উত্তপ্ত অসম আৰু শিল্পী গোষ্ঠীৰ মৌনতা : (অভিনিবেশ তন্ময় শর্মা)

“অসমীয়া সমাজক একগোট কৰি গোটাব পাৰিলেহে আমাৰ আর্থিক,ভাষা আৰু সংস্কৃতিৰ উন্নয়ন হ’ব আৰু জীয়াই ৰাখিব পাৰিম। জাতি-জনজাতিৰ ভিতৰত থানবান হ’লে প্ৰত্যেক জাতি গোষ্ঠী মৰিব।”

“গণ বিপ্লৱৰ জীৱন দৰ্শনক পদাঘাত কৰি কোনো প্ৰকৃত শিল্পী জীয়াই থাকিব নোৱাৰে।” – বিষ্ণু প্রসাদ ৰাভা (১৯০৯-১৯৬৯)

পৃথক ৰাজ্যৰ দাবীক কেন্দ্র কৰি অসমত শেহতীয়াকৈ হৈ যোৱা হিংসাত্মক ঘটনাবোৰে অসমত বাস কৰা অসমীয়া সকলৰ দৰে দিল্লীবাসী অসমীয়া সকলকো মৰ্মাহত কৰি তুলিছে। হিংসাত্মক ঘটনাবোৰৰ আঁৰত থকা বিভিন্ন সংগঠনক গৰিহণা দিয়াৰ লগতে পৃথক ৰাজ্য দাবী কৰা বিষয়টোলৈ দিল্লীত অসমীয়া বুদ্ধিজীৱী তথা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তুমুল বিতৰ্কও হৈছে। যদি কোনোবাই জনগোষ্ঠীয় দাবীটোক সমৰ্থন কৰিছে আন বহুতে অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ইয়াৰ তীব্ৰ বিৰোধিতাও কৰিছে। যোৱা কেইদিনমানৰ পৰা কেইটামান প্রশ্নই মোৰ মনত খুন্দিয়াই আছে- বিভাজনে অসমলৈ স্থায়ী শান্তি ঘূৰাই আনিব পাৰিব নে? অসমখনক যদি ইমানখিনি জনগোষ্ঠীৰ মাজত খণ্ড বিখণ্ড কৰি ভগাই দিয়া হয়, অসমখনৰ অস্তিত্ব জানো থাকিব? ইতিমধ্যে বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনে আৰু নগাসকলৰ বলপূৰ্ব্বক দখলে থকা সৰকা কৰা মূল সুঁতিৰ অসমীয়াসকলৰ অসমৰ ভগ্নাৱশেষত কিমান সুৰক্ষিত হ’ব? এক গভীৰ সমস্যাৰ লগত জড়িত হৈ থকা হেতুকে এইকেইটা প্রশ্ন নিশ্চয় বিভিন্ন জনৰ মনত ইতিমধ্যে উদয় হৈছে। মই আশা কৰোঁ এই সমস্যাটোৰ এক স্থায়ী সমাধানৰ বাবে তেখেতসকলে নিশ্চয় চিন্তা-চর্চাও আৰম্ভ কৰিছে কিয়নো কোনো সমাধান নহ’লে অসমৰ পৰিস্থিতি উনবিংশ শতিকাৰ বল্কান অঞ্চলৰ দৰে হ’ব। বল্কান খণ্ড-বিখণ্ড হ’ল, কিন্ত শান্তি হ’লে ঘূৰি নাহিল।

বিভিন্ন জনগোষ্ঠীয়ে পৃথক ৰাজ্য দাবী কিয় কৰিছে? অসমৰ পৰা বিচ্ছিন্ন হ’বলৈ তেওঁলোক ইমান কিয় ইচ্ছুক?ইয়াৰ বাবে কোনোৱে এটা কাৰণ বুলি ডাঠি ক’ব নোৱাৰে। কিন্তু মোৰ মতে ইয়াৰ এক প্রধান কাৰণ হ’ল সাংস্কৃতিক। জনগোষ্ঠীয় লোকসকলে নিজকে অসমীয়া বুলি চিনাকি দিব নিবিচাৰে। অসমীয়া সংস্কৃতি তেওঁলোকৰ বাবে ক্ৰমাগত ভাবে এক বিদেশী সংস্কৃতিলৈ পৰিণত হৈছে। এই ক্ষেত্রত মূল সূঁতিৰ অসমীয়া সকলৰ দোষো আছে। আমি অসমীয়াৰ সংজ্ঞাকে আজিলৈকে বুজি নাপালোঁ আৰু সেইবাবে উগ্র জাতীয়তাবাদৰ ঢৌৱে আমাক উটুৱাই লৈ গুচি যায়। জাতীয় অধ্যাপক ড. সুনীতি কুমাৰ চট্টোপাধ্যায়ে ‘কিৰাত জনকৃতি’ নামৰ গ্রন্থত লিখা কথা আঙুলিয়াই দি কৈছিল যে অসমীয়া জাতি আৰ্য্য, অনাৰ্য্য, দ্ৰাবিড়, নিষাদ, কিৰাদ, মঙ্গোলীয়, অষ্ট্রিক আদি জাতিসমূহৰ সংমিশ্ৰণত গঢ়ি উঠা এটা জাতি আৰু এই জাতিৰ সংস্কৃতিও সকলোবোৰৰ সংমিশ্ৰণত,হাজাৰ হাজাৰ বছৰৰ সাধনাৰ ফল স্বৰূপে গঢ়ি উঠা সংস্কৃতি। এইখিনিতে বিষ্ণুপ্ৰসাদ ৰাভায়ে কোৱা এষাৰ কথালৈ মনত

পৰিছে। এজন প্ৰতিভাৱান শিল্পী হিচাপে বিষ্ণু ৰাভা যদিও জনপ্ৰিয় আমি বহুতে নাজানো যে তেখেত এজন অতি উচ্চ মানৰ ভাষাবিদ আৰু চিন্তাবিদো আছিল। ৰাভাই অসমত বাস কৰা সকলোকে এটা অসমীয়া জাতি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল। এবাৰ কথাৰ মাজতে হেনো বিশিষ্ট চিন্তাবিদ ড. হীৰেন গোঁহাইৰ আগত তেখেতে প্রকাশ কৰিছিল যে অসমীয়া জাতি এটা উমৈহতীয়া জাতি আৰু অসমীয়া ভাষা এটা উমৈহতীয়া ভাষা। সত্য যেনেকৈ কোনো এটা ধৰ্ম্ম,ভাষা বা শ্রেণীৰ ব্যক্তিগত সম্পদ নহয়,তেনেকৈ অসমীয়া জাতি আৰু ভাষাও কোনো এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ ব্যক্তিগত জাতি বা ভাষা নহয় (প্রথম বছৰ,চতুর্থ সংখ্যা ‘প্রতিবাদ’ আলোচনী,২২নং পৃষ্ঠা)।

ৰাভাই বিশ্বাস কৰিছিল যে ঐক্য অবিহনে সৌন্দৰ্যৰ বিকাশ আৰু প্রগতি অসম্ভৱ।

অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা,গণ শিল্পী হেমাঙ্গ বিশ্বাস আৰু তেওঁলোকৰ সুযোগ্য উত্তৰাধিকাৰী সুধা কন্ঠ ড. ভূপেন হাজৰিকাৰ দৰে সমাজ সচেতন বিপ্লৱী শিল্পীৰ অনুপস্থিতি এই সংকটাপন্ন পৰিস্থিতিত প্ৰত্যেকজন অসমীয়াই উপলব্ধি কৰিছে। কিন্তু তেওঁলোকৰ আদৰ্শ আগবঢ়াই লৈ যাবলৈ আজি কোনো এজন শিল্পী ওলাই অহা নাই। অলপতে দিল্লীত অনুষ্ঠিত হোৱা এক সাংস্কৃতিক সন্ধ্যাত জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ মহন্তই গীত গোৱাৰ মাজতে অসমীয়াসকলৰ মাজত ঐক্যতা বজাই ৰাখিবলৈ আহ্বান জনাইছিল। ই সঁচাকৈ প্ৰশংসনীয় কিন্তু শিল্পীসকলৰ দায়িত্ব ইমানতেই শেষ নে?

ইতিহাস খুচৰি চালে দেখিব শিল্পীসকলে নিজ নিজ সৃষ্টিশীলতাৰে দুৰ্যোগৰ সময়তো সাধাৰণ মানুহৰ মনত এক গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল যিয়ে বহু ঘটনাৰ দিশেই সলনি কৰি দিছিল। পণ্ডিত ৰবি শংকৰ আৰু জর্জ হেৰিছনৰ,‘The Concert For Bangladesh’-এ কিদৰে বাংলাদেশৰ মুক্তি সংগ্রামৰ প্রতি বিশ্ব মত আনি দিছিল সেয়া হয়টো দুনাই কোৱাৰ প্রয়োজন নাই। আমি সকলোৱে ভাবো সংগীত মনোৰঞ্জনৰ বাবে। নিশ্চয়, কিন্তু সঙ্গীতৰ এক অদ্ভুত শক্তিও আছে-ঐক্যবদ্ধ কৰাৰ শক্তি! সঁচাকৈ,সঙ্গীতে কোনো সীমা নামানে,কেৱল তাক অতিক্ৰম কৰে (Music doesn’t obey any boundaries. It just transcends them)। সঁচা অৰ্থত সংগীত এক বিশ্বজনীন ভাষা।

প্রথম বিশ্বযুদ্ধৰ সময়ত সৈনিকসকলৰ ওপৰত ‘খ্রীষ্টমাছ কেৰলে’(Christmas Carol) এক অভাৱনীয় প্রভাৱ পেলাইছিল। ১৯১৪ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন জাৰ্মান আৰু ব্ৰিটিছ সৈনিকসকলে কৰ্তৃপক্ষৰ আদেশ নোলোৱাকৈ যুদ্ধ বিৰতি ঘোষণা কৰি ইজনে সিজনৰ তম্বুলৈ গৈ অভিনন্দন জনাই আৰু ‘খ্রীষ্টমাছ কেৰল্’ গাই বৰদিনক আদৰণি জনাইছিল। এই নির্দিষ্ট ঘটনাই সকলোকে বিস্ময়াভিভূত কৰিছিল।‘Jazz’(লুইছ্ আর্মষ্ট্রঙৰ দৰে শিল্পীৰ যোগেদি)আৰু ‘Rock n Roll’ সংগীতে শীতল যুদ্ধৰ সময়ছোৱাত বিভিন্ন ৰাজনৈতিক চিন্তাধাৰাৰ লোকক এক কৰি কেতিয়াবা গণবিপ্লৱ (বিশেষকৈ ছোভিয়েট ব্লকত) অনাতো সহায় কৰিছিল। বিখ্যাত লোকশিল্পী বব্ ডিলানৰ‘Blowing in the wind’ গীতটি হয়তো বহুতে শুনিছে; জ্বলন্ত ষাঠিৰ দশকত ই হৈ পৰিছিল মানৱতাৰ জয়গাল।

এইখিনিতে মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু মুকুল মাংগলিক ছাৰে কোৱা এটা ঘটনালৈ মনত পৰিছে। ১৯৮৪ চনৰ ৩১ অক্টোবৰৰ দিনাখন আৰম্ভ হোৱা শিখ বিৰোধী ৰায়তে গোটেই দিল্লী কঁপাই তুলিছিল। এক ভয়াৱহ পৰিস্থিতি,এক উত্তাল পৰিবেশ,মানৱতা স্খলনৰ এক চূড়ান্ত নিদৰ্শন! শান্তিৰ বার্তা প্রেৰণ কৰাৰ নিমিত্তে দিল্লী বিশ্ববিদ্যালয় কেম্পাছৰ নিচেই কাষতে অৱস্থিত বিজয়নগৰৰ পৰা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শিখ্ প্রধান খালছা মহাবিদ্যালয়লৈকে বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলে এক শোভাযাত্ৰাৰ আয়োজন কৰিছিল। এই শোভাযাত্রাক নেতৃত্ব দিছিল সোঁ-পন্থী উগ্রবাদীৰ হাতত কৰুণ ভাৱে মৃত্যুক সাবটি লোৱা প্রতিভাৱান নাট্যকাৰ প্রয়াত ছফ্দৰ হাচ্মীয়ে। খালছা মহাবিদ্যালয় পোৱাৰ লগে লগে তেওঁলোক, চুৰি-কটাৰী লৈ ৰৈ থকা কেইজনমান শিখ ধর্মীয় ছাত্রৰ সন্মুখীন হ’ল। ডেকা কেইজনৰ মুখমণ্ডলত প্রতিশোধ লোৱাৰ বাসনা অতি স্পষ্টভাৱে প্রতিফলিত হৈ আছে। ভয়ত সকলোৰে বুকু ভাগি যাওঁ যেন হ’ল। তেনেতে দলটোৰ এগৰাকী মহিলাই স্বতঃস্ফূৰ্ত ভাৱে এটা দেশপ্রেমমূলক গীত গাই দিলে। সকলো কাঁহ পৰি জীন গ’ল। আশ্চৰ্যজনকভাৱে গীতটো গাই শেষ কৰাৰ পিছতে ‘খালছা’ৰ ছাত্রকেইজনে চুৰি কটাৰী দলিয়াই মাটিত বহি হুক-হুকাই কান্দিবলৈ ধৰিলে। দেখি সকলো স্তম্ভিত! দৌৰি গৈ ডেকাকেইজনক সাবটি ধৰি সকলোৱে সমবেদনা জ্ঞাপন কৰিলে। এগৰাকী সাধাৰণ মহিলাই গীত গাই যদি এনেধৰণৰ এক বিস্ময় সৃষ্টি কৰিব পাৰে,এগৰাকী কন্ঠশিল্পীৰ সামৰ্থ্যৰ কথা ভাবক!

সংঘর্ষৰ সময়ত চিত্রকৰ(VisualArtist),ভাস্কৰ(Sculptor) তথা ৰাজহুৱা শিল্পী(Public Artist)সকলেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মনত ৰখা উচিত যে এনে ধৰণৰ শিল্পই আমি অনুভৱ কৰা মানসিক বিভ্ৰান্তি, আশাশূণ্যতা, আস্থা হীনতা,উদ্বিগ্নতা আদি চূড়ান্ত পর্য্যায়ৰ আৱেগ অনুভূতি প্রকাশ কৰাৰ এক প্ৰয়োজনীয় মাধ্যম হৈ পৰে। তাতোতকৈ তাৎপর্যকৰ কথাটো হ’ল যে এনে ধৰণৰ শিল্প কলাই আমাক জীৱনৰ সুখ আৰু মানৱীয় উদ্যম তথা স্থিতিস্থাপকতাৰ সৈতে পৰিচয় কৰাই দিয়ে। চিত্ৰকৰ সকলৰ ভিতৰত যুদ্ধচিত্রকৰ(War Painter) সকলে জনমত প্ৰভাৱিত কৰাত এক ইতিবাচক ভূমিকা পালন কৰি আহিছে। এখন পৃথিৱী বিখ্যাত যুদ্ধচিত্র হৈছে প্রথম বিশ্বযুদ্ধৰ সময়ৰ, জন্ চিংগাৰ চার্জেন্টে অঁকা ‘Gassed’(১৯১৮)।

এই চিত্রখনৰ যোগেদি যুদ্ধক্ষেত্রত সৈনিকসকলৰ অস্থিৰতা আৰু অসহায় বোধ সুন্দৰভাৱে ফুটি উঠিছে।

জনসাধাৰণৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা আন এক শিল্প কলা হৈছে ৰাজহুৱা শিল্প কলা (Public Art)। এই শিল্প কলা স্বতঃস্ফূৰ্ত। কোনো ৰাজহুৱা ঠাইত কৰ্তৃপক্ষৰ পৰামৰ্শ নোলোৱাকৈ ইয়াক প্রদর্শন কৰা হয়। জন ফেক্নাৰ, কেইথ হেৰিং-ৰ দৰে বিখ্যাত ৰাজহুৱা শিল্পীয়ে নিজ সৃষ্টিৰে[সাধাৰণতে বিজ্ঞাপন প্রচাৰপত্রধাৰকত(Advertising poster holders)বা প্রাচীৰপত্রত(Billboard) প্রদর্শন কৰি] অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। চীনত সাংস্কৃতিক বিপ্লৱৰ সময়ত ই অতি জনপ্রিয় হৈছিল। ঠিক তেনেকৈ বিংশ শতিকাৰ আশীৰ দশকত ৰাজহুৱা শিল্পকলাৰ এক অপৰ ৰূপ-‘প্রতিস্মাৰকে’(Counter Memorial)প্ৰচুৰ জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। মায়া লিনৰ ‘Vietnam Veteran Memorial’(১৯৮২) এক বিখ্যাত প্রতিস্মাৰক। ভিয়েটনাম যুদ্ধত মৃত্যুবৰণ কৰা ৫৯,০০০ জন মার্কিন নাগৰিকৰ নাম ইয়াত উল্লেখ আছে। লিনে এই মানৱীয় ক্ষতি ব্যাখ্যা কৰিবলৈ কোনো মূৰ্ত্তি ব্যৱহাৰ কৰা নাই। ইয়াক দেখুৱাইছে স্থাপন স্থলীৰ মজিয়াত থকা এক আঘাতৰ চিনৰ যোগেদি! স্মাৰকটো এবাৰ দেখিলেই যুদ্ধৰ অর্থহীনতাৰ কথা বুজি পোৱা যায়।

বৰ্ত্তমান অসমত কেইবাজনো প্রতিভাৱান চিত্রশিল্পী, ভাস্কর্য শিল্পী আছে। কিন্তু তেওঁলোক অলপ অগতানুগতিক হোৱাটো প্রয়োজনীয় হৈ পৰিছে আৰু লগতে সমাজৰ প্রতি তেওঁলোকৰ দায়বদ্ধতাৰ বিষয়ে অধিক সচেতনতা প্রকাশ কৰা উচিত বুলি আমি মত প্রকাশ কৰোঁ।

সংকটৰ কালত নাট্যকাৰ আৰু বোলছবি নিৰ্মাতাসকলৰ ভূমিকাৰ কথা পাহৰিলে নহ’ব। “টু কিল্ এ মকিং বার্ড”(To Kill A Mocking Bird,1962) নামৰ কথাছবিখনে ষাঠিৰ দশকত নাগৰিক অধিকাৰ আন্দোলনত(Civil Rights Movement)কি ধৰণৰ প্ৰভাৱ পেলাইছিল হয়টো বহুতে জানে। স্কটলেণ্ডৰ জনপ্রিয়

নাট্য প্ৰতিষ্ঠান,‘7:84’ৰ প্রতিষ্ঠাপক জন্ মেক্গ্রাথে সমাজত নাটকৰ ভূমিকাৰ সম্বন্ধে কৈছিল-“নাটকে কেতিয়াও সামাজিক পৰিৱৰ্তন আনিব নোৱাৰে…কিন্তু জনসাধাৰণক নিজৰ ক্ষমতা উদযাপন কৰিবলৈ নাটকে অৱকাশ দিয়ে আৰু লগতে তেওঁলোকৰ আত্মবিশ্বাস বঢ়াই তোলে। জনসাধৰণৰ বাবে ই হৈ পৰে নিজ অভিমত,একাত্ম বোধ আৰু সমূহীয়া দৃঢ়তা বিচাৰি পোৱাৰ এক পথ।”এইক্ষেত্রত বিশ্ববিশ্ৰুত নাট্যকাৰ বার্টল্ট্ ব্রেখট আছিল অগ্রদূত। নাটকৰ যোগেদি তেওঁ সামাজিক সজাগতা আৰু পৰিৱৰ্তনৰ বাবে উৎসাহিত কৰিছিল। ‘A Short Organum for the Theatre’ নামৰ ৰচনাখনত তেওঁ এই বিষয়ে বহলাই লিখিছে।

‘Spiderman’, ‘King Kong’ আদি অবাস্তৱ চৰিত্রৰ ওপৰত নাটক ৰচনা কৰাৰ লগতে অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰসকলে ড. ভূপেন হাজৰিকাই নিৰ্দেশনা কৰা ‘প্রতিধ্বনি’ বোলছবিৰ আদৰ্শৰে যদি পাহাৰ-ভৈয়ামৰ জনগোষ্ঠীৰ একতাৰ ওপৰত এক বেলেগ দৃষ্টিভংগীৰে এখন নাটক ৰচনা কৰিলেহেঁতেন! ইয়েই হ’লহেঁতেন সময়ৰ আহ্বান। অসমৰ সকলো সঙ্গীত শিল্পী, নাট্যশিল্পী, চিত্ৰশিল্পী একত্ৰিত হৈ সুৰ বাহিনী, বাটৰ নাট, প্রাচীৰ অঙ্কন আদিৰে পীড়িত অঞ্চলত ঐক্য,শান্তি,সম্প্ৰীতিৰ এক অভিযান আৰম্ভ কৰাটো অতিশয় প্রয়োজন হৈ পৰিছে।

বর্ত্তমানৰ পৰিস্থিতি নিশ্চয় ভয়াৱহ আৰু ভৱিষ্যত অনির্দিষ্ট! সেইবাবে হয়তো শিল্পীসকলে ওলাই আহিবলৈ সংশয়বোধ প্রকাশ কৰিছে। কিন্তু ইয়াতকৈও ভয়াৱহ পৰিস্থিতিত বিষ্ণুপ্রসাদ ৰাভা,হেমাঙ্গ বিশ্বাস আৰু ভূপেন হাজৰিকাৰ দৰে শিল্পীয়ে ভাতৃত্ববোধৰ বার্তা বিলাই ‘জনতাৰ শিল্পী’ বা ‘গণ গায়েন’ ৰূপে সুনাম অর্জন কৰিছিল। সাধাৰণ জনতাও সজাগ হ’বৰ হ’ল। বিখ্যাত জার্মান ভাস্কর্য শিল্পী জছেফ বুৱয়ে তেওঁৰ ‘Concept of Social Sculpture’ বুজাওঁতে কৈছিল যে গোটেই সমাজখনকেই এটা ডাঙৰ ভাস্কৰ্য বুলি ধৰি ল’ব পাৰি যাক সাজিবলৈ প্রত্যেকজন ব্যক্তিয়ে নিজ নিজ সৃষ্টিশীলতাৰে বৰঙণি যোগাব পাৰে। সার্বজনীন মানৱীয় সৃজনশীলতাৰ শক্তিত তেওঁৰ প্ৰবল বিশ্বাস আছিল। তেওঁৰ মতে সমাজৰ প্রত্যেকেই এজন শিল্পী। কিন্তু মোৰ বিশ্বাস যে জনসাধাৰণক নেতৃত্ব দিবলৈ এদল অভিজ্ঞতা পূর্ণ শিল্পীৰ প্রয়োজন। তেওঁলোকৰ নেতৃত্বত হে আমাৰ মাজত উমি উমি জ্বলি থকা অসমপ্রেম দপদপকৈ জ্বলি থকা একুৰা জুইত পৰিণত হ’ব। এই জুই সকলো দগ্ধ কৰা জুই নহয়, ই হ’ব শান্তিৰ শিখা আৰু একতাৰ প্রতীক যাৰ জ্যোতিয়ে গোটেই বিশ্বক মানৱীয়তাৰ কথা সোঁৱৰাই থাকিব ।

অভিনিবেশ তন্ময় শর্মা, দিল্লী বিশ্ববিদ্যালয়, নতুন দিল্লী

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক