনাৰে অতৃপ্ত-অপূৰ্ণ কৰি তিলতিলকৈ কষ্ট দি গোটেই জীৱন অশান্তিত ভোগাই থাকে, আৰু কাৰোবাক বাহ্যিক দৃষ্টিত অভাৱ-অনাটন-সমস্যা-সংকটৰ মাজত ৰাখিও নিজৰ মনোমত শান্তি-তৃপ্তি-ভোগ-উপভোগেৰে পৰিতৃপ্ত কৰাই গোটেই জীৱনটো ৰসময় কৰি ৰাখে।
ঈশ্বৰে শান্তি দিওঁ‌ বুলি ইচ্ছা কৰিলে যিকোনো শ্ৰেণী, যিকোনো বৃত্তি, যিকোনো অৱস্থা, যিকোনো পৰিস্থিতিৰ মাজতো কাৰোবাক শান্তি দিব পাৰে, আৰু শাস্তি দিওঁ‌ বুলি ইচ্ছা কৰিলেও একে শ্ৰেণী-বৃত্তি-অৱস্থা-ব্যৱস্থাৰ মাজতো কাৰোবাক শাস্তি দিব পাৰে। এজন লোক নিজে শান্তিত আছে নে অশান্তিত আছে, বহু ক্ষেত্ৰত আনে ধৰিব নোৱাৰে; প্ৰায় মানুহেই নিজৰ মন-মানসিকতা-ৰুচি-প্ৰবৃত্তিৰে আনক জুখি চাব খোজে বাবে আনক বুজি পোৱাত ব্যৰ্থ হয়, সেই হেতুকে প্ৰকৃত শত্ৰু-মিত্ৰ-শুভাকাংক্ষী-অহিতাকাংক্ষীক চিনি পোৱাতো ব্যৰ্থ হয়। ঈশ্বৰৰ অনুগ্ৰহ থাকিলে ব্যক্তি এজনে নিজৰ বাবে প্ৰয়োজনীয় সংযোগ-সংস্পৰ্শবোৰ সুন্দৰভাৱে লাভ কৰিব পাৰে।
(১৯)ব্যক্তি এজনে যিমানেই বিদ্যা-বুদ্ধি, শক্তি-কৌশল আয়ত্ব নকৰক কিয়, বিধি বাম হ’লে ভবা কথা সিদ্ধি নহয়। দেখা যায়, কোনো পিতৃ-মাতৃৰ একান্ত আপোন একমাত্ৰ পুত্ৰজনো অকালতে ঢুকাই থাকে, কোনোখন ঘৰত আকৌ এমখা ল’ৰা-ছোৱালীয়ে মাক-বাপেকৰ অকথ্য নিৰ্যাতনৰ পাচতো বাচি থাকে। একেটা দোষতে কোনোৱে ৰাজদণ্ড, সমাজ-দণ্ডৰ দুৰ্ভোগ ভূগিবলগীয়া হয়, আৰু কোনোজনে সুন্দৰকৈ সাৰি যায়, কোনোজনে দোষ নকৰিও লাঞ্ছনা-অপবাদৰ চিকাৰ হয়, কোনোজনে আকৌ প্ৰবঞ্চনা কৰিও প্ৰশংসাৰ পাত্ৰ হৈ পৰে। গতিকে, মানুহে সজ কৃতকৰ্মৰ ওপৰত নিৰ্দ্ধাৰণ কৰি যথানুৰূপ ফললাভৰ আশা কৰিব নোৱাৰে, যদিহে ঈশ্বৰৰ অনুগ্ৰহ নাথাকে। সেইবাবে সৎ-পৰিশ্ৰমী-মেধাৱী-স্বাস্থ্যৱান-বিচক্ষণ লোকসকলেও ঈশ্বৰৰ প্ৰতি ভক্তি-আৰাধনাৰে প্ৰাৰ্থনা কৰিব লাগে যাতে কোনো অথন্তৰ বা বিপৰ্যয়ে তেওঁ‌লোকৰ সততা-শ্ৰম- মেধা-স্বাস্থ্য-বিচক্ষণতাক নিৰ্বিঘ্নে ৰখাত বাধা দিব নোৱাৰে।
(২০) আশ্চৰ্যকৰ কথা যে, যি বিজ্ঞানে যুক্তি আৰু সত্যানুসন্ধানৰ দিশত মানুহক উৎকৰ্ষিত কৰি ঈশ্বৰ বা ধৰ্মবিশ্বাসৰ প্ৰতি সংশয় অনা বুলি শাসক-ধৰ্মগুৰুকে ধৰি সাধাৰণ প্ৰজালৈ সাঙুৰি জনমানসত ভাৱ হৈ আহিছিল, সেই বিজ্ঞানৰ যহত উদ্ভাৱিত যন্ত্ৰ-প্ৰযুক্তি-সম্পদ-সামগ্ৰীবোৰক লৈ শাসক-ধৰ্মীয় নেতা- সদাগৰ তথা সাধাৰণ ক্ৰেতাসমাজখনেও ব্যৱসায়িক আৰু প্ৰয়োগৰ ক্ষেত্ৰত ঈশ্বৰ আৰু ধৰ্মৰ প্ৰসংগকহে অধিক গুৰুত্ব দিবলৈ লৈছে। গতিকে বৈজ্ঞানিক আৱিষ্কাৰ-উদ্ভাৱনে ঈশ্বৰকেন্দ্ৰিক বা ধৰ্মকেন্দ্ৰিক চিন্তাৰ আলম নোলোৱাকৈ যিমানেই তত্ত্ব- যন্ত্ৰ-সামগ্ৰী-কৌশল নুলিয়াওক কিয়, পাচলৈ গৈ ঈশ্বৰ, দেৱ-দেৱী, ধৰ্মৰ নামতেই অধিক প্ৰযোজ্য হৈ উঠিছে; অৰ্থাৎ বিজ্ঞান আৰু বৈজ্ঞানিক তত্ত্ব-যন্ত্ৰ-কৌশল সমূহো পৰোক্ষভাৱে ঈশ্বৰেই মানুহৰ মেধাৰ ক্ৰমবিকাশৰ সূত্ৰমতেই সময়ে সময়ে আৱিষ্কৃত-উদ্ভাৱিত কৰাই, সেই যন্ত্ৰ-সম্পদবোৰৰ ভোগৰ অধিকাৰ বিজ্ঞানীৰ হাতৰ পৰা নি ঈশ্বৰ আৰু ধৰ্মৰ ফালে লৈ আহে। আমি এতিয়ালৈকে যিসকল লোকক ধনাঢ্য আৰু ক্ষমতাশালী হিচাবে পৰিচয় পাই আহিছোঁ‌, তাৰ ভিতৰত হয়তো এনে কোনো ব্যক্তি নাই যিয়ে ঈশ্বৰক নামানে অথবা ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ সৈতে কোনোপধ্যে জড়িত হৈ পৰা নাই। যদি কোনো নাস্তিক ক্ষমতাসীন হৈ আছেও, তেন্তে বিশ্বৰ চকুত সন্মানৰ পাত্ৰ হ’ব পৰা নাই অথবা দীৰ্ঘদিনীয়া প্ৰভুত্ব দেখুৱাব পৰা নাই।
(২১) ঈশ্বৰ যিহেতু অন্তৰ্যামী আৰু ন্যায়-অন্যায়ৰ নিৰপেক্ষ বিচাৰকৰ্তা, গতিকে ৰাইজৰ আগত ধাৰ্মিক দেখুৱাই ভিতৰি ভিতৰি অন্যায়মূলক কামত লিপ্ত থাকি লাভ নাই। ঈশ্বৰক কোনো ভেঁ‌টীখোৱা বিষয়া বা তোষামোদপ্ৰিয় নেতা বুলি গণ্য কৰি বেয়া কাম কৰিব খুজিলেও বিধি অনুসাৰে কুফলেই লাভ কৰিব। সেয়েহে ঈশ্বৰে বিচৰামতে ধৰ্মশাস্ত্ৰৰ পৰা নৈতিক-মানৱীয় কথাবোৰ গ্ৰহণ-পোষণ কৰিব পাৰিলে ধৰ্মৰ বাহ্যিক ক্ৰিয়া-কাণ্ডবোৰ আচৰিব নোৱাৰিলেও কথা নাই, পন্থাগত গোড়ামিৰে মানুহৰ প্ৰতিকুলে যাব পৰাকৈ বিভেদ-বিভাজন-হিংসা-জিঘাংসা-কন্দল-সংঘাতত লিপ্ত হৈ থকাৰো প্ৰয়োজন নাই।
(২২) মানুহক যিহেতু ঈশ্বৰে মন-মগজু-বিবেক-হৃদয় দি যথাপূৰ্বক অনুশীলন-পৰিশীলনৰ তাড়ণাও উদ্ৰেক কৰাই থৈ উৎকৰ্ষনৰ ধাৰা বোৱাই ৰখাৰ সুবিধা দিছে, সেয়েহে মানুহে মানুহৰ অনুকুলে যোৱা ব্যৱস্থাবোৰ গ্ৰহণ কৰি, প্ৰতিকুল চিন্তা-কৰ্ম-ইচ্ছা-ব্যৱস্থাবোৰ বৰ্জন কৰি মানৱ-জাতিক মানৱীয় সংস্কৃতিৰে বৰ্তাই ৰাখিব লাগে। ঈশ্বৰৰ গুণ-গান, মাহাত্ম্য-মহত্বৰ কথাবোৰ যিহেতু মানৱ-কুলৰ জৰিয়তেই অনুভুত-প্ৰকাশিত-প্ৰচাৰিত হৈ বৰ্তি থকাৰ ইচ্ছাৰে মানুহক চিন্তা-বুদ্ধি দিয়াৰ উপৰিও বাক্-শক্তি, ধাৰণ-শক্তি, অনুকুলন-শক্তি, ভাষা আদিৰে ইতৰ প্ৰাণীতকৈ ঊৰ্দ্ধত ৰাখিছে, আৰু সৃষ্টি-কৃষ্টিৰ বহু কৌশল আয়ত্ব কৰিব পৰাকৈ জ্ঞান-বুদ্ধি দি ঈশ্বৰে নিজে কৰিবলগীয়া কিছু কামৰ দায়িত্ব মানুহক দি কিছু সকাহ পাব পৰাকৈ মানুহৰ ওপৰত যি আস্থা ৰাখিব বিচাৰিছিল, সেইয়া যদি উপলব্ধি নকৰি মইমতালি দেখুৱাই ঈশ্বৰৰ অস্তিত্বকে নুই কৰিবলৈ ধৰে, তেন্তে ঈশ্বৰেও মানুহৰ ওপৰত আস্থা হেৰুৱাই মানৱ-কুলৰ প্ৰতি প্ৰতিশোধ ল’ব বিচাৰে। ঈশ্বৰে নিজৰ চিৰাচৰিত গুণ অনুসাৰে, নিজে প্ৰত্যক্ষভাৱে জড়িত নহৈ, মানুহে মানুহক ধ্বংস কৰিব পৰাকৈ ভিন ভিন জাতি-গোষ্ঠী-ভাষা-কৃষ্টি-ধৰ্ম-সম্প্ৰদায়-পন্থা-প্ৰবৃত্তিৰে ভাগ ভাগ কৰি ৰাখি থৈ দিছে, যাতে দুৰ্দিনৰ সময়ত সেই ভিন্নতাক লৈ মানুহে ভিন্ ভিন্ দল বা গোটৰ পক্ষ লৈ কন্দল-সংঘৰ্ষত লিপ্ত হৈ আওমৰণে মৰাৰ বাট উলিয়াই লয়।
প্ৰকৃতিত আমি যেনেকৈ এটা ৰঙকেই নেদেখোঁ‌, বৰং ভিন্ন ৰঙৰ সমাহাৰত প্ৰকৃতিৰ বিনন্দীয়া ৰূপহে ফুটি উঠে, ঠিক সেইদৰে ভিন্ন ভাষা বা কৃষ্টিবোৰৰ সমাহাৰ-সমন্বয়ত মানৱ-সভ্যতাৰ বৰ্ণাঢ্য সংস্কৃতিৰ বিনন্দীয়া ৰূপ ফুটি উঠাৰ থলহে থাকে। প্ৰকৃতিৰ প্ৰতিটো বস্তু, প্ৰতিটো সত্তাৰ ভিন ভিন গুণ-ধৰ্ম-লক্ষণ থকা বাবেহে আমাৰ ব্যৱহাৰযোগ্য হৈ উঠিব পাৰিছে, সকলো বস্তুৱেই একে ধৰণৰ হ’লে আমাৰ জীৱন-যাত্ৰাই অসম্ভৱ হ’লহেঁ‌তেন। ভিন্নতাই আমাক সুচলতা আনি দিয়ে, মাথোঁ‌ আমাক প্ৰয়োজন উপাদানবোৰ সঠিক মাত্ৰা আৰু সুকৌশলেৰে মিলাই লোৱাৰ কলাত্মক মনটোৰহে। মানৱীয় মহা-সংস্কৃতিৰ প্ৰতীক বুলি ঈশ্বৰক যদি সকলো পক্ষই বুজি লয়, তেন্তে মানুহৰ কল্যাণৰ পথত এটা পক্ষই আনটো পক্ষৰ ভাল কথাবোৰক হৃদয়ংগম কৰি স্বপক্ষৰ অভাৱ-আঁ‌সোৱাহবোৰ আঁ‌তৰাই প্ৰতিটো পক্ষই মানুহৰ হৈ কাম কৰি যাব পাৰে।
(২৩) অনাদি কালৰ পৰা অনন্ত কাললৈকে জুৰি কোনো ব্যক্তিয়েই যিহেতু সৰ্বকালৰ বাবে, সৰ্বস্থানৰ বাবে নিজকে ‘স্বয়ং-সম্পূৰ্ণ’ কৰি তুলিব পৰা নাই, বা ভৱিষ্যতেও নোৱাৰে, সেয়েহে মানুহৰ ক্ৰমবিকশিত উৎকৰ্ষনৰ ধাৰাটো পৰম-জ্ঞান, পৰম-সত্যৰ ফালে ধাবিত হ’বলৈ ‘সম্পূৰ্ণতা’ৰ প্ৰতীক ৰূপে এটা লক্ষ্যবিন্দুৰ কল্পনা কৰাটো মানুহৰ জ্ঞান-প্ৰজ্ঞা-বোধ-অনুভৱৰ চৰ্চা-অনুশীলনৰ অভিযাত্ৰাটোক আচলতে প্ৰোৎসাহিত কৰাৰ বাবেই নিতান্তই প্ৰয়োজন। এই ‘সম্পূৰ্ণ’ সত্তাটোৰ নাম যদি ঈশ্বৰ হয়, তেন্তে এই সম্পূৰ্ণতাৰ সন্ধানত আমি সত্যৰ সন্ধান কৰি যাব পাৰোঁ‌।
(২৪) ঈশ্বৰৰ বিষয়ে ভক্তিমূলক শ্ৰৱণ-কীৰ্তন, চৰ্চা-আলোচনা, প্ৰাৰ্থনা-আৰাধনা আদিৰ পবিত্ৰ পৰিবেশ য’ত চলি থাকে, তাত ভুত-পিশাচ-ডাইনী- যখিনী- কুমন্ত্ৰ- কুসংস্কাৰ আদি অপশক্তি-অপচিন্তাৰ ভয়াৰ্ত আৰু নেতিবাচক পৰিবেশ নাথাকে। ঈশ্বৰ, ঐশ্চৰিক শক্তিসমূহৰ দৰে অপদেৱতা-অপদেৱী- প্ৰেত-পিশাচ আদিকো একেই অদৃশ্য শক্তি বুলি একাকাৰ ভাৱত লৈ দুইবিধকেই অন্ধবিশ্বাসৰ আওতালৈ অনাটো যুক্তিৰ বলত মনাব পাৰিলেও মানৱীয় সভ্যতা-সংস্কৃতিৰ দিশত যোগাই অহা অৱদান অথবা মানুহৰ জ্ঞান-প্ৰজ্ঞা-নৈতিকতা-বিচাৰবোধৰ দিশত লোৱা ভূমিকালৈ চাই অদৃশ্য ঈশ্বৰৰ সৈতে অদৃশ্য অপদেৱতাক একে শাৰীত ৰখাটো মূঢ়তাৰ চিনহে হ’ব। ঈশ্বৰ হৈছে মানুহৰ মনত নিহিত থকা সত্য-শিৱ-সুন্দৰৰ মহানুভুতিৰ মহান উপলব্ধি।
(২৫) ঈশ্বৰৰ অস্তিত্বক লৈ বাদ-বিবাদ, দ্বন্দ্ব-সংশয়, যুক্তি-তৰ্ক, প্ৰমাণ-পৰীক্ষা আদি কৰি থকাতকৈ মানুহে নিজৰ কৰ্তব্য-দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিও শুদ্ধ চিত্তে ঈশ্বৰৰ নাম ল’ব পাৰি বা উপাসনাৰ নিমিত্তে সুবিধাজনক সময় একোটি নিৰ্দ্ধাৰণ কৰি ল’ব পাৰি। দিনটোৰ কামৰ তালিকাত ঈশ্বৰ-উপাসনাকো জড়িত কৰি ল’লে দিনটোৰ কৰ্মসূচীখন নিয়াৰিকৈ আগুৱাই নিয়াত সহজ হয়; কিয়নো ঈশ্বৰ-স্তুতিৰ লগত স্নান-প্ৰক্ষালন-ধ্যান-আসন-মুদ্ৰা-ব্যায়াম-পবিত্ৰতা-পৰিচ্ছন্নতা-সজ চিন্তা-অধ্যয়ন-কলাচৰ্চা আদি শাৰীৰিক-মানসিক পুষ্টিজনিত উপায়বোৰো সন্নিৱিষ্ট হৈ থাকে।
ঈশ্বৰ-বিশ্বাসক লৈ ঘটা বিভিন্ন শোষণ-দমন-অন্যায়-প্ৰবঞ্চনা-হিংসা-হত্যা-সংঘাত-সংঘৰ্ষ-বিভেদ-বিভাজনৰ অমানৱীয় ঘটনাক লৈ ঈশ্বৰ-বিশ্বাসকেই জগৰীয়া কৰিবলৈ যাওঁ‌তে এই কথাও মনলৈ অনাটো ভাল যে, ঈশ্বৰ নাই বুলি সকলোৱে মানি ল’লে মানুহ

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 months ago

ব্যক্তিগত পৰ্যায়ত কোনো এজন বিপদ্গ্ৰস্ত মানুহক সহায় কৰাতকৈ ৰাইজে ভু পোৱাকৈ ঈশ্বৰলৈ আগবঢ়োৱা চমৎকাৰ অৰিহণাৰে ধৰ্মানুৰাগী ব্যক্তিৰূপে প্ৰতিস্থিত হোৱাটো ভাল।
উপৰোক্ত কথাষাৰ মই সমৰ্থন কৰিব নোৱাৰো ।ঈশ্বৰক কাৰো সহায়ৰ প্ৰয়োজন নাই ।কিন্তু এজন বিপদগ্ৰস্থ মানুহক সহায়ৰ প্ৰয়োজন আছে।মানুহৰ বাঁহবাঁহ পোৱাৰ বাবে দান-দাসীনাঃ কৰাটোও সঠিক হব নোৱাৰে।গাখীৰ ঈশ্বৰে নাখায় ।ৰাস্তাত পাৰি থকা পাগুলিজানিৰ কেঁচুৱাতুৰহে প্ৰয়োজন।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক