উত্তৰ চিলিৰ মৰুভূমিত থকা পৰিত্যক্ত ভূতৰ চহৰ — ৰঞ্জনা দত্ত

ৰুক্ষ শুকান মৰুভূমিৰ মাজত অ’ত ত’ত পৰি আছে পৰিত্যক্ত দুই এখন সৰু সৰু চহৰ। প্ৰচুৰ পৰিমাণে পোৱা চিলি চল্টপিটাৰৰ (পটাছিয়াম নাইট্ৰেটৰ ) খনিৰ আশে পাশে গঢ় লৈ উঠিছিল এই চহৰসমূহৰ। ১৮০০ খৃষ্টাব্দৰ শেষৰ ফালে আৰম্ভ হৈ ১৯০০ খৃষ্টাব্দৰ মাজভাগলৈ তিলতিলকৈ গঢ়ি উঠি অত্যন্ত ব্যস্ত আৰু উৎপাদনশীল হৈ উঠা এই চহৰবোৰ হঠাতে একেবাৰে নাইকিয়া হৈ পৰিছিল।

উত্তৰ চিলিৰ আটাকামা মৰুভূমি। পৃথিৱীৰ সকলোতকৈ শুকান মৰুভূমি। অন্য মৰুভূমিৰ দৰে ইয়াত উত্তপ্ত গৰম নাই। শুকান মৰুভূমিখনৰ দিনৰ তাপমান গড়ে ৩০ ডিগ্ৰীতকৈও কম। অতিশয় শুকান মৰুভূমিখনত বৰষুণ একেবাৰেই নহয় বছৰি গঢ়ে ১৫ মিমি ( ০.৬ ইঞ্চি)।
আটাকামা মৰুভূমিৰ কাষতে থকা কৰ্ডিলেৰা পৰ্বতমালাৰ পাদদেশতে আছে হাম্বাৰষ্টন, লা নোৰিয়া আদি কৰি কৰি কিছুমান সৰু সৰু পৰিত্যক্ত সৰু সৰু চহৰ।

১৮২৬ চনত ফৰাচী ব্যৱসায়ী এজনে আৰম্ভ কৰে ‘ডে লা নোৰিয়া’ পটাছিয়াম নাইট্ৰেটৰ খনি আৰু কাৰখানা। বাৰুদ আৰু সাৰ তৈয়াৰ কৰাৰ বাবে অতিকৈ প্ৰয়োজনীয় পটাছিয়াম নাইট্ৰেটৰ বৃহৎ ভাণ্ডাৰ সিঁচৰতি হৈ আছে মৰুভূমিৰ উত্তৰ দিশে। প্ৰচুৰ পৰিমাণে এই খনিজ লৱণ উৎপাদন কৰি ইউৰোপৰ বিভিন্ন দেশলৈ ইয়াৰ ৰপ্তানি কৰা হৈছিল। পটাছিয়াম নাইট্ৰেটৰ লাভজনক ব্যৱসায়ৰ কথা জানিব পাৰি ওচৰ পাজৰৰ চিলি, পেৰু আৰু ব’লিভিয়াৰ ব্যৱসায়ী সকলেও ইয়াত নিজৰ নিজৰ খনি আৰু কাৰখানা আৰম্ভ কৰি দিছিল। ইয়াৰ আশেপাশে গঢ়ি উঠিছিল প্ৰায় ২১টা বগা সোণৰ খনি। সেইসময়ত চল্ট পিটাৰ বা পটাছিয়াম নাইট্ৰেটৰ চাহিদাৰ আৰু লাভজনক ব্যৱসায়ৰ বাবে ইয়াক বগা সোণ নাম দিছিল। কিছু উত্তৰলৈ ১৮৬২ চনত গঢ়ি উঠা হাম্বাৰষ্টন ওচৰত বগা সোণৰ বিশাল ভাণ্ডাৰ এটা আৱিষ্কাৰ হোৱাৰ পিছত লা নোৰিয়া ত্যাগ কৰি ভালেমান লোক হাম্বাৰষ্টনলৈ গুছি যায়। ইয়াৰ ওচৰে পাজৰে গঢ়ি উঠে ১৫০ টাতকৈও অধিক খনি আৰু পৰিশোধন কাৰখানা।
এই খনি আৰু কাৰখানাসমূহত কাম কৰিবৰ বাবে চিলি, পেৰু আৰু বলিভিয়া আদি দেশসমূহৰ পৰা শ্ৰমিকৰ প্ৰব্ৰজন ঘটিছিল। এই শুকান আৰু ৰুক্ষ মৰুভূমিৰ মাজতে সৰু সৰু চহৰ দুই এখন গঢ়ি উঠিছিল। ঘৰ, পৰিয়াল, ল’ৰা-ছোৱালী, স্কুল, গীৰ্জা, হস্পিতাল, থিয়েটাৰ, বজাৰ, আদালত, সমাধিক্ষেত্ৰ- একোখন পূৰ্ণ চহৰ। ইয়াৰ মাটিৰ তলত খোৱা পানীৰ সন্ধান পোৱা গৈছিল। এইদৰেই গঢ়ি উঠিছিল এটা বেলেগ সভ্যতা। বলিভিয়া পেৰু আৰু চিলিৰ শ্ৰমিকসকলৰ দ্বাৰা সৃষ্টি হৈছিল এক নতুন ভাষা নতুন সমাজ ব্যৱস্থা, নতুন কৃষ্টি সংস্কৃতি – পেম্পিনো সভ্যতা।

লা নোৰিয়া চহৰখন আছিল সাগৰ পৃষ্ঠৰ পৰা ৩২২৯ ফুট উচ্চতাত অৱস্থিত। লাহে লাহে গঢ় লৈ উঠা চহৰ খনৰ জনসংখ্যা উনবিংশ শতিকাৰ শেহৰ ফালে আছিল প্ৰায় দহ হাজাৰ। সৰবৰাহৰ সুবিধাৰ বাবে কিছু আঁতৰত তৈয়াৰ হৈছিল ৰেলপথ। হাম্বাৰষ্টনৰ বিশাল ভাণ্ডাৰৰ আৱিষ্কাৰৰ লগে লগে ৰেললাইনটোও লা নোৰিয়াৰ পৰা আঁতৰি গ’ল। খনিসমূহৰ কাম-কাজ বন্ধ হৈ পৰিল। অসহায় কিছু শ্ৰমিক বাদ দি বাকীবোৰ কামৰ সন্ধানত উত্তৰৰ হাম্বাৰষ্টন চহৰলৈ গুচি গ’ল। লা নোৰিয়াখন পৰিত্যক্ত হৈ পৰিল।

বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীলৈ পটাছিয়াম নাইট্ৰেটৰ সৰবৰাহ বন্ধ কৰি দিয়াত জাৰ্মানসকলে বৈজ্ঞানিক পদ্ধতিৰে পটাছিয়াম নাইট্ৰেট প্ৰস্তুত কৰে আৰু ইয়াৰ পিছৰ পৰাই হাম্বাৰষ্টনৰ খনিবোৰৰ চাহিদাও একেবাৰে নাইকিয়া হৈ পৰে। ইউৰোপৰ ব্যৱসায়ীসকল আৰু শ্ৰমিকসকল নিজ নিজ দেশলৈ ঘূৰি যোৱাৰ পিছত লাহে লাহে ভূতৰ নগৰীত পৰিণত হ’ল এই চহৰসমূহ। থাকি যোৱা কিছু লোকৰ অনাহাৰ অপুষ্টিত মৃত্যু ঘটিল। পৰৱৰ্ত্তীকালত চিলিৰ বলিভিয়া আৰু পেৰুৰ লগত হোৱা যুদ্ধৰ কিছুমান যুদ্ধ বন্দীক এই চহৰবোৰত ৰাখি অমানুষিক অত্যাচাৰ কৰি ইয়াতে হত্যা কৰিছিল।
হাম্বাৰষ্টন আৰু ইয়াৰ ওচৰৰ চাণ্টা লওৰা চহৰক এতিয়া ইউনেস্কোৱে ৱৰ্লড হেৰিটেজৰ অন্তৰ্ভুক্ত কৰিছে। পৰিত্যক্ত ২০০টা খনি আৰু কাৰখানাৰে গঢ় লৈ উঠা প্ৰাচীন চহৰৰ সকলো বস্তু সযতনে সাঁচি থৈছে ওচৰৰ চাণ্টা লৱৰাত থকা মিউজিয়ামত। শ্ৰমিকসকল থাকিবলৈ শাৰী শাৰীকৈ সজা দেৱাল সংলগ্ন ঘৰবোৰ, বহু পৰিমাণে অক্ষত অৱস্থাত থকা ঘৰৰ ভিতৰছোৱা, পাকঘৰ, বস্তু-বাহানি, দেৱালৰ পেইণ্টিং, চুটকেছত কাপোৰ-কানি, পৰিত্যক্ত কাৰখানা, গীৰ্জা, স্কুল-ঘৰ সকলো আছে যথাস্থানত। সকলো এতিয়া একোখন মৃত নগৰী। শ্মশানত আধা খোলা অৱস্থাত দুৰ্বৃত্তকাৰীবোৰে এৰি থৈ যোৱা কফিনবোৰ। ইফালে সিফালে কফিনৰ ভিতৰেদি ভূমুকি মাৰে অজস্ৰ নৰকংকালে। এই জনবসতিৰে ভৰা প্ৰাণচঞ্চল সৰু মৃত নগৰীবোৰ সন্ধিয়াৰ পিছত এতিয়া হৈ পৰে ভূতৰ নগৰী।

সূৰ্য্য অস্ত যোৱাৰ পাছতেই জাগি উঠে মৃত নগৰী৷
হাম্বাৰষ্টন আৰু লা নোৰিয়াৰ এই মৃত নগৰীবোৰলৈ ওচৰৰ মানুহবোৰ দিনৰ বেলাতো ভৰি দিবলৈ নাহে। অশৰীৰী আত্মাৰ বিচৰণ স্থলীবোৰত এতিয়াও পৰ্যটকসকলে দেখা পায় ঘূৰি ফুৰা মৃত শ্ৰমিকসকলৰ ছাঁ। শুনিবলৈ পায় তেওঁলোকৰ পদধ্বনি, মাত-কথা আৰু যন্ত্ৰণাত চিঞৰি উঠা একোটা বিকট চিঞৰ। বহুতে শুনে সৰু ল’ৰা-ছোৱালীৰ খেলা-ধূলা, হাই-উৰুমি আৰু কিৰীলিৰ শব্দ

প্ৰেত নগৰীৰ মুখ্য আকৰ্ষণ:

১) লা নোৰিয়া কবৰস্থান:
লা নোৰিয়াৰ কবৰস্থানখনত সমাধিস্থ কৰা হৈছিল সাংঘাতিক কঠিন আৰু কষ্টকৰ জীৱন যাপন কৰিবলগীয়া হোৱা মৃত ক্ৰীতদাস শ্ৰমিকসকলৰ। ইয়াতে কবৰ দিছিল কোনো দুৰ্ঘটনা বা অপুষ্টিত ভুগি মৃত্যু হোৱা শিশুবোৰৰো। মৃতকৰ সংখ্যা অধিক আছিল বাবে তেওঁলোকে অস্থায়ী হিচাপে সাজি উলিয়াইছিল এই কবৰস্থানখন। পৰৱৰ্ত্তী কালত উৰাবাতৰি ওলাইছিল যে লা নোৰিয়াৰ এই কবৰস্থানৰ তলতেই তিনিশ বছৰ আগৰ স্পেনিছ আক্ৰমণৰ সময়ত পেৰুৰ বিশাল হীৰা ৰত্নৰ ভাণ্ডাৰ লুকুৱাই থৈছিল বুলি। লুণ্ঠনকাৰীবোৰ দলে দলে আহি ইয়াৰ মাটি, কবৰস্থান আদি খান্দি তচ্‌নচ্‌ কৰিছিল। হাড়, মূৰ, কংকাল আদি তেনেদৰেই খোলা অৱস্থাত এৰি থৈ গুচি গৈছিল। শ শ খোলা কফিনৰ মাজেৰে ভূমুকি মৰা বীভৎস চেহেৰাৰ কংকালবোৰৰ বাবেই মানুহে বিশ্বাস কৰে যে লা নোৰিয়াৰ কংকালবোৰে নিশা প্ৰাণ পাই উঠে আৰু ওচৰৰ মৃত চহৰবোৰত ঘূৰি ফুৰে। অনেকেই বিশ্বাস কৰে খোলা পৰি থকা কফিনবোৰ অশৰীৰীবোৰৰেই কাম। সিহঁতেই খুলি পেলাইছে বন্ধ কফিনৰ কপাট।

২) চাণ্টা মাৰিয়াৰ গণ হত্যা:
চল্টপিটাৰ খনিৰ শ্ৰমিকসকলৰ অবৰ্ণনীয় কষ্ট, পৰিশ্ৰম আৰু শোষণৰ প্ৰতিবাদত শ্ৰমিকসকলে বিদ্ৰোহ ঘোষণা কৰিছিল। চান্তা মাৰিয়া স্কুলত সমবেত হোৱা ৫০০০ জনতকৈও অধিক শ্ৰমিকৰ ওপৰত ১৯০৭ চনত শোষক দলৰ মুৰব্বীয়ে গুলী চালনাৰ হুকুম দিয়ে। এজন বুৰঞ্জীবিদৰ গণনা মতে প্ৰায় ২০০০জন শ্ৰমিক বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল বা মৃত্যু হৈছিল। এই দুখজনক হত্যাকাণ্ডটোৰ চিকাৰ লোকসকলৰ অশৰীৰী আত্মাৰ সতেও বহু পৰ্য্যটক ভেটা-ভেটি হৈছে।

৩) হাম্বাৰষ্টনৰ পুৰণি থিয়েটাৰ হল আৰু স্কুল ভবন:
অশৰীৰী প্ৰত্যক্ষ কৰিবলৈ যোৱা পৰ্য্যটকসকলৰ অন্যতম মুখ্য আকৰ্ষণ হৈছে হাম্বাৰষ্টনৰ পুৰণি থিয়েটাৰ হলটো। ৰঙা কাৰ্পেটেৰে সুশোভিত ৰঙেৰে উপচি থকা এই থিয়েটাৰ হলটো এতিয়া ভগ্নপ্ৰায় অৱস্থাত য’ত সন্ধিয়াৰ পিছতে আৰম্ভ হয় ছাঁৰ দৰে ঘূৰি ফুৰা অশৰীৰী মানৱ শৰীৰৰ কোলাহল।
পুৰণি স্কুল ভৱনটো ভূত নগৰীৰ পৰ্য্যটকসকলৰ বাবে এক সুন্দৰ অভিজ্ঞতা। বহুত পৰ্য্যটকে দীঘল কৰিড’ৰত ঘূৰি ফুৰা ল’ৰা-ছোৱালীবোৰৰ সন্মুখীন হোৱা বুলি দাবী কৰিছে। অন্য কিছুমানে পৰ্য্যটকে দৰজা-খিৰিকিৰ পিছফালেদি ভূমুকি মাৰি চাই পুনৰ অদৃশ্য হৈ পৰা ল’ৰা-ছোৱালী কিছুমান দেখা বুলিও কয়। মাজৰ কৰিড’ৰত থিয় হ’লে সৰু ল’ৰা ছোৱালীৰ কোৰ্হালৰ শব্দও শুনা পোৱা যায়।

পৰ্য্যটনৰ দৃষ্টিত:

বিস্মৃতিৰ অটল গহ্বৰত লুকাই পৰা লা নোৰিয়াই হঠাতে খৱৰৰ মুখ্য শিৰোনাম দখল কৰিছিল। গুপ্ত ধনৰ সম্ভেদত অহা অস্কাৰ মুনোজে আৱিষ্কাৰ কৰিছিল এটা ৫-৬ ইঞ্চি দৈৰ্ঘ্যৰ মানৱ কংকাল। গোটেই পৃথিৱীৰ বিজ্ঞানীসকলৰ মাজত তোলপাৰ লাগিছিল। সকলোৱে এইটো অন্য গ্ৰহৰ পৰা কিবা প্ৰাণীৰ বুলি বিশ্বাস কৰিছিল। লা নোৰিয়ালৈ আৰম্ভ হৈছিল পৰ্য্যটকৰ আগমন।
হাম্বাৰষ্টন আৰু লা নোৰিয়ালৈ ভৌতিক কাৰ্য্যকলাপ প্ৰত্যক্ষ কৰিবলৈ অনেক লোক আহে। ইয়াৰ বাহিৰেও লুপ্ত খনি, কাৰখানা, চহৰৰ অৱশেষ আৰু হেৰাই যোৱা সমাজ আৰু কৃষ্টি সংস্কৃতিৰ দৰ্শনৰ বাবে আগমন ঘটে কিছু অত্যুৎসাহী পৰ্যটকৰ। ৰাতি ডে লা নোৰিয়াত থাকি পিছদিনা অজ্ঞান অৱস্থাত গাইডৰ দ্বাৰাও উদ্ধাৰ হৈছে কিছু লোক।
হয়তো সঁচা, হয়তো কাকতালীয় আৰু পৰ্য্যটক আকৰ্ষণ কৰাৰ চাতুৰী। কিন্তু প্ৰতিবছৰে বহু পৰ্য্যটকক হাত বাউল দিয়ে এই ভূত নগৰীয়ে। কবৰৰ পৰা বাহিৰ হৈ পৰা কংকাল আৰু ইফালে সিফালে পৰি থকা হাড়-মূৰবোৰৰ মাজত ঘূৰি অশৰীৰীৰ পদধ্বনি, চিঞৰ, মাত-কথা আৰু কিছু গা সিৰসিৰাই যোৱা অভিজ্ঞতা লৈ তেওঁলোক ঘূৰি আহে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক