উজনিলৈ যাঁও আহা (নিতুল বৰা)

উজনিলৈ যাঁও আহা


 

নিতুল বৰা

নৈশ বাছৰ টিকট সোনকালেই কাটি থওঁ বুলি ৰাতিপুৱা ৯ মান বজাতেই গৈ কাউণ্টাৰ পালোগৈ। এশ টকীয়া দুখন উলিয়াই কাউণ্টাৰৰ ফুটাদি হাতখন ভৰাই দিলো-‘ডিব্ৰুগড়ৰ টিকট এটা দিব…?’ ১৭৫ টকা লৈ টিকট এটা দিলে কাউণ্টাৰৰ ব্যক্তিজনে। তাৰ পাছত দুই চাৰিটামান প্ৰয়োজনীয় বস্তু লৈ ঘৰলৈ উভতিলো।
ৰাতি ঠিক ৮.৩০মানত সোনকালেই ভাত কেইটামান নাকে-মুখে সুমুৱাই দি ততাতৈয়াকৈ ওলালো। হাতত এটা সৰু বেগ, প্ৰয়োজনীয় দুই-এখন কাপোৰ, দাঁতোন, চাবোন, ফণি, ক্ৰিম এটা ইত্যাদি ইত্যাদি। এনেকৈ ১৯৯৪চনৰ পৰা ১৯৯৯চনলৈ প্ৰতি মাহতে মই ৰাতিৰ বাছত এবাৰ ডিব্ৰুগড়লৈ যাব লগীয়া হয় মেডিকেল পঢ়ি থকা ভাইটিক পঢ়াৰ খৰচ-পাতি দি আহিবলৈ। কাৰণ সেই সময়ত আজিৰ দৰে দ্ৰুতবেগী ডাক-সেৱা নাছিল, মানীঅৰ্ডাৰ কৰিলেও বহুত দিন লাগিছিল তাৰ অতি প্ৰয়োজনীয় টকা কেইটা পাওঁতে। সেয়ে নিজেই গৈ দি আহোগৈ। এইদৰেই পাছলৈ অভ্যাসত পৰিণত হৈছিল, এটা সময়ত সেই ডিব্ৰুগড় যাত্ৰা শেষ হোৱাৰ পাছতো মই আন কোনো ঠাইলৈ প্ৰতি মাহে এবাৰ নোযোৱাকৈ থাকিব নোৱাৰা অভ্যাস হৈ গৈছিল।
সৰু ভাইটিটোৱে মোক চাইকেলৰে বাছ চেণ্টিকেটত থৈ আহিলগৈ। মই বাছ অহাৰ অপেক্ষাত, এটা সময়ত গুৱাহাটীৰ পৰা সেই নিদিষ্ট বাছখন আহি পালেহি, কিছু সংখ্যক মানুহ নামি অহাৰ পাছত মই উঠি গৈ হুৰমূৰকৈ মোৰ চিটৰ নম্বৰটো বিচৰাত লাগিলো। হাতৰ বেগটো ওপৰৰ ডেক্সত ভৰাই দি চিটটো অলপ সুবিধানুসাৰে হওলাই দি দেহাটো এৰি দিলো। কিছু সময়ৰ পাছত বাছখনে গতি কৰিলে……….লাহে লাহে মোৰ চকু কেইটা জাপ খাইছিলেহে, তেনেতে কাষতে থকা ২০-২২বছৰীয়া এজনী ছোৱালীয়ে অক অক শব্দ কৰি বমি কৰি দিলে নহয়, খকমককৈ সাৰ পাই চাই দেখি চকু কপালত,….উহ যিটো কথাই বেয়া পাওঁ সেইটোৱেই হল, খিৰিকীয়েদি মূৰ উলিয়াবলৈকে নাপালেই, আধা বাছৰ ভিতৰত, আধা বাহিৰত পৰিল, কি হ’ব এতিয়া! ছোৱালীজনীয়ে মোৰ ফালে চাই ক’লে ‘অহ ছ’ৰি দেই দাদা’। মই কি কম ভাবি নাপালো, বেগৰ পৰা পানীৰ বটল এটা উলিয়াই তেওঁলৈ আগবঢ়াই দিলো। তেওঁ মোক মূৰ দুপিয়াই হয়তো ধন্যবাদ এটা দিব বিচাৰিছিল। কিছু সময়ৰ পাছত ভিতৰত পৰা খিনিৰ পৰা উত্কত টেঙা টেঙা গোন্ধ এটা ওলাই গোটেই বাছখনত মলমলাই গৈছিল। বহু চেষ্টা কৰিও কোনো উপাই নাপালো পৰিত্ৰাণ পোৱাৰ। উপাই নাপাই এঘণ্টামান সময় যোৱাৰ পাছত আগ-পাছ নাভাবি গৈ কেবিন পালোগৈ……কনডাক্তৰে ক’লে ‘কি হ’ল..দাদা?’

‘এহ, নকবা আৰু, ছোৱালী এজনীয়ে মোৰ চিটৰ কাষতে বমি কৰিলেহে…এতিয়া গোন্ধত থাকিব নোৱাৰি, সেয়ে এইখিনি পালোহি….হেৰা বাটত কৰবাত মানে বোকাখাট মানত চিট খালী হ’ব নেকি হে..?’

‘নাই দাদা বাটত নামিবলগীয়া নাই।‘

‘চেহ, মহা বিপদ…তেনেহ’লে তোমালোকৰ কেবিনতেই যাব লাগিব আজি।‘

‘কিন্তু দাদা….কেবিনত আপুনি গ’লে ভয় খাব নহয়..ৰাতি গাড়ী বহুত বেগত যায়… দেখি আপুনি ভয়ো খাব পাৰে।‘

‘হেৰা সেইবোৰ বাদ দিয়া…মই সেইবোৰ ভয়-চয় খোৱা মানুহ নহয় হে…মোক বহিবলৈ অলপ জেগা দিয়া বছ।‘

‘ঠিক আছে তেনেহলে আপুনি ইয়াতে বহক।‘ মই তেওঁৰ কাষতে বহি ললো ভালকৈ। গাড়ী তীব্ৰগতিত আগবাঢ়িছে, ঘণ্টাত প্ৰায় ১০০-১১০, কোনো কোনো সময়ত মিটাৰত দেখিলো ১৩০লৈকে স্পীডত গৈছে গাড়ীখন।……….গছবোৰ, ঘৰবোৰ বিজুলী বেগেৰে কাষেৰে পাৰহৈ গৈছে, তাৰ লগে লগে দুই এখন নৈশ বাছ দুগুণ গতিত বিপৰীতমুখে পাৰহৈ যোৱা যেন লাগিল। ৰাষ্ট্ৰীয় ঘাই পথৰ মাজৰ বগা চিন ডালো বাছখনৰ তলেৰে পাৰহৈ গৈছে। লাহে লাহে মোৰ টোপনি আহিছিল। তেনেতে এটা তীব্ৰ জোৰত মৰা ব্ৰেকত মই কনডাক্তৰৰ গাত খুণ্ডা মাৰি দিলো। সন্মুখত বেয়া হোৱা এখন ৰখাই থোৱা গাড়ী আছিল। সেইখনৰ আকৌ বেকলাইটটো জ্বলাই ৰখা নাই। আমাৰ গাড়ীৰ ড্ৰাইভাৰে কুঁৱলীৰে ভৰা ৰাস্তাত সেইখনক ওচৰ পাওঁতেহে দেখি জোৰেৰে ব্ৰেক মাৰি দিলে। সিও থত-মত খাই গ’ল। বোলো টোপনি আহিছিলহে। এনেকৈ গৈ কেতিয়া যে ডিব্ৰুগড় পালোগৈ গমেই নাপালো…ৰাতি পুৱাও পুৱাও হৈছে….ঠাণ্ডা দিন…গাড়ী গৈ ডিব্ৰুগড়ৰ ফুলবাগানত গৈ ৰখালেগৈ…সকলো মানুহৰ লগতে মইও হাতত বেগটো লৈ নামি আহিলো।

আই ঐ, কি ঠাণ্ডা…ঐ!চাৰিওফালে কুঁৱলী..হাঁড় কপোৱা ঠাণ্ডা পৰিছে। কি কৰিম এতিয়া, ইমান সোনকালে ক’লৈ যামনো…এতিয়াই গৈ হোষ্টেলৰ দৰজাত খটখট কৰিলে ভাইটিহঁতৰো টোপনিহে ক্ষতি হব। তাতে সেইমখাই ৰাতি ১১-১২বজালৈ আড্ডা মাৰে আৰু ঠিক ১মান বজাৰ পৰা পঢ়িব। ৰাতিপুওৱাৰ সময়তহে শুবলৈ যাব। গতিকে এতিয়াই নোযোৱাই ভাল হ’ব বুলি ভাবি এখোজ দুখোজকৈ চাহৰ দোকান এখনৰ কাষলৈ আগবাঢ়িলো। কিছু সময়ৰ পাছত অনুভৱ কৰিলো মোৰ কাষতে ঠিয় দিছেগৈ সেই বমি কৰা ছোৱালীজনী….মনতে ভাবিলো এইজনীয়ে মোৰ পিছ নেৰিবই নেকি আজি ? উস ভগৱান…ৰাতিতো জলাইয়ে আহিছে এতিয়াবা কি সমস্যাৰ সৃষ্টি কৰে। আহোতে কাৰ মুখ দেখিছিলো জানো…যিটো বেয়া পাওঁ সেইটোৱেই হৈ আহিছে। ঠিকেই মই ঠিকেই অনুমান কৰিছিলো মনতে..লগালেই নহয় মাত।‘দাদা আপুনি কোনফালে যাবনো..? মানে মই ডিব্ৰুগড়লৈ আজিহে আহিছো, চিনি নাপাওঁ ভালকৈ, সেয়েহে। মই বোলো –‘মই মেডিকেল কলেজ হোষ্টেললৈ যাম….তুমিনো কোন ফালে যাবা…?’ অনিশ্চা স্বত্তেও সুধিবলৈ বাধ্য। ক’লে, ‘মই মানে পল্টন বজাৰলৈ যাম, এতিয়া কোন ফালে যাব লাগে সেইটো দেখুৱাই দিলেই হ’ব। ‘হমম….পল্টন বজাৰলৈ যাবলৈ এতিয়াই কোনো গাড়ীও নাই…….অলপ ৰব লাগিব…টেম্পোবোৰ আহিব অলপ লাহে লাহে….। ঠিক আছে মই পল্টন বজাৰ পাৰহৈয়ে যাম মেডিকেললৈ তুমি মই যোৱা টেম্পুখনতে যাব পাৰিবা।‘ এইবুলি দোকানীক কলো—হেৰা চাহ একাপ দিয়াহে….একমিনিট ভাবিলো, একাপ বুলিলে ছোৱালীজনীয়ে বেয়া পাব…হেৰা একাপ নহয়হে দুকাপ দিয়া। ছোৱালী জনীৰ ফালে চাই কলো…সদ্যহতে চাহ একাপকে খাই লোৱা…বুলি কবলৈহে পালো সিফালৰ পৰা শুনা পালোৱেই ‘থেংক ইউ’। মনতে ‘হুহ, গোটেই ৰাতিটো জ্বলালা এতিয়া ‘থেংক ইউ’ ক’বলৈ আহিছে, বোলো…….তোমাৰ বাবেই মোৰ ৰাতিটো ভালকৈ টোপনি নাহিল….এতিয়াও আহিলা আকৌ মোৰ লগতেই যাবলৈ….।
খং নুঠিবনো কেলৈ….?? দেখাই শুনাই ধুনীয়া ছোৱালী এজনীক ইমান দীঘলীয়া যাত্ৰাৰ সহযাত্ৰী হিচাপে পালে……….চকুলৈ কিমান কল্পনা আহিলহেতেন, ৰাতিটো কথা পাতি পাতি বহুদিনৰ চিনাকি যেনেই হৈ পৰিলোহেতেন…কথা পাতোতে পাতোতে টোপনি আহিব, ক’ব নোৱাৰাকৈ তেওঁ মূৰটো আনি মোৰ বাহুত থৈ নিশ্চিন্ত মনে টোপনি যাব আৰু মই তেওঁ সাৰ পাই উঠিব বুলি অকনো নলৰোৱাকৈ একে ভাজতে ডিব্ৰুগড়লৈকে যাম। বাহু বিষাই যাব………বিষালেও বিষাওক…ইচ্ছা কৰিও তেওঁৰ টোপনি ভাঙিবলৈ মন নাযাব। উস আৰু যে কি কি সপোন আহিলহেঁতেন ঐ….চব পণ্ড কৰি দিলে বমি সোপাই……কিনো দৰকাৰ আছিল জাৰ্নি কৰাৰ আগত টেটু গুৰিলৈকে এসোপামান ঠেচি ঠেচি খাই আহিবলৈ। আৰু যদি আগে পাছে এনেকুৱা হয়েই তেনেহলে এভমিন এটা খাই লোৱা হ’লেই হৈ যায়। তেনেতে মেডিকেল মেডিকেল বুলি চিঞৰা টেম্পোৱালাৰ মাতত স্তম্ভিত ঘুৰাই পালো…………..
মেডিকেল, মেডিকেল…পল্টনবজাৰ, পল্টন বজাৰ………নালিয়াপুল নালিয়াপুল….লাহে লাহে টেম্পোৰ লাইন লাগি গল। মই বোলো …বলা এতিয়া সেইয়া টেম্পোবোৰ আহিছে…..এইবুলি টেম্পো এখনত উঠিলো। ছোৱালীজনীক পল্টন বজাৰ পোৱাৰ লগে লগে ক’লো তোমাৰ পল্টন বজাৰ এইখনেই ইয়াতে তুমি নামা এতিয়া। ছোৱালীজনীয়ে এইবাৰ মিচিকিয়া হাঁহি এটাৰে ধন্যবাদ সূচক ভাব এটা দেখুৱাই নামি গ’ল। মই মনতে ভাবিলো উস ৰক্ষা…এইবাৰ যে মেডিকেল যাওঁ বুলি নকলে।
মেডিকেল পালোগৈ হাতমুখ ধুই চাহ-ৰুটীখাই লৈ ভাইটিৰ লগত অলপ কথা পাতি শুই গ’লো। কাৰণ ৰাতিৰ বাছত মই আকৌ ঘৰলৈ ঘুৰি আহিব লাগিব, সেয়ে ভাইটিক কলো তই ক্লাছলৈ যাওঁতেই মোৰ বাবে ৰাতিৰ গাড়ীৰ টিকট এটা কাটি আনিবি। দুপৰীয়া ২টা বজাত শোৱাৰ পৰা উঠি বোলো গা-টোকে ধুই লওঁ…উউউ যিহে লাইন বাথৰূমত…..এটা সোমাইছে, এটা ওলাইছে। খালী নহয়হে নহয়….ফাকে ফাকে শালিকী ধোৱন এটা দিলো। আৰু বোলো ভাত খাম আৰু। ভাইটিয়ে ৰান্ধনিক কৈ গৈছে বাবে ৰূমলৈকে ভাত আনি দি ঢাকি থৈছেই। আবেলি অলপ ওলাই যাওঁ বুলি ভাবোতেই ওলালহি কেনেবাকৈ খৱৰ পাই মোৰ লগৰ প্ৰাঞ্জল। সি তাতে পঢ়ি আছে। কোনোবাই ক’লে বোলে মই আহিছো বুলি। আমি একেলগে পঢ়িছিলো হাইস্কুলত ৬ বছৰ। তেতিয়াৰ সেই ঠাণ্ড-মুণ্ডা প্ৰাঞ্জল আৰু নাই। তাৰ ৰূপ সলনি হল। সি আহিয়েই মোক সাবতি ধৰি একেলেঠাৰীয়ে কেইবাটাও প্ৰশ্ন কৰিলে…তই মোৰ ৰূমলৈ যোৱা নাই কিয়..? বল এতিয়া…অলপ আড্ডা মাৰোগৈ। মই বোলো ঠিক আছে বল….
এইবুলি গৈ তাৰ ৰূম পাই বহিলো, কথাৰ মহলা কিমান যে কি ওলাল। তাৰ লগে লগে ৰূমমেট বোৰৰ লগতো চিনাকি পৰ্ব চলিল। এটা সময়ত সিহঁতে কথাৰ মাজতে ক’লে বোলে পাৰ্টি আৰম্ভ কৰা যাওঁক। মই বোলো কিহৰ পাৰ্টী অ…? বোলে …একো তেনেকুৱা অ’কেজন নাই…আজি তই আহিছ যেতিয়া সেইটো ফূৰ্তিতেই হৈ যাওঁক বুলি টেবুলৰ তলৰ পৰা ডাঙৰ লালৰ বটল এটা উলিয়াই আনি সন্মুখত ৰাখিলে। লগে লগে আন এটাই ৪টা গিলাচ আনিলে।  এটাই ফটাফট দৌৰি গৈ গেটৰ সন্মুখৰ পৰা চানা অলপ আনিলেগৈ….। কৃষ্ণ, মোৰ চকু কপালত উঠিল। এই দিন দুপৰতে এইবোৰ কি…? বোলো ঐ কি কৰ, কি কৰ…তহঁতে…? সি ক’লে-এইবোৰ আমাৰ চলিয়েই থাকে, মন গ’লেই হ’ল। বোলো—পিছে হেৰি নহয়…কথা এটা কওঁ বেয়া-চেয়া নাপাবি আক…মই এইবিধ নধৰো নহয়…তহঁতৰ লগতে বহি থাকিম বাৰু, কিন্তু মোক জোৰ নকৰিবি দেই। প্ৰাঞ্জল জাঙুৰ খাই উঠিল…কি কথা কবলৈ আহিছ, ইমান দিনৰ মূৰত লগ পাইছো এতিয়া আক তই…চেঁচা পানী নাঢালিবি দেই। মই বোলো—নাই নাই ভাই, মই এইবোৰ বেয়া পাওঁ সেয়েহে কৈছো। তেনেতে তাৰ ৰূমমেটে কলে….হয়, ঠিকেই যদি তুমি কেতিয়াও খোৱা নাই তেনেহলে জোৰ কৰা ভাল নহয়। মই তেওঁক ধন্যবাদ এটা দিলো। মনতে বোলো বাচিলো দেই…এইটোৰ পৰা। তাৰ পাছত কিছু সময় কটাই তাৰ ৰূমৰ পৰা পত্ৰং মাৰিলো। ভাইটিক আহি কলোহি…সি ক’লে প্ৰাঞ্জলে আজি কালি দিনে ৰাতিয়ে খায়। তাৰ লগ নলবি, সি বহুত বেয়া হৈ গল। তেতিয়াহে বুজিলো……..হোষ্টেলত গৈ কিছুমান খুবেই ভাল হয়গৈ আৰু কিছুমান ধংস হয়গৈ, মাক-দেউতাকৰ ইমান আশা ধুলিসাৎ কৰি পুতেকে কৰিছে সেয়া।

সন্ধিয়া হৈ আহিছে, মইও খাই বৈ উভতিবলৈ সাজু। বেগটো কান্ধতে লৈ ভাইটিৰ লগতে ৭.১৫ মিনিট মানত ওলালো, গাড়ীৰ সময় ৭.৩০ মিনিটত। সি আহি গেটলৈকে আগবঢ়াই গাড়ীত তুলি দিলে। গাড়ী চলিল, আহি আহি ফুলবাগানৰ ষ্টপেজত কিছু সময় ৰলে আৰু যাত্ৰী উঠাই লৈ আগবাঢ়িল। মোৰ কাষত এটা মাৰোৱাৰী সম্প্ৰদায়ৰ বিকত চেহেৰাৰ যাত্ৰী, সেইটো বহাৰ পাছত মোলৈ চিটৰ এটা চুকহে থাকিলগৈ। আকাশ ফৰকাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজেৰে গাড়ী আগবাঢ়িছে, লাইটৰ পোহৰত বিশ্ববিদ্যালয়ৰ চৌহদৰ কিছু কিছু দেখা যায়। এঘণ্টা মান যোৱাৰ পাছত গাড়ীৰ গতি বেগ বাঢ়িল, ভিতৰৰ লাইট নুমুৱাই দি কনডাক্তৰে দৰজাখন মাৰি কেবিনত বহিলগৈ। যাত্ৰীবোৰে কিছুদুৰ সাৰে থাকি লাহে লাহে টোপনিয়াবলৈ ধৰিছে, কিছু সময়ৰ পাছত গম পালো মোৰ কাষত থকাজনেও নাকেৰে ঘৰৰ্ ঘৰৰ্ শব্দ কৰি উঠিছে। মইও ভাবিলো ৰৈ থাকি লাভ নাই শুৱাই ভাল। শুই গলো—কেতিয়া টোপনি আহিল ক’ব নোৱাৰো…..গাড়ী আহি শিৱসাগৰত ভাত খাবলৈ ৰখাওতেহে সাৰ পালো। সকলোৱে ভাত খাই বৈ আকৌ গাড়ীত বহিল। আকৌ গাড়ী চলিল তীব্ৰ বেগত।
নিশা ঠিক ৩বজাত আহি নগাঁও পালোহি। চহৰ সোমায়েই পানীগাঁও চাৰিআলিতে নামিলো এহাতত বেগটো লৈ। ইফালে সিফালে চালো…কতো এটাও নৰমনিচ পুৰি খাবলৈও নাই…নাইতো নায়েই পুলিচ এটাও নাই। ঘোপ মৰা এন্ধাৰ, কাৰেণ্টো নাই সেইখিনি সময়ত। ঠাণ্ডাত কঁপি গৈছে দেহা। কি কৰা যায় এতিয়া? এই মাজ ৰাতিখন নমাই দিলেহি…ৰাতিপুৱাবলৈও বহুত বাকী। দূৰৈত কুকুৰৰ শব্দ কেইটামান শুনিলো……….ভৌ ভৌ ভৌ, ভুক ভুক ভুক।
কি কৰো এতিয়া, এইবুলি ওচৰৰে পাচলি দোকান এখনৰ পৰা হাতত তুলি ললো বাঁহৰ দাং এডাল, ভাবিলো কুকুৰে খেদিলে সেইদালেৰে লাঠিচাৰ্জ দিব পাৰিম। এইবুলি উপায়ন্তৰহৈ খোজ ললো আন্ধাৰৰ মাজেৰেই ঘৰমুৱাহৈ। সেইখিনৰ পৰা আমাৰ ঘৰলৈ প্ৰায় ২ কি.মি. বাট। প্ৰায় ১ ফাৰ্লংমান আহিছোহে, আহিল নহয় তেনেকুৱাতে সঁচাকৈ কুকুৰৰ জাক এটা, ভৌ ভৌৱাই….হেই হেই কৰিছো আৰু আগবাঢ়ি গৈয়েই আছো, নাই কুকুৰ কেইটাই আৰু বেছিকৈহে খেদি আহিছে, এইবাৰ বোলে কথা নাই আৰু বেগটো বাওঁহাতত লৈ সোঁহাতেৰে লাঠিচাৰ্জ আৰম্ভ কৰিদিলো আন্ধাৰে-মুন্ধাৰে, দুই এটাৰ গাত কোব দুটামান পৰি কেং কেং কেং কৰি দৌৰ দিলে, তেতিয়া বাকী কেইটাওঁ পলাল। আকৌ আগবাঢ়িলো…………তেনিটা কেকুৰী পাৰহৈ পলিটেকনিকৰ হু্ষ্টেলৰ কাষেৰে ৰাস্তাদি আহি আছো, এইচোৱা বাটত আকৌ মানুহৰ ঘৰ-চৰ নাই, দুই এঘৰ আছে দুৰতহে, চিঞৰিলেই নুশুনে, তাতে শুনিলেও যিহে ঠাণ্ডা ক’ত আৰু লেপৰ উমৰ পৰা মানুহ বাহিৰ ওলাব।
সেইসময়ত আকৌ কলঙৰ ওপৰত থকা আমাৰ গাঁৱলৈ অহা একমাত্ৰ দলং খন ভাঙি পকীকৰণৰ কাম চলি আছে, সেয়ে কাষেদি তলত এখন বাঁহৰ সাকোঁ সদৃশ দলং বনাই দিছে বাটৰুৱা অহা-যোৱা কৰিবলৈ। মই আহি আহি সেইখিনি পাইছোহে….তেনেতে বাঁহৰ সাঁকো খনৰ কাষতে দেখিলো একুৰা ৰঙা দপদপকৈ জ্বলি থকা জুই। মনতে ভাবিলো, এইৰাতি খন ইয়াত কোনে জুই ধৰিলে ইয়াত, কিবা ভূত-চুতেই নেকি…. ভয়ো লাগিছে, যামনে নাযাম এতিয়া, এনেও ঠাইখিনি অলপ জয়াল, দলংৰ দুইমূৰে দুজোপা প্ৰকাণ্ড আহত গছ, বাহঁৰ দলংখনদি যাবলৈ তললৈ গৰায়েদি নামি যাব লাগিব, একেবাৰে জুইকুৰা থকাৰ কাষেদি। ইফালে সিফালে চালো একো নেদেখি, কেবল আন্ধাৰ আৰু আন্ধাৰহে, কৃষ্ণ কৃষ্ণ বুলি তিনিচাৰিবাৰ মান ভগৱানক সোঁৱৰি মনতে মাতিলো প্ৰভু আজি বচাবা আৰু মোক। তুমিয়েইহে জানা আৰু মোক ভাললৈ নিচানে বেয়ালৈ নিচা। এইবুলি গৰায়েদি নামি গৈছে…ইফালে সিফালে চোৱা নাই…গা-টো গম গমকৈ লাগিছে সেইখিনি পাওঁতেই, গাৰ নোম দাং খাই গৈছে…সেই পুহমহীয়া ঠাণ্ডাতো মোৰ চোলা তিতি গৈছে, পাছলৈ চোৱা নাই, এনেকুৱা সময়ত বোলে পাছলৈ চাব নাপায়, বাঁহৰ দলংখন উঠিলো, দলঙৰ বাহঁবোৰে কেৰমেৰাই উঠিল, ভয় দুগুনে বেছিহে লাগিল…………খৰধৰকৈ খোজ ললো, একেকোৱে গৈ কলঙৰ সিটো মূৰ উঠিলোগৈ..সিফালৰ গৰাটো উঠি আহত জোপা পাৰহৈহে উশাহটো সলাইছোগৈ………..তথাপিও ৰোৱা নাই মই…সৰ্বশৰীৰেদি কাৰেণ্টহে যেন পাৰহৈ গল। একেবাৰে গৈ গাঁৱৰ তিনিআলিটোত গৈহে ৰৈছো, তেতিয়া পাছলৈ চালো নাই একো নাই, এইবাৰ গাঁৱৰ মাজেৰে আগবাঢ়িলো, নামঘৰ দুটা পাৰ হোৱাৰ সময়তো গাটো গম গমকৈ লাগিল….ৰৈ নাথাকি ঘৰলৈ যোৱা গলিটোদি সোমাই গৈ এইবাৰ গৈ দুৱাৰ মুখতহে ৰৈছোগৈ। মাক মাত দিলো……সৰু ভাইটিতোও সাৰ পাই আছিল বাবে সিও ওলাই আহিল। মা আৰু ভাইটিয়ে অবাক দৃষ্টিৰে মোলৈ চাই ৰ লাগিল, বোলে এইৰাতিখন তই কেনেকৈ আহিলি কলং পাৰ হৈ, ভাইটিয়ে বোলে—আজি বেজিয়া খুৱাইদেউৰ পুতেক ঢুকাল নহয়, সেই বাঁহৰ দলঙৰ কাষতে খৰি দিছে বোলে, তই দেখা নাই, কেনেকৈ আহিলি সেইফালেদি। মই বোলো দেখিছো, কিন্তু কোনোবা মাছমৰিয়াই জুই ধৰিছিল বুলিহে ভাবিছিলো, তেনেতে আইয়ে ভিতৰৰ পৰা চাকিটো জ্বলাই আনি ধানখেৰ কেইডালমান আনি জুই ধৰি দিলে, তাতে হাত মুখ ধুই বাহিৰে বাহিৰে নিমপাত কেইটামান মুখত লৈহে ভিতৰ সোমাবলৈ দিলে। সেইদিনাৰ পৰা আৰু ৰাতিৰ গাড়ীত ডিব্ৰুগড়ৰ পৰা নাহো কেতিয়াওঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক