উগুল-থুগুল (নিবেদিতা হাজৰিকা)

Nibedita Hazarika

উগুল-থুগুল
মই তেতিয়া ৬ষ্ঠ মান শ্রেণীত পঢ়োঁ ৷পুৰনিগুদামত আছিলোঁ ৷দৈনিক অসমত বাতৰি কাকত খনত, (বৃহস্পতিবাৰে প্রকাশ হৈছিল বোধহয় ,পাহৰিছো ) “অকনিৰ ৰংঘৰ” বুলি সৰু ল’ৰাছোৱালীৰ বাবে এটা পৃষ্ঠা আছিল ৷ সেইখন কাকত অহাৰ দিনা আৰু মোৰ অন্য একো কামত বা পঢ়া-শুনাত মন নবহে ৷ পৃষ্ঠাটোৰ প্রত্যেকটো লেখা, চিঠি, কবিতা,সাঁথৰ,নেহাঁহিবা দেই-ইত্যাদিবোৰ পঢ়ি পঢ়ি মুখস্থ হবলগীয়া হয় ৷ স্কুলৰ পৰা আহি ভালকৈ পঢ়োঁ বুলিলে খুব বেছি ২ ঘন্টাতে শেষ হয় ৷ কিন্তু নপঢ়ো,শেষ হৈ যায় বুলি দুখ লাগে ৷ অলপ অলপ কৈ টেস্ট লৈ লৈ পঢ়োঁ ৷ভাল লাগিলে পঢ়াকে পঢ়ি থাকো ৷ কাকতখন অহাৰ পিছত দুদিনলৈ পঢ়াৰ সময়তো পঢ়ি থকা দেখিলে দেউতাই খং কৰে ৷ এবাৰ মনলৈ এটা সাঁথৰ আহিল ৷ ভাবি ভাবি লিখি পেলালো ৷ দেউতাক দেখুৱাবলৈ মনো গৈছিল –লাজো লাগিছিল ৷ ২দিন মানৰ মুৰত দেউতাক দেখুৱালো ৷ দেউতাই ক’লে-খুব ভাল হৈছে, ভালকৈ থোৱা ৷ সেইদিনাই নে, পিছদিনাই দেউতাই সাঁথৰটো মোক গোট গোট আখৰেৰে লিখিবলৈ দি ,এটা বগা দীঘল এন্ ভেলপত ভৰাই- যেতিয়া ওপৰত অকনিৰ ৰংঘৰৰ ঠিকনাটো লিখিব দিছিল, মই কঁপি গৈছিলো ৷ দেউতাৰ আগত সাৱধানে লিখিলো ,দেউতাই প’স্ট কৰিলে ৷ তাৰপিছৰ কাকতত নোলোৱালৈকে মোৰ কি অৱস্থা ৷ সেই পৃষ্ঠাটো থকা কাকতখন অহাৰ আগদিনাৰ পৰা মনটো উগুলথুগুল ৷ চাওঁ নাই ৷ আকৌ এসপ্তাহ ৷ স্কুলৰ লগৰ কাকো ক’বলৈ বাকী নাই ৷ অৱশেষত ডেৰমাহ মানৰ পিছত ওলাল ৷ কিমান যে ফূৰ্তি লাগিছিল-ভাবিলে এতিয়াও গাটো তেনেকুৱা লাগে ৷ পঢ়িয়েই আছো,পঢ়িয়েই আছো ,মেলি-জাপি ৩ দিন মানৰ ভিতৰতে কাগজখন কোমল হৈ ,ৰং লেতেৰা হৈ গ’ল ৷সাঁথৰটো আছিল-
মই এটি শব্দ মোৰ,তিনটা আখৰ
চন্দ্রফোঁট এটি পিন্ধো সদায় শিৰত ৷
মোক জানিবৰ হলে,চন্দ্রফোঁট এৰা
তলত কোৱাৰ দৰে শুদ্ধবাট ধৰা ৷
নামৰূপত জন্মমোৰ প্রথমে-তৃতীয়ে
এবিধ যানৰ নাম তৃতীয়ই দ্বিতীয়ে ৷
দ্বিতীয়ই তৃতীয়ই মিলি থৰ হৈ ৰওঁ
অকনিৰ ৰংঘৰত মই প্রায়েই ওলাও ৷
আজিও আছোহি মই তোমাৰ আগতে
মোৰে কথা ভাবি আছা কইছো গুপুতে ৷
*********************কাকতত ওলোৱা প্রথম লেখা ৷ মায়েও বাৰে বাৰে পঢ়ি থকা দেখি ক’লে-হ’ব আৰু থ,নিজৰ পঢ়া পঢ় ৷তথাপিও মই মাজে মাজে মনে-মনে উলিয়াই চাই আছিলো ৷আজিকালিও যেনেকৈ কিবা লিখিলে ফেচ্ বুক খুলি বাৰে-বাৰে চাই থাকো-কোনে কি comments লিখিছে !

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments