ঈশ্বৰ বিশ্বাস, তীৰ্থযাত্ৰা, বৃন্দাবন ইত্যাদি (প্ৰতিম প্ৰতাপ বৰুৱা)

ঈশ্বৰ বিশ্বাস, তীৰ্থযাত্ৰা, বৃন্দাবন ইত্যাদি

প্ৰতিম প্ৰতাপ বৰুৱা

ধৰ্ম কি, ঈশ্বৰ বা ভগৱান আছেনে নাই, যদি আছে ক’ত আছে, স্বৰ্গ আৰু নৰক আছেনে নাই, আত্মা কি, মৃত্যুৰ পিছত কি হয় ইত্যাদি বহুত প্ৰশ্ন বহুতে বহুতক বহুযুগৰ পৰা কৰি আহিছে। প্ৰশ্ন কৰোঁতাজনেও জানে যে প্ৰশ্নটোৰ প্ৰমাণসহ বস্তুনিষ্ঠ উত্তৰ কোনেও দিব নোৱাৰে আৰু উত্তৰ দিওতাজনেও জানে যে উত্তৰটো প্ৰমাণভিত্তিক হোৱা নাই। উত্তৰ দিওতাজনৰ আৰু এটা অসুবিধা আছে। উত্তৰ যিয়েই নহওক, যিহেতু উত্তৰটোৰ লগত বৈজ্ঞানিক প্ৰমাণ নাথাকে গতিকে বেছিভাগ ক্ষেত্ৰতে ধৰ্ম-ভগৱান বিশ্বাসীজনে ধৰ্মান্ধ আৰু অন্ধবিশ্বাসী বুলি অপবাদ এটা পায়। ঈশ্বৰ আছেনে নাই, মই নিজে ধৰ্ম-ঈশ্বৰ আদি বিশ্বাস কৰোনে নাই বা ধৰ্ম-ঈশ্বৰ বিশ্বাস কৰিব লাগে নে নালাগে সেইবোৰ কথা এই লিখনিৰ বিষয়বস্তু নহয়, সেই বিষয়ে আলোচনা কৰিব খোজা নাই।

আস্তিক আৰু নাস্তিক এই শব্দদুটা লৈ, বা এই শব্দদুটাই বুজোৱা অৰ্থক লৈ কেতিয়াও কোনোদিন অসুবিধা অনুভৱ কৰা নাই। ধৰ্ম-ঈশ্বৰ বিশ্বাস সম্পৰ্কে মোৰ কোনো গোড়ামিও নাই।
বহুতে কয় প্ৰত্যেকজন মানুহৰ হৃদয়তে ঈশ্বৰ থাকে । যদি প্ৰতিজন মানুহৰ মাজতে ইশ্বৰ আছেই, তেন্তে আমি (আমি মানে আমি সকলো নহয়) মন্দিৰলৈ কিয় যাও? তীৰ্থযাত্ৰা কিয় কৰোঁ?

নামঘৰ, সত্ৰ আৰু মন্দিৰ যদি তীৰ্থস্থান হয়, আৰু নামঘৰ, সত্ৰ আৰু মন্দিৰলৈ যোৱাটোক যদি তীৰ্থযাত্ৰা বুলি কোৱা হয়, তেন্তে মই বহুত তীৰ্থযাত্ৰা কৰিছোঁ। শিৱসাগৰৰ আমাৰ নিজা নামঘৰ, আউনীআটি, বৰদোৱা, ধেকীয়াখোৱা, কামাখ্যা, খাটুশ্যাম, বৃন্দাবন, মথুৰা, গোবৰ্ধন, বৰচানা, গকুল, পুস্কৰ, হৰিদ্বাৰ, ঋশীকেশ, নীলকণ্ঠ, বৈষ্ণুদেৱী, মাউন্ট আবু….. লিষ্টখন বহুত দীঘল। তীৰ্থযাত্ৰা কৰি কি পাইছো ? বা সুধিব পাৰি তীৰ্থযাত্ৰাত কি বিচাৰি যাও ?

আনৰ কথা নাজানো। মই নিজে তীৰ্থযাত্ৰাত মানুহ আৰু মানবীয়তা বিচাৰি যাও। তীৰ্থযাত্ৰাত বা তীৰ্থস্থানত এটা অদ্ভুত সুখানুভুতিত মানুহৰ মুখবোৰ উজলি থাকে। ৰেলে-বাচে দীঘলীয়া কষ্টকৰ যাত্ৰা, বহুত সময় একেলেথাৰীয়ে খোজ কাঢ়িব লগা হোৱা, সাধাৰণ স্তৰৰ খোৱা-বোৱা, সময়মতে খাবলৈ নোপোৱা, মানুহৰ ভীৰ, ঠেলা-হেঁচা – এই সকলোবোৰৰ মাজতো তীৰ্থস্থানত মানুহৰ মুখত ফূৰ্ত্তি দেখা পোৱা যায়। ব্যস্ত চহৰৰ তাতোকৈ ব্যস্ত জীৱনযাত্ৰাত হয়তো বাটত দূৰ্ঘটনাত কোনোবা নিহত হ’লেও ৰবলৈ বেছিভাগ মানুহৰ সময় নাই। কিন্তু তীৰ্থস্থানত কোনোবা যাত্ৰী সামান্য বিপদত পৰিলেও তেওঁক সহায় কৰিবলৈ মানুহৰ হেতা-ওপৰা লাগে। এবাৰ নিশা শুদা ভৰিৰে খোজকাঢ়ি গোবৰ্ধন পৰ্বতৰ পৰিক্ৰমা কৰি থাকোতে আন্ধাৰে-মুন্ধাৰে শিলত উজুটি খাই মোৰ ভৰিৰ নখ এটা ছিগি গৈছিল। এজন অচিনাকী মানুহে নিজৰ ৰুমালখন ফালি মোৰ ভৰিৰ আঙুলিটোত বেণ্ডেজ এটা বান্ধি দিছিল, বহুত অচিনাকী মানুহে মোৰ কাৰণে ৰৈ দিছিল, কিমান দুখ পাইছোঁ সুধিছিল আৰু তেওঁলোকে মোৰ লগে লগে খোজ কাঢ়িছিল। তীৰ্থস্থানৰ বাদে আনত মানুহৰ পৰা এই ব্যৱহাৰ পোৱাৰ সম্ভাৱনা বোধকৰো নাই।

তীৰ্থস্থানত কি এটা বিশ্বাসে মানুহৰ মনত ক্ৰিয়া কৰে নেদেখিলে বুজিব নোৱাৰি। বৃদ্ধ-বৃদ্ধা মানুহৰ মুখতো সন্তুষ্টিৰ ভাৱ। এবাৰ কুসুম সৰোবৰৰ পাৰত এটা পৰিক্ৰমা যাত্ৰীৰ দলে ঢুলুকী বজাই বজাই কেইটামান সুন্দৰ ভজন গাইছিল। সেই সময়তে তাত আহি উপস্থিত হোৱা, ৰিক্সাত বহি পৰিক্ৰমা কৰি থকা প্ৰায় ৭০-৭৫ বছৰীয়া কেইগৰাকীমান বৃদ্ধাই এই দলটোৰ কাষত ৰৈ দিছিল আৰু অলপ সময়ৰ পিছতে তেওঁলোকে ভজনৰ তালে তালে নাচিবলৈ আৰম্ভ কৰিছিল। কি এক প্ৰশান্তি দেখিছিলোঁ তেওঁলোকৰ চকু-মুখত। তীৰ্থস্থানত হয়তো সেই মানসিক প্ৰশান্তি বিচাৰি পায় মানুহে। সেয়ে প্ৰাত্যাহিক জীৱনযাত্ৰাৰ পৰা কিছু সময়ৰ বিৰতি লৈ মানুহে তীৰ্থস্থানলৈ যায়। হয়তো তেনে এক মানসিক প্ৰশান্তি বিচাৰিয়েই মামনি ৰয়চম বাইদেৱে বৃন্দাবনৰ এটা সাধাৰণ খুপুৰীত জীৱনৰ এচোৱা সময় পাৰ কৰিছিল।

মই অনুভৱ কৰোঁ জীৱন-জীৱিকাৰ কাৰণে বাধ্য হৈ দৌৰি থাকিবলগীয়া হোৱা সময়খিনিত মানুহ কেতিয়াবা মানুহ হৈ নাথাকে। জীৱনে যেনেকৈ দৌৰায় মানুহে তেনেকৈ দৌৰে। তীৰ্থস্থানত মানুহে ভগৱানক নহয়, মানৱক বিচাৰি পায়। অন্তত: মই তেনেকৈয়ে ভাবোঁ।

প্ৰতিবাৰেই তীৰ্থস্থানৰ পৰা এটা ভৰা মন লৈ উভতি আহোঁ। প্ৰতিবাৰে ভাবো তীৰ্থস্থানত পোৱা এই সুখানুভূতি, মানসিক প্ৰশান্তি, পাৰস্পৰিক বিশ্বাস, মানবীয়তা, এজন মানুহে সম্পূৰ্ণ অচিনাকী আন এজন মানুহক যি কোনো ধৰণৰ সহায় কৰিবলৈ উত্ৰাৱল হোৱা, সাধাৰণ প্ৰাপ্তিতেই সন্তুষ্ট হোৱা, দয়া, ভেদাভেদহীনতা, আক্ষেপহীনতা, কপটতাহীনতা আদি কথাবোৰ যদি আমি নিজৰ প্ৰাত্যাহিক জীৱনযাত্ৰাতেই বিচাৰি পাও তেন্তে আমাৰ প্ৰতিদিনৰ জীৱন যাপনেই তীৰ্থযাত্ৰাৰ দৰে হৈ পৰিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments