উত্তৰাধিকাৰী’ —ৰূপাঞ্জলি চেতিয়া

ৰাণু জেঠাই ঢুকাল। হস্পিতালৰ পৰাই গৃহস্থলৈ ফোন কৰি খবৰটো জেঠপেহাই জনালে। পুৱাৰ ব্যস্ততা সামৰি ছোৱালীজনীক স্কুললৈ পঠিয়াই ময়ো চাকৰিলৈ ওলোৱাৰ যো-জা কৰি আছিলোঁ। ফোনকলটো অহাৰ পিছত গৃহস্থৰ আমন-জিমন মুখখনত কিবা অঘটন ঘটাৰ উমান পাই ৰৈ দিলোঁ। মোক খবৰটো দিওঁতে থোকাথুকি হৈ পৰিল তেওঁৰ মাতষাৰ। সম্পৰ্কত আমাৰ কোনো নাছিল জেঠাই। কিন্তু চুবুৰীয়া হিচাপে যিমানখিনি থাকিব লাগে, তাতকৈ বহু বেছি মৰম আৰু আন্তৰিকতা আছিল আমাৰ মাজত।

প্ৰাইভেট হস্পিতাল এখনত ভৰ্তি হৈ আছিল তেওঁ যোৱা সাতটা দিনে। কিডনীৰ অসুখত ভুগি থকা জেঠাইক যোৱা ছমাহে এৰা-ধৰাকৈ ডায়েলাইছিছ্ কৰোৱাই থকা হৈছিল। কিন্তু খোৱা-বোৱাত অত্যন্ত অসাৱধান হোৱা বাবে ৰোগটোৰ পৰা উপশম পোৱা দূৰৰে কথা, দিনক দিনে আৰু বেয়া অৱস্থালৈহে গতি কৰিলে।

সন্তান বুলিবলৈ জেঠাইৰ এটাই ল’ৰা। অসুখ সঘনাই হ’বলৈ ধৰাত ঘৰখন ধৰিবলৈকে মানুহ এজনীৰ প্ৰয়োজন অনুভৱ কৰি তাৰ বিয়াখন পাতি দিয়াৰ আলোচনা চলিল। ল’ৰা ৰণ উচ্চশিক্ষিত আৰু দেখনিয়াৰ। সেয়ে কইনাৰ অভাৱ নহ’ল। একেখন চহৰৰে উচ্চশিক্ষিতা আৰু ধুনীয়া ছোৱালী এজনী চাই ততাতৈয়াকৈ তাৰ বিয়াখনো পাতি দিয়া হ’ল। জেঠাইৰ মুখলৈ চাই তেওঁৰ খাতিৰতেই চুবুৰীটোৰ সকলোৱে বিয়াখনত লাগি-ভাগি দিলে।

তেনে অৱস্থাত মানুহজনীয়ে যেন উশাহটো ধাৰলৈ লৈ জীয়াই আছিল। কিন্তু এই মুহূৰ্তত মোৰ ভাব হৈছে তেওঁক আচলতে জীয়াই ৰখা হৈছিল একমাত্ৰ এইটো স্বাৰ্থৰ খাতিৰতহে। বিয়াৰ পিছদিনা পুৱাই বোৱাৰীক ঘৰ গচকায়েই জেঠপেহাই এম্বুলেন্স এখন মাতি হস্পিতালত ভৰ্তি কৰোৱালে জেঠাইক। দুদিনৰ অগাপিছাকৈ ডায়েলাইছিছ কৰোৱালে। পিছে জেঠাইৰ উশাহটোক বান্ধি ৰাখিব নোৱাৰিলে।

জেঠপেহাই কোৱামতে তেওঁ ৰাতিয়েই ঢুকাল। কিন্তু ৰণৰ আপত্তিৰ বাবে হস্পিতালৰ পৰা ঘৰলৈ আনিব ওলাইছে এতিয়াহে।
’ৰাতিখননো কোন আহিব শ্মশানলৈ নিবলৈ? ঘৰলৈ এতিয়া আনিলে কষ্ট মিছাতে। ডে’ডবডিৰ ৰখীয়া হৈ থাকিব লাগিব আমিহে! ৰাতিটো থাকক তাতে। ’ বেপেৰুৱা কথা হেনো তাৰ।
“চোৱাচোন। মাকজনীক ডে’ডবডি বুলি কৈ দিলে সি কেনেকৈ!” জেঠপেহাই এওঁক কথাষাৰ কৈ উচুপাৰ দৰে কৰিলে। এওঁ কিবা দুষাৰমান কথাৰে প্ৰবোধ দি খৰধৰকৈ গাটো তিয়াই মোকো যাবলৈ কৈ তেওঁলোকৰ ঘৰ পালেগৈ।

বাকীবোৰ কাম-বন পাছলৈ থৈ কাপোৰসাজ সলাই ময়ো গ’লোঁ। ইতিমধ্যে চুবুৰিৰ প্ৰায়বোৰ মানুহ গোট খাইছেহি। এওঁ আৰু দুজনমানৰ লগ লাগি চাঙী সজা কাম কৰি আছে। আধাঘণ্টামানৰ ভিতৰতে পাবহি হেনো এম্বুলেন্সখন।

মোৰ দুচকুৱে ৰণক বিচাৰিলে। মাকজনীক হেৰুৱাই সি চাগে কিমান দুখ পাইছে! একো নক’লেও কাষত থিয় হ’লে সাহস পাব মনত। ক’ত আছে সি? ইপিনে-সিপিনে চালোঁ। নেদেখিলোঁ। চোতালৰ এচুকত বহি থকা জেঠাইৰ বায়েক মিনু জেঠাইকহে দেখিলোঁ। কাষলৈ গ’লোঁ। আমন-জিমনকৈ বহি একেথৰে এওঁলোকে সাজি থকা চাঙীখনলৈ চাই আছিল তেওঁ। মই মাত দিলত উচপ খাই উঠিল।

“চোৱাচোন চোৱা! কি হ’লগৈ এয়া! মোতকৈ কিমান সৰু তাই। মইহে যাব লাগিছিল আগতে। মোক চেৰাই তাইহে গ’লগৈ।” মোৰ হাতখন খামোচ মাৰি ধৰি হুকহুকাই কান্দি উঠিল তেওঁ। মিনু জেঠাইৰ কান্দোনে তাত থকা মানুহখিনিৰ ভেঁটা দি থোৱা আবেগৰ নৈখনৰ ভেঁটা ভাঙি দিলে যেনিবা। উচুপনি আৰু হুমুনিয়াহেৰে চৌপাশ ভৰি পৰিল মুহূৰ্ততে।

“কি হ’লনো?” কথাষাৰ কৈ ৰণ ওলাই আহিল ভিতৰৰ পৰা। পিছে পিছে নৱবিবাহিতা পত্নী।

“ই জেঠাই! তুমি কান্দিছা? ভালহে পাব লাগে। মায়ে মুক্তি পালে, লগতে আমিও। চবৰে কমখন কষ্ট হৈছিলনে! তুমিও ফঁচি গ’লাহি ইয়াত। এতিয়া চব ফ্ৰী।” ৰণৰ মুখৰ পৰা ওলোৱা কথাই সকলোকে তাৰ মুখলৈ চাবলৈ বাধ্য কৰি তুলিলে যেন। এয়া ৰণেইনে? কাৰো মুখেৰে একো মাতেই নোলাল। কথাষাৰ কৈ সি ৰৈ নাথাকিল; উপস্থিত সকলোৰে অবাক দুচকুৰ আগেদিয়েই নৱবিবাহিতা পত্নীৰ লগত চকুৱে চকুৱে কিবা কথা পাতি আকৌ ভিতৰলৈ সোমাই গ’ল।

ৰণৰ মাকৰ প্ৰতি থকা আদৰ আমাৰ চুবুৰিটোৰ বাবেই উদাহৰণস্বৰূপ আছিল। ইমান সোনকালে আৰু সহজে সি কেনেকৈ স্বীকাৰ কৰি ল’ব পাৰিলে মাকৰ মৃত্যু? অথচ সকলোৱে তাক প্ৰথমে খবৰটো দিবলৈকে চিন্তা কৰি আছিল। তাৰ মৰম আকলুৱা অন্তৰে বা কেনেকৈ ল’ব পাৰিব চেনেহী মাকজনী নাইকিয়া হৈ যোৱাৰ খবৰ!

মিনু জেঠাইলৈ চালোঁ মই। শৰীৰটো এক নিৰ্দিষ্ট লয়ত ডুলি ডুলি উচুপিয়েই আছে তেওঁ। ভনীয়েকৰ অসুখৰ খবৰ কৰিবলৈ আহিছিল কেইদিনমান আগতে। ঘৰলৈ উভতি যোৱাই নহ’ল আৰু। ৰণৰ বিয়াত মাকে কৰিবলগীয়া নীতি-নিয়মবোৰ তেঁৱেই কৰিলে। কালি আমাৰ ঘৰতে আবেলিৰ চাহকাপ খাইছিলগৈ। তেতিয়া কৈছিল কথা-প্ৰসংগত, “বুজিছা, কিছুমান পৰিৱৰ্তন বৰ কষ্টকৰ। ৰাণু হস্পিতালৰ পৰা আৰু ঘূৰি নাহিলেই ভাল। শৰীৰটোতো ভাগিলেই, ঘৰলৈ আহিলে মনটোও ভাগিব।”

তেতিয়া বুজি নোপোৱা কথাবোৰ যেন ৰণৰ আচৰণে স্পষ্টকৈ বুজাই গ’ল মোক। হয়তো উপস্থিত সকলো লোককে।

“তাৰ কাৰণেহে চিন্তা লাগি আছিল। এতিয়া আৰু চিন্তা নকৰোঁ। তাৰ গত লাগিল।” কান্দোন সামৰিবলৈ চেষ্টা কৰি কৰি মিনু জেঠায়ে কোৱা কথাখিনিত আক্ষেপ নে সকাহ আছিল বাৰু? ধৰিবই নোৱাৰিলোঁ মই।


মধ্যবয়সীয়া ৰাণু জেঠাই খুব ভাল মানুহ আছিল। যথেষ্ট অৱস্থাপন্ন ঘৰৰ মানুহগৰাকী খুব চৌখিন। খোৱা-বোৱা, ফুৰা-চকা, পিন্ধা-উৰা সকলোতে আভিজাত্য বিদ্যমান। প্ৰতি শনিবাৰে লেডীজ্ ক্লাৱমিট্, মাহত দুবাৰকৈ ৰ’টাৰী ক্লাৱৰ পাৰ্টী, বছৰত অন্ততঃ এবাৰ হ’লেও বিদেশ ভ্ৰমণ। তাৰ মাজতে পৰিয়াল আৰু চুবুৰীয়াৰ লগতো সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখে। বিয়াৰ দিনধৰি সকলোখিনি দেখি-শুনি আহিছো নিজেই। জেঠাইৰ লগত মোৰ পিছে আন এটা যোগসূত্ৰত সম্পৰ্কটো গাঢ় হৈছিল। সেয়া আছিল কিতাপ। ইমানবোৰ ব্যস্ততাৰ মাজতো জেঠায়ে নিয়মীয়াকৈ কাকত-পত্ৰ আৰু কিতাপ আলোচনী পঢ়িছিল তথা সেই বিষয়ে আলোচনা কৰি ভাল পাইছিল।

হঠাতে শুনিলো জেঠাইৰ হেনো অসুখ। হাঁহি-ধেমালিৰে জীৱনটো কটাই থাকোঁতেই কেতিয়াৰপৰানো অসুখবোৰে লগ ল’লেহি তেওঁ গমেই নাপালে। প্ৰথমে সৰুকৈ ষ্ট্ৰ’ক এটাই উমান দিলে অসুখবোৰৰ। তাৰ পাছত তাৰেই গইনা লৈ নিগাজী আসন পাতি বহিল সিবোৰ। ইটো-সিটোকৈ কেইবাটাও অসুবিধাই দেখা দিবলৈ আৰম্ভ কৰিলে লাহে লাহে। চৌখিন মানুহগৰাকীৰ চখবোৰে লগ এৰা দিলে, পৰিসীমিত হৈ পৰিল জীৱন শৈলী। খোৱা-বোৱা, শোৱা, ফুৰা-চকা সকলোবোৰ ডাক্তৰৰ কাগজখনৰ মতেহে; কোনোমতে যেন জীউটো বাচি থাকিলেই হ’ল!

তাৰ মাজতো পিছে কিতাপ পঢ়াৰ অভ্যাসটোৱে লগ এৰা দিয়া নাছিল তেওঁৰ। আগৰ গোটাই ৰখা কিতাপবোৰৰ উপৰিও নিয়মীয়াকৈ লোৱা মাহেকীয়া আলোচনীবোৰ পঢ়ি থাকিছিল। তদুপৰি অনলাইন যোগে অইনবোৰ লাগতিয়াল বস্তুৰ লগতে কিতাপো অৰ্ডাৰ দি অনাইছিল। কেতিয়াবা তেওঁৰ ফৰমাইচ অনুসৰি দুই এখন কিতাপ-আলোচনীৰ ময়ো যোগান ধৰিছিলোঁ।

খবৰবোৰ শুনি আছিলো, নিজে যোৱা হোৱা নাছিল। দুদিনমান আগতে গৈছিলোঁ তেওঁলোকৰ ঘৰলৈ। গে’টখন, চোতাল-ঘৰ সুদৃশ্য সকলোবোৰ। নতুনকৈ গে’ট লগাইছে, চোতালখন পকী কৰিছে। দেখাত বাহিৰখন আগতকৈও বেছি জিকমিকাই উঠিছে। দেখি ভাল লাগি গ’ল; হওক তেও! শুনি থকা কথাবোৰতকৈ চকুৰে দেখাখিনি সন্তোষজনকভাৱে ভাল।

“আঁহা, আঁহা। জেঠায়েৰাই তোমাৰ কথা সুধিয়েই আছে।” চোতালৰ এচুকত ফুলৰ টাবৰ মাটি খুঁচৰি থকাৰ পৰা মাত দিছিল জেঠপেহাই।

ভিতৰলৈ সোমাই গৈ আচৰিত হৈছিলোঁ। এয়া কি! ? ভিতৰখনচোন জহি-খহি যাবলৈ ধৰিছে! যেন এৰাঘৰ সদৃশ পৰিৱেশ ভিতৰছোৱাত। ঘৰখনৰ মূল মানুহজনীৰ যতন অবিহনে দামী আচবাব-পত্ৰ, সজোৱা বস্তু, সকলোতে ধূলিৰ ডাঠ তৰপ। দামী টাইলছৰ মজিয়াত অনাদৰৰ ধূসৰ প্ৰলেপ।

বিয়াৰ পিছত প্ৰথমবাৰ তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে ডাইনিং টেবুলখনৰ ডিজাইনটো মই ভাল দেখিছিলো বিৰাট। আনকি ঘৰলৈ আহি গৃহস্থক কৈছিলোহি, তেনে ডিজাইনৰ টেবুল এখন আমাৰো আনিম দেই বুলি। সিদিনা যাওঁতে দেখিছিলোঁ বিবাহ, অন্নপ্ৰাশন আদিৰ নিমন্ত্ৰণী পত্ৰ কেইখনমান বুকুতে লৈ টেবুলখন অনাদৰে পৰি আছে, ওপৰত ডাঠ ধূলিৰ চাদৰ এখন মেৰিয়াই। সহিব নোৱাৰি সুধিয়েই পেলাইছিলোঁ, “ডাইনিং টেবুলখন ব্যৱহাৰ নকৰে নেকি জেঠাই?”

“মই টেবুলত বহি খাব নোৱাৰোঁ নহয় আজিকালি। বিছনাত বহিয়েই খোৱা-বোৱা কৰোঁ। কেতিয়াবা খায় ইহঁতে। প্ৰায়েই ব্যৱহাৰ কৰা নহয়েই।” ৰৈ ৰৈ কৈছিল তেওঁ কথাকেইটা। “গোটেই কথাবোৰেই সলনি হৈ গ’ল অ’ আমাৰ!” তাৰপাছত এটা দীঘল হুমুনিয়াহ।

আস্! সলনি হৈ যোৱা কথা কিছুমানৰ বাবেই এনেকৈ যে কিয় সলনি হৈ যায় জীৱনবোৰ! ? চখ কৰি যতনেৰে ওপৰ মহলাত সজাই লোৱা বে’ডৰুমটো মানুহগৰাকীয়ে আৰু যে নেদেখিলেই!

বাহিৰৰ কাম-কাজবোৰ জেঠপেহাই চম্ভালিছিল, ভিতৰৰবোৰ চম্ভালিবলৈ পাৰ্ট টাইম মানুহ এগৰাকী আহিছিল। দুসাঁজ সেই মানুহগৰাকীয়ে ৰান্ধি থৈ যায়, ৰাতিৰ সাঁজ কোনোবা হোটেলৰ পৰা আনি খায়। যন্ত্ৰৱৎ জীৱন একোটা যেন! চকুৰ আগতে হেঁপাহৰ ঘৰখন ইমান বেয়াকৈ জহি-খহি যোৱা দেখি থাকিও সামৰি-সুতৰি ৰাখিব নোৱাৰি হয়তো কিমান অসহায় হৈ পৰিছিল মানুহগৰাকী! গধুৰ মন এটা লৈ উভতি আহিছিলো সিদিনা। অনুভৱ হৈছিল, এয়াই জীৱন! সঁচাকৈয়ে দেহা থকালৈকেহে বেহা।


“তুমি এপাক আহিবাচোন। পাৰিলে এতিয়াই আহিবা। অলপ জৰুৰী কথা আছিল।” পুৱাৰ কাম-বন সামৰি চাহ একাপ খাই লওঁ বুলি ভাবিছিলোঁহে, জেঠপেহাই ফোন কৰিলে। চাহ খোৱাৰ চিন্তা বাদ দি গৃহস্থক জগাই খৰধৰকৈ গাটো তিয়ালোঁ। সিমান সময়লৈ ব্ৰাছ কৰি মুখ-হাত ধুই তেৱোঁ সাজু হ’ল।

“চাহ আহিয়েই খামহি ব’লা। কি বা হ’ল? আজি তাতে পেণ্ডেল দিয়া মানুহখিনিও আহিব। অলপ চাই দিবলৈ কৈ থৈছিল মোকো।” তেওঁৰ কথাত তিতা চুলিকোছা ওপৰলৈ উঠাই ক্লিপ এটা মাৰি মাৰিয়েই ওলাই গ’লোঁ।

উধাতু খাই যোৱাৰ দৰে গৈ গেটৰ ভিতৰ সোমায়েই থৰ হৈ ৰৈ গ’লোঁ দুয়ো। পকী চোতালখনৰ এপিনে পেণ্ডেল দিবলৈ অনা বাঁহ-কাঠ আৰু কাপোৰবোৰ পেলাই থোৱা আছে, আনপিনে এদ’ম কিতাপ। ওচৰতে চকী এখনত আমনজিমনকৈ তললৈ মূৰ কৰি বহি আছে জেঠপেহা।

“কি হ’ল জেঠপেহা? কিতাপবোৰ এনেকৈ ইয়াত পেলাই থৈছে যে?” এওঁৰ মাতটো একপ্ৰকাৰ চিঞৰৰ দৰেই ওলাল। লাহেকৈ মূৰ তুলি আমালৈ চালে।

“ৰুমবোৰ চাফা কৰোৱাইছে অ’ বোৱাৰীয়ে। সকামত থকাকৈ আলহী আহিব যে। কিতাপ থোৱা আলমাৰীটো ৰণক লগা হ’ল হেনো। বোৱাৰীৰ কিবা বস্তু থ’বলৈ লাগে। হয়ো বাৰু, এতিয়া মানুহজনীয়ে নাই যেতিয়া তেওঁৰ বস্তুবোৰ ৰাখিবনো লাগিছে কিয়? অলাগতিয়াল বস্তুৰে ঘৰখন ভৰাই ৰাখিনো কি লাভ!” জেঠপেহাই ৰৈ ৰৈ ক’লে। কথাখিনি কৈ বৰ ভাগৰুৱাৰ দৰে তললৈ মুখ কৰি ৰৈ থাকিল বহুপৰ। পিছৰ শাৰীটো স্বগতোক্তি যেনহে লাগিল মোৰ। অলপ পৰ মুখেৰে একো মাতেই নোলাল। ৰৈ থাকিলোঁ, ভাবি থাকিলোঁ। ইমান প্ৰকাণ্ড ঘৰখনত জেঠাইৰ প্ৰিয় সম্পত্তিখিনিৰ ৰাখিবৰ বাবে কণমান চুক এটাও নোলালনে? জেঠপেহাক কি বুলি সান্তনা দিওঁ বাৰু? বিমোৰত পৰি এওঁ আৰু মই ইজনে সিজনলৈ চালোঁ।

“তোমাক মই বৰ ডাঙৰ কাম এটাৰ বাবে মাতিছিলোঁ অ’।” আমি কি কৰোঁ, কি নকৰোঁকৈ ৰৈ থাকোঁতেই জেঠপেহাই মোলৈ চাই ক’লে।

“কি কাম জেঠপেহা? কওক, নিশ্চয় কৰিম।” মোৰ উত্তৰত জেঠপেহাৰ দুচকুত আশাৰ বন্তি।

“এই কিতাপখিনি তোমাৰ জেঠায়েৰাৰ আটাইতকৈ মূল্যবান সম্পত্তি আছিল। বাকীবোৰ সম্পত্তি ৰণ আৰু বোৱাৰীয়ে চম্ভালি ল’লে। কিন্তু এইখিনিৰ বাবে উপযুক্ত উত্তৰাধিকাৰী মই তোমাৰ বাদে আৰু কাকোৱেই বিচাৰি নাপালোঁ। তুমিহে মোল বুজা এইবোৰৰ; সেইবাবে তোমাকে গতালোঁ। কি কৰিব পাৰি চাবা। তুমিতো জানাই এইবোৰ কিমান সযতনে ৰাখিছিল জেঠায়েৰাই।” কথাখিনি কৈ গভীৰ প্ৰত্যয়েৰে মোলৈ চাই হাঁহি এটা মাৰিলে তেওঁ। একেসময়তে প্ৰিয়তমা পত্নীৰ সম্পত্তি বিশ্বাসী দুহাতত গতাব পৰাৰ সুখ, আনহাতে পুতেকৰ পৰা পোৱা অনাদৰখিনিয়ে দিয়া দুখে হয়তো তোলপাৰ লগাইছে বুকুত।

জেঠপেহাই কোৱা কথাখিনিয়ে মোক কেনে অনুভৱ কৰোৱালে মই নিজেই ধৰিব নোৱাৰিলো। জেঠাইৰ ওচৰত থকা প্ৰায়বোৰ কিতাপ মোৰ ওচৰতো আছেই। কিন্তু তাৰপিছতো সুখী হৈ উঠিলোঁ মই। কাৰণ এই মুহূৰ্তত মই নিজৰ দৃষ্টিত পৃথিৱীৰ সকলোতকৈ সম্পদশালী লোক। জেঠাইৰ আটাইতকৈ মূল্যবান সম্পদ কিতাপখিনি আৰু জেঠপেহাৰ বিশ্বাসৰ মই যে একমাত্ৰ উত্তৰাধিকাৰী!


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক