ঈশ্বৰৰ দুখ .. (সুৰজিত নেওগ)

surajit neog _rahghara

আমি সৰু থাকোতে আমাক শিকোৱা হৈছিল ‘ঈশ্বৰ’ সকলোতে বিৰাজমান… সকলো মানে আমাৰ চকুৰে আমি যি দেখি পাওঁ; আমাৰ হাতেৰে বা শৰীৰেৰে আমি যি স্পৰ্শ কৰি পাওঁ, আমাৰ মন আমাৰ দেহ, এই সকলোতে হেনো ঈশ্বৰ থাকে… ঈশ্বৰে প্ৰতি মূহুৰ্তত আমাক লক্ষ্য কৰি থাকে; দুষ্টক দমন কৰি আমাক শাসন কৰি থাকে… আৰু আমাক শিকোৱা হৈছিল যে ঈশ্বৰ বোলে এজনেই, আমাৰ পাঠ্যপুথিতো আমি তেনেদৰেই পাইছিলো… কুমলীয়া মনত সাঁচ বহুৱাবৰ বাবে সিমানে যথেষ্ঠ আছিল; সেয়ে বিশ্বাসো কৰিছিলো কথাবোৰ কোনো বিশ্লেষণ নকৰাকৈয়ে ।

লাহে লাহে বয়স বাঢ়ি আহিল…কৈশোৰ শৈশৱৰ নিৰ্মল অকৃত্ৰিম মনবোৰ নিজে নুবুজাকৈয়ে ভিন ভিন কাৰণত কলুষিত হৈ আহিল.. সৰু থাকোতে কেতিয়াও মোৰ ঈশ্বৰৰ লগত সাক্ষাত হোৱা নাছিল; যদিও খুব আগ্ৰহেৰে ৰৈ আছিলো ‘ঈশ্বৰক’ এবাৰ লগ পাবলৈ…আজিকালি পিছে ‘ঈশ্বৰ’ৰ লগত প্ৰায়ে দেখাদেখি হয় … সময়, সুবিধা থাকিলে কেতিয়াবা কথা-পাতো, আড্ডাও মাৰো ‘ঈশ্বৰ’ৰ লগত… বিভিন্ন টপিক… খোৱা, খেলা, ৰাজনীতি, সমাজতন্ত্ৰ, প্ৰেম, ভণ্ডামী আৰু কেতিয়াবা মদ-ভাং-জুৱাৰ ওপৰতো বেছ সৰস আলোচনা চলে… কথা পাতি ভাল লাগে … ধৰ্মৰ আৰু ভগৱানৰ বিষয়ে হোৱা আলোচনাবোৰ কিন্তু মই বেছ উপভোগ কৰো…. কাৰণ এইবিষয়ত ‘ঈশ্বৰ’ৰ ভিউ জনাতো বৰ দৰকাৰী !

‘ঈশ্বৰ’ৰ লগত মই যিশু, আল্লা, ভগৱান, বুদ্ধ আদি সকলোৰে কথা পাতোঁ…লগতে মাজে মাজে আমাৰ মাজত আৱিৰ্ভাৱ হোৱা সেই মহামানৱ মানৱৰূপী (বহুৰূপী) ‘ভগৱান’সকলৰ বিষয়েও সবিস্তাৰে আলোচনা কৰো… … কালিও হোৱা তেনে এক আড্ডাত ‘ঈশ্বৰে’ খেদ প্ৰকাশ কৰি ক’লে “বুজিছ বৎস, মানুহে মোৰ কথা কয়, মই হেনো এজনেই। আৰে, মই যদি এজনেই তেন্তে মোৰ নামত ইমানবোৰ বহুৰূপী আহিল ক’ৰ পৰা? মানুহে ভাৱে (মানে তহঁতি আনক বুজাৱ)- মই হেনো পৰম শক্তিধৰ; কি কথা কৱ হ’, মোৰ ইম্মান শক্তি থকা হলে মই দেখোন তোৰ দৰে পাষণ্ড কিটাক তুৰন্তে যমৰ ঘৰলৈ দেচপাৎচ কৰিলোহেঁতেন!”

মই বুজিলো আজি ‘ঈশ্বৰ’ৰ খং উঠিছে; কোনোবাই ক’ৰবাত জেং নিশ্চয় লগাইছে…. ইম্মান খাৰ খায় আছে… তথাপিও অলপ তেল মাৰিবলৈকে ক’লো “নহয় হে ঈশ্বৰ দেউ, কথাটো তেনেকুৱা নহয়… আচলতে আজিকালি আমাৰ দৰে কুলাংগাৰ, পাষণ্ডৰ সংখ্যা কিমান বাঢ়িছে চাওক চোন। আপুনি অকলে আৰু কিমান চম্ভালিব? আমি দেখিয়েই আছো নহয়; কিমান টিঘিলঘিলাই আছো, অথচ আপুনি আজিকালি ডেমকেয়াৰ। যমৰ ওচৰলৈ পঠিওৱাটো দূৰৰ কথা, বেত একোবো নামাৰে আপুনি…।”

“…হমমম।” ঈশ্চৰে হুমুনিয়াহ কঢ়া যেন লাগিল ..

“আচলতে কি জানে? আপোনাৰ আজিকালি সময় আৰু ইচ্ছা দুয়োটাৰে অভাৱ হোৱা বুলি অনুভৱ কৰোঁ; সেয়ে আমিও ডেমকেয়াৰ। সেই সুযোগতে নিজ নিজ স্বাৰ্থৰ বাবে কেইবাকৌটিও দেৱ-দেৱী, ভগ‌ৱান বনাই লৈছো আমি নিজে। চাৰি-পাঁচ কৌটিৰ মাজত এজনকে ভগাই দিছো, যাতে সকলোৱে সমদৃষ্টি পায়; মানে ইকুৱেল ডিষ্ট্ৰিবিউচন। আপোনাৰো প্ৰেচাৰ কমে তেতিয়া…।” – সুযোগ পায় দিলো কৈ মই ।

“বৎস, সেইবাবেই কেতিয়াবা বেয়া লাগে। মানে আজিকালি মোক কোনেও পাত্তা নিদিয়ে অ’। স্বয়ং মোৰ আগতে ইমান স্পৰ্ধা…. !! কিবা এটা ক’লেই তহঁতৰ নিচিনা ধুৰন্ধৰবোৰে এটা নতুন ভগৱান বনাই (সৃষ্টি কৰি) আনৰ দৃষ্টি সেইফালে ঢাল  খোৱাৱ…। মোৰ দুখ লাগে জান বৎস, আজিকালি মই বুঢ়া হৈছো, মোক কোনেও নামানে। সৰুতে তহঁতক শিকাইছিলো যে ‘এক  ঈশ্বৰ’, সেয়া এতিয়া অসাৰ। মই কিজানি শক্তিহীন হৈ পৰিছো….!!” … ছপ ছপ ছপ…সেয়া ‘ঈশ্বৰ’ৰ উচুপনিৰ শব্দ…!

মোৰো বেয়া লাগিল… পৰম শক্তিধৰ ‘ঈশ্বৰ’ৰ এই কৰুণ অৱস্থা দেখি অলপ সান্ত্বনাৰ সুৰত ক’বলৈ চেষ্টা কৰিলো –  “নাই নাই, আপুনি মিছায়ে তেনে ভা‌ৱিছে… আচলতে আপোনাৰ সৃষ্ট এই ধৰাত সকলোৰে সমধিকাৰ। সেয়া চোন আপুনিয়েই দিছে। আৰু এই দুষ্টবোৰক কোনে সৃষ্টি কৰিছে? আপুনি নহয় জানো? তেন্তে? মই বুজো, আপুনি সৃষ্টি কালত অলপ অন্যমনস্ক হৈ পৰাৰ বাবে ইমান বোৰ ঘেকেতি খোৱাৰ জন্ম হৈছে। হ’লেও আপোনাৰ সৃষ্টি, আপুনি ৰেচপনচিবিলিটি ল’বই লাগিব…।”

“তথাস্তু বৎস, তই যি কৱ… তই মোৰ উত্তম দোষ্ট; কিন্তু তইয়েই মোক নামান দেখোন!!” …ঈশ্বৰৰ কুইক ৰেচপঞ্চ !!

“দেউ, আপোনাৰ লগত আড্ডা মাৰো নহয়, মানিব আকৌ কিয় লাগে?? মই কাকোৱেই নামানো; মানে বিশ্বাস নকৰোঁ…। কাৰো শক্তিৰ ওচৰত মই নতশিৰ নহওঁ…মই কেৱল নিজক বিশ্বাস কৰো, নিজৰ শক্তিত বিশ্বাস ৰাখো…. অ’ আৰু এটা কথা, মই মানৱতাত বিশ্বাস কৰো;  ঈশ্বৰত নহয়…।”

“হ’ব, বুজিছো। যাওঁ দে… আকৌ আহিম নেক্সট উইকেণ্ডত আড্ডা দিব…। চ’ডা বটল এটা ৰাখিবি…!”

‘ঈশ্বৰ’ যোৱালে চাই চাই ভা‌ৱিলো ‘তাৰমানে ঈশ্বৰৰো দুখ আছে’ ….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments