উদ্ভট উবাচ: অমিতাভ মহন্ত

লাইফ ইজ আনফেয়াৰ!

 

এটা চুড়ান্ত অপ্টিমিষ্ট ষ্টেটমেন্ট৷ আচলতে জীৱনটো তাতকৈ বহু বেছি জহন্নামে গৈছে৷ বন্ধুৱে বিৰিয়ানী খাবলৈ নিমন্ত্ৰণ দি ভেজ বিৰিয়ানী খুৱাই দিয়া ধৰণৰ ট্ৰেজেদী চলি আছে৷

 

পৰিবেশটোৱেই কিবা খেলিমেলি৷ শাসক, বিৰোধী দুয়োপক্ষৰ এক্সত্ৰিম ষ্টেণ্ড৷ কিছু দিন পিছত নিৰপেক্ষ শব্দটো নেহোৱাই হৈ পৰিব চাগে৷ বতৰো একেই, ডিচেম্বৰটো ফেন চলাই বহি আছো৷ চোচিয়েলিজম্, কেপিটেলিজম্, আমুকইজম্, তামুকইজম্… … কিবা এটা ইজম্ হলেই হ’ল আৰু৷ দিনটো তাকে লৈ ফালি থকাই কাম৷

 

ধেই ময়ো ফ্ৰাষ্ট্ৰেচন ফালিবলৈ কিবাকিবি বকি আছো৷ বাই দা ৱে, মই ৰাকেশ৷ ৰাকেশ গাৰ্গ৷ কি কৈ আছিলো? জীৱন জহন্নামে যোৱা কাহিনী? এই ধৰক এতিয়া মই বহি আছো ট্ৰেফিক বাৰত৷ ঝিক ঝাক মিউজিক, ৰঙা-নীলা পোহৰ৷ চাৰিওফালে এক জাক সুখী মানুহ, লগতে উচ্চস্বৰত তেওঁলোকৰ ষ্টেৰিলাইজড্ কাহিনী৷ য’তচব ভেজাল, কেৱল যেন মোৰ লগতেই৷ হুইস্কী অৰ্ডাৰ দিছিলো, ৰাম দি গৈছে৷ আপত্তি নাই৷ জীৱনটো ঢিলাই দিওঁতেই গ’ল, চব চলি যায় আজিকালি৷ সৰুতে দেউতাক ফুটবল এটা খুজিছিলো, গধুলিলৈ দবাৰ বোৰ্ডখন আহি গ’ল৷ সেইদিন ধৰি চব চলি যায়৷ চলিব, ৰামো চলিব৷ এনেওঁ কিনো ভাল হ’বলৈ গৈ আছে? মল্লিকা আহি আছে৷ বহিব লাগিব৷ ক’ব লাগিব, “মল্লিকা থিংচ্ আৰ নট  ৱৰ্কিং আউট ৱেল”৷

 

মল্লিকা, মল্লিকা সেনাপতি!!

 

ব্লেডৰ দৰে ধাৰ নহয়৷ অন্য এক ধাৰ৷ কাষতে থকা কাটা চামুচ খনেৰে ৱালেটটোত লাহেকৈ ঘঁহি দিলো৷ এটা পাতল দাগ বহি গ’ল৷ মল্লিকাৰ চকুৰ ধাৰ এই কাটা চামুচখনে বহুৱাই দিয়াৰ দৰে৷ তীক্ষ্ণ নহয়, কিন্তু কৰ্পৰেটে গড়ৰ ছাল কৰি পেলোৱা আমিবোৰক হিলাই দিবলৈ যথেষ্ট৷ ২ জানুৱাৰী, ২০১৬ত মল্লিকাই HR হিচাপে আমাৰ অফিচত জইন কৰিছিল৷ HR সদায় মল্লিকাৰ দৰে হ’ব লাগে৷ আজিৰ পৰা চাকৰি নাই বুলি মেইল দিলেওঁ যাতে তাইৰ মুখখন চায়েই এক্সিট ইন্টাৰভিউ দিব পাৰি৷ ড্ৰেচিং চেঞ্চ, হাঁহি, নাকফুলি, লিপষ্টিকৰ ৰঙ, হাইলাইট কৰা চুলি, অলপ ফেঁচী নাকটো…… তৰালীৰ পিছত আমাৰ অফিচৰ নতুন “ৱাও” ফেক্টৰ৷ মল্লিকাই আমালৈ চালেই ভাব হয়, কালিৰ পৰা জিমলৈ যাম৷ অফিচ পাৰ্টীলৈ গ’লেই ভাব হয়, গীটাৰ ক্লাছ ওচৰত ক’ত বা আছে৷ ৰাতি এটা বজাতো কেতিয়াবা বেলা বোসক 2441139ত ফোন কৰি কবলৈ মন যায়, “চাকরিটা আমি পেয়ে গেছি বেলা শুনছ, কিন্তু আমি অন্য জাইগাই জইন করবোনা…”৷

 

অফিচলৈ আহিবলৈ ভাল লগা হৈছিল লাহে লাহে৷ কলিগৰ এশ বছৰীয়া পুৰণি কৌতুকটো হাঁহিবলৈ লৈছিলো, মল্লিকায়ো যে হাঁহিছিল৷ ক’ৰবাত কিবা এটা খেলিমেলি হৈ গ’ল৷ কেতিয়া, কিয়, কেনেকৈ নাজানো…কিন্তু হৈ গ’ল৷ চহৰৰ ৰেষ্টুৰেন্টবোৰৰ  ৱেইটাৰ, পাৰ্কৰ ৰখীয়াবোৰে জনা হৈ গ’ল, আৰু এজনী সুন্দৰী এটা বান্দৰৰ প্ৰেমত পৰিল৷ মল্লিকা মোৰ দৰে এটাৰ প্ৰেমত পৰাটো তাইৰ ডাঙৰ ভুল৷ কিন্তু মই তাইৰ ভুল শুধৰাবলৈ যোৱা ভকত নহয়৷ ভুলটো তাইৰ, তাইক উটি যোৱাত সহায় কৰাটো মোৰ কৰ্তব্য৷

 

ব্যতিক্ৰম কোনো নাছিল, না তাই না মই৷ ফলত যি হোৱাটো সকলোৱে আশা কৰে কথাবোৰ সেই ফালেই আগবাঢ়িল৷ স্থান?? 6C, ৰামোছ ৰেছিডেন্সী, উলুবাৰী৷ মল্লিকাৰ 1 BHK ফ্লেট, অনুপমৰ গান, টিচাৰ্চ আৰু পৰ্ক ড্ৰাই ফ্ৰাই৷ মই মল্লিকাৰ দুবাহুৰ মাজত, হয় ময়েই৷ ভীষণ কোমল চোফা খনত৷ তাইৰ আউলী বাউলী চুলিবোৰ, নাম নজনা পাৰফিউমৰ গোন্ধ, মৃদু লাইটিং আৰু তাৰ লগতে বোনাচ হিচাপে এটা তপত চুমা৷ নাজানো জীৱনে ইয়াতকৈ বেছি আৰু কি বিছাৰিছিল৷ পানী এঢোক গিলিছিল মল্লিকাই৷ হয়তো তাই অলপ বেছি এক্সাইটেড আছিল৷ দৌৰা দৌৰিত অলপ পানী বটলৰ পৰা তললৈ বৈ আহিছিল৷ তিনিটা বুটাম খোলা টপটোৰ ফাঁকেৰে নদী হৈ বৈছিল পানীবোৰ৷ একাত্ম হৈ পৰিছিলো নদীখনৰ সৈতে৷ এই নৈ যেন বৈ ৰ’ব অনন্তকাল৷ নদী, পৰ্বত, শৃঙ্গ, ভূগোল, বুৰঞ্জী সকলো ভাল লাগিব লৈছিল৷ টপটো যিমানেই খহিছিল, ভাল লগাবোৰ বাঢ়িব ধৰিছিল৷ অসংলগ্ন জপটাজপটি আৰু মৰমৰ অত্যাচাৰত খুলি পৰা ব্ৰাৰ হুক আৰু আৱৰণহীনতাৰ মাজত মই আৰু বেছি ডুবিবলৈ যাওঁতেই মোৰ সন্মুখত এয়া চে…… দা ফেমাচ্ টি চাৰ্ট বয় “চে গুৱেভাৰা”৷

 

– চে’????

– হয়৷ এনী প্ৰব্লেম?

– প্ৰব্লেম মানে? আপুনি ইয়াত? কিয়? কেনেকৈ?

– সেইটোৰ উত্তৰ এই বুকুখনৰ মালিকনীয়েহে ভালকৈ দিব পাৰিব৷ ওৱান ফাইন মৰ্ণিং তেওঁ মোৰ কথা ভাবিলে, অলপ পেইন, অলপ প্লেজাৰ৷ বচ্ দা ৰিভলুচনাৰী “চে” ইজ হিয়েৰ৷

– হোৱাট দা……

– আপোনাৰ নাম?

– ৰাজেশ৷ ৰাজেশ গাৰ্গ৷ আপুনি এইদৰে মল্লিকাৰ বুকুত লিপিট খাই থকাটো কোনোমতে নহ’ব৷ গেট আউট৷

– আপোনাৰ সমস্যাটো কি ৰাজেশ? আপোনাৰ শৰীৰ সৌ চোফাত পৰি আছে, কাষত উগ্ৰ সুন্দৰী এজনী৷ আৰু আপুনি এইফালে আহি মোৰ লগত গল্প কৰি আছে৷

– মল্লিকাক এৰি মই চখত আপোনাৰ লগত আড্ডা পিটি আছো বুলি ভাবিছে?

– তেন্তে কিয় আহিছে৷ মোৰ চিগাৰটোৰ ভাগ লাগে?

–  নাহ৷ মল্লিকাৰ বুকুত…

– মল্লিকা মানে আপোনাৰ গাৰ্লফ্ৰেণ্ড?

– হয়৷

– চাওঁক মিষ্টাৰ৷ মই বুজা নাই ইমান টপিক থাকোতে আপুনি গাৰ্লফ্ৰেণ্ডৰ বুকু লৈ আলোচনা?

–  আলোচনা নকৰি কিবা উপায় আছে৷ তাইৰ বুকুত যে আপোনাৰ টেটু!

– তাতে কি হ’ল আকৌ?

– কি হ’ল? বুকু মানে সেই কাব্যিক বুকু নহয়, হৃদয়টো নহয়েই৷ আপুনি ডাইৰেক্ট তাইৰ লেফ্ট ব্ৰেষ্টৰ ওপৰতেই৷

– অবভিয়াছলী৷ মই হ’লো ষ্টাইল ষ্টেটমেন্ট, দা আইকন অফ ৰিভলিউচন৷

–  উহু৷ আপুনি হ’ল টি চাৰ্ট মেটেৰিয়েল৷ টেটুটো চান্স ল’বলৈ গ’লে নচলে নহয়৷ আমাৰ দেশী শিৱ, গণেশ, হনুমানে লৈ থকা মাৰ্কেট খনতো আপোনাৰ চকু পৰি গৈছে৷ চাওঁক আপোনাৰ টি চাৰ্ট ময়ো পিন্ধো, ভাল লাগে৷ কিন্তু আপুনি টেটু মেটেৰিয়েল নহয়৷ ডেটচ্ অল৷

–  কিয়?

– ডাঢ়ি! মই এটা মুডত খুলিছো৷ খুলি দেখো এমুখ ডাঢ়ি৷ কিবা কথা হ’ল নেকি? এনেকুৱা লাগিছে চিগাৰটোৱে এতিয়া মোৰ মুখ পুৰিব৷

–  হাঃ হাঃ, কি এটা এক্সকিউজ!

– হে ভগবান কি পাল্লাত পৰিলো৷ অহ চৰি ভগবানৰ নাম লৈ কি লাভ, আপুনিটো নাস্তিক৷ নহয় জানো?

– ক’ব নোৱাৰিম দেই ৰাজেশ৷ মইটো আপোনাৰ কল্পনাতহে আহিছো৷ আপুনি নাস্তিক ভাবিলে নাস্তিক, আস্তিক ভাবিলে আস্তিক৷

–  কিন্তু টেটুটো কল্পনাত নাই৷ তাইৰ বুকুত হাত দিছো৷ আপোনাৰ গাল ফুলি উঠিছে৷ কেনে যন্ত্ৰণা৷

–   এহ্‌ সমস্যা আপোনাৰো৷ আচ্ছা মোৰ ডাঢ়ি আৰু চিগাৰ লৈ সমস্যা হৈছেটো৷ ক্লীন শ্বেভ হৈ যাওঁ? চিগাৰ শেষ হওঁতে দুই মিনিট৷

–  নাই নাই৷ ডাঢ়ি নাথাকিলে টি চাৰ্টৰ মাৰ্কেট ডাউন হৈ যাব৷

–  হোৱাট? মই ডাঢ়িৰ বাবে হিট? ৰিভলিউচনৰ বাবে নহয়?

– কোন দুনীয়াত আছে কমৰেড? মল্লিকাৰ চাকৰিত ৰিভলিউচন মানে ৱৰ্ড, এক্সেল, পাৱাৰ পইন্ট৷ আপুনি জাষ্ট এটা চাল৷

– চেহ…

– আপোনাৰ দুখ লাগিছে বুলি বুজিছো৷ কিন্তু এয়াই বাস্তৱ৷ সেইফালে মোৰ শৰীৰে মল্লিকাৰ লগত খেলিছে আৰু এইফালে মই আপোনাৰ লগত বহি আছো৷ মোৰ দুখটো ভাবকচোন৷

– বুজিছো৷

– সদায় ময়েই কিয় গুগলীবোৰ খাব লাগে? কলেজত বিমানদাৰ পাল্লাত পৰি তিনিমহীয়া বিপ্লৱী হৈছিলো৷ এতিয়া দেখিছো মল্লিকাৰ লগত ফিজিকেল হোৱাটোওঁ এটা বৈপ্লবিক কাৰবাৰ হৈ পৰিব৷ ডেম্ম্৷

 

“কি বিৰবিৰাই আছা বেবী!! হোল্ড মি হাৰ্ড”……

 

***

তেতিয়াৰ পৰা একেই ঘটনা৷ প্ৰতিটো শুক্ৰবাৰে মল্লিকাৰ ফ্লেটত চে আৰু মোৰ আড্ডা৷ বিছনাত অসন্তুষ্ট মল্লিকা৷ চেক্স মোৰ বাবে ফবিয়া হৈ পৰিছে ৷ উফ্!

 

**

 

তিনি পেগ পেটত পৰিল৷ তাইৰ খবৰ নাই৷ বুজি পালো, তাই নাহে৷ তেতিয়াই আহক তাইৰ হোৱাটচ্ এপ মেছেজ৷

 

“ৰাজেশ, থিংচ্ আৰ নট  ৱৰ্কিং আউট ৱেল, আমি কেতিয়াবাই বেলেগ হৈ যাব লগিছিল, মই মুম্বাইত চেটল হ’বলৈ গৈ আছো, লগ কৰিবলৈ চেষ্টা নকৰিবা”৷

 

– কাৰ মেছেজ আহিছে?

– মল্লিকাৰ, ব্ৰেক আপ কৰিলে৷

– অহ, চৰী৷

– ধেই, কিহৰ চৰী৷ কিন্তু এটা কথা কওঁকচোন৷ মল্লিকাৰ লগতটো মোৰ ব্ৰেক আপ হ’ল৷ আপুনি এতিয়াওঁ মোক এৰা নাই যে৷ নেৰিবই নেকি?

–  তাকেইটো৷ এৰাটোৱেই সমস্যা হৈ পৰিল দেখোন৷

–  কি সমস্যা৷ এটা পেগ?

– মই আপোনাৰ কল্পনা৷ মই একো খাব নোৱাৰো৷

–  অ’ একদম পাহৰি গৈছিলো৷

–  বাই দা ৱে, আজি কিয় আহিলো জানেনে?

–  কিয়?

– এই যে কাষৰ টেবুলৰ ছোৱালীজনী, তাইৰ নাম প্ৰেৰণা৷

– তাতে?

– তাইৰ ফোনটো তলত পৰিছিল৷ তুলিবলৈ হালি দিওঁতে আপুনি নাচালেওঁ  বিশেষ একো লোকচান নাছিল৷

– কি ফাল্টু! আপুনি…

– মই জানো আপোনাৰ বাবে কেচটো অলপ কামোৰ হৈ গৈছে৷ কিন্তু কি কৰো কওঁক, নিজেই মগজুত বহোৱাই ল’লে৷ এতিয়া চে মাজে মাজে আহি থাকিব৷ কেতিয়াবা ষ্টাইল আইকণ হিচাপে, কেতিয়াবা ৰিভলিউচনৰ খাতিৰত……

– ডিচগাষ্টিং!! কি যে পাল্লাত পৰিলো৷ জীৱন…

– ময়েই লাইনটো সম্পূৰ্ণ কৰি দিওঁ, “জীৱন বৰবাদ”৷ আৰু এটা পেগ মাৰি এতিয়া ঘৰলৈ যাওঁক৷ সপোনত মল্লিকাই কন্দুৱাব আজি ৰাতি৷

 

*****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments