‘উৎসৱ-সাহিত্য’ই অসমীয়া সাহিত্যৰ সৰ্বনাশ কৰিছে! (শান্তনু কৌশিক বৰুৱা)

‘উৎসৱ-সাহিত্য’ই অসমীয়া সাহিত্যৰ সৰ্বনাশ কৰিছে!

শান্তনু কৌশিক বৰুৱা


অসমীয়া উৎসৱ বুলি ক’লে পোনতেই আমাৰ মনলৈ আহে ৰঙালী বিহু আৰু শাৰদীয় দুৰ্গোত্‍সৱৰ কথা। এই  উৎসৱ মানেই সাহিত্যৰো বতৰ, আলোচনী আৰু বাতৰিকাকতৰ বিহু-পূজা সংখ্যাবোৰে পৰিবেশন কৰা সাহিত্যৰ বতৰ। উৎ‍সৱ কেন্দ্ৰিক এই সমূহ সাহিত্যকৰ্মক আমি সামূহিকভাৱে ‘উৎসৱ-সাহিত্য’ নামেৰে অভিহিত কৰিছোঁ। আকাৰত ডাঙৰ আৰু ওজনত (দামতো!) গধুৰ উৎসৱ-সাহিত্যৰ এই সংকলনবোৰত বিচিত্ৰ বিবিধ ৰচনাৰ সমাৱেশ ঘটে। সংখ্যা আৰু গুৰুত্বৰ দিশৰ পৰা অসমীয়া সাময়িক পত্ৰিকাসমূহ আজি যি অৱস্থাত উপনিত হৈছে, তাত বিহু সংখ্যা বা পূজা সংখ্যাৰ সাহিত্য কৰ্মাদিৰ প্ৰাধান্য আৰু মহাত্ম্য বহুগুণে বৃদ্ধি পাইছে। বৰং এখোজ আগুৱাই ক’ব পাৰি যে এই উৎসৱ-সাহিত্যই যেন আজি অসমীয়াৰ প্ৰধান সাহিত্য হৈ উঠিছে। উৎসৱ-সাহিত্য‍ সম্ভাৰত যাৰ অৱদান নাই তেওঁলোক যেন নিজৰ অস্তিত্ব বজাই ৰখাতেই সমস্যাত পৰিছে! ফলত স্বাভাৱিকতে আমাৰ মনত প্ৰশ্ন ওপজে, বিহু-পূজা উপলক্ষে  প্ৰকাশিত এই  উৎসৱ –সাহিত্যই বাৰু অসমীয়া সাহিত্যৰ সৰ্বনাশ কৰিবলৈ ওলাইছে নেকি?

আকৌ প্ৰশ্ন হয়, সেই ক্ষেত্ৰত সৰ্বনাশৰ কথা উঠিছে কিয়? কোনো কোনোৱে হয়তো ক’ব, সৰ্বনাশ কৰিছে কাৰণেই সৰ্বনাশৰ কথা উঠিছে। আন কোনোবাই  হয়তো ক’ব যে সৰ্বনাশৰ কথা একেবাৰেই অযৌক্তিক।  বহু বছৰ ধৰি এই উৎসৱ–সাহিত্যই এনে কেতবোৰ সাহিত্য সম্পদ উপহাৰ দিছে, যিবোৰ বহু বছৰ ধৰি সাহিত্যৰ অমূল্য সম্পদ হিচাপেতো স্বীকৃত হৈছেই, তাৰ লগে-লগে সাহিত্যৰ গুণগত মান নিৰ্ধাৰণৰ মাপকাঠি ৰূপেও অনুমোদিত হৈছে। ইয়াৰ পৰা দেখা যায় যে, উল্লেখিত বিষয়টি সম্পৰ্কত কোনো যুক্তি বা অযুক্তিৰ অভাৱ নাই।

যি কি নহওঁক, আজি কিছু বছৰ ধৰি অসমীয়া উৎসৱ-সাহিত্য সংকলনবোৰ পঢ়ি এটা কথা আমি গভীৰ সংশয় আৰু উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে সেইবোৰ সংকলনত প্ৰকাশিত অধিকাংশ ৰচনাই হয় অপাঠ্য, নহয় সাময়িক মনোৰঞ্জন। উত্‍কৃষ্ট ‘ফচল’ কমেইহে আমি পঢ়িবলৈ পাইছোঁ। অধিকাংশ সংকলনতে সৃজনীমূলক ৰচনাৰ এক অস্বস্তিকৰ শূন্যতা যেন সাধাৰণ আৰু সচেতন উভয়  শ্ৰেণীৰ পাঠকে উপলদ্ধি কৰিছে। ক্ৰমাগতভাৱে বাঢ়ি অহা উৎসৱকেন্দ্ৰিক সংকলনসমূহে এই শূন্যতা পূৰণ কৰাতকৈ ইয়াৰ দৈন্যদশাহে অধিক প্ৰকট কৰি তুলিছে। সংকলনবোৰত প্ৰকাশিত সৰহ সংখ্যক ৰচনাৰে বিষয়বস্তু অথবা বক্তব্যৰ সুৰ একাধিকবাৰ ব্যৱহৃত, একাধিকবাৰ উচ্চাৰিত।

আমাৰ বোধেৰে এনে হোৱাৰ ঘাইকাৰণ হ’ল: এনেবোৰ সংকলনত প্ৰাকাশিত, সৰহভাগ ৰচনাই তাগিদাত ৰচিত। আনৰ তাগিদাত ৰচিত লেখা সম্পূৰ্ণাংগ আৰু সাৰ্থক হোৱাৰ সম্ভাৱনা নিচেই তাকৰ। তদুপৰি সংকলনৰ সংখ্যা বৃদ্ধিৰ অনুপাতে লেখকৰ সংখ্যা বৃদ্ধি নোহোৱাত একেজন লেখকেই একে সময়তে একাধিক ৰচনা লিখিবলগীয়া হোৱাত ৰচনাসমূহৰ গুণগত মান বহু নিম্নগামী হৈছে। ইয়াৰ উপৰি আমাৰ লেখক-সাহিত্যিকসকলৰ সৰহভাগেই ‘পাৰ্ট টাইম’ লেখক সাহিত্যিক। কেৱল লিখিয়েই জীৱন নিৰ্বাহ কৰিব পৰা অৱস্থা এটা এতিয়াও অসমত হোৱাগৈ নাই। ফলত এজন লেখকে জীৱন –নিৰ্বাহৰ বাবে আন কামত শ্ৰম আৰু সময় বিনিয়োগ কৰাৰ পাছত যিকণ অৱশিষ্ট সময় থাকে, তাৰে তেওঁ লেখা-মেলা কৰে। যথেষ্ট সময় আৰু মনোযোগ দিব নোৱাৰাৰ বাবে প্ৰায়ভাগ ৰচনাই তাত্ত্বিক আৰু আংগিক উভয় দিশতে এটা নিৰ্দিষ্ট সীমাৰ বেষ্টনী অতিক্ৰম  কৰি উচ্চস্তৰৰ সাহিত্যৰ সন্মান আৰু স্বীকৃতি লাভ কৰিব পৰা নাই।

আমি পূৰ্বেই উল্লেখ কৰি আহিছোঁ যে উৎসৱ-সাহিত্য সংকলনসমূহত একেজন লেখকৰেই একাধিক ৰচনা একাধিক সংকলনত প্ৰকাশ হোৱা দেখা যায়। কিন্তু এনেবোৰ সংকলনত লগ পোৱা বহু লেখকৰ ৰচনা বছৰটোৰ বাকী সময় ছোৱাত সংবাদপত্ৰ- আলোচনীৰ নিয়মীয়া সংখ্যাসমূহত সততে চকুত নপৰে। বিহু-পূজাৰ সময়ত ‘ছিজন-ফ্লাৱাৰ’ সদৃশ এইসকল লেখকৰ মগজু আৰু কলম ইমান উৰ্বৰ আৰু দ্ৰুত হৈ উঠে কেনেকৈ? একেজন লেখকেই একে সময়তে একাধিক সংকলনত ভিন্নমুখী ভিন্ন স্বাদৰ গল্প-উপন্যাস বা আন ৰচনা লিখাটো নিশ্চয় স্বাভাৱিক পৰিচ্ছন্ন সাহিত্য সৃষ্টিৰ ধাৰা বুলি ধৰিব নোৱাৰি। সন্ধিয়াৰ পাছত দৈনিক বাতৰিকাকতৰ সংবাদদাতাই দিনটোৰ বাতৰি-প্ৰতিবেদন লিখাৰ দৰেই যেন হো-হোকৈ এই সকল লেখকৰ কাপৰ পৰা ৰচনা নিৰ্গত হয়! আৰু পৰিতাপৰ কথা, এনেবোৰ ৰচনাই কালন্তৰত হয়গৈ সাহিত্যৰ অৱলম্বন, সমগ্ৰ বছৰৰ, আনকি অনাগত বহু বছৰৰ সাহিত্য সম্ভাৰ।

সাহিত্য হ’ল এক ধৰণৰ মানসিক স্থৈৰ্য, সুনিয়ন্ত্ৰিত চিন্তা আৰু কল্পনা-পৰিকল্পনাৰ ফচল। কিন্তু উল্লিখিত উৎসৱকেন্দ্ৰিক সংকলনৰ বাবে ৰচিত ৰচনাসমূহৰ বাবে লেখকে তেনে ধৰণৰ মনঃসংযোগ আৰু শ্ৰম  বিনিময় কৰিব নোৱাৰে। আন চিন্তাৰ কথাটো বাদেই, এই দ্ৰুতলিখিত ৰচনাসমূহৰ পৰা পাঠকে যথেষ্ট পৰিমাণে সুস্থ বিনোদনো লাভ কৰিব নোৱাৰে। ইফালে বাতৰি-কাকত আলোচনীৰ প্ৰকাশক গোষ্ঠীয়েও বৰ্ধিত মূল্যৰ এই সংকলন সমূহৰ যোগেদি পাঠকৰ পৰা এক বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰে। এই কাৰ্য্যত প্ৰকাশক গোষ্ঠীক সহযোগ কৰে ভালে-বেয়াই দুশাৰী লিখি দুপ‍ইচা অৰ্জন কৰিবলৈ আগ্ৰহী এচাম সাহিত্যিকে। আৰু আমাৰ বোধেৰে অসমীয়া সাহিত্যৰ ওপৰত ঊত্‍সৱ –সাহিত্যৰ  এইটোৱেই সকলোতকৈ মাৰাত্মক কুফল। আজিকালি  বাতৰিকাকত-আলোচনীসমূহে তেওঁলোকৰ সাধাৰণ সংখ্যাত প্ৰকাশিত ৰচনা এটিৰ বাবে যিমান মাননি দিয়ে, বিহু বা পূজা সংখ্যাত প্ৰকাশিত ৰচনা এটিৰ বাবে তাতকৈ অধিক মাননি দিয়ে। আকৌ বহু ক্ষেত্ৰত নামী লেখক–সাহিত্যিকসকলৰ পৰা কাকত আলোচনীৰ সম্পাদকে এনেবোৰ বিশেষ সংকলনৰ বাবে ৰচনা বিচাৰে। কিন্তু সম্প্ৰতি দ্ৰুত গতিত প্ৰকাশহোৱা সংবাদপত্ৰ -আলোচনীৰ সৃষ্টি সমানুপাতিক হাৰত প্ৰতিষ্ঠিত লেখক –সাহিত্যিক সৃষ্টি নোহোৱাৰ ফলত একাধিক সম্পাদকে একেজন লেখক-সাহিত্যিককে অনুৰোধ কৰে। পলত লেখকজনে বহু ক্ষেত্ৰত নিজৰ দ্বিতীয় শ্ৰেণীৰ ৰচনা একোটি দিয়েই দায়সাৰে। আনহাতে খুজি অনা বাবে সম্পাদকেও তেনে ৰচনা প্ৰকাশ কৰিবলৈ একপ্ৰকাৰ বাধ্য হয়। এনেদৰে খুজি অনা ৰচনাৰ ক্ষেত্ৰত লেখকে কি লিখিছে সেইটো ডাঙৰ কথা নহয়, কোনে লিখিছে সেইটোহে ডাঙৰ কথা। বাতৰিকাকত-আলোচনীৰ প্ৰকাশক গোষ্ঠীয়েও এনে সাহিত্যিকৰ নামটোহে বিজ্ঞাপনৰ যোগে প্ৰচাৰ-প্ৰকাশত অধিক গুৰুত্ব দিয়ে। এনেদৰে প্ৰকাৰন্তৰে প্ৰকাশক গোষ্ঠীয়ে বিশিষ্ট লিখকৰ নামটো বেচিকৈ প্ৰচাৰ কৰি পাথকক নিজ নিজ উৎসৱ সংকলনৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰে। সঁচা কথা কবলৈ গ’লে এনে ক্ষেত্ৰত প্ৰকাশক জনে লেখক–সাহিত্যিকৰ ৰচনাতকৈও তেওঁৰ নামটোক লৈহে বণিজ কৰা যেন ধাৰণা হয়। প্ৰকাশকৰ এনে মনোবৃত্তি লেখক সাহিত্যিকসকলৰ বাবে কিমান সন্মানজনক সেয়া বিচাৰ্য্য বিষয়।

আনহাতে দেখা যায়, অসমীয়া উৎসৱ-সংকলনসমূহত অসমৰ প্ৰথিতযশা লেখক-সাহিত্যতিকৰ ৰচনাইহে ঘাইকৈ ঠাই পায়। একে কেইজন স্বনামধন্য লেখক-সাহিত্যিকেই প্ৰায় কেউখন বাতৰিকাকত-আলোচনীৰ উৎসৱ সংকলনত লিখে। এইবোৰ সংকলনৰ বাবে নবীন লেখকসকল যেন অপাংক্তেয়। ভাব হয়, ভাল লেখাতকৈও এতিয়া নামী লেখকহে যেন উৎসৱ সাহিত্যৰ বাবে অপৰিহাৰ্য। এনেদৰেই অসমীয়া উৎসৱ-সংকলনবোৰলৈ এক সীমাবদ্ধতা আহি পৰিছে। বহু সময়ত এনেবোৰ উৎসৱ-সাহিত্যৰ একোটা সংকলন পূৰ্বৰ সংকলন একোটাৰ ‘জেৰক্স কপি’ যেন লাগে। সাম্প্ৰতিক সমাজ-চিত্ৰ, সমাজ-দৰ্শন- এইবোৰ একোৱেই যেন এই সংকলনবোৰত পাবলৈ নাই। আজিকালি এনেবোৰ সংকলনত মনন আৰু সৃজনৰ কোনো চাপ পোৱা নাযায়। গল্প-উপন্যাসৰ পটভুমিও যেন এনেবোৰ উৎসৱ-সাহিত্যৰ পৰা উধাও হৈছে। বেছিভাগ গল্প-উপন্যাসৰে বিষয়বস্তু স্থূল প্ৰেম, সশস্ত্ৰ সংগ্ৰাম, বাৰ্ধক্য, নিবনুৱা সমস্যাৰ মাজতে সীমাবদ্ধ। একোটা নিটোল গল্প বা একোখন সুখপাঠ্য উপন্যাস ৰচনাৰ নেপথ্যত যি যত্নৰ চাপ, চিন্তাৰ প্ৰতিফলন থাকিব লাগে, উৎসৱকেন্দ্ৰিক সংকলনবোৰত প্ৰকাশিত অধিকাংশ গল্প-উপন্যাসতে তাৰ প্ৰভাৱ বাৰুকৈয়ে চকুত পৰে। তদুপৰি লেখকৰ তুলনাত কাকত-আলোচনীৰ সংখ্যা বেছি হোৱাত যিকোনো লেখাৰে প্ৰকাশ আজিকালি সহজ হৈ আহিছে। প্ৰকাশৰ এই সহজ আৰু অবাধ সুযোগৰ বাবে বহুপ্ৰতিভাৱান লেখকে, বিশেষকৈ, উৎসৱ-সাহিত্যৰ বাবে ‘পালমৰা’ ধৰণৰ ৰচনাৰে নিজৰ দায়িত্ব শেষ কৰিছে।

এইখিনিতে এটা প্ৰশ্ন উপজিব পাৰে, কোনো লেখকেই নিশ্চয় নিজৰ ৰচনা এটি ইচ্ছাকৃতভাৱে দ্বিতীয় শ্ৰেণীৰ হওঁক বুলি বা ‘পালমৰা’ বিধৰ হওক বুলি সৃষ্টি নকৰে আৰু তেনে ৰচনা এটিকেই প্ৰকাশৰ বাবে পঠিয়াম বুলি পূৰ্ব পৰিকল্পিতভাৱে সিদ্ধান্ত গ্ৰহণো নকৰে। তাৰ মানে, অমি ওপৰত আগবঢ়োৱা আলোচনাৰ কোনো বাস্তৱ ভিত্তি নাই নেকি? ইয়াৰ উত্তৰত আমাৰ বক্তব্য: এজন লেখকৰ ৰচনা দ্বিতীয় বা পালমৰা বিধৰ হয় তেতিয়াহে, যেতিয়া তেওঁ লেখাটোৰ উৎকৰ্ষ সাধন বা সম্পূৰ্ণাংগ কৰিবৰ যথোপযুক্ত বৌদ্ধিক শ্ৰম, প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা আৰু যথোচিত মন:সংযোগৰ দিশত গুৰুত্ব নিদিয় বা দিব নোৱাৰা হয়। আৰু লেখক এজনৰ ক্ষেত্ৰত এই সমস্যাবোৰ কেতিয়া উদ্ভৱ হয়, তাক বহলাই আলোচনাৰ কৰাৰ প্ৰয়োজন নিশ্চয় নাই।

যি কি নহওঁক ইয়াৰ মাজতো কিন্তু সেৰেঙাকৈ হ’লেও একোটি মনত ৰৈ যোৱা ৰচনা এই সংকলনবোৰত পঢ়িবলৈ পোৱা যায়। কম সময়ৰ ভিতৰতো কোনো কোনো লেখকে সুন্দৰ ৰচনা পাঠকক উপহাৰ দিয়ে। তদুপৰি এনেবোৰ উৎসৱ-সংকলনতে সৰ্বজন পৰিচিত লেখক-সাহিত্যিকৰ উপৰি বিভিন্ন জীৱিকাৰ লগত জড়িত বিভিন্নজনৰ ৰচনাৰ সোৱাদ লোৱাৰ সৌভাগ্য কেতিয়াবা পাঠকৰ ঘটে।

উৎসৱকেন্দ্ৰিক সাহিত্য সংকলনৰ সমগ্ৰ সমস্যাবোৰক নিৰ্মোহ দৃষ্টিৰে পৰ্যবেক্ষণ আৰু বিশ্লেষণ কৰাৰ পিছত আমি এটা সিদ্ধান্তত উপনীত হ’ব পৰোঁ যে, এই বিশেষ সময় সাপেক্ষ সংকলনসমূহৰ গুণগত মান নিম্ন হোৱৰ মূলতে সংকলনৰ সম্পাদক, লেখক আৰু পাঠক সকলোৱেই কম-বেছি পৰিমাণে জগৰীয়া। বহু সম্পদৰ নিখুঁত পূৰ্ব পৰিকল্পনাৰ অভাৱ, নতুন লেখক সৃষ্টিৰ প্ৰতি অমনোযোগিতা তথা উন্নাসিকতা, উদাসীনতা আৰু প্ৰচলিত ধ্যান-ধাৰণাৰ পৰা আঁতৰি আহি নতুন বিষয়বস্তু গ্ৰহণ কৰিবৰ বাবে আগ্ৰহ নোহোৱা মনভাৱেই প্ৰধান দুৰ্লতা যেন আমাৰ বোধ হয়। আনহাতে অনেক প্ৰতিষ্ঠিত লেখক-সাহিত্যিকে তাগিদা আৰু সস্তীয়া জনপ্ৰিয়তাৰ মোহত ‘পালমৰা’ ধৰণৰ ৰচনাৰে নিজৰ সাহিত্যৰ মান নিম্নগামী কৰাটো সচাঁই দুৰ্ভাগ্যজনক আৰু চিন্তনীয়। তদুপৰি এই ক্ষেত্ৰত পাঠকসকলৰো দায়িত্ব কম নহয়। কিয়নো পাঠকসকলে কিনে আৰু পঢ়ে বাবেই সেই লেখকসকলৰ অনেকেই ‘পালমৰা’ বিধৰ ৰচনা প্ৰকাশ কৰাৰ সুযোগ পাইছে। সচাঁ কথা ক’বলৈ গ’লে ৰচনা তথা সংকলন এটি অপাঠ্য হোৱাৰ বাবে পোনতেই জগৰীয়া লেখকসকল। সেয়ে অসমীয়া সাহিত্যৰ সৰ্বনাশ কৰিছে বুলি উৎসৱ-সাহিত্যক পোনপটীয়াকৈ জগৰীয়া কৰাটো হয়তো সমীচীন নহ’ব। কোনো এটা ৰচনা পাঠৰ অনুপযোগী হোৱা বা পাঠকে সেই ৰচনাৰ পৰা যথোচিত মনন, চিন্তন আৰু বিনোদনৰ খোৰাক লাভ নকৰাটো ৰচকৰ দোষ, উৎসৱ-সাহিত্য সংকলন তাৰ নিয়তিহে মাত্ৰ।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
দেৱব্ৰত গগৈ ।
8 years ago

শাৰদীয় বিশেষ সং খ্যা নোহোৱা কৰি কেৱল বিহু বিশেষ প্ৰকাশ কৰিব লাগে ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক