উদযাপন (প্ৰাঞ্জল দাস)

উদযাপন

 

অফিচৰ পৰা বাহিৰে বাহিৰে বজাৰ-সমাৰ কৰি বৰুৱা ঘৰ সোমালহি। ঘৰখনত নিমাওমাও পৰিবেশ। বৰুৱানীয়ে পাকঘৰত কিবা কৰি আছে।

-“হেৰা, ইহঁত দুটা কলৈ গ’ল?”

-“ইয়াৰ লগৰ কোনোবা এটাৰ মাক-দেউতাকৰ বোলে আজি মেৰেজ এনিভাৰ্চেৰী! তালৈকে গৈছে।”

-“আৰু মাজনী?”

-“তাইকো লগত লৈ গৈছে।” বৰুৱানীয়ে লাহেকৈ ক’লে।

-“তুমি ইহঁতহালে অ’লৈ যাওঁ, তলৈ যাওঁ বুলি ক’লেই পঠিয়াই কেলেই দিয়া? সেইবোৰ মানুহৰ কাৰবাৰ বেলেগ। আজি বোলে বাৰ্থডে, কাইলৈ এনিভাৰ্চেৰী। আমি তাহাঁতৰ লগত সমানে সমানে খোজ মিলাব খুজিলে নহ’ব নহয়।” বৰুৱাৰ বিৰক্তি লাগিল।

-“কি নো কৰিব এতিয়া! আবেলি কলেজৰ পৰা অহাৰ পৰাই কৈ আছে। হাক দিলেও নুশুনে। মোৰ পৰা টকা অলপো লৈ গৈছে। গীফট নিদিলে বেয়া দেখিব হেনো!”

 

বৰুৱাই কি ক’ব একো ভাবি নাপালে। তেওঁ কম দৰমহাৰ চাকৰি কৰা মানুহ। মাহটোৰ খৰচবোৰ ইফালে টানি মিলালে সিফালে টুটি আহে। তথাপি তেওঁ পুতেক-জীয়েকহালক অভাৱ অনুভৱ কৰিবলৈ দিব নোখোজে। সিহঁতৰ লগৰবোৰক তেওঁ ভালদৰে চিনি পায়। লগতে মাক-দেউতাকবোৰকো আৰু তেওঁলোকৰ আদব-কায়দাবোৰো। বৰুৱাই পৰাপক্ষত এইবোৰৰ পৰা আঁতৰি থকাটো বিচাৰে। তেওঁ মাহেকে-পষেকে পৰিয়ালটো লৈ ৰেষ্টুৰেণ্টত খাবলৈ যাব নোৱাৰে। লাগ বুলিলেই পুতেকক কলেজলৈ যাবলৈ বাইক এখন কিনি দিব নোৱাৰে। বৰুৱাই নিজৰ পুতেক-জীয়েকৰ জন্মদিনৰ দিনা চাৰি-পাঁচশটকীয়া কেক কাটি পাৰ্টী দিয়াৰ সলনি গোঁসাইঘৰত মাহ-প্ৰসাদ আগবঢ়োৱা মানুহ! তেওঁ নিজৰ ল’ৰা-ছোৱালী দুটায়ো সেই কথাটো বুজি পোৱাটো বিচাৰে।

-“চাও চাহ একাপ কৰাচোন। মূৰটো কিবা টিঙটিঙাই আছে।”

 

বৰুৱানী পাকঘৰলৈ সোমাই গ’ল। কুঁৱাৰ পাৰত হাত-ভৰিকেইটা ধুই বৰুৱাই পেপাৰখনত চকুফুৰাই বহি থাকিল। তেওঁৰ মনত বিভিন্ন চিন্তাবোৰে দুলি থাকিল। লগৰবোৰৰ লাহ-বিলাহত পৰি সিহঁতো যদি এদিন বিলাসী হৈ যায়! তেনেকুৱা জীৱন এটা দিব নোৱাৰাৰ বাবে সিহঁতে যদি বৰুৱাক উভতি ধৰে! বৰুৱাই কি কৰিব তেতিয়া! তেওঁৰ ভয় লাগে। সেই ভয়টোৰ পৰা আঁতৰি থাকিবলৈকে তেওঁ ল’ৰা-ছোৱালীহালকো লগৰবোৰৰ জগতখনত সোমাই যোৱাৰ পৰা আঁতৰাই ৰাখিব বিচাৰে।

 

-“হেৰা মাছ আধাকেজি আনিছোঁ। মোনাখনতে আছে, চাবা।”

-“ইহঁতহালে আজি ভাত তাতে খাই আহিব হেনো। ডিনাৰ পাৰ্টী আছে বোলে!”

 

এনেকুৱা সময়বোৰত বৰুৱাই বৰ অসহায়বোধ কৰে। মাজে মাজে তেওঁৰ ল’ৰা-ছোৱালীদুটাক কাষত বহুৱাই লৈ কথা পাতিবলৈ মন যায়। সিহঁতক তেওঁৰ অৱস্থাটোৰ কথা বুজাবলৈ মন যায়। লোন লৈ সজা ঘৰটোৰ কথা ক’বলৈ মন যায় আৰু সিহঁত দুটায়ো তেওঁৰ কথাবোৰ একাণপতীয়াকৈ শুনি বহি থকাটো চাবলৈ মন যায়। সিহঁত দুটাক ক’বলৈ অলেখ কথাই বৰুৱাৰ মনত শাৰী পাতি ৰৈ থাকে। কিন্তু সিহঁতহালৰ মুখদুখন দেখাৰ পিছত বৰুৱাই সেই কথাবোৰৰ আগ-গুৰি নোপোৱা হয়। বৰুৱাৰ নিজকে বৰ অকলশৰীয়া যেন লাগিল। দুইখন হাতেৰে মুখখন মোহাৰি মোহাৰি তেওঁ বহি থাকিল।

 

-“হেৰা শুনিছা?”

-“ওমম!” বৰুৱানীয়ে মুখৰ ভিতৰতে মাত লগালে।

-“পৰহি লক্ষ্মী পূজা হৈ যোৱা নাছিল জানো?”

-“অ’ কেলেইনো? ”

-“লক্ষ্মী পূজাৰ এদিন পিছতে আমাৰো বিয়া হোৱা নাছিল জানো!”

বৰুৱানী পাকঘৰৰ পৰা ওলাই আহিল। দুৱাৰদলিতে ৰৈ তেওঁ বৰুৱালৈ চাই মিচিকিয়া হাঁহি এটা মাৰিলে। ল’ৰা-ছোৱালীহালে বোধহয় এতিয়া কাৰোবাৰ ‘হেপি মেৰেজ এনিভাৰ্চেৰী’ বুলি লিখা কেক এটা কটা চাই চাই হাত চাপৰি বজাই আছে! বৰুৱাই মনতে ভাবিলে। তেওঁৰ মুখলৈ শেঁতা হাঁহি এটি বিৰিঙি উঠিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments