ঈশ্বৰৰ মহিমা (সঁচা ঘটনাৰ আধাৰত)- মদন টাপাৰিয়া

আমাৰ উচ্চতৰ মাধ্যমিকৰ ইংৰাজীৰ পাঠ্যপুথিত বিশ্ববন্দীত টলষ্টয়ৰ এটা সাধু পঢ়িবলৈ পাইছিলো– God Sees The Truth But Waits. ইয়াত দেখুওৱা হৈছে ঈশ্বৰৰ পৰা ন্যায় পাবলৈ পলম হ’ব পাৰে কিন্তু নোপোৱাকৈ কোনেও নাথাকে! অৰ্থাৎ বেয়া কৰ্ম কৰিলে ঈশ্বৰে তাৰ কু-ফল ভোগ কৰিবলৈ দিবই দিব; সাৰি কোনোৱে নাযায়৷

এই সত্য ঘটনাটোতো তেনে এটা ঈশ্বৰৰ বিধান দেখিবলৈ পোৱা যেন অনুভৱ হয়৷

সেইদিনা তীখৰ ৰ’দৰ পাছত এজাক বৰষুণ হোৱাত বতৰ হঠাতে মনোমোহা হৈ আহিল৷ ছুটিৰ দিন৷ ঘৰতে অবাবতে সময় খৰচ নকৰি গোলাঘাটলৈ বুলি ওলালোঁ৷ গোলাঘাটত মোৰ বন্ধুৰ গ্ৰুপ এটা আছে৷ প্ৰায় সকলোৱেই ডাক্তৰ আৰু ACS/APS অফিচাৰ৷ প্ৰকৃতিবিদ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী শ্ৰীযুত ড°ৰবীন বেনাৰ্জী তাৰে অন্যতম যাৰ সান্নিধ্যত সুন্দৰকৈ গধূলিৰ সময়খিনি পাৰ কৰি দিব পাৰি৷ পুৰণি কেইজনমান সমবয়সীয়া বন্ধুৰ লগতো সু-সম্পৰ্ক আছে৷

ডাক্তৰ বন্ধু অপূৰ্ব হাজৰিকাৰ নাৰ্চিং হোম এখনো আছে৷ সেই নাৰ্চিং হোমৰ বাহিৰফালে আচুতীয়াকৈ সজা কোঠা এটা আছে য’ত গধূলি সময়ত আড্ডা বহে, লগ হয়হি দহ-বাৰজন ডাক্তৰ৷ মই হ’লোহি তেওঁলোকৰ most welcome guest.
মই লক্ষ্য কৰিছিলোঁ, ডাক্তৰ সকলৰ এটা professional disability আছে, নিজৰ বৃত্তিৰ বাহিৰে বেলেগে আৰু কথা নাপাতে বা পাতিব নোৱাৰে৷ নিজৰ কামত একঘেঁয়াকৈ লাগি থকাৰ বাবে হয়তো দিন-দুনীয়াত কি ঘটি আছে একোৱেই ভূ-ভা নাপায়৷ মোৰ উপস্থিতিৰ সুবাদতে তেওঁলোকে নিজৰ লাইনৰ পৰা আঁতৰি গৈ বেলেগ কথা পতাৰ সুবিধা পায় আৰু হাঁহি ধেমেলীয়া পৰিবেশৰ মাজত সময়টো পাৰ কৰি দিব পাৰে৷

গধূলি সাত মান বজাত মজলিছ বহি আছে৷ মই আৰু মোৰ স্কুলীয়া জীৱনৰ বন্ধু ডাঃ প্ৰহ্লাদ নাথৰ লগত সোমাই বহি দিলোঁ৷
আমাৰ দুয়োৰ মাজত বন্ধু্ত্বৰ ভাব এতিয়াও একেদৰে বৰ্তি আছে৷ প্ৰকৃততে গোলাঘাটত ৰাতি থাকিব লগা হ’লে, প্ৰহ্লাদৰ ঘৰতে থাকোঁ৷ একেবাৰে নিজা ঘৰৰ দৰে৷

দুৱাৰৰ ওচৰত পৰ্দাৰ পিছফালে নাৰ্চ এজনীয়ে বহু সময়লৈকে চুচুক-চামাক কৰি আছে৷
ডাক্তৰ বন্ধুজনে লাহেকৈ হাঁহি হাঁহি মোক ক’লে, “বাহিৰত এইজনী নিশ্চয় দীপা হ’ব৷ একেবাৰে দুখীয়া ছোৱালী৷ তাইৰ দৰমহা মনে মনে কেইবাবাৰো বঢ়ালোঁ৷ এসপ্তাহৰ আগতে দৰমহা আকৌ বঢ়াই দিছোহে৷ নিশ্চয় দৰমহাৰ কথা ক’বলৈ আহিছে তাই৷ ”

মই : বেলেগ কিবা কথাওতো থাকিব পাৰে মাতি দিয়াচোন৷

ডাঃ হাজৰিকা:বাহিৰত কোন আছাহে? কাম এৰি কিয়নো ইয়াত চুচুক-চামাক কৰি আছা?

নাৰ্চ: মই দীপা, চাৰ৷

ডাঃ হাজৰিকা: সোমাই আহা৷

ছোৱালীজনী সোমাই আহিল, চেহেৰাত বিবৰ্ণৰ ভাৱ৷ যথেষ্ট চিন্তাত থকা যেন অনুমান কৰিলোঁ৷

দীপা:মোৰ এটা বৰ দৰকাৰী কথা কবলৈ আছিল, ভালেই হ’ল বহুতজন চাৰেই একেলগে বহি আছে৷

ডাঃ হাজৰিকা:কোৱাছোন তোমাৰ কি সমস্যা হৈছে?

দীপা:চাৰ, কথাটো ক’ৰ পৰা আৰম্ভ কৰোঁ, মই ভাবিয়ে পোৱা নাই৷

ডাঃ হাজৰিকা:কৈ যোৱাচোন৷

দীপা:আমাৰ ঘৰত চাৰ, সাঁচি গছ এজোপা আছিল৷ যথেষ্ট ‘মাল’ ধৰিছিল৷ বিকিব পৰা হ’লে বহুত টকাই আমি পালোহেঁতেন৷

ছোৱালীজনীয়ে তল মূৰ কৰি অলপ ৰৈ দিলে৷ বহু সময়লৈকে একো নকৈ তল মূৰ কৰি ৰৈয়ে থাকিল৷ আমি সকলোৱে অনুমান কৰিলো যে সমস্যাটো সৰু-সুৰা নহয়৷ কোঠাটোত একেবাৰে কাঁহ পৰি জীণ যোৱা অৱস্থা৷

দীপাই কোৱা আৰম্ভ কৰিলে, “চাৰ, এই গছজোপাই আছিল আমাৰ ঘৰৰ মূল ভৰসা, অভিভাৱকেই ক’ব পাৰি৷ আমাৰ সকলোৰে সপোনৰ চাবি-কাঠী৷ ভাইটি আৰু ভণ্টিজনীয়ে কিবা বিচাৰি দেউতাক আমনি কৰিলে কৈছিল-
গছজোপা বিক্ৰী কৰিব পাৰিলে আনি দিম৷ আমাৰ মাৰো বহুত সপোন আছিল৷ চাৰ, অলপ হাত মুকলি হ’লে এল পি জি গেছ, গেছ কুকাৰ আদি কিছুমান দৰকাৰী ঘৰুৱা কেইপদ বস্তু আনি ল’ব বুলি ভাবি আছিল৷ আৰু চাৰ, (কান্দি কান্দি) মোৰ বিয়াও এতিয়া সপোনে হৈ ৰ’ল৷ ”

কোনোবা এজনে সুধিলে:কি হ’ল নো, কি অথন্তৰ ঘটিল নো?

দীপা:চাৰ, এৰাতি বিজুলী ঢেৰেকণিৰ সৈতে দোপালপিটা বৰষুণ আহিছিল৷ সেই সময়তে কোনোবা চোৰে আমাৰ সেই গছজোপা কাটি লৈ গ’ল৷ আমাৰ সকলোৰে সপোন সপোনেই হৈ ৰ’ল৷ মা-দেউতাতো একেবাৰে নিৰ্জীৱ যেন হৈ পৰিছে৷

ডাঃ হাজৰিকা:এতিয়া কোৱা আমি কি কৰি দিব লাগে তোমাক?

দীপা:চাৰ, আপোনালোক সকলোৱেই ডাঙৰ মানুহ৷ ডি চি, এছ পি সকলোৱেই আপোনালোকৰ চিনাকি, গতিকে চোৰ কেইজনক ধৰাই দিব লাগে৷

ডাঃ হাজৰিকা:আমি ঘটনাটো তোমাৰ পৰা এই মাত্ৰ শুনিহে কথাটো গম পাইছোঁ৷ চোৰক ধৰাবলৈ হ’লে আমি কোনোৱে জানিব লাগিব, চোৰ কোন হয় নো? তেতিয়াহে কাম হ’ব৷

দীপা:চাৰ, আটাইকেইটা চোৰক মই চিনি পাইছো৷

ডাঃ হাজৰিকা:তুমি কেনেদৰে চিনি পালা হে? তুমি সেইৰাতি ঘৰতো নাছিলা আৰু চুৰি হওঁতে ঘৰৰ কোনো মানুহে গমকে নাপায়?

দীপা:চাৰ, নাহৰণীৰ চাৰিজন মানুহ আমাৰ ঘৰলৈ প্ৰায় দুসপ্তাহ মানৰ আগতে আহিছিল, মই সেইদিনা ঘৰতে আছিলো৷ সিহঁতে গছজোপা চাই মেলি দাম দিলে পঞ্চাশ হাজাৰ টকা আৰু দেউতাই দাম ৰাখিলে ডেৰ লাখ টকা৷ বহুত দেৰি দৰ-দাম কৰাৰ পিছত সিহঁত উঠিলে আশী হাজাৰলৈ আৰু আমাৰ দেউতা নামিলে ১.২০ লাখলৈকে৷ কিন্তু বন্দবস্ত পকা নহ’লগৈ৷ যোৱাৰ আগে আগে আমাৰ দেউতাক এটা সকিয়নী দি গ’ল যে এই বন্দবস্ত নৰজাৰ কাৰণে কিন্তু আপুনি এদিন বৰ পস্তাব লাগিব৷

কিন্তু কিছু দিনৰ পিছতেই আমাৰ সেই গছজোপা চুৰি হৈ গ’ল৷ সেইদিনা আমাৰ ঘৰত দেখা সেই মানুহকেইজনে যে গছ কাটি লৈ গ’ল মই একেবাৰে নিশ্চিত৷

আমাৰ মাজৰে পৰা এজনে ক’লে:
চোৱা দীপা, তোমাৰ বা তোমাৰ ঘৰত ইমান ডাঙৰ অঘটন এটা হৈ গ’ল আমাৰো যথেষ্ট দুখ লাগিছে৷ তোমাৰ বা তোমাৰ ঘৰৰ সকলোৰে কি মানসিক পৰিস্থিতি হৈছে, তুমি নক’লেও আমি অনুমান কৰিব পাৰিছো৷ পুলিচৰ প্ৰায় সকলোৰে লগতে আমাৰ ভাল চিনাকি আছে৷ তোমাৰ এই কথা ক’লে আমাৰ অনুৰোধ তেওঁলোকেও ৰাখিব নোৱাৰিব, কাৰণ চুৰি কৰিবলৈ আহোঁতে বা যাওঁতে কোনেও সিহঁতক দেখা নাই৷ মাত্ৰ তোমাৰ বা আমাৰ অনুমানৰ ভিত্তিত পুলিছে কোনো ধৰণৰ পদক্ষেপ ল’ব নোৱাৰে তুমি হয়তো কথাটো জানা৷

দীপা :চাৰ, মোৰ কথা কেইটা শেষ হোৱা নাই৷ সম্পূৰ্ণৰূপে শুনিলে হয়তো আপোনালোকে পুলিচৰ সহায় বিচাৰিব পাৰিব কি জানি৷

ডাঃ হাজৰিকা:কথাটো সম্পূৰ্ণ কৰা তেন্তে৷

দীপা:মানুহ কেইজনে গছ চুৰি কৰাৰ পিছত নিজৰ ঘৰত চুচি চুচি মাল থকা অংশ ৰাখি, সৰু সৰু টুকুৰা কৰি বস্তাত ভৰাই এম্বেচাডৰ কাৰৰ ডিকিত ভৰাই হোজাইলৈ গৈ আছিলে৷ কিন্তু ভগৱান আছে নহয় চাৰ, সেই কাৰ কাজিৰঙাত বেয়াকৈ এক্সিডেণ্ট হৈ গ’ল৷ গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল৷ মানুহ আটাইকেইজনে বেয়াকৈ ঘূণীয়া হৈ গৈছে, চৰ্দাৰজনৰ অবস্থাটো একেবাৰে বেয়া৷

প্ৰহ্লাদে মাত লগালে:হেৰা দীপা, তুমি সৰবজান নেকি হে? কুৰুক্ষেত্ৰ যুদ্ধৰ নেদেখা ঘটনাবোৰ যেন মহাভাৰতৰ সঞ্জয়ে ধৃতৰাষ্ট্ৰক কোৱাৰ দৰে কৈ আছা?

দীপা:চাৰ, মই সকলো কথা নিয়াৰিকৈ ক’ব পাৰিছোঁ এই কাৰণে যে সেই আটাইকেইজনে এক্সিডেণ্ট হোৱাৰ পিছত আমাৰ নাৰ্চিং হোমতে ভৰ্তি হৈ আছে৷ ওপৰৰ ৱাৰ্ডত আছে আৰু মই নাৰ্চিং কৰি আছোঁ৷ মানুহ কেইজনে মোক চিনি পাইছে আৰু মোক ইয়াত দেখাৰ পাছত চকু ডাঙৰ কৰি মোৰ ফালে চাই থাকে, খুব ভয় খোৱা যেন লাগিছে৷

সকলো ডাক্তৰৰ কাণ থিয় হৈ গ’ল৷ অশনি সংকেত৷ এইটো এটা বৰ ডাঙৰ ভয়ৰ কাৰণ হৈ গ’ল৷

ডাঃ হাজৰিকা:দীপা, তোমাৰ ডিউটি ওপৰৰ ৱাৰ্ডত নহয় জানো? তুমি তাত আৰু ডিউটি কৰিব নালাগে৷ তুমি গ্ৰাউণ্ড ফ্ল’ৰলৈ গুছি আহা আৰু গ্ৰাউণ্ডৰজনীক ওপৰলৈ পঠিয়াই দিয়া৷

দীপা:মই এটা কথা ভাবি সান্তনা লভিছো যে আমাৰতো টকাৰ খুবেই দৰকাৰ, আমাতকৈ হয়তো তেওঁলোকৰ টকা আৰু বেছি দৰকাৰ হৈছিল নেকি, যাৰ বাবে তেওঁলোকে এনে এটা জঘন্য কাম কৰিব লগা হ’ল৷

ডাঃ হাজৰিকা:ঠিকেই কৈছা তুমি৷ কিন্তু ডিউটি সলনি কৰি লোৱা চোন৷ মই কৈছো৷

দীপা:মোক বিশ্বাস কৰক, আপোলোকে ভবাৰ দৰে মই একো নকৰোঁ৷ মোৰ কাম কি, সেইটো মই ভালদৰে উপলব্ধি কৰিব পাৰোঁ৷ তাত কোনো হীন-দেঢ়ি নহয়৷ মোক মাত্ৰ তাতে কাম কৰিবলৈ দিয়ক৷ ঈশ্বৰৰ অসীম অনুভূতি হোৱাতেহে মোৰ সৌভাগ্য মিলিছে সিহঁতক নাৰ্চিং কৰিবৰ বাবে৷ মই যিমানেই ভালকৈ নাৰ্চিং কৰি তেওঁলোকৰ সেৱা কৰিম, সিমানেই তেওঁলোকে আত্মগ্লানিত দগ্ধ হ’ব আৰু সেইটোৱেই মোৰ বাবে ভগৱন্তই দিয়া আটাইতকৈ ডাঙৰ উপহাৰ হ’ব৷ মোৰ দুখৰ বোজাও কিছু হ’লেও কমি যোৱা যেন অনুভৱ কৰিম৷
চাৰ, মোক মাত্ৰ তাতেই কাম কৰিবলৈ দিয়ক৷ ইয়াত এডমিট হোৱাৰ পিছত সিহঁতৰ অনিষ্ট চিন্তা কৰা হ’লে কথাটো আপোনাক নকলোৱেহেঁতেন৷

কিন্তু সকলোৰে পৰামৰ্শ মতে দীপাৰ ডিউটি সলনি কৰি দিয়া হ’ল৷ আৰু বন্ধু ডাঃ হাজৰিকাই মোক ক’লে – কালি দহ বজাত ওলাবা মোৰ আৰু নাথৰ লগত৷ এচ পি জনৰ লগত কথা পাতি কি কৰিব পৰা যায় চাওঁচোন৷ তুমি ওলাবা দেই মদন, তুমি কথাবোৰ বৰ systematically ক’ব পাৰা৷

ৰাতিপুৱা নাৰ্চিং হোমৰ পৰা খবৰ আহিলে যে ৰাতিতেই মানুহ কেইজনে নাৰ্চিং হোমৰ পৰা পলাল৷

বিঃদ্ৰঃ– সেই ৰাতি নাৰ্চিং হোমত তলৰ আৰু ওপৰৰ ৱাৰ্ডত দুগৰাকীকৈ নাৰ্চ আৰু দুজনকৈ ৱাৰ্ড বয় ডিউটিত আছিল৷ ডিউটি ডাক্তৰজন নিজৰ ৰেষ্ট ৰূমত শুই আছিল৷ বাহিৰত চৌকিদাৰ আছিল৷ তেনেক্ষেত্ৰত তেওঁলোক সকলোৱে কিদৰে নাৰ্চিং হোমৰ পৰা, বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা সত্ত্বেও, পলাবলৈ সক্ষম হ’ল, সেইটো ৰহস্য হৈ থাকিল৷
সন্দেহ কৰা মতে কিবা এটা পন্থাৰে সকলোকে অলপ সময়ৰ বাবে হ’লেও অচেতন কৰি দি কামটো সমাধা কৰিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments