উত্তৰণ : অভিজিৎ কলিতা

উত্তৰণ

অভিজিৎ কলিতা

 

“পল্টন বজাৰ , লাষ্ট ষ্টপেজ, লাষ্ট ষ্টপেজ, নামি লওক নামি লওক !”

নাইট চুপাৰৰ হেণ্ডিমেনৰ চিঞৰত খক-মক কৈ সাৰ পাই উঠিলোঁ ৷  ওৰে ৰাতি বাছত টোপনি নধৰিলে, যোৰাবাটৰ পাছত কেতিয়ানো ক’ব নোৱাৰাকে টোপনি আহিল ক’বই নোৱাৰিলোঁ ৷ লৰালৰিকৈ বাংকাৰৰ পৰা বেগটো লৈ নামি আহিলোঁ ৷ হেণ্ডিমেনে অলপ পোন্দোৱাকৈ চোৱা যেনো লাগিল এবাৰ ৷

আজি কিবা নহয় কিবা এটা কৰিমেই বুলি মন বান্ধি আহিছোঁ, কামটোৰ বাবে গুৱাহাটীলৈ এই বছৰ মোৰ চাগে’ নৱম বাৰ আগমন ৷ ইমান বাৰ অহাৰ অভিজ্ঞতাৰ লগতে মোৰ কমনচেন্স বোলা বস্তুটোৰ সংমিশ্ৰণ ঘটাই, সমাধান এটা পাইছোঁ, গতিকে  আজি কৰিমেই ৷ নকৰিলে নহ’ব, ইতিমধ্যে বহু দেৰি হৈ গৈছে৷

পেটটো কৰকৰাই উঠিল;  বন্ধ দোকান এখনৰ সমুখতে এজনে ‘ মোগলাই পৰঠাৰ বেহা মেলিছে, বতাহত ফুৰফুৰীয়া গোন্ধ ৷ তাতে কালি ৰাতি আঠ বজাতে ঘৰত ভাত খোৱা, খায়েই দিওঁ নেকি? পিছে খালে দিনৰ ভাতসাঁজৰ বাবে বাজেট কমি যাব, চাহ আৰু ক্ৰীম ৰ’লেৰে চলাব লাগিব ৷ এহ যি হয় হ’ব যা, পিছত দেখা যাব ৷ মোগলাইৰ আহ্বান অস্বীকাৰ কৰিব পৰা মানসিক প্ৰস্তুতি এতিয়া নাই ৷

–  “দাদা, এটা মোগলাই দিব”

মুখ নোধোৱাকৈয়ে মোগলাই গোগ্ৰাসে গিলিলোঁ , আৰু তিনিটা মান খাব পাৰিলে ভাল লাগিলহেঁতেন !  যেনতেনে নিজকে প্ৰবোধ দি, এ এচ টি চি  ৰাজহুৱা টইলেটটোৰ ফালে কোবাকুবিকৈ বাট ললোঁ৷
×××××××××××××××××××××××××××××××××××××××

ইঞ্জিনিয়াৰিঙৰ ফাইনেল চেমিষ্টাৰ শেষ কৰি ঘৰলৈ আহিয়েই প্ৰথম ডাঙৰ খুন্দাটো  খালোঁ ৷ ঘৰৰ একমাত্ৰ উপাৰ্জনৰ পথটো ইতিমধ্যে স্তব্ধ হৈ গৈছে৷ আমাৰ হিচাপ মতে মায়ে আৰু দুবছৰ পিছত অৱসৰ ল’ব লাগিছিল , কিন্তু কিবা ডেট অফ বাৰ্থৰ খেলিমেলিৰ কাৰণে , আগতীয়াকৈ মাক অৱসৰ দিয়া হ’ল ৷ ঘৰৰ ডাঙৰ হিচাপে চাকৰি বিচাৰিবলৈ মোৰ হাতত দুবছৰ সময় আছে বুলি অলপ সাহস কৰি আছিলোঁ, কিন্তু এতিয়া লগে লগে ঘৰৰ দ্বায়িত্ব আহি পৰিল; ভাইটী জে ই চিত পঢ়ি আছে, ভন্টীৰ বিয়াৰ বয়স হৈছে, একেবাৰে অসমীয়া উপন্যাসৰ নায়কৰ চিটুৱেচন ৷

“কৰ্টত ইঞ্জাংচন দি দিওঁ নেকি ? কি গণ্ডগোল এইবোৰ ?”

“নেলাগে দে, – মোৰ আৰু চাকৰি কৰিবৰ মন নাই, পেন্সনেৰেই চলি যাম , যেনেতেনে ৷ তইতো ওলালিয়েই , কিবা এটা হ’ব আৰু ৷” মাৰ নিৰাসক্ত উত্তৰ ৷

‘কিবা হ’ব মানে ?  কি হ’ব ইমান সোনকালে? চাকৰি এটা লৈ মোলৈ কোনোবা ৰৈ আছে নেকি ?? আৰু চাকৰিৰ দেৱতা সকলে যি ৰেট লগাই থৈছে, সেয়াও আমাৰ সাধ্যৰ বাহিৰত ৷’  কথা কেইটা মুখ ফুটাই নক’লোঁ, সঁচা পৰিস্থিতিটো বুজাই দি বেচেৰি মাৰ আশাভংগ কৰিবলৈ মন নগ’ল ৷

নিয়মীয়াকৈ আহি থকা পইচাকেইটা হঠাৎ বন্ধ হৈ গ’লে মানুহ এক জটিল মানসিক অৱস্থাৰ সন্মুখীন হয় ৷ কোনেও একো নকলেও বুজিব পাৰিলোঁ ঘৰখনৰ সকলোৱে এক সাংঘাটিক নিৰাপত্তাহীনতাত ভুগিছে, আৰু সকলোৱে মোৰ মুখলৈকে চাই আছে,  মোৰ ওপৰতে নিৰ্ভৰ কৰিছে ঘৰখনৰ ভৱিষ্যত ৷ আৰু মইহে জানো আচলতে  সোনকালেই কিবা এটা হোৱাৰ সম্ভাৱনা কিমান ৷

হাতত থকা অপচনসমূহ ভালদৰে জুকিয়াই চালোঁ;  কি উপায়?? পেন্সন?? কিন্তু সিয়ো জানো ইমান সহজে হোৱা বস্তু? কত দেৱতাক বা সন্তুষ্ট কৰিব লাগে ? নাই, যি কি নহওক,  পেন্সনটো উলিওৱাৰ চেষ্টাই কৰিব  লাগিব ৷ চাকৰি বিচৰা কামফেৰাতো চলিয়েই থাকিব ৷

তেনেতে আৰু এটা বজ্ৰপাত !  মায়ে স্কুল এখনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে প্ৰায় পাঁচ বছৰ চাকৰি কৰাৰ পাছত অৱসৰ লৈছে, কিন্তু মাৰ হেনো প্ৰধান শিক্ষয়িত্ৰীৰ প’ষ্টটো ৰেগুলাৰাইজ হোৱাই নাই  ৷ গতিকে এতিয়া পেন্সন ল’লে সহ-প্ৰধান শিক্ষয়িত্ৰীৰ দৰমহা মতেহে পাব, বহুত কম হৈ যাব পেন্সন ৷ আৰু এবাৰ লৈ ল’লে হেনো সেইটো পিছত ঠিক কৰিবও নোৱাৰি ৷ গতিকে প্ৰথম কাম হ’ল ,  ডি পি আই অফিচৰ পৰা মাৰ চাকৰিটো ৰেগুলাৰাইজ কৰি অনা ৷ মায়ে হেনো চাৰি বছৰৰ আগতেই ইন্টাৰভিউ দি পাছ কৰি থৈছে, কেৱল অৰ্ডাৰটো হোৱা নাই ৷ গতিকে সহজেই হৈ যাব যেন লাগিল ৷

এই সহজ কামটোৰ কাৰণেই যোৱা এবছৰ মোৰ গুৱাহাটীলৈ তাঁত-বাতি ৷ প্ৰথম দুবাৰমান ফাইলটো ক’ত আছে বিচাৰোতেই গ’ল ৷ শেষত যেনিবা পোৱা গ’ল ৷ এজন কেৰাণী নামধাৰী দেৱতাৰ, ধুলিময় ফাইলৰ স্তুপ বিলাকৰ এটাৰ একেবাৰে তলৰ ফালে উদ্ধাৰ হ’লগৈ বস্তুটো ৷ ওপৰলৈ নাহে হে নাহে ৷ তেখেতৰ টেবুলখনৰ এটা কাষে মই দহমান বজাত থিয় হওঁগৈ ৷ তেখেতৰ আৱিৰ্ভাৱ হয় চাৰে এঘাৰমান বজাত ৷ মোৰ লগতে আৰু কেইবাজনো দৰ্শনাৰ্থী থিয় হৈ থাকে টেবুলৰ চাৰিওফালে ৷ তাৰে এজনক প্ৰত্যেক বাৰেই লগ পাওঁ- বগা চুলিৰ এজন শীৰ্ণকায় বৃদ্ধ, ডুমডুমাৰ ফালৰ কোনো ভিতৰুৱা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৷ কথা নেপাতিলেও বুজি পাওঁ , তেখেতৰো নিশ্চয় একেই সমস্যা ৷ মানুহজনে এবাৰো কাৰো লগত কথা পতা নেদেখিলোঁ , বোধহয় কোনোবাই তেওঁৰ চকুৰ ভাষা বুজি পাব বুলি আশা কৰিছিল তেওঁ !!

দেৱতাই  খৰধৰকৈ আহি, টেবুলৰ চাৰিওফালে ৰৈ থকা মানুহখিনিৰ উপস্থিতিক সম্পূৰ্ণ অগ্ৰাহ্য কৰি তেখেতৰ চকীত বহে ৷ কিবা এটা ফাইল উলিয়াই লে দুশাৰী মান লিখে, আকৌ ক’ৰবালৈ যাবৰ হয়েই ৷ এইসময়তহে তেওঁ দৰ্শনাৰ্থী সকলক দেখা পায়

– “ মই আহি আছোঁদেই , অলপ ৰব”

তাৰপাছত হ’ল আৰু;  আমি ৰৈ থাকোঁ অপৰিসীম ধৈৰ্য আৰু আশাৰে, কেতিয়া আহিব তেখেত ! নাই,  কেতিয়াবা নাহেই আগবেলা, পিছবেলা ৪ মান বজাত প্ৰায়ে পুণৰাৱিৰ্ভাৱ হয় ৷ তেতিয়ালৈকে প্ৰায়বিলাক দৰ্শনাৰ্থী যায়গৈ, কেৱল মই আৰু বৃদ্ধজন ৰৈ থাকোঁ ৷ আমাক দেখি তেখেতৰ মুখত বিৰক্তিৰ দুটি ৰেঘা ফুটি উঠে ৷ ৰাষ্টাৰ ভিক্ষাৰীক মতা সুৰেৰে তেওঁ সোধে

– “কি হ’ল ?”

বৃদ্ধজনে একো নেমাতে ৷ মই কিন্তু লগে লগে মোৰ কাহিনী বৰ্ণনা কৰোঁ ৷ আধাতে মোক ক্ষান্ত কৰি তেখেতে কয়
– “নাই , সেইবোৰ কাম এতিয়া নহ’ব, দুসপ্তাহ পিছত আহিবা”
–  “নহয়  নহয় ছাৰ, শুনকচোন , মোৰ বিশেষ সমস্যা হৈছে কাৰণেহে ……………….”  মোৰ কথা পুৰা নুশুনাকৈয়ে তেওঁ কাষৰ টেবুলৰ ব্যক্তিজনৰ লগত ৰসালাপত ব্যস্ত হৈ পৰে |

ৰাতি বাছত ঘূৰি গৈ , দুসপ্তাহৰ পাছত নিৰ্দিষ্ট দিনটোত আকৌ আহোঁ , অৱধাৰিতভাবেই টেবুলৰ কাষত থিয় হৈ থাকে বৃদ্ধজন ৷ আকৌ একে পৰিক্ৰমা, মোক যোৱাবাৰ দিয়া কথা, বা মোৰ গোটেই কাহিনীটোৱেই তেওঁ পাহৰি যায়, আকৌ প্ৰথমৰ পৰা ক’ব লাগে, সমস্যাটো বুজাই দিব লাগে ৷ আকৌ একেই ফলাফল ৷ পাৰ্থক্য মাত্ৰ এইবাৰ ডি পি আই ছুটিত গ’ল,  ইলেকচন আহিল, মাৰ্চ এণ্ডিং  আহিল, বা তেখেতৰ খুলশালীৰ  বিয়া ওলাল, ইত্যাদি ইত্যাদি ইত্যদি ৷ মুঠতে পুনৰ্মুচিকো ভৱঃ ৷

সদায় নিশাৰ বাছত ঘূৰি যাওঁ ৷ ঘৰ গৈ পোৱাৰ সময়তো মোৰ বাবে সকলোতকৈ কঠিন সময় ৷ ঘৰত সোমায়েই দেখা পাওঁ মাৰ মুখখন;  একো নোসোধে যদিও  ময়েই উপযাচি কওঁ

– “এঃ এইবাৰো নহ’ল মা ৷ অহা সপ্তাহত মাতিছে আকৌ ৷”

এক মুহূৰ্ত তভক মাৰি ৰৈ মায়ে কয়

– “যা মুখ-হাত ধুই ল’ | কিবা এটা খাই শুবি |”

বুকুখন সোপা মাৰি ধৰে, ঘৰৰ মানুহবোৰৰ সমুখত নিজকে দোষী দোষী লাগে | এনে লাগে যেন ঘৰখনৰ একমাত্ৰ ভৰষা সাঁচতীয়া পইচাকেইটাৰ শৰাধ কৰি মই গুৱহাটী ফুৰি আহিলোঁ | পৰাজয়ৰ গ্লানি বুকুত লৈ  দিনৰ দিনতো শুই থাকোঁ |

এনেকৈয়ে পাৰ হৈ গ’ল প্ৰায় এটা বছৰ, চাকৰিৰো একো গতি লগা নাই ৷ অসম চৰকাৰৰ চাকৰি নায়েই ৷ ওলালেও জানো সামৰ্থ্য নাই ৷ কেন্দ্ৰ চৰকাৰৰ আৰু ৰাজহুৱা খণ্ডৰ পৰীক্ষাবোৰ দি আছোঁ, ৰিটেন সদায় পাছ, ভাইভা আৰু গ্ৰুপ দিচকাচনত সদায় ফেল । ইংৰাজী মুখেৰে নু‌ফুটে, ই‌‌ফালে ইঞ্জিনিয়াৰিঙৰ মাথা মুণ্ড বুজি নোপোৱা কেইবাটায়ো ফৰফৰাই ইংৰাজী ক’ব পৰা কাৰণেই চাকৰি পালে। কেতিয়াবা ভাবোঁ, ইহঁতক ইংৰাজী জনা মানুহেই লাগে যদি, ইংৰাজীত এম এ পঢ়া লৰা-ছোৱালী নিবিছাৰে কেলেই?  ইঞ্জিনিয়াৰে ইমান ইংৰাজী কেলে জানিব  লাগে?  মোক মেচিন ভাল কৰিবলৈ দে, ডিজাইন কৰিবলৈ দে, চেষ্টা কৰি চাম। পিছে খাৰ খোৱা জিভাৰে  ইংৰাজী কওঁ কেনেকৈ ফৰফৰাই ??

ইফালে বেংকৰ জমা বহীৰ অংকটো দ্ৰুত গতিত কমি আহিছে ৷ ট্ৰেইনিং এটা গোটাই ললোঁ ৷ ১৫০০ টকা পাওঁ মাহে ৷ তাৰেই যিমান পাৰোঁ ঘৰত সহায় কৰিবলৈ চেষ্টা কৰোঁ, যাতে বেংকৰ পইচাকেইটাত হাত দিবলগীয়া নহয় ৷ কিন্তু এনেকৈ আৰু কিমান দিন ? আৰু এটা কাম কৰিবলগীয়া হয়, মোক বেছি চিন্তা কৰি থকা দেখিলে, ঘৰৰ বাকী কেইটা প্ৰাণীৰ একেবাৰে  অৱস্থা নাইকিয়া হয়, সেইটো আৰু অসহ্যকৰ ৷ গতিকে সকলোকে দেখুৱাই হাঁহি মাতিও থাকিব লাগে ৷
×××××××××××××××××××××××××××××××××××××××

কম্প্ৰমাইজ কৰাৰ সিদ্ধান্তটো লওঁতে অলপ সময় লাগিল ৷ যুক্তি থাকিলেও , সৰুৰ পৰা শিকা নীতি আদৰ্শবোৰ মনৰ পৰা আঁতৰাই পেলোৱা বৰ কঠিন কাম, দোষী দোষী ভাবটো দেখোন নেযায়েই ৷ সৰ্বশেষত এটা কথাৰেই নিজকে পতিয়ন নিয়ালোঁ ৷ মোৰ  যোৰহাটৰ পৰা  গুৱাহাটীলৈ কৰা এই একোটা যাত্ৰাত খৰছ হয় প্ৰায় ১৫০ টকা মান ৷  বাছৰ ভাৰা ৬০ টকা যদিও দৰদাম কৰি কৰি ১০০ টকাত অহাযোৱা হৈ যায়গৈ৷ কমচে কম দুসাঁজ খাবই লাগে বাহিৰত৷ বাকী চিটিবাচ, চাৰমিনাৰ , তামোল মিলাই ৫০ টকাৰ তলত নোৱাৰি ৷ এনে যাত্ৰা এতিয়ালৈকে দহটা হ’ল বুলি ধৰিলে মোৰ নাই কমেও ১৫০০ টকা খৰছ হ’ল , ফলাফল শূন্য । গতিকে গুলী মাৰা নীতি শিক্ষা,  নিজকে আপডেট কৰিব লাগিল ৷

দেৱতাক দক্ষিণাৰ প্ৰয়োজন হৈছে বুলি মোৰ অল্প-বুদ্ধিৰ  মগজেৰেও কেতিয়াবাই ধৰিব পাৰিছিলোঁ, ভাবিছিলোঁ, দক্ষিণা দিলে সোনকালে হ’ব, নিদিলে দুদিন দেৰি হব ৷ দ্বিতীয় পথটোৱেই মোৰ প্ৰথম পচন্দ আছিল । দুদিন মান ধৈৰ্য ধৰি চলি যাম আৰু ৷ কিন্তু এনেকুৱা ধাৰণা নাছিল যে কেতিয়াও নহ’বগৈয়ো পাৰে মোৰ কামটো ৷ পিছত লাহে লাহে বুজি উঠিলোঁ ৷ সেয়ে আজি মোৰ গুৱাহাটী আগমন ৷ ব্ৰহ্মাস্ত্ৰ লৈ আহিছো এইবাৰ ৷
×××××××××××××××××××××××××××××××××××××××

ঘোঁচ দিম বুলি মাক কবলৈ সত নগ’ল, পুৰণিকলীয়া মানুহ, খং উঠি ত্যজ্য পুত্ৰ কৰি দিলে পৈতৃক সম্পত্তিকণৰো মুদা মৰিব ৷ ভণ্টীৰ লগত কথাটো আলোচনা কৰিলোঁ ৷ তাই কলিজাৰ এফাল কাটি দিয়াৰ সমান কষ্ট পালেও তাইৰ ইমাৰজেন্সি ষ্টকৰ পৰা তিনিশ টকা উলিয়াই দিলে ৷ বাকী সাধাৰণতে লৈ যোৱা দুশ, মানে মুঠ পাঁচশ টকা৷

দহ বজাত দেৱতাৰ  টেবুলৰ সমুখত ঠিয় দিলোঁগৈ ৷ বুকুৰ ধপধপনি অলপ বেছি হৈছে ৷ চুৰ কৰি পোৱা নাই কেতিয়াও, পৰীক্ষাত নোৱাৰিলেও কাষৰটোৰ পৰা চাব নেলাগে জাতীয় শিক্ষাৰে শিক্ষিত মানুহ ৷ সকলোৰে আগত যদি গালি পাৰি দিয়ে, সৰু ল’ৰা হৈ এইবোৰ কাম কৰিবলৈ আহিছা বুলি ৷ অৱশ্যে তেনে হোৱাৰ আশা একেবাৰে কম ৷ কিন্তু দিম কেনেকে সকলোৰে আগত,  মানুহজনে লাজ পাবও পাৰে৷ কিবা উপায় এটা কৰিব লাগিব৷

বৃদ্ধজন আজিও আছে, নেথাকিলে ভাল লাগিলহেঁতেন ৷

যথাসময়ত দেৱতাৰ আবিৰ্ভাৱ হ’ল৷ ভালদৰে লক্ষ্য কৰিলোঁ,  তামোল পকতীয়াই ওঠ ৰঙা  কৰি থৈছে, কোৱাৰীয়েদি এসোটা বাগৰিও আহিছে৷ ইউৰেকা!!!!!!!!!!!!!! তামোল দিলে কেনে হয়??তামোলৰ টোপোলাৰ মাজতে দক্ষিণা ভৰাই দিম, কোনেও গমেই নেপাব ৷ কিন্তু যদি তামোলৰ টোপোলাটো তেঁও নিজেই পোনে পোনে পকেটত ভৰাই থয়, আৰু দক্ষিণাৰ কথা গমেই নেপায়?? নাই নহব, তেও লগে লগে গম পাবই লাগিব ৷ আৰু এটা কথা? কিমান বা দিব লাগে?? মোৰ দক্ষিণা যদি ৰেটতকৈ বহুত কম হয় , তেন্তে দেখোন হিতে বিপৰীতহে হব !!

বাহিৰলৈ ওলাই আহিলোঁ৷ ভাবি চালো, মোৰ সামৰ্থ্য তিনিশ টকা, তাতকে বেছি লাগিলে বুজাই কম আৰু, পিছত আহি দি যাম, সুধিয়েই চাও নেকি কিমান লাগে৷ নাঃ ইমান বয়সস্থ মানুহ জনক সেইবোৰ কথা পোনে পোনে কেনেকৈ সুধিম ??

এঃ আৰু ভাবিব নোৱাৰি, যি হয় হব , দেখা যাব । গ’ন ৱিথ দ ৱিণ্ডৰ  ‘স্কাৰলেট অহাৰা’ৰ  দৰে হব পাৰিলে বৰ ভাল, পিছৰ চিন্তা পিছত হব, এই মুহুৰ্তত দৰকাৰী কামটো কৰিব লাগে যেনে তেনে ৷

পাঁচখন তামোল কিনিলোঁ, টোপোলাটো জোখৰেই হ’ল ,  টোপোলাতোৰ তলতে এখন এখনকৈ তিনিখন এশটকীয়া নোট জাপি লৈ মুঠিতো টানকৈ ধৰি ললোঁ ৷ ব্ৰহ্মাস্ত্ৰ  সাজু কৰি, পূণৰ দেৱতাৰ ওচৰলৈ  ঘুৰি গ’লো ৷

–    দাদা তামোল খাওক ৷

দেৱতাই মুৰ তুলি চালে৷ “ অ’ তামোল নেকি? দিয়া” – কোমল চোন মাতষাৰ।

যিমান পাৰি বৃদ্ধজনৰ পৰা লুকুৱাই টোপোলাতো তেখেতৰ হাতত দিলোঁ, টোপোলা খুলিবলৈ লৈ তেখেতে হাতত হয়তো দক্ষিণাৰ পৰশ উপলব্ধি কৰিলে ৷ চকুত সৰু জিলিকনি এটা দেখা গ’ল ৷ টেবুলৰ তলত টোপোলাটো অলপ লুকুৱাই ধৰিলে ৷ মোৰ বুকুখনে  ঢেঁকী দিয়াৰ  দৰে ঢপঢপাই উঠিল , সাধৰণতে নমতা, ওপৰৰ জনকো কাকুতি কৰিলো নজনাকৈয়ে- হে প্ৰভু দেৱতাক সন্তুষ্ট কৰি দিয়া এই বাৰ!!!

দেৱতাই দক্ষিণা গণি শেষ কৰিলে , এই এতিয়া মোৰ ফালে মুৰতো উঠাব৷ যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ ৰ’লো ৷
দেৱতাৰ মুখত বিৰিঙি উঠিল এটা তামোলবু্লীয়া হাঁহি , য়াহু!!!!!!!   !!!!!    ফুৰ্তিত চিঞঁৰি দিবৰ মন গ’ল ৷ ইঞ্জিনিয়াৰিঙৰ ৰিজাল্ট  ওলাওতেও ইমান আনন্দ পোৱা নাছিলো ৷ বুকুখন গৰ্বত ফুলি উঠিল ৷ ব্ৰহ্মাস্ত্ৰ একেবাৰে জোখত আৰু জেগাত লাগিল তাৰমানে৷

তাৰ পাছৰ ঘটনাক্ৰম ছুটি ৷

–         “অ তোমাৰ কামতো,  ৰবা, ৰবা! চাই দিছো………. ও থিকেই আছে দেখোন, ( কাগজখনৰ অকণমান মাৰ্জিনটোতে  কিবা এটা লিখি…) … এতিয়া ইয়াত ডি পি আইৰ চাইন হ’লেই হৈ যাব তোমাৰ কাম বুজিছা, তোমালোকেও অকনমান কাম বোৰৰ কাৰণে বৰ দিগদাৰী কৰি থাকা হে…তুমি যোৱা ডি পি আইৰ চহীটো পটকৈ লৈ আঁহা…এহ নেলাগে দিয়া, ময়েই লৈ আহো, তোমাক আকৌ কিবা কিবি সুধিব….হেৰি নহয়। তুমি পিছে কি কৰি আছা ? …. অকণমান ৰবা দেই ..মই গৈ আহিছো ডিপিআই ৰ ৰুমৰ পৰা।  ( এক মিনিটত চহী লৈ ঘুৰি আহি) ….হৈ গ’ল । মই টাইপিষ্টক দি দিছো, তেও অৰ্ডাৰটো বনাই দিব…..তুমি তেঁওকো চাহ খাবলে কিবা এটা দি দিবা..আৰু কিবা দিগদাৰ হলে মোক কবা দেই” ।

আহ:………..ইয়াতকৈ শুৱলা মাত যেন মই কেতিয়াও শুণা নাই জীৱনত !

নতুন সাহেৰে বলীয়ান হৈ এইবাৰ দপদপাই গলো টাইপিষ্টৰ টেবুললৈ। খচকৈ উলিয়াই দিলোঁ ৫০ টকীয়া নোট এখন।

-“সোনকাল কৰিব, মই ঘুৰি যাব লাগে আজি”

তেল পাই টাইপ মেচিনো খৰকৈ চলিল। এতিয়া আছে ‍শেষ কাম , ইচু শাখাত, ইচুৰ পৰা নিয়মমতে ডাকযোগে অৰ্ডাৰটি যাব লাগে, তিনি কপি- একপি মাৰ নিজৰ, একপি স্কুলৰ বৰ্তমান প্ৰধান শিক্ষকৰ আৰু একপি স্কুল ইন্সপেক্টৰৰ । তাৰে এটা গৈ নেপালেও কাম নহয় । গতিকে তিনিওটা কপিয়েই মোক লাগে। ইচু শাখাতো একেই ফৰ্মূলাই কাম কৰিব নিশ্চয়। কাগজ কেইখন হাতত লৈ সোমাই গ’লো ইচু শাখালৈ । পিছে  সোমায়েই, থতমত খাই ৰৈ যাব লগা হ’ল, হাতত লৈ যোৱা ২০ টকীয়া নোট খন লুকুৱাই পেলালোঁ।  তাত বহি আছে এগৰাকী সুন্দৰী বিবাহিতা ভদ্ৰ মহিলা, ঊল গুঠি গুঠি।  । সত নগল ফৰ্মূলা ব্যৱহাৰ কৰিবলৈ। ইয়াত নোৱাৰি আৰু। পুৰণা স্টাইলতে চেষ্টা চলালোঁ ।

–    “বাইদেও, এই কেইখন ইচু কৰিব লাগিছিল”

বাইদেৱে কাগজ কেইখন লৈ চালে।

–    “এই কেইখনটো বাই পষ্ট যাব । আপুনি থৈ যাওক ইয়াত”।

অ, নাঁও নামোতে বুৰিব দেখোন এতিয়া । ডাকযোগে গ’লে তিনওটা কপি ইহ জনমত যথাস্থান নেপাইগৈ সি ধুৰূপ। আৰু ডিপি আই অফিচৰ উম এৰি, কাগজ কেইখন যে ডাকঘৰ পাবগৈ তাৰো কোনো নিশ্চয়তা নাই । উপায় নাই ,  মৰণত  শৰণ দি আকৌ ব্ৰহ্মাস্ত্ৰ উলিয়ালোঁ । কাণ মূৰ ৰঙা পৰি গ’ল, হলেও নোটখন আগবঢ়াই দিলোঁ

–    “বাইদেউ, কিবা এটা কৰি দিয়ক , ডাকঘৰৰ যিহে খেলি মেলি,(যেন তেঁওলোকৰ কোনো খেলি মেলি নায়েই)  হেৰাই গ’লে মোৰ বৰ অসুবিধা হব…ইত্যাদি ইত্যাদি” – নাৰ্ভাচনেচ ঢাকিবলৈ একেৰাহে বকি গ’লো কিবা কিবি।

বৰফ আৰামত গলিল। তিনিওটা কপি হাতত লৈ বীৰদৰ্পে ওলাই আহিলোঁ। আচল দেৱতাজনক ধন্যবাদ এটাও দি যাওঁ  বুলি তেওৰ টেবুলৰ ফালে পাক এটা মাৰো বুলি ভাবিলোঁ !!

তেখেতৰ ওচৰলে পুনৰ নোযোৱা হ’লেই ভাল আছিল নেকি !!  টেবুল খালি,……….. কিন্তু বৃদ্ধজন তেতিয়াও ৰৈ আছিল । মোলৈ চালে এবাৰ, আৰু লগে লগে মুখ ঘূৰাই খিৰীকিৰে বাহিৰলৈ চাই পঠিয়ালে।

বুঢ়াৰ চকুযোৰে এতিয়াও আলপ আমনি কৰে, কেতিয়াবা।

***********************************
“চৰকাৰী চাকৰি নেলাগে কৰিব
নাই তাত এফেৰি সুখ;
দেহা থাকিলে বেহাও থাকিব
শৰীৰত নিদিবা দুখ।”

“ধনক ধনে কৰি ধনকে ঘটিলি
পৰম যতন কৰি;
ধন যাব চলি দেহা যাব পিছলি
লগত যাব দুছলি খৰি।”
***********************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক